05.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল এই পঢ়া হৈছে আটাইতকৈ উচ্চ, ইয়াকে উপাৰ্জনৰ উৎস বুলি কোৱা হয়, পঢ়াত উত্তীৰ্ণ হবলৈ হ'লে শিক্ষকৰ মতত চলি থাকা

প্ৰশ্ন:
পিতাই ড্ৰামাৰ ৰহস্য জনা সত্ত্বেও নিজৰ সন্তানসকলক কোনটো পুৰুষাৰ্থ কৰায়?

উত্তৰ:
বাবাই জানে ক্ৰমানুসৰিহে সকলো সন্তান সতোপ্ৰধান হ'ব কিন্তু সন্তানসকলৰ দ্বাৰা সদায় এইটোৱে পুৰুষাৰ্থ কৰায় যে সন্তানসকল, এনেকৈ পুৰুষাৰ্থ কৰা যাতে শাস্তি খাবলগীয়া নহয়। শাস্তিৰ পৰা হাত সাৰিবলৈ যিমান সম্ভৱ পিতাক মৰমেৰে স্মৰণ কৰা। চলোঁতে-ফুৰোঁতে, উঠোঁতে-বহোঁতে (পিতাৰ) স্মৃতিত থাকা তেতিয়া বহুৰ আনন্দিত হৈ থাকিবা। আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাব।

ওঁম্শান্তি।
এতিয়া সন্তানসকলে জানে যে বাবাই আমাক জ্ঞান আৰু যোগ শিকায়। আমাৰ যোগ কেনেকুৱা, এয়াতো সন্তানসকলেহে জানে। আমি যিসকল পৱিত্ৰ আছিলোঁ, এতিয়া অপৱিত্ৰ হৈ গলোঁ কিয়নো 84 জন্মৰ হিচাপতো লাগে নহয়। এয়া হৈছে 84 জন্মৰ চক্ৰ। এয়া সেইসকলেহে জানিব যিসকলে 84 জন্ম লয়। তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা জানিছা। এতিয়া এনেকুৱা পিতাৰ কথাও যদি নামানা তেন্তে কাৰ কথা মানিবা! পিতাৰ মত পোৱা যায়। এনেকুৱা বহুত আছে যিয়ে পিতাক একেবাৰেই নামানে। কোটিৰ মাজতো কোনোবাইহে মানিব। পিতাই শিক্ষাও কিমান স্পষ্টকৈ দিয়ে। তোমালোক সন্তানসকলেহে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি মানিবা। সকলোৱে একৰস হৈতো নামানিব। শিক্ষকে পঢ়োৱা পাঠ সকলোৱে একৰস হৈ নামানিব অথবা নপঢ়িব। ক্ৰমানুসৰি কোনোবাই 20 নম্বৰ পায়, কোনোৱে কিবা নম্বৰ পায়। কিছুমানতো অনুত্তীৰ্ণ হৈ যায়। অনুত্তীৰ্ণ কিয় হয়? কিয়নো শিক্ষকৰ মতত নচলে। তাত অনেক মত পোৱা যায়। ইয়াত এটাই মত পোৱা যায়। এয়া হৈছে অপূৰ্ব মত। সন্তানসকলে জানে আমি যথাযথ 84 জন্ম ললোঁ। পিতাই কয় - মই যাৰ শৰীৰত প্ৰৱেশ কৰোঁ... এনেকৈ কোনে কলে? শিৱবাবাই। মই যাৰ শৰীৰত প্ৰৱেশ কৰোঁ, যাক ভাগীৰথ বুলি কয়, তেওঁ নিজৰ জন্মৰ বিষয়ে নাজানিছিল। তোমালোক সন্তানসকলেও নাজানিছিলা। তোমালোকক এতিয়া বুজাওঁ। তোমালোক ইমান জন্ম সতোপ্ৰধান আছিলা, পাছত সতো-ৰজো-তমোত আহি অৱনমিত হৈ আহিলা। এতিয়া তোমালোক ইয়ালৈ পঢ়িব আহিছা। পঢ়া হৈছে আয়, উপাৰ্জনৰ উৎস। এই পঢ়া হয়েই আটাইতকৈ উচ্চ। সেই পঢ়াত কোৱা হব আই.চি.এচ. আটাইতকৈ উচ্চ। তোমালোক 16 কলা সম্পূৰ্ণ দেৱতা আছিলা, এতিয়া একোৱে গুণ নাই। গোৱা হয় নিৰ্গুণহাৰীৰ কোনো গুণ নাই। সকলোৱে এনেকৈ কৈ থাকে। এনেকৈ ভাবে যে সকলোতে ভগৱান আছে। দেৱতাসকলৰ মাজতো ভগৱান আছে, সেয়েহে দেৱতাসকলৰ আগত বহি কয় - মোৰ নিৰ্গুণীৰ কোনো গুণ নাই. আপুনি দয়া কৰক। গোৱাও হয় বাবা দয়াময়, কৰুণাময় হয়, আমাৰ ওপৰত দয়া কৰে। কয় - হে ঈশ্বৰ দয়া কৰা। পিতাক আহ্বান জনায়, এতিয়া সেইজন পিতাই সন্মুখত আহিছে। এনেহেন পিতাক যিয়ে জানে তেওঁলোক কিমান আনন্দিত হোৱা উচিত! বেহদৰ পিতা যিয়ে আমাক প্ৰত্যেক 5 হাজাৰ বছৰ পাছত পুনৰাই গোটেই বিশ্বৰ বাদশ্বাহী দিয়ে, তেন্তে কিমান অপাৰ আনন্দিত হোৱা উচিত!

তোমালোকে জানা শ্ৰীমতত আমি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ আছোঁ। যদি শ্ৰীমতত চলা তেন্তে শ্ৰেষ্ঠ হবা। আধাকল্প ৰাৱণৰ মত চলে। বাবাই কিমান ভালদৰে বুজাই থাকে। তোমালোকে 84 জন্ম লৈছা, তোমালোকেই সতোপ্ৰধান আছিলা, এতিয়া তোমালোক আকৌ সতোপ্ৰধান হব লাগে। এয়া হল ৰাৱণৰাজ্য। যেতিয়া এই ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত হব তেতিয়া ৰামৰাজ্য স্থাপনা হব। পিতাই কয় - তোমালোকে মোৰ গ্লানি কৰা। পিতাৰ নাম গায়ন কৰাৰ সলনি গ্লানি কৰা! পিতাই কয় - তোমালোকে মোৰ কিমান অপকাৰ কৰিছা। এয়াও ড্ৰামা ৰচি থোৱা আছে। এতিয়া এয়া সকলো বুজনি দিয়া হয় যে এই সকলো কথাৰ পৰা ওলাই আহা। এজনক স্মৰণ কৰা। গায়নো আছে যে সত্যৰ সংগই 21 জন্মৰ বাবে উদ্ধাৰ কৰে। তেন্তে ডুবালে কোনে? তোমালোকক সাগৰত কোনে ডুবালে? সন্তানসকলকে প্ৰশ্ন সুধিম নহয়। তোমালোকে জানা মোৰেই নাম বাগিচাৰ মালিক, নাৱৰীয়া। অৰ্থ নুবুজা বাবে বেহদৰ পিতাৰ বহুত গ্লানি কৰিলে। আকৌ বেহদৰ পিতাই এওঁলোকক বেহদৰ সুখ দিয়ে। অপকাৰ কৰাসকলৰো উপকাৰ কৰে। তেওঁলোকে নুবুজে যে আমি অপকাৰ কৰোঁ। বৰ আনন্দৰে ঈশ্বৰ সৰ্বব্যাপি বুলি কয়। এতিয়া এনেকুৱা কথাতো হব নোৱাৰে। প্ৰত্যেকে নিজা নিজা ভূমিকা প্ৰাপ্ত কৰিছে। এইটোও তোমালোকে জানা - যেতিয়া দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া অন্য কোনো ৰাজ্য নাছিল। ভাৰত সতোপ্ৰধান আছিল। এতিয়া তমোপ্ৰধান। পিতা আহেই সৃষ্টিক সতোপ্ৰধান কৰি তুলিবলৈ। সেয়াও তোমালোক সন্তানসকলেহে জানা। গোটেই জগতে জানিলে ইয়ালৈ পঢ়িব কেনেকৈ আহিব। সেয়েহে তোমালোক সন্তানসকল অপাৰ আনন্দত থকা উচিত। আনন্দৰ দৰে পথ্য নাই। সত্যযুগত তোমালোক বহুত আনন্দত থাকা। দেৱতাসকলৰ খোৱা-বোৱা আদি বৰ সূক্ষ্ম। বহুত আনন্দত থাকে। এতিয়া তোমালোক আনন্দিত হোৱা। তোমালোকে জানা যে আমি সতোপ্ৰধান আছিলোঁ। এতিয়া পুনৰ পিতাই আমাক এনেকুৱা অতি উত্তম যুক্তি শুনায়। গীতাতো প্ৰথম শব্দটি হল মনমনাভৱ। এয়া গীতা আখ্যান নহয় জানো। গীতাত শ্ৰীকৃষ্ণৰ নাম দি গোটেইখন খেলিমেলি কৰি দিলে। সেয়া হল ভক্তিমাৰ্গ। পিতায়ো জ্ঞান শুনায়, ইয়াত কোনো মতভেদৰ কথা নাই। মাত্ৰ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হব লাগে। এয়া হৈছে তমোপ্ৰধান সৃষ্টি। কলিযুগত চোৱা মনুষ্যৰ অৱস্থা কি হৈ গৈছে। অনেক মনুষ্য হৈ গল। সত্যযুগত এটা ধৰ্ম, এটা ভাষা আৰু এটি সন্তান হয়। এখনেই ৰাজ্য চলে। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। গতিকে এক হল সৃষ্টি চক্ৰৰ জ্ঞান, আনটো হৈছে যোগ। জ্ঞানৰ ফাকুৱা (জ্ঞানৰ ৰং লগোৱা) আৰু হোলি (স্মৰণ কৰা)। মুখ্য কথা পিতাই বুজায় - এই সময়ত সকলোৰে তমোপ্ৰধান জৰ্জৰিত অৱস্থা, বিনাশ সমাগত। এতিয়া পিতাই কয় - তোমালোকে মোক আহ্বানেই কৰিছা যে আমাক পাৱন কৰি তুলিবলৈ আহক। তোমালোক পতিত হৈ গৈছা। পতিত-পাৱন বুলি মোকেই কোৱা হয়। এতিয়া মোৰ সৈতে যোগসূত্ৰ গঢ়া, মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। মই তোমালোকক সকলো সঠিক কথাই শুনাম। বাকী জন্ম-জন্মান্তৰ তোমালোক ভ্ৰষ্টাচাৰী হয়েই আহিছা। সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছা।

পিতাই সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰে - মৰমৰ সন্তানসকল, এতিয়া তোমালোক আত্মাসকল তমোপ্ৰধান হৈ গৈছা। কোনে তমোপ্ৰধান কৰিলে? পাঁচ বিকাৰে। মনুষ্যইতো ইমান প্ৰশ্ন সোধে যে মগজেই নষ্ট কৰি দিয়ে। শাস্ত্ৰৰ অৰ্থ বাখ্যা কৰিলে তেতিয়া নিজৰ মাজতে কাজিয়া লাগি যায়। ইজনে সিজনক লাঠিৰেও কোবায়। ইয়াততো পিতাই তোমালোকক পতিতৰ পৰা পাৱন কৰি তোলে, ইয়াত শাস্ত্ৰই কি কৰিব। পাৱন হব লাগে নহয়। কলিযুগৰ পাছত পুনৰ সত্যযুগ নিশ্চয় আহিব। সতোপ্ৰধানো নিশ্চয় হব লাগে। পিতাই কয় - নিজক আত্মা বুলি বুজা। তোমালোক আত্মা তামোপ্ৰধান হৈ গৈছা সেয়েহে শৰীৰো তমোপ্ৰধান পোৱা। সোণ যিমান কেৰেটৰ হব অলংকাৰো তেনেকুৱাই হব। খাদ নপৰে জানো। এতিয়া তোমালোক 24 কেৰেট সোণৰ দৰে বিশুদ্ধ হব লাগে। দেহী-অভিমানী হোৱা। দেহ-অভিমানত অহা বাবে তোমালোক ছিঃ ছিঃ হৈ গলা। কোনো আনন্দ নাই। বেমাৰ ৰোগ আদি সকলো আছে। এতিয়া পতিত-পাৱন ময়েই হওঁ। মোক তোমালোকে মাতিছা। মই কোনো সাধু-সন্ত আদি নহওঁ। কোনোবা আহিলে কয় - গুৰুজীৰ দৰ্শন কৰিব বিচাৰোঁ। তেতিয়া কবা গুৰুজীতো নাই, আৰু দৰ্শনৰ পৰাও কোনো লাভ নাই। পিতাইতো প্ৰতিটো কথা সহজকৈ বুজায়। যিমান স্মৰণ কৰিবা সিমানে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হবা। পুনৰ দেৱতা হৈ যাবা। তোমালোক ইয়ালৈ পুনৰ দেৱতা, সতোপ্ৰধান হবলৈ আহিছা। পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোকৰ মামৰ আঁতৰি যাব। সতোপ্ৰধান হৈ যাবা। পুৰুষাৰ্থৰ দ্বাৰাইতো হবা। উঠোঁতে, বহোঁতে, চলোঁতে পিতাক স্মৰণ কৰা। স্নান কৰাৰ সময়ত পিতাক স্মৰণ কৰিব নোৱাৰা জানো? নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে মামৰ আঁতৰি যাব আৰু আনন্দৰ সীমা নোহোৱা হব। তোমালোকক কিমান ধন দিওঁ। তোমালোক আহিছা বিশ্বৰ মালিক হ'বলৈ। তাত তোমালোকে সোণৰ মহল সাজিবা। কিমান হীৰাৰ অলংকাৰ থাকিব। ভক্তিত যিবিলাক মন্দিৰ সজায় তাত কিমান অলংকাৰ থাকে। বহুত ৰজাই মন্দিৰ সজায়। ইমান হীৰা সোণ ক'ৰ পৰা আহে? এতিয়াতো নাই। এই ড্ৰামাখনৰ বিষয়েও তোমালোকে জানা যে কেনেকৈ চক্ৰ ঘূৰি থাকে। এয়া তেওঁলোকৰ বুদ্ধিতে ধাৰণ হব যিয়ে সকলোতকৈ অধিক ভক্তি কৰিছে। ক্ৰমানুসৰিয়ে বুজিব। এইটো গম পোৱা যাব যে কোনে বহুত সেৱা কৰে, বহুত আনন্দত থাকে, যোগযুক্ত হৈ থাকে। সেইটো অৱস্থা শেষৰ ফালে হ'বগৈ। যোগৰো প্ৰয়োজন আছে। সতোপ্ৰধান হ'ব লাগে। পিতা আহিছে যেতিয়া তেওঁৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। এনেকৈও কয় - পিতাতো মোৰ লগত আছে। মই শুনি আছোঁ। তোমালোকক শুনালে ময়ো শুনি গৈ থাকোঁ। কাৰোবাকতো শুনাব নহয় জানো। জ্ঞান অমৃতৰ কলহ তোমালোক মাতাসকলে পোৱা। মাতাসকলে সকলোকে ভগাই দিয়ে। সেৱা কৰে। তোমালোক সকলো হৈছা সীতা। ৰাম এজন। তোমালোক সকলো কইনা মই হ'লো দৰা। তোমালোকক অলংকৃত কৰাই শহুৰৰ ঘৰলৈ পঠাই দিয়ে। গোৱাও হয় - তেওঁ পিতাসকলৰো পিতা, পতিসকলৰো পতি। এফালে মহিমা কৰে আনফালে গ্লানি কৰে। শিৱবাবাৰ মহিমা ভিন্ন, শ্ৰীকৃষ্ণৰ ভিন্ন। পদমৰ্যাদা সকলোৰে বেলেগ বেলেগ। ইয়াত সকলো মিলাই একাকাৰ কৰি দিছে। অন্ধকাৰ নগৰ..... তোমালোক এতিয়া পিতাৰ হৈছা। শিৱবাবাৰ নাতি-নাতিনী। তোমালোক সকলোৰে অধিকাৰ আছে। এই বাবাৰ ওচৰততো সম্পত্তি নাই। সম্পত্তি পোৱা যায় হদ আৰু বেহদৰ। তৃতীয় কোনো নাই যাৰ পৰা সম্পত্তি পাবা। এওঁ কয় ময়ো তেওঁৰ পৰা সম্পত্তি লওঁ। পাৰলৌকিক পৰমপিতা পৰমাত্মাক সকলোৱে স্মৰণ কৰে। সত্যযুগত স্মৰণ নকৰে। সত্যযুগত এজন পিতা আৰু ৰাৱণৰাজ্যত দুজন পিতা। সংগমত তিনিজন পিতা - লৌকিক, পাৰলৌকিক আৰু তৃতীয়গৰাকী হল বিস্ময়কৰ অলৌকিক পিতা। এইজন পিতাৰ দ্বাৰা সম্পত্তি দিয়ে। এৱোঁ তেওঁৰ পৰা সম্পত্তি পায়। ব্ৰহ্মাক আদম বুলিও কয়। গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ। শিৱকতো পিতা বুলিয়ে কব। মনুষ্যৰ বংশবৃক্ষ ব্ৰহ্মাৰ পৰাই আৰম্ভ হয়, সেয়েহে তেওঁক গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ বুলি কোৱা হয়। জ্ঞানতো বহুত সহজ। তোমালোকে 84 জন্ম ললা। বুজাবলৈ চিত্ৰও আছে। এতিয়া ইয়াত ওলট-পালট প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই। ঋষি-মুনিসকলকো সুধিছিল তেতিয়া তেওঁলোকে নাজানো নাজানো বুলি কৈ দিছিল। এতিয়া পিতা আহি নিজৰ পৰিচয় দিয়ে। তেন্তে এনেকুৱা পিতাক কিমান মৰমেৰে স্মৰণ কৰিব লাগে।

এতিয়া তোমালোক সন্তানসকল ড্ৰামা অনুসৰি লাহে লাহে ওপৰলৈ উঠি গৈ আছা। কল্পই কল্পই ক্ৰমানুসৰি কোনোবা সতোপ্ৰধান, সতো, ৰজো, তমো হয়। এনেকুৱা পদেই তাত পায় সেয়েহে পিতাই কয় সন্তানসকল, ভালদৰে পুৰুষাৰ্থ কৰা যাতে শাস্তি নোখোৱা। পুৰুষাৰ্থ নিশ্চয় কৰায়। যদিও বুজি পায় যে হব সেইসকলেই যিসকল কল্প পূৰ্বে হৈছিল তথাপি পুৰুষাৰ্থ নিশ্চয় কৰাব। যিসকল একেবাৰে সমীপৰ, পূজাও তেওঁলোকেই ভালদৰে কৰে। প্ৰথমতে তোমালোকে মোৰেই পূজা কৰা। পাছত দেৱতাসকলৰ পূজা কৰা। এতিয়া তোমালোক দেৱতা হব লাগে। তোমালোকে নিজৰ ৰাজ্য যোগবলৰ দ্বাৰা স্থাপনা কৰি আছা। যোগবলৰ দ্বাৰা তোমালোকে বিশ্বৰ বাদশ্বাহী লোৱা। বাহুবলেৰে কোনেও বিশ্বৰ বাদশ্বাহী লব নোৱাৰে। তেওঁলোকে ভাই ভাইৰ মাজত কাজিয়াৰ সৃষ্টি কৰাই থাকে। কিমান বাৰুদ তৈয়াৰ কৰে। সেয়া ইজনে সিজনক ধাৰত দি থাকে। বাৰুদ হয়েই বিনাশৰ কাৰণে। কিন্তু এইটো কাৰো বুদ্ধিত উদয় নহয় কিয়নো তেওঁলোকে ভাবে যে কল্প লাখ লাখ বছৰৰ। ঘোৰ অন্ধকাৰত আছে। বিনাশ হৈ যাব আৰু সকলো কুম্ভকৰ্ণ নিদ্রাত শুই থাকিব। জাগি নুঠিব। তোমালোক এতিয়া জাগ্রত হ'লা। পিতা হয়েই জাগ্রত জ্যোতি, জ্ঞানপূৰ্ণ। তোমালোক সন্তানসকলক নিজৰ সমান কৰি তোলে। সেয়া হ'ল ভক্তি, এয়া হ'ল জ্ঞান। জ্ঞানৰ দ্বাৰা তোমালোক সুখী হোৱা। তোমালোকৰ স্মৃতিত আহিব লাগে যে আমি পুনৰ সতোপ্রধান হৈ আছোঁ। পিতাক স্মৰণ কৰিব লাগে। ইয়াক কোৱা হয় বেহদৰ সন্ন্যাস। এই পুৰণি সৃষ্টিতো বিনাশ হৈ যাব। প্রাকৃতিক দুৰ্যোগেও সহায় কৰে। সেই সময়ত তোমালোকে পেট ভৰাই খাবলৈও নাপাবা। আমি নিজৰ আনন্দ ৰূপী পথ্য পাই থাকিম। তোমালোকে জানা যে এয়া সকলো শেষ হৈ যাব। ইয়াত বিভ্ৰান্ত হ'বলগীয়া কথা নাই। মই আহোঁৱেই তোমালোক সন্তানসকলক পুনৰ সতোপ্রধান কৰি তুলিবলৈ। কল্প কল্পৰ এইটোতো মোৰেই কাম। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) স্বয়ং ভগৱান আমাৰ ওপৰত দয়াশীল হৈছে, তেওঁ আমাক পঢ়াই আছে, এইটো নিচাত থাকিব লাগে। পঢ়া হৈছে উপাৰ্জনৰ উৎস সেইকাৰণে খতি কৰিব নালাগে।

(2) অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে আৰু কৰাব লাগে। চলোঁতে-ফুৰোঁতে দেহী-অভিমানী হৈ পিতাৰ স্মৃতিত থাকি আত্মাক নিশ্চয় সতোপ্রধান কৰি তুলিব লাগে।

বৰদান:
সময় অনুসৰি প্ৰতিটো শক্তিৰ অনুভৱ বাস্তৱ স্বৰূপত কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা

মাষ্টৰৰ অৰ্থ হল যিটো শক্তিক যি সময়ত আহ্বান কৰা সেইটো শক্তি সেই সময়তে বাস্তৱ স্বৰূপত অনুভৱ হওঁক। আদেশ কৰিলা আৰু হাজিৰ হৈ গল। এনেকুৱা নহয় যে আদেশ কৰিলা সহনশক্তিক আৰু আহিল সন্মুখীন হোৱাৰ শক্তি, তেন্তে তেওঁক মাষ্টৰ বুলি কোৱা নহব। সেয়েহে পৰীক্ষা কৰা যে যি সময়ত যিটো শক্তিৰ আৱশ্যক সেই সময়ত সেইটো শক্তিয়ে কাৰ্যত আহে নে? যদি এক চেকেণ্ডৰো তাৰতম্য হয় তেন্তে বিজয়ৰ সলনি পৰাজয় হৈ যাব।

স্লোগান:
বুদ্ধিত যিমানেই ঈশ্বৰীয় নিচা, কৰ্মত সিমানেই নম্ৰতা থাকক।