02.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল উচ্চ পদ প্ৰাপ্তিৰ কাৰণে পিতাই তোমালোকক যি পাঠ পঢ়ায় সেয়া হুবহু ধাৰণ কৰা, সদায় শ্ৰীমতত চলি থাকা

প্ৰশ্ন:
কেতিয়াও যাতে আক্ষেপ কৰিবলগীয়া নহয় তাৰ কাৰণে কোনটো কথাৰ ওপৰত ভালকৈ বিচাৰ কৰিব লাগে?

উত্তৰ:
প্ৰত্যেক আত্মাই যি ভূমিকা পালন কৰি আছে, সেয়া ড্ৰামাত একেবাৰে সঠিকককৈ নিৰ্ধাৰিত হৈ আছে। এয়া হৈছে অনাদি আৰু অবিনাশী ড্ৰামা। এইটো কথাৰ ওপৰত বিচাৰ কৰা তেতিয়া কেতিয়াও আক্ষেপ কৰিবলগীয়া নহব। আক্ষেপ তেওঁলোকে কৰিবলগীয়া হয় যিয়ে ড্ৰামাৰ আদি, মধ্য, অন্তক উপলব্ধি নকৰে। তোমালোক সন্তানসকলে এই ড্ৰামাক হুবহু সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে, এই ক্ষেত্ৰত কন্দাকটা কৰা বা বিতুষ্ট হোৱাৰ কথা নাই।

ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায় যে আত্মা কিমান সূক্ষ্ম। অতি সূক্ষ্ম আৰু সূক্ষ্ম আত্মা থকা কাৰণেই শৰীৰ কিমান ডাঙৰ দেখা যায়। সূক্ষ্ম আত্মা যেতিয়া পৃথক হৈ যায় তেতিয়া একো দেখা নাপায়। আত্মাৰ ওপৰত বিচাৰ কৰা হয়। ইমান সূক্ষ্ম বিন্দুটোৱে কি কি কাম কৰে। পৰিবৰ্ধক আইনা থাকে, ইয়াৰ দ্বাৰা সূক্ষ্ম সূক্ষ্ম হীৰাৰ টুকুৰা পৰীক্ষা কৰা হয়। কোনো দাগ আদিতো নাই। তেনেকৈ আত্মাও কিমান সূক্ষ্ম। এইখন কেনেকুৱা পৰিবৰ্ধক আইনা হব - যাৰ দ্বাৰা দেখা। থাকে কত? কি সমন্ধ? এই দুচকুৰে কিমান ডাঙৰ পৃথিৱীখন, আকাশখন দেখিবলৈ পোৱা যায়! বিন্দু ওলাই গলে একোৱে নাথাকে। যেনেকুৱা বিন্দু পিতা তেনেকুৱাই বিন্দু আত্মা। ইমান সূক্ষ্ম আত্মা পৱিত্ৰ অপৱিত্ৰ হয়। এইটো অতিকৈ বিচাৰ কৰিবলগীয়া কথা। আন কোনেও নাজানে আত্মা কি, পৰমাত্মা কি। ইমান সূক্ষ্ম আত্মাই শৰীৰত থাকি কি কি যে গঢ়ে। কি কি দেখে। সেই আত্মাতেই 84 জন্মৰ গোটেই ভূমিকা নিহিত হৈ আছে। কেনেকৈ আত্মাই কাম কৰে, আচৰিত কথা। ইমান সূক্ষ্ম আত্মাতে 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এটা শৰীৰ এৰি আন এটা লয়। উদাহৰণ স্বৰূপে, নেহেৰু মৰিল, যীশুখ্ৰীষ্ট মৰিল। আত্মা ওলাই গ'ল গতিকে শৰীৰ মৰি গ'ল। কিমান ডাঙৰ শৰীৰ আৰু কিমান সূক্ষ্ম আত্মা। এয়াও বাবাই বহুবাৰ বুজাইছে যে মনুষ্যই কেনেকৈ বুজি পাব যে এই সৃষ্টি চক্ৰ 5 হাজাৰ বছৰ পাছত পুনৰাবৃত্তি হয়। কোনোবা মৰিল এয়া কোনো নতুন কথা নহয়। তেওঁৰ আত্মাই এই শৰীৰ এৰি আন এটা ধাৰণ কৰিলে। 5 হাজাৰ বছৰ পূৰ্বেও এইটো নাম ৰূপক এইটো সময়তে এৰিছিল। আত্মাই জানে মই এটা শৰীৰ এৰি আন এটাত প্ৰৱেশ কৰোঁ।

এতিয়া তোমালোকে শিৱজয়ন্তী উদ্‌যাপন কৰা। দেখুওৱা যে 5 হাজাৰ বছৰ পূৰ্বেও শিৱজয়ন্তী উদ্‌যাপন কৰিছিলোঁ। প্ৰত্যেক 5 হাজাৰ বছৰ পাছত এই হীৰাতুল্য শিৱজয়ন্তী, উদ্‌যাপন কৰি আহিছে। এয়া সঁচা কথা। বিচাৰ সাগৰ মন্থন কৰিবলগীয়া হয় যাতে আনকো বুজাব পাৰে। এই উৎসৱ উদ্‌যাপন কৰা হয়, তোমালোকে কবা, কোনো নতুন কথা নহয়, বুৰঞ্জী পুনৰাবৃত্তি হয় আকৌ 5 হাজাৰ বছৰ পাছত যিসকল ভাৱৰীয়া আছে তেওঁলোকে নিজৰ শৰীৰ ধাৰণ কৰে। এটা নাম ৰূপ দেশ কাল এৰি অন্য এটা লয়। ইয়াৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি এনেকৈ লিখিব লাগে যাতে সকলো মনুষ্য আচম্বিত হৈ যায়। মই সন্তানসকলক সোধো নহয় যে আগতে কেতিয়া লগ পাইছিলা? ইমান সূক্ষ্ম আত্মাকেই সোধা হয়। তুমি এইটো নাম ৰূপেৰে আগতে কেতিয়া লগ পাইছিলা? আত্মাই শুনিলে। তেতিয়া বহুতে কয় - হয় বাবা, আপোনাক কল্প পূৰ্বে লগ পাইছিলোঁ। গোটেই ড্ৰামাৰ ভূমিকা বুদ্ধিত আছে। সেয়া হৈছে হদৰ (সীমিত) ড্ৰামাৰ ভাৱৰীয়া। এয়া হৈছে বেহদৰ (অসীমিত) ড্ৰামা। এইখন ড্ৰামা একেবাৰে নিখুঁত, ইয়াত অলপো হীনডেঢ়ি (ইফাল সিফাল) হব নোৱাৰে। সেই কথাছবিবোৰ হৈছে হদৰ, যন্ত্ৰৰ দ্বাৰা দেখুৱায়। দুই চাৰিটা ৰীলো (টাকুৰি) থাকে, যি ঘূৰি থাকে। এয়াতো অনাদি অবিনাশী এখনেই বেহদৰ ড্ৰামা। ইয়াত কিমান সূক্ষ্ম আত্মাই এটা ভূমিকা শেষ কৰি আকৌ আন এটা ভূমিকা পালন কৰে। 84 জন্মৰ কিমান ডাঙৰ ফ্লিমৰ ৰীল হব। এয়া হৈছে প্ৰাকৃতিক। কাৰোবাৰ বুদ্ধিত ধাৰণ হব! ৰেকৰ্ডৰ দৰেই হয়, অতি আশ্চৰ্যজনক। 84 লাখতো হব নোৱাৰে। 84ৰে চক্ৰ, ইয়াৰ পৰিচয় কেনেকৈ দিয়া হব। পত্ৰকাৰসকলকো বুজোৱা তেতিয়া লিখিব। আলোচনী আদিতো মাজে মাজে দিব পাৰা। আমি এই সংগমৰ সময়ৰে কথা কওঁ। সত্যযুগততো এইবোৰ কথা নাথাকিব। কলিযুগতো নাথাকিব। জন্তু আদি যিবোৰ আছে, সকলোৰে কাৰণে কোৱা হব আকৌ পাঁচ হাজাৰ বছৰৰ পাছত আকৌ দেখিম। হীনডেঢ়ি হব নোৱাৰে। ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। সত্যযুগত জন্তুবোৰো অতি সুন্দৰ হব। এই গোটেই বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হব। যেনেকৈ ড্ৰামাৰ দৃশ্যগ্ৰহণ হয়। মাখি উৰি গল সেয়াও দৃশ্যগ্ৰহণ হৈ গ'লে আকৌ পুনৰাবৃত্তি হব। এতিয়া আমি এই সৰু সৰু কথাবোৰৰ প্ৰতিটো ধ্যান নিদিওঁ। প্ৰথমতে পিতাই নিজে কয় মই কল্পই কল্পই সংগমযুগত এই ভাগ্যশালী ৰথতে আহোঁ। আত্মাই কলে কেনেকৈ এওঁৰ তাত আহে, ইমান সূক্ষ্ম বিন্দু। তেওঁক আকৌ জ্ঞানৰ সাগৰ বুলি কয়। এই কথাবোৰ তোমালোক সন্তানসকলৰ মাজতো যিসকল বুদ্ধিমান, তেওঁলোকে বুজিব পাৰে। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত মই আহোঁ। এই পঢ়া কিমান মূল্যৱান। পিতাৰ ওচৰতে সঠিক জ্ঞান আছে যি সন্তানসকলক দিয়ে। তোমালোকক কোনোবাই সুধিলে তৎক্ষণাৎ কবা সত্যযুগৰ আয়ুস 1250 বছৰ। এটি এটি জন্মৰ আয়ুস 150 বছৰ হয়। কিমান ভূমিকা পালন কৰা হয়। বুদ্ধিত গোটেই চক্ৰ ঘূৰি থাকে। আমি 84 জন্ম লওঁ। গোটেই সৃষ্টি এনেকৈ চক্ৰত ঘূৰি থাকে। এয়া অনাদি অবিনাশী পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। ইয়াত নতুন সংযোজন হব নোৱাৰে। গায়নো কৰা হয় যে চিন্তা কিহৰ যে হবনলগীয়া কিবা হব। যি ঘটি আছে সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সাক্ষী হৈ প্ৰত্যক্ষ কৰিবলগীয়া হয়। সেই ড্ৰামাত এনেকুৱা কোনো দৃশ্য থাকিলে তেতিয়া যি ভয়াতুৰ তেওঁ দেখি কান্দিবলৈ ধৰে। নাটকেই নহয় জানো। এয়া সঁচা, ইয়াত প্ৰত্যেক আত্মাই নিজৰ ভূমিকা পালন কৰে। ড্ৰামা কেতিয়াও বন্ধ নহয়। ইয়াত কন্দা-কটা কৰা বা বিতুষ্ট হোৱাৰ কোনো কথা নাই। এয়াতো কোনো নতুন কথা নহয়। আক্ষেপ তেওঁলোকে কৰে যিয়ে ড্ৰামাৰ আদি, মধ্য, অন্তক উপলব্ধি নকৰে। এয়াও তোমালোকে জানা। এই সময়ত আমি এই জ্ঞানৰ দ্বাৰা যি পদ পাওঁ, চক্ৰ লগাই আকৌ সেয়াই হমগৈ। এয়া বিচাৰ সাগৰ মন্থন কৰিবলগীয়া অতি আশ্চৰ্যজনক কথা। কোনো মনুষ্যই এই কথাবোৰ নাজানে। ঋষি মুনিয়েও কৈছিল- আমি ৰচয়িতা আৰু ৰচনাক নাজানো। তেওঁলোকে কি জানে যে ৰচয়িতা ইমান সূক্ষ্ম বিন্দু হয়। তেৱেঁই নতুন সৃষ্টিৰ ৰচয়িতা। তোমালোক সন্তানসকলক পঢ়ায়, জ্ঞানৰ সাগৰ হয়। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজোৱা। তোমালোকে জানো এনেকৈ কবা যে মই নাজানো। তোমালোকক পিতাই এই সময়ত সকলো বুজায়। তোমালোকে কোনো কথাতে আক্ষেপ কৰিবলগীয়া নাই। সদায় হৰ্ষিত হৈ থাকিব লাগে। সেই ড্ৰামাৰ ফ্লিম চলি চলি ক্ষয় হৈ যায়, পুৰণা হৈ গলে আকৌ সলনি কৰিব। পুৰণাখিনি নষ্ট কৰি দিয়ে। এয়াতো বেহদৰ অবিনাশী ড্ৰামা। এনেকুৱা কথাবোৰৰ ওপৰত বিচাৰ কৰি দৃঢ় কৰি লব লাগে। এয়া হৈছে ড্ৰামা। আমি পিতাৰ শ্ৰীমতত চলি পতিতৰ পৰা পাৱন হৈ আছোঁ আৰু কোনো কথা থাকিব নোৱাৰে, যাৰ দ্বাৰা আমি পতিতৰ পৰা পাৱন হৈ যাম অথবা তমোপ্ৰধানৰ পৰা সতোপ্ৰধানৰ হৈ যাম। ভূমিকা পালন কৰি কৰি আমি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হলোঁ আকৌ সতোপ্ৰধান হব লাগে। আত্মাৰো বিনাশ নহয় আৰু ভূমিকাও বিনাশ হৈ নাযায়। এনেকুৱা কথাবোৰৰ ওপৰত কাৰো বিচাৰ নচলে। মনুষ্যইতো শুনি আচম্বিত হব। তেওঁলোকেতো কেৱল ভক্তিমাৰ্গৰ শাস্ত্ৰহে পঢ়ে। ৰামায়ণ, ভাগৱত, গীতা আদি সেইবোৰেই। ইয়াততো বিচাৰ সাগৰ মন্থন কৰিবলগীয়া হয়। বেহদৰ পিতাই যি বুজায় সেয়া যদি আমি হুবহু ধাৰণ কৰি লওঁ তেন্তে ভাল পদেই প্ৰাপ্ত কৰিম। সকলোৱে একেদৰে ধাৰণা কৰিব নোৱাৰে। কোনোৱেতো বহুত সূক্ষ্ম ৰীতিৰে বুজায়। আজিকালি কাৰাগাৰতো ভাষণ দিবলৈ যায়। বেশ্যাসকলৰ ওচৰতো যায়, বোবা কলাসকলৰ ওচৰলৈও সন্তানসকল যায় কিয়নো তেওঁলোকৰো অধিকাৰ আছে। ইংগিতেৰে বুজিব পাৰে। বুজোঁতা আত্মাতো ভিতৰত আছে নহয়। চিত্র সন্মুখত ৰাখি দিয়া, পঢ়িবতো পাৰিব। বুদ্ধিতো আত্মাত আছে নহয় জানো। অন্ধ, পংগু, লেঙেৰা হলেও কিবা নহয় কিবা প্ৰকাৰে বুজিব পাৰে। অন্ধৰ কাণতো আছে। তোমালোকৰ ছিৰিৰ চিত্ৰখন বহুত উপযোগী। এই জ্ঞান যিকোনো লোককে বুজাই স্বৰ্গলৈ যোৱাৰ লায়ক কৰি তুলিব পাৰা। আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ লব পাৰে। ইন্দ্ৰিয়ৰ ত্ৰুটি থাকিলেও স্বৰ্গত যাব পাৰে। তাততো পংগু লেঙেৰা নাথাকে। তাত আত্মা আৰু শৰীৰ দুয়োটাই কাঞ্চন (পৱিত্ৰ) হৈ যায়। প্ৰকৃতিও কাঞ্চন হব, নতুন বস্তু নিশ্চয় সতোপ্ৰধান হয়। এই ড্ৰামাও নিৰ্ধাৰিত কৰি থোৱা আছে। এটা চেকেণ্ডো আনটোৰ লগত নিমিলে। কিবা নহয় কিবা পাৰ্থক্য থাকে। এনেকুৱা ড্ৰামাক হুবহু সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। এই জ্ঞান তোমালোকে এতিয়া পোৱা পাছত আৰু কেতিয়াও নোপোৱা। আগতে জানো এই জ্ঞান আছিল, এয়া অনাদি অবিনাশী পূৰ্ব নিৰ্ধাৰিত ড্ৰামা বুলি কোৱা হয়। ইয়াক ভালকৈ বুজি আৰু ধাৰণা কৰি সকলোকে বুজাব লাগে।

তোমালোক ব্ৰাহ্মণসকলেহে এই জ্ঞানৰ বিষয়ে জানা। এয়া তোমালোকে শক্তিবৰ্ধক দৰব পোৱা। ভালৰো ভাল বস্তুৰ মহিমা কৰা হয়। নতুন সৃষ্টি কেনেকৈ স্থাপনা হয় আকৌ এই ৰাজ্য কেনেকৈ হব তোমালোকৰ মাজতো ক্ৰমানুসৰি জানা। যিয়ে জানে তেওঁ আনক বুজাবও পাৰে। বহুত আনন্দিত হৈ থাকে। কিছুমানৰ কিঞ্চিৎমাত্ৰও আনন্দ নাই। সকলোৰে নিজৰ নিজৰ ভূমিকা আছে। যাৰ বুদ্ধিত ধাৰণ হব, বিচাৰ সাগৰ মন্থন কৰিব তেন্তে তেওঁ নিশ্চয় আনকো বুজাব। তোমালোকৰ এয়া হৈছে পঢ়া যাৰ দ্বাৰা তোমালোক এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হোৱাগৈ। তোমালোকে সকলোকে বুজোৱা যে আপুনি হৈছে আত্মা। আত্মাইহে পৰমাত্মাক স্মৰণ কৰে। আত্মা সকলো ভাই ভাই। কথিত আছে ভগৱান এজন। বাকী সকলো মনুষ্যতে আত্মা আছে। সকলো আত্মাৰ পাৰলৌকিক পিতা এজনেই। যিসকল দৃঢ় নিশ্চয় বুদ্ধিৰ হব তেওঁলোকৰ মন কোনেও সলনি কৰিব নোৱাৰিব। অপৈণতসকলৰ মন সোনকালে সলনি কৰি দিব। সৰ্বব্যাপিৰ জ্ঞানৰ ওপৰত কিমান তৰ্ক কৰে। তেওঁলোকো নিজৰ জ্ঞানত দৃঢ়, হয়তো আমাৰ এই জ্ঞানৰ নহয়। তেওঁলোকক দেৱতা ধর্মৰ বুলি কেনেকৈ কোৱা হব। আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ গ'ল। তোমালোক সন্তানসকলে জানা, আমাৰ আদি সনাতন ধৰ্ম পৱিত্ৰ প্ৰবৃত্তিৰ আছিল। এতিয়াতো অপৱিত্ৰ হৈ গ'ল। যি প্ৰথমে পূজ্য আছিল তেঁৱে পূজাৰী হৈ গ'ল। বহুত সাৰ কথা মুখস্থ হৈ গলে বুজাই থাকিব। পিতাই তোমালোকক বুজায়, তোমালোকে আকৌ আনকো বুজোৱা যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। তোমালোকৰ বাহিৰে আৰু অন্য কোনেও নাজানে। তোমালোকৰ ভিতৰতো ক্ৰম অনুসৰি আছে।

পিতায়ো বাৰে বাৰে মুখ্য কথাবোৰ পুনৰাবৃত্তি কৰি থাকিব লাগে, কাৰণ নতুন নতুন আহি থাকে। আৰম্ভণিত কেনেকৈ স্থাপনা হল, তোমালোকক সুধিব তেতিয়া তোমালোকেও পুনৰাবৃত্তি কৰিব লাগিব। তোমালোক বহুত ব্যস্ত হৈ থাকিবা। চিত্ৰবোৰৰ ওপৰতো তোমালোকে বুজাব পাৰা। কিন্তু জ্ঞানৰ ধাৰণাতো সকলোৰে একে সমানে হব নোৱাৰে। ইয়াত জ্ঞান লাগে, স্মৃতিত থাকিব লাগে, ধাৰণা বহুত ভাল লাগে। সতোপ্ৰধান হবলৈ পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। বহুত সন্তানেতো নিজৰ পেছাগত কাম-কাজতে আৱদ্ধ হৈ থাকে। একো পুৰুষাৰ্থ নকৰে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। কল্প পূৰ্বে যিয়ে যিমান পুৰুষাৰ্থ কৰিছিল সিমানেই কৰিব। অন্তিম সময়ত তোমালোক ভাই ভাই হৈ থাকিব লাগিব। নাঙঠ হৈ আহিছিলা নাঙঠ হৈ যাব লাগিব। এনেকুৱা যাতে নহয় যে অন্তিম সময়ত কোনোবা স্মৃতিলৈ আহি যাব। এতিয়াতো কোনো উভতি যাব নোৱাৰে। যেতিয়ালৈ বিনাশ নহয়, স্বৰ্গলৈ কেনেকৈ যাব পাৰিব। নিশ্চয় সূক্ষ্মবতনলৈ যাব অথবা ইয়াতেই জন্ম লব। বাকী যি দুৰ্বলতা থাকি যাব তাৰবাবে পুৰুষাৰ্থ কৰিব। সেয়াও যেতিয়া ডাঙৰ হব তেতিয়াহে বুজিব পাৰিব। এয়াও ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। তোমালোকৰ একৰস অৱস্থাতো অন্তিম সময়তহে হব। এনেকুৱা নহয় যে লিখিলেই সকলো স্মৃতিত থাকি যাব। তেন্তে পুথিভঁৰাল আদিত ইমান কিতাপ কিয় থাকে। ডাক্তৰ, উকিল আদি লোকসকলে বহুত কিতাপ ৰাখে। অধ্যয়ন কৰি থাকে, সেয়া মনুষ্য, মনুষ্যৰ উকিল। তোমালোক আত্মাসকল, আত্মাৰ উকিল। আত্মাই আত্মাক পঢ়ায়। সেয়া হৈছে পাৰ্থিৱ শিক্ষা। এয়া হৈছে আত্মিক শিক্ষা। এই আত্মিক শিক্ষাৰ দ্বাৰা 21 জন্মলৈকে কোনো ভুল নহব। মায়াৰ ৰাজ্যত বহুত ভুল-ক্ৰুটি হৈ থাকে, যাৰ বাবে বহুত সহন কৰিবলগীয়া হয়। যিয়ে সম্পূৰ্ণকৈ নপঢ়িব, কৰ্মাতীত অৱস্থা প্ৰাপ্ত নকৰিব তেওঁলোকে বহুত সহ্য কৰিবলগীয়া হব। তেতিয়া পদো কম হৈ যাব। বিচাৰ সাগৰ মন্থন কৰি আনকো শুনাই থাকিলে তেতিয়া চিন্তন চলিব। সন্তানসকলে জানে যে কল্প পূৰ্বেও এনেকৈ পিতা আহিছিল, যাৰ শিৱজয়ন্তী পালন কৰা হয়। যুদ্ধ আদিৰতো কোনো কথা নাই। সেইবোৰ হৈছে শাস্ত্ৰৰ কথা। এয়া হৈছে পঢ়া। আমদানি হলে আনন্দিত হয়। যাৰ লাখৰ হিচাপত থাকে, তেওঁ বেছি আনন্দিত হয়। কোনোবা লাখপতিও হয়, কাৰোবৰ একোৱে নাথাকে। গতিকে যাৰ যিমান জ্ঞান ৰত্ন থাকিব সিমানে অধিক আনন্দিতও হব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বিচাৰ সাগৰ মন্থন কৰি নিজক জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। ড্ৰামাৰ ৰহস্যক ভালদৰে বুজি আনকো বুজাব লাগে। কোনো কথাত আক্ষেপ নকৰি সদায় হৰ্ষিত হৈ থাকিব লাগে।

(2) নিজৰ অৱস্থা বহুকালৰ পৰা একৰস কৰি তুলিব লাগে যাতে অন্তিম সময়ত একমাত্ৰ পিতাৰ বাহিৰে আন কোনো স্মৃতিলৈ নাহে। অভ্যাস কৰিব লাগে যে আমি ভাই ভাই, এতিয়া উভতি যাওঁ।

বৰদান:
অমনোযোগীতাৰ ঢৌক বিদায় দি সদায় উৎসাহ-উদ্দীপনাত থাকোঁতা বিচাৰ বুদ্ধি সম্পন্ন আত্মা হোৱা

বহুত সন্তানে আনক দেখি নিজে অমনোযোগী হৈ যায়। এনেকৈ ভাবে যে এয়াতো হয়েই... চলেই... এজনে উজুটি খালে তেওঁক দেখি অমনোযোগী হৈ নিজেও উজুটি খোৱা - এয়া জানো বুদ্ধিমত্তা? বাপদাদাৰ দয়া ওপজে যে এনেকুৱা অমনোযোগী হৈ থাকোঁতাসকলৰ বাবে পশ্চাতাপৰ সময় কিমান কঠিন হব, সেইবাবে বিচাৰ বুদ্ধি সম্পন্ন হৈ অমনোযোগীতাৰ ঢৌক, আনক চোৱাৰ ঢৌক মনৰ পৰা বিদায় দিয়া। আনক নাচাবা, পিতাক চোৱা।

স্লোগান:
উত্তৰাধিকাৰী গুণসম্পন্ন সন্তান তৈয়াৰ কৰা তেতিয়া প্ৰত্যক্ষতাৰ নগাৰা বাজিব।