04.02.24    Avyakt Bapdada     Assame Murli     31.01.98     Om Shanti     Madhuban


*সন্মান সহকাৰে উত্তীৰ্ণ হবলৈ প্ৰতিটো সম্পদৰ হিচাপ পৰীক্ষা কৰি জমা কৰা*


আজি বাপদাদা প্ৰতি গৰাকী সৰু-ডাঙৰ চাৰিওফালৰ দেশ-বিদেশৰ সন্তানৰ ভাগ্য দেখি হৰ্ষিত হৈ আছেহঁক। এনেকুৱা ভাগ্য গোটেই কল্পত ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কাৰো হব নোৱাৰে। দেৱতাসকলেও ব্ৰাহ্মণ জীৱনক শ্ৰেষ্ঠ বুলি মানে। প্ৰত্যেকেই নিজৰ জীৱনৰ আদিৰ পৰাই চোৱা যে আমাৰ ভাগ্য জন্মৰ পৰাই কিমান শ্ৰেষ্ঠ। জীৱনত জন্মৰ পৰাই মাতা-পিতাৰ প্ৰতিপালনৰ ভাগ্য প্ৰাপ্ত হয়। তাৰপাছত পঢ়াৰ ভাগ্য প্ৰাপ্ত হয়। তাৰ আগতে গুৰুৰ দ্বাৰা মত বা বৰদান প্ৰাপ্ত হয়। তোমালোক সন্তানসকলক প্ৰতিপালন কৰোঁতা, পঢ়াওঁতা আৰু শ্ৰীমত দিওঁতা, বৰদান দিওঁতাজন কোন? পৰম আত্মাৰ দ্বাৰা এই তিনিওটাই প্ৰাপ্ত হয়। প্ৰতিপালন চোৱা পৰমাত্ম প্ৰতিপালন কিমান কম সংখ্যক কোটিৰ মাজত কোনোবাই পায়। পৰমাত্ম শিক্ষকে পঢ়োৱা পাঠ তোমালোকৰ বাহিৰে আন কোনেও নাপায়। সৎগুৰুৰ দ্বাৰা শ্ৰীমত, বৰদান তোমালোকেই পোৱা। গতিকে নিজৰ ভাগ্যক ভালদৰে জানানে? ভগ্যক স্মৃতিত ৰাখি দোলনাত দুলি থাকা, গীত গাই থাকা বাঃ! মোৰ ভাগ্য!

অমৃতবেলাৰ পৰা আৰম্ভ কৰি যেতিয়া উঠা তেতিয়া পৰমাত্ম স্নেহত লীন হৈ উঠা। পৰমাত্ম স্নেহে উঠায়। দিনটোৰ কাম-কাজৰ আৰম্ভণি পৰমাত্ম স্নেহেৰে হয়। স্নেহ নাথাকিলে উঠিব নোৱাৰা। স্নেহেই তোমালোকৰ সময়ৰ ঘণ্টা। স্নেহৰ ঘণ্টাই তোমালোকক উঠায়। গোটেই দিনটোত পৰমাত্মাৰ সঙ্গত প্ৰতিটো কাৰ্য কৰা। কিমান শ্ৰেষ্ঠ ভাগ্য যে স্বয়ং পিতা নিজৰ পৰমধাম এৰি তোমালোকক শিক্ষা দিবলৈ আহে। এনেকৈ কেতিয়াবা শুনিছিলানে যে ভগৱানে নিতৌ নিজৰ ধাম এৰি পঢ়াবলৈ আহে! আত্মাসকল লাগিলে যিমানেই দূৰ-দূৰণিৰ পৰা নাহক, পৰমধামতকৈ দূৰৈৰ আৰু কোনো দেশ নাই। আছে জানো কোনোবা দেশ? আমেৰিকা, আফ্ৰিকা দূৰৈত নেকি? পৰমধাম আটাইতকৈ উচ্চ ধাম। উচ্চতকৈও উচ্চ ধামৰ পৰা, উচ্চতকৈও উচ্চ ভগৱান, উচ্চতকৈও উচ্চ সন্তানসকলক পঢ়াবলৈ আহে। নিজৰ এনেকুৱা ভাগ্য অনুভৱ কৰানে? সৎগুৰুৰ ৰূপত প্ৰতিটো কাৰ্যৰ বাবে শ্ৰীমতো দিয়ে আৰু সঙ্গও দিয়ে। কেৱল মত নিদিয়ে, সঙ্গও দিয়ে। তোমালোকে কি গীত গোৱা? মোৰ লগত আছে নে দূৰৈত আছে? লগত আছে নহয়? যদি শুনা তেন্তে পৰমাত্ম শিক্ষকৰ পৰা, যদি খোৱাও তেন্তে বাপদাদাৰ লগত খোৱা। যদি অকলে খোৱা তেন্তে তোমালোকৰ ভুল। পিতাইতো কয় মোৰ লগত খোৱা। তোমালোক সন্তানসকলেও প্ৰতিজ্ঞা কৰিছা যে লগত থাকিম, লগত খাম, লগত পান কৰিম, লগত শুম আৰু লগত যাম অকলে শুবও নালাগে। অকলে শুলে বেয়া সপোন বা বেয়া খেয়াল সপনতো আহে। কিন্তু পিতাৰ ইমান স্নেহ আছে যে সদায় কয় - মোৰ লগত শোৱা, অকলে নুশুবা। গতিকে যেতিয়া উঠা তেতিয়াও লগত, যেতিয়া শোৱা তেতিয়াও লগত, যেতিয়া খোৱা তেতিয়াও লগত, যেতিয়া ফুৰা তেতিয়াও লগত। যদি কাৰ্যালয়লৈ যোৱা, ব্যৱসায় কৰা তেতিয়াও তোমালোক ব্যৱসায়ৰ নিমিত্ত, মালিক হৈছে পিতা। কাৰ্যালয়লৈ গলে তেতিয়া তোমালোকে জানা যে আমাৰ নিৰ্দেশক, মালিক হৈছে বাপদাদা, এওঁ নিমিত্ত মাত্ৰ, তেওঁৰ নিৰ্দেশনাত কাম কৰে। কেতিয়াবা দুখী হৈ গলে পিতাই বন্ধু হৈ সান্তনা দিয়ে। বন্ধুও হৈ যায়। কেতিয়াবা প্ৰেমৰ চকুলো টোকা তেতিয়া পিতা মচিবলৈও আহে আৰু তোমালোকৰ চকুলো অন্তৰৰ টেমাত মুকুতাৰ দৰে সুমুৱাই লয়। যদি কেতিয়াবা দুষ্টামি কৰি নাৰাজো হৈ যোৱা, নাৰাজো হোৱা বৰ মৰমলগাকৈ। কিন্তু পিতাই নাৰাজ হোৱাজনকো ৰাজী কৰিবলৈ আহে। সন্তানসকল কোনো কথা নাই, আগবাঢ়ি যোৱা। যি হৈ গল সেয়া পাৰ হৈ গল, পাহৰি যোৱা, অতীতক পাহৰি যোৱা, এনেকৈ বুজায়ো। তেন্তে প্ৰতিদিনৰ দিনচৰ্যা কাৰ লগত? বাপদাদাৰ লগত। বাপদাদাৰ কেতিয়াবা কেতিয়াবা সন্তানসকলৰ কথা শুনি হাঁহিও উঠে। যেতিয়া কয় বাবা আপোনাক পাহৰি যাওঁ, এফালেতো কয় সংযুক্ত, সংযুক্ত হৈ থকাজনক কেতিয়াবা পাহৰে জানো? যেতিয়া লগত আছে তেন্তে সংগীক পাহৰিব পাৰে জানো? সেয়েহে বাবাই কয় চাব্বাচ সন্তানসকলৰ ইমান শক্তি আছে যে সংযুক্তজনকো পৃথক কৰি দিয়ে! হয় সংযুক্ত আৰু অলপমান মায়াই সংযুক্তকো পৃথক কৰি দিয়ে।

বাপদাদাই সন্তানসকলৰ খেল চাই এইটোৱেই কয় হে সন্তানসকল, নিজৰ ভাগ্যক সদায় স্মৃতিত ৰাখা। হয় কি? ভাবা হয় মোৰ ভাগ্য বহুত উচ্চ কিন্তু ভবাৰ স্বৰূপ হোৱা, স্মৃতি-স্বৰূপ নোহোৱা। ভাবা বহুত ভাল মইতো এনেকুৱা হওঁ, মইতো এনেকুৱা হওঁ, মইতো এনেকুৱা হওঁ শুনোৱাও বহুত ভালকৈ। কিন্তু যি ভাবা, যি কোৱা তাৰ স্বৰূপ হৈ যোৱা। স্বৰূপ হোৱাটোত কম হৈ যায়। প্ৰত্যেক কথাৰে স্বৰূপ হৈ যোৱা। যিটো ভাবা সেই স্বৰূপৰো অনুভৱ কৰা। সকলোতকৈ ডাঙৰ কথা অনুভৱী মূৰ্ত হোৱা। অনাদি কালত যেতিয়া পৰমধামত থাকে তেতিয়া ভবাৰ স্বৰূপ নহয়, স্মৃতি-স্বৰূপ হৈ থাকে। মই আত্মা, মই আত্মা এয়াও ভাবিবলগীয়া নহয়, স্বৰূপেই হয়। আদিকালতো এই সময়ৰ পুৰুষাৰ্থৰ প্ৰালব্ধ স্বৰূপ হয়। ভাবিবলগীয়া নহয় মই দেৱতা, মই দেৱতা স্বৰূপ হয়। গতিকে যেতিয়া অনাদিকাল, আদিকালত স্বৰূপ হয় তেন্তে এতিয়াও অন্তত স্বৰূপ হোৱা। স্বৰূপ হলে নিজৰ গুণ, শক্তি আপোনাআপুনি জাগ্ৰত হয়। যেনেকৈ যিকোনো বৃত্তিধাৰীৰ লোক যেতিয়া নিজৰ আসনত স্থিত হৈ যায় তেতিয়া সেইটো বৃত্তিৰ গুণ, কৰ্তব্য আপোনাআপুনি জাগ্ৰত হয়। এনেকৈ তোমালোক সদায় স্বৰূপৰ আসনত স্থিত হৈ থাকা তেতিয়া প্ৰতিটো গুণ, প্ৰতিটো শক্তি, সকলো প্ৰকাৰৰ নিচা আপোনাআপুনি জাগ্ৰত হব। পৰিশ্ৰম কৰিবলগীয়া নহব। ইয়াক কোৱা হয় ব্ৰাহ্মণবোধৰ স্বভাৱসিদ্ধ স্বভাৱ, যত অনেক জন্মৰ অন্য সকলো স্বভাৱ সমাপ্ত হৈ যায়। ব্ৰাহ্মণ জীৱনৰ স্বভাৱসিদ্ধ স্বভাৱ হয়েই গুণ স্বৰূপ, সৰ্ব শক্তি স্বৰূপ অন্য যিবোৰ পুৰণা স্বভাৱ আছে সেইবিলাক ব্ৰাহ্মণ জীৱনৰ স্বভাৱ নহয়। কোৱা এনেকৈ যে মোৰ স্বভাৱ এনেকুৱা কিন্তু কোনে কয় যে মোৰ স্বভাৱ? ব্ৰাহ্মণ নে ক্ষত্ৰিয়? নে আগৰ জন্মৰ স্মৃতি-স্বৰূপ আত্মাই কয়? ব্ৰাহ্মণসকলৰ স্বভাৱ - যি পিতা ব্ৰহ্মাৰ স্বভাৱ সেয়া ব্ৰাহ্মণসকলৰ স্বভাৱ। গতিকে ভাবা যি সময়ত কোৱা যে মোৰ চৰিত্ৰ, মোৰ স্বভাৱ এনেকুৱা, কিন্তু ব্ৰাহ্মণ জীৱনত এনেকুৱা শব্দ মোৰ চৰিত্ৰ, মোৰ স্বভাৱ থাকিব পাৰে জানো? যদি এতিয়াও দূৰ কৰি আছা আৰু পূৰ্বৰ স্বভাৱ জাগ্ৰত হৈ যায় তেন্তে বুজিব লাগে যে এই সময়ত মই ব্ৰাহ্মণ নহয়, ক্ষত্ৰিয় হওঁ, দূৰ কৰিবলৈ যুদ্ধ কৰি আছোঁ। তেন্তে কেতিয়াবা ব্ৰাহ্মণ, কেতিয়াবা ক্ষত্ৰিয় হৈ যোৱা নেকি? কি বুলি কোৱা? ক্ষত্ৰিয় কুমাৰ নে ব্ৰহ্মাকুমাৰ? কোন হোৱা? ক্ষত্ৰিয় কুমাৰ হোৱা নেকি? ব্ৰহ্মাকুমাৰ, ব্ৰহ্মাকুমাৰী। অন্য নামতো নায়েই। কাৰোবাক এনেকৈ মাতা জানো হে ক্ষত্ৰিয় কুমাৰ আহা? এনেকৈ কোৱা নে নিজক কোৱা যে মই ব্ৰহ্মাকুমাৰ নহওঁ, মই ক্ষত্ৰিয় কুমাৰ? গতিকে ব্ৰাহ্মণ অথাৎ যি পিতা ব্ৰহ্মাৰ স্বভাৱ সেয়া ব্ৰাহ্মণৰ স্বভাৱ। এনেকুৱা শব্দ এতিয়া কেতিয়াও নকবা, ভুলতো নকবা, নাভাবিবা যে কি কৰোঁ মোৰ স্বভাৱ! এয়া অজুহাত। এনেকৈ কোৱাটোও নিজক বচাবলৈ কৰা অজুহাত। নতুন জন্ম হল, নতুন জন্মত পুৰণা চৰিত্ৰ, পুৰণা স্বভাৱ কৰ পৰা জাগ্ৰত হয়? তাৰমানে পূৰা মৰা নাই, অলপ জীয়াই আছে, অলপ মৰিছা নেকি? ব্ৰাহ্মণ জীৱন অৰ্থাৎ পিতা ব্ৰহ্মাৰ প্ৰতিটো খোজ ব্ৰাহ্মণসকলৰ খোজ হওঁক।

সেয়েহে বাপদাদাই ভাগ্যকো চাই আছে আৰু ইমান শ্ৰেষ্ঠ ভাগ্য, সেই ভাগ্যৰ আগত এনে বচন ভাল নহয়। এইবাৰ মুক্তি বৰ্ষ পালন কৰি আছা নহয় কি ক্লাছ কৰোঁৱা? মুক্তি বৰ্ষ। তেন্তে এইটো মুক্তি বৰ্ষ নে 1999ত হব? 1998 বৰ্ষটি মুক্তি বৰ্ষ হয়নে? যিসকলে ভাবা এইটো বৰ্ষ মুক্তি বৰ্ষ হব, তেওঁলোকে হাত লৰোৱা। চোৱা হাত লৰোৱা বহুত সহজ। হয় কি? বায়ুমণ্ডলত বহি আছা নহয়, আনন্দত নাচি আছা, সেয়েহে হাত লৰাই দিছা, কিন্তু অন্তৰৰ পৰা হাত লৰোৱা, প্ৰতিজ্ঞা কৰা যিয়েই হানি নহওঁক কিন্তু মুক্তি বৰ্ষৰ প্ৰতিজ্ঞা যাতে ভংগ নহয়। এনেকুৱা দৃঢ় প্ৰতিজ্ঞা কৰিছানে? চোৱা সাৱধানে হাত উঠোৱা। এই টি.ভি.ত আহক বা নাহক, বাপদাদাৰ ওচৰততো তোমালোকৰ চিত্ৰ ওলাই আছে। গতিকে এনেকুৱা দুৰ্বল বচনৰ পৰাও মুক্তি। বাণী এনেকুৱা মধুৰ হওঁক, পিতাৰ সমান হওঁক, সদায় প্ৰত্যেক আত্মাৰ প্ৰতি শুভ ভাৱনাৰ বাণী হওঁক, ইয়াক কোৱা হয় যুক্তিযুক্ত বাণী। সাধাৰণ বাণী চলা-ফুৰা কৰোঁতেও হব নালাগে। কোনোবা অকস্মাতে আহি গলে তেতিয়া এনেকুৱাই অনুভৱ কৰে যে এয়া বাণী নে মুকুতা। শুভ ভাৱনাৰ বাণী হীৰা-মুকুতাৰ সমান কিয়নো বাপদাদাই অনেক বাৰ এই ইঙ্গিত দি দিছে যে সময় অনুসৰি এতিয়া সকলো সম্পদ জমা কৰিবলৈ অলপ সময় বাকী আছে। যদি এই সময়ত সময়ৰ সম্পদ, সংকল্পৰ সম্পদ, বাণীৰ সম্পদ, জ্ঞান ধনৰ সম্পদ, যোগৰ শক্তিৰ সম্পদ, দিব্য জীৱনৰ সৰ্ব গুণৰ সম্পদ জমা নকৰা তেন্তে আকৌ এনেকুৱা জমা কৰাৰ সময় পোৱা সহজ নহব। গোটেই দিনটোত নিজৰ এটি এটি সম্পদৰ হিচাপ পৰীক্ষা কৰা। যেনেকৈ স্থূল ধনৰ হিচাপ পৰীক্ষা কৰা নহয়, ইমান জমা আছে তেনেকৈ সকলো সম্পদৰ পুঁজি জমা কৰা। পৰীক্ষা কৰা। সকলো সম্পদ লাগে। যদি সন্মান সহকাৰে উত্তীৰ্ণ হব খোজা তেন্তে সকলো সম্পদৰ জমাৰ হিচাপ ইমানেই ভৰপূৰ হব লাগে যে 21 জন্ম জমা হোৱা হিচাপেৰে প্ৰালব্ধ ভোগ কৰিব পাৰা। এতিয়া সময়ৰ অতি পলম হোৱাৰ ঘণ্টা বজা নাই, কিন্তু বাজিব। দিন আৰু তাৰিখ নকওঁ। অকস্মাতে ওলাব অতি পলম হল। তেতিয়া কি কৰিবা? সেই সময়ত জমা কৰিবা জানো? যিমানেই নিবিচৰা সময় নাপাবা সেইবাবে বাপদাদাই অনেকবাৰ ইঙ্গিত দি আছে জমা কৰা - জমা কৰা - জমা কৰা কিয়নো তোমালোকৰ এতিয়াও উপাধি হৈছে সৰ্বশক্তিমান, শক্তিমান নহয়, সৰ্বশক্তিমান। ভৱিষ্যতেও সৰ্বগুণ সম্পন্ন, কেৱল গুণ সম্পন্ন নহয়। এই সকলো সম্পদ জমা কৰা অৰ্থাৎ গুণ আৰু শক্তি বিলাক জমা হৈ আছে। এটা এটা সম্পদৰ গুণ আৰু শক্তিৰ লগত সম্বন্ধ আছে। যেনেকৈ সাধাৰণ বাণী নহয় মধুৰ বাণী, এয়া হৈছে গুণ। এনেকৈ প্ৰতিটো সম্পদৰ সম্বন্ধ আছে।

বাপদাদাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে সেইবাবে বাৰে বাৰে ইঙ্গিত দি আছে কিয়নো আজিৰ সভাত সকলো ভিন্ন ভিন্ন আছে। নতুন সন্তানো আছে, শিক্ষকো আছে কিয়নো শিক্ষকসকলেইতো সমৰ্পণ হৈছে। কুমাৰীসকলো আছে, প্ৰবৃত্তিত থকাসকলো আছে। সকলো ভিন্ন ভিন্ন। ভাল হৈছে। সকলোকে সুবিধা দিছে, এয়া বহুত ভাল। সন্তানসকলৰতো বহুত দিনৰ পৰা আপত্তি আছিল। আছিল নহয় সন্তানসকল? আমি সাক্ষাৎ কৰাৰ সুযোগ কেতিয়া পাম? গতিকে ভাল হল সকলো বিভিন্ন ফুলৰ থোপা বাপদাদাৰ সন্মুখত আছে।

বাৰু বাপদাদাৰ গোটেই বিশ্বৰ নিমিত্ত শিক্ষকসকলৰ প্ৰতি এটা শুভ ভাৱনা আছে যে এইটো বৰ্ষত কাৰো পৰাই কোনো গোচৰ আহিব নালাগে। গোচৰৰ ফাইল (নথি) শেষ হৈ যাওঁক। বাপদাদাৰ ওচৰত এতিয়ালৈকে বহুত ফাইল আছে। গতিকে এইটো বছৰ গোচৰৰ ফাইল শেষ। সকলো ফাইন (অতি উত্তম) হৈ যাওঁক। ফাইনতকৈও পৰিশিধিত। ঠিক আছে নহয়? কোনোবা যেনেকুৱাই নহওঁক তেওঁৰ সৈতে চলাৰ বিধি শিকা। কোনোবাই যিয়েই নকৰক, বাৰে বাৰে বিঘিনি ৰূপ হৈ সন্মুখত আহক কিন্তু এই বিঘিনিত সময় খৰচ কৰা, এয়াওনো কেতিয়ালৈকে? ইয়াৰো সমাপ্তি সমাৰোহতো হব লাগে নহয়? গতিকে আনক নাচাবা। এওঁ এনেকুৱা কৰে, মই কি কৰিব লাগে? যদি তেওঁ পাহাৰ তেন্তে মই একাষৰীয়া হৈ যাব লাগে, পাহাৰ আঁতৰাব নালাগে। এওঁ পৰিৱৰ্তন হলে মই পৰিৱৰ্তন হম এয়া হল পাহাৰ আঁতৰিলে মই আগবাঢ়িম। পাহাৰ আঁতৰি নাযায় আৰু তোমালোকো লক্ষ্য স্থানত উপনীত হব নোৱাৰিবা সেইবাবে যদি সেই আত্মাটিৰ প্ৰতি শুভ ভাৱনা আছে, তেন্তে ইঙ্গিত দিয়া আৰু মন বুদ্ধিৰে খালী হৈ যোৱা। নিজে নিজক সেই বিঘিনি স্বৰূপ হওঁতাজনৰ ভবা-চিন্তা কৰাত জড়িত নকৰিবা। যিহেতু ক্ৰমানুসৰি হয় গতিকে অৱস্থাও ক্ৰমানুসৰি হবই কিন্তু মই এক নম্বৰ হব লাগে। এনেকুৱা বিঘিনি বা ব্যৰ্থ সংকল্প চলোৱা আত্মাসকলৰ প্ৰতি নিজে পৰিৱৰ্তন হৈ তেওঁ প্ৰতি শুভ ভাৱনা ৰাখি চলা। সময় অলপ লাগে, পৰিশ্ৰম অলপ হয় কিন্তু অৱশেষত যিয়ে স্ব-পৰিৱৰ্তন কৰে, বিজয়ৰ মালা তেওঁৰ ডিঙিত পৰে। শুভ ভাৱনাৰে যদি তেওঁক পৰিৱৰ্তন কৰিব পাৰা কৰা, নহলে ইঙ্গিত দিয়া, নিজৰ দ্বায়িত্ব শেষ কৰি দিয়া আৰু স্ব-পৰিৱৰ্তন কৰি আগলৈ উৰি গৈ থাকা। এই বিঘিনি ৰূপো আসক্তিৰ সোণৰ সূতা। ইও উৰিবলৈ নিদিব। এয়া হৈছে সত্যতাৰ পৰ্দাৰ আঁৰৰ অতি সূক্ষ্ম সূতা। এয়াই ভাবে যে এয়াতো সঁচা কথা হয় নহয়। এয়াতো হয় নহয়। এয়াতো হব নালাগে নহয়। কিন্তু কেতিয়ালৈকে চাই, কেতিয়ালৈকে ৰৈ থাকিবা? এতিয়াতো নিজক সূক্ষ্ম সূতাৰ পৰা মুক্ত কৰা। মুক্তি বৰ্ষ পালন কৰা সেইবাবে সন্তানসকলৰ যি আশা আছে, উৎসাহ, উদ্দীপনা আছে এই সকলোৰে অনুষ্ঠান পাতি বাপদাদাই পূৰা কৰি আছে। কিন্তু এইটো বছৰৰ অন্তিম অনুষ্ঠান মুক্তি বৰ্ষৰ অনুষ্ঠান হওঁক। অনুষ্ঠানত দাদীসকলক উপহাৰো দিয়া। সেয়েহে বাপদাদাক এই মুক্তি বৰ্ষৰ অনুষ্ঠানত নিজৰ সম্পূৰ্ণতাৰ উপহাৰ দিবা। ভাল বাৰু।

চাৰিওফালৰ পৰমাত্ম প্ৰতিপালন, পঢ়া আৰু শ্ৰীমতৰ ভাগ্য অধিকাৰী বিশেষ আত্মাসকলক, সদায় ভবা আৰু স্বৰূপ হোৱা দুয়োটা সমান কৰোঁতা পিতাৰ সমান আত্মাসকলক, সদায় পৰমাত্ম ইচ্ছা শক্তিৰ দ্বাৰা নিজৰ ক্ষেত্ৰত আৰু সেৱাত সহজে সফলতা প্ৰাপ্ত কৰোঁতা নিমিত্ত সেৱাধাৰী সন্তানসকলক, সদায় পিতাক সংযুক্ত ৰূপত অনুভৱ কৰোঁতা, সদায় সান্নিধ্যত থাকোঁতা সঙ্গী সন্তানসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বৰদান:
সম্বন্ধ-সম্পৰ্কত সন্তুষ্টতাৰ বিশেষত্বৰে মালাত গঁথা যাওঁতা সন্তুষ্টমণি হোৱা

সংগমযুগ সন্তুষ্টতাৰ যুগ। যিসকল নিজৰ প্ৰতিও সন্তুষ্ট আৰু সম্বন্ধ-সম্পৰ্কতো সদায় সন্তুষ্ট হৈ থাকে বা সন্তুষ্ট কৰে তেওঁলোকেই মালাত গঁথা যায় কিয়নো মালা সম্বন্ধৰে তৈয়াৰ হয়। যদি ইটোৰ লগত সিটো মণিৰ সম্পৰ্ক নাথাকে তেন্তে মালা তৈয়াৰ নহব সেইবাবে সন্তুষ্টমণি হৈ সদায় সন্তুষ্ট হৈ থাকা আৰু সকলোকে সন্তুষ্ট কৰা। পৰিয়ালৰ অৰ্থই হৈছে সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। কোনো ধৰণৰ মনোমালিন্য যাতে নহয়।

স্লোগান:
বিঘিনিৰ কাম হল অহা আৰু তোমালোকৰ কাম হল বিঘিনি নাশক হোৱা।