03.05.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই দুখধামৰ পৰা জীৱন্তে সম্পৰ্ক চ্ছেদ কৰা কিয়নো তোমালোক সুখধামলৈ যাব লাগে”

প্ৰশ্ন:
পিতাই সন্তানসকলক কোনটো এটা সৰু পৰিশ্ৰম কৰিবলৈ দিয়ে?

উত্তৰ:
পিতাই কয় – সন্তানসকল, কাম হৈছে মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হোৱা। এয়াই তোমালোকক অলপ পৰিশ্ৰম কৰিবলৈ দিওঁ। তোমালোক সম্পূৰ্ণ পৱন হ’ব লাগে। পতিতৰ পৰা পাৱন অৰ্থাৎ পাৰস হ’ব লাগে। পাৰস হোৱাসকল পাথৰ হ’ব নোৱাৰে। তোমালোক সন্তানসকল এতিয়া ফুল হোৱা তেতিয়া পিতাই তোমালোকক নয়নত বহুৱাই লগত লৈ যাব।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, এইটোতো সন্তানসকলে নিশ্চয় বুজি পায় যে আমিয়েই ব্ৰাহ্মণ যিসকল দেৱতা হ’মগৈ। এইটো দৃঢ় নিশ্চয়তা আছে নহয়। শিক্ষকে যাক পঢ়ায় নিশ্চয় নিজৰ সমান কৰি তোলে। এয়াতো নিশ্চয়তাৰ কথা। কল্পই কল্পই পিতা আহি বুজায়, আমাক; নৰকবাসীসকলক স্বৰ্গবাসী কৰি তোলে। গোটেই সৃষ্টি ৰচোঁতা কোনোবাতো থাকিব নহয়। পিতাই স্বৰ্গবাসী কৰি তোলে, ৰাৱণে নৰকবাসী কৰে। এই সময়ত হৈছে ৰাৱণৰাজ্য, সত্যযুগত হৈছে ৰামৰাজ্য। ৰামৰাজ্য স্থাপনা কৰোঁতা আছে তেন্তে নিশ্চয় ৰাৱণৰাজ্য স্থাপনা কৰোঁতাও থাকিব। ৰাম ভগৱানক কোৱা হয়, ভগৱানে নতুন সৃষ্টি স্থাপনা কৰে। জ্ঞানতো বহুত সহজ, কোনো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা পাথৰবুদ্ধিৰ যে পাৰসবুদ্ধি হোৱাটোৱে অসম্ভৱ বুলি ভাবে। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাতেই বহুত পৰিশ্ৰম হয় কিয়নো মায়াৰ প্ৰভাৱ থাকে। 50 মহলীয়া, 100 মহলীয়া কিমান ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰে। স্বৰ্গত ইমান মহলা নাথাকে। আজিকালি ইয়াতেই নিৰ্মাণ কৰি থাকে। তোমালোকে বুজি পোৱা যে ইয়াত যেনেকুৱা অট্টালিকা নিৰ্মাণ কৰে সত্যযুগত তেনেকুৱা নাথাকে। পিতাই নিজেই বুজায় - গোটেই বিশ্বত ইমান সৰু বৃক্ষ (স্বৰ্গত সৃষ্টিত তেনেই কম সংখ্যক আত্মা থাকিব), তেন্তে তাত একাধিক মহলা আদি নিৰ্মাণ কৰাৰ দৰকাৰেই নাই। বহুত মাটি পৰি থাকে। ইয়াততো মাটি নাই, সেইকাৰণে মাটিৰ দাম কিমান বাঢ়ি গ’ল। তাত মাটিৰ দৰ-দাম নহয়েই, পৌৰ প্ৰশাসনৰ কৰ আদি নাথাকে। যাক যিমান মাটি লাগে ল’ব পাৰে। তাত তোমালোকে একমাত্ৰ পিতাৰ এই জ্ঞানেৰে সকলো সুখ পাই যোৱা। মনুষ্যই 100 মহলীয়া অট্টালিকা আদি নিৰ্মাণ কৰি থাকে সেইবোৰত পইচা আদিতো খৰচ হয় নহয়। তাত পইচা আদি খৰচেই নহয়। প্ৰচুৰ ধন থাকে। পইচাৰ মূল্য নাথাকে। পইচা অত্যাধিক থাকিলে কি কৰিব। সোণ, হীৰা, মুকুতাৰ মহল আদি নিৰ্মাণ কৰি দিয়ে। এতিয়া তোমালোক সন্তানসকলৰ কিমান বোধশক্তি প্ৰাপ্ত হৈছে। বোধ আৰু অবোধৰেই কথা। সতো বুদ্ধি আৰু তমো বুদ্ধি। সতোপ্ৰধান স্বৰ্গৰ মালিক আৰু তমোগুণী বুদ্ধি নৰকৰ মালিক। এইখনতো স্বৰ্গ নহয়। এইখন হৈছে ৰৌৰৱ নৰক। বহুত দুখী সেইবাবে ভগৱানক মিনতি কৰে, আকৌ পাহৰি যায়। কিমান মগজ খটুৱায়, সন্মিলন আদি পাতি থাকে যে একতা হৈ যাওঁক। কিন্তু তোমালোক সন্তানসকলে বুজি পোৱা - এওঁলোক পৰস্পৰ মিলিত হ’ব নোৱাৰে। এই গোটেই বৃক্ষজোপাৰ জৰাজীৰ্ণ অৱস্থা, পুনৰ নতুন হয়। তোমালোকে জানা কলিযুগৰ পৰা সত্যযুগ কেনেকৈ হয়। এই জ্ঞান পিতাই তোমালোকক এতিয়াহে বুজায়। সত্যযুগবাসীয়েই পুনৰ কলিযুগবাসী হোৱা আকৌ সংগমযুগবাসী হৈ সত্যযুগবাসী হোৱা। ক’ব ইমানবিলাক সত্যযুগলৈ যাবনে? নহয়, যিসকলে সঁচা সত্য-নাৰায়ণৰ কথা শুনিব তেওঁলোকেই স্বৰ্গলৈ যাব। বাকী সকলো শান্তিধামলৈ গুচি যাব। দুখধামতো নাথাকিবই। গতিকে জীৱন্তে এই দুখধামৰ পৰা সম্পৰ্ক চ্ছেদ কৰিব লাগে। পিতাই যুক্তিতো শুনায়, কেনেকৈ তোমালোকে সম্পৰ্ক চ্ছেদ কৰিব পাৰা। এই গোটেই সৃষ্টিত দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়া পুনৰ পিতা স্থাপনা কৰিবলৈ আহে। আমি সেইজন পিতাৰ পৰা ৰাজ্য লৈ আছোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি পৰিৱৰ্তন নিশ্চয় হ’ব লাগে। এইখন হৈছে পুৰণি সৃষ্টি। ইয়াক সত্যযুগ বুলি কেনেকৈ ক’বা? কিন্তু মনুষ্যই একেবাৰেই নুবুজে যে সত্যযুগ কি হয়। বাবাই বুজাইছে - এই জ্ঞানৰ যোগ্য তেওঁলোকেই যিসকলে বহুত ভক্তি কৰিছে। তেওঁলোককে বুজাব লাগে। বাকী যিসকল এইটো কুলৰ নহয়, তেওঁলোকে নুবুজিব। তেন্তে এনেয়ে সময় কিয় নষ্ট কৰিব লাগে। আমাৰ পৰিয়ালৰ যদি নহয়েই তেন্তে একোৱে নামানিব। কৈ দিয়ে - আত্মা কি, পৰমাত্মা কি - এয়া মই বুজিবই নিবিচাৰোঁ। গতিকে এনেকুৱাসকলৰ বাবে পৰিশ্ৰমেই কিয় কৰিব লাগে। বাবাই বুজাইছে - ওপৰত লিখা আছে ভগৱানুবাচ, মই আহোঁৱেই কল্পই কল্পই পুৰুষোত্তম সংগমযুগত আৰু সাধাৰণ মনুষ্যৰ শৰীৰত। যি নিজৰ জন্মৰ বিষয়ে নাজানে, মই শুনাওঁ। সম্পূৰ্ণ 5 হাজাৰ বছৰৰ ভূমিকা কাৰ হয়, মই আহি শুনাওঁ। যি প্ৰথম নম্বৰত আহিছে তেওঁৰেই ভূমিকা হ’ব নহয়। শ্ৰীকৃষ্ণৰ মহিমাও গায় সত্যযুগৰ প্ৰথম ৰাজকুমাৰ। তেৰ্ৱেঁই আকৌ 84 জন্মৰ পাছত কি হ’ব? প্ৰথম ভিকহু। ভিকহুৰ পৰা ৰাজকুমাৰ। আকৌ ৰাজকুমাৰৰ পৰা ভিকহু। তোমালোকে বুজি পোৱা ৰাজকুমাৰৰ পৰা ভিকহু কেনেকৈ হয়। আকৌ পিতা আহি কড়িৰ পৰা হীৰাতুল্য কৰি তোলে। যি হীৰাতুল্য তেৱেঁই পুনৰ কড়িতুল্য হৈ যায়। পুনৰ্জন্মতো লয় নহয়। সকলোতকৈ অধিক জন্ম কোনে লয়, এয়া তোমালোকে বুজি পোৱা। প্ৰথমেতো শ্ৰীকৃষ্ণকে মানিব যিহেতু তেওঁৰ ৰাজধানী আছে। বহুত জন্মও তেওঁৰে হ’ব। এইটো বহুত সহজ কথা। কিন্তু মনুষ্যই এই কথাবোৰত গুৰুত্ব নিদিয়ে। পিতাই বুজালে তেতিয়া আচম্বিত হয়। পিতাই সঠিককৈ কয়, প্ৰথমৰ জনেই গৈ শেষৰজন হয়গৈ। প্ৰথমে হীৰাতুল্য, শেষত কড়িতুল্য। পুনৰ হীৰাতুল্য হ'ব লাগে, পাৱন হ'ব লাগে, এই ক্ষেত্ৰত কষ্ট কি। পাৰলৌকিক পিতাই অধ্যাদেশ উলিয়ায় - কাম মহাশত্ৰু। তোমালোক পতিত কাৰ দ্বাৰা হোৱা? বিকাৰগ্ৰস্ত হোৱা বাবে, সেয়েহে আহ্বানো জনায় - হে পতিত-পাৱন আহক কিয়নো পিতাতো সৰ্বদা পাৰসবুদ্ধিৰ, তেওঁ কেতিয়াও পাথৰবুদ্ধিৰ নহয়, সংযোগেই তেওঁৰ আৰু পোন প্ৰথমে জন্ম লোৱাজনৰ হৈ গ’ল। দেৱতাতো বহুত থাকে, কিন্তু মনুষ্যই একোৱে বুজি নাপায়।

খ্ৰীষ্টানসকলে কয় – যীশুখ্ৰীষ্টৰ জন্মৰ 3 হাজাৰ বছৰ পূৰ্বে স্বৰ্গ আছিল। তেওঁলোক তথাপিও পাছৰ ফালে আহিছে নহয় সেয়েহে তেওঁলোকৰ শক্তি আছে। তেওঁলোকৰ পৰাই সকলোৱে শিকিবলৈ যায় কিয়নো তেওঁলোকৰ বুদ্ধি সজীৱ। বুদ্ধিও তেওঁলোকৰে আছে। সতো, ৰজো, তমোত আহে নহয়। তোমালোকে জানা যে সকলো বিলাতৰ পৰাই শিকে। এইটোও তোমালোকে জানা যে সত্যযুগত মহল আদি নিৰ্মাণ কৰোঁতে সময় নালাগে। এজনৰ বুদ্ধিত উদয় হ’ল, তাৰপাছত বৃদ্ধি হৈ যায়। এটা সাজি পাছত আৰু বহুত সাজে। বুদ্ধিত আহি যায় নহয়। বৈজ্ঞানীসকলৰ বুদ্ধি তোমালোকৰ ওচৰত উচ্চ হৈ যায়। কম সময়তে মহল নিৰ্মাণ কৰি থাকিব। ইয়াত ঘৰ বা মন্দিৰ নিৰ্মাণ কৰিবলৈ 12 মাহ লাগি যায়, তাততো ইনঞ্জিয়াৰ আদি বহুত দক্ষ হয়। সেয়া হয়েই সত্যযুগ। পাথৰ আদিতো নাথাকিবই। এতিয়া তোমালোক বহি আছা, খেয়াল আহে আমি এই পুৰণি শৰীৰ এৰিম, পুনৰ ঘৰলৈ যাম, তাৰপৰা পুনৰ সত্যযুগত যোগবলেৰে জন্ম ল'ম। সন্তানসকল আনন্দিত কিয় নহয়! চিন্তন কিয় নচলে! যিসকল সকলোতকৈ অধিক সেৱাধাৰী তেওঁলোকৰ নিশ্চয় চিন্তন চলিব। যিসকল আইনৰ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকৰ বুদ্ধিত উদয় হৈ থাকে যে এইটো কৰিম, সেইটো কৰিম। তোমালোকেও বুজি পোৱা যে আমি এই শৰীৰ এৰি এয়া হ'মগৈ। স্মৃতিৰেহে তোমালোকৰ আয়ুস বৃদ্ধি হ’ব। এতিয়াতো বেহদৰ পিতাৰ সন্তান, এইটো বহু উচ্চ শ্ৰেণী। তোমালোক হৈছা ঈশ্বৰীয় পৰিয়ালৰ। তোমালোকৰ আৰু অন্য কোনো সম্বন্ধ নাই। ভাই-ভনীতকৈও উচ্চ কৰি দিলে। ভাই ভাই বুলি বুজা - ইয়াৰ বাবে বহুত অভ্যাস কৰিব লাগে। ভাইৰ নিবাসস্থান ক'ত? এই আসনত অকাল আত্মা থাকে। এই আসন সকলো আত্মাৰ অৱক্ষয় হৈ গৈছে। সকলোতকৈ অধিক তোমালোকৰ অৱক্ষয় গৈছে। আত্মা এই আসনত বিৰাজমান হয়। ভ্ৰূকুটিৰ মাজত কি আছে? এইটো বুদ্ধিৰ দ্বাৰা বুজিবলগীয়া কথা। আত্মা একেবাৰে সূক্ষ্ম, তৰাৰ দৰে। পিতায়ো কয় - ময়ো বিন্দু। মই জানো তোমালোকতকৈ ডাঙৰ। তোমালোকে জানা - আমি শিৱবাবাৰ সন্তান। এতিয়া পিতাৰ পৰা আশীৰ্বাদ ল'ব লাগে সেয়েহে নিজক ভাই ভাই আত্মা বুলি বুজা। পিতাই তোমালোকক সন্মুখত পঢ়াই আছে। আগলৈ গৈ আৰু আকৰ্ষিত হৈ থাকিব। এই বিঘিনিও ড্ৰামা অনুসৰি আহি থাকিব।

এতিয়া পিতাই কয় - তোমালোক পতিত হ'ব নালাগে, এয়া হৈছে অধ্যাদেশ। এতিয়াতো আৰু তমোপ্ৰধান হৈ গৈছে। বিকাৰ অবিহনে থাকিব নোৱাৰে। যেনেকৈ চৰকাৰে কয় যে মদ্যপান নকৰিবা, কিন্তু মদ অবিহনে থাকিব নোৱাৰে। আকৌ তেওঁলোককে মদ খুৱাই নিৰ্দেশ দিয়ে যে অমুক ঠাইত বোমাৰ সহিত জপিয়াই পৰা। কিমান লোকচান হয়। তোমালোক ইয়াত বহি বহি বিশ্বৰ মালিক হোৱা। তেওঁলোকে আকৌ তাত বহি বহি গোটেই বিশ্বৰ বিনাশৰ বাবে বোমা বৰ্ষণ কৰে। ধ্বংসৰ কাৰণে কেনেকৈ প্ৰতিযোগিতা চলে। তোমালোকে ইয়াত বহি বহি পিতাক স্মৰণ কৰা আৰু বিশ্বৰ মালিক হৈ যোৱা। যিকোনো উপায়েৰে পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। ইয়াত হঠযোগ (শৰীৰক কষ্ট দি কৰা যোগ) কৰা বা আসন আদি কৰাৰ কোনো কথা নাই। বাবাই কোনো ধৰণৰ কষ্ট নিদিয়ে। যেনেকৈয়ে বহা তোমালোকে কেৱল স্মৰণ কৰা যে আমি অতিকৈ মৰমৰ সন্তান। মাখনৰ পৰা চুলি আঁতৰোৱাৰ দৰে অতি সহজে তোমালোকে বাদশ্বাহী লাভ কৰা। গায়নো কৰে যে ছেকেণ্ডত জীৱনমুক্তি। য'তেই বহা, ফুৰা-চকা কৰা কেৱল পিতাক স্মৰণ কৰা। পৱিত্ৰ নোহোৱাকৈ কেনেকৈ যাবা? নহ'লে শাস্তি খাব লাগিব। যেতিয়া ধৰ্মৰজাৰ ওচৰলৈ যাবা তেতিয়া সকলোৰে হিচাপ-নিকাচ নিষ্পত্তি হ’ব। যিমানে পৱিত্ৰ হ’বা সিমানে উচ্চ পদ পাবা। অপৱিত্ৰ হৈ থাকিলে শুকান ৰুটি খাবলৈ পাবা (তলৰ খাপৰ পদ পাবা)। যিমানে পিতাক স্মৰণ কৰিবা, পাপ খণ্ডন হ’ব। ইয়াত খৰচ আদিৰ কোনো কথা নাই। লাগিলে ঘৰত বহি থাকা, পিতাৰ পৰা মন্ত্ৰ লৈ লোৱা। এয়া হৈছে মায়াক বশ কৰাৰ মন্ত্ৰ – ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰি থাকা)। এই মন্ত্ৰ পাই গ’লা তাৰপাছত লাগিলে ঘৰলৈ যোৱা। মুখেৰে একো নক’বা। ‘অল্ফ’ (পিতা) আৰু ‘বে’ বাদশ্বাহীক স্মৰণ কৰা। তোমালোকে বুজি পোৱা পিতাক স্মৰণ কৰিলে আমি সতোপ্ৰধান হৈ যাম, পাপ খণ্ডন হৈ যাব। বাবাই নিজৰ অনুভৱো শুনায় – ভোজন কৰিবলৈ বহোঁ, বাৰু, মই বাবাক স্মৰণ কৰি খাওঁ, আকৌ তৎমূহূৰ্ততে পাহৰি যাওঁ কিয়নো গায়ন কৰা হয় যাৰ মূৰত গুৰুদায়িত্ব থাকে...... কিমান চিন্তা কৰিবলগীয়া হয় - অমুক আত্মাটিয়ে বহুত সেৱা কৰে, তেওঁক স্মৰণ কৰিব লাগে। সেৱাধাৰী সন্তানসকলক বহুত মৰম কৰে। তোমালোককো কয় - এই শৰীৰত যিটি আত্মা বিৰাজমান হৈ আছে তেওঁক স্মৰণ কৰা। ইয়ালৈ তোমালোক আহাই শিৱবাবাৰ ওচৰত। পিতা তাৰ পৰা তললৈ আহিছে। তোমালোকে সকলোকে কোৱাও যে ভগৱানৰ আগমন হৈছে। কিন্তু বুজি নাপায়। যুক্তিৰে ক’বলগীয়া হয়। হদ (শৰীৰৰ পিতা) আৰু বেহদৰ (পাৰলৌকিক পিতা) দুজন পিতা আছে। এতিয়া বেহদৰ পিতাই বাদশ্বাহী দি আছে। পুৰণি সৃষ্টিৰ বিনাশো সমাগত। এক ধৰ্মৰ প্ৰতিষ্ঠা, অনেক ধৰ্মৰ বিনাশ হয়। পিতাই কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰিলে তোমালোকৰ পাপ ভস্ম হৈ যাব। এয়া হৈছে যোগ অগ্নি, যাৰ দ্বাৰা তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এইটো পদ্ধতি পিতাইহে শুনাইছে। তোমালোক সন্তানসকলে জানা - পিতাই সকলোকে ফুলৰ দৰে কৰি, নয়নত বহুৱাই লৈ যায়। কোনজুৰি নয়ন? জ্ঞানৰ। আত্মাসকলক লৈ যায়। বুজি পোৱা যে যাবতো নিশ্চয় লাগিব, তাৰ আগতে কিয়নো পিতাৰ পৰা উত্তৰাধিকাৰ লৈ নলওঁ। উপাৰ্জনো বহুত শ্ৰেষ্ঠ। পিতাক পাহৰিলে আকৌ লোকচানো বহুত হয়। পৰিপক্ক বেপাৰী হোৱা। পিতাক স্মৰণ কৰিলেহে আত্মা পৱিত্ৰ হ’ব। আকৌ এটা শৰীৰ এৰি আন এটা শৰীৰ ধাৰণ কৰিবাগৈ। সেয়েহে পিতাই কয় - মৰমৰ সন্তানসকল, দেহী-অভিমানী হোৱা। এইটো অভ্যাস দৃঢ় কৰিব লাগে। নিজক আত্মা বুলি বুজি পিতাৰ পৰা পঢ়ি থাকিলে নাও হৈ যাব, শিৱালয়লৈ গুচি যাবা। “চন্দ্ৰকান্ত বেদান্ত”তো এই কথা আছে। নাও কেনেকৈ চলে, মাজতে নামি যায়, কোনো বস্তুৰ প্ৰতি অন্তৰ আকৰ্ষিত হৈ যায়। (পানী) জাহাজ গুচি যায়। এই ভক্তিমাৰ্গৰ শাস্ত্ৰ পুনৰ ৰচনা হ’ব, তোমালোকে পঢ়িবা। আকৌ যেতিয়া বাবা আহিব তেতিয়া এয়া সকলো এৰি দিবা। পিতা আহে সকলোকে লৈ যাবলৈ। ভাৰতৰ উত্থান আৰু পতন কেনেকৈ হয়, কিমান স্পষ্ট। এওঁ শ্যামবৰণীয়া আৰু বগা হয়। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা হয়। কেৱল এজনেইতো নহয়। এয়া সকলো বুজাব লাগে। শ্ৰীকৃষ্ণ বগা আৰু শ্যামবৰণীয়া হোৱাৰ বিষয়েও বুজাব লাগে। স্বৰ্গলৈ গ’লে নৰকক লঠিয়াই দিয়ে। এয়া চিত্ৰত স্পষ্টকৈ আছে নহয়। ৰাজকীয় সাজ-পোছাকতো তোমালোকৰ চিত্ৰ তৈয়াৰ কৰা হৈছিল। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ অধ্যাদেশ পালন কৰিবৰ কাৰণে আমি আত্মা ভাই ভাই, ভ্ৰূকুটিৰ মধ্যত আমাৰ নিবাস স্থান, আমি বেহদৰ পিতাৰ সন্তান, আমাৰ এয়া ঈশ্বৰীয় পৰিয়াল - এইটো স্মৃতিত থাকিব লাগে। দেহী-অভিমানী হোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।

(2) ধৰ্মৰজাৰ শাস্তিৰ পৰা হাত সাৰিবলৈ নিজৰ সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। মায়াক বশ কৰাৰ যি মন্ত্ৰ পাইছা, সেয়া স্মৃতিত ৰাখি সতোপ্ৰধান হ’ব লাগে।

বৰদান:
বিন্দু ৰূপত স্থিত হৈ আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিওঁতা বিঘ্ন-বিনাশক হোৱা

যিসকল সন্তানে কোনো কথাত প্ৰশ্নবোধক চিহ্ন নলগায়, সদায় বিন্দু ৰূপত স্থিত হৈ থাকি প্ৰতিটো কাৰ্যত আনকো ড্ৰামাৰ বিন্দু স্মৃতি সোঁৱৰাই দিয়ে - তেওঁলোককে বিঘ্ন-বিনাশক বুলি কোৱা হয়। তেওঁলোকে আনকো সমৰ্থ কৰি সফলতাৰ লক্ষ্যস্থলৰ সমীপত লৈ আনে। তেওঁলোক হদৰ সফলতাৰ প্ৰাপ্তিক দেখি সুখী নহয় কিন্তু বেহদৰ সফলতামূৰ্ত হয়। সদায় একৰস, এক শ্ৰেষ্ঠ স্থিতিত স্থিত হৈ থাকে। তেওঁলোকে নিজৰ সফলতাৰ স্ব-স্থিতিৰে অসফলতাকো পৰিৱৰ্তন কৰি দিয়ে।

স্লোগান:
আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া তেতিয়া বহুত সোনকালে মায়াজিৎ হৈ যাবা।

আনন্দ ৰূপী সম্পদেৰে সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:

আত্মিক অগ্নিশিখাৰ (শিৱবাবাৰ) সেইসকল ছগাপোকেই (আত্মাই) পচন্দ হয় যিসকলে আনন্দত গান গাব আৰু নাচিব জানে, তাৰ বাবে “মোৰ মোৰ”ৰ যি দীঘলীয়া তালিকা আছে – মোৰ নাতি, মোৰ পুতি, মোৰ ঘৰ, মোৰ বোৱাৰী…. এতিয়া এয়া সমাপ্ত কৰা। অনেকক পাহৰি এক পিতাক স্মৰণ কৰা তেতিয়া পৰিশ্ৰম মুক্ত হৈ আৰামত আনন্দৰ দোলনাত দুলি থাকিবা।