05.05.24 Avyakt Bapdada
Assame
Murli
15.11.99 Om Shanti Madhuban
“*“পিতাৰ সমান হোৱাৰ
সহজ পুৰুষাৰ্থ – “আজ্ঞাকাৰী হোৱা””*”
আজি বাপদাদাই নিজৰ
পৱিত্ৰ হংসমণ্ডলীক চাই আছেহঁক। প্ৰতিগৰাকী সন্তান পৱিত্ৰ হংস। সদায় মনত জ্ঞানৰ ৰত্ন
মন্থন কৰি থাকে। পৱিত্ৰ হংসৰ কামেই হৈছে ব্যৰ্থ ৰূপী পাথৰ ত্যাগ কৰা আৰু জ্ঞান ৰূপী
ৰত্ন মন্থন কৰা। এটি এটি ৰত্ন কিমান অমূল্য। প্ৰতিগৰাকী সন্তান জ্ঞান ৰত্নৰ খনি হৈ
গৈছে। জ্ঞান ৰত্নৰ সম্পদেৰে সদায় ভৰপূৰ হৈ থাকে।
আজি বাপদাদাই
সন্তানসকলৰ মাজত এটি বিশেষ কথা পৰীক্ষা কৰি আছিল। সেইটো কি আছিল? জ্ঞান আৰু যোগ সহজে
ধাৰণ কৰাৰ সহজ উপায় হ’ল পিতা আৰু দাদাৰ আজ্ঞাকাৰী হৈ চলা। পিতাৰ ৰূপতো আজ্ঞাকাৰী
হোৱা, শিক্ষকৰ ৰূপতো আজ্ঞাকাৰী আৰু সৎগুৰুৰ ৰূপতো আজ্ঞাকাৰী হোৱা। তিনিওটা ৰূপতে
আজ্ঞাকাৰী হোৱা অৰ্থাৎ সহজ পুৰুষাৰ্থী হোৱা কিয়নো তিনিওটা ৰূপতে সন্তানসকলে আজ্ঞা
পাইছে। অমৃতবেলাৰ পৰা নিশালৈকে সকলো সময়তে, প্ৰতিটো কৰ্তব্যৰ বাবে আজ্ঞা পাইছে।
আজ্ঞা অনুসৰি চলি থাকিলে কোনো ধৰণৰ পৰিশ্ৰম বা কঠিনতাৰ অনুভৱ নহ’ব। প্ৰতি মুহূৰ্ততে
মনৰ সংকল্প, বাণী আৰু কৰ্ম এই তিনিওটাৰ বাবে আজ্ঞা স্পষ্টভাৱে প্ৰাপ্ত হৈছে। ভবাৰো
আৱশ্যকতা নাই যে এইটো কৰোঁ নে নকৰোঁ। এইটো শুদ্ধ নে ভুল? ভবাৰো পৰিশ্ৰম নাই।
পৰমাত্ম আজ্ঞা হয়েই সদায় শ্ৰেষ্ঠ। গতিকে যিসকল কুমাৰ আহিছে, সংগঠন বহুত ভাল। তেন্তে
সকলোৱে পিতাৰ হোৱাৰ লগে লগে পিতাক প্ৰতিশ্ৰুতি দিছানে? যিহেতুকে পিতাৰ হ’লা তেন্তে
সৰ্বপ্ৰথমে কোনটো প্ৰতিশ্ৰুতি দিলা? বাবা, তন-মন-ধন যিয়েই আছে, কুমাৰসকলৰতো বেছি
ধন নাই, তথাপিও যি আছে, সকলো আপোনাৰ। এইটো প্ৰতিশ্ৰুতি দিলানে? তন, মন, ধন সকলো
আপোনাৰ আৰু সম্বন্ধও সকলো আপোনাৰ লগত - এইটো প্ৰতিশ্ৰুতি দৃঢ়তাৰে দিলানে? যিহেতুকে
তন-মন-ধন, সম্পৰ্ক সকলো আপোনাৰ তেন্তে মোৰ কি বাকী থাকিল! আকৌ কিবা মোৰ বোধ আছে নেকি?
থাকেইবা কি? তন, মন, ধন, জন... সকলো পিতাৰ প্ৰতি উৎসৰ্গিত কৰি দিলা। প্ৰবৃত্তিত
থকাসকলে কৰিলানে? মধুবনৰসকলে কৰিলানে? দৃঢ় হোৱা নহয়! যিহেতুকে মনটোও পিতাৰ হ’ল,
‘মোৰ মন’ এনেকুৱাতো নহয়? নে ‘মোৰ মন’? মোৰ বুলি ভাবি ব্যৱহাৰ কৰিব লাগেনে? যিহেতুকে
মন পিতাক দি দিলা তেন্তে এয়াও তোমালোকৰ ওচৰত আনৰ সম্পত্তি। তেন্তে যুদ্ধ কিহৰ বাবে
কৰা? মোৰ মন অশান্ত, মোৰ মনত ব্যৰ্থ সংকল্প আহে, মোৰ মন বিচলিত হয়..., যিহেতু মোৰ
নহয়, আনৰ সম্পত্তি তেন্তে আনৰ সম্পত্তিক মোৰ বুলি ভাবি ব্যৱহাৰ কৰা, এয়া জানো আনৰ
সম্পত্তিৰ প্ৰতি বেইমানি কৰা নহ’ল? মায়াৰ দ্বাৰ হৈছে - “মই আৰু মোৰ”। গতিকে
শৰীৰটোও তোমালোকৰ নহয়, তেন্তে দেহ-অভিমানৰ ‘মই’ ক’ৰ পৰা আহিল? মনটোও তোমালোকৰ নহয়,
তেন্তে “মোৰ মোৰ” ক’ৰ পৰা আহিল? আপোনাৰ নে মোৰ? পিতাৰ হয় নে কেৱল ক’বহে লাগে কৰিব
নালাগে? ক’বা ‘পিতা’ৰ বুলি আৰু মানিবা ‘মোৰ’ বুলি! কেৱল প্ৰথম প্ৰতিশ্ৰুতিটো
স্মৃতিলৈ আনা যে মই দেহ-অভিমানৰ ‘মই’ও নহয় আৰু মোৰো নহয়। গতিকে পিতাৰ যি আজ্ঞা,
শৰীৰটোও আনৰ সম্পত্তি বুলি ভাবা। মনটোও আনৰ সম্পত্তি বুলি ভাবা। তেন্তে পৰিশ্ৰম
কৰাৰ প্ৰয়োজন আছেনে? যদি কিবা দুৰ্বলতা আহে, তেন্তে এই দুটা শব্দৰ পৰাই আহে – “মই
আৰু মোৰ”। গতিকে শৰীৰটোও তোমাৰ নহয় আৰু দেহ-অভিমানৰ ‘মই’ও নহয়। মনত যিয়েই সংকল্প
চলে যদি আজ্ঞাকাৰী হয়, তেন্তে পিতাৰ আজ্ঞা কি? ইতিবাচক চিন্তা কৰা, শুভ ভাৱনাৰ
সংকল্প কৰা। অদৰকাৰী সংকল্প কৰা – এইটো পিতাৰ আজ্ঞা নেকি? নহয়। গতিকে যিহেতু মনটো
তোমাৰ নহয় তথাপিও ব্যৰ্থ সংকল্প কৰা তেন্তে পিতাৰ আজ্ঞা বাস্তৱত ৰূপায়িত নকৰিলা নহয়!
কেৱল এটা শব্দ স্মৃতিলৈ আনা যে মই পৰমাত্ম আজ্ঞাকাৰী সন্তান। এইটো পিতাৰ আজ্ঞা হয়
নে নহয়, সেইটো ভাবি চোৱা। যিসকল আজ্ঞাকাৰী সন্তান তেওঁলোকৰ সদায় পিতা স্বতঃ
স্মৃতিত থাকে। স্বতঃ স্নেহ থাকে। স্বতঃ পিতাৰ সমীপত থাকে। গতিকে পৰীক্ষা কৰা মই
পিতাৰ সমীপৰ, পিতাৰ আজ্ঞাকাৰী হওঁনে? এটা শব্দতো অমৃতবেলা স্মৃতিলৈ আনিব পাৰা যে
“মই কোন?” মই আজ্ঞাকাৰী হওঁ নে কেতিয়াবা আজ্ঞাকাৰী আৰু কেতিয়াবা আজ্ঞাৰ পৰা নিজকে
একাষৰীয়া কৰোঁতা হওঁ?
বাপদাদাই সদায় কয়
যে যিকোনো ৰূপতে যদি একমাত্ৰ বাবাৰ সম্বন্ধহে স্মৃতিত থাকে, অন্তৰৰ পৰা ‘বাবা’
উচ্চাৰিত হয়, তেন্তে সমীপতাৰ অনুভৱ কৰিবা। মন্ত্ৰৰ দৰে "বাবা বাবা" বুলি নক’বা,
তেওঁলোকে “ৰাম ৰাম” বুলি কয়, তোমালোকে “বাবা বাবা” বুলি কোৱা, কিন্তু ‘বাবা’
অন্তৰৰ পৰা উচ্চাৰিত হওঁক। প্ৰতিটো কৰ্ম কৰাৰ পূৰ্বে এইটো পৰীক্ষা কৰা যে মনৰ বাবে,
শৰীৰ বাবে বা ধনৰ বাবে বাবাৰ আজ্ঞা কি? কুমাৰসকলৰ হাতত লাগিলে যিমানেই কম ধন নাথাকক,
যেনেকৈ পিতাই আজ্ঞা দিছে যে ধনৰ খতিয়ান কেনেকৈ ৰাখিবা, তেনেকৈ ৰাখিছানে? নে যেনেকৈ
মন যায় তেনেকৈ চলোৱা? প্ৰতিগৰাকী কুমাৰে ধনৰো খতিয়ান ৰাখিব লাগে। ধন ক’ত আৰু কেনেকৈ
ব্যৱহাৰ কৰিব লাগে, মনটোও ক’ত আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে, শৰীৰটোও ক’ত ব্যৱহাৰ
কৰিব লাগে, এই সকলোৰে খতিয়ান থাকিব লাগে। তোমালোক দাদীসকলে যেতিয়া ধাৰণাৰ ক্লাছ
লোৱা, তেতিয়া বুজোৱা নহয় যে ধন কেনেকৈ ব্যৱহাৰ কৰিবা! কি খতিয়ান ৰাখিবা! কুমাৰসকলে
গম পোৱানে খতিয়ান কেনেকৈ ৰাখিব লাগে, ক’ত ব্যৱহাৰ কৰিব লাগে, এয়া গম পোৱানে?
কিছুসংখ্যকে হাত দাঙিছে, নতুন নতুনো আছে, এওঁলোকে গম নাপায়। এওঁলোকক নিশ্চয় ক’বা যে
কি কি কৰিব লাগে! নিশ্চিন্ত হৈ যাব, বোজা যেন নালাগিব কাৰণ তোমালোক সকলোৰে লক্ষ্য
হ’ল, কুমাৰ মানে ‘লাইট’। ‘ডবল লাইট’। কুমাৰসকলৰ লক্ষ্য আছে নহয় যে আমি এক নম্বৰত
আহিব লাগে? গতিকে লক্ষ্যৰ লগতে লক্ষণো লাগে। যদি লক্ষ্য বহুত উচ্চ আৰু লক্ষণ নাই
তেন্তে লক্ষ্যত উপনীত হোৱাটো কঠিন, সেয়েহে পিতাৰ যি আজ্ঞা সেয়া সদায় বুদ্ধিত ৰাখি
তাৰপাছত কাৰ্যত আহিবা।
বাপদাদাই আগতেও
বুজাইছে যে ব্ৰাহ্মণ জীৱনৰ মুখ্য সম্পদ হ’ল – সংকল্প, সময় আৰু শ্বাস। তোমালোকৰ
শ্বাসো বৰ অমূল্য। এটি শ্বাসো যাতে সাধাৰণ নহয়, ব্যৰ্থ নহয়। ভক্তিত কয় – প্ৰতিটো
শ্বাসত নিজৰ ইষ্টক স্মৰণ কৰা । শ্বাসো যাতে ব্যৰ্থত নাযায়। জ্ঞানৰ সম্পদ, শক্তিৰ
সম্পদ... এয়াতো আছেই। কিন্তু মুখ্য এই তিনিটা সম্পদ - সংকল্প, সময় আৰু শ্বাস - আজ্ঞা
অনুসৰি সফল হয়নে? ব্যৰ্থততো নাযায়? কিয়নো ব্যৰ্থত গ’লে জমা নহয়। আৰু সঞ্চয়ৰ পুঁজি
এই সংগমতেই জমা কৰিব লাগে। লাগিলে সত্যযুগ, ত্ৰেতাযুগত শ্ৰেষ্ঠ পদ প্ৰাপ্ত কৰা বা
দ্বাপৰ, কলিযুগত পূজ্য পদ প্ৰাপ্ত কৰা, কিন্তু দুয়োটাৰে জমা এই সংগমযুগতেই কৰিব লাগে।
এইটো হিচাপত ভাবা যে সংগমযুগী জীৱনৰ, এই চুটি জন্মটোৰ সংকল্প, সময়, শ্বাস কিমান
অমূল্য? এই ক্ষেত্ৰত অমনোযোগী নহ’বা। যেনেকৈ আহিলা তেনেকৈয়ে দিন অতিবাহিত হৈ গ’ল,
দিন অতিবাহিত নহ’ল কিন্তু এদিনত বহুত হেৰুৱালা। যেতিয়াই কোনো অদৰকাৰী সংকল্প কৰা,
অবাবতে সময় নষ্ট হয় তেতিয়া এনেকৈ নাভাবিবা যে একো নাই 5 মিনিটহে গ’ল। ৰাহি কৰা। সময়
অনুসৰি চোৱা প্ৰকৃতি নিজৰ কাৰ্যত কিমান তীব্ৰ। কিবা নহয় কিবা খেল দেখুৱাই থাকে।
ক’ৰবাত নহয় ক’ৰবাত খেল দেখুৱাই থাকে। প্ৰকৃতিপতি ব্ৰাহ্মণ সন্তানসকলৰ খেল এটাই -
উৰন্ত কলাৰ। তেন্তে প্ৰকৃতিয়েতো খেল দেখুৱায় কিন্তু ব্ৰাহ্মণে নিজৰ উৰন্ত কলাৰ খেল
দেখুৱাই আছানে?
কোনো কোনো সন্তানে
বাপাদাদাক উৰিষ্যাৰ সামুদ্ৰিক ধুমুহাৰ ফলাফল লিখি পঠিয়াইছে, এয়া হ’ল, এয়া হ’ল....।
তেন্তে সেয়া প্ৰকৃতিৰ খেলতো প্ৰত্যক্ষ কৰিলা। কিন্তু বাপদাদাই সুধিছে যে তোমালোকে
কেৱল প্ৰকৃতিৰ খেল প্ৰত্যক্ষ কৰিলা নে নিজৰ উৰন্ত কলাৰ খেলত ব্যস্ত হৈ থাকিলা? নে
কেৱল সংবাদ শুনি থাকিলা? সংবাদতো সকলো শুনিবলগীয়াও হয়, কিন্তু যিমান সংবাদ শুনাত
আগ্ৰহ থাকে সিমান নিজৰ উৰন্ত কলাৰ বাজীত থকাৰ আগ্ৰহ থাকিলনে? বহুত সন্তান গুপ্ত
যোগীও হয়, এনেকুৱা গুপ্ত যোগী সন্তানসকলে বাপদাদাৰ সহায়ো বহুত পালে আৰু এনেকুৱা
সন্তানসকল নিজেও অবিচলিত, সাক্ষী হৈ থাকিল আৰু বায়ুমণ্ডলতো সময়ত সহযোগ দিলে। যেনেকৈ
স্থূল সহযোগ দিওঁতাসকল, চৰকাৰেই হওক বা আশে-পাশে থকাসকল সহযোগ দিবৰ বাবে সাজু হৈ
যায়, তেনেকৈ ব্ৰাহ্মণ আত্মাসকলেও নিজৰ সহযোগ - শক্তি, শান্তি দিয়াৰ, সুখ দিয়াৰ যি
ঈশ্বৰীয় কাৰ্য সেয়া কৰিলানে? যেনেকৈ সেই চৰকাৰে এয়া কৰিলে, অমুক দেশে এয়া কৰিলে....
তৎক্ষণাত ঘোষণা কৰিবলৈ লাগি যায়, গতিকে বাপাদাদাই সোধে – তোমালোক ব্ৰাহ্মণসকলেও
নিজৰ এই কাৰ্য কৰিলানে? তোমালোকো সতৰ্ক হ’ব লাগে। স্থূল সহযোগ দিয়া ইয়াৰো আৱশ্যক,
এই ক্ষেত্ৰত বাপদাদাই মানা নকৰে কিন্তু ব্ৰাহ্মণ আত্মাৰ যিটো বিশেষ কাৰ্য, যিটো
সহযোগ আন কোনেও দিব নোৱাৰে, এনে সহযোগ সতৰ্ক হৈ তোমালোকে দিলানে? দিব লাগে নহয়! নে
কেৱল তেওঁলোকক বস্ত্ৰ লাগে, খাদ্য-শস্য লাগে? কিন্তু প্ৰথমেতো মনত শান্তি লাগে,
সন্মুখীন হোৱাৰ শক্তি লাগে। গতিকে স্থূলৰ লগতে সূক্ষ্ম সহযোগ ব্ৰাহ্মণেহে দিব পাৰে
আন কোনেও দিব নোৱাৰে। এয়া একোৱেই নহয়। এয়াতো মাত্ৰ আখৰাহে। বাস্তৱত আহিবলগীয়া আছে।
তাৰ আখৰাও তোমালোকক পিতা বা প্ৰকৃতিয়ে কৰাই আছে। গতিকে যি শক্তি, যি সম্পদ তোমালোকৰ
আছে সেয়া সময় অনুসৰি ব্যৱহাৰ কৰিব জানানে?
কুমাৰসকলে কি কৰিবা?
শক্তি জমা আছেনে? শান্তি জমা আছেনে? ব্যৱহাৰ কৰিব জানানে? হাততো বৰ ভালকৈ উঠোৱা,
এতিয়া বাস্তৱত দেখুৱাবা। সাক্ষী হৈ প্ৰত্যক্ষও কৰিব লাগে, শুনিবও লাগে আৰু সহযোগ
দিবও লাগে। অৱশেষত বাস্তৱত যেতিয়া ভূমিকা পালন কৰিবা, তেতিয়া যাতে সাক্ষী আৰু
নিৰ্ভীক হৈ প্ৰত্যক্ষ কৰা আৰু ভূমিকাও পালন কৰা। কি ভূমিকা? দাতাৰ সন্তান, দাতা হৈ
আত্মাসকলক যি লাগে সেয়া যাতে দি থাকা। তেন্তে মাষ্টৰ দাতা হোৱা নহয়? পুঁজি জমা কৰা,
নিজৰ যিমান জমা পুঁজি থাকিব সিমানে দাতা হ’ব পাৰিবা। অন্তলৈকে নিজৰ কাৰণেই জমা কৰি
থাকিলে তেন্তে দাতা হ’ব নোৱাৰিবা। অনেক জন্ম যি শ্ৰেষ্ঠ পদ পাব লাগে, সেয়া প্ৰাপ্ত
কৰিব নোৱাৰিবা, সেয়েহে এটা কথাতো হ’ল নিজৰ পুঁজি জমা কৰা, শুভ ভাৱনা, শ্ৰেষ্ঠ
কামনাৰ ভঁৰাল যাতে সদায় ভৰপূৰ হৈ থাকে। দ্বিতীয়তে - যি বিশেষ শক্তি আছে, সেই
শক্তিবোৰ যি সময়ত, যাক যি লাগে সেয়া দিব পাৰা। এতিয়া সময় অনুসৰি কেৱল নিজৰ
পুৰুষাৰ্থত সংকল্প আৰু সময় দিয়া, লগতে দাতা হৈ বিশ্বকো সহযোগ দিয়া। নিজৰ পুৰুষাৰ্থৰ
বিষয়েতো শুনালোঁ - অমৃতবেলাই এইটো ভাবা যে মই আজ্ঞাকাৰী সন্তান! উঠাৰ, বহাৰ, শোৱাৰ,
খোৱাৰ, কৰ্মযোগী হোৱাৰ - প্ৰতিটো কৰ্মৰ বাবে আজ্ঞা পাইছা। আজ্ঞাকাৰী হোৱা এয়াই
পিতাৰ সমান হোৱা। বচ্ শ্ৰীমতত চলিবা, নিজৰ মত আৰু পৰৰ মতত নহয়। শ্ৰীমতত যাতে একো
যোগ নহয়। যদি কেতিয়াবা নিজৰ মতত, কেতিয়াবা পৰৰ মতত চলা তেন্তে পৰিশ্ৰম কৰিবলগীয়া
হ’ব। সহজ নহ’ব কিয়নো নিজৰ মতে, পৰৰ মতে উৰিবলৈ নিদিব। নিজৰ মত, পৰৰ মত হৈছে বোজা আৰু
বোজাই উৰিবলৈ নিদিব। শ্ৰীমতে ‘ডবল লাইট’ কৰি দিয়ে। শ্ৰীমতত চলা অৰ্থাৎ সহজে পিতাৰ
সমান হোৱা। শ্ৰীমতত চলাসকলক কোনো পৰিস্থিতিয়ে তললৈ নমাই আনিব নোৱাৰে। তেন্তে
শ্ৰীমতত চলিব জানানে?
বাৰু, তেন্তে
কুমাৰসকলে এতিয়া কি কৰিবা? নিমন্ত্ৰণ পালা। বিশেষ আতিথ্য পালা। চোৱা, কিমান আদৰৰ
হৈ গ’লা। তেন্তে এতিয়া আগলৈ কি কৰিবা? সঁহাৰি জনাবা নে তালৈ গ’লে তাৰেই হৈ যাবা,
ইয়ালৈ আহিলে ইয়াৰ? এনেকুৱাতো নোহোৱা নহয়? ইয়াত বহুত আনন্দ-উল্লাসত আছা। মায়াৰ
প্ৰহাৰৰ পৰা সুৰক্ষিত হৈ আছা, এনেকুৱা কোনোবা আছেনে যাৰ ইয়াত মধুবনতো মায়া আহিছে?
এনেকুৱা কোনোবা আছেনে যিয়ে মধুবনতো পৰিশ্ৰম কৰিবলগীয়া হৈছে? নিৰাপদে আছা, ভাল কথা।
বাপদাদাও আনন্দিত হয়। সেই সময়ো আহিব যেতিয়া যুৱ দলৰ প্ৰতি চৰকাৰৰো মনোযোগ আকৰ্ষিত
হ’ব, কিন্তু তেতিয়াহে মনোযোগ আকৰ্ষিত হ’ব যেতিয়া তোমালোক বিঘ্ন-বিনাশক হৈ যাবা।
বিঘ্ন-বিনাশক কাৰ নাম? তোমালোকৰ নহয় জানো! বিঘ্নই যাতে কোনো কুমাৰৰ সন্মুখীন হ’বলৈ
সাহস নকৰে, তেতিয়া বিঘ্ন-বিনাশক বুলি কোৱা হ’ব। বিঘ্নৰ পৰাজয় হওঁক, কিন্তু আঘাত যাতে
নকৰে। বিঘ্ন-বিনাশক হোৱাৰ সাহস আছেনে? নে তালৈ গৈ পত্ৰ লিখিবা দাদী, বহুত ভালেই
আছিলোঁ কিন্তু নাজানো কি হৈ গ’ল! এনেকৈতো নিলিখা নহয়? এইটোৱে শুভ সংবাদ জনাবা – সকলো
ঠিকে আছে, বৰ ভাল, মই বিঘ্ন বিনাশক। মাত্ৰ এই কথাষাৰ লিখা। বৰ দীঘলীয়া পত্ৰ নিলিখিবা।
কেৱল লিখা - সকলো ঠিকে আছে। বাৰু।
মধুবনৰো বিশেষত্ব
বাপদাদাৰ ওচৰত আহি পাইছে। মধুবনৰসকলে নিজৰ খতিয়ানৰ তালিকা পঠিয়াইছে। বাপদাদাৰ ওচৰত
আহি পাইছে। বাপদাদাই সকলো সন্তানক, আজ্ঞা পালন কৰোঁতা আজ্ঞাকাৰী সন্তানসকলৰ দৃষ্টিৰে
চায়। বিশেষ কাৰ্য পালা আৰু সদাপ্ৰস্তুত হৈ কৰিলা, ইয়াৰ বাবেও অভিনন্দন জনাই আছোঁ।
বাৰু প্ৰত্যেকে নিজৰ খতিয়ানৰ তালিকা স্পষ্টকৈ লিখিছে। (দাদীৰ প্ৰতি) তোমালোকেও
ফলাফল চাই ক্লাচ ল’বা। নিজৰ অৱস্থাৰ খতিয়ানৰ তালিকা ভালকৈ লিখিছে। বাপদাদাইতো
অভিনন্দন জনায়েই আছে। সঁচা অন্তৰৰ হ’লে চাহেব ৰাজী হয়। বাৰু।
চাৰিওফালৰ বাপাদাদাৰ
আজ্ঞাকাৰী সন্তানসকলক, সদায় বিঘ্ন-বিনাশক সন্তানসকলক, সদায় শ্ৰীমতত সহজে চলোঁতা,
পৰিশ্ৰমৰ পৰা মুক্ত হৈ থকা সন্তানসকলক, সদায় আনন্দ-উল্লাসত উৰি থাকোঁতা আৰু উৰাওঁতা,
সৰ্ব সম্পদৰ পুঁজিৰে ভৰপূৰ হৈ থাকোঁতা এনেকুৱা পিতাৰ সমীপৰ আৰু সমান হৈ থাকোঁতা
সন্তানসকলক বহুত বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। কুমাৰসকলকো বিশেষকৈ অক্লান্ত
আৰু সদাপ্ৰস্তুত, সদায় উৰন্ত কলাত উৰি থাকোঁতাসকলক বাপদাদাৰ বিশেষ স্নেহ সহিত স্মৰণ।
(বাপদাদাই ‘ডায়মণ্ড
হল’ত বহি থকা সকলো ভাতৃ-ভগ্নীক দৃষ্টি দিবৰ বাবে প্ৰেক্ষাগৃহত পৰিক্ৰমা লগালে)
বাপদাদাৰ প্ৰতিগৰাকী
সন্তানৰ প্ৰতি বহুত বহুত বহুত স্নেহ আছে। এনেকৈ নাভাবিবা যে মোৰ প্ৰতি বাপদাদাৰ
স্নেহ কম আছে। তোমালোকে পাহৰি গ’লেও যোৱা কিন্তু পিতাই নিৰন্তৰ প্ৰতিগৰাকী সন্তানৰ
মালা জপ কৰি থাকে কিয়নো বাপদাদাৰ প্ৰতিগৰাকী সন্তানৰ বিশেষত্ব সদায় সন্মুখত থাকে।
কোনোবা এটি সন্তানো বিশেষ নহ’ব, এনেকুৱা নহয়। প্ৰতিগৰাকী সন্তান বিশেষ হয়। পিতাই
কেতিয়াও এটি সন্তানকো পাহৰি নাযায়, গতিকে সকলোৱে নিজক; বিশেষ আত্মা হওঁ আৰু বিশেষ
কাৰ্যৰ বাবে নিমিত্ত হওঁ, এনেকৈ ভাবি আগবাঢ়ি যোৱা। ভাল বাৰু।
বৰদান:
সদায় আত্মিক
স্থিতিত থাকি আনকো আত্মা ৰূপত চাওঁতা আত্মিক গোলাপ হোৱা
আত্মিক গোলাপ অৰ্থাৎ
যাৰ সদায় আত্মিক সুবাস আছে। আত্মিক সুবাস থকাসকলে য’লৈকে চাব, যাকেই চাব তেতিয়া
আত্মাক চাব, শৰীৰক নহয়। গতিকে নিজেও সদায় আত্মিক স্থিতিত থাকা আৰু আনকো আত্মা ৰূপত
চোৱা। যেনেকৈ পিতা উচ্চতকৈও উচ্চ, তেনেকৈ তেওঁৰ বাগিচাও উচ্চতকৈও উচ্চ যিখন বাগিচাৰ
বিশেষ অলংকাৰ হৈছা তোমালোক আত্মিক গোলাপসকল। তোমালোকৰ আত্মিক সুবাস অনেক আত্মাৰ
কল্যাণ কৰোঁতা হয়।
স্লোগান:
মৰ্যাদা ভংগ
কৰি কাৰোবাক সুখ দিলে সেয়াও দুখৰ হিচাপত জমা হৈ যাব।
আনন্দ ৰূপী সম্পদেৰে
সম্পন্ন, সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:
কোনো শ্ৰেষ্ঠ কৰ্ম
কৰিলে নিজৰ প্ৰতিও তাৰ প্ৰত্যক্ষফল আনন্দ আৰু শক্তিৰ অনুভূতি হয় আৰু আনেও এনেকুৱা
শ্ৰেষ্ঠ কৰ্মী আত্মাসকলক দেখি পুৰুষাৰ্থৰ উৎসাহ-উদ্দীপনাত আহে যে আমিও এনেকুৱা হ’ব
পাৰোঁ। গতিকে নিজৰ প্ৰতি প্ৰত্যক্ষফল প্ৰাপ্ত হৈ যায় আৰু আনৰো সেৱা হৈ যায়।