02.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অন্যৰ সংগ এৰি এজনৰ সংগ লোৱা, ভাই ভাইৰ দৃষ্টিৰে চোৱা তেতিয়া দেহ দৃষ্টিগোচৰ নহ’ব, দৃষ্টি দূষিত নহ’ব, বাণীত শক্তি থাকিব”

প্ৰশ্ন:
পিতা সন্তানসকলৰ ওচৰত ধৰুৱা নে সন্তানসকল পিতাৰ ওচৰত ধৰুৱা?

উত্তৰ:
তোমালোক সন্তানসকলতো অধিকাৰী হোৱা, পিতা তোমালোকৰ ওচৰত ধৰুৱা। তোমালোক সন্তানসকলে দান কৰিলে তোমালোকক পিতাই একৰ বিপৰীতে এশ গুণ দিবলগীয়া হয়। ঈশ্বৰৰ অৰ্থে তোমালোকে যি দিয়া পৰৱৰ্তী জন্মত তাৰ প্ৰতিদান পোৱা যায়। তোমালোকে এমুঠি চাউল দি বিশ্বৰ মালিক হোৱা, তেন্তে তোমালোক কিমান বিশাল অন্তৰৰ হ’ব লাগে। মই বাবাক দিলোঁ, এইটো খেয়ালো কেতিয়াও আহিব নালাগে।

ওঁম্শান্তি।
সংগ্ৰহালয়, প্ৰদৰ্শনীত বুজাব লাগে যে এয়া হৈছে পুৰুষোত্তম সংগমযুগ। বুদ্ধিমান কেৱল তোমালোকেই হোৱা, সেয়েহে সকলোকে কিমান বুজাব লাগে যে এয়া হৈছে পুৰুষোত্তম সংগমযুগ। সকলোতকৈ অধিক সেৱাৰ স্থান হৈছে মিউজিয়াম। তালৈ বহুত আহে, ভাল সেৱাৰ উপযুক্ত সন্তানৰ সংখ্যা কম। সকলো সেৱাকেন্দ্ৰই সেৱাৰ স্থান। দিল্লীত লিখা আছে “আধ্যাত্মিক সংগ্ৰহালয়”। ইয়াৰো প্ৰকৃত অৰ্থ নোলায়। বহুতেই প্ৰশ্ন কৰে আপোনালোকে ভাৰতৰ কি সেৱা কৰি আছে? ভগৱানে কৈছে নহয় - এয়া হৈছে জংঘল। তোমালোক এই সংগমত আছা। জংঘলৰো নোহোৱা, বাগিচাৰো নোহোৱা। এতিয়া বাগিচালৈ যাবলৈৰ পুৰুষাৰ্থ কৰি আছা। তোমালোকে এই ৰাৱণৰাজ্যক ৰামৰাজ্যলৈ পৰিৱৰ্তন কৰি আছা। তোমালোকক সোধে - ইমান টকা-পইচা ক’ৰ পৰা আহে? কোৱা, আমি বি.কে.সকলেই কৰোঁ। ৰামৰাজ্যৰ স্থাপনা হৈ আছে। আপোনালোক কেইদিনমান আহি বুজক যে আমি কি কৰি আছোঁ, আমাৰ লক্ষ্য-উদ্দেশ্য কি? তেওঁলোকে সাৰ্বভৌমত্বক নামানে, সেয়েহে ৰজাসকলৰ বাদশ্বাহী শেষ কৰি দিছে। এই সময়ত তেওঁলোকো তমোপ্ৰধান হৈ গৈছে, সেইবাবে ভাল নালাগে। ড্ৰামা অনুসৰি তেওঁলোকৰো কোনো দোষ নাই। যি কিছু ড্ৰামাত আছে, সেই ভূমিকাই আমি পালন কৰে। কল্পই কল্পই পিতাৰ দ্বাৰা স্থাপনাৰ এই ভূমিকা চলে। খৰচো তোমালোক সন্তানসকলেই নিজৰ বাবে কৰা। শ্ৰীমতত নিজৰ খৰচ কৰি নিজৰ বাবেই সত্যযুগী ৰাজধানী স্থাপনা কৰি আছা, আন কোনেও গমেই নাপায়। “অজান যোদ্ধা” হিচাপে তোমালোকৰ নাম প্ৰসিদ্ধ। বাস্তৱত সেই সেনাত কোনো অজান যোদ্ধা নাথাকে। চিপাহীসকলৰ পঞ্জীয়ন বহী থাকে। এনেকুৱা হ’ব নোৱাৰে যাৰ নাম আৰু নম্বৰ পঞ্জীয়ন বহীত নাথাকিব। বাস্তৱত অজান যোদ্ধা তোমালোকেই হোৱা। কোনো পঞ্জীয়ন বহীত তোমালোকৰ নাম নাই। তোমালোকৰ কোনো অস্ত্ৰ শক্তি নাই। ইয়াত পাৰ্থিৱ হিংসাতো নাই। যোগবলেৰে তোমালোক বিশ্বত বিজয়ী হোৱা। ঈশ্বৰ সৰ্বশক্তিমান। স্মৃতিৰে তোমালোকে শক্তি আহৰণ কৰি আছা। সতোপ্ৰধান হ’বৰ বাবে পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি আছা। তোমালোক সতোপ্ৰধান হ’লে ৰাজ্যও সতোপ্ৰধান লাগিব। সেয়া তোমালোকে শ্ৰীমতত স্থাপনা কৰা। গুপ্ত তেওঁকেই কোৱা হয়, যি আছে কিন্তু দেখা পোৱা নাযায়। তোমালোকে শিৱবাবাকো এই দুচকুৰে নেদেখা। তোমালোকো গুপ্ত, সেয়েহে শক্তিও তোমালোকে গুপ্তভাৱেই লৈ আছা। তোমালোকে বুজি পোৱা যে আমি পতিতৰ পৰা পাৱন হৈ আছোঁ, আৰু পৱিত্ৰতাতেই শক্তি থাকে। তোমালোক সকলো সত্যযুগত পাৱন হ’বা। তাৰেই 84 জন্মৰ কাহিনী পিতাই শুনায়। তোমালোকে পিতাৰ পৰা শক্তি লৈ, পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিত ৰাজত্ব কৰিবা। বাহুবলেৰে কেতিয়াও কোনেও বিশ্বত জয় লাভ কৰিব নোৱাৰে। এয়া হৈছে যোগবলৰ কথা। তেওঁলোকে যুদ্ধ কৰে, কিন্তু বাদশ্বাহী তোমালোকৰ হাতলৈ আহিব। পিতা সৰ্বশক্তিমান গতিকে তেওঁৰ পৰা শক্তি পাব লাগে। তোমালোকে পিতাক আৰু ৰচনাৰ আদি-মধ্য-অন্তকো জানা।

তোমালোকে জানা যে আমিয়েই স্বদৰ্শন চক্ৰধাৰী হওঁ। এইটো স্মৃতি সকলোৰে নাথাকে। তোমালোক সন্তানসকলৰ স্মৃতি থাকিব লাগে কাৰণ তোমালোক সন্তানসকলেহে এই জ্ঞান লাভ কৰা। বাহিৰৰ কোনেও বুজিব নোৱাৰে সেইবাবে সভাত বহুওৱা নহয়। পতিত-পাৱন পিতাক সকলোৱে আহ্বান কৰে, কিন্তু কোনেও নিজক পতিত বুলি নাভাবে, “পতিত পাৱন সীতাৰাম” বুলি এনেয়ে গায়ন কৰি থাকে। তোমালোক সকলো হৈছা কইনা, পিতা হৈছে দৰা। তেওঁ আহেই সকলোৰে সত্গতি কৰিবলৈ। তোমালোক সন্তানসকলক অলংকৃত কৰে। তোমালোকে দ্বৈত ইঞ্জিন পাইছা। “ৰোলচ্ ৰয়েলচ”ৰ (এক প্ৰকাৰৰ মটৰ গাড়ী) ইঞ্জিন বৰ ভাল। পিতাও এনেকুৱা। এনেকৈ কয়, পতিত-পাৱন আহক, আমাক পাৱন কৰি লগত লৈ যাওঁক। তোমালোক সকলো শান্ত হৈ বহি আছা। কোনো বাদ্য আদি নবজোৱা। কষ্টৰ কথা নাই। চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰি থাকা, যাকেই পোৱা ৰাস্তা দেখুৱাই থাকা। পিতাই কয় - মোৰ বা লক্ষ্মী-নাৰায়ণ, ৰাধা-কৃষ্ণ আদিৰ যিসকল ভক্ত আছে, তেওঁলোকক এই দান দিব লাগে, ব্যৰ্থত যাব দিব নালাগে। পাত্ৰকহে দান দিয়া হয়। পতিত মনুষ্যই পতিতকেই দান কৰি থাকে। পিতা হৈছে সৰ্বশক্তিমান, তেওঁৰ পৰা শক্তি লৈ তোমালোক উত্তম হোৱা। ৰাৱণ যেতিয়া আহে সেই সময়তো ত্ৰেতা আৰু দ্বাপৰৰ সংগম হয়। এয়া হৈছে কলিযুগ আৰু সত্যযুগৰ সংগম। জ্ঞান কিমান সময় আৰু ভক্তি কিমান সময় চলে - এই সকলো কথা তোমালোকে বুজি আকৌ বুজাব লাগে। মূল কথা হৈছে বেহদৰ (অসীমৰ) পিতাক স্মৰণ কৰা। যেতিয়া বেহদৰ পিতা আহে, তেতিয়া বিনাশো হয়। মহাভাৰতৰ যুদ্ধ কেতিয়া হ’ল? যেতিয়া ভগৱানে ৰাজযোগ শিকাইছিল। বুজিব পৰা যায় যে নতুন সৃষ্টিৰ আৰম্ভণি, পুৰণি সৃষ্টিৰ অন্ত অৰ্থাৎ বিনাশ হ’ব লাগে। সৃষ্টি ঘোৰ অন্ধকাৰত আছে, এতিয়া তেওঁলোকক জগাব লাগে। আধাকল্পৰ পৰা শুই আছে। পিতাই বুজায় - নিজক আত্মা বুলি বুজি ভাই ভাইৰ দৃষ্টিৰে চোৱা। যেতিয়া তোমালোকে কাৰোবাক জ্ঞান দিবা, তেতিয়া তোমালোকৰ বাণীত শক্তি আহিব। আত্মাহে পাৱন আৰু পতিত হয়। আত্মা পাৱন হ’লে তেতিয়া শৰীৰো পাৱন পাব। এতিয়াতো পাব নোৱাৰে। পাৱন সকলো হ’ব লাগে। কোনোবাই যোগবলেৰে, কোনোবাই শাস্তিৰ দ্বাৰা। স্মৃতিৰ যাত্ৰাত পৰিশ্ৰম হয়। বাবাই অভ্যাসো কৰাই থাকে। য'লৈকে যোৱা বাবাৰ স্মৃতিত যোৱা। যেনেকৈ খ্ৰীষ্টিয়ান যাজকসকল শান্তিৰে যীশুখ্ৰীষ্টৰ স্মৃতিত যায় আৰু যীশুখ্ৰীষ্ট স্মৰণ কৰে। ভাৰতবাসীয়েতো অনেকক স্মৰণ কৰে। পিতাই কয় - এজনৰ বাদে আন কাকোৱেই স্মৰণ নকৰিবা। বেহদৰ পিতাৰ দ্বাৰা আমি মুক্তি আৰু জীৱনমুক্তিৰ অধিকাৰী হওঁ। চেকেণ্ডত জীৱনমুক্তি পোৱা যায়। সত্যযুগত সকলো জীৱনমুক্তিত আছিল, কলিযুগত সকলো জীৱনবন্ধনত আছে। এয়া কোনেও গম নাপায়, এই সকলোবোৰ কথা পিতাই সন্তানসকলক বুজায়। সন্তানসকলে আকৌ পিতাক প্ৰত্যক্ষ কৰে। সকলোফালে পৰিক্ৰমা লগায়। তোমালোকৰ কৰ্তব্য হৈছে মনুষ্য মাত্ৰকে এইটো বাৰ্তা দিয়া যে এয়া পুৰুষোত্তম সংগমযুগ। বেহদৰ পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। পিতাই কয় – মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। পাপ মোচন হ’ব। এয়া হৈছে সঁচা গীতা, যি পিতাই শিকায়। মনুষ্য মতেৰে অৱনমিত হৈছা, ভগৱানৰ মতত তোমালোকে উত্তৰাধিকাৰ লৈ আছা। মূল কথা হৈছে - উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে বাবাক স্মৰণ কৰি থাকা আৰু পৰিচয় দি থাকা। বেজতো তোমালোকৰ ওচৰত আছে, বিনামূল্যে দিয়াত কোনো অসুবিধা নাই। কিন্তু পাত্ৰ চাইহে।

পিতাই সন্তানসকলক অভিযোগ দিয়ে যে তোমালোকে লৌকিক পিতাক স্মৰণ কৰা আৰু মোক পাৰলৌকিক পিতাক পাহৰি যোৱা। লাজ নালাগেনে। তোমালোকেই পৱিত্ৰ প্ৰবৃত্তি মাৰ্গৰ গৃহস্থ ব্যৱহাৰত আছিলা, আকৌ এতিয়া হ’ব লাগে। তোমালোক হৈছা ভগৱানৰ সৈতে চুক্তি কৰোঁতা। নিজৰ ভিতৰত চোৱা বুদ্ধি ক’ৰবাত দিগভ্ৰান্ততো হৈ নাথাকে? পিতাক কিমান সময় স্মৰণ কৰিলা? পিতাই কয় - অন্যৰ সংগ এৰি এজনৰ সংগ লোৱা। ভুল কৰিব নালাগে। এয়াও বুজাইছে যে ভাই ভাইৰ দৃষ্টিৰে চোৱা তেতিয়া দেহ দৃষ্টিগোচৰ নহ’ব। দৃষ্টি দূষিত নহ’ব। লক্ষ্যস্থল আছে নহয়। এই জ্ঞান এতিয়াহে তোমালোকে পোৱা। ভাই ভাই বুলিতো সকলোৱে কয়, মনুষ্যই কয় - ভাতৃত্ববোধ। এয়াতো ভাল কথা। পৰমপিতা পৰমাত্মাৰ আমি সন্তান। তেন্তে ইয়াত কিয় বহি আছা? পিতাই স্বৰ্গৰ স্থাপনা কৰে গতিকে এনেকৈ বুজাই উন্নতি প্ৰাপ্ত কৰি থাকা। পিতাক সেৱাধাৰী কন্যা বহুত লাগে। সেৱকেন্দ্ৰতো স্থাপনা হৈ গৈ থাকে। সন্তানসকলৰ চখ আছে, বুজি পায় বহুতৰে কল্যাণ হ’ব। কিন্তু তত্ত্বাৱধান লওঁতা শিক্ষকসকলো ভাল মহাৰথী হ’ব লাগে। শিক্ষকসকলো ক্ৰমানুসৰি হয়। বাবাই কয় - য'ত লক্ষ্মী-নাৰায়ণৰ মন্দিৰ আছে, শিৱৰ মন্দিৰ আছে, গঙ্গাৰ পাৰত, য'ত বহুত ভীৰ হয় তাত সেৱা কৰিব লাগে। বুজোৱা - ভগৱানে কয়, কাম মহাশত্ৰু। তোমালোকে শ্ৰীমত অনুসৰি সেৱা কৰি থাকা। এয়া তোমালোকৰ ঈশ্বৰীয় পৰিয়াল, ইয়াত 7 দিনৰ ভাতীত আহি পৰিয়ালৰ লগত থাকা। তোমালোক সন্তানসকল বহুত আনন্দিত হ’ব লাগে। বেহদৰ পিতা যাৰ দ্বাৰা তোমালোক পদমাপদম ভাগ্যশালী হোৱা। জগতে নাজানে যে ভগৱানেও পঢ়াব পাৰে। ইয়াত তোমালোকে পঢ়া গতিকে তোমালোক কিমান আনন্দিত হ’ব লাগে। আমি উচ্চতকৈও উচ্চত যাবলৈ পঢ়ি আছোঁ। কিমান বিশাল অন্তৰৰ হ’ব লাগে। তোমালোকে পিতাৰ ধাৰ বঢ়োৱা। ঈশ্বৰৰ অৰ্থে যি দিয়া, পৰৱৰ্তী জন্মত তাৰ প্ৰতিদান লোৱা নহয়। বাবাক তোমালোকে সকলো দিলা যেতিয়া বাবায়ো তোমালোকক সকলো দিব লাগিব। মই বাবাক দিলোঁ, এইটো খেয়াল কেতিয়াও আহিব নালাগে। বহুতৰ ভিতৰত চলে - মই ইমান দিলোঁ, মোৰ প্ৰতি কিয় বিশেষ আতিথ্য নেদেখুৱালে? তোমালোকে এমুঠি চাউল দি বিশ্বৰ বাদশ্বাহী লোৱা। বাবাতো হৈছে দাতা। ৰজাসকল অভিজাত হয়, প্ৰথম সাক্ষাৎ হ’লে তেতিয়া আমি উপহাৰ দিওঁ, তেওঁলোকে কেতিয়াও হাতেৰে নলয়। চেক্ৰেটাৰীৰ ফালে ইংগিত দিব। গতিকে শিৱবাবা যিজন দাতা হয়, তেওঁ কেনেকৈ ল’ব। এওঁ বেহদৰ পিতা নহয় জানো। এওঁৰ সন্মুখত তোমালোকে উপহাৰ ৰাখা। কিন্তু বাবাইতো প্ৰতিদানত এশ গুণ দিব। গতিকে মই দিলোঁ - এইটো খেয়াল কেতিয়াও আহিব নালাগে। সদায় বুজিবা মইতো লওঁ। তাত তোমালোক পদমপতি হ’বাগৈ। তোমালোক বস্তৱত পদমাপদম ভাগ্যশালী হোৱা। বহুত বিশাল অন্তৰৰ সন্তানো আছে। কিছুমান কৃপণো আছে। বুজি নাপায় যে আমি পদমাপদম পতি হওঁ, আমি বহুত সুখী হওঁ। যেতিয়া পৰমাত্মা পিতা হাজিৰ নাথাকে তেতিয়া আওপকীয়াকৈ অল্পকালৰ বাবে ফল দিয়ে। যেতিয়া হাজিৰ থাকে তেতিয়া 21 জন্মৰ বাবে দিয়ে। এনেকৈ গায়ন কৰা হৈছে যে শিৱবাবাৰ ভঁৰাল ভৰপূৰ। চোৱা, বহুত সন্তান আছে, কোনেও এইটো গম নাপায় যে কোনে কি দিয়ে? পিতাই জানে আৰু পিতাৰ পাত্ৰই (ব্ৰহ্মা) জানে, য'ত পিতা থাকে- একেবাৰে সাধাৰণ হৈ। সেইকাৰণে সন্তানসকল ইয়াৰ পৰা বাহিৰলৈ গ’লে সেই নিচা নোহোৱা হৈ যায়। জ্ঞান যোগ নাথাকিলে অৰিয়াঅৰি চলি থাকে। ভাল ভাল সন্তানসকলকো মায়াই হৰুৱাই দিয়ে। মায়াই বিমুখ কৰি দিয়ে। শিৱবাবা, যাৰ ওচৰলৈ তোমালোক আহা, তেওঁক তোমালোকে স্মৰণ কৰিব নোৱাৰা! ভিতৰি অপাৰ আনন্দিত হৈ থাকিব লাগে। সেই দিনটি আজি আহিল, যাৰ বাবে কৈছিলা আপুনি আহিলে আমি আপোনাৰ হৈ যাম। ভগৱান আহি তুলি লয় তেন্তে কিমান সৌভাগ্যশালী বুলি কোৱা হ’ব। কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু মায়াই আনন্দ নোহোৱা কৰি দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভগৱানে আমাক তুলি লৈছে, তেৱেঁই আমাক শিক্ষক হৈ পঢ়াই আছে, নিজৰ পদমাপদম ভাগ্যক সোঁৱৰি আনন্দত থাকিব লাগে।

(2) আমি আত্মা ভাই ভাই, এইটো দৃষ্টি দৃঢ় কৰিব লাগে। দেহক চাব নালাগে। ভগৱানৰ সৈতে চুক্তি কৰাৰ পাছত বুদ্ধি ইফালে সিফালে ভ্ৰমিত কৰিব নালাগে।

বৰদান:
এই অলৌকিক জীৱনত সম্বন্ধৰ শক্তিৰে অবিনাশী স্নেহ আৰু সহযোগ প্ৰাপ্ত কৰোঁতা শ্ৰেষ্ঠ আত্মা হোৱা

এই অলৌকিক জীৱনত সম্বন্ধৰ শক্তি তোমালোক সন্তানসকলৰ দ্বৈত ৰূপত প্ৰাপ্ত হৈছে। এক হৈছে পিতাৰ দ্বাৰা সৰ্ব সম্বন্ধ আনটো দৈৱী পৰিয়ালৰ দ্বাৰা সম্বন্ধ। এই সম্বন্ধৰ দ্বাৰা সদায় নিস্বাৰ্থ স্নেহ, অবিনাশী স্নেহ আৰু সহযোগ সদায় প্ৰাপ্ত হৈ থাকে। গতিকে তোমালোকৰ সম্বন্ধৰো শক্তি আছে। এনেকুৱা শ্ৰেষ্ঠ অলৌকিক জীৱনধাৰী শক্তি সম্পন্ন বৰদানী আত্মা হোৱা সেয়েহে অভিযোগ কৰোঁতা নহয়, সদায় ৰাজী হৈ থাকোঁতা হোৱা।

স্লোগান:
যিকোনো পৰিকল্পনা বিদেহী, সাক্ষী হৈ ভাবা আৰু চেকেণ্ডত স্থিতি সৰল কৰি তোলা।