02.05.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – জ্ঞানৰ বুলবুলি হৈ নিজৰ সমান কৰি তোলাৰ সেৱা কৰা, বিচাৰ কৰা যে কিমানক নিজৰ সমান কৰি তুলিলোঁ, স্মৃতিৰ খতিয়ান কেনেকুৱা?”

প্ৰশ্ন:
ভগৱানে নিজৰ সন্তানসকলক কোনটো প্ৰতিশ্ৰুতি দিয়ে যিটো মনুষ্যই দিব নোৱাৰে?

উত্তৰ:
ভগৱানে প্ৰতিশ্ৰুতি দিয়ে – সন্তানসকল, মই তোমালোকক নিজৰ ঘৰলৈ নিশ্চয় লৈ যাম। তোমালোক শ্ৰীমতত চলি পৱিত্ৰ হ’লে মুক্তি আৰু জীৱনমুক্তিত যাবা। মুক্তিততো প্ৰত্যেকে যাবই লাগে। কোনোবাই বিচৰিলেও বা নিবিচাৰিলেও, জোৰ-জবৰদস্তি কৰি হ’লেও হিচাপ-নিকাচ নিষ্পত্তি কৰাই লৈ যাম। বাবাই কয় – যেতিয়া মই আহোঁ তেতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা হয়, মই সকলোকে লৈ যাওঁ।

ওঁম্শান্তি।
সন্তানসকলে এতিয়া পঢ়াৰ প্ৰতি ধ্যান দিব লাগে। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ… বুলি যি গায়ন আছে –এই সকলো গুণ ধাৰণ কৰিব লাগে। পৰীক্ষা কৰি চাব লাগে, মোৰ এই গুণসমূহ আছেনে? কিয়নো যি হোৱা যায়, তাৰ প্ৰতিয়ে তোমালোক সন্তানসকলৰ ধ্যান যাব। এতিয়া এয়া নিৰ্ভৰ কৰে পঢ়া আৰু পঢ়োৱাৰ ওপৰত। নিজৰ অন্তৰক সুধিব লাগে যে মই কিমানক পঢ়াওঁ? সম্পূৰ্ণ দেৱতাতো কোনো হৈ উঠা নাই। চন্দ্ৰ যেতিয়া সম্পূৰ্ণ হৈ যায় তেতিয়া কিমান পোহৰ দিয়ে। ইয়াতো চোৱা হয় - পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়নে? এয়াতো সন্তানসকলেও বুজিব পাৰে। শিক্ষকসকলেও বুজি পায়। এটি এটি সন্তানৰ ফালে দৃষ্টি যায় যে কি কৰি আছে? মোৰ অৰ্থে কি সেৱা কৰি আছে? সকলো ফুলক চায়। ফুলতো সকলোৱে হয়। বাগিচা নহয় জানো। প্ৰত্যেকে নিজৰ অৱস্থাক জানে। নিজৰ আনন্দক জানে। প্ৰত্যেকৰে নিজৰ নিজৰ অতীন্দ্ৰিয় সুখময় জীৱনৰ অনুভৱ হয়। এটাতো পিতাক বহুত বহুত স্মৰণ কৰিব লাগে। স্মৰণ কৰিলেহে আকৌ বিনিময়ত পোৱা যায়। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’বলৈ তোমালোক সন্তানসকলক বহুত সহজ উপায় শুনাওঁ – স্মৃতিৰ যাত্ৰা। প্ৰত্যেকে নিজৰ অন্তৰক সোধা – মোৰ স্মৃতিৰ খতিয়ান ঠিকে আছেনে? অন্য কাৰোবাক নিজৰ সমান কৰি তোলোঁনে? কিয়নো জ্ঞানৰ বুলবুলি হোৱা নহয়। কোনোবা ভাটৌ, কোনোবা আন কিবা! তোমালোক পাৰ নহয়, ভাটৌ হ’ব লাগে। ভিতৰি নিজক সোধা বহুত সহজ। কিমানলৈকে বাবা মোৰ স্মৃতিত থাকে। কিমানলৈকে অতীন্দ্ৰিয় সুখত থাকোঁ? মনুষ্যৰ পৰা দেৱতা হ’ব লাগে নহয়। মনুষ্যতো মনুষ্যই হয়। পুৰুষ অথবা মহিলা দুয়োৱে দেখাততো মনুষ্যই হয়। আকৌ তোমালোক দৈৱীগুণ ধাৰণ কৰি দেৱতা হোৱা। তোমালোকৰ বাহিৰে আন কোনো দেৱতা হ’বলগীয়াই নহয়। ইয়ালৈ আহাই দৈৱী কুলৰ অংশীদাৰ হ’বলৈ। তাতো তোমালোক দৈৱী কুলৰ অংশীদাৰ হোৱা। তাত তোমালোকৰ কোনো ৰাগ-দ্বেষৰ শব্দও নাথাকিব। এনেকুৱা দৈৱী পৰিয়ালৰ হ’বলৈ খুব পুৰুষাৰ্থ কৰিব লাগে। পঢ়িবও নিয়ম অনুসৰি লাগে, কেতিয়াও খতি কৰিব নালাগে। বেমাৰ হ’লেও বুদ্ধিত যাতে শিৱবাবাৰ স্মৃতি থাকে। ইয়াতেতো মুখ চলোৱাৰ কথা নাই। আত্মাই জানে, আমি শিৱবাবাৰ সন্তান। বাবা আমাক লৈ যাবলৈ আহিছে। এইটো অভ্যাস বহুত ভাল হ’ব লাগে। য’তেই নাথাকা পিতাৰ স্মৃতিত থাকা। পিতা আহিছেই শান্তিধাম-সুখধামলৈ লৈ যাবলৈ। কিমান সহজ। বহুত আছে যিসকলে বেছি ধাৰণা কৰিব নোৱাৰে। বাৰু, স্মৰণ কৰা। ইয়াত সকলো সন্তান বহি আছা, ইয়াৰ ভিতৰতো ক্ৰমানুসৰি আছে। হ’বতো নিশ্চয় লাগে। শিৱবাবাক স্মৰণ নিশ্চয় কৰে। অন্যৰ সংগ এৰি এজনৰ সংগ লওঁতাতো সকলো হ’ব। আন কাৰো স্মৃতি নাথাকিব। কিন্তু ইয়াৰ বাবে অন্তিমলৈ পুৰুষাৰ্থ কৰিবলগীয়া হয়। পৰিশ্ৰম কৰিব লাগে। ভিতৰত যাতে সদায় একমাত্ৰ শিৱবাবাৰে স্মৃতি থাকে। ক’ৰবালৈ ঘূৰিব-ফুৰিব গ’লে তেতিয়াও যাতে ভিতৰি পিতাৰে স্মৃতি থাকে। মুখেৰে কোৱাৰ দৰকাৰ নাই। এয়া সহজ পাঠ। তোমালোকক পঢ়াই নিজৰ সমান কৰি তোলে। এনেকুৱা অৱস্থাতে তোমালোক সন্তানসকল উপনীত হ’ব লাগে। যেনেকৈ সতোপ্ৰধান অৱস্থাৰ পৰা আহিছা, সেইটো অৱস্থাত পুনৰ উপনীত হ’ব লাগে। এয়া বুজাবলৈ কিমান সহজ। ঘৰৰ কাম-কাজ কৰি, চলোঁতে-ফুৰোঁতে নিজক ফুল কৰি তুলিব লাগে। বিচাৰ কৰি চাব লাগে মোৰ কোনো খেলিমেলিতো নাই? নিজক পৰীক্ষা কৰিবলৈ হীৰাৰ দৃষ্টান্তও বহুত ভাল। তোমালোক স্বয়ং আতচী কাচ। সেয়েহে নিজক পৰীক্ষা কৰিব লাগে যে মোৰ তিলমাত্ৰও দেহ-অভিমানতো নাই? যদিও এই সময়ত সকলো পুৰুষাৰ্থী, কিন্তু লক্ষ্য-উদ্দেশ্য সন্মুখত আছে নহয়। তোমালোকে সকলোকে বাৰ্তা দিব লাগে। বাবাই কৈছিল – খৰচ হ’লেও বাতৰিকাকতত প্ৰকাশ কৰা যাতে এই বাৰ্তা সকলোৱে পাই যায়। তেওঁলোকক কোৱা – এজন পিতাক স্মৰণ কৰক তেতিয়া বিকৰ্ম বিনাশ হৈ যাব আৰু পৱিত্ৰ হৈ যাব। এতিয়া কোনো পৱিত্ৰ নাই। বাবাই বুজাইছে – পৱিত্ৰ আত্মা থাকে নতুন সৃষ্টিত। এইখন পুৰণি সৃষ্টি অপৱিত্ৰ। এজনো পৱিত্ৰ থাকিব নোৱাৰে। আত্মা যেতিয়া পৱিত্ৰ হৈ যায় তেতিয়া পুৰণি শৰীৰ এৰি দিয়ে। এৰিবই লাগে। স্মৰণ কৰোঁতে কৰোঁতে তোমালোক আত্মা একদম পৱিত্ৰ হৈ যাবা। শান্তিধামৰ পৰা আমি সম্পূৰ্ণ পৱিত্ৰ আত্মা আহি আকৌ গৰ্ভ মহলত প্ৰৱেশ কৰিলোঁ। আকৌ ইমান ভূমিকা পালন কৰোঁ। এতিয়া চক্ৰ পূৰা কৰিলা পুনৰ তোমালোক আত্মাসকল নিজৰ ঘৰলৈ যাবা। তাৰপৰা পুনৰ সুখধামত আহিবা। তাত গৰ্ভ মহল থাকে। তথাপিও উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে, এয়া হ’ল পঢ়া। এতিয়া নৰক বেশ্যালয়ৰ বিনাশ হৈ শিৱালয় স্থাপনা হৈ আছে। এতিয়াতো সকলো উভতি যাব লাগে।

তোমালোকেও বুজি পোৱা যে আমি এই শৰীৰ এৰি নতুন সৃষ্টিত ৰাজকুমাৰ-ৰাজকুমাৰী হ’মগৈ। কোনোবাই ভাবিব মই প্ৰজাত গুচি যাম, এই ক্ষেত্ৰত বুদ্ধিৰ যোগসূত্ৰ একেবাৰে স্বচ্ছ হ’ব লাগে। একমাত্ৰ পিতাৰহে যাতে স্মৃতি থাকে, আন একোৱে যাতে স্মৃতিলৈ নাহে। ইয়াক কোৱা হয় ‘পৱিত্ৰ ভিকহু’। শৰীৰো স্মৃতিলৈ আহিব নালাগে। এয়াতো পুৰণি ছিঃ ছিঃ শৰীৰ নহয় জানো। ইয়াত জীৱন্তে মৰিব লাগে, এইটো বুদ্ধিত থাকিব লাগে। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। নিজৰ ঘৰক পাহৰি গৈছিলা। এতিয়া পুনৰ পিতাই স্মৃতি সোঁৱৰাই দিছে। এতিয়া এই নাটক পূৰা হয়। পিতাই বুজায় – তোমালোক সকলো বানপ্ৰস্থী। গোটেই বিশ্বত যিয়েই মনুষ্য মাত্ৰ আছে, সকলোৰে এই সময়ত বানপ্ৰস্থ অৱস্থা। মই আহিছোঁ, সকলো আত্মাক বাণীৰ সিপাৰে লৈ যাওঁ। পিতাই কয় – এতিয়া তোমালোক সৰু-ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। বানপ্ৰস্থ কাক কোৱা হয়, এয়াও তোমালোকে নাজানিছিলা। এনেয়ে গৈ গুৰুৰ শৰণ লৈছিলা। তোমালোকে লৌকিক গুৰুসকলৰ দ্বাৰা আধাকল্প পুৰুষাৰ্থ কৰি আহিছা, কিন্তু জ্ঞান একোৱেই নাই। এতিয়া পিতাই নিজে কয় – তোমালোক সৰু-ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। মুক্তিতো সকলোৱে পাব। সৰু-ডাঙৰ সকলো শেষ হৈ যাব। পিতা সকলোকে ঘৰলৈ লৈ যাবলৈ আহিছে। এই ক্ষেত্ৰততো সন্তানসকল বহুত আনন্দিত হোৱা উচিত। ইয়াত দুখৰ অনুভৱ হয়, সেইবাবে নিজৰ মৰমৰ ঘৰক স্মৰণ কৰে। ঘৰলৈ যাব বিচাৰে কিন্তু জ্ঞানতো নাই। এনেকৈ কয় – আমাক; আত্মাসকলক এতিয়া শান্তি লাগে। পিতাই কয় – কিমান সময়ৰ বাবে লাগে? ইয়াততো প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগে। ইয়াত জানো কোনোবা শান্ত হৈ থাকিব পাৰে। আধাকল্প এই গুৰু আদিয়ে তোমালোকৰ দ্বাৰা বহুত পৰিশ্ৰম কৰালে, পৰিশ্ৰম কৰি, হাবাথুৰি খাই খাই আৰু অশান্ত হৈ গৈছা। এতিয়া যিজন শান্তিধামৰ মালিক, তেওঁ আহি সকলোকে উভতাই লৈ যায়। পঢ়ায়ো থাকে। ভক্তি কৰেই নিৰ্বাণধামলৈ যাবৰ বাবে, মুক্তিৰ বাবে। এইটো কেতিয়াও কাৰো অন্তৰত উদয় নহ’ব যে আমি সুখধামলৈ যাওঁ। সকলোৱে বানপ্ৰস্থ অৱস্থাত যোৱাৰ বাবে পুৰুষাৰ্থ কৰে। তোমালোকেতো সুখধামলৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰা। জানা যে প্ৰথমে বাণীৰ পৰা উপৰাম অৱস্থা নিশ্চয় হ’ব লাগে। ভগৱানেও সন্তানসকলৰ আগত প্ৰতিজ্ঞা কৰে – মই তোমালোক সন্তানসকলক নিজৰ ঘৰলৈ নিশ্চয় লৈ যাম, যাৰ বাবে তোমালোকে আধাকল্প ভক্তি কৰিছা। এতিয়া যদি শ্ৰীমতত চলা তেন্তে মুক্তি-জীৱনমুক্তিত যাবা। নহ’লে শান্তিধামলৈতো সকলো যাবই লাগে। কোনোবাই যাবলৈ বিচাৰক বা নিবিচাৰক, ড্ৰামা অনুসৰি সকলোৱে নিশ্চয় যাবই লাগে। পচন্দ কৰা বা নকৰা, মই সকলোকে ওভতাই লৈ যাবলৈ আহিছোঁ। জোৰ-জবৰদস্তি কৰি হ’লেও হিচাপ-নিকাচ নিষ্পত্তি কৰাই লৈ যাম। তোমালোক সত্যযুগলৈ যোৱা, বাকী সকলো বাণীৰ সিপাৰে শান্তিধামত থাকে। কাকোৱেই এৰি নাযাওঁ। যাব নিবিচাৰিলে শাস্তি দি মাৰি-পিটি হ’লেও লৈ যাম। ড্ৰামাত ভূমিকাই এনেকুৱা সেইবাবে নিজৰ উপাৰ্জন কৰি যাব লাগে তেতিয়া পদো ভাল পাবা। পাছৰফালে অহাসকলে কি সুখ পাব। পিতাই সকলোকে কয় – যাব নিশ্চয় লাগিব। শৰীৰক জুই লগাই বাকী সকলো আত্মাক লৈ যাম। আত্মাসকলেই মোৰ লগত যাব লাগে। মোৰ মতত সৰ্বগুণ সম্পন্ন, 16 কলা সম্পন্ন হ’লে তেতিয়া পদো ভাল পাবা। তোমালোকে মাতিছা নহয় যে আহি আমাক সকলোকে মাৰি নিয়া। এতিয়া মৃত্যু সমাগত। কোনেও বাচি নাথাকিব। ছিঃ ছিঃ শৰীৰত নাথাকিবগৈ। উভতাই লৈ যাবলৈকে মোক মাতিছা। সেয়েহে এতিয়া পিতাই কয় – সন্তানসকল, এইখন ছিঃ ছিঃ জগতৰ পৰা তোমালোকক উভতাই লৈ যাম। তোমালোকৰ স্মাৰকো থিয় হৈ আছে। ‘দেলবাড়া’ মন্দিৰ আছে নহয় – অন্তৰ লওঁতাজনৰ মন্দিৰ, আদি দেৱ বহি আছে। শিৱবাবাও আছে, বাপদাদা দুয়োগৰাকীয়ে আছে, এওঁৰ শৰীৰত বাবা বিৰাজমান হৈ আছে। তোমালোক তালৈ গ’লে তেতিয়া আদি দেৱক দেখা পোৱা। তোমালোক আত্মাই জানা যে এয়াতো বাপদাদা বহি আছে।

এই সময়ত তোমালোকে যি ভূমিকা পালন কৰি আছা তাৰেই স্মাৰক থিয় হৈ আছে। মহাৰথী, অশ্বাৰোহী, পদাতিকো আছে। সেয়া হৈছে জড়, এয়া চৈতন্য। ওপৰত বৈকুণ্ঠও আছে। তোমালোকে গৈ আৰ্হি চাই আহা, ‘দেলবাড়া’ মন্দিৰ কেনেকুৱা, তোমালোকে জানা, কল্পই কল্পই এই মন্দিৰ এনেকৈয়ে নিৰ্মাণ হয়, যিটো আকৌ তোমালোকে চাবাগৈ। কিছুমান বিভ্ৰান্ত হৈ যায়। এই সকলো পাহাৰ আদি জহি-খহি গৈছে পুনৰ হ’ব! কেনেকৈ? এইটো খেয়াল অনিব নালাগে। এতিয়াতো স্বৰ্গও নাই, আকৌ সেয়া কেনেকৈ আহিব! পুৰুষাৰ্থৰে সকলো তৈয়াৰ হয় নহয়। এতিয়া তোমালোকে স্বৰ্গলৈ যোৱাৰ প্ৰস্তুতি চলাই আছা। কোনো কোনোৱে বিভ্ৰান্ত হৈ পঢ়িবলৈ এৰি দিয়ে। পিতাই কয় – এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰতো কোনো দৰকাৰ নাই। তাত সকলো আমি নিজে সাজিম। সেইখন সৃষ্টিয়েই সতোপ্ৰধান হ’ব। তাৰ ফল-ফুল আদি সকলো চাই আহে, অমৃত পান কৰে। সূক্ষ্মবতন, মূলবতনততো এয়া একো নাই। বাকী এয়া সকলো আছে বৈকুণ্ঠত। বিশ্বৰ ভূগোল-বুৰঞ্জী পুনৰাবৃত্তি হয়। এইটো নিশ্চয়তো দৃঢ় হোৱা উচিত। বাকী কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া ক’ব – এয়া কেনেকৈ হ’ব পাৰে! হীৰা-মুকুতা যি এতিয়া দেখিবলৈ পোৱা নাযায় সেয়া পুনৰ কেনেকৈ উপলব্ধ হ’ব! পূজ্য কেনেকৈ হ’ব? পিতাই কয় – এয়া পূজ্য আৰু পূজাৰীৰ খেল ৰচি থোৱা আছে। আমিয়ে ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়… এই সৃষ্টি চক্ৰক জানি তোমালোক চক্ৰৱৰ্তী ৰজা হোৱাগৈ। তোমালোকে বুজি পোৱা, সেইবাবেতো কোৱা – বাবা, কল্প পূৰ্বেও আপোনাক লগ পাইছিলোঁ। আমাৰেই স্মাৰক মন্দিৰ সন্মুখত থিয় হৈ আছে। ইয়াৰ পাছতেই স্বৰ্গ স্থাপনা হ’ব। এয়া যি তোমালোকৰ চিত্ৰ আছে তাত চমৎকাৰ আছে, কিমান ৰুচিৰে আহি চায়। গোটেই জগতত ক’তোৱেই কোনেও দেখা নাই। কোনোবাই এনেকুৱা চিত্ৰ তৈয়াৰ কৰি জ্ঞান দিবও নোৱাৰে। নকল কৰিব নোৱাৰে। এই চিত্ৰবোৰতো হৈছে সম্পদ, যাৰ দ্বাৰা তোমালোক পদ্মাপদম ভাগ্যশালী হৈ যোৱা। তোমালোকে বুজি পোৱা আমাৰ খোজে প্ৰতি পদ্ম (অনেক কোটিৰ উপাৰ্জন) হয়। পঢ়াৰ খোজ। যিমান যোগযুক্ত হৈ থাকিবা, যিমান পঢ়িবা সিমানে পদ্ম (পদ্ম=দহ লাখ কোটি)। এফালে মায়াও তীব্ৰগতিৰে আহিব। তোমালোক এই সময়তে শ্যাম-সুন্দৰ হোৱা। সত্যযুগত তোমালোক সুন্দৰ আছিলা, সোণালীযুগী, কলিযুগত হৈছা শ্যাম, লৌহযুগী। প্ৰতিটো বস্তুৱে এনেকুৱা। ইয়াততো মাটিও অনুৰ্বৰ। তাততো মাটিও অতি উত্তম হ’ব। প্ৰতিটো বস্তু সতোপ্ৰধান হয়। এনেকুৱা ৰাজধানীৰ তোমালোক মালিক হৈ আছা। অনেকবাৰ হৈছা। তথাপি পুনৰ এনেকুৱা ৰাজধানীৰ মালিক হ’বলৈ পূৰা পুৰুষাৰ্থ কৰা উচিত। পুৰুষাৰ্থ অবিহনে প্ৰালব্ধ কেনেকৈ পাবা। কষ্ট একো নাই।

মুৰুলী ছপোৱা হয়, আগলৈ লাখ-কোটিৰ হিচাপত ছপা হ’ব। সন্তানসকলে ক’ব - যি পইচা আদি আছে সেয়া যজ্ঞত লগাই দিওঁ, ৰাখি থৈ কি কৰিম? আগলৈ গৈ দেখিবা কি কি হয়। বিনাশৰ প্ৰস্তুতিও দেখি থাকিবা। আখৰা চলি থাকিব। পুনৰ শান্ত হৈ যাব। সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান আছে। হওঁতে বহুত সহজ। কেৱল পিতাক স্মৰণ কৰিব লাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই শৰীৰকো পাহৰি পূৰা পৱিত্ৰ ভিকহু হ’ব লাগে। বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ কৰি ৰাখিব লাগে। বুদ্ধিত থাকিব লাগে – এতিয়া নাটক পূৰা হ’ল, আমি নিজৰ মৰমৰ ঘৰলৈ যাওঁ।

(2) পঢ়াৰ প্ৰতিটো খোজত পদ্ম (অনেক কোটিৰ উপাৰ্জন) আছে, সেইবাবে নিতৌ ভালদৰে পঢ়িব লাগে। দৈৱী কুলৰ অংশীদাৰ হ’বলৈ পুৰুষাৰ্থ কৰিব লাগে। নিজে নিজক সুধিব লাগে যে মোৰ অতীন্দ্ৰিয় সুখ কিমানলৈকে অনুভৱ হয়? আনন্দ থাকেনে?

বৰদান:
বুদ্ধিৰে সংগত থাকি সহযোগৰ হাতৰ দ্বাৰা আনন্দ-উল্লাসৰ অনুভৱ কৰোঁতা সৌভাগ্যৱান আত্মা হোৱা

যেনেকৈ সহযোগৰ চিন - হাতত হাত দিয়া দেখুৱায়। তেনেকৈ পিতাৰ সদায় সহযোগী হোৱা - এয়া হৈছে হাতত হাত দিয়া আৰু সদায় বুদ্ধিৰে লগত থকা অৰ্থাৎ মনৰ একাগ্ৰতা এজনৰ প্ৰতি থকা। সদায় যাতে এইটো স্মৃতি থাকে যে ঈশ্বৰীয় বাগিচাত হাতত হাত দি একেলগে আগবাঢ়ি গৈ আছোঁ। ইয়াৰ দ্বাৰা সদায় মনোৰঞ্জন কৰি থাকিবা, সদায় আনন্দিত আৰু সম্পন্ন হৈ থাকিবা। এনেকুৱা সৌভাগ্যৱান আত্মাই সদায় মনোৰঞ্জনৰ অনুভৱ কৰি থাকে।

স্লোগান:
আশীৰ্বাদৰ পুঁজি জমা কৰাৰ সাধন হৈছে - সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা।

আনন্দ ৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠ আনন্দ ৰূপী সম্পদ আছে, এই আনন্দৰ সম্পদ দান কৰি থাকা, যাক তোমালোকে আনন্দ দিবা তেওঁ বাৰে বাৰে তোমালোকক ধন্যবাদ দিব, সেয়েহে মহাদানী হৈ আনন্দ ৰূপী সম্পদ বিলোৱা। দান কৰিলে মনৰ প্ৰসন্নতা আৰু সন্তুষ্টতাৰ অনুভৱ হ’ব।