01.05.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে সিদ্ধ কৰি শুনোৱা যে বেহদৰ পিতা আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়, তেওঁ সৰ্বব্যাপি হ'ব নোৱাৰে”

প্ৰশ্ন:
এই সময়ত সৃষ্টিত অতি দুখ কিয়, দুখৰ কাৰণ কি শুনোৱা?

উত্তৰ:
গোটেই সৃষ্টিত এই সময়ত ৰাহুৰ দশা চলি আছে, সেই কাৰণেই দুখ। বৃহস্পতি পিতা যেতিয়া আহে তেতিয়া সকলোৰে বৃহস্পতিৰ দশা চলে। সত্যযুগ-ত্ৰেতাত হৈছে বৃহস্পতিৰ দশা, ৰাৱণৰ নাম-চিহ্ন নাই সেই কাৰণে তাত দুখ নাথাকে। পিতা আহিছে সুখধাম স্থাপনা কৰিবলৈ, তাত দুখ হ'ব নোৱাৰে।

ওঁম্শান্তি।
অতি মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বহি বুজায় কিয়নো সকলো সন্তানে এইটো জানে যে - আমি হৈছোঁ আত্মা, নিজৰ ঘৰৰ পৰা আমি বহুত দূৰৈৰ পৰা ইয়ালৈ আহোঁ। আহি এই শৰীৰত প্ৰৱেশ কৰোঁ, ভূমিকা পালন কৰিবলৈ। ভূমিকা আত্মাইহে পালন কৰে। ইয়াত সন্তানসকল নিজক আত্মা বুলি বুজি পিতাৰ স্মৃতিত বহি আছে কিয়নো পিতাই বুজাইছে - স্মৃতিৰে তোমালোক সন্তানসকলৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হ'ব। ইয়াক যোগ বুলিও ক'ব নালাগে। যোগতো সন্ন্যাসী লোকসকলে শিকায়। বিদ্যাৰ্থীৰ শিক্ষকৰ লগতো যোগসূত্ৰ থাকে, সন্তানসকলৰ পিতাকৰ লগত যোগসূত্ৰ থাকে। এয়া হৈছে আত্মা আৰু পৰমাত্মা অৰ্থাৎ সন্তানসকল আৰু পিতাৰ মেলা। এয়া হৈছে কল্যাণকাৰী মিলন। বাকী সকলোতো হৈছে অকল্যাণকাৰী। পতিত সৃষ্টি নহয় জানো। তোমালোকে যেতিয়া প্ৰদৰ্শনী বা সংগ্ৰহালয়ত বুজোৱা তেতিয়া আত্মা আৰু পৰমাত্মাৰ পৰিচয় দিয়াটো ঠিক। আত্মা সকলোৱে সন্তান আৰু তেওঁ হৈছে পৰমপিতা পৰম আত্মা যি পৰমধামত নিবাস কৰে। কোনো সন্তানে নিজৰ লৌকিক পিতাক পৰমপিতা বুলি নকয়। পৰমপিতাক দুখতহে স্মৰণ কৰে - হে পৰমপিতা পৰমাত্মা। পৰম আত্মা থাকেই পৰমধামত। এতিয়া তোমালোকে আত্মা আৰু পৰমাত্মাৰ জ্ঞানতো বুজোৱা কিন্তু কেৱল এইটো বুজাব নালাগে যে দুজন পিতা আছে। তেওঁ পিতাও হয়, শিক্ষকো হয় - এইটো নিশ্চয় বুজাব লাগে। আমি সকলো ভাই ভাই, তেওঁ সকলো আত্মাৰ পিতা। ভক্তিমাৰ্গত সকলোৱে ভগৱান পিতাক স্মৰণ কৰে কিয়নো ভগৱানৰ পৰা ভক্তিৰ ফল প্ৰাপ্ত হয় অথবা পিতাৰ পৰা সন্তানসকলে উত্তৰাধিকাৰ লয়। ভগৱানে সন্তানসকলক ভক্তিৰ ফল দিয়ে। কি দিয়ে? বিশ্বৰ মালিক কৰি তোলে। কিন্তু তোমালোকে কেৱল পিতা বুলি সিদ্ধ কৰিব নালাগে। তেওঁ পিতাও আৰু শিক্ষা দিওঁতাও হয়, সৎগুৰুও হয়। এনেকৈ বুজালে তেতিয়া সৰ্বব্যাপিৰ ধাৰণাতো নোহোৱা হৈ যাব। এইটো সংযোজিত কৰা। সেই পিতা হৈছে জ্ঞানৰ সাগৰ। আহি ৰাজযোগ শিকায়। কোৱা, তেওঁ শিক্ষা দিওঁতা শিক্ষকো হয়, তেন্তে আকৌ সৰ্বব্যাপি কেনেকৈ হ'ব পাৰে? শিক্ষক নিশ্চয় বেলেগ হয়, বিদ্যাৰ্থী বেলেগ হয়। যেনেকৈ পিতা ভিন্ন, সন্তানো ভিন্ন। আত্মাসকলে পৰমাত্মা পিতাক স্মৰণ কৰে, তেওঁৰ মহিমাও কৰে। পিতাহে মনুষ্য সৃষ্টিৰ বীজ ৰূপ হয়। তেওঁ আহি আমাক মনুষ্য সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। পিতাই স্বৰ্গ স্থাপনা কৰে, আমি স্বৰ্গবাসী হওঁ। লগতে এইটোও বুজায় যে দুজন পিতা আছে। লৌকিক পিতাই প্ৰতিপালন কৰিলে আকৌ পঢ়িবৰ কাৰণে শিক্ষকৰ ওচৰলৈ যাবলগীয়া হয়। আকৌ 60 বছৰৰ পাছত বানপ্ৰস্থ অৱস্থাত যাবৰ কাৰণে গুৰুৰ ওচৰলৈ যাবলগীয়া হয়। পিতা, শিক্ষক, গুৰু ভিন্ন ভিন্ন হয়। এওঁ বেহদৰ পিতাতো সকলো আত্মাৰ পিতা, জ্ঞানৰ সাগৰ হয়। মনুষ্য সৃষ্টিৰ বীজ ৰূপ সত্য-চৈতন্য-আনন্দ স্বৰূপ হয়। সুখৰ সাগৰ, শান্তিৰ সাগৰ হয়। তেওঁৰ মহিমা আৰম্ভ কৰি দিয়া কিয়নো জগতত মতভেদ বহুত আছে নহয়। যদি সৰ্বব্যাপি হয় তেন্তে আকৌ শিক্ষক হৈ পঢ়াব কেনেকৈ! আকৌ তেওঁ সৎগুৰুও হয়, সকলোকে মাৰ্গ-দৰ্শক হৈ লৈ যায়। শিক্ষা দিয়ে অৰ্থাৎ স্মৰণ কৰিবলৈ শিকায়। ভাৰতৰ প্ৰাচীন ৰাজযোগৰো গায়ন কৰা হয়। পুৰণিতকৈও পুৰণি হৈছে সংগমযুগ। নতুন আৰু পুৰণি সৃষ্টিৰ মধ্যত। তোমালোকে বুজি পোৱা যে আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে পিতা আহি নিজৰ কৰি লৈছিল আৰু আমাৰ শিক্ষক-সৎগুৰুও হৈছিল। তেওঁ কেৱল আমাৰ পিতা নহয়, তেওঁতো জ্ঞানৰ সাগৰ অৰ্থাৎ শিক্ষকো হয়, আমাক শিক্ষা দিয়ে। সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায় কিয়নো তেওঁ হৈছে বীজৰূপ, বৃক্ষপতি। তেওঁ যেতিয়া ভাৰতলৈ আহে তেতিয়া ভাৰতত বৃহস্পতিৰ দশা চলে। সত্যযুগত হৈছে সকলো সৰ্বদা সুখী দেৱী-দেৱতা। সকলোৰে বৃহস্পতিৰ দশা চলে। যেতিয়া পুনৰ সৃষ্টি তমোপ্ৰধান হয় তেতিয়া সকলোৰে ৰাহুৰ দশা চলে। বৃক্ষপতিক কোনেও নাজানে। নাজানিলে আকৌ উত্তৰাধিকাৰ কেনেকৈ পাব পাৰে।

তোমালোক যেতিয়া ইয়াত বঢ়া তেতিয়া অশৰীৰী হৈ বঢ়িবা। এইটো জ্ঞান প্ৰাপ্ত কৰিছা যে - আত্মা বেলেগ, ঘৰ বেলেগ। 5 তত্বৰ পুতলা (শৰীৰ) গঠন হয়, তাত আত্মা প্ৰৱেশ কৰে। সকলোৰে ভূমিকা নিৰ্ধাৰিত হৈ আছে। পোন-প্ৰথমে মুখ্য কথা এইটো বুজাব লাগে যে পিতা হৈছে পৰম পিতা, পৰম শিক্ষক। লৌকিক পিতা, শিক্ষক, গুৰুৰ পাৰ্থক্য বুজালে তৎক্ষণাৎ বুজিব, তৰ্ক নকৰিব। আত্মাসকলৰ পিতাৰ গোটেই জ্ঞান আছে। এইটো এটা বিশেষত্ব। তেৱেঁই আমাক ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। আগতে ঋষি-মুনি আদিয়েতো কৈছিল - আমি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক নাজানো কিয়নো সেই সময়ত তেওঁলোক সতো আছিল। প্ৰত্যেক বস্তু সতোপ্ৰধান, সতো, ৰজো, তমোত আহেই। নতুনৰ পৰা পুৰণি নিশ্চয় হয়। তোমালোকে এই সৃষ্টি চক্ৰৰ আয়ুসৰ বিষয়েও জানা। মনুষ্যই এইটো পাহৰি গ'ল যে ইয়াৰ আয়ুস কিমান। বাকী এই শাস্ত্ৰ আদি সকলো ভক্তিমাৰ্গৰ কাৰণে ৰচনা কৰে। বহুত কাহিনী লিখি দিছে। সকলোৰে পিতাতো এজনেই। সৎগতি দাতা এজনেই। গুৰু অনেক আছে। সৎগতি কৰাওঁতা সৎগুৰু এজনেই। সৎগতি কেনেকৈ হয় - সেয়াও তোমালোকৰ বুদ্ধিত আছে। আদি সনাতন দেৱী-দেৱতা ধৰ্মকহে সৎগতি বুলি কোৱা হয়। তাত কম সংখ্যক মনুষ্য থাকে। এতিয়াতো কিমান অনেক মনুষ্য আছে। তাততো কেৱল দেৱতাসকলৰ ৰাজ্য হ'ব আকৌ কুল বৃদ্ধি হয়। লক্ষ্মী-নাৰায়ণ প্ৰথম, দ্বিতীয়, তৃতীয় এনেকৈ চলি থাকে। যেতিয়া প্ৰথম হ'ব তেতিয়া কিমান কম মনুষ্য হ'ব। এই চিন্তনো কেৱল তোমালোকৰ চলে। এইটো তোমালোক সন্তানসকলে বুজি পোৱা যে ভগৱান তোমালোক সকলো আত্মাৰ পিতা এজনেই। তেওঁ হৈছে বেহদৰ পিতা। হদৰ পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়‌‌, বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ 21 প্ৰজন্মৰ বাবে স্বৰ্গৰ বাদশ্বাহী প্ৰাপ্ত হয়। 21 প্ৰজন্ম অৰ্থাৎ যেতিয়া বৃদ্ধ অৱস্থা হয় তেতিয়া শৰীৰ ত্যাগ কৰে। তাত নিজক আত্মা বুলি বুজে। ইয়াত দেহ-অভিমানী হোৱাৰ কাৰণে নাজানে যে আত্মাইহে এটা শৰীৰ এৰি অন্য এটা লয়। এতিয়া দেহ-অভিমানীসকলক আত্মা-অভিমানী কৰি কোনে তুলিব? এই সময়ত এজনো আত্মা-অভিমানী নাই। পিতাহে আহি আত্মা-অভিমানী কৰি তোলে। তাত এইটো জানে যে আত্মাই এটা ডাঙৰ শৰীৰ এৰি সৰু শিশু হ'বগৈ। সাপৰো দৃষ্টান্ত আছে, এই সাপ, ভোমোৰা আদিৰ দৃষ্টান্ত সকলো ইয়াৰেই আৰু এই সময়ৰে। যিবিলাক আকৌ ভক্তিমাৰ্গতো কামত আহে। বাস্তৱত ব্ৰাহ্মণীতো তোমালোক হোৱা যিয়ে বিষ্ঠাৰ পোকক ভোঁ ভোঁ কৰি মনুষ্যৰ পৰা দেৱতা কৰি তোলা। পিতাৰ জ্ঞান আছে নহয়। তেৱেঁই জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ হয়। সকলোৱে শান্তি বিচাৰি থাকে। হে শান্তি দাতা..... কাক মাতি থাকে? যিজন শান্তি দাতা অথবা সাগৰ হয়, তেওঁৰ মহিমাও গায় কিন্তু অৰ্থ ৰহিত। কৈ দিয়ে, একোৱে বুজি নাপায়। পিতাই কয় - এই বেদ-শাস্ত্ৰ আদি সকলো হৈছে ভক্তিমাৰ্গৰ। 63 জন্ম ভক্তি কৰিবই লাগে। কিমান অনেক শাস্ত্ৰ আছে। কোনো শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা মোক প্ৰাপ্ত কৰিব নোৱাৰে। মোক আহ্বানো কৰে - আহি পাৱন কৰি তোলক। এয়া হৈছে তমোপ্ৰধান আৱৰ্জনাৰ সৃষ্টি যি কোনো কামৰ নহয়। কিমান দুখ আছে। দুখ ক'ৰ পৰা আহিল? পিতাইতো তোমালোকক বহুত সুখ দিছিল আকৌ তোমালোক ছিৰি কেনেকৈ নামিলা? গায়নো কৰা হয় জ্ঞান আৰু ভক্তি। জ্ঞান পিতাই শুনায়, ভক্তি ৰাৱণে শিকায়। পিতাকো দেখিবলৈ পোৱা নাযায় আৰু ৰাৱণকো দেখিবলৈ পোৱা নাযায়। দুয়োকে এই দুচকুৰে দেখা পোৱা নাযায়। আত্মাক বুজিব পৰা যায়। আমি আত্মা তেন্তে আত্মাৰ পিতাও নিশ্চয় আছে। পিতা আকৌ শিক্ষকো হয়, অন্য কোনো এনেকুৱা নহয়।

এতিয়া তোমালোকে 21 জন্মৰ কাৰণে সৎগতি প্ৰাপ্ত কৰা, পাছত গুৰুৰ প্ৰয়োজনেই নাথাকে। পিতা সকলোৰে পিতাও হয়, তেনেকৈ পঢ়াওঁতা শিক্ষকো হয়। সকলোৰে সৎগতি কৰাওঁতা সৎগুৰু পৰম গুৰুও হয়। তিনিওকে সৰ্বব্যাপি বুলি ক'ব নোৱাৰি। তেওঁতো সৃষ্টিৰ আদি-মধ্য-অন্তৰ ৰহস্য শুনায়। মনুষ্যই স্মৰণো কৰে - হে পতিত-পাৱন আহক, সকলোৰে সৎগতি দাতা আহক, সকলোৰে দুখ দূৰ কৰক, সুখ দিয়ক। হে ঈশ্বৰ পিতা, হে মুক্তিদাতা। লৈ যাবৰ কাৰণে আকৌ আমাৰ মাৰ্গ-দৰ্শকো হওঁক। এই ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰক। ৰাৱণৰাজ্য কোনো লংকাত নাই। এই গোটেই ধৰণীতেই এই সময়ত ৰাৱণৰাজ্য আছে। ৰামৰাজ্য কেৱল সত্যযুগতহে হয়। ভক্তিমাৰ্গত মনুষ্য কিমান বিভ্ৰান্ত হৈ গৈছে।

এতিয়া তোমালোকে শ্ৰেষ্ঠ হ'বৰ কাৰণে শ্ৰীমত পাই আছা। সত্যযুগত ভাৰত শ্ৰেষ্ঠাচাৰী আছিল, পূজ্য আছিল। এতিয়ালৈকে তেওঁলোকৰ পূজা কৰি আছে। ভাৰতত বৃহস্পতিৰ দশা আছিল তেতিয়া সত্যযুগ আছিল। এতিয়া ৰাহুৰ দশাত চোৱা ভাৰতৰ কি অৱস্থা হৈ গ'ল। সকলো ভ্ৰষ্টাচাৰী হৈ গ’ল। পিতাই শ্ৰেষ্ঠাচাৰী কৰি তোলে, ৰাৱণে ভ্ৰষ্টাচাৰী কৰি তোলে। এনেকৈ কয়ো যে ৰামৰাজ্য লাগে। তেন্তে ৰাৱণৰাজ্যত নাই জানো। নৰকবাসী হয়। ৰাৱণৰাজ্যক নৰক বুলি কোৱা হয়। স্বর্গ আৰু নৰক আধা আধা। এয়াও তোমালোক সন্তানসকলেহে জানা - ৰামৰাজ্য কাক আৰু ৰাৱণৰাজ্য কাক কোৱা হয়? গতিকে প্রথমতে বুদ্ধিত এইটো নিশ্চয়তা থাকিব লাগে। তেওঁ আমাৰ পিতা, আমি সকলো আত্মা ভাই ভাই। পিতাৰ পৰা সকলোৰে উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। সেয়া পাইছিল। পিতাই ৰাজযোগ শিকাই সুখধামৰ মালিক কৰি তুলিছিল। বাকী সকলো শান্তিধামলৈ গুচি গ’ল। এয়াও সন্তানসকলে জানে যে বৃক্ষপতি হৈছে চৈতন্য। সত্য-চৈতন্য-আনন্দ স্বৰূপ। আত্মা সত্যও হয়, চৈতন্যও হয়। পিতাও সত্য, চৈতন্য, বৃক্ষপতি হয়। এয়া ওলোটা বৃক্ষ নহয় জানো। ইয়াৰ বীজ ওপৰত আছে। পিতাহে আহি বুজায় যে যেতিয়া তোমালোক তমোপ্ৰধান হৈ যোৱা তেতিয়া পিতা সতোপ্ৰধান কৰি তুলিবলৈ আহে। বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হয়। এতিয়া তোমালোকক কয় হিষ্ট্ৰী-জ’গ্ৰাফী…. ইংৰাজী শব্দ নক’বা। হিন্দীত কোৱা হ’ব - ইতিহাস-ভূগোল। ইংৰাজীতো সকলোৱে পঢ়েই। এনেকৈ ভাবে যে ভগৱানে গীতা সংস্কৃত ভাষাত শুনালে। এতিয়া শ্ৰীকৃষ্ণ হৈছে সত্যযুগৰ ৰাজকুমাৰ। তাত এইটো ভাষা আছিল - এনেকৈতো লিখি থোৱা নাই। ভাষা নিশ্চয় আছে। যিসকল ৰজা হয় তেওঁলোকৰ নিজৰ নিজৰ ভাষা থাকে। সত্যযুগী ৰজাসকলৰ নিজা ভাষা থাকিব। সংস্কৃত তাত নাথাকে। সত্যযুগৰ ৰীতি-প্ৰথা সুকীয়া। কলিযুগী মনুষ্যৰ ৰীতি-প্ৰথা সুকীয়া। তোমালোক সকলো হৈছা মীৰা, যিয়ে কলিযুগী লোক-লাজ কুলৰ মৰ্যাদা পচন্দ নকৰা। তোমালোকে কলিযুগী লোক-লাজ এৰি দিয়া তেতিয়া কিমান কাজিয়া হয়। তোমালোকক পিতাই শ্ৰীমত দিছে - কাম হৈছে মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হোৱা। জগতজিৎ হওঁতাসকলৰ এই চিত্ৰও সন্মুখত আছে। তোমালোকেতো বেহদৰ পিতাৰ পৰা ৰায় পোৱা যে বিশ্বত শান্তি প্ৰতিষ্ঠা কেনেকৈ হ’ব? শান্তি দাতা বুলি ক’লে পিতাহে স্মৃতিলৈ আহে। পিতাহে আহি কল্পই কল্পই বিশ্বত শান্তি স্থাপনা কৰে। কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ বাবে মনুষ্য যেন কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে।

প্ৰথমতে মনুষ্যৰ মাজত এইটো দৃঢ় নিশ্চয় জন্মোৱা যে তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয়। শিক্ষকক সৰ্বব্যাপি বুলি কেনেকৈ ক’বা? তোমালোক সন্তানসকলে জানা পিতা কেনেকৈ আহি আমাক পঢ়ায়। তোমালোকে তেওঁৰ জীৱন বৃত্তান্ত জানা। পিতা আহেই নৰকক স্বৰ্গ কৰি তুলিবলৈ। শিক্ষকো হয় আকৌ লগত লৈও যায়। আত্মাসকলতো হৈছে অবিনাশী। আত্মাসকলে নিজৰ পূৰা ভূমিকা পালন কৰি ঘৰলৈ উভতি যায়। লৈ যাওঁতা মাৰ্গ-দৰ্শকো লাগে নহয়। দুখৰ পৰা মুক্ত কৰে আকৌ মাৰ্গ-দৰ্শক হৈ সকলোকে লৈ যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কলিযুগৰ লোক-লাজ কুলৰ মৰ্যাদা এৰি ঈশ্বৰীয় কুলৰ মৰ্যাদা ধাৰণ কৰিব লাগে। অশৰীৰী পিতাই যি শুনায় সেয়া অশৰীৰী হৈ শুনাৰ অভ্যাস দৃঢ় কৰিব লাগে।

(2) বেহদৰ পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়, এইটো পাৰ্থক্য সকলোকে বুজাব লাগে। এইটো সিদ্ধ কৰিব লাগে যে বেহদৰ পিতা সৰ্বব্যাপি নহয়।

বৰদান:
হদৰ শিশু-সুলভ চঞ্চলতাৰ পৰা আঁতৰি আত্মিক সম্ভ্ৰমত থাকোঁতা প্ৰীতি বুদ্ধিৰ হোৱা

বহুত সন্তানে হদৰ স্বভাৱ, সংস্কাৰৰ শিশু-সুলভ চঞ্চলতা বহুত কৰে। য’ত ‘মোৰ স্বভাৱ’, ‘মোৰ সংস্কাৰ’ এই শব্দবোৰ আহে ত’ত এনেকুৱা শিশু-সুলভ চঞ্চলতা আৰম্ভ হৈ যায়। এই ‘মোৰ’ শব্দটিয়েই পাকচক্ৰত লৈ আনে। কিন্তু যিটো পিতাৰ পৰা ভিন্ন সেয়া মোৰ নহয়েই। মোৰ স্বভাৱ পিতাৰ স্বভাৱৰ পৰা ভিন্ন হ’বই নোৱাৰে, সেই কাৰণে হদৰ শিশু-সুলভ চঞ্চলতাৰ পৰা আঁতৰি আত্মিক সম্ভ্ৰমত থাকা। প্ৰীতি বুদ্ধিৰ হৈ প্ৰেমৰ প্ৰীতিকৰ চঞ্চলতা লাগিলে কৰা।

স্লোগান:
পিতাৰ প্ৰতি, সেৱাৰ প্ৰতি আৰু পৰিয়ালৰ প্ৰতি যদি স্নেহ আছে তেন্তে পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা।

আনন্দ ৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

বৰ্তমান সময়ত বিশ্বত সকলোতকৈ অধিক আৱশ্যকতা হৈছে আনন্দৰ, তোমালোকৰ ওচৰত আনন্দ ৰূপী সম্পদ ভৰপূৰ হৈ আছে। সেয়েহে সদায় আনন্দিত হৈ থাকা আৰু আনকো আনন্দিত হৈ থকাৰ সাধন দিয়া ইয়াৰ দ্বাৰা সকলো আত্মাই তোমালোকক আনন্দৰ দেৱতা জ্ঞান কৰিব। “মই আনন্দৰ দেৱতা” – সদায় নিজৰ এইটো উপাধি স্মৃতিত ৰাখিবা।