05.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাক মৰমেৰে স্মৰণ কৰিলে তোমালোক ভৰপূৰ হৈ যাবা, দৃষ্টিৰে ভৰপূৰ হোৱা মানে বিশ্বৰ মালিক হোৱা”

প্ৰশ্ন:
স্বামী সৎগুৰুৱে দৃষ্টিৰে ভৰপূৰ কৰিলে…. ইয়াৰ বাস্তৱিক অৰ্থ কি?

উত্তৰ:
আত্মাই যেতিয়া পিতাৰ দ্বাৰা তৃতীয় নেত্ৰ লাভ কৰে আৰু সেই নেত্ৰৰে পিতাক চিনি লয় তেতিয়া ভৰপূৰ হৈ যায় অৰ্থাৎ সৎগতি পাই যায়। বাবাই কয় - সন্তানসকল, দেহী-অভিমানী হৈ তোমালোকে মোৰ ফালে চোৱা অৰ্থাৎ মোক স্মৰণ কৰা, অন্যৰ সংগ ত্যাগ কৰি কেৱল মোৰ সংগ লোৱা তেতিয়া দুৰ্দশাগ্ৰস্ত অৰ্থাৎ কঙাল অৱস্থাৰ পৰা ভৰপূৰ অর্থাৎ চহকী হৈ যাবা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল কাৰ ওচৰলৈ আহে? আত্মিক পিতাৰ ওচৰলৈ। বুজি পোৱা যে আমি শিৱবাবাৰ ওচৰলৈ যাওঁ। এয়াও জানা যে শিৱবাবা হৈছে সকলো আত্মাৰ পিতা। সন্তানসকলৰ এইটোও নিশ্চয় জন্মা উচিত যে তেওঁ সৰ্বোচ্চ শিক্ষকো হয় আৰু সৰ্বোচ্চ গুৰুও হয়। আটাইতকৈ উচ্চজনক পৰম বুলি কোৱা হয়। সেই এজনকেই স্মৰণ কৰিব লাগে। দৃষ্টিৰ বিনিময় কৰে। গায়ন আছে - স্বামী সৎগুৰুৱে দৃষ্টিৰে ভৰপূৰ কৰিলে। তাৰ অৰ্থ থকা উচিত। দৃষ্টিৰে ভৰপূৰ কাক কৰে? নিশ্চয় গোটেই জগতৰ বাবে কোৱা হ’ব কিয়নো তেওঁ সকলোৰে সৎগতি দাতা। সকলোকে এই পতিত জগতৰ পৰা লৈ যাওঁতা। এতিয়া এই দৃষ্টি কাৰ? এই চকুজুৰি নেকি? নহয়, জ্ঞানৰ তৃতীয় নেত্ৰ পোৱা যায়। যাৰ দ্বাৰা আত্মাই জানে যে এওঁ আমাৰ অৰ্থাৎ সকলো আত্মাৰ পিতা। পিতাই আত্মাসকলক ৰায় দিয়ে যে মোক স্মৰণ কৰা। পিতাই আত্মাসকলক বুজায়। আত্মাসকলহে পতিত তমোপ্ৰধান হৈ গৈছে। এতিয়া তোমালোকৰ এইটো 84তম জন্ম, এই নাটক পূৰা হয়। নিশ্চয় পূৰা হ’বও লাগে। প্ৰত্যেক কল্পতে পুৰণি সৃষ্টিৰ পৰা নতুন হয়। নতুন সৃষ্টিয়েই আকৌ পুৰণি হয়। নামো ভিন্ন। নতুন সৃষ্টিৰ নাম হৈছে সত্যযুগ। পিতাই বুজাইছে তোমালোক প্ৰথমে সত্যযুগত আছিলা, আকৌ পুনৰ্জন্ম লৈ 84 জন্ম অতিবাহিত কৰিলা। তোমালোক আত্মাসকল এতিয়া তমোপ্ৰধান হৈ গৈছা। পিতাক স্মৰণ কৰিলে ভৰপূৰ হৈ যাবা। পিতাই সন্মুখত কয় - মোক স্মৰণ কৰা, মই কোন? পৰমপিতা পৰমাত্মা। পিতাই কয় - সন্তানসকল, দেহী-অভিমানী হোৱা, দেহ-অভিমানী নহ’বা। আত্ম-অভিমানী হৈ তোমালোকে মোৰ ফালে চোৱা তেতিয়া ভৰপূৰ হৈ যাবা। পিতাক স্মৰণ কৰি থাকা, ইয়াত কোনো কষ্ট নাই। আত্মাইহে পঢ়ে, ভূমিকা পালন কৰে। কিমান সূক্ষ্ম। যেতিয়া ইয়ালৈ আহে 84 জন্মৰ ভূমিকা পালন কৰে। পুনৰ সেই ভূমিকাই পুনৰাবৃত্তি কৰিব লাগে। 84 জন্মৰ ভূমিকা পালন কৰি আত্মা পতিত হৈ গৈছে। এতিয়া আত্মাত অলপো শক্তি নাই। এতিয়া আত্মা ভৰপূৰ নহয়, দুৰ্দশাগ্ৰস্ত অৰ্থাৎ কঙাল। পুনৰ ভৰপূৰ কেনেকৈ হ’ব? এই কথাফাকি ভক্তিমাৰ্গৰ, যাৰ ওপৰত পিতাই বুজায়। বেদ, শাস্ত্ৰ, চিত্ৰ আদিৰ ওপৰতো বুজায়। তোমালোকে এই চিত্ৰ শ্ৰীমতত তৈয়াৰ কৰিছা। আসুৰি মতততো অনেক চিত্ৰ তৈয়াৰ কৰিছে। সেইবোৰৰ কোনো কৰ্তব্য নাই। ইয়াততো পিতা আহি সন্তানসকলক পঢ়ায়। ভগৱানুবাচ গতিকে জ্ঞান তেওঁৰ হৈ গ’ল। বিদ্যাৰ্থীয়ে জানে যে এওঁ অমুক শিক্ষক। ইয়াত তোমালোক সন্তানসকলে জানা যে বেহদৰ পিতা এবাৰে আহি এনেকুৱা অপূৰ্ব পাঠ পঢ়ায়। এই পঢ়া আৰু সেই পঢ়াৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। সেয়া পঢ়োঁতে পঢ়োঁতে ৰাতি হৈ যায়, এই পঢ়াৰ দ্বাৰা দিনত গুচি যায়। সেই পঢ়াতো জন্ম-জন্মান্তৰ পঢ়ি আহিছা। ইয়াততো পিতাই স্পষ্টকৈ কয় যে আত্মা যেতিয়া পৱিত্ৰ হ’ব তেতিয়াহে ধাৰণা হ’ব। কোৱাও হয় বাঘিনীৰ গাখীৰ সোণৰ বাচনতহে ৰাখিব পাৰি। তোমালোক সন্তানসকলে বুজি পোৱা, আমি এতিয়া সোণৰ বাচন হৈ আছোঁ। হ’বতো মনুষ্যই কিন্তু আত্মা সম্পূৰ্ণ পৱিত্ৰ হ’ব লাগে। 24 কেৰেট আছিল, এতিয়া 9 কেৰেট হৈ গ’ল। আত্মাৰ জ্যোতি যি জ্বলি আছিল সেয়া এতিয়া নুমাই গৈছে। জ্যোতি জ্বলি থকা আৰু নুমাই যোৱাসকলৰ মাজতো পাৰ্থক্য আছে। জ্যোতি কেনেকৈ জ্বলিল আৰু পদ কেনেকৈ পালে - এয়া পিতাইহে বুজায়। পিতাই কয় - মোক স্মৰণ কৰা। যিয়ে মোক ভালদৰে স্মৰণ কৰিব ময়ো তেওঁলোকক ভালদৰে স্মৰণ কৰিম। এইটোও সন্তানসকলে জানে যে দৃষ্টিৰে ভৰপূৰ কৰোঁতা এজন পিতাহে স্বামী হয়। তেওঁৰ (ব্ৰহ্মাৰ) আত্মাও ভৰপূৰ হয়। তোমালোক সকলো হৈছা ‘চগাপোক’, তেওঁক ‘অগ্নি শিখা’ বুলি কোৱা হয়। কিছুমান চগাপোক কেৱল পৰিক্ৰমা লগাবলৈ আহে। কোনোৱে ভালদৰে চিনি লৈ জীৱন্তে মৰি যায়। কোনোৱে পৰিক্ৰমা লগাই গুচি যায়, আকৌ কেতিয়াবা কেতিয়াবা আহে, আকৌ গুচি যায়। এই সংগমৰেই সকলো গায়ন। এই সময়ত যিবোৰ চলে তাক লৈয়েই শাস্ত্ৰ ৰচনা কৰে। পিতা এবাৰেই আহি উত্তৰাধিকাৰ দি গুচি যায়। বেহদৰ পিতাই নিশ্চয় বেহদৰেই উত্তৰাধিকাৰ দিব। গোৱাও হয় 21 প্ৰজন্ম। সত্যযুগত উত্তৰাধিকাৰ কোনে দিয়ে? ভগৱান ৰচয়িতাইহে আধাকল্পৰ বাবে ৰচনাক উত্তৰাধিকাৰ দিয়ে। স্মৰণো সকলোৱে তেওঁক কৰে। তেওঁ পিতাও হয় লগতে শিক্ষকো হয়, স্বামী, সৎগুৰুও হয়। তোমালোকে অন্য কাৰোবাকো স্বামী সৎগুৰু বুলি কোৱা চাগৈ, কিন্তু সত্য একমাত্ৰ পিতাহে। সত্য বুলি সদায় এজন পিতাকহে কোৱা হয়। সেই সত্য আহি কি কৰে? তেৱেঁই পুৰণি সৃষ্টিক সত্যখণ্ড কৰি তোলে। সত্যখণ্ডৰ কাৰণে আমি পুৰুষাৰ্থ কৰি আছোঁ। যেতিয়া সত্যখণ্ড আছিল তেতিয়া অন্য কোনো খণ্ড নাছিল। এই সকলোবোৰ পাছত আহে। সত্যখণ্ডৰ বিষয়ে কোনেও গম নাপায়। বাকী এতিয়া যিবোৰ খণ্ড আছে তাৰ বিষয়ে সকলোৱে গম পায়। নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠাপকক জানে। সূৰ্যবংশী, চন্দ্ৰবংশী আৰু এই সংগমযুগী ব্ৰাহ্মণ কুলৰ বিষয়ে কোনেও নাজানে। প্ৰজাপিতা ব্ৰহ্মাক মানে, কয় আমি ব্ৰাহ্মণ ব্ৰহ্মাৰ সন্তান, কিন্তু সেয়া হ’ল কোষ বংশাৱলী, তোমালোক হৈছা মুখ বংশাৱলী। তেওঁলোক হৈছে অপৱিত্র আৰু তোমালোক মুখ বংশাৱলীসকল হৈছা পৱিত্ৰ। তোমালোক মুখ বংশাৱলী হৈ আকৌ ছিঃ ছিঃ সৃষ্টি ৰাৱণৰাজ্যৰ পৰা গুচি যোৱা। তাত ৰাৱণৰাজ্য নাথাকে। তোমালোক এতিয়া নতুন সৃষ্টিলৈ যোৱা। সেইখনক নিৰ্বিকাৰী সৃষ্টি বুলি কোৱা হয়। সৃষ্টিখনেই নতুন আৰু পুৰণি হয়। কেনেকৈ হয় সেয়াও তোমালোকে জানি গ’লা। অন্য কাৰো বুদ্ধিত নাই। লাখ লাখ বছৰৰ কথা কোনেও জানিবও নোৱাৰে। এয়াতো অলপ সময়ৰ কথা। এয়া পিতাই বহি সন্তানসকলক বুজায়।

পিতাই কয় - মই তেতিয়াহে আহোঁ যেতিয়া বিশেষকৈ ভাৰতত ধৰ্মৰ গ্লানি হয়। অন্য ঠাইত কোনেও গমেই নাপায় যে নিৰাকাৰ পৰামাত্মা কি বস্তু। ডাঙৰ ডাঙৰ লিঙ্গ সাজি ৰাখি থৈছে। সন্তানসকলক বুজোৱা হৈছে - আত্মাৰ আকাৰ কেতিয়াও সৰু-ডাঙৰ নহয়। যেনেকৈ আত্মা অবিনাশী, তেনেকৈ পিতাও অবিনাশী। তেওঁ হ’ল পৰম আত্মা। পৰম মানে তেওঁ সদায় পৱিত্ৰ আৰু নিৰ্বিকাৰী। তোমালোক আত্মাসকলো নিৰ্বিকাৰী আছিলা, সৃষ্টিও নিৰ্বিকাৰী আছিল। সেইখনক কোৱাই হয় সম্পূৰ্ণ নিৰ্বিকাৰী, নতুন সৃষ্টি আকৌ নিশ্চয় পুৰণি হয়। কলা কম হৈ গৈ থাকে। দুটা কলা কম হওঁতে চন্দ্ৰবংশী ৰাজ্য আছিল পিছত সৃষ্টি পুৰণি হৈ গৈ থাকে। পাছলৈ অন্য অন্য খণ্ডবোৰ আহি থাকে। তাক কোৱা হয় ড্ৰামাৰ আনুষংগিক (লঘু) দৃশ্য, কিন্তু সান-মিহলি হৈ যায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি যি হয় সেয়া আকৌ পুনৰাবৃত্তি হ’ব। যেনেকৈ বৌদ্ধ ধৰ্মীসকলৰ কোনোবা ডাঙৰ ব্যক্তি আহিল, কিমানক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে। ধর্ম সলনি কৰাই দিলে। হিন্দুসকলে নিজৰ ধৰ্ম নিজেই সলনি কৰিছে কিয়নো কৰ্ম ভ্ৰষ্ট হোৱা বাবে ধর্ম ভ্ৰষ্টও হৈ গৈছে। বাম (বিকাৰী) মাৰ্গত গুচি গৈছে। জগন্নাথৰ মন্দিৰলৈ যদিও যায়, কিন্তু কাৰো একো খেয়াল নচলে। নিজে বিকাৰী বাবে তেওঁলোককো বিকাৰী দেখুৱাই দিছে। এইটো বুজি নাপায় যে দেৱতাসকল যেতিয়া বাম মাৰ্গত গ’ল, তেতিয়া এনেকুৱা হৈ গৈছে। সেয়া এই সময়ৰে চিত্ৰ। দেৱতা নামতো বহুত ভাল। হিন্দুতো হ’ল হিন্দুস্থানৰ নাম। আকৌ নিজক হিন্দু বুলি কৈ দিছে। কিমান ডাঙৰ ভুল। সেয়েহে পিতাই কয় - য়দা য়দাহি ধৰ্মস্ব…. (যেতিয়াই ধৰ্মৰ গ্লানি হয়…) বাবা ভাৰতলৈকে আহে। এনেকৈতো নকয় - মই হিন্দুস্থানলৈ আহোঁ। এয়া হ’ল ভাৰত, হিন্দুস্থান বা হিন্দুধৰ্ম নাই। মুছলমানসকলে হিন্দুস্থান নাম ৰাখিছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ভালকৈ বুজিব লাগে। এয়াও জ্ঞান। পুনৰ্জন্ম লৈ লৈ বাম মাৰ্গত আহি আহি ভ্ৰষ্টাচাৰী হৈ যায়, আকৌ তেওঁলোকৰ আগত গৈ কয়, আপুনি সম্পূৰ্ণ নিৰ্বিকাৰী, আমি বিকাৰী পাপী। অন্য কোনো খণ্ডৰ লোকে এনেকৈ নকয়। আমি নীচ অথবা আমাৰ কোনো গুণ নাই। এনেকৈ কোৱা কেতিয়াও শুনা নাই। শিখ লোকসকলেও ‘গ্রন্থ’ৰ আগত বহে কিন্তু এনেকৈ কেতিয়াও নকয় যে নানক, আপুনি নিৰ্বিকাৰী, আমি বিকাৰী। নানক পন্থীয়ে খাৰু পিন্ধে, সেয়া হ’ল নিৰ্বিকাৰী অৱস্থাৰ প্ৰতীক। কিন্তু বিকাৰ অবিহনে থাকিব নোৱাৰে। মিছা প্ৰতীক ৰাখি দিছে। যেনেকৈ হিন্দুসকলে লগুণ পিন্ধে, সেয়া পৱিত্ৰতাৰ প্ৰতীক। আজিকালিতো ধর্মকো নামানে। এই সময়ত ভক্তিমাৰ্গ চলি আছে। তাক কোৱা হয় ভক্তি পন্থ। জ্ঞান পন্থ সত্যযুগত থাকে। সত্যযুগত দেৱতাসকল হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী। কলিযুগত সম্পূৰ্ণ নিৰ্বিকাৰী কোনো হ’ব নোৱাৰে। প্ৰবৃত্তি মাৰ্গৰ স্থাপনাতো পিতাইহে কৰে। বাকী সকলো গুৰু হৈছে নিবৃত্তি মাৰ্গৰ, নিবৃত্তি মাৰ্গতকৈ প্ৰবৃত্তি মাৰ্গৰ জোৰ বেছি হৈ গৈছে। পিতাই কয় - এই যিবোৰ তোমালোকে পঢ়িছা, তাৰ দ্বাৰা মোক নোপোৱা। মই যেতিয়া আহোঁ তেতিয়া সকলোকে দৃষ্টিৰে ভৰপূৰ কৰি দিওঁ। গায়নো আছে - স্বামী সৎগুৰুৱে দৃষ্টিৰে ভৰপূৰ কৰি দিয়ে……. তোমালোক ইয়ালৈ কিয় আহিছা? ভৰপূৰ হ’বলৈ। বিশ্বৰ মালিক হ’বলৈ। পিতাক স্মৰণ কৰিলে ভৰপূৰ হৈ যাবা। এনেকৈ কেতিয়াও কোনেও নক’ব যে এনেকুৱা কৰিলে তোমালোক এনেকুৱা হৈ যাবা। পিতাইহে কয় - তোমালোক এনেকুৱা হ’ব লাগে। এই লক্ষ্মী-নাৰায়ণ কেনেকৈ হ’ল? কোনেও গম নাপায়। তোমালোক সন্তানসকলক পিতাই সকলো শুনায়, এৱেঁই 84 জন্ম লৈ পতিত হৈ গ’ল। আকৌ তোমালোকক এনেকুৱা কৰি তুলিবলৈ আহিছোঁ।

পিতাই নিজৰ পৰিচয়ো দিয়ে লগতে দৃষ্টিৰে ভৰপূৰ কৰিও দিয়ে। এনেকৈ কাৰ বাবে কয়? একমাত্ৰ সৎগুৰুৰ কাৰণে। সেই গুৰু লোকতো অনেক আছে আৰু মাতাসকল, অবলাসকল হৈছে হোজা। তোমালোক সকলো ভোলানাথৰ সন্তান। শঙ্কৰৰ বাবে কৈছে যে চকু মেলিলে আৰু বিনাশ হৈ গ’ল। এয়াও পাপ হৈ যাব। পিতাই কেতিয়াও এনেকুৱা কামৰ বাবে নিৰ্দেশনা নিদিয়ে। বিনাশতো অন্য বস্তুৰ দ্বাৰা হ’ব। পিতাই এনেকুৱা নিৰ্দেশনা নিদিয়ে। এয়াতো সকলো বিজ্ঞানে উদ্ভাৱন কৰি থাকে, বুজি পায় যে আমি নিজেই নিজৰ কুলৰ বিনাশ কৰোঁ। তেওঁলোকো বান্ধ খাই আছে। এৰিব নোৱাৰে। কিমান নাম হয়। চন্দ্ৰলৈ যায় পিছে একো লাভ নাই।

মৰমৰ সন্তানসকল, তোমালোকেও পিতাৰ ফালে চোৱা অথবা হে আত্মা, নিজৰ পিতাক স্মৰণ কৰা তেতিয়া ভৰপূৰ হৈ যাবা। পিতাই কয় - যিয়ে মোক স্মৰণ কৰে, মোৰ বাবে সেৱা কৰে, ময়ো তেওঁলোকক স্মৰণ কৰোঁ গতিকে তেওঁলোকে শক্তি পায়। তোমালোক সকলো ইয়াত যি বহি আছা, যিসকল ভৰপূৰ হৈ যাব, তেওঁলোকেই ৰজা হ’ব। গায়নো আছে - অন্যৰ সংগ ত্যাগ কৰি এজনৰ সংগ লওঁ। এজনেই নিৰাকাৰ। আত্মাও নিৰাকাৰ। পিতাই কয় - মোক স্মৰণ কৰা। তোমালোকে নিজেই কোৱা - হে পতিত পাৱন……. এয়া কাক ক’লা? ব্ৰহ্মাক, বিষ্ণুক নে শংকৰক? নহয়। পতিত-পাৱনতো এজনেই, তেওঁ সদায় পাৱনেই হয়। তেওঁক সৰ্বশক্তিমান বুলি কোৱা হয়। পিতাইহে সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায় আৰু সকলো শাস্ত্ৰক জানে। সেই সন্ন্যাসীয়ে শাস্ত্ৰ আদি পঢ়ি উপাধি লয়। পিতাৰতো আগতেই উপাধি প্ৰাপ্ত হৈ আছে। তেওঁ পঢ়ি উপাধি ল’ব লাগে জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অগ্নি শিখাত জীৱন্তে মৰি যোৱা চগাপোক হ’ব লাগে, কেৱল পৰিক্ৰমা লগাওঁতা নহয়। ঈশ্বৰীয় পঢ়া ধাৰণ কৰিবৰ কাৰণে বুদ্ধি সম্পূৰ্ণ পাৱন কৰি তুলিব লাগে।

(2) অন্য সকলো সংগ ত্যাগ কৰি একমাত্ৰ পিতাৰ সংগ ল’ব লাগে। এজনৰ স্মৃতিৰে নিজক ভৰপূৰ কৰিব লাগে।

বৰদান:
আন্তৰিক উপলব্ধিৰে ‘দিলাৰাম’ৰ আৰ্শীবাদ প্ৰাপ্ত কৰোঁতা স্ব-পৰিৱৰ্তক হোৱা

নিজক পৰিৱৰ্তন কৰিবলৈ হ’লে সঁচা অন্তৰেৰে দুটা কথাৰ উপলব্ধি কৰা উচিত - (1) নিজৰ দুৰ্বলতাৰ উপলব্ধি, (2) যি পৰিস্থিতি বা ব্যক্তি নিমিত্ত হয় তেওঁৰ ইচ্ছা, আৰু তেওঁৰ মনৰ ভাৱনাৰ উপলব্ধি। পৰিস্থিতি ৰূপী কাকতৰ কাৰণক জানি নিজক উত্তীৰ্ণ কৰোৱাৰ শ্ৰেষ্ঠ স্বৰূপৰ উপলব্ধি হওঁক যে স্ব স্থিতি শ্ৰেষ্ঠ, পৰিস্থিতি প্ৰশ্ন কাকতহে - এইটো উপলব্ধিয়ে সহজে পৰিৱৰ্তন কৰাই দিব আৰু সঁচা অন্তৰেৰে উপলব্ধি কৰিলে ‘দিলাৰাম’ৰ আশীৰ্বাদ প্ৰাপ্ত হ’ব।

স্লোগান:
উত্তৰাধিকাৰী তেৱেঁই যিয়ে সদাপ্ৰস্তুত হৈ প্ৰতিটো কাৰ্যত “হয় হজুৰ” বুলি কয়।