01.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এতিয়ালৈকে যি পঢ়িছা সেয়া সকলো পাহৰি যোৱা, একেবাৰে শৈশৱকালত গুচি যোৱা তেতিয়া এই আত্মিক পঢ়াত উত্তীৰ্ণ হ'ব পাৰিবা

প্ৰশ্ন:
যি সকল সন্তানে দিব্য বুদ্ধি প্ৰাপ্ত কৰিছে, তেওঁলোকৰ লক্ষণ কি হব?

উত্তৰ:
সেই সন্তানসকলে এই পুৰণি সৃষ্টিক এই দুচকুৰে দেখিও নেদেখিব। তেওঁলোকৰ বুদ্ধিত সদায় থাকে যে এই পুৰণি সৃষ্টি এতিয়া নাশ হোৱাৰ পথত। এই শৰীৰো পুৰণি তমোপ্ৰধান আৰু আত্মাও তমোপ্ৰধান, ইয়াৰ প্ৰতি কি প্ৰীতি ৰাখিব লাগে। এনেকুৱা দিব্য বুদ্ধিৰ সন্তানসকলৰ প্ৰতিহে পিতাৰো অন্তৰৰ স্নেহ জাগি উঠে। এনেকুৱা সন্তানসকলহে পিতাৰ স্মৃতিত নিৰন্তৰ থাকিব পাৰে। সেৱাতো আগবাঢ়ি যাব পাৰে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বুজায়। যেনেকৈ হদৰ সন্ন্যাসী আছে, তেওঁলোকে ঘৰ-সংসাৰ ত্যাগ কৰে কিয়নো তেওঁলোকে ভাবে যে আমি ব্ৰহ্মত লীন হৈ যাম, সেই কাৰণে জগতৰ প্ৰতি থকা আসক্তি এৰিব লাগে। অভ্যাসো এনেকৈয়ে কৰে। গৈ একান্তত থাকে। তেওঁলোক হৈছে হঠযোগী, তত্ত্ব জ্ঞানী। এনেকৈ ভাবে যে ব্ৰহ্মত লীন হৈ যাম সেই কাৰণে মমত্ব আতঁৰাবৰ কাৰণে ঘৰ-সংসাৰ ত্যাগ কৰে। বৈৰাগ্য আহি যায়। কিন্তু তৎক্ষণাৎ মমত্ব আঁতৰি নাযায়। স্ত্ৰী, সন্তান আদি স্মৃতিলৈ আহি থাকে। ইয়াততো তোমালোকে জ্ঞানৰ বুদ্ধিৰে সকলো পাহৰিবলগীয়া হয়। কোনো বস্তুকে তৎক্ষণাৎ পাহৰিব নোৱাৰি। এতিয়া তোমালোকে এয়া বেহদৰ সন্ন্যাস কৰা। স্মৃতিতো সন্ন্যাসীসকলৰো থাকে। কিন্তু বুদ্ধিৰে বুজি লয় যে আমি ব্ৰহ্মত লীন হ'ব লাগে, সেই কাৰণে আমি দেহৰ বোধ ৰাখিব নালাগে। সেয়া হৈছে হঠযোগ মাৰ্গ। এনেকৈ ভাবে যে আমি এই শৰীৰ এৰি ব্ৰহ্মত লীন হৈ যাম। তেওঁলোকে এইটো গমেই নাপায় যে আমি শান্তিধামলৈ কেনেকৈ যাব পাৰোঁ। তোমালোকে এতিয়া জানা যে আমি নিজৰ ঘৰলৈ যাব লাগে। যেনেকৈ বিদেশৰ পৰা আহিলে তেতিয়া এনেকৈ ভাবে যে আমি বোম্বাই (এতিয়া মুম্বাই) হৈ যাব লাগিব...। এতিয়া তোমালোক সন্তানসকলৰো দৃঢ় নিশ্চয় আছে। বহুতে কয় এওঁলোকৰ পৱিত্ৰতা ভাল, জ্ঞান ভাল, সংস্থাটি ভাল। মাতাসকলে ভাল যত্ন কৰে কিয়নো অক্লান্ত হৈ বুজায়। নিজৰ তন-মন-ধন লগায় সেই কাৰণে ভাল লাগে। কিন্তু আমিও এনেকুৱা অভ্যাস কৰোঁ, এইটো খেয়ালো নচলিব। কোনোবা বিৰলজনহে ওলায়। সেয়াতো পিতায়ো কয় কোটিৰ মাজত কোনোবা অৰ্থাৎ যিসকল তোমালোকৰ ওচৰলৈ আহে, তেওঁলোকৰ মাজত কোনোবাহে ওলায়। বাকী এই পুৰণি সৃষ্টি সমাপ্তিৰ পথত। তোমালোকে জানা যে এতিয়া পিতা আহিছে। সাক্ষাৎকাৰ হওঁক বা নহওঁক, বিবেকে কয় বেহদৰ পিতা আহিছে। এইটোও তোমালোকে জানা যে পিতা এজনেই, তেৱেঁই পাৰলৌকিক পিতা জ্ঞানৰ সাগৰ। লৌকিকৰ পিতাক কেতিয়াও জ্ঞানৰ সাগৰ বুলি কোৱা নহব। এয়াও পিতাইহে আহি তোমালোক সন্তানসকলক নিজৰ পৰিচয় দিয়ে। তোমালোকে জানা যে এতিয়া পুৰণি সৃষ্টিৰ সমাপ্তি হব। আমি 84 জন্মৰ চক্ৰ সম্পূৰ্ণ কৰিলোঁ। এতিয়া আমি পুনৰ শান্তিধাম হৈ সুখধামলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰোঁ। শান্তিধামলৈতো নিশ্চয় যাব লাগে। তাৰ পৰা আকৌ ইয়ালৈ আহিব লাগে। মনুষ্যতো এই কথাবোৰক লৈ বিভ্ৰান্ত হৈ আছে। কাৰোবাৰ মৃত্যু হলে ভাবি লয় যে বৈকুণ্ঠলৈ গ'ল। কিন্তু বৈকুণ্ঠ আছে ক'ত? এই বৈকুণ্ঠ নামটি ভাৰতবাসীয়েহে জানে অন্য কোনো ধৰ্মৰ লোকে নাজানেই। কেৱল নাম শুনিছে, চিত্ৰ দেখিছে। দেৱতাসকলৰ মন্দিৰ আদি বহুত দেখিছে। যেনেকৈ এই দেলবাড়া মন্দিৰ। লাখ-কোটি টকা খৰচ কৰি নিৰ্মাণ কৰিছে, নিৰ্মাণ কৰিয়ে থাকে। দেৱী-দেৱতাসকলক বৈষ্ণৱ বুলি কোৱা হয়। তেওঁলোক বিষ্ণুৰ বংশাৱলী হয়। তেওঁলোকতো হয়েই পৱিত্র। সত্যযুগক কোৱা হয় পাৱন সৃষ্টি। এয়া হৈছে পতিত সৃষ্টি। সত্যযুগৰ বৈভৱ আদি ইয়াত নাথাকে। ইয়াততো শস্য আদি সকলো তমোপ্ৰধান হৈ যায়। সোৱাদো তমোপ্ৰধান। কন্যাসকল ধ্যানত যায়, কয় যে আমি অমৃত পান কৰি আহিলোঁ। বহুত সুস্বাদু আছিল। ইয়াতো তোমালোকৰ হাতৰ যেতিয়া খায় তেতিয়া কয় বহুত সুস্বাদু কিয়নো তোমালোকে ভালদৰে প্ৰস্তুত কৰা। সকলোৱে অন্তৰ ভৰাই খায়। এনেকুৱা নহয়, তোমালোক যোগযুক্ত হৈ ৰান্ধা সেইবাবে সুস্বাদু হয়। নহয়, এয়াও অভ্যাস হৈ যায়। কোনোৱে বহুত ভাল ভোজন ৰান্ধে। তাততো সকলো বস্তু সতোপ্ৰধান হয়, সেই কাৰণে বহুত শক্তি থাকে। তমোপ্ৰধান হোৱাৰ কাৰণে শক্তি কম হৈ যায়, তেতিয়া তাৰ পৰা বেমাৰ দুখ আদিও হৈ থাকে। নামেই হৈছে দুখধাম। সুখধামত দুখৰ কথাই নাই। আমি ইমান সুখ প্ৰাপ্ত কৰোঁ, যাক স্বৰ্গৰ সুখ বুলি কোৱা হয়। কেৱল তোমালোক পবিত্র হ'ব লাগে, সেয়াও এইটো জন্মৰ কাৰণে। পাছৰ কথা চিন্তা নকৰিবা, এতিয়াতো তোমালোক পৱিত্র হোৱা। প্ৰথমতে বিচাৰ কৰা - কোনে কয়! বেহদৰ পিতাৰ পৰিচয় দিবলগীয়া হয়। বেহদৰ পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ পোৱা যায়। লৌকিক পিতায়ো পাৰলৌকিক পিতাক স্মৰণ কৰে। বুদ্ধি ওপৰলৈ গুচি যায়। তোমালোক যিসকল সন্তান নিশ্চয় বুদ্ধিৰ পৰিপক্ক হোৱা, তেওঁলোকৰ অন্তৰত থাকিব যে এইখন সৃষ্টিত আমি বাকী কেইদিনমানৰ কাৰণে আছোঁ। এয়াতো কড়িতুল্য শৰীৰ। আত্মাও কড়িতুল্য হৈ গৈছে, ইয়াক বৈৰাগ্য বুলি কোৱা হয়।

এতিয়া তোমালোক সন্তানসকলে ড্ৰামাক জানি গৈছা। ভক্তিমাৰ্গৰ ভূমিকা চলিবই। সকলো ভক্তিত আছে, ঘৃণা কৰাৰ প্ৰয়োজন নাই। সন্ন্যাসীয়ে নিজেই ঘৃণা কৰিবলৈ শিকায়। ঘৰত সকলো দুখী হৈ যায়, তেওঁলোকে নিজে আঁতৰি গৈ অলপ সুখী হয়। পুনৰাই মুক্তিত কোনো যাব নোৱাৰে। যিসকল আহিছে, কোনেও উভতি যোৱা নাই। সকলো ইয়াতেই আছে। এজনো নিৰ্বাণধাম বা ব্ৰহ্মলৈ যোৱা নাই। তেওঁলোকে ভাবে যে অমুক ব্ৰহ্মত লীন হৈ গ'ল। এই সকলোবোৰ ভক্তিমাৰ্গৰ শাস্ত্ৰত আছে। পিতাই কয় এই শাস্ত্ৰ আদিত যিবোৰ আছে, সেয়া সকলো ভক্তিমাৰ্গ। তোমালোক সন্তানসকলে এতিয়া জ্ঞান প্ৰাপ্ত কৰি আছা সেই কাৰণে তোমালোকে একোৱেই পঢ়াৰ প্ৰয়োজন নাই। কিন্তু কোনো কোনো এনেকুৱা আছে যাৰ আকৌ উপন্যাস আদি পঢ়াৰ অভ্যাস আছে। জ্ঞানতো সম্পূৰ্ণ নাই। তেওঁলোকক কুকুৰা জ্ঞানী বুলি কোৱা হয় (কুকুৰাই ডাক দি আনক জগাই নিজে শুই থাকে তেনেকৈ তেওঁলোকে আনক জ্ঞান শুনায় কিন্তু নিজে ধৰণ নকৰে)। ৰাতি উপন্যাস পঢ়ি শুই যায় গতিকে তেওঁলোকৰ গতি কি হ'ব? ইয়াততো পিতাই কয় যি পঢ়িছা সকলো পাহৰি যোৱা। এই আত্মিক পঢ়াত লাগি যোৱা। এয়াতো ভগৱানে পঢ়ায়, যাৰ দ্বাৰা তোমালোক 21 জন্মৰ কাৰণে দেৱতা হবাগৈ। বাকী যি কিছু পঢ়িছা সেয়া সকলো পাহৰি যাব লাগে। একেবাৰে শৈশৱকালত গুচি যোৱা। নিজক আত্মা বুলি ভাবা। যদিও এই দুচকুৰে দেখা কিন্তু দেখিও নাচাবা। তোমালোকে দিব্য দৃষ্টি, দিব্য বুদ্ধি প্ৰাপ্ত কৰিছা গতিকে বুজি পোৱা যে এয়া গোটেইখন পুৰণি সৃষ্টি। এয়া নাশ হৈ যাব। সকলো সমাধিস্থ হৈ যাব, ইয়াৰ প্ৰতি কি অন্তৰৰ আকৰ্ষণ ৰাখিবা। এতিয়া পৰিস্তানী (পৰীৰ দেশৰ) হ'ব লাগে। তোমালোক এতিয়া কবৰস্থান আৰু পৰিস্তানৰ মাজত বহি আছা। পৰিস্তান এতিয়া স্থাপনা হৈ আছে। এতিয়া পুৰণি সৃষ্টিত বহি আছা। কিন্তু মাজতে বুদ্ধিৰ যোগ তালৈ গুচি গৈছে। তোমালোকে পুৰুষাৰ্থই নতুন সৃষ্টিৰ কাৰণে কৰি আছা। এতিয়া পুৰুষোত্তম হ'বৰ কাৰণে মাজত বহি আছা। এই পুৰুষোত্তম সংগমযুগৰ বিষয়েও কোনেও নাজানে। পুৰুষোত্তম মাহ, পুৰুষোত্তম বছৰৰ অৰ্থও বুজি নাপায়। পুৰুষোত্তম সংগমযুগৰ সময় বহুত কম। দেৰিকৈ বিশ্ব বিদ্যালয়লৈ আহিলে বহুত পৰিশ্ৰম কৰিবলগীয়া হব। স্মৃতি কাচিৎহে টিকি থাকে, মায়াই বিঘিনি আনি থাকে। গতিকে পিতাই বুজায় - এই পুৰণি সৃষ্টি নাশ হোৱাৰ পথত। পিতা যদিও ইয়াত বহি আছে, চায় কিন্তু বুদ্ধিত আছে এই সকলোবোৰ এতিয়া নাশ হৈ যাব। একোৱেই নাথাকিব। এয়াতো পুৰণি সৃষ্টি, ইয়াৰ প্ৰতি বৈৰাগ্য আহি যায়। শৰীৰধাৰীসকলো এতিয়া পুৰণা। শৰীৰ পুৰণা তমোপ্ৰধান আৰু আত্মাও তমোপ্ৰধান। এনেকুৱা বস্তু চাই আমি কি কৰিম। এয়াতো একোৱে নাথাকিব, ইয়াৰ প্ৰতি কোনো প্ৰীতি নাই। সন্তানসকলৰ মাজতো পিতাৰ অন্তৰ স্পৰ্শ তেওঁলোকেহে কৰে যিয়ে ভালকৈ স্মৰণ কৰে আৰু সেৱা কৰে। বাকী সন্তানতো সকলোৱে হয়। কিমান অনেক সন্তান আছে। সকলোৱেতো কেতিয়াও দেখাও নাপাব। প্ৰজাপিতা ব্ৰহ্মাকো নাজানেই। প্ৰজাপিতা ব্ৰহ্মাৰ নামটো শুনিছে কিন্তু তেওঁৰ পৰা কি পোৱা যায় - সেয়া একোৱে নাজানে। ব্ৰহ্মাৰ মন্দিৰ আছে, দাড়ি থকা দেখুৱাইছে। কিন্তু তেওঁক কোনেও স্মৰণ নকৰে কিয়নো তেওঁৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত নহব। আত্মাসকলে উত্তৰাধিকাৰ লাভ কৰে এক লৌকিক পিতাৰ পৰা, দ্বিতীয়তে পাৰলৌকিক পিতাৰ পৰা। প্ৰজাপিতা ব্ৰহ্মাকতো কোনেও নাজানেই। এইটো আচৰিত কথা। পিতা হৈও উত্তৰাধিকাৰ নিদিয়ে তেন্তে অলৌকিক নহল জানো। উত্তৰাধিকাৰ হদ আৰু বেহদৰে হয়। মাজত উত্তৰাধিকাৰ নাথাকে। যদিও প্ৰজাপিতা বুলি কোৱা হয় কিন্তু উত্তৰাধিকাৰ একোৱেই নাই। এই অলৌকিক পিতায়ো উত্তৰাধিকাৰ পাৰলৌকিক পিতাৰ পৰাহে প্ৰাপ্ত কৰে গতিকে এওঁ আকৌ কেনেকৈ দিব! পাৰলৌকিক পিতাই এওঁৰ মাধ্যমেৰে দিয়ে। এওঁ হৈছে ৰথ। এওঁক কি স্মৰণ কৰিব লাগে। এওঁ নিজেও সেইজন পিতাক স্মৰণ কৰিবলগীয়া হয়। জগতৰ লোকে এনেকৈ ভাবে যে এওঁলোকে এই ব্ৰহ্মাকেই পৰমাত্মা বুলি মানে। কিন্তু আমিতো উত্তৰাধিকাৰ এওঁৰ পৰা নাপাওঁ, উত্তৰাধিকাৰতো শিৱবাবাৰ পৰা পাওঁ। এওঁ মাজতে দালালৰ ৰূপত আছে। এৱোঁ আমাৰ দৰেই বিদ্যাৰ্থী। ভয় কৰাৰ কোনো কথা নাই।

পিতাই কয় - এই সময়ত গোটেই সৃষ্টিখনেই তমোপ্ৰধান। তোমালোক যোগবলেৰে সতোপ্ৰধান হব লাগে। লৌকিক পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। তোমালোকে এতিয়া বেহদত বুদ্ধি লগাব লাগে। পিতাই কয় - পিতাৰ বাহিৰে আন কাৰো পৰাই একো প্ৰাপ্তি নহব, সেয়া লাগিলে দেৱতাই নহওঁক কিয়। এই সময়ত সকলো তমোপ্ৰধান। লৌকিক পিতাৰ পৰাতো উত্তৰাধিকাৰ পোৱাই যায়। বাকী এই লক্ষ্মী-নাৰায়ণৰপৰা তোমালোকে কি বিচৰা? তেওঁলোকেতো ভাবে এওঁলোক অমৰ, কেতিয়াও নমৰে। তমোপ্ৰধান নহয়েই। কিন্তু তোমালোকে জানা যে যি সতোপ্ৰধান আছিল তেওঁলোকেই তমোপ্ৰধানত আহে। শ্রীকৃষ্ণক লক্ষ্মী-নাৰায়ণতকৈও উচ্চ বুলি জ্ঞান কৰে কিয়নো তেওঁলোক বিবাহিত। শ্ৰীকৃষ্ণতো জন্মৰ পৰাই পৱিত্ৰ সেই কাৰণে শ্ৰীকৃষ্ণৰ বহুত মহিমা। দোলনাতো শ্ৰীকৃষ্ণকে দোলায়। জয়ন্তীও শ্ৰীকৃষ্ণৰে পালন কৰে। লক্ষ্মী-নাৰায়ণৰ কিয় পালন নকৰে? জ্ঞান নোহোৱাৰ বাবে শ্ৰীকৃষ্ণক দ্বাপৰত লৈ গল। এনেকৈ কয় যে গীতাৰ জ্ঞান দ্বাপৰ যুগত দিয়া হৈছিল। কাৰোবাক বুজোৱা কিমান কঠিন! কৈ দিয়ে যে জ্ঞানতো পৰম্পৰাগভাৱে চলি আহিছে। কিন্তু পৰম্পৰাও কেতিয়াৰ পৰা? এয়া কোনেও নাজানে। পূজা কেতিয়াৰ পৰা আৰম্ভ হল এয়াও নাজানে সেই কাৰণে কৈ দিয়ে ৰচয়িতা আৰু সৃষ্টিৰ আদি-মধ্য-অন্তক নাজানো। কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কোৱা কাৰণে পৰম্পৰা বুলি কৈ দিয়ে। তিথি-তাৰিখ একোৱে নাজানে। লক্ষ্মী-নাৰায়ণৰো জন্ম দিন পালন নকৰে। ইয়াকে অজ্ঞান অন্ধকাৰ কোৱা হয়। তোমালোকৰ মাজতো কিছুমানে যথাৰ্থ ৰীতিৰে এই কথাবোৰ নাজানে। সেইবাবেতো কোৱা হয় - মহাৰথী, অশ্বৰোহী আৰু পদাতিক (সৈন্য)। গজক (হাতীক) গ্ৰাহে (ঘঁৰিয়ালে) খালে। ঘঁৰিয়াল ডাঙৰ জন্তু, একেবাৰে গ্ৰাস কৰি লয়। যেনেকৈ সাপে ভেকুলীক গ্ৰাস কৰি লয়।

ভগৱানক বাগিচৰ মালিক, মালি, নাৱৰীয়া বুলি কিয় কোৱা হয়? এয়াও তোমালোকে এতিয়াহে বুজিছা। পিতা আহি বিষয় সাগৰৰ পৰা পাৰ কৰাই লৈ যায়, সেয়েহে কোৱা হয় - নাও মোৰ পাৰ কৰি দিয়া। তোমালোকেও এতিয়া জানা যে আমি কেনেকৈ পাৰ হৈ যাওঁ। বাবাই আমাক ক্ষীৰ সাগৰলৈ লৈ যায়। তাত দুখ কষ্টৰ কথা নাই। তোমালোকে শুনি আনকো শুনোৱা যে নাও পাৰ কৰি দিওঁতা নাৱৰীয়াই কয় - হে সন্তানসকল, তোমালোক সকলোৱে নিজক আত্মা বুলি বুজা। তোমালোক প্ৰথমতে ক্ষীৰ সাগৰত আছিলা, এতিয়া বিষয় সাগৰত আহি উপস্থিত হৈছা। প্ৰথমতে তোমালোক দেৱতা আছিলা। স্বৰ্গ হৈছে বিশ্বৰ আশ্চৰ্য। গোটেই সৃষ্টিৰ ভিতৰত আত্মিক আশ্চৰ্য হৈছে স্বৰ্গ। নাম শুনিলেই আনন্দিত হয়। স্বৰ্গত তোমালোক থাকা। ইয়াত 7টা আশ্চৰ্য দেখুৱায়। তাজমহলকো আশ্চৰ্য বুলি কয় পিছে তাত জানো কোনোবা থাকিব। তোমালোকতো বিশ্বৰ আশ্চৰ্যৰ মালিক হৈ যোৱা। তোমালোক থাকিবৰ কাৰণে পিতাই কিমান আশ্চৰ্যজনক বৈকুণ্ঠ স্থাপনা কৰাইছে, 21 জন্মৰ কাৰণে পদ্মাপদমপতি হৈ যোৱা। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। আমি সিপাৰলৈ গৈ আছোঁ। অনেকবাৰ তোমালোক সন্তানসকল স্বৰ্গলৈ গৈছাহঁক। এই চক্ৰ তোমালোকে পৰিক্ৰমা কৰিয়ে থাকা। এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে যাতে নতুন সৃষ্টিত আমি প্ৰথমতে আহিব পাৰো। পুৰণা ঘৰলৈ যোৱাৰ ইচ্ছা হয় জানো। বাবাই জোৰ দিয়ে যে পুৰুষাৰ্থ কৰি নতুন সৃষ্টিলৈ যোৱা। বাবাই আমাক বিশ্বৰ আশ্চৰ্যৰ মালিক কৰি তোলে। তেনেহলে এনেকুৱা পিতাক আমি কিয়নো স্মৰণ নকৰিম। বহুত যত্ন কৰিব লাগে। ইয়াক (পুৰণি সৃষ্টিক) দেখিও নাচাবা। পিতাই কয় - যদিও মই চাওঁ, কিন্তু মোৰ জ্ঞান আছে মই কেইদিনমানৰহে পথিক। অৱশ্যে তোমালোকো ইয়ালৈ ভূমিকা পালন কৰিবলৈকে আহিছা সেয়েহে ইয়াৰ প্ৰতি থকা মমত্ব আঁতৰাই পেলোৱা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মিক পঢ়াত সদায় ব্যস্ত হৈ থাকিব লাগে। কেতিয়াও উপন্যাস আদি পঢ়াৰ বেয়া অভ্যাস গঢ়ি তুলিব নালাগে, এতিয়ালৈকে যি পঢ়িছা সেয়া সকলো পাহৰি পিতাক স্মৰণ কৰিব লাগে।

(2) এই পুৰণি সৃষ্টিত নিজক আলহী বুলি বুজি চলিব লাগে। ইয়াৰ প্ৰতি প্ৰীতি ৰাখিব নালাগে, দেখিও চাব নালাগে।

বৰদান:
সাহস আৰু উৎসাহ-উদ্দীপনাৰ ডেউকাৰে আৰোহণ কলাত উৰি থাকোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

আৰোহণ কলাৰ দুখন ডেউকা আছে - সাহস আৰু উৎসাহ-উদ্দীপনা। যিকোনো কাৰ্যত সফলতা প্ৰাপ্ত কৰিবৰ বাবে সাহস আৰু উৎসাহ-উদ্দীপনাৰ বহুত আৱশ্যক। যত উৎসাহ-উদ্দীপনা নাথাকে তত ক্লান্ত হৈ পৰে আৰু ক্লান্ত জন কেতিয়াও সফল নহয়। বৰ্তমান সময় অনুসৰি উৰন্ত কলা অবিহনে লক্ষ্যত উপনীত হব নোৱাৰে কিয়নো পুৰুষাৰ্থ এটা জন্মৰ আৰু প্ৰাপ্তি কেৱল 21 জন্মৰ বাবে নহয় গোটেই কল্পৰ বাবে। গতিকে যেতিয়া সময়ৰ আহ্বান স্মৃতিত থাকে তেতিয়া পুৰুষাৰ্থ স্বতঃ তীব্ৰগতিৰ হৈ যায়।

স্লোগান:
সকলোৰে মনোকামনা পূৰ্ণ কৰোঁতাজনেই কামধেনু।