01.04.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ এইটো জীৱন দেৱতাসকলতকৈও উত্তম, কিয়নো তোমালোকে এতিয়া ৰচয়িতা আৰু ৰচনাক
যথাৰ্থভাৱে জানি আস্তিক হৈছা”
প্ৰশ্ন:
সংগমযুগী
ঈশ্বৰীয় পৰিয়ালৰ বৈশিষ্ট্য কি, যিটো গোটেই কল্পত নাথাকিব?
উত্তৰ:
এই সময়ত স্বয়ং ঈশ্বৰে পিতা হৈ তোমালোক সন্তানসকলৰ তত্ত্বাৱধান লয়, শিক্ষক হৈ পঢ়ায়
আৰু সৎগুৰু হৈ তোমালোকক ফুলৰ দৰে কৰি লগত লৈ যায়। সত্যযুগত দৈৱী পৰিয়াল থাকিব কিন্তু
এনেকুৱা ঈশ্বৰীয় পৰিয়াল থাকিব নোৱাৰে। তোমালোক সন্তানসকল এতিয়া বেহদৰ সন্ন্যাসীও
হোৱা, ৰাজযোগীও হোৱা। বাদশ্বাহীৰ বাবে পঢ়ি আছা।
ওঁম্শান্তি।
এয়া হৈছে
স্কুল বা পাঠশালা। কাৰ পাঠশালা? আত্মাসকলৰ পাঠশালা। এইটোতো নিশ্চয় হয় যে আত্মাই
শৰীৰ অবিহনে একো শুনিব নোৱাৰে। যেতিয়া কোৱা হয় আত্মাসকলৰ পাঠশালা তেন্তে বুজা উচিত
– আত্মাই শৰীৰ অবিহনেতো বুজিব নোৱাৰে। আকৌ ক’বলগীয়া হয় - জীৱ আত্মা। এতিয়া জীৱ
আত্মাৰতো পাঠশালা সকলো হয়। সেইবাবে কোৱা হয় - এয়া হ’ল আত্মাসকলৰ পাঠশালা আৰু পৰমপিতা
পৰমাত্মা আহি পঢ়ায়। সেয়া হ’ল পাৰ্থিৱ পঢ়া, এয়া হ’ল আত্মিক পঢ়া, যি বেহদৰ পিতাই পঢ়ায়।
গতিকে এয়া হৈ গ’ল ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। ভগৱানে শুনায় নহয়। এয়া ভক্তিমাৰ্গ
নহয়, এয়া হৈছে পঢ়া। স্কুলত পঢ়-শুনা কৰা হয়। ভক্তি মন্দিৰ, ধাৰ্মিক স্থান আদিত কৰা
হয়। ইয়াত কোনে পঢ়ায়? ভগৱানুবাচ। আৰু কোনো পাঠশালাত ভগৱানে নুশুনায়। এয়াই একমাত্ৰ
স্থান য’ত ভগৱানে শুনায়। উচ্চতকৈও উচ্চ ভগৱানকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়, তেৱেঁই
জ্ঞান দিব পাৰে। বাকী সকলো হৈছে ভক্তি। ভক্তিৰ বাবে পিতাই বুজাইছে যে তাৰ দ্বাৰা
কোনো সৎগতি নহয়। সকলোৰে সৎগতিদাতা হৈছে একমাত্ৰ পৰমাত্মা, তেওঁ আহি ৰাজযোগ শিকায়।
আত্মাই শৰীৰৰ দ্বাৰা শুনে। আন কোনো জ্ঞান আদি ভগৱানে নুশুনায়। একমাত্ৰ ভাৰতেই আছে
য’ত শিৱ জয়ন্তীও পালন কৰা হয়। ভগৱানতো নিৰকাৰ তেন্তে আকৌ শিৱজয়ন্তী কেনেকৈ পালন কৰে।
জয়ন্তীতো তেতিয়া হয় যেতিয়া শৰীৰত প্ৰৱেশ কৰে। পিতাই কয় – মইতো কেতিয়াও গৰ্ভত প্ৰৱেশ
নকৰোঁ। তোমালোক সকলোৱে গৰ্ভত প্ৰৱেশ কৰা। 84 জন্ম লোৱা। সকলোতকৈ অধিক জন্ম এই
লক্ষ্মী-নাৰায়ণে লয়। 84 জন্ম লৈ আকৌ শ্যামবৰণীয়া, গাঁৱৰ ল’ৰা হয়। লক্ষ্মী-নাৰায়ণ
বুলি কোৱা বা ৰাধা-কৃষ্ণ বুলি কোৱা। ৰাধা-কৃষ্ণ হৈছে শৈশৱৰ। তেওঁলোকে যেতিয়া জন্ম
লয় তেতিয়া স্বৰ্গত লয়, যাক বৈকুণ্ঠ বুলিও কোৱা হয়। প্ৰথম নম্বৰৰ জন্ম এওঁৰ, গতিকে
84 জন্মও এওঁ লয়। শ্যাম আৰু সুন্দৰ, সুন্দৰৰ পৰা আকৌ শ্যাম। শ্ৰীকৃষ্ণ সকলোৰে প্ৰিয়।
শ্ৰীকৃষ্ণৰ জন্মতো হয়েই নতুন সৃষ্টিত। আকৌ পুনৰ্জন্ম লৈ লৈ আহি পুৰণি সৃষ্টি পাওঁতে
শ্যামবৰণীয়া হৈ যায়। এই খেলখনেই এনেকুৱা। ভাৰত প্ৰথমে সতোপ্ৰধান সুন্দৰ আছিল, এতিয়া
ক’লা হৈ গ’ল। পিতাই কয় – ইমানবিলাক আত্মা মোৰ সন্তান হয়। এতিয়া সকলো কাম চিতাত বহা
বাবে জ্ব্লি ক’লা হৈ গৈছে। মই আহি সকলোকে উভতাই লৈ যাওঁ। এই সৃষ্টি চক্ৰই এনেকুৱা।
ফুলৰ বাগিচা সেয়া পাছত কাঁইটৰ জংঘল হৈ যায়। পিতাই বুজায় – তোমালোক সন্তানসকল কিমান
সুন্দৰ বিশ্বৰ মালিক আছিলা, এতিয়া পুনৰ হৈ আছা। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক
আছিল। এয়া 84 জন্ম ভোগ কৰি পুনৰ এনেকুৱা হৈ আছে অৰ্থাৎ তেওঁলোকৰ আত্মাই এতিয়া পঢ়ি
আছে।
তোমালোকে জানা
সত্যযুগত অপাৰ সুখ থাকে যে কেতিয়াও পিতাক স্মৰণ কৰাৰ দৰকাৰেই নাথাকে। গায়ন আছে –
দুখত সকলোৱে স্মৰণ কৰে… কাক স্মৰণ কৰে? পিতাক। ইমানবিলাকক স্মৰণ কৰিব নালাগে।
ভক্তিত কিমান স্মৰণ কৰে। একোৱেই নাজানে। শ্ৰীকৃষ্ণ কেতিয়া আহিল, তেওঁ কোন – একোৱেই
নাজানে। শ্ৰীকৃষ্ণ আৰু শ্ৰীনাৰায়ণৰ প্ৰভেদকো নাজানে। শিৱবাবা হ’ল উচ্চতকৈও উচ্চ। আকৌ
তেওঁলোকৰ পাছত ব্ৰহ্মা, বিষ্ণু, শংকৰ… তেওঁলোকক আকৌ দেৱতা বুলি কোৱা হয়। মনুষ্যইতো
সকলোকে ভগৱান বুলি কৈ থাকে। সৰ্বব্যাপী বুলি কৈ দিয়ে। পিতাই কয় – সৰ্বব্যাপীতো হৈছে
মায়া 5 বিকাৰ যি প্ৰত্যেকৰে ভিতৰত আছে। সত্যযুগত কোনো বিকাৰ নাথাকে। মুক্তিধামতো
আত্মা পৱিত্ৰ হৈ থাকে। অপৱিত্ৰতাৰ কোনো কথা নাই। এই ৰচয়িতা পিতাহে আহি নিজৰ পৰিচয়
দিয়ে, আদি-মধ্য-অন্তৰ ৰহস্য বুজায়, যাৰ দ্বাৰা তোমালোক আস্তিক হোৱা। তোমালোক এবাৰেই
আস্তিক হোৱা। তোমালোকৰ এইটো জীৱন দেৱতাসকলতকৈও উত্তম। গায়নো কৰা হয় – মনুষ্য জীৱন
দুৰ্লভ। আৰু যেতিয়া পুৰুষোত্তম সংগমযুগ আহে তেতিয়া জীৱন হীৰাতুল্য হয়।
লক্ষ্মী-নাৰায়ণক হীৰাতুল্য বুলি কোৱা নহ’ব। তোমালোকৰ হীৰাতুল্য জন্ম। তোমালোক হৈছা
ঈশ্বৰীয় সন্তান, এওঁলোক হ’ল দৈৱী সন্তান। ইয়াতে তোমালোকে কোৱা – আমি ঈশ্বৰীয় সন্তান,
ঈশ্বৰ আমাৰ পিতা, তেওঁ আমাক পঢ়ায় কিয়নো তেওঁ জ্ঞানৰ সাগৰ হয়, ৰাজযোগ শিকায়। এই
জ্ঞান এবাৰেই পুৰুষোত্তম সংগমযুগত পোৱা যায়। এয়া হ’ল উত্তমতকৈও উত্তম পুৰুষ হোৱাৰ
যুগ, যাক জগতে নাজানে। সকলো কুম্ভকৰ্ণৰ অজ্ঞান নিদ্ৰাত শুই আছে। সকলোৰে বিনাশ সমাগত,
সেইবাবে এতিয়া সন্তানসকলে কাৰো সৈতে সম্বন্ধ ৰাখিব নালাগে। কোৱা হয় – অন্তৰ সময়ত
যিয়ে স্ত্ৰীক স্মৰণ কৰে… অন্তৰ সময়ত শিৱবাবাক স্মৰণ কৰিলে তেতিয়া নাৰায়ণ যোনিত আহিবা।
এই ছিৰিৰ চিত্ৰ বহুত ভাল। লিখা আছে – আমিয়ে দেৱতা আকৌ আমিয়েই ক্ষত্ৰিয়, আদি। এই
সময়ত হৈছে ৰাৱণৰাজ্য, যেতিয়া নিজৰ আদি সনাতন দেৱী-দেৱতা ধৰ্মক পাহৰি আন ধৰ্মত আৱদ্ধ
হৈ গৈছে। এই গোটেই জগতখনেই লংকা। বাকী কোনো সোণৰ লংকা নাছিল। পিতাই কয় - তোমালোকে
নিজতকৈও বেছি মোৰ গ্লানি কৰিছা, নিজৰ ক্ষেত্ৰত 84 লাখ আৰু মোক কণ কণত আছোঁ বুলি কৈ
দিছা। এনেকুৱা অপকাৰীৰ মই উপকাৰ কৰোঁ। পিতাই কয় – তোমালোকৰ কোনো দোষ নাই, এয়া ড্ৰামা
খেল। সত্যযুগৰ আদিৰ পৰা কলিযুগৰ অন্তলৈকে এয়া খেল, যি ঘূৰিয়েই থাকে। এয়া পিতাৰ
বাহিৰে আন কোনেও বুজাব নোৱাৰে। তোমালোক সকলো ব্ৰহ্মাকুমাৰ-কুমাৰী। তোমালোক ব্ৰাহ্মণ
হৈছা ঈশ্বৰীয় সন্তান। তোমালোক ঈশ্বৰীয় পৰিয়ালত বহি আছা, সত্যযুগত হ’ব দৈৱী পৰিয়াল।
এই ঈশ্বৰীয় পৰিয়ালত পিতাই তোমালোকৰ তত্ত্বাৱধানো লয়, পঢ়ায়ো, আকৌ ফুলৰ দৰে কৰি লগত
লৈও যাব। তোমালোকে মনুষ্যৰ পৰা দেৱতা হ’বলৈ পঢ়া। ‘গ্ৰন্থ’তো আছে মনুষ্যৰ পৰা দেৱতা
কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে… সেইবাবে পৰমাত্মাক যাদুকৰ বুলি কোৱা হয়। নৰকক
স্বৰ্গ কৰি তোলা, যাদুৰ খেল নহয় জানো। স্বৰ্গৰ পৰা নৰক হ’বলৈ 84 জন্ম আকৌ নৰকৰ পৰা
স্বৰ্গ টিলিকিতে (চেকেণ্ডত) হৈ যায়। এক চেকেণ্ডত জীৱনমুক্তি। মই আত্মা, আত্মাক জানি
গ’লা, পিতাকো জানি গ’লা। আন কোনো মনুষ্যই এয়া নাজানে যে আত্মা কি হয়? গুৰু অনেক,
সৎগুৰু এজন। কয় - সৎগুৰু অকাল। পৰমপিতা পৰমাত্মা এজনেই সৎগুৰু। কিন্তু গুৰুতো অনেক
আছে। নিৰ্বিকাৰী কোনো নহয়। সকলোৱে বিকাৰৰ দ্বাৰাই জন্ম লয়।
এতিয়া ৰাজধানী স্থাপনা
হৈ আছে। তোমালোক সকলোৱে ইয়াত বাদশ্বাহীৰ বাবে পঢ়া। ৰাজযোগী হোৱা, বেহদৰ সন্ন্যাসীও
হোৱা। তেওঁলোক হঠযোগী হৈছে হদৰ সন্ন্যাসী। পিতা আহি সকলোৰে সৎগতি কৰি সুখী কৰি তোলে।
“সৎগুৰু অকালমূৰ্ত” বুলি মোকেই কয়। তাত আমি ঘনে ঘনে শৰীৰ ত্যাগ নকৰোঁ আৰু নলওঁ। কালে
নাখায়। তোমালোক আত্মাও অবিনাশী, কিন্তু পতিত আৰু পাৱন হোৱা। নিৰ্লেপ নহয়। ড্ৰামাৰ
ৰহস্যও পিতাই বুজায়। ৰচয়িতাইহে ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজাব নহয় জানো। জ্ঞানৰ
সাগৰ সেই এজনেই পিতা। তেৱেঁই তোমালোকক মনুষ্যৰ পৰা দেৱতা দ্বৈত মুকুটধাৰী কৰি তোলে।
তোমালোকৰ জন্ম কড়িতুল্য আছিল। এতিয়া তোমালোক হীৰাতুল্য হৈ আছা। পিতাই “আমিয়ে সেয়া,
সেয়া আমিয়েই” এইটো মন্ত্ৰও বুজাইছে। তেওঁলোকে কৈ দিয়ে আত্মাই পৰামাত্মা, পৰমাত্মাই
আত্মা, “আমিয়ে সেয়া, সেয়া আমিয়েই”। পিতাই কয় – আত্মাই পৰমাত্মা কেনেকৈ হ’ব পাৰে!
পিতাই তোমালোকক বুজায় – আমি আত্মা এই সময়ততো ব্ৰাহ্মণ হওঁ আকৌ আমি আত্মাই ব্ৰাহ্মণৰ
পৰা দেৱতা হ’ম, তাৰপাছত ক্ষত্ৰিয় হ’ম, তাৰপাছত শূদ্ৰৰ পৰা ব্ৰাহ্মণ। সকলোতকৈ উচ্চ
জন্ম হৈছে তোমালোকৰ। এয়া হ’ল ঈশ্বৰীয় ঘৰ। তোমালোকে কাৰ ওচৰত বহি আছা? মাতা-পিতাৰ
ওচৰত। সকলো ভাই-ভনী। পিতাই আত্মাসকলক শিক্ষা দিয়ে। তোমালোক সকলো আমাৰ সন্তান,
উত্তৰাধিকাৰৰ অধিকাৰী হোৱা, সেইবাবে পৰমাত্মা পিতাৰ পৰা প্ৰত্যেকে উত্তৰাধিকাৰ ল’ব
পাৰে। বুঢ়া, সৰু, ডাঙৰ সকলোৰে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। গতিকে
সন্তানসকলকো এয়াই বুজোৱা – নিজক আত্মা বুলি বুজা আৰু পিতাক স্মৰণ কৰা তেতিয়া পাপ
মোচন হৈ যাব। ভক্তিমাৰ্গৰসকলে এই কথাবোৰ একোৱেই নুবুজিব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ৰাত্ৰি ক্লাছ :-
সন্তানসকলে পিতাক
চিনিও পায়, বুজিও পায় যে পিতাই পঢ়াই আছে, তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পাম। কিন্তু
কঠিনতা এয়া যে মায়াই পাহৰাই দিয়ে। কিবা নহয় কিবা বিঘিনি আনি দিয়ে যাৰ বাবে
সন্তানসকল ভয়ভীত হৈ যায়। তাৰ ভিতৰতো প্ৰথম নম্বৰত বিকাৰত অৱনমিত হয়। চকুৱে প্ৰৱঞ্চনা
কৰে। চকু উলিয়াই দিয়াৰ কথা নহয়। পিতাই জ্ঞানৰ নেত্ৰ দিয়ে, জ্ঞান আৰু অজ্ঞানৰ যুদ্ধ
চলে। জ্ঞান হ’ল পিতা, অজ্ঞান হ’ল মায়া। সিহঁতৰ যুদ্ধ বৰ প্ৰবল। অবনমিত হ’লেও বুজি
নাপায়। পাছত বুজি পায় – মই অৱনমিত হৈ গ’লোঁ, মই নিজৰ বহুত অকল্যাণ কৰিছোঁ। মায়াই
এবাৰ পৰাজয় কৰিলে তেতিয়া পুনৰ আৰোহণ কৰা কঠিন হৈ যায়। বহুত সন্তানে কয় – মই ধ্যানত
যাওঁ, কিন্তু তাতো মায়াই প্ৰৱেশ কৰি লয়। গমেই পোৱা নাযায়। মায়াই চুৰি কৰাব, মিছা
কোৱাব। মায়াই কি নকৰায়! কথাই নুসুধিবা। লেতেৰা কৰি দিয়ে। ফুল হৈ হৈ আকৌ ছিঃ ছিঃ হৈ
যায়। মায়া এনেকুৱা শক্তিশালী যে বাৰে বাৰে অৱনমিত কৰাই দিয়ে।
সন্তানসকলে কয় – বাবা
আমি বাৰে বাৰে পাহৰি যাওঁ। পুৰুষাৰ্থ কৰাওঁতাতো এজনেই পিতা, কিন্তু কাৰোবাৰ ভাগ্যত
নাথাকিলে পুৰুষাৰ্থও কৰিব নোৱাৰে। এই ক্ষেত্ৰত কাৰো প্ৰতি বিশেষ অনুগ্ৰহো দেখুৱাব
নোৱাৰে আৰু অতিৰিক্তভাৱেও নপঢ়ায়। সেই (লৌকিক) পঢ়াততো অতিৰিক্তভাৱে পঢ়িবলৈ শিক্ষকক
মাতে। এয়াতো ভাগ্য গঢ়িবলৈ সকলোকে একে ৰসতে পঢ়ায়। এজন এজনক বেলেগে কিমানলৈকে পঢ়াব?
কিমান অনেক সন্তান! সেই পঢ়াত কোনোবা ডাঙৰ ব্যক্তিৰ সন্তান হ’লে অধিক খৰচ কৰিব পাৰে
তেতিয়া তেওঁক অতিৰিক্তভাৱেও পঢ়ায়। শিক্ষকে জানে যে এওঁ ভোদা সেইবাবে পঢ়াই তেওঁক
জলপানি পোৱাৰ যোগ্য কৰি তোলে। এইজন পিতাই এনেকুৱা নকৰে। এওঁতো সকলোকে একে ৰসতে পঢ়ায়।
সেয়া হ’ল শিক্ষকৰ দ্বাৰা অতিৰিক্ত পুৰুষাৰ্থ কৰোৱা। এওঁতো কাকো বেলেগে অতিৰিক্ত
পুৰুষাৰ্থ নকৰায়। অতিৰিক্ত পুৰুষাৰ্থ কৰোৱা মানেই শিক্ষকে কিছু কৃপা কৰে। অৱশ্যে
এনেকুৱাসকলে পইচা লয়। বিশেষ সময় দি পঢ়ায় যাৰ দ্বাৰা তেওঁলোকে বেছিকৈ পঢ়ি বুদ্ধিমান
হয়। ইয়াততো বেছিকৈ একো পঢ়াৰ কথাই নাই। এওঁৰ কথাই এটা। এটাই মহামন্ত্ৰ দিয়ে –
‘মনমনাভৱ’। স্মৃতিৰ দ্বাৰা কি হয়, এয়াতো তোমালোক সন্তানসকলে বুজি পোৱা। পিতাই হৈছে
পতিত-পাৱন। জানা যে তেওঁক স্মৰণ কৰিলেহে আমি পাৱন হ’ম। বাৰু – শুভৰাত্ৰি।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গোটেই জগত এতিয়া সমাধিস্থ হ’ব, বিনাশ সন্মুখত, সেইবাবে কাৰো সৈতে সম্বন্ধ ৰাখিব
নালাগে। অন্তৰ সময়ত একমাত্ৰ পিতাই যাতে স্মৃতিত থাকে।
(2) শ্যাম বৰণীয়াৰ পৰা
সুন্দৰ, পতিতৰ পৰা পাৱন হোৱাৰ এয়া পুৰুষোত্তম সংগমযুগ, উত্তম পুৰুষ হোৱাৰ এয়াই সময়,
সদায় এইটো স্মৃতিত থাকি নিজক কড়িৰ পৰা হীৰাতুল্য কৰি তুলিব লাগে।
বৰদান:
জ্ঞান ধনেৰে
প্ৰকৃতিৰ সকলো সাধন প্ৰাপ্ত কৰোঁতা পদমা-পদমপতি হোৱা
জ্ঞান ধনে স্থূল ধন
স্বতঃ প্ৰাপ্ত কৰায়। য’ত জ্ঞান ধন থাকে ত’ত প্ৰকৃতি স্বতঃ দাসী হৈ যায়। জ্ঞান ধনৰ
দ্বাৰা প্ৰকৃতিৰ সকলো সাধন স্বতঃ প্ৰাপ্ত হৈ যায় সেয়েহে জ্ঞান সকলো ধনৰ ৰজা। য’ত
ৰজা থাকে ত’ত সকলো পদাৰ্থ স্বতঃ প্ৰাপ্ত হয়। এই জ্ঞান ধনেই হৈছে পদমা-পদমপতি কৰি
তোলোঁতা, পৰমাৰ্থ আৰু ব্যৱহাৰক স্বতঃ সিদ্ধ কৰে। জ্ঞান ধনৰ ইমান শক্তি আছে যে অনেক
জন্মৰ কাৰণে ৰজাৰো ৰজা কৰি তোলে।
স্লোগান:
“কল্প-কল্পৰ বিজয়ী হওঁ” - এইটো আত্মিক নিচা জাগ্ৰত হ’লে মায়াজিৎ হৈ যাবা।