03.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ স্মৃতিত সদায় হৰ্ষিত হৈ থাকা, পুৰণি দেহৰ বোধ এৰি গৈ থাকা, কিয়নো তোমালোকে যোগবলেৰে বায়ুমণ্ডল শুদ্ধ কৰাৰ সেৱা কৰিব লাগে”

প্ৰশ্ন:
জলপানি ল’বলৈ অথবা নিজে নিজক ৰাজ তিলক দিবলৈ কোনটো পুৰুষাৰ্থ কৰিব লাগে?

উত্তৰ:
বাদশ্বাহীৰ তিলক তেতিয়া পাবা যেতিয়া স্মৃতিৰ যাত্ৰাত থকাৰ পুৰুষাৰ্থ কৰিবা। পৰস্পৰ ভাই ভাই বুলি বুজাৰ অভ্যাস কৰা তেতিয়া নাম-ৰূপৰ বোধ আঁতৰি যাব। অদৰকাৰী কথা কেতিয়াও নুশুনিবা। পিতাই যি শুনায় সেয়াই শুনিবা, বাকী কথাত কাণ নিদিবা। পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিয়া তেতিয়া জলপানি পাব পাৰা।

ওঁম্শান্তি।
সন্তানসকলে জানে আমি শ্ৰীমতত চলি নিজৰ কাৰণে ৰাজধানী স্থাপনা কৰি আছোঁ। যিয়ে যিমান সেৱা কৰে, মন-বাণী-কৰ্মৰে নিজৰে কল্যাণ কৰে। ইয়াত কাজিয়া আদি কৰাৰ কোনো কথা নাই। বচ্‌, এই পুৰণি দেহৰ বোধ এৰি এৰি তোমালোক তাত গৈ উপনীত হোৱাগৈ। পিতাক স্মৰণ কৰিলে বহুত আনন্দিতও হয়। সদায় স্মৃতিত থাকিলে তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা। পিতাক পাহৰিলে জঁই পৰি যায়। সন্তানসকল সদায় হৰ্ষিত হৈ থাকিব লাগে। আমি আত্মা। আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতাই এই মুখেৰে কয়, আমি আত্মাই এই কাণেৰে শুনোঁ। এনেকৈ অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিবলগীয়া হয়। পিতাক স্মৰণ কৰি কৰি ঘৰলৈ উভতি যাব লাগে। এই স্মৃতিৰ যাত্ৰাই বহুত শক্তি দিয়ে। তোমালোকে ইমান শক্তি পোৱা যে তোমালোক বিশ্বৰ মালিক হৈ যোৱা। পিতাই কয় - তোমালোকে মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ নাশ হ’ব। এইটো কথা দৃঢ় কৰিব লাগে। অন্তিম সময়ত এইটো বশীকৰণ মন্ত্ৰই কামত আহিব। সকলোকে বাৰ্তাও এইটোৱে দিব লাগে - নিজক আত্মা বুলি বুজা, এই শৰীৰ হৈছে বিনাশী। পিতাৰ আজ্ঞা হৈছে মোক স্মৰণ কৰিলে পাৱন হৈ যাবা। তোমালোক সন্তানসকল পিতাৰ স্মৃতিত বহি আছা। লগত জ্ঞানো আছে, কিয়নো তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তকো জানা। স্ব অৰ্থাৎ আত্মাত গোটেই জ্ঞান আছে। তোমালোক স্বদৰ্শন চক্ৰধাৰী হোৱা নহয়। তোমালোকে ইয়াত বহি বহি বহুত উপাৰ্জন কৰি আছা। তোমালোকৰ দিনে-ৰাতিয়ে উপাৰ্জনেই উপাৰ্জন। তোমালোক ইয়ালৈ আহাই সঁচা উপাৰ্জন কৰিবলৈ। সঁচা উপাৰ্জন আন ক’তো নহয় যিটো লগত যাব। তোমালোকৰ অন্য কোনো কাম আদিতো ইয়াত নাই। বায়ুমণ্ডলো তেনেকুৱাই। তোমালোকে যোগবলেৰে বায়ুমণ্ডল শুদ্ধ কৰা। তোমালোকে বহুত সেৱা কৰি আছা। যিয়ে নিজৰ সেৱা কৰে তেৱেঁই ভাৰতৰ সেৱা কৰে। পাছত এই পুৰণি সৃষ্টিও নাথাকিব। তোমালোকো নাথাকিবা। জগতখনেই নতুন হৈ যাব। তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান আছে। এইটোও জানা যে কল্প পূৰ্বে যি সেৱা কৰিছিল সেয়াই এতিয়া কৰি থাকে। দিনে-প্ৰতিদিনে অনেকক নিজৰ সমান কৰি গঢ়িয়েই থাকে। এই জ্ঞান শুনি বহুত আনন্দিত হয়। ৰোমাঞ্চিত হৈ যায়। এনেকৈ কয় যে এই জ্ঞান আগতে কেতিয়াও কাৰো পৰা শুনা নাই। আপোনালোক ব্ৰাহ্মণসকলৰ পৰাহে শুনিছোঁ। ভক্তিমাৰ্গততো কোনো কষ্ট নাই। ইয়াত গোটেই পুৰণি জগতখনকেই পাহৰিব লাগে। এই বেহদৰ সন্ন্যাস পিতাইহে কৰায়। তোমালোক সন্তানসকলৰ মাজতো ক্ৰমানুসৰি আছে। আনন্দও ক্ৰমানুসৰি হয়, একে সমান নহয়। জ্ঞান আৰু যোগো একে নহয়। বাকী সকলো মনুষ্য দেহধাৰীৰ ওচৰলৈ যায়। ইয়াত তোমালোক তেওঁৰ ওচৰলৈ আহা যাৰ নিজৰ শৰীৰেই নাই।

স্মৃতিত থকাৰ যিমান পুৰুষাৰ্থ কৰি থাকিবা, সিমানে সতোপ্ৰধান হৈ গৈ থাকিবা। আনন্দ বাঢ়ি গৈ থাকিব। এয়া হ’ল আত্মা আৰু পৰমাত্মাৰ শুদ্ধ প্ৰেম। তেওঁ হয়ো নিৰাকাৰ। তোমালোকৰ যিমানেই পাপ মোচন হৈ গৈ থাকিব সিমানেই আকৰ্ষণ বাঢ়িব। নিজৰ অৱস্থা তোমালোকে নিজেই চাব পাৰা- মই কিমান আনন্দিত হৈ থাকোঁ? ইয়াত আসন আদি কৰাৰ কোনো কথা নাই। এয়া হঠযোগ নহয়। আৰামত বহি পিতাক স্মৰণ কৰি থাকা। শুই থাকিও স্মৰণ কৰিব পাৰা। বেহদৰ পিতাই কৈছে মোক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান হৈ যাবা আৰু পাপ নাশ হৈ যাব। বেহদৰ পিতা তোমালোকৰ শিক্ষকো হয়, সৎগুৰুও হয়, তেওঁক বহুত প্ৰেমেৰে স্মৰণ কৰিব লাগে। ইয়াতেই মায়াই বিঘিনি আনে। চাব লাগে মই পিতাৰ স্মৃতিত থাকি হৰ্ষিত হৈ ভোজন খালোঁনে? প্ৰেমিকাই প্ৰেমিকক পালে তেতিয়া নিশ্চয় আনন্দিত হ’ব নহয়। স্মৃতিত থাকিলে তোমালোকৰ বহুত জমা হৈ গৈ থাকিব। লক্ষ্য বহুত উচ্চ। তোমালোক কিহৰ পৰা কি হৈ যোৱা। আগতে অজ্ঞানী আছিলা, এতিয়া বহুত জ্ঞানী হ'লা। তোমালোকৰ লক্ষ্য কিমান উত্তম। তোমালোকে জানা আমি পিতাক স্মৰণ কৰি কৰি এই পুৰণি চাল (শৰীৰ) এৰি নতুন ল’মগৈ। কৰ্মাতীত অৱস্থা হ’লে তেতিয়া এই চাল এৰি দিম। ঘৰৰ ওচৰলৈ আহিলেই ঘৰৰ কথা স্মৃতিলৈ আহে নহয়। বাবাৰ জ্ঞান বৰ মিঠা। সন্তানসকলৰ কিমান নিচা থাকিব লাগে। ভগৱানে এই ৰথত বহি তোমালোকক পঢ়ায়। এতিয়া তোমালোকৰ আৰোহণ কলা। আৰোহণ ক’লাৰ দ্বাৰা সকলোৰে উপকাৰ হয়। তোমালোকে একো নতুন কথা শুনা নাই। জানা যে অনেক বাৰ আমি শুনিছোঁ, সেয়াই আকৌ শুনি আছোঁ। শুনি থাকিলে অন্তৰ আনন্দত গদগদ হৈ থাকিব। তোমালোক হ'লা গুপ্ত সৈনিক আৰু বৰ প্ৰসিদ্ধ। তোমালোকে গোটেই বিশ্বক স্বৰ্গ কৰি গঢ়ি তোলা। সেই কাৰণে দেৱীসকলৰ ইমান পূজা হয়। কৰোঁতা আৰু কৰাওঁতা দুয়োৰে পূজা হয়। সন্তানসকলে জানে দেৱী-দেৱতা ধৰ্মৰ লোকসকলৰ পুলি ৰোপণ কৰি থকা হৈছে। এইটো নিয়ম এতিয়া হৈছে। তোমালোকে নিজক তিলক লগোৱা। যিয়ে ভালকৈ পঢ়ে তেওঁ নিজক জলপানি লোৱাৰ যোগ্য কৰি তোলে। সন্তানসকলে স্মৃতিৰ যাত্ৰাত থাকিবলৈ বহুত পুৰুষাৰ্থ কৰিব লাগে। নিজক ভাই ভাই বুলি ভাবা তেতিয়া নাম-ৰূপৰ বোধ আঁতৰি যাব, ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়। বহুত মনোযোগ দিব লাগে। অদৰকাৰী কথা কেতিয়াও শুনিব নালাগে। পিতাই কয় - মই যি শুনাওঁ সেয়া শুনা। ইটো-সিটোৰ কথাত কাণ নিদিবা। কাণ বন্ধ কৰি ৰাখা। সকলোকে শান্তিধাম আৰু সুখধামৰ ৰাস্তা দেখুৱাই থাকা। যিয়ে যিমান বহুতক ৰাস্তা দেখুৱাব সিমানেই তেওঁৰ লাভ হ’ব। উপাৰ্জন হয়। পিতা সকলোকে অলংকৃত কৰি ঘৰলৈ লৈ যাবলৈ আহিছে। পিতা সন্তানসকলৰ সদায় সহায়কাৰী হয়। যিসকল পিতাৰ সহায়কাৰী হয় তেওঁলোকক পিতায়ো মৰমেৰে চায়। যিসকলে বহুতক ৰাস্তা দেখুৱায়, পিতায়ো তেওঁলোকক বহুত স্মৰণ কৰে। তেওঁলোককো পিতাৰ স্মৃতিয়ে আকৰ্ষিত কৰে। স্মৃতিৰ দ্বাৰাহে মামৰ আঁতৰি গৈ থাকিব, পিতাক স্মৰণ কৰা মানে ঘৰক স্মৰণ কৰা। সদায় ‘বাবা বাবা’ বুলি কৈ থাকিবা। এয়া হ'ল ব্ৰাহ্মণসকলৰ আত্মিক যাত্ৰা। পৰম আত্মাক স্মৰণ কৰি কৰি ঘৰ পাই যাবা। যিমানে দেহী- অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিবা সিমানে কৰ্মেন্দ্ৰিয় বশ হৈ গৈ থাকিব। কৰ্মেন্দ্ৰিয়ক বশ কৰাৰ এটাই উপায় – স্মৃতিত থকা। তোমালোক হৈছা আত্মিক স্বদৰ্শন চক্ৰধাৰী ব্ৰাহ্মণ কুল ভূষণ। তোমালোকৰ এয়া সৰ্বোত্তম শ্ৰেষ্ঠ কুল। ব্ৰাহ্মণ কুল দেৱতাসকলৰ কুলতকৈও উচ্চ কিয়নো তোমালোকক পিতাই পঢ়ায়। তোমালোক পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী ল’বলৈ পিতাৰ হৈছা। পিতা বুলি ক’লেই উত্তৰাধিকাৰৰ সুবাস আহে। শিৱক সদায় ‘বাবা বাবা’ বুলি কয়। শিৱবাবা হয়েই সৎগতি দাতা অন্য কোনেও সৎগতি দিব নোৱাৰে। সঁচা সৎগুৰু এজনেই নিৰাকাৰ যিয়ে আধাকল্পৰ কাৰণে ৰাজ্য-ভাগ্য দি যায়। গতিকে মূল কথা হৈছে স্মৃতিত থকা। অন্তিম সময়ত যাতে কোনো শৰীৰৰ বোধ অথবা ধন-দৌলত স্মৃতিলৈ নাহে। নহ’লে পুনৰ্জন্ম ল’বলগীয়া হ’ব। ভক্তিত কাশীত গৈ আত্মঘাতী হয়, তোমালোকেও কাশীত আত্মঘাতী হৈছা অথবা পিতাৰ হৈছা। ভক্তিমাৰ্গতো কাশীত আত্মঘাতী হৈ ভাবে যে সকলো পাপ মোচন হৈ গ’ল। কিন্তু উভতিতো কোনো যাব নোৱাৰে। যেতিয়া সকলো ওপৰৰ পৰা আহি যাব তেতিয়াহে বিনাশ হ’ব। পিতাও যাব, তোমালোকো যাবা। বাকী কোৱা হয় পাণ্ডৱ পাহাৰত গলি গ’ল। সেয়াতো যেন আপোনঘাতী হৈ হ'ল। পিতাই ভালদৰে বুজায়। সন্তানসকল, সকলোৰে সৎগতি কৰোঁতা একমাত্ৰ ময়েই, কোনো দেহধাৰীয়ে তোমালোকৰ সৎগতি কৰিব নোৱাৰে। ভক্তিৰে ছিৰি তললৈহে নামি আহিলা, অন্তত পিতা আহি জোৰ দি ওপৰলৈ উঠায়। ইয়াকে কোৱা হয় – অকস্মাৎ বেহদ সুখৰ লটাৰি পোৱা যায়। সেয়া হ'ল ঘোড়া দৌৰ (শৰীৰৰ দ্বাৰা দৌৰ)। এয়া হ'ল আত্মাৰ দৌৰ। কিন্তু মায়াৰ কাৰণে দুৰ্ঘটনা হৈ যায় অথবা আঁতৰি গুচি যায়। মায়াই বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়ে। কাম বিকাৰত হাৰি গ’লে কৰা উপাৰ্জন সকলো শেষ হৈ যায়। কাম বিকাৰ হৈছে ডাঙৰ ভূত। কামৰ ওপৰত বিজয়ী হ’লে জগতজিৎ হ’বা। লক্ষ্মী-নাৰায়ণ জগতজিৎ আছিল। পিতাই কয় - এই অন্তিম জন্ম পৱিত্ৰ নিশ্চয় হ’ব লাগে তেতিয়াহে জয় হ’ব নহ’লে পৰাজিত হৈ যাবা। এয়া হ’ল মৃত্যুলোকৰ অন্তিম জন্ম। অমৰলোকৰ 21 জন্মৰ আৰু মৃত্যু লোকৰ 63 জন্মৰ ৰহস্য পিতাইহে বুজায়। এতিয়া অন্তৰক সুধি চোৱা যে আমি লক্ষ্মী-নাৰায়ণ হোৱাৰ যোগ্য হৈছোঁনে? যিমানে ধাৰণা হৈ থাকিব সিমানে আনন্দিতো হ’ব। কিন্তু ভাগ্যত নাথাকিলে মায়াই টিকি থাকিবলৈ নিদিয়ে।

এই মধুবনৰ প্ৰভাৱ দিনে-প্ৰতিদিনে বেছি হৈ গৈ থাকিব। মুখ্য বেটাৰী ইয়াত আছে, যিসকল সেৱাধাৰী সন্তান তেওঁলোক পিতাৰ বহুত মৰমৰ হয়। যিসকল ভাল সেৱাধাৰী সন্তান তেওঁলোকক বিচাৰি বিচাৰি পিতাই শক্তিৰ কিৰণ দিয়ে। তেওঁলোকেও নিশ্চয় বাবাক স্মৰণ কৰে। সেৱাধাৰী সন্তানসকলক বাপদাদা দুয়োগৰাকীয়ে স্মৰণ কৰে, শক্তিৰ কিৰণ দিয়ে। এনেকৈ কোৱা হয়- মিঠা হ’লে সকলোৱে মিঠা ব্যৱহাৰ কৰে…, স্মৰণ কৰিলে স্মৰণৰ সঁহাৰি পাবা। এফালে গোটেই জগতখন আনফালে তোমালোক সঁচা ব্ৰাহ্মণসকল। উচ্চতকৈয়ো উচ্চ পিতাৰ তোমালোক সন্তান, যিজন পিতা সকলোৰে সৎগতি দাতা হয়। তোমালোকৰ এই দিব্য জন্ম হীৰাতুল্য। আমাক কড়িৰ পৰা হীৰাও তেৱেঁই কৰি তোলে। আধাকল্পৰ কাৰণে ইমান সুখ দিয়ে যে তেওঁক পুনৰ স্মৰণ কৰাৰ প্ৰয়োজন নহয়। পিতাই কয় – সন্তানসকল, তোমালোকক বহুত ধন দিওঁ। তোমালোকে সকলো হেৰুৱাই পেলালা। কিমান হীৰা মুকুতা মোৰেই মন্দিৰত লগোৱা। এতিয়া চোৱা হীৰাৰ কিমান দাম! আগতে হীৰা কিনিলেও লগত অন্য উপহাৰ পোৱা গৈছিল, এতিয়াতো শাক-পাচলি কিনিলেও লগত একো পোৱা নাযায় (আগতে শাক-পাচলিৰ লগতে কিছু মৰিচা, ধনীয়া আদি দিছিল)। তোমালোকে জানা যে কেনেকৈ ৰাজ্য ল’লা, কেনেকৈ হেৰুৱালা? এতিয়া আকৌ লৈ আছা। এই জ্ঞান বৰ অপূৰ্ব। কাৰোবাৰ বুদ্ধিত কাচিৎহে ধাৰণ হয়। বাদশ্বাহী ল’ব লাগে গতিকে পূৰা শ্ৰীমতত চলিব লাগে। নিজৰ মত কামত নাহিব। জীৱন্তে বানপ্ৰস্থত যাব লাগে গতিকে সকলোবোৰ এওঁক দিব লাগে। উত্তৰাধিকাৰী কৰিব লাগে। ভক্তিমাৰ্গতো উত্তৰাধিকাৰী কৰি লয়। দান কৰে কিন্তু অল্পকালৰ কাৰণে। ইয়াততো এওঁক জন্ম-জন্মান্তৰৰ কাৰণে উত্তৰাধিকাৰী কৰিবলগীয়া হয়। গায়নো আছে - পিতাক অনুসৰণ কৰা। যিয়ে অনুসৰণ কৰে তেওঁ উচ্চ পদ পায়। বেহদৰ পিতাৰ হ’লেহে বেহদৰ উত্তৰাধিকাৰ পাব। শিৱবাবাতো হৈছে দাতা। এয়া তেওঁৰ ভঁৰাল। ভগৱানৰ অৰ্থে যিয়ে দান কৰে, পৰৱৰ্তী জন্মত অল্পকালৰ বাবে সুখ পায়। সেয়া হ'ল আওপকীয়া। এয়া হ'ল পোনপটীয়া। শিৱবাবাই 21 জন্মৰ কাৰণে দিয়ে। কাৰোবাৰ বুদ্ধিত উদয় হয় যে মই শিৱবাবাক দিওঁ। এয়া যেন তেওঁক অপমান কৰা। দিয়ে ল’বৰ বাবে। এয়া বাবাৰ ভঁৰাল। কাল- কণ্টক দূৰ হৈ যায়। সন্তানসকলে পঢ়ে অমৰলোকৰ কাৰণে। এয়া হ'ল কাঁইটৰ জংঘল। পিতাই ফুলৰ বাগিছালৈ লৈ যায়। গতিকে সন্তানসকল বহুত আনন্দিত হৈ থাকিব লাগে। দৈৱীগুণো ধাৰণ কৰিব লাগে। পিতাই কিমান মৰমেৰে সন্তানসকলক ফুল কৰি তোলে। পিতাই বহুত মৰমেৰে বুজায়। যদি নিজৰ কল্যাণ কৰিব বিচৰা তেন্তে দৈৱীগুণো ধাৰণা কৰা আন কাৰো অৱগুণ নাচাবা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বেহদৰ পিতাৰ পৰা শক্তিৰ কিৰণ ল’বলৈ তেওঁৰ সহায়কাৰী হ’ব লাগে। মুখ্য বেটাৰীৰ সৈতে নিজৰ সংযোগ স্থাপন কৰি ৰাখিব লাগে। কোনো কথাত সময় নষ্ট কৰিব নালাগে।

(2) সঁচা উপাৰ্জন কৰিবলৈ বা ভাৰতৰ সঁচা সেৱা কৰিবলৈ একমাত্ৰ পিতাৰ স্মৃতিত থাকিব লাগে কিয়নো স্মৃতিৰে বায়ুমণ্ডল শুদ্ধ হয়। আত্মা সতোপ্ৰধান হয়। অপাৰ আনন্দৰ অনুভৱ হয়। কৰ্মেন্দ্ৰিয় বশ হৈ যায়।

বৰদান:
স্ব-পৰিৱৰ্তনৰে বিশ্ব-পৰিৱৰ্তনৰ কাৰ্যত অন্তৰে বিচৰা ধৰণে সফলতা প্ৰাপ্ত কৰোঁতা সিদ্ধি স্বৰূপ হোৱা

প্ৰত্যেকে স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব-পৰিৱৰ্তন কৰাৰ সেৱাত ব্ৰতী হৈ আছে। সকলোৰে মনত এইটোৱে উৎসাহ–উদ্দীপনা আছে যে এই বিশ্বক পৰিৱৰ্তন কৰিবই লাগিব আৰু নিশ্চয়তাও আছে যে পৰিৱৰ্তন হ’বই। য’ত সাহস আছে ত’ত উৎসাহ–উদ্দীপনা থাকে। স্ব-পৰিৱৰ্তনৰ দ্বাৰাহে বিশ্ব-পৰিৱৰ্তনৰ কাৰ্যত অন্তৰে বিচৰা ধৰণে সফলতা প্ৰাপ্ত হয়। কিন্তু এই সফলতা তেতিয়াহে পোৱা যায় যেতিয়া একেটা সময়তে বৃত্তি, প্ৰকম্পন আৰু বাণী তিনিওটা শক্তি হ’ব।

স্লোগান:
যেতিয়া বাণীত স্নেহ আৰু সংযম থাকিব তেতিয়া বাণীৰ শক্তি জমা হ’ব।