04.05.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাই যি শুনায় তোমালোকৰ অন্তৰত তাৰ ছাপ বহি যাব লাগে, তোমালোক ইয়ালৈ সূৰ্যবংশী
কুলত উচ্চ পদ পাবৰ বাবে আহিছা, সেয়েহে ধাৰণাও কৰিব লাগে”
প্ৰশ্ন:
সদায় সজীৱ হৈ
থকাৰ সাধন কি?
উত্তৰ:
যেনেকৈ গৰমত পাংখা চলালে সজীৱ হৈ যায় তেনেকৈ সদায় স্বদৰ্শন চক্ৰ ঘূৰাই থাকা তেতিয়া
সজীৱ হৈ থাকিবা। সন্তানসকলে সোধে - স্বদৰ্শন চক্ৰধাৰী হওঁতে কিমান সময় লাগে? বাবাই
কয় - এক ছেকেণ্ড। তোমালোক সন্তানসকল স্বদৰ্শন চক্ৰধাৰী নিশ্চয় হ'ব লাগে কিয়নো ইয়াৰ
দ্বাৰাই তোমালোক চক্ৰৱৰ্তী ৰজা হ'বাগৈ। স্বদৰ্শন চক্ৰ ঘূৰাই থকাসকল সূৰ্যবংশী হয়।
ওঁম্শান্তি।
পাংখাও ঘূৰে
আৰু সকলোকে সজীৱ কৰে। তোমোলোকো স্বদৰ্শন চক্ৰধাৰী হৈ বহিলে বহুত সজীৱ হৈ যোৱা।
স্বদৰ্শন চক্ৰধাৰীৰ অৰ্থও কোনেও নাজানে, সেয়েহে তেওঁলোকক বুজাব লাগে। বুজি নাপালে
চক্ৰৱৰ্তী ৰজা নহ'বগৈ। স্বদৰ্শন চক্ৰধাৰীৰ নিশ্চয়তা থাকিব যে আমি চক্ৰৱৰ্তী ৰজা
হ'বৰ বাবে স্বদৰ্শন চক্ৰধাৰী হৈছোঁ। শ্ৰীকৃষ্ণৰো চক্ৰ দেখুৱায়। চক্ৰ সংযুক্ত
লক্ষ্মী-নাৰায়ণৰ হাততো দেখুৱায়, শ্ৰীকৃষ্ণৰ হাততো দেখুৱায়। স্বদৰ্শন চক্ৰকো বুজিব
লাগে তেতিয়াহে চক্ৰৱৰ্তী ৰজা হ'বাগৈ। কথাটিতো বহুত সহজ। সন্তানসকলে সোধে – বাবা,
স্বদৰ্শন চক্ৰধাৰী হ'বলৈ কিমান সময় লাগিব? সন্তানসকল, এক ছেকেণ্ড। তাৰপাছত তোমালোক
বিষ্ণুবংশী হোৱা। দেৱতাসকলক বিষ্ণুবংশী বুলিয়ে কোৱা হ’ব। বিষ্ণুবংশী হ'বলৈ প্ৰথমেতো
শিৱবংশী হ'ব লাগে, আকৌ বাবাই বহি সূৰ্যবংশী কৰি তোলে। কথাবোৰতো বহুত সহজ। আমি নতুন
বিশ্বত সূৰ্যবংশী হওঁ। আমি নতুন সৃষ্টিৰ মালিক সূৰ্যবংশী হওঁ। স্বদৰ্শন চক্ৰধাৰী
অৰ্থাৎ বিষ্ণুবংশী হ'বলৈ এক ছেকেণ্ড সময় লাগে। গঢ়ি তোলোঁতাজন হৈছে শিৱবাবা।
শিৱবাবাই বিষ্ণুপুৰী স্থাপনা কৰে, আন কোনেও স্থাপনা কৰিব নোৱাৰে। এইটোতো সন্তানসকলে
জানে যে বিষ্ণুপুৰী থাকে সত্যযুগত, ইয়াত নহয়। এইটো হৈছে বিষ্ণুবংশী হোৱাৰ যুগ।
তোমালোক ইয়ালৈ আহাই বিষ্ণুপুৰীলৈ যাবৰ বাবে, যাক সূৰ্যবংশী বুলি কোৱা। জ্ঞান
সূৰ্যবংশী কথাষাৰ বহুত ভাল। বিষ্ণু আছিল সত্যযুগৰ মালিক। তাত লক্ষ্মী-নাৰায়ণ
দুয়োগৰাকীয়েই আছে। ইয়ালৈ সন্তানসকল লক্ষ্মী-নাৰায়ণ অথবা বিষ্ণুবংশী হ'বৰ বাবে আহিছে।
এই ক্ষেত্ৰত আনন্দিতও বহুত হয়। নতুন সৃষ্টি, নতুন বিশ্বত, সোণালীযুগী বিশ্বত
বিষ্ণুবংশী হ'ব লাগে। ইয়াতকৈ উচ্চ পদ আৰু নাই, এই ক্ষেত্ৰত বহুত আনন্দিত হ'ব লাগে।
প্ৰদৰ্শনীত তোমালোকে
বুজোৱা। তোমালোকৰ লক্ষ্য-উদ্দেশ্যই এয়া। কোৱা যে এইখন বহুত ডাঙৰ বিশ্ব বিদ্যালয়।
ইয়াক আধ্যাত্মিক বিশ্ববিদ্যালয় বুলি কোৱা হয়। লক্ষ্য-উদ্দেশ্য এই চিত্ৰত আছে।
সন্তানসকলে এইটো বুদ্ধিত ৰাখিব লাগে। কেনেকৈ লিখে যাতে সন্তানসকলে বুজাওঁতে এক
ছেকেণ্ড লাগে। তোমালোকেহে বুজাব পাৰা। তাতো লিখা আছে যে আমি বিষ্ণুপুৰী দেৱী-দেৱতা
নিশ্চয় আছিলোঁ অৰ্থাৎ দেৱী-দেৱতা কুলৰ আছিলোঁ। স্বৰ্গৰ মালিক আছিলোঁ। পিতাই বুজায় -
মৰমৰ সন্তানসকল, ভাৰতত আজিৰপৰা 5 হাজাৰ বছৰ পূৰ্বে সূৰ্যবংশী দেৱী-দেৱতা আছিল।
সন্তানসকলৰ এতিয়া বুদ্ধিত উদয় হৈছে। শিৱবাবাই সন্তানসকলক কয় - সন্তানসকল, তোমালোক
সত্যযুগত সূৰ্যবংশী আছিলা। শিৱবাবা সূৰ্যবংশী কুল প্ৰতিষ্ঠা কৰিবলৈ আহিছিল। যথাযথ
ভাৰত স্বৰ্গ আছিল। এওঁলোকেই পূজ্য আছিল, পূজাৰী কোনো নাছিল। পূজাৰ কোনো সামগ্ৰী
নাছিল। এই শাস্ত্ৰবোৰতেই পূজাৰ ৰীতি-নীতি লিখা আছে। এয়া হৈছে সামগ্ৰী। বেহদৰ পিতা
শিৱবাবাই বহি বুজায়। তেওঁ হৈছে জ্ঞানৰ সাগৰ, মনুষ্য সৃষ্টিৰ বীজৰূপ। তেওঁক বৃক্ষপতি
অথবা বৃহস্পতি বুলিও কয়। বৃহস্পতিৰ দশা সকলোতকৈ উচ্চ। বৃক্ষপতিয়ে তোমালোকক বুজাই আছে
যে তোমালোক পূজ্য দেৱী-দেৱতা আছিলা আকৌ পূজাৰী হৈ গ’লা। যিসকল দেৱতা নিৰ্বিকাৰী
আছিল তেওঁলোক আকৌ ক’লৈ গ’ল? নিশ্চয় পুনৰ্জন্ম লৈ লৈ অৱনমিত হ’ব। এটি এটি শব্দ টুকি
ৰাখিব লাগে। অন্তৰত নে কাগজত? এয়া কোনে বুজায়? শিৱবাবাই। তেৱেঁই স্বৰ্গ ৰচনা কৰে।
শিৱবাবাইহে সন্তানসকলক স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে।
লৌকিক পিতা হৈছে দেহধাৰী। তোমালোকে নিজক আত্মা বুলি বুজি পাৰলৌকিক পিতাক স্মৰণ কৰা
- বাবা, তেতিয়া বাবাই সঁহাৰি জনায় - হে সন্তানসকল। গতিকে বেহদৰ পিতা হৈ নগ’ল জানো।
সন্তানসকল, তোমালোক সূৰ্যবংশী দেৱী-দেৱতাসকল পূজ্য আছিলা আকৌ তোমালোক পূজাৰী হৈ গ’লা।
এয়া হৈছে ৰাৱণৰ ৰাজ্য। প্ৰত্যেক বছৰে ৰাৱণক জ্বলায়, তথাপিও নমৰেই। 12 মাহৰ পাছৰ আকৌ
ৰাৱণক জ্বলাব। তাৰমানে এইটো সিদ্ধ কৰি দেখুৱালে যে আমি ৰাৱণ সম্প্ৰদায়ৰ। ৰাৱণ অৰ্থাৎ
5 বিকাৰৰ ৰাজ্য বৰ্তি আছে। সত্যযুগত সকলো শ্ৰেষ্ঠাচাৰী আছিল, এতিয়া কলিযুগত
ভ্ৰষ্টাচাৰী সৃষ্টি, এই চক্ৰ ঘূৰি থাকে। এতিয়া তোমালোক প্ৰজাপিতা ব্ৰহ্মাবংশী
সংগমযুগত বহি আছা। তোমালোকৰ বুদ্ধিত আছে যে আমি ব্ৰাহ্মণ। এতিয়া শূদ্ৰ কুলৰ নহয়। এই
সময়ত হয়েই আসুৰি ৰাজ্য। পিতাক কয় - হে দুখ হৰ্তা, সুখ কৰ্তা। এতিয়া সুখ ক’ত আছে?
সত্যযুগত। দুখ ক’ত আছে? দুখতো কলিযুগত আছে। দুখ হৰ্তা, সুখ কৰ্তা শিৱবাবাই হয়। তেওঁ
সুখৰেই উত্তৰাধিকাৰ দিয়ে। সত্যযুগক সুখধাম বুলি কোৱা হয়, তাত দুখৰ নাম নাই।
তোমালোকৰ আয়ুসো দীঘলীয়া হয়, কন্দাৰ প্ৰয়োজন নাই। সময়ত পুৰণা ছাল (শৰীৰ) এৰি নতুন লয়।
বুজি পায় যে এতিয়া শৰীৰ বৃদ্ধ হ’ল। প্ৰথমে সন্তান সতোগুণী হয় সেইকাৰণে সন্তানসকলক
ব্ৰহ্মজ্ঞানীতকৈও উচ্চ জ্ঞান কৰে কিয়নো তেওঁলোকতো তথাপি বিকাৰী গৃহস্থীৰ পৰা
সন্ন্যাসী হয়, সেয়েহে তেওঁলোকে সকলো বিকাৰৰ বিষয়ে জানে। সৰু ল’ৰা-ছোৱালীয়ে এই বিষয়ে
গমেই নাপায়। এই সময়ত গোটেই সৃষ্টিত ৰাৱণৰাজ্য, ভ্ৰষ্টাচাৰী ৰাজ্য। শ্ৰেষ্ঠাচাৰী
দেৱী-দেৱতাসকলৰ ৰাজ্য সত্যযুগত আছিল, এতিয়া নাই। আকৌ ইতিহাস পুনৰাবৃত্তি হ’ব।
শ্ৰেষ্ঠাচাৰী কোনে কৰি তুলিব? ইয়াততো এগৰাকীও শ্ৰেষ্ঠাচাৰী নাই। এই ক্ষেত্ৰত বিশাল
বুদ্ধিৰ প্ৰয়োজন। এইটো হয়েই পাৰসবুদ্ধি হোৱাৰ যুগ। পিতা আহি পাথৰবুদ্ধিৰ পৰা
পাৰসবুদ্ধিৰ কৰি তোলে।
কোৱা হয় সৎসংগই
উদ্ধাৰ কৰে, কুসংগই ডুবায়। সত্য পিতাৰ বাহিৰে বাকী জগতত আছেই কুসংগ। পিতাই কয় - মই
সম্পূৰ্ণ নিৰ্বিকাৰী কৰি যাওঁ। আকৌ সম্পূৰ্ণ বিকাৰী কোনে কৰে? কয় - আমি কি জানো!
হেৰ’ নিৰ্বিকাৰী কোনে কৰি তোলে? নিশ্চয় পিতাইহে কৰি তুলিব। বিকাৰী কোনে কৰে? এয়া
কোনেও গম নাপায়। পিতাই বহি বুজায়, মনুষ্যইতো একোৱে নাজানে। ৰাৱণৰাজ্য হয় নহয়।
কাৰোবাৰ পিতাকৰ মৃত্যু হ’ল, সোধা ক’লৈ গ’ল? ক’ব স্বৰ্গবাসী হ’ল। বাৰু, তেন্তে ইয়াৰ
অৰ্থ নৰকত আছিল নহয় জানো। তেন্তে আপোনালোকো নৰকবাসী নহ’ল জানো। কিমান সহজ বুজাবলগীয়া
কথা। নিজক কোনেও নৰকবাসী বুলি নাভাবে। নৰকক বেশ্যালয়, স্বৰ্গক শিৱালয় বুলি কোৱা হয়।
আজিৰ পৰা 5 হাজাৰ বছৰ পূৰ্বে এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। তোমালোক বিশ্বৰ মালিক
মহাৰজা-মহাৰাণী আছিলা আকৌ পুনৰ্জন্ম ল’বলগীয়া হয়। পুনৰ্জন্ম সকলোতকৈ অধিক তোমালোকে
লৈছা। ইয়াৰ কাৰণেই গায়ন আছে - আত্মাসকল পৰমাত্মাৰ পৰা আঁতৰি থাকিল বহুকাল। তোমালোকৰ
স্মৃতিত আছে সৰ্বপ্ৰথমে তোমালোক আদি সনাতন দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেই আহিলা আকৌ
84 জন্ম লৈ পতিত হৈ গ’লা, এতিয়া পুনৰ পাৱন হ’ব লাগে। আহ্বানো কৰে নহয় – পতিত-পাৱন
আহক, গতিকে প্ৰমাণপত্ৰ দিয়ে যে এজনেই পৰম সৎগুৰু আহি পাৱন কৰি তোলে। নিজেই কয় -
ইয়াত (ব্ৰহ্মাৰ শৰীৰত) বহি মই তোমালোকক পাৱন কৰি তোলোঁ। বাকী 84 লাখ যোনি আদি নাই।
84 জন্ম হয়। এই লক্ষ্মী-নাৰায়ণৰ প্ৰজা সত্যযুগত আছিল, এতিয়া নাই, ক’লৈ গ’ল?
তেওঁলোকেও 84 জন্ম ল’বলগীয়া হয়। যিসকল প্ৰথম নম্বৰত আহে তেওঁলোকেই পূৰা 84 জন্ম লয়।
গতিকে প্ৰথমে তেওঁলোক যাব লাগে। দেৱী-দেৱতাসকলৰ বিশ্বৰ ইতিহাস পুনৰাবৃত্তি হয়।
সূৰ্যবংশী-চন্দ্ৰবংশী ৰাজ্য পুনৰাবৃত্তি হ’বই। পিতাই তোমালোকক লায়ক কৰি আছে,
তোমালোকে কোৱা আমি এইখন পাঠশালা বা বিশ্ববিদ্যালয়লৈ আহিছোঁ, য’ত আমি নৰৰ পৰা নাৰায়ণ
হওঁ। আমাৰ লক্ষ্য-উদ্দেশ্যে হৈছে এয়া। যিসকলে ভালদৰে পুৰুষাৰ্থ কৰিব তেওঁলোকেই
উত্তীৰ্ণ হ’ব। যিসকলে পুৰুষাৰ্থ নকৰিব তেওঁলোকৰ কোনোবা প্ৰজাৰ ভিতৰত বহুত চহকী হ’ব,
কোনোবা কম হ’ব। এয়া ৰাজধানী স্থাপনা হৈ আছে। তোমালোকে জানা আমি শ্ৰীমতত শ্ৰেষ্ঠ হৈ
আছোঁ। শ্ৰীশ্ৰী শিৱবাবাৰ মতত শ্ৰীলক্ষ্মী-নাৰায়ণ বা দেৱী-দেৱতা হওঁ। শ্ৰী মানে
শ্ৰেষ্ঠ। এতিয়া কাকো শ্ৰী বুলি ক’ব নোৱাৰি। কিন্তু ইয়াততো যিয়েই আহিব সকলোকে শ্ৰী
বুলি কৈ দিব। শ্ৰী অমুক..... এতিয়া শ্ৰেষ্ঠতো দেৱী-দেৱতাসকলৰ বাহিৰে আন কোনো হ’ব
নোৱাৰে। ভাৰত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ আছিল। ৰাৱণৰাজ্যত ভাৰতৰ মহিমাই শেষ কৰি দিলে।
ভাৰতৰ মহিমাও বহুত তেনেকৈ নিন্দাও বহুত। ভাৰত বহুত ধনৱান আছিল, এতিয়া একেবাৰে কঙাল
হৈ গ’ল। দেৱতাসকলৰ আগত গৈ তেওঁলোকৰ মহিমা গায় – মোৰ; নিৰ্গুণীৰ কোনো গুণ নাই।
দেৱতাসকলক কয় কিন্তু তেওঁলোক জানো দয়ালু আছিল। দয়ালু এজনকেই কোৱা হয় যিয়ে মনুষ্যৰ
পৰা দেৱতা কৰি তোলে। এতিয়া তেওঁ তোমালোকৰ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়।
প্ৰতিশ্ৰুতি দিয়ে - মোক স্মৰণ কৰিলে তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হ’ব আৰু লগত
লৈ যাম। আকৌ তোমালোক নতুন সৃষ্টিলৈ যাব লাগে। এয়া 5 হাজাৰ বছৰৰ চক্ৰ। নতুন সৃষ্টি
আছিল সেয়া নিশ্চয় পুনৰ হ’ব। সৃষ্টি পতিত হ’ব আকৌ পিতা আহি পাৱন কৰি তুলিব। পিতাই কয়
- পতিত ৰাৱণে কৰে, পাৱন মই কৰি তোলোঁ। বাকী এয়াতো পুতলাৰ পূজা কৰি থাকে। তেওঁলোকে
গম নাপায় ৰাৱণৰ 10টা মূৰ কিয় দিয়ে? বিষ্ণুকো 4 খন হাত দিয়ে। কিন্তু এনেকুৱা মনুষ্য
জানো থাকে। যদি 4 খন হাত থকা মনুষ্য থাকে তেন্তে তেওঁলোকৰ সন্তানসকলো তেনেকুৱা হ’ব
লাগে। ইয়াততো সকলোৰে 2 খন হাত আছে। একোৱে নাজানে। ভক্তিমাৰ্গত শাস্ত্ৰ মুখস্থ কৰি
লয়, তেওঁলোকৰো কিমান অনুগামী হৈ যায়। আচৰিত কথা! এই পিতাতো জ্ঞানৰ হৰ্তা কৰ্তা। কোনো
মনুষ্য জ্ঞানৰ হৰ্তা কৰ্তা হ’ব নোৱাৰে। “জ্ঞানৰ সাগৰ” বুলি তোমালোকে মোক কোৱা –
সৰ্বশক্তিমান হৰ্তা কৰ্তা.... এয়া পিতাৰ মহিমা। তোমালোকে পিতাক স্মৰণ কৰিলে পিতাৰ
পৰা শক্তি আহৰণ কৰা, যাৰ দ্বাৰা বিশ্বৰ মালিক হৈ যোৱা। তোমালোকে বুজি পোৱা আমাৰ
বহুত শক্তি আছিল, আমি নিৰ্বিকাৰী আছিলোঁ। গোটেই বিশ্বত অকলে ৰাজ্য কৰিছিলা গতিকে
সৰ্বশক্তিমান বুলি কোৱা হ’ব নহয়। এই লক্ষ্মী-নাৰায়ণ গোটেই বিশ্বৰ মালিক আছিল। এই
শক্তি তেওঁলোকে ক’ৰ পৰা পালে? পিতাৰ পৰা। উচ্চতকৈও উচ্চ ভগৱান হয় নহয়। কিমান সহজকৈ
বুজায়। এই 84 চক্ৰ বুজাবলৈ সহজ নহয় জানো। যাৰ দ্বাৰাই তোমালোকে বাদশ্বাহী পোৱা।
পতিতই বিশ্বৰ বাদশ্বাহী পাব নোৱাৰে। পতিততো তেওঁলোকৰ আগত নতশিৰ হয়। নিজক ভক্ত বুলি
ভাবে। পাৱনৰ আগত মূৰ দোৱায়। ভক্তিমাৰ্গো আধাকল্প চলে। তোমালোকে এতিয়া ভাগৱানক পাইছা।
ভগৱানুবাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ, ভক্তিৰ ফল দিবলৈ আহিছোঁ। গায়নো কৰে - ভগৱান
কিবা নহয় কিবা ৰূপত আহি যাব। পিতাই কয় - মই জানো গৰুগাড়ী আদিত আহিম। যি উচ্চতকৈও
উচ্চ আছিল, 84 জন্ম পূৰা কৰিছে, তেওঁৰ শৰীৰতে আহোঁ। উত্তম পুৰুষ থাকে সত্যযুগত।
কলিযুগত হৈছে কনিষ্ঠ, তমোপ্ৰধান। এতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা। পিতা
আহি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলে। এয়া হৈছে খেল। ইয়াক যদি নুবুজা তেন্তে
স্বৰ্গলৈ কেতিয়াও নাহা। ভাল বাৰু !
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন পিতাৰ সান্নিধ্যৰে নিজক পাৰসবুদ্ধিৰ কৰি তুলিব লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী
হ’ব লাগে। কুসংগৰ পৰা দূৰৈত থাকিব লাগে।
(2) সদায় এইটো আনন্দত
থাকিব লাগে যে আমি স্বদৰ্শন চক্ৰধাৰী তথা নতুন সৃষ্টিৰ মালিক চক্ৰৱৰ্তী হ’মগৈ।
শিৱবাবা আমাক সূৰ্যবংশী কৰি তুলিবলৈ আহিছে। আমাৰ লক্ষ্যই হৈছে এইটো।
বৰদান:
বিঘ্নবোৰক
মনোৰঞ্জনৰ খেল বুলি বুজি অতিক্ৰম কৰোঁতা নিৰ্বিঘ্ন, বিজয়ী হোৱা
বিঘ্ন অহা এইটো ভাল
কথা কিন্তু বিঘ্নই যাতে পৰাজিত কৰি নিদিয়ে। বিঘ্ন আহেই শক্তিশালী কৰিবলৈ, সেই কাৰণে
বিঘ্নবোৰলৈ ভয় কৰাৰ সলনি সেইবোৰক মনোৰঞ্জনৰ খেল বুলি বুজি অতিক্ৰম কৰা তেতিয়া
নিৰ্বিঘ্ন বিজয়ী বুলি কোৱা হ’ব। যিহেতু সৰ্বশক্তিমান পিতা লগত আছে তেন্তে
ভীতিগ্ৰস্ত হোৱাৰ কোনো কথাই নাই। কেৱল পিতাৰ স্মৃতি আৰু সেৱাত ব্যস্ত হৈ থাকা তেতিয়া
নিৰ্বিঘ্ন হৈ থাকিবা। যেতিয়া বুদ্ধি আজৰি হৈ থাকে তেতিয়া বিঘ্ন বা মায়া আহে, ব্যস্ত
হৈ থাকা তেতিয়া মায়া বা বিঘ্ন কাষৰীয়া হৈ যাব।
স্লোগান:
সুখৰ পুঁজি জমা কৰিবলৈ মৰ্যাদা-পূৰ্বক অন্তৰেৰে সকলোকে সুখ দিয়া।
আনন্দ ৰূপী সম্পদেৰে
সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:
যেতিয়া কোনোবাই কিবা
সম্পদ পায় নতুবা হঠাতে কোনোবাই কমকৈ হ’লেও ধন পায় তেতিয়া আনন্দিত হৈ যায়। তোমালোক
সন্তানসকলেতো এনেকুৱা ধন পাইছা যাক কেতিয়াও কোনেও কাঢ়ি নিব নোৱাৰে, লুটি নিব নোৱাৰে।
21 প্ৰজন্ম সদায় ধনৱান হৈ থাকিবা। তোমালোকে সৰ্ব সম্পদৰ চাবিকাঠী পই গ’লা, সেই
চাবিকাঠী হৈছে – ‘বাবা’। বাবা বুলি ক’লা আৰু সম্পদৰ দ্বাৰ মুকলি হ’ল, সমৃদ্ধিশালী
হৈ গ’লা সেয়েহে সদায় এইটো আনন্দত ভৰপূৰ হৈ থাকা।