03.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল "স্বদর্শন চক্ৰধাৰী হোৱা" - তোমালোক লাইট হাউচ হব লাগে, নিজক আত্মা বুলি বুজা, এই ক্ষেত্ৰত গাফিলতি নকৰিবা

প্ৰশ্ন:
তোমালোক সকলোতকৈ অনন্য বিদ্যাৰ্থী - কেনেকৈ?

উত্তৰ:
তোমালোক গৃহস্থালিত আছা, শৰীৰ নিৰ্বাহৰ বাবে 8 (আঠ) ঘণ্টা কৰ্মও কৰা, লগতে ভৱিষ্যত 21 জন্মৰ বাবে 8 (আঠ) ঘণ্টা আনক পিতাৰ সমান কৰি তোলাৰ সেৱা কৰা, সকলোখিনি কৰিও পিতা আৰু ঘৰক স্মৰণ কৰা - এয়াই তোমালোকৰ অনন্য বিদ্যাৰ্থী জীৱন। জ্ঞান বহুত সহজ, কেৱল পাৱন হবলৈ পৰিশ্ৰম কৰা।

ওঁম্শান্তি।
পিতাই সন্তানসকলক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সোধে। মূলবতনো ক্ৰমানুসৰি নিশ্চয় স্মৃতিলৈ আহে। সন্তানসকলৰ এইটোও নিশ্চয় স্মৃতিলৈ আহে যে আমি প্ৰথমতে শান্তিধামৰ নিবাসী হওঁ, আকৌ সুখধামলৈ আহোঁ, এইটো নিশ্চয় অন্তৰেৰে ভালকৈ বুজি পোৱা। মূলবতনকে ধৰি এয়া যি সৃষ্টি চক্ৰ আছে আৰু কেনেকৈ পুনৰাবৃত্তি হয় - এয়াও বুদ্ধিত আছে। আমি এতিয়া ব্ৰাহ্মণ, আকৌ ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হমগৈ। এয়াতো বুদ্ধিত চক্ৰাকাৰে ঘূৰি থাকিব লাগে নহয়! সন্তানসকলৰ বুদ্ধিত এই গোটেই জ্ঞান আছে। পিতাই বুজাইছে, আগতে নাজানিছিলা। এতিয়া তোমালোকেহে জানা। দিনে-প্ৰতিদিনে তোমালোকৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব। বহুতকে শিকাই থাকা। নিশ্চয় প্ৰথমে তোমালোকেই স্বদর্শন চক্ৰধাৰী হবাগৈ। ইয়াত তোমালোক বহি আছা, বুদ্ধিৰে জানা যে সেইজন আমাৰ পিতা। তেৱেঁই আমাক শিকাওঁতা পৰম শিক্ষক। আমি কেনেকৈ 84 ৰ চক্ৰ পৰিক্ৰমা লগাওঁ সেয়া তেৱেঁই বুজাইছে। বুদ্ধিত নিশ্চয় স্মৃতি থাকিব নহয়। এইটো বুদ্ধিৰে সকলো সময়তে স্মৰণ কৰিব লাগে, পাঠ ইমান দীঘলীয়া নহয়। চেকেণ্ডৰ পাঠ। বুদ্ধিত থাকে যে আমি কৰ নিবাসী। আকৌ ইয়াত কেনেকৈ ভূমিকা পালন কৰিবলৈ আহোঁ। 84ৰ চক্ৰ। সত্যযুগত ইমান জন্ম, ত্ৰেতাত ইমান জন্ম - এই চক্ৰ স্মৃতিলৈ আনিবা নহয়! তোমালোকে যি পদ পালা, ভূমিকা পালন কৰিলা সেয়াও নিশ্চয় বুদ্ধিত থাকিব। তোমালোকে কবা যে আমি এয়া দ্বৈত মুকুটধাৰী আছিলোঁ আকৌ একক মুকুটধাৰী হলোঁ। পাছলৈ গোটেই ৰাজ্যই হেৰুৱাই পেলালোঁ, তমোপ্ৰধান হৈ গলোঁ। এই চক্ৰতো ঘূৰি থকা উচিত। সেইবাবেই নাম ৰখা হৈছে স্বদর্শন চক্ৰধাৰী। আত্মাই জ্ঞান পাইছে। আত্মাৰ দৰ্শন হৈছে। আত্মাই জানে মই এনেকৈ এনেকৈ চক্ৰ পৰিক্ৰমা লগাওঁ। এতিয়া ঘৰলৈ উভতি যাব লাগে। পিতাই কৈছে মোক স্মৰণ কৰা তেতিয়া ঘৰ গৈ পাবাগৈ। এনেকুৱাও নহয় যে তোমালোকে এই সময়ত সেইটো অৱস্থাত বহি যাবাগৈ। নহয়, বাহিৰৰ বহুত কথাই বুদ্ধিলৈ আহি যায়। কাৰোবাৰ কিবা স্মৃতিলৈ আহে, কাৰোবাৰ আন কিবা স্মৃতিলৈ আহি যায়। ইয়াত পিতাই কয় - অন্য সকলো কথা সামৰি লৈ এজনকে স্মৰণ কৰা। যি শ্ৰীমত পোৱা সেইমতে চলিব লাগে। স্বদৰ্শন চক্ৰধাৰী হৈ তোমালোকে অন্তলৈকে পুৰুষার্থ কৰিব লাগে। প্ৰথমেতো একোৱে গম পোৱা নাছিলা, এতিয়াতো পিতাই শুনায়। তেওঁক স্মৰণ কৰিলেই সকলো আহি যায়। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ সকলো ৰহস্য বুদ্ধিত আহি যায়। এয়াতো পাঠ পঢ়োৱা হয়, তেওঁক স্মৰণ ঘৰত বহিও কৰিব পাৰা। এয়া হৈছে বুদ্ধিৰে বুজিবলগীয়া কথা। তোমালোক অনন্য বিদ্যাৰ্থী। পিতাই বুজাইছে 8 (আঠ) ঘণ্টা আৰামো কৰা আৰু 8 (আঠ) ঘণ্টা শৰীৰ নির্বাহৰ অৰ্থে কামো কৰা। পেছাগত কাম-কাজো কৰিব লাগে। লগতে পিতাই এয়া আনক নিজৰ সমান কৰি তোলাৰ যি কাম দিছে এয়াও শৰীৰ নির্বাহ নহল জানো। সেয়া হৈছে অল্পকালৰ বাবে, এয়া হৈছে 21 জন্ম শৰীৰ নির্বাহৰ বাবে। তোমালোকে যি ভূমিকা পালন কৰা তাত ইয়াৰো বহুত মহত্ব আছে। যিয়ে যিমান পৰিশ্ৰম কৰিব সিমানে পাছলৈ ভক্তিত তেওঁলোকৰ পূজা হয়। এই সকলোবোৰ তোমালোক সন্তানসকলেহে ধাৰণা কৰিব লাগে।

তোমালোক সন্তানসকল হৈছা ভূমিকা পালন কৰোঁতা। বাবাইতো কেৱল জ্ঞান দিয়াৰ ভূমিকা পালন কৰে। বাকী শৰীৰ নির্বাহৰ বাবে পুৰুষার্থ তোমালোকে কৰিবা। বাবাইতো নকৰিব নহয়! পিতাতো সন্তানসকলক এই বিশ্বৰ বুৰঞ্জী-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, চক্ৰ কেনেকৈ ঘূৰে এয়া বুজাবলৈহে আহে। এয়া বুজাবলৈকে আহে। যুক্তিৰে বুজাই থাকে। পিতাই বুজায় - সন্তানসকল, গাফিলতি নকৰিবা। স্বদৰ্শন চক্ৰধাৰী অথবা লাইট হাউচ হব লাগে। নিজক আত্মা বুলি বুজিব লাগে। এয়াতো জানা যে শৰীৰ অবিহনে আত্মাই ভূমিকা পালন কৰিব নোৱাৰে। মনুষ্যই এইবোৰ একোৱে নাজানে। যদিও তোমালোকৰ ওচৰলৈ আহে, ভাল ভাল বুলি শলাগে, কিন্তু স্বদৰ্শন চক্ৰধাৰী হব নোৱাৰে, ইয়াৰ বাবে বহুত অভ্যাস কৰিবলগীয়া হয়। তেতিয়া যলৈকে যাব জ্ঞানৰ সাগৰ হৈ যাব। যেনেকৈ বিদ্যাৰ্থীয়ে পঢ়া-শুনা কৰি শিক্ষক হৈ যায় আকৌ কলেজত পঢ়ায় বা অন্য বৃত্তিত লাগি যায়। তোমালোকৰ বৃত্তিয়েই হৈছে শিক্ষক হোৱা। সকলোকে স্বদৰ্শন চক্ৰধাৰী কৰি তোলা। সন্তানসকলে চিত্ৰ তৈয়াৰ কৰে - প্ৰথমতে দ্বৈত মুকুটধাৰী ৰজা পাছত একক মুকুটধাৰী ৰজা কেনেকৈ হয়, এয়াতো ঠিকে আছে, কিন্তু কেতিয়াৰ পৰা কেতিয়ালৈ দ্বৈত মুকুটধাৰী আছিল? কেতিয়াৰ পৰা কেতিয়ালৈ একক মুকুটধাৰী হল? আকৌ কেনেকৈ আৰু কেতিয়া ৰাজ্য কাঢ়ি নিলে? সেয়া বিতংকৈ লিখিব লাগে। এইখন বেহদৰ (সীমাহীন) বিশাল ড্ৰামা। এইটো নিশ্চিত যে আমি পুনৰ দেৱতা হওঁগৈ। এতিয়া ব্ৰাহ্মণ। ব্ৰাহ্মণ হয়েই সংগমযুগৰ। তোমালোকে যেতিয়ালৈকে নুশুনোৱা তেতিয়ালৈকে এয়া কোনেও বুজি নাপায়। এয়া তোমালোকৰ অলৌকিক জন্ম। লৌকিক আৰু পাৰলৌকিকৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। অলৌকিকৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়। এওঁৰ দ্বাৰা পিতাই তোমালোকক উত্তৰাধিকাৰ দিয়ে। গায়নো কৰে - হে প্ৰভু! এনেকৈ কেতিয়াও নকয় - হে প্ৰজাপিতা ব্ৰহ্মা। লৌকিক আৰু পাৰলৌকিক পিতাক স্মৰণ কৰা হয়। এই কথাবোৰ কোনেও নাজানে, তোমালোকেহে জানা। পাৰলৌকিক পিতাৰে অবিনাশী সম্পত্তি, লৌকিক পিতাৰ হৈছে বিনাশী সম্পত্তি। ধৰি লোৱা কোনোবা ৰজাৰ সন্তানে 5 কোটি সম্পত্তি পালে তেনেক্ষেত্ৰত বেহদৰ পিতাৰ সম্পত্তি সন্মুখত ৰাখিলে তেতিয়া কব তাৰ তুলনাত এয়া অবিনাশী আৰু সেয়াতো সকলো নাশ হৈ যাব। এতিয়াৰ যিসকল কোটিপতি তেওঁলোক মায়াপাশত আৱদ্ধ হৈ আছে, তেওঁলোক এই জ্ঞান লবলৈ নাহে। পিতা হৈছে গৰিবৰ ত্ৰাণকৰ্তা। ভাৰত বহুত গৰিব, ভাৰতৰ বহুত মনুষ্যও গৰিব। এতিয়া তোমালোকে বহুতৰ কল্যাণ কৰাৰ পুৰুষাৰ্থ কৰি আছা। সাধাৰণতে ৰোগাক্ৰান্তসকলৰ বৈৰাগ্য জন্মে। ভাবি লয় জীয়াই থাকি কি কৰিম! মুক্তিধামলৈ যোৱাৰ ৰাস্তা পোৱা হলে! দুখৰ পৰা মুক্ত হব বিচাৰে। সত্যযুগত কোনেও নিবিচাৰে কিয়নো তাত একো দুখ নাই। এই কথাবিলাক তোমালোকে এতিয়া বুজি পোৱা। বাবাৰ সন্তান বৃদ্ধি হৈ গৈ থাকিব। যিসকল সূৰ্যবংশী-চন্দ্ৰবংশী দেৱতা হবলগীয়া আছে তেওঁলোকহে আহি পুৰুষাৰ্থৰ ক্ৰম অনুসৰি এই জ্ঞান লব। এই জ্ঞান পিতাৰ বাহিৰে কোনেও দিব নোৱাৰে। এতিয়া তোমালোকে বেহদৰ পিতাক এৰি কলৈকো নোযোৱা, যিসকলৰ পিতাৰ প্ৰতি প্ৰেম আছে তেওঁলোকে বুজিব পাৰে যে জ্ঞানতো বহুত সহজ, বাকী পৱিত্ৰ হোৱাৰ ক্ষেত্ৰত মায়াই বিঘিনি আনে। যিকোনো কথাত গাফিলতি কৰিলে গাফিলতিৰ কাৰণেই পৰাজিত হয়। ইয়াৰ উদাহৰণ মুষ্টিযুদ্ধত ভালদৰেই দেখিবলৈ পোৱা যায়। মুষ্টিযুদ্ধত ইজন সিজনৰ ওপৰত জয়ী হয়। সন্তানসকলে জানে যে মায়াই আমাক পৰাজিত কৰি দিয়ে।

পিতাই কয় মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা। পিতাই নিজেও জানে যে ইয়াৰ বাবে বহুত যত্নৰ প্ৰয়োজন। পিতাই বহুত সহজ উপায় শুনায়। মই আত্মা, এটা শৰীৰ এৰি অন্য এটা লওঁ, ভূমিকা পালন কৰোঁ, বেহদৰ পিতাৰ সন্তান হওঁ - এয়া ভালদৰে দৃঢ় কৰি লব লাগে। বাবাই অনুভৱ কৰে - মায়াই সন্তানসকলৰ বুদ্ধিযোগ খণ্ডিত কৰি দিয়ে। ক্ৰমানুসৰিতো হয়েই, এইটো হিচাপেৰেই ৰাজধানী স্থাপনা হয়। সকলো একৰস হৈ গলে ৰাজ্য হব নোৱাৰে। ৰজা, ৰাণী, ধনৱান সকলো হব লাগে। এই কথাবোৰ তোমালোকৰ বাহিৰে আন কোনেও নাজানে। আমি নিজৰ ৰাজধানী স্থাপনা কৰি আছোঁ। এই কথাবোৰ তোমালোকৰ মাজতো যিসকল অনন্য সন্তান তেওঁলোকৰ স্মৃতিত থাকে। এই কথাবোৰ কেতিয়াও পাহৰিব নালাগে। সন্তানসকলে জানে - আমি পাহৰি যাওঁ। নহলেতো বহুত আনন্দিত হৈ থকা উচিত - আমি বিশ্বৰ মালিক হওঁগৈ। পুৰুষার্থৰ দ্বাৰাহে হব পাৰি, কেৱল মুখেৰে নহয়। পিতাইতো আহিয়েই সোধে - সন্তানসকল সাৱধান, স্বদৰ্শন চক্ৰধাৰী হৈ বহিছানে? পিতাও স্বদর্শন চক্ৰধাৰী নহয় জানো যি এওঁৰ শৰীৰত প্ৰৱেশ কৰে। মনুষ্যইতো ভাবে যে বিষ্ণু হৈছে স্বদৰ্শন চক্ৰধাৰী। তেওঁলোকে এইটো নাজানেই যে এয়া (বিষ্ণু) হৈছে লক্ষ্মী-নাৰায়ণ। তেওঁলোকক জ্ঞান কোনে দিলে? যি জ্ঞানেৰে তেওঁলোকে লক্ষ্মী-নাৰায়ণৰ পদ পালে? আকৌ দেখুৱায় যে স্বদৰ্শন চক্ৰৰ দ্বাৰা (অসুৰক) বধ কৰিলে। তোমালোকৰ এই চিত্ৰ তৈয়াৰ কৰাসকলৰ ওপৰত হাঁহি উঠে। বিষ্ণু হৈছে সংযুক্ত গৃহস্থ আশ্ৰমৰ। চিত্ৰ শোভনীয় কিন্তু এয়া কোনো শুদ্ধ চিত্ৰ নহয়। প্ৰথমতে তোমালোকে জনা নাছিলা 4 টা বাহুধাৰী ইয়ালৈ কৰ পৰা আহিল। এই সকলোবোৰ কথা তোমালোকৰ মাজতো ক্ৰমানুসৰিহে জানা। পিতাই কয় - সকলো তোমালোকৰ পুৰুষাৰ্থৰ ওপৰতে নিৰ্ভৰ কৰে। পিতাৰ স্মৃতিৰেহে পাপ খণ্ডিত হয়। সকলোতকৈ বেছি এক নম্বৰৰ পুৰুষাৰ্থ এইটোৱে কৰিব লাগে। পিতাই সময়তো দিছে। গৃহস্থালিতো থাকিব লাগে। নহলে সন্তান আদিক কোনে প্ৰতিপালন কৰিব! এই সকলোখিনি কৰিও অভ্যাস কৰিব লাগে। বাকী অন্য কোনো কথা নাই। শ্ৰীকৃষ্ণৰ কাৰণে দেখুৱাইছে যে তেওঁ স্বদৰ্শন চক্ৰৰ দ্বাৰা অকাসুৰ, বকাসুৰ আদিক বধ কৰিলে। এতিয়া তোমালোকে এইটো বুজি পোৱা যে চক্ৰ আদিৰতো কোনো কথা নাই। কিমান অন্তৰ আছে। এয়া পিতাইহে বুজায়। মনুষ্যই মনুষ্যক বুজাব নোৱাৰে। মনুষ্যই মনুষ্যৰ সৎগতি কৰিব নোৱাৰে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য কোনেও বুজাব নোৱাৰিব। স্বদৰ্শন চক্ৰৰ অৰ্থ কি, সেয়াও এতিয়া পিতাইহে বুজাইছে। শাস্ত্ৰত এনেকুৱা কাহিনী ৰচি দিছে যে সেইবোৰৰ বিষয়ে নুসুধিবাই! শ্ৰীকৃষ্ণকো হিংসক কৰি দিলে! এইবিলাক কথাৰ ওপৰত একান্তত বিচাৰ সাগৰ মন্থন কৰিব লাগে। ৰাতি পহৰা দি থকাসকলে বহুত ভাল সময় পায়, তেওঁলোকে বহুত স্মৰণ কৰিব পাৰে। পিতাক স্মৰণ কৰি স্বদৰ্শন চক্ৰও ঘূৰাই থাকা। স্মৰণ কৰিলে আনন্দত টোপনিও আঁতৰি যাব। যিয়ে ধন প্ৰাপ্ত কৰে তেওঁ বহুত আনন্দিত হৈ থাকে। কেতিয়াও টোপনিয়ে আমনি নকৰে। তোমালোকে জানা যে আমি সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সমৃদ্ধিশালী হমগৈ। গতিকে ইয়াত ভালদৰে লাগি যোৱা উচিত। পিতাই এইটোও জানে যে ড্ৰামা অনুসৰি যিবোৰ ঘটি আছে সেইবোৰ একেবাৰেই সঠিক। তথাপিও পুৰুষাৰ্থ কৰাই থাকে। এতিয়া পিতাই শিক্ষা দিয়ে, এনেকুৱাও বহুত আছে যাৰ জ্ঞানো নাই যোগো নাই। কোনোবা বুদ্ধিমান বা বিদ্বান লোক আহিলে কথা পাতিব নোৱাৰে। সেৱাধাৰী সন্তানসকলে জানে আমাৰ মাজৰ কোন কোন বুজোৱাত ভাল? আকৌ পিতায়ো যেতিয়া দেখে যে এওঁ পঢ়া-লিখা জনা বুদ্ধিমান ভাল লোক, আৰু বুজোৱা জন বুদ্ধিহীন তেতিয়া নিজে প্ৰৱেশ কৰি সেই লোকজনক জ্ঞান শুনাই দিয়ে। তেতিয়া যি সঁচা সন্তান হয় তেওঁ কয় মোৰতো ইমান জ্ঞান নাছিল পিতাই আহি বুজালে। কাৰোবাৰ আকৌ নিজৰ অহংকাৰ আহি যায়। বাবা অহা, সহায় কৰা এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ড্ৰামাখন বৰ বিচিত্ৰ। ইয়াক বুজিবলৈ অতি বিশাল বুদ্ধিৰ দৰকাৰ।

এতিয়া তোমালোক সন্তানসকলে জানা যে আমি সেইখন ৰাজধানী স্থাপনা কৰি আছোঁ যত সকলো বগা (পৱিত্ৰ) আছিল। কলা (অপৱিত্ৰ) তাত নাথাকে। এয়াও তোমালোকে বগা আৰু কলা চিত্ৰৰে দেখুৱাব পাৰা। 63 জন্ম কাম চিতাত বহি এনেদৰে কলা হৈ গৈছে। আত্মাই কলা হৈ গৈছে। লক্ষ্মী-নাৰায়ণৰো কলা চিত্ৰ তৈয়াৰ কৰি দিছে। এইটো বুজি নাপায় যে আত্মা কলা হৈ যায়। তেওঁলোকতো সত্যযুগৰ মালিক, বগা আছিল, পাছত কাম চিতাত বহা বাবে কলা হল। আত্মাই পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ যায়। সেয়েহে আত্মাও কলা আৰু শৰীৰো কলা হৈ যায়। গতিকে ধেমালিতে সুধিব পাৰা যে লক্ষ্মী-নাৰায়ণক কৰবাত বগা, আৰু কৰবাত কলা কিয় দেখুওৱা হৈছে, ইয়াৰ কাৰণ কি? জ্ঞানতো নায়েই। শ্ৰীকৃষ্ণক বগা আৰু শ্ৰীকৃষ্ণকেই কলা কিয় দেখুৱায়? এয়াতো তোমালোকে এতিয়া জানা। তোমালোকে এতিয়া জ্ঞানৰ তৃতীয় নেত্র প্ৰাপ্ত কৰিছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আনন্দেৰে ভৰপূৰ হৈ থাকিবলৈ একান্তত বহি প্ৰাপ্ত কৰা জ্ঞান ধন মন্থন কৰিব লাগে। পাৱন বা সদায় নিৰোগী হবলৈ স্মৃতিত থকাৰ পৰিশ্ৰম কৰিব লাগে।

(2) পিতাৰ সমান মাষ্টৰ জ্ঞান সাগৰ হৈ সকলোকে স্বদৰ্শন চক্ৰধাৰী কৰি তুলিব লাগে। লাইট হাউচ হব লাগে। ভৱিষ্যত 21 জন্ম শৰীৰ নির্বাহৰ অৰ্থে আত্মিক (আধ্যাত্মিক) শিক্ষক নিশ্চয় হব লাগে।

বৰদান:
ত্ৰিকালদৰ্শী স্থিতিৰে তিনিও কালক স্পষ্টকৈ অনুভৱ কৰোঁতা মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা

যি ত্ৰিকালদৰ্শী স্থিতিত স্থিত হৈ থাকে তেওঁ এক চেকেণ্ডত তিনিও কালক স্পষ্টকৈ চাব পাৰে। কালি কি আছিল, আজি কি হৈছে আৰু কাইলৈ কি হব - তেওঁৰ সন্মুখত সকলো স্পষ্ট হৈ যায়। যেনেকৈ কোনো এখন দেশত সুউচ্চ স্থানত থিয় হৈ গোটেই চহৰখন চালে তেতিয়া ভাল লাগে তেনেকৈ সংগমযুগ হৈছে সুউচ্চ স্থান, ইয়াত স্থিত হৈ তিনিও কালক চোৱা আৰু গৰ্বৰে কোৱা যে আমিয়েই দেৱতা আছিলোঁ আকৌ আমিয়েই হমগৈ, ইয়াকে মাষ্টৰ জ্ঞানপূৰ্ণ বুলি কোৱা হয়।

স্লোগান:
প্ৰতিটো মুহূৰ্তই অন্তিম মুহূৰ্ত, এইটো স্মৃতিৰে সদাপ্ৰস্তুত হোৱা।