04.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – গৃহস্থালিত থাকি পাৰলৌকিক পিতাৰ পৰা পূৰা উত্তৰধিকাৰ ল’ব লাগে, সেয়েহে নিজৰ সকলো বিনিময় কৰি লোৱা, এইটো বৰ ডাঙৰ বেপাৰ”

প্ৰশ্ন:
ড্ৰামাৰ জ্ঞানে তোমালোক সন্তানসকলক কোনটো কথাত বহুত সহায় কৰে?

উত্তৰ:
যেতিয়া শৰীৰৰ কিবা বেমাৰ হয় তেতিয়া ড্ৰামাৰ জ্ঞানে বহুত সহায় কৰে কাৰণ তোমালোকে জানা যে এই ড্ৰামা হুবহু পুনৰাবৃত্তি হয়। ইয়াত কন্দা-কটা কৰাৰ কোনো কথা নাই। কৰ্মৰ হিচাপ-নিকাচ নিষ্পত্তি হ’ব লাগে। 21 জন্মৰ সুখৰ তুলনাত এই দুখ একোৱেই নহয়। সম্পূৰ্ণ জ্ঞান নাথাকিলে হাহাকাৰ কৰে।

ওঁম্শান্তি।
ভগৱানুবাচ (ভগৱানে কয়)। ভগৱান তেওঁক কোৱা হয় যাৰ নিজৰ শৰীৰ নাই। এনেকুৱা নহয় যে ভগৱানৰ নাম, ৰূপ, দেশ, কাল নাই। নহয়, ভগৱানৰ শৰীৰ নাই। বাকী সকলো আত্মাৰ নিজা নিজা শৰীৰ আছে। এতিয়া পিতাই কয় - মৰমৰ আত্মিক সন্তানসকল, নিজক আত্মা বুলি বুজি বহা। প্ৰকৃততে আত্মাইহে শুনে, ভূমিকা পালন কৰে, শৰীৰৰ দ্বাৰা কৰ্ম কৰে। আত্মাই সংস্কাৰ লৈ যায়। ভাল বেয়া কৰ্মৰ ফলো আত্মায়ে শৰীৰৰ দ্বাৰা ভোগ কৰে। শৰীৰ ৰহিত হৈ কোনেও কৰ্মভোগ ভুগিব নোৱাৰে সেয়েহে পিতাই কয় - নিজক আত্মা বুলি বুজি বহা। পিতাই আমাক শুনায়। আমি আত্মাই এই শৰীৰৰ দ্বাৰা শুনি আছোঁ। ভগৱানুবাচ - মনমনাভৱ। দেহ সহিত দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এনেকৈ একমাত্ৰ পিতায়ে কয়, যিজন গীতাৰ ভগৱান। ভগৱান মানেই জন্ম-মৃত্যু ৰহিত। পিতাই বুজায় - মোৰ জন্ম অলৌকিক। আন কোনেও এনেকৈ জন্ম নলয়, যেনেকৈ মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। এইটো ভালকৈ স্মৃতিত ৰাখিব লাগে। এনেকুৱা নহয় যে সকলো ভগৱানেই কৰায় নতুবা তেৱেঁই পূজ্য-পূজাৰী বা পাথৰ-শিলগুটি সকলোতে পৰমাত্মা আছে। 24 অৱতাৰ, ‘কাছ-মাছ’ৰ অৱতাৰ, ‘পৰশুৰাম’ অৱতাৰ দেখুৱায়। এতিয়া বুজি পাইছা যে ভগৱানে জানো বহি পৰশুৰামৰ অৱতাৰ ল'ব, আৰু কুঠাৰ লৈ হিংসা কৰিব! এইটো ভুল। যেনেকৈ পৰমাত্মাক সৰ্বব্যাপি বুলি কৈ দিলে, তেনেকৈ কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিছে, ইয়াকে কোৱা হয় ঘোৰ অন্ধকাৰ অৰ্থাৎ জ্ঞান নাই। জ্ঞানৰ দ্বাৰা আলোক হয়। এতিয়া অজ্ঞানতাৰ ঘোৰ অন্ধকাৰ। এতিয়া তোমালোক সন্তানসকল অতি আলোকত আছা। তোমালোকে সকলো ভালদৰে জানা। যিয়ে নাজানে তেওঁলোকে পূজা আদি কৰি থাকে। তোমালোকে সকলো জানি গ’লা সেই কাৰণে তোমালোকে পূজা কৰাৰ প্ৰয়োজন নাই। তোমালোক এতিয়া পূজাৰীবোধৰ পৰা মুক্ত হ'লা। পূজ্য দেৱী-দেৱতা হ'বৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰি আছা। তোমালোকেই পূজ্য দেৱী-দেৱতা আছিলা আকৌ পূজাৰী মনুষ্য হ'লা। মনুষ্যৰ আসুৰি অৱগুণ আছে সেই কাৰণে গায়ন আছে - মনুষ্যক দেৱতা কৰি তুলিলে। মনুষ্যক দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে…। এক চেকেণ্ডত দেৱতা কৰি তোলে। পিতাক চিনি পালে আৰু শিৱবাবা বুলি ক’বলৈ ল’লে। বাবা বুলি ক’লে অন্তৰত উদয় হয় যে আমি বিশ্বৰ, স্বৰ্গৰ মালিক হওঁগৈ। এয়া হৈছে বেহদৰ (অসীমৰ) পিতা। এতিয়া তোমালোক তৎক্ষণাৎ আহি পাৰলৌকিক পিতাৰ হৈছা। পিতাই আকৌ কয় - তোমালোক গৃহস্থালিত থাকি এতিয়া পাৰলৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লোৱা। লৌকিক উত্তৰাধিকাৰতো তোমালোকে লৈয়েই আহিছা, এতিয়া লৌকিক উত্তৰাধিকাৰ পাৰলৌকিক উত্তৰাধিকাৰৰ সৈতে বিনিময় কৰা। কিমান ভাল বেপাৰ! লৌকিক উত্তৰাধিকাৰৰ কি হ’ব? এয়া হৈছে বেহদৰ উত্তৰাধিকাৰ, সেয়াও গৰিবে তৎক্ষণাৎ লৈ লয়। গৰিবক তুলি লয়। পিতাও গৰিবৰ ত্ৰাণকৰ্তা নহয় জানো। গায়ন আছে - মই গৰিবৰ ত্ৰাণকৰ্তা। ভাৰত সকলোতকৈ গৰিব। মই ভাৰতলৈকে আহোঁ, আহি ভাৰতক চহকী কৰি তোলোঁ। ভাৰতৰ মহিমা অতি উচ্চ। ভাৰত আটাইতকৈ ডাঙৰ তীৰ্থ। কিন্তু কল্পৰ আয়ুস দীঘলীয়া কৰি দিয়াৰ বাবে একেবাৰে পাহৰি গৈছে। বুজি পায় ভাৰত বহুত চহকী আছিল, এতিয়া গৰিব হৈ গৈছে। আগতে শস্য আদি সকলো ইয়াৰ পৰা বিদেশলৈ ৰপ্তানি কৰা হৈছিল। এতিয়া বুজি পালে যে ভাৰত বহুত গৰিব সেয়েহে সহায় আগবঢ়ায়। এনেকুৱা হয় - যেতিয়া কোনোবা ডাঙৰ ব্যক্তিৰ অৱস্থা বেয়া হৈ যায় তেতিয়া পৰস্পৰ সিদ্ধান্ত লৈ তেওঁক সহায় কৰে। এই ভাৰত হৈছে সকলোতকৈ প্ৰাচীন। ভাৰতেই স্বৰ্গ আছিল। পোন-প্ৰথমে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। কেৱল সময় দীঘলীয়া কৰি দিলে সেই কাৰণে বিভ্ৰান্ত হয়। ভাৰতক সহায়ো কিমান কৰে। পিতাও ভাৰতলৈয়ে আহিব লাগে।

তোমালোক সন্তানসকলে জানা যে আমি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। লৌকিক পিতাৰ উত্তৰাধিকাৰ পাৰলৌকিকৰ লগত বিনিময় কৰোঁ। যেনেকৈ এওঁ (ব্ৰহ্মাই) কৰিলে। দেখিলে যে পাৰলৌকিক পিতাৰ পৰাতো ৰাজমুকুট, সিংহাসন পোৱা যায় - ক’ত সেই বাদশ্বাহী, ক’ত এই তুচ্ছ বেপাৰ। কোৱাও হয় যে পিতাক অনুকৰণ কৰা। অনাহাৰে মৰাৰতো কথাই নাই। পিতাই কয় - নিমিত্ত হৈ তত্ত্বাৱধান লোৱা। পিতা আহি সহজ মাৰ্গ দেখুৱায়। সন্তানসকলে বহুত দুখ-কষ্ট দেখিছে, সেইবাবেতো পিতাক আহ্বান জনায় - হে পৰমপিতা পৰমাত্মা, দয়া কৰক। সুখত কোনেও পিতাক স্মৰণ নকৰে, দুখত সকলোৱে স্মৰণ কৰে। এতিয়া পিতাই কয় যে কেনেকৈ স্মৰণ কৰিবা। তোমালোকেতো স্মৰণ কৰিবও নাজানা। মইহে আহি তোমালোকক শুনাওঁ। সন্তানসকল, নিজক আত্মা বুলি বুজা আৰু পাৰলৌকিক পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ মোচন হৈ যাব। স্মৰণ কৰি কৰি সুখ পোৱা, দেহৰ দুখ-কষ্ট দূৰ হ’ব। শৰীৰৰ যি দুখ আছে সকলো আঁতৰি যাব। তোমালোক আত্মা আৰু শৰীৰ দুয়োটা পৱিত্ৰ হৈ যাব। তোমালোক এনেকুৱা কাঞ্চন আছিলা। আকৌ পুনৰ্জন্ম লওঁতে লওঁতে আত্মাত মামৰ লাগি যায় আৰু শৰীৰো পুৰণা পোৱা যায়। যেনেকৈ সোণত অন্য ধাতু মিহলোৱা হয়, পৱিত্ৰ সোণৰ অলংকাৰো পৱিত্ৰ হ’ব। তাত চিকমিকনি থাকে। অন্য ধাতু মিহলি কৰা অলংকাৰ ক’লা পৰি যাব। পিতাই কয় - তোমালোকৰো (আত্মাত) মামৰ লাগিছে, সেয়া এতিয়া আঁতৰাব লাগে। কেনেকৈ আঁতৰিব? পিতাৰ সৈতে যোগসূত্ৰ গঢ়া। পঢ়াঁওতাজনৰ লগত যোগসূত্ৰ গঢ়িবলগীয়া হয় নহয়। এওঁতো পিতা, শিক্ষক, গুৰু সকলো হয়। তেওঁক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ’ব আৰু তেওঁ তোমালোকক পঢ়ায়ো, পতিত-পাৱন, সৰ্বশক্তিমান বুলি তোমালোকে মোকেই কোৱা। কল্পই কল্পই পিতাই এনেদৰেই বুজায়। অতি মৰমৰ সন্তানসকল, 5 হাজাৰ বছৰৰ পাছত আহি তোমালোক মিলিত হৈছা সেইকাৰণে তোমালোকক অতিকৈ মৰমৰ বুলি কোৱা হয়। এতিয়া এই দেহৰ অহংকাৰ ত্যাগ কৰি আত্ম-অভিমানী হোৱা। আত্মাৰো জ্ঞান দিলোঁ, যিটো পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। কোনো মনুষ্য নাই যাৰ আত্মাৰ জ্ঞান আছে। সন্ন্যাসী, উদাসী, গুৰু-গোঁসাই কোনেও নাজানে। এতিয়া সেই শক্তি নাই। সকলোৰে শক্তি কম হৈ গ’ল। গোটেই বৃক্ষজোপাই জৰ্জৰিত অৱস্থা পাইছে। এতিয়া পুনৰ নতুনকৈ স্থাপনা হয়। পিতা আহি বিচিত্ৰ বৃক্ষৰ ৰহস্য বুজায়। কয় - প্ৰথমে তোমালোক ৰামৰাজ্যত আছিলা, আকৌ যেতিয়া তোমালোক বাম (বিকাৰী) মাৰ্গত যোৱা তেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয় তাৰপাছত আন আন ধৰ্মবোৰ আহে। ভক্তিমাৰ্গ আৰম্ভ হয়। আগতে তোমালোকে জনা নাছিলা। যিকোনো লোককে গৈ সোধা - আপুনি ৰচিয়তা আৰু ৰচনাৰ আদি, মধ্য, অন্তক জানেনে? তেতিয়া কোনেও ক’ব নোৱাৰিব। পিতাই ভক্তসকলক কয় - এতিয়া তোমালোকে বিচাৰ কৰা। ফলকতো লিখি দিয়া - ভাৱৰীয়া হৈ ড্ৰামাৰ নিৰ্দেশক, ৰচিয়তা, মুখ্য ভাৱৰীয়াক নাজানিলে তেন্তে তেনেকুৱা ভাৱৰীয়াক কি বুলি কোৱা হ’ব? আমি আত্মাসকল ইয়াত ভিন্ন ভিন্ন শৰীৰ লৈ ভূমিকা পালন কৰিবলৈ আহোঁ গতিকে এইখন নিশ্চয় নাটক নহয় জানো।

গীতা হৈছে মাতা, পিতা হৈছে শিৱ। বাকী সকলো হৈছে ৰচনা। গীতাই নতুন সৃষ্টি ৰচনা কৰে। এইটোও কোনেও গম নাপায় যে নতুন সৃষ্টি কেনেকৈ ৰচনা কৰে। নতুন সৃষ্টিত প্ৰথমে তোমালোকেই আহা। এতিয়া এইখন হৈছে পুৰুষোত্তম সংগমযুগী সৃষ্টি। এইখন পুৰণি সৃষ্টিও নহয় আৰু নতুন সৃষ্টিও নহয়। এয়া হৈছেই সংগম। ব্ৰাহ্মণৰ হৈছে টিকনি (আটাইতকৈ উচ্চ)। বিৰাট ৰূপৰ চিত্ৰতো শিৱবাবাকো নেদেখুৱায় আৰু উচ্চ ব্ৰাহ্মণো নেদেখুৱায়। তোমালোকেতো ওপৰত টিকনিও দেখুৱাইছা। তোমালোক ব্ৰাহ্মণসকল বহি আছা। দেৱতাসকলৰ পাছত হৈছে ক্ষত্ৰিয়। দ্বাপৰত পেটৰ পূজাৰী, আকৌ শূদ্ৰ হয়। এয়া হৈছে লুটিবাগৰ মৰা (চক্ৰাকাৰে ঘূৰি থকা) খেল। তোমালোকে কেৱল চক্ৰক স্মৃতিলৈ আনা। এয়াই তোমালোকৰ বাবে 84 জন্মৰ যাত্ৰা। চেকেণ্ডত সকলো স্মৃতিলৈ আহি যায়। আমি এনেদৰে চক্ৰকাৰে ঘূৰোঁ। এইখন সঠিক চিত্ৰ, সেইখন ভুল। পিতাৰ বাহিৰে কোনেও সঠিক চিত্ৰ তৈয়াৰ কৰিব নোৱাৰে। এওঁৰ দ্বাৰা পিতাই বুজায়। তোমালোকে এনেকৈ চক্ৰাকাৰে ঘূৰি থাকা। চেকেণ্ডত তোমালোকৰ যাত্ৰা হয়। কোনো কষ্টৰ কথা নাই। আত্মিক সন্তানসকলে বুজি পায় যে পিতাই আমাক পঢ়ায়। এই সৎসংগ হৈছে সত্য পিতাৰ লগত। সেয়া হৈছে মিছা সংগ। সত্যখণ্ড পিতাই স্থাপনা কৰে। মনুষ্যৰ সামৰ্থ্য নাই। ভগৱানেহে কৰিব পাৰে। ভগৱানকে জ্ঞানৰ সাগৰ বুলি কোৱা হয়। মনুষ্যই এইটোও নাজানে যে এয়া পৰমাত্মাৰ মহিমা। সেই শান্তিৰ সাগৰে তোমালোকক শান্তি প্ৰদান কৰি আছে। ৰাতিপুৱাও তোমালোকে ব্যায়াম কৰা। শৰীৰৰ পৰা উপৰাম হৈ পিতাৰ স্মৃতিত থাকা। ইয়ালৈ তোমালোক জীৱন্তে মৰিবলৈ আহিছা। পিতাৰ প্ৰতি সমৰ্পিত হৈ যোৱা। এয়াতো পুৰণি সৃষ্টি, পুৰণা চোলা (শৰীৰ), ইয়াৰ প্ৰতি যেন ঘৃণা ওপজে, যেন এয়া এৰি গুচি যাওঁ। একোৱে যাতে স্মৃতিলৈ নাহে। সকলো পাহৰি যোৱা। তোমালোকে কোৱাও যে ভগৱানে সকলো দিছে তেন্তে এতিয়া তেওঁক দি দিয়া। ভগৱানে আকৌ তোমালোকক কয় - তোমালোক নিমিত্ত হোৱা। ভগৱান নিমিত্ত নহ’ব। নিমিত্ত তোমালোক হোৱা। আকৌ পাপতো নকৰা। আগতে পাপ আত্মাৰ লগত পাপ আত্মাৰ লেন-দেন হৈছিল। এতিয়া সংগমযুগত তোমালোকৰ পাপ আত্মাৰ লগত লেন-দেন নাই। পাপ আত্মাক দান দিলে শিৰত পাপৰ বোজা হৈ যাব। ঈশ্বৰৰ অৰ্থে কৰা আকৌ দান দিয়া পাপ আত্মাক। পিতাই জানো কিবা লয়। পিতাই ক’ব - গৈ সেৱাকেন্দ্ৰ খোলা তেতিয়া বহুতৰে কল্যাণ হ’ব।

পিতাই বুজায় - যি হয় সেয়া ড্ৰামা অনুসৰি পুনৰাবৃত্তি হৈয়েই থাকে। সেয়েহে ইয়াত কন্দা-কটা, দুখ কৰাৰ প্ৰয়োজন নাই। কৰ্মৰ হিচাপ-নিকাচ নিষ্পত্তি হোৱাটো ভাল কথাই হয়। বৈদ্যলোকেও কয় - গোটেই বেমাৰ এতিয়া উথলি উঠিব। পিতায়ো কয় - বাকী থকা হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। যোগৰ দ্বাৰা নতুবা শাস্তিৰ দ্বাৰা নিষ্পত্তি কৰিবলগীয়া হয়। শাস্তিতো বহুত কাঢ়া। তাতকৈ বেমাৰ আদিৰ দ্বাৰা নিষ্পত্তি হ’লে সেয়া বহুত ভাল। সেই দুখ 21 জন্মৰ সুখৰ তুলনাত নগণ্য কিয়নো সুখ বহুত। সম্পূৰ্ণ জ্ঞান নাথাকিলে বেমাৰ হ’লে হাহাকাৰ কৰি থাকে। বেমাৰত পৰিলে ভগৱানক বহুত স্মৰণ কৰে। সেইটোও ভাল। এজনকে স্মৰণ কৰিব লাগে। সেয়াও বুজাই থাকে। তেওঁলোকে গুৰুসকলক স্মৰণ কৰে, অনেক গুৰু আছে। এজন সৎগুৰুক তোমালোকেহে জানা। তেৱেঁই সৰ্বশক্তিমান। পিতাই কয় - মই এই বেদ গ্ৰন্থ আদিক জানো। এইবিলাক ভক্তিমাৰ্গৰ সামগ্ৰী। ইয়াৰ দ্বাৰা কোনেও মোক প্ৰাপ্ত কৰিব নোৱাৰে। পিতা আহেই পাপ আত্মাৰ সৃষ্টিলৈ। ইয়াত পুণ্য আত্মা ক’ৰ পৰা আহিল। যিজনে পূৰা 84 জন্ম লয়, তেওঁৰ শৰীৰত মই আহোঁ। সকলোতকৈ আগতে তেওঁ শুনে। বাবাই কয় - ইয়াত তোমালোকৰ স্মৃতিৰ যাত্ৰা ভাল হয়। ইয়াত ধুমুহা আহিলেও পিতাই বুজাই থাকে যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কল্প পূৰ্বেও তোমালোকে এনেকৈয়ে জ্ঞান শুনিছিলা। দিনে-প্ৰতিদিনে তোমালোকে শুনি থাকিবা। ৰাজধানী স্থাপনা হৈ থাকে। পুৰণি সৃষ্টিৰো বিনাশ হ’বই। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৱাতে উঠি শৰীৰৰ পৰা উপৰাম হোৱাৰ ব্যায়াম কৰিব লাগে। পুৰণি সৃষ্টি, পুৰণা চোলা (শৰীৰ) একোৱেই যাতে স্মৃতিলৈ নাহে। সকলো বিস্মৃতি হৈ যাব লাগে।

(2) সঙ্গমযুগত পাপ আত্মাসকলৰ লগত লেন-দেন কৰিব নালাগে। কৰ্মৰ হিচাপ-নিকাচ আনন্দ মনে নিষ্পত্তি কৰিব লাগে, কন্দা-কটা কৰিব নালাগে। সকলো পিতাৰ প্ৰতি সমৰ্পিত কৰি তাৰপাছত নিমিত্ত হৈ তত্ত্বাৱধান ল’ব লাগে।

বৰদান:
উপলব্ধি কৰাৰ শক্তিৰে স্ব-পৰিৱৰ্তন কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা

যিকোনো পৰিৱৰ্তনৰ সহজ আধাৰ হৈছে উপলব্ধি কৰাৰ শক্তি। যেতিয়ালৈকে উপলব্ধি কৰাৰ শক্তি নাহে তেতিয়ালৈকে অনুভূতি নহয় আৰু যেতিয়ালৈকে অনুভূতি নহয় তেতিয়ালৈকে ব্ৰাহ্মণ জীৱনৰ বিশেষত্বৰ আধাৰ শক্তিশালী নহয়। উৎসাহ-উদ্দীপনা নাথাকে। যেতিয়া উপলব্ধি কৰাৰ শক্তিয়ে প্ৰতিটো কথাৰ অনুভৱী কৰি তোলে তেতিয়া তীব্ৰ পুৰুষাৰ্থী হৈ যোৱা। উপলব্ধি কৰাৰ শক্তিয়ে সদাকালৰ বাবে সহজে পৰিৱৰ্তন কৰাই দিয়ে।

স্লোগান:
স্নেহৰ স্বৰূপক সাকাৰত জাগ্ৰত কৰি পিতা ব্ৰহ্মাৰ সমান হোৱা।