06.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল নিজৰ জয় আৰু পৰাজয়ৰ ইতিহাস স্মৃতিলৈ আনা, এয়া সুখ আৰু দুখৰ খেল, ইয়াত সুখ, দুখ, সমান নহয়

প্ৰশ্ন:
এইখন বেহদৰ ড্ৰামা অতিকৈ বিস্ময়কৰ কেনেকৈ?

উত্তৰ:
এই বেহদৰ ড্ৰামাখন ইমানতো বিস্ময়কৰ হয় যে গোটেই সৃষ্টিত প্ৰতিটো ছেকেণ্ডত যি হৈ আছে, সেয়া পুনৰ হুবহু পুনৰাবৃত্তি হব। এইখন ড্ৰামা ওকনিৰ নিচিনাকৈ (ধীৰ গতিৰে) চলিয়েই থাকে, টিক্ টিক্‌ হৈ থাকে। এটা টিক্ (মুহূৰ্ত) আনটোৰ লগত নিমিলে, সেইবাবে এইখন বৰ বিস্ময়কৰ ড্ৰামা। মনুষ্যৰ ভাল বা বেয়া যি ভূমিকা চলে সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। এই কথাটিও তোমালোক সন্তানসকলেহে বুজি পোৱা।

ওঁম্শান্তি।
ওঁম শান্তিৰ অৰ্থ সন্তানসকলক বুজোৱা হৈছে কিয়নো এতিয়া আত্মা-অভিমানী হৈছা। আত্মাই নিজৰ পৰিচয় দিয়ে যে মই আত্মা। আত্মাৰ স্বধৰ্ম হৈছে শান্তি। এতিয়া সকলো আত্মাৰ কাৰ্যসূচী হৈছে ঘৰলৈ যোৱা। এয়া ঘৰলৈ যোৱাৰ কাৰ্যসূচীৰ কথা কোনে শুনায়? নিশ্চয় পিতাইহে শুনাব। হে আত্মাসকল, এতিয়া পুৰণি সৃষ্টি সমাপ্ত হব। সকলো ভাৱৰীয়া আহি গৈছে। বাকী কিছু সংখ্যক আত্মা আহিবলৈ বাকী আছে, এতিয়া সকলো উভতি যাব লাগে। আকৌ ভূমিকা পুনৰাবৃত্তি কৰিব লাগে। তোমালোক সন্তানসকল আচলতে সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলা, প্ৰথমতে সত্যযুগত আহিছিলা আকৌ পুনৰ্জন্ম লৈ লৈ এতিয়া পৰৰ ৰাজ্যত আহি গৈছা। এয়া কেৱল তোমালোকৰ আত্মাসকলে জানা অন্য কোনেও নাজানে। তোমালোক হৈছা এজন পিতাৰ সন্তান। মৰমৰ সন্তানসকলক পিতাই কয় সন্তানসকল, তোমালোকে এতিয়া পৰৰ ৰাৱণৰাজ্যত আহি গৈছা। নিজৰ ৰাজ্য-ভাগ্য হেৰুৱাই পেলালা। সত্যযুগত দেৱী-দেৱতা ধৰ্মৰ আছিলা, যাৰ 5 হাজাৰ বছৰ হল। আধাকল্প তোমালোকে ৰাজত্ব কৰিলা কিয়নো ছিৰি তললৈও নিশ্চয় নামিবই লাগে। এইটো নাপাহৰিবা যে সত্যযুগৰ পাছত ত্ৰেতা আকৌ দ্বাপৰ-কলিযুগত আহিব লাগে। নিজৰ জয় আৰু পৰাজয়ৰ যি ইতিহাস আছে সেয়া স্মৃতিলৈ আনা। সন্তানসকলে জানে আমি সত্যযুগত সতোপ্ৰধান, সুখধামৰ নিবাসী আছিলোঁ। আকৌ পুনৰ্জন্ম লৈ লৈ দুখধামত জৰাজীৰ্ণ অৱস্থাত আহি গলোঁ। এতিয়া পুনৰ তোমালোক আত্মাসকলে পিতাৰ পৰা শ্ৰীমত পাইছা কিয়নো আত্মা-পৰমাত্মা বহুত সময় ধৰি বিচ্ছিন্ন হৈ থাকিল তোমালোক সন্তানসকল বহুত সময় ধৰি বিচ্ছিন্ন হৈ আছা। প্ৰথমতে তোমালোক বিচ্ছিন্ন হলা পাছত সুখৰ ভূমিকা পালন কৰিবলৈ আহিলা। আকৌ তোমালোকৰ ৰাজ্য-ভাগ্য কাঢ়ি নিলে। দুখৰ ভূমিকাত আহি গলা। এতিয়া তোমালোক সন্তানসকলে পুনৰ সুখ-শান্তিৰ ৰাজ্য-ভাগ্য লব লাগে। আত্মাসকলে কয় বিশ্বত শান্তি হওঁক। এই সময়ত তমোপ্ৰধান হোৱা বাবে বিশ্বত অশান্তি হৈছে। এয়াও শান্তি আৰু অশান্তি, দুখ আৰু সুখৰ খেল। তোমালোকে জানা 5 হাজাৰ বছৰ পূৰ্বে বিশ্বত শান্তি আছিল। মুললোকতো হয়েই শান্তিধাম। যত আত্মাসকল থাকে তাততো অশান্তিৰ প্ৰশ্নই নুঠে। সত্যযুগত বিশ্বত শান্তি আছিল আকৌ অৱমিত হওঁতে হওঁতে অশান্তি হৈ গল। এতিয়া গোটেই বিশ্বত সকলোৱে শান্তি বিচাৰে। ব্ৰহ্ম মহাতত্বক বিশ্ব বুলি কোৱা নহয়। সেয়া ব্ৰহ্মাণ্ড বুলি কোৱা হয়, যত তোমালোক আত্মাসকলে নিবাস কৰা। আত্মাৰ স্বধৰ্ম হৈছে শান্তি। শৰীৰৰ পৰা আত্মা পৃথক হলে শান্ত হৈ যায় পুনৰ অন্য শৰীৰ ললে তেতিয়া লৰচৰ কৰে। এতিয়া তোমালোক সন্তানসকল ইয়ালৈ কিয় আহিছা? এনেকৈ কয় বাবা, নিজৰ শান্তিধাম, সুখধামলৈ লৈ বলক। শান্তি অথবা মুক্তিধামত সুখ-দুখৰ ভূমিকা নাথাকে। সত্যযুগ হৈছে সুখধাম, কলিযুগ হৈছে দুখধাম। অৱনমিত কেনেকৈ হয়? সেয়াতো ছিৰিৰ চিত্ৰত দেখুওৱা হৈছে। তোমালোকে ছিৰিৰে নামি আহা পাছত এবাৰে ওপৰলৈ উঠা। পাৱন হৈ আৰোহণ কৰা আৰু পতিত হৈ অৱনমিত যোৱা। পাৱন নহলে আৰোহণ কৰিব নোৱাৰা, সেইবাবে আহ্বান কৰা বাবা, আপুনি আহি আমাক পাৱন কৰি তোলক।

তোমালোকে প্ৰথমতে পাৱন শান্তিধামলৈ গৈ পুনৰ সুখধামলৈ আহিবা। প্ৰথমে হৈছে সুখ, পাছত দুখ। সুখৰ মাত্ৰা বেছি। সমান হলে কোনো লাভেই নাই। যেন নিৰৰ্থক হৈ যায়। পিতাই বুজায় এয়া যি ড্ৰামা ৰচি থোৱা আছে তাত সুখ, বাকী কিবা নহয় কিবা দুখ আছে, সেইবাবে ইয়াক সুখ-দুখৰ খেল বুলি কোৱা হয়। পিতাই জানে যে মোক পিতাক তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও জানিব নোৱাৰে। ময়েই তোমালোকক নিজৰ পৰিচয় আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ পৰিচয় দিছোঁ। তোমালোকক নাস্তিকৰ পৰা আস্তিক কৰি তুলিছোঁ। তিনিও লোককো তোমালোকে জানা। ভাৰতবাসীয়েতো কল্পৰ আয়ুস কিমান সেয়াও নাজানে। এতিয়া তোমালোকেহে জানা যে বাবাই আমাক পুনৰ পঢ়াই আছে। পিতা গুপ্ত বেশত পৰৰ দেশলৈ আহিছে। বাবাও গুপ্ত। মনুষ্যই নিজৰ দেহক জানে, আত্মাক নাজানে। আত্মা অবিনাশী, দেহ বিনাশী। আত্মাক আৰু আত্মাৰ পিতাক তোমালোকে কেতিয়াও পাহৰা উচিত নহয়। আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। উত্তৰাধিকাৰ তেতিয়াহে পাবা যেতিয়া পৱিত্ৰ হবা। এই ৰাৱণৰাজ্যত তোমালোক পতিত হোৱা সেইবাবে পিতাক আহ্বান কৰা। দুজন পিতা আছে। পৰমপিতা পৰমাত্মা হৈছে সকলো আত্মাৰ একমাত্ৰ পিতা। এনেকুৱা নহয় যে ভাইসকলেই পিতা। যেতিয়াই ভাৰতত অতি ধৰ্ম গ্লানি হয়, যেতিয়া সকলো ধৰ্মৰ যিজন পাৰলৌকিক পিতা তেওঁক পাহৰি যায়, তেতিয়াই পিতা আহে। এয়াও খেল। ড্ৰামাত যিয়েই হয় পুনৰাবৃত্তি হৈ থাকে। তোমালোক আত্মাসকলে কিমানবাৰ ভূমিকা পালন কৰিবলৈ আহা আৰু যোৱা, এই ড্ৰামা অনাদি ওকণিৰ নিচিনাকৈ চলি থাকে। কেতিয়াও বন্ধ নহয়। টিক্‌ টিক্‌ হৈ থাকে কিন্তু এটা টিক্‌ আনটোৰ লগত নিমিলে। কেনেকুৱা বিস্ময়কৰ ড্ৰামা! প্ৰতিটো ছেকেণ্ডত গোটেই সৃষ্টিত যি হৈ থাকে সেয়া আকৌ পুনৰাবৃত্তি হব। যিসকল প্ৰত্যেক ধৰ্মৰে মুখ্য ভাৱৰীয়া তেওঁলোকৰ কথা কয়। তেওঁলোক সকলোৱে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। ৰাজধানী স্থাপনা নকৰে। এক পৰমপিতা পৰমাত্মাই ধৰ্মও প্ৰতিষ্ঠা কৰে আৰু ৰাজধানী অথবা ৰাজবংশও স্থাপনা কৰে। তেওঁলোকেতো ধৰ্ম প্ৰতিষ্ঠা কৰে, তেওঁলোকৰ পিছে পিছে সকলো আহিব লাগে। সকলোকে কোনে লৈ যাব? কোনোৱেতো নামমাত্ৰ ভূমিকা পালন কৰিলে আৰু শেষ। যেনেকৈ জীৱ-জন্তু, জন্মিল আৰু মৰিল। তেওঁলোকৰ যেন ড্ৰামাত বচনেই নাই। মনোযোগ কাৰ ফালে যায়? এজনতো সৃষ্টিকৰ্তাৰ ফালে যাব, যাক সকলোৱে কয় হে ঈশ্বৰ পিতা, হে পৰমপিতা পৰমাত্মা। তেওঁ সকলো আত্মাৰ পিতা। প্ৰথমতে আদি সনাতন দেৱী-দেৱতা ধৰ্ম আছিল। এয়া কিমান ডাঙৰ বেহদৰ বৃক্ষ। কিমান মত-মতান্তৰ, কিমান অনেক প্ৰকাৰৰ বস্তু ওলাইছে। হিচাপ কৰিবলৈ কঠিন হৈ যায়। আধাৰ নাই। বাকী সকলো থিয় হৈ আছে। পিতাই কয় মৰমৰ সন্তানসকল, মই তেতিয়াই আহোঁ যেতিয়া অনেক ধৰ্ম হয়, এটা ধৰ্ম নহয়। আধাৰ প্ৰায় লোপ হৈ গৈছে। কেৱল চিত্ৰহে আছে। আদি সনাতন এটা ধৰ্মই আছিল। বাকী সকলো পাছত আহে। ত্ৰেতাত বহুত থাকে যিসকল স্বৰ্গলৈ নাহে।

এতিয়া তোমালোকে পুৰুষাৰ্থ কৰা যে আমি নতুন সৃষ্টি স্বৰ্গলৈ যাম। পিতাই কয় - স্বৰ্গলৈ তোমালোক তেতিয়াহে আহিবা যেতিয়া মোক স্মৰণ কৰি পাৱন হবা, দৈৱী গুণ ধাৰণ কৰিবা। বাকী বৃক্ষৰ ঠাল-ঠেঙুলিতো অনেক আছে। সন্তানসকলে বৃক্ষৰ বিষয়েও গম পাইছা যে আমি সকলো আদি সনাতন দেৱী-দেৱতাসকল স্বৰ্গত আছিলোঁ। এতিয়া স্বৰ্গ নাই, এতিয়া হৈছে নৰক। সেইবাবে পিতাই প্ৰশ্নাৱলী তৈয়াৰ কৰাইছিল যে নিজৰ অন্তৰক সোধা আমি সত্যযুগী স্বৰ্গবাসী হওঁ নে কলিযুগী নৰকবাসী? সত্যযুগৰ পৰা তলত কলিযুগলৈ অৱনমিত হওঁনে? পুনৰ ওপৰলৈ কেনেকৈ যাম? পিতাই শিক্ষা দিয়ে। তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হবা? নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া যোগৰ অগ্নিৰ দ্বাৰা তোমালোকৰ পাপ খণ্ডন হৈ যাব। কল্প পূৰ্বেও তোমালোকক জ্ঞান শিকাই দেৱতা কৰি তুলিছিলোঁ, এতিয়া তোমালোক তমোপ্ৰধান হৈ গৈছা। আকৌ কোনোবা নিশ্চয় সতোপ্ৰধান কৰি তোলোঁতা থাকিব। পতিত-পাৱন কোনো মনুষ্যতো হব নোৱাৰে। হে পতিত-পাৱন, হে ভগৱান বুলি যেতিয়া কোৱা তেতিয়া বুদ্ধি ওপৰলৈ গুচি যায়। তেওঁ হৈছে নিৰাকাৰ। বাকী সকলো ভাৱৰীয়া। সকলোৱে পুনৰ্জন্ম লৈ থাকে। মই পুনৰ্জন্ম ৰহিত। এইখন ড্ৰামা ৰচি থোৱা আছে, তাক কোনেও নাজানে। তোমালোকেও জনা নাছিলা। এতিয়া তোমালোকক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয়। তোমালোকে নিজ আত্মাৰ ধৰ্মত স্থিত হোৱা। নিজকে আত্মা বুলি নিশ্চয় কৰা। এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে সেয়া পিতাই বুজায়, সেইবাবে তোমালোকৰ নাম হৈছে স্বদৰ্শন চক্ৰধাৰী আৰু অন্য কাৰো এই জ্ঞান নাই। গতিকে তোমালোক বহুত আনন্দিত হব লাগে। পিতা আমাৰ শিক্ষকো হয়। বহুত মৰমিয়াল বাবা। বাবাৰ সমান মৰমিয়াল আন কোনো নাই। তোমালোক পাৰলৌকিক পিতাৰ সন্তান পৰলোকৰ নিবাসী আত্মা। পিতাও পৰমধামত থাকে। যেনেকৈ লৌকিক পিতাই সন্তান জন্ম দি প্ৰতিপালন কৰি পাছত সকলো দি যায় কিয়নো সন্তানসকল উত্তৰাধিকাৰী হয়, এয়া নিয়ম। তোমালোক যিসকল বেহদৰ পিতাৰ সন্তান, পিতাই কয় এতিয়া সকলো বাণীৰ সিপাৰে নিজৰ ঘৰলৈ যাব লাগে। তাত হৈছে শান্তি পাছত ছায়াছবি, তাৰপাছত কথাছবি। কন্যাসকল সুক্ষ্মবতনলৈ যায়, সাক্ষাৎকাৰ হয়। আত্মা ওলাই নাযায়। ড্ৰামাত যি নিৰ্ধাৰিত হৈ আছে সেয়া ছেকেণ্ডৰ পাছত ছেকেণ্ড পুনৰাবৃত্তি হয়। এটা ছেকেণ্ডো আনটোৰ লগত নিমিলে। মনুষ্যৰ যি ভূমিকা চলে, ভাল বা বেয়া, সকলো নিৰ্ধাৰিত হৈ আছে। সত্যযুগত ভাল, কলিযুগত বেয়া ভূমিকা পালন কৰে। কলিযুগত মনুষ্য দুখী হয়। ৰামৰাজ্যত ছিঃ ছিঃ কথা নাথাকে। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য একেলগে নহয়। ড্ৰামাক নজনাৰ বাবে কয় - দুখ-সুখ পৰমাত্মাই দিয়ে। যেনেকৈ শিৱবাবাক কোনেও নাজানে, তেনেকৈ ৰাৱণকো কোনেও নাজানে। প্ৰতি বছৰে শিৱ জয়ন্তী পালন কৰে, সেয়েহে ৰাৱণ মৰন্তীও (ৰাৱণ দাহ) প্ৰতি বছৰে পালন কৰে। এতিয়া বেহদৰ পিতাই নিজৰ পৰিচয় দিছে যে নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। পিতাতো বহুত মৰমিয়াল। বাবাই জানো নিজৰ মহিমা কৰিব, যিয়ে সুখ পায় তেওঁলোকে মহিমা কৰে।

তোমালোক সন্তানসকলে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। পিতা হৈছে স্নেহৰ সাগৰ। পাছত সত্যযুগত তোমালোক মৰমিয়াল অমায়িক হোৱা। কোনোৱে কয় তাতো বিকাৰ আদি আছে, কোৱা তাত ৰাৱণৰাজ্যই নাই। ৰাৱণৰ ৰাজ্য দ্বাপৰৰ পৰা হয়। কিমান ভাল ৰীতিৰে বুজায়। বিশ্বৰ বুৰঞ্জী-ভূগোল আন কোনেও নাজানে। এই সময়তহে তোমালোকক বুজায়। পুনৰ তোমালোক দেৱতা হৈ যোৱা। দেৱতাসকলতকৈ উচ্চ কোনো নাই, সেইবাবে তাত গুৰুৰ শৰণ লোৱাৰ প্ৰয়োজন নহয়। ইয়াততো অনেক গুৰু আছে। সৎগুৰু হৈছে এজন। শিখ লোকসকলেও কয় সৎগুৰু অকাল। অকাল মূৰ্ত হৈছেই সৎগুৰু। তেওঁ কালৰো কাল মহাকাল। সেই কালেতো এজনক লৈ যায়। পিতাই কয় মইতো সকলোকে লৈ যাওঁ। পৱিত্ৰ কৰি সকলোকে শান্তিধাম আৰু সুখধামলৈ লৈ যাওঁ। যদি মোৰ হৈ পুনৰ মায়াৰ হৈ যায়, তেতিয়া কোৱা হয় গুৰুৰ নিন্দকে উচ্চ পদ নাপায়। তেওঁলোকে স্বৰ্গৰ সম্পূৰ্ণ সুখ পাব নোৱাৰে, প্ৰজাত গুচি যাব। পিতাই কয় সন্তানসকল, মোৰ নিন্দা নকৰাবা। মই তোমালোকক স্বৰ্গৰ মালিক কৰি তোলোঁ, সেয়েহে দৈৱী গুণো ধাৰণ কৰিব লাগে। কাকো দুখ দিব নালাগে। পিতাই কয় মই আহিছোঁৱেই তোমালোকক সুখধামৰ মালিক কৰি তুলিবলৈ। পিতা স্নেহৰ সাগৰ, মনুষ্য হৈছে দুখ দিয়াৰ সাগৰ। কাম-কটাৰী চলাই ইজনে-সিজনক দুখ দিয়ে। তাততো এনেকুৱা কথা নাথাকে। তাত হয়েই ৰামৰাজ্য। যোগবলৰ দ্বাৰা সন্তান জন্ম হয়। এই যোগবলৰ দ্বাৰা তোমালোকে গোটেই বিশ্বক পৱিত্ৰ কৰি তোলা। তোমালোক যোদ্ধা কিন্তু গুপ্ত। তোমালোক বহুত প্ৰসিদ্ধ। আকৌ ভক্তিমাৰ্গত তোমালোক দেৱীসকলৰ কিমান মন্দিৰ নিৰ্মাণ হয়। কোৱা হয় অমৃতৰ কলহ মাতাসকলৰ শিৰত ৰখা হয়। গো-মাতা বুলি কোৱা হয়, এয়া হৈছে জ্ঞান। পানীৰ কথা নহয়। তোমালোক হৈছা শিৱ শক্তি সেনা। জগতৰ লোকে আকৌ নকল কৰি কিমান গুৰু হৈ বহি আছে। এতিয়া তোমালোকে সত্যৰ নাওত বহিছা। গোৱা হয় নাও মোৰ পাৰ লগোৱা। এতিয়া পাৰলৈ লৈ যাবলৈ নাৱৰীয়া পাইছা। বেশ্যালয়ৰ পৰা শিৱালয়লৈ লৈ যায়। তেওঁক বাগিচাৰ মালিক বুলিও কোৱা হয়, কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি তোলে। তাত সুখেই সুখ। ইয়াত হৈছে দুখ। বাবাই যি প্ৰচাৰ-পত্ৰিকা ছপাবলৈ কৈছে তাত লিখিছে নিজৰ অন্তৰক সোধা স্বৰ্গবাসী হওঁ নে নৰকবাসী? বহুত প্ৰশ্ন সুধিব পাৰা। সকলোৱে কয় ভ্ৰষ্টাচাৰ আছে যেতিয়া নিশ্চয় কোনোবা সময়ত শ্ৰেষ্ঠাচাৰীও থাকিব! তেওঁলোক দেৱতা আছিল, এতিয়া নাই। যেতিয়া দেৱী-দেৱতা ধৰ্ম প্ৰায়ঃ লোপ হৈ যায় তেতিয়া এটা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ ভগৱান আহিবলগীয়া হয়। তাৰমানে তোমালোকে নিজৰ বাবে শ্ৰীমতৰ দ্বাৰা স্বৰ্গ স্থাপনা কৰি আছা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সমান স্নেহৰ সাগৰ হব লাগে। দুখৰ সাগৰ নহয়। পিতাৰ নিন্দা কৰোৱা কোনো কাম কৰিব নালাগে। অতি অমায়িক মৰমিয়াল হব লাগে।

(2) যোগবলেৰে পৱিত্ৰ হৈ অকৌ আনকো পৱিত্ৰ কৰি তুলিব লাগে। কাঁইটৰ জংঘলক ফুলৰ বাগিচা কৰি তোলাৰ সেৱা কৰিব লাগে। সদায় আনন্দিত হৈ থাকিব লাগে যে আমাৰ মৰমৰ বাবা পিতাও হয় লগতে শিক্ষকো হয়। তেওঁৰ সমান মৰমিয়াল আন কোনো নাই।

বৰদান:
পৰমাত্ম স্নেহ প্ৰাপ্ত কৰোঁতা এতিয়াৰ তথা ভৱিষ্যতৰ ৰাজনন্দন হোৱা

সংগমযুগত তোমালোক ভাগ্যৱান সন্তানসকলহে দিলাৰামৰ স্নেহৰ পাত্ৰ হোৱা। এই পৰমাত্ম স্নেহ কোটিৰ মাজত কিছুমান আত্মাৰহে প্ৰাপ্ত হয়। এই দিব্য স্নেহৰ দ্বাৰা ৰাজনন্দন হৈ যোৱা। ৰাজনন্দন অৰ্থাৎ এতিয়াও ৰজা আৰু ভৱিষ্যতৰো ৰজা। ভবিষ্যততকৈও প্ৰথমে এতিয়া স্বৰাজ্য অধিকাৰী হৈ গলা। যেনেকৈ ভৱিষ্যত ৰাজ্যৰ মহিমা হৈছে এক ৰাজ্য, এক ধৰ্ম... তেনেকৈ এতিয়া সকলো কৰ্মেন্দ্ৰিয়ৰ ওপৰত আত্মাৰ একছত্ৰী ৰাজ্য হয়।

স্লোগান:
নিজৰ চেহেৰাৰেৰে পিতাৰ চৰিত্ৰ প্ৰতিফলিত কৰাওঁতাসকলহে পৰমাত্ম স্নেহী।