06.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শ্ৰীমতত ভাল সেৱা কৰোঁতাসকলেহে বাদশ্বাহীৰ পুৰস্কাৰ লাভ কৰে, তোমালোক সন্তানসকল এতিয়া পিতাৰ সহায়কাৰী হৈছা সেইকাৰণে তোমালোকে বহুত ডাঙৰ পুৰস্কাৰ লাভ কৰা”

প্ৰশ্ন:
পিতাৰ জ্ঞানৰ নৃত্য কোনসকল সন্তানৰ সন্মুখত বহুত ভাল হয়?

উত্তৰ:
যিসকল জ্ঞানৰ প্ৰতি আগ্ৰহী, যাৰ যোগৰ নিচা আছে, তেওঁলোকৰ সন্মুখত পিতাৰ জ্ঞানৰ নৃত্য বহুত ভাল হয়। বিদ্যাৰ্থীসকল ক্ৰমানুসৰি হয়। কিন্তু এইখন হৈছে আচৰিত স্কুল। কাৰোবাৰ লেখমাত্ৰও জ্ঞান নাই, কেৱল ভাৱনাযুক্ত হৈ আছে, সেই ভাৱনাৰ আধাৰতো উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়।

ওঁম্শান্তি।
আত্মিক সন্তানসকলক আত্মিক পিতাই বুজায়, ইয়াক কোৱা হয় আত্মিক জ্ঞান বা আধ্যাত্মিক জ্ঞান। আধ্যাত্মিক জ্ঞান কেৱল এজন পিতাৰহে থাকে অন্য কোনো মনুষ্য মাত্ৰৰ আধ্যাত্মিক জ্ঞান নাথাকে। আত্মিক জ্ঞান দিওঁতা হয়েই এজন, যাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। প্ৰত্যেক মনুষ্যৰ নিজা নিজা গুণ থাকে নহয়। বেৰিষ্টাৰ বেৰিষ্টাৰ হয়। ডাক্তৰ ডাক্তৰ হয়। প্ৰত্যেকৰে কৰ্তব্য আৰু ভূমিকা বেলেগ বেলেগ। প্ৰত্যেক আত্মাই নিজা নিজা ভূমিকা প্ৰাপ্ত কৰিছে আৰু সেই ভূমিকা অবিনাশী। আত্মা কিমান সূক্ষ্ম। আচৰিত নহয়নে। গায়নো কৰে - ভ্ৰূকুটিৰ মাজত জিলিকে.... এনেকৈও গোৱা হয় - নিৰাকাৰ আত্মাৰ এই শৰীৰ হৈছে সিংহাসন। হওঁতে অতি সূক্ষ্ম বিন্দু। আৰু সকলো আত্মা হৈছে ভাৱৰীয়া। এটা জন্মৰ চাৰিত্ৰিক বৈশিষ্ট্য আনটো জন্মৰ সৈতে নিমিলে, এটা জন্মৰ ভূমিকা আনটো জন্মৰ সৈতে নিমিলে। কোনেও নাজানে যে মই অতীতত কি আছিলোঁ আকৌ ভৱিষ্যতে কি হ'মগৈ। এয়া পিতাইহে সংগমত বহি বুজায়। পুৱা তোমালোক সন্তানসকল স্মৃতিৰ যাত্ৰাত বহিলে প্ৰশমিত হৈ থকা আত্মা প্ৰজ্জ্বলিত হৈ যায় কিয়নো আত্মাত বহুত মামৰ লাগি আছে। পিতাই সোণাৰীৰ কামো কৰে। পতিত আত্মসকলক, য'ত খাদ পৰে, তাক পৱিত্র কৰি তোলে। খাদতো পৰে নহয়। ৰূপ, তাম, লোহা আদি নামবোৰো এনেকুৱা। সোণালী যুগ, ৰূপালী যুগ..... সতোপ্ৰধান, সতো, ৰজো, তমো..... এই কথাবোৰ অন্য কোনো মনুষ্য, গুৰুৱে নুবুজায়। একমাত্ৰ সৎগুৰুৱেহে বুজাব। সৎগুৰুৰ অকাল সিংহাসন বুলি কয় নহয়। সেই সৎগুৰুকো সিংহাসন লাগে নহয়। যেনেকৈ তোমালোক আত্মাসকলৰ নিজা নিজা সিংহাসন আছে, তেৱোঁ সিংহাসন ল'বলগীয়া হয়। তেওঁ কয় - মই কোনখন সিংহাসন লওঁ - সেয়া জগতত কোনেও গম নাপায়। তেওঁলোকেতো নাজানো নাজানো বুলি কৈ আহিছে। আমি নাজানো। তোমালোক সন্তানসকলেও বুজি পোৱা যে আগতে আমি একোৱেই নাজানিছিলোঁ। যিয়ে একোৱেই বুজি নাপায়, তেওঁলোকক অবোধ বুলি কোৱা হয়। ভাৰতবাসীয়ে বুজি পায় যে আমি বহুত বিচাৰ বুদ্ধি সম্পন্ন আছিলোঁ। বিশ্বৰ ৰাজ্য-ভাগ্য আমাৰ আছিল। এতিয়া অবোধ হৈ গৈছোঁ। পিতাই কয় - তোমালোকে শাস্ত্ৰ আদি যদিওবা পঢ়িছা, সেই সকলোবোৰ এতিয়া পাহৰি যোৱা। কেৱল এজন পিতাক স্মৰণ কৰা। গৃহস্থালিতো থাকা। সন্ন্যাসীসকলৰ অনুগামীসকলো নিজৰ নিজৰ ঘৰত থাকে। কোনো কোনো সঁচা অনুগামী হ’লে তেতিয়া তেওঁলোকৰ লগত থাকে। বাকী কোনোবা ক’ৰবাত, কোনোবা আন ক’ৰবাত থাকে। গতিকে এই সকলোবোৰ কথা পিতাই বহি বুজায়। ইয়াক কোৱা হয় জ্ঞানৰ নৃত্য। যোগ হৈছে শান্ত অৱস্থা। জ্ঞানৰ হৈছে নৃত্য। যোগততো একেবাৰে শান্ত হৈ থাকিব লাগে। গভীৰ শান্তি বুলি কয় নহয়। তিনি মিনিট গভীৰ শান্তি। কিন্তু তাৰো অৰ্থ কোনেও নাজানে। সন্ন্যাসীয়ে শান্তিৰ কাৰণে জংঘললৈ যায় কিন্তু তাত জানো শান্তি পাব পাৰে। এটা কাহিনীও আছে - ৰাণীৰ হাৰ ডিঙিতে আছিল..... এইটো দৃষ্টান্ত শান্তিৰ কাৰণে। পিতাই এই সময়ত যিবিলাক কথা বুজায় সেয়া দৃষ্টান্ত ৰূপত আকৌ ভক্তিমাৰ্গত চলি থাকে। পিতাই এই সময়ত পুৰণি সৃষ্টিক পৰিৱৰ্তন কৰি নতুন সৃষ্টি কৰি তোলে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কৰি তোলে। এয়াতো তোমালোকে বুজিব পাৰা। বাকী এই জগতখনেই হৈছে তমোপ্ৰধান পতিত কিয়নো সকলো বিকাৰৰ দ্বাৰা জন্ম হয়। দেৱতাসকলতো বিকাৰৰ দ্বাৰা জন্ম নহয়। সেইখনক কোৱা হয় সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। “নিৰ্বিকাৰী সৃষ্টি” বুলি কয় কিন্তু তাৰ অৰ্থ বুজি নাপায়। তোমালোকেই পূজ্যৰ পৰা পূজাৰী হৈছা। বাবাৰ কাৰণে কেতিয়াও এনেকৈ কোৱা নহয়। পিতা কেতিয়াও পূজাৰী নহয়। মনুষ্যইতো কণ কণত পৰমাত্মা আছে বুলি কৈ দিয়ে। সেইবাবে পিতাই কয় - ভাৰতত যেতিয়াই এনেকৈ ধৰ্ম গ্লানি হয়....। তেওঁলোকেতো কেৱল এনেয়ে শ্লোক পঢ়ে, অৰ্থ একোৱেই নাজানে। তেওঁলোকে ভাবে শৰীৰহে পতিত হয়, আত্মা নহয়।

পিতাই কয় - প্ৰথমে আত্মা পতিত হৈছে সেইবাবে শৰীৰো পতিত হৈ গৈছে। সোণতহে খাদ পৰে তেতিয়া আকৌ অলংকাৰো তেনেকুৱাই তৈয়াৰ হয়। কিন্তু সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গত। পিতাই বুজায় - প্ৰত্যেকৰে মাজত আত্মা বিৰাজমান হৈ আছে, কোৱাও হয় - জীৱ আত্মা। জীৱ পৰমাত্মা বুলি কোৱা নহয়। মহান আত্মা বুলি কোৱা হয়, মহান পৰমাত্মা বুলি কোৱা নহয়। আত্মাইহে ভিন্ন ভিন্ন শৰীৰ লৈ ভূমিকা পালন কৰে। গতিকে যোগ হৈছে একেবাৰে শান্ত অৱস্থা। এয়া আকৌ হৈছে জ্ঞানৰ নৃত্য। পিতাৰ জ্ঞানৰ নৃত্যও সেইসকলৰ আগত হ’ব যিসকল আগ্ৰহী হ’ব। পিতাই জানে কাৰ কিমান জ্ঞান আছে, কিমান তেওঁৰ যোগৰো নিচা আছে। শিক্ষকেতো জানিব নহয়। পিতায়ো জানে কোন কোন ভাল গুণৱান সন্তান। ভাল ভাল সন্তানসকলৰহে য'ৰ-ত'ৰ পৰা নিমন্ত্ৰণ আহে। সন্তানসকলৰ ভিতৰতো ক্ৰম অনুসৰি আছে। প্ৰজাও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। এইখন হৈছে স্কুল অথবা পাঠশালা। পাঠশালাত সদায় ক্ৰমানুসৰি বহে। বুজিব পাৰি অমুক তীক্ষ্ণ বুদ্ধিৰ, এওঁ মধ্যম। ইয়াততো এয়া হৈছে বেহদৰ শ্ৰেণীকোঠা, ইয়াত কাকো ক্ৰমানুসৰি বহুৱাব নোৱাৰি। বাবাই জানে মোৰ সন্মুখত এয়া যি বহি আছে এওঁৰ একোৱেই জ্ঞান নাই। কেৱল ভাৱনা আছে। বাকী জ্ঞানো নাই, যোগো নাই। ইমানখিনি নিশ্চয়তা আছে - এওঁ বাবা, এওঁৰ পৰা আমি উত্তৰাধিকাৰ ল'ব লাগে। উত্তৰাধিকাৰতো সকলোৱে পাব। কিন্তু ৰাজত্ব কৰাৰ ক্ষেত্ৰত ক্ৰম অনুসৰি পদ আছে। যিয়ে বহুত ভাল সেৱা কৰে তেওঁলোকেতো বহুত ভাল পুৰস্কাৰ লাভ কৰে। ইয়াত সকলোকে পুৰস্কাৰ দি থাকে, যিয়ে ৰায় দিয়ে, মগজ খটুৱায়, তেওঁলোকে পুৰস্কাৰ লাভ কৰে। এতিয়া তোমালোকে জানা বিশ্বত সঁচা শান্তি কেনেকৈ হ'ব? পিতাই কৈছে - তেওঁলোকক সোধাচোন বাৰু যে বিশ্বত শান্তি কেতিয়া আছিল? কেতিয়াবা শুনিছেনে বা দেখিছেনে? কেনেধৰণৰ শান্তি বিচাৰে? কেতিয়া আছিল? তোমালোকে প্ৰশ্ন সুধিব পাৰা কিয়নো তোমালোকে জানা যে যিয়ে প্ৰশ্ন সোধে আৰু নিজেই নাজানে তেন্তে তেওঁক কি বুলি কোৱা হ’ব? তোমালোকে বাতৰিকাকতৰ দ্বাৰা সোধা যে কেনেধৰণৰ শান্তি বিচাৰে? শান্তিধামতো আছে, য'ত আমি সকলো আত্মা থাকোঁ। পিতাই কয় – এক হৈছে শান্তিধামক স্মৰণ কৰা, দ্বিতীয়তে সুখধামক স্মৰণ কৰা। সৃষ্টি চক্ৰৰ সম্পূৰ্ণ জ্ঞান নথকাৰ কাৰণে কিমান মিছা কথা কৈ দিছে।

তোমালোক সন্তানসকলে জানা যে আমি দ্বৈত মুকুটধাৰী হওঁগৈ। আমি দেৱতা আছিলোঁ, এতিয়া পুনৰ মনুষ্য হৈছোঁ। দেৱতাসকলক দেৱতা বুলি কোৱা হয়, মনুষ্য বুলি কোৱা নহয় কিয়নো দৈৱী গুণধাৰী হয়। যাৰ অৱগুণ আছে তেওঁলোকে কয় মোৰ নিৰ্গুণীৰ কোনো গুণ নাই। শাস্ত্ৰবোৰত যি কথা শুনে সেয়া কেৱল গাই থাকে – “অচতম্ কেশৱম...”। যেনেকৈ ভাটৌক শিকোৱা হয়। এনেকৈ কয় - বাবা আপুনি আহি আমাক সকলোকে পাৱন কৰি তোলক। ব্ৰহ্মলোকক বাস্তৱত সৃষ্টি বুলি কোৱা নহয়। তাত তোমালোক আত্মাসকল থাকা। বাস্তৱত ভূমিকা পালন কৰা লোক এইখনেই। সেয়া হৈছে শান্তিধাম। পিতাই বুজায় - মই বহি তোমালোক সন্তানসকলক নিজৰ পৰিচয় দিওঁ। মই আহোঁৱেই তেওঁৰ শৰীৰত যিজনে নিজৰ জন্মৰ বিষয়ে নাজানে। এৱোঁ এতিয়াহে শুনে। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। পুৰণি পতিত সৃষ্টি, ৰাৱণৰ সৃষ্টি। যি এক নম্বৰৰ পাৱন আছিল তেৱেঁই আকৌ অন্তিম নম্বৰৰ পতিত হৈছে। তেওঁক নিজৰ ৰথ কৰি লওঁ। প্ৰথমৰ জনেই এতিয়া অন্তিমত আহি পাইছে। আকৌ প্ৰথমত যাব লাগে। চিত্ৰবোৰতো বুজোৱা হৈছে - ব্ৰহ্মাৰ দ্বাৰা মই আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। এনেকৈতো নকয় যে দেৱী-দেৱতা ধৰ্মত আহোঁ। যাৰ শৰীৰত আহি বহে তেৱেঁই গৈ আকৌ নাৰায়ণ হয়। বিষ্ণু আন কোনো নহয়। লক্ষ্মী-নাৰায়ণ অথবা ৰাধা-কৃষ্ণৰ যুগল বুলি কোৱা। বিষ্ণু কোন - এয়াও কোনেও নাজানে। পিতাই কয় - মই তোমালোকক বেদ-শাস্ত্ৰ, সকলো চিত্ৰ আদিৰ ৰহস্য বুজাওঁ। মই যাৰ শৰীৰত প্ৰৱেশ কৰোঁ তেওঁ আকৌ এয়া (নাৰায়ণ) হয়। প্ৰবৃত্তি মাৰ্গ নহয় জানো। এই ব্ৰহ্মা, সৰস্বতীয়ে আকৌ সেয়া (লক্ষ্মী-নাৰায়ণ) হয়গৈ। এওঁৰ (ব্ৰহ্মাৰ) শৰীৰত মই প্ৰৱেশ কৰি ব্ৰাহ্মণসকলক জ্ঞান দিওঁ। গতিকে এই ব্ৰহ্মায়ো শুনে। এওঁ এক নম্বৰত শুনে। এওঁ হৈছে ডাঙৰ নদী ব্ৰহ্মপুত্ৰ। মেলাও সাগৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লাগে। ডাঙৰ মেলা লাগে, য'ত সাগৰ আৰু নদীৰ সংগম হয়। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। এওঁ সেয়া (নাৰায়ণ) হয়গৈ। এওঁক সেয়া (ব্ৰহ্মাৰ পৰা বিষ্ণু) হ'বলৈ এক চেকেণ্ড লাগে। সাক্ষাৎকাৰ হৈ যায় আৰু তৎক্ষণাৎ নিশ্চয় জন্মি যায় - মই এয়া হ’মগৈ। বিশ্বৰ মালিক হ'বলৈ গৈ আছোঁ। গতিকে এই তুচ্ছ সম্পত্তি কি কৰিম? সকলো এৰি দিলে। তোমালোকেও প্ৰথমে গম পালা – বাবাৰ আগমন হৈছে, এই সৃষ্টি এতিয়া নাশ হৈ যাব গতিকে তৎক্ষণাৎ দৌৰিলা। বাবাই পলুৱাই অনা নাছিল। অৱশ্যে হয়, ভাতী তৈয়াৰ হ'বলগীয়া আছিল। এনেকৈ কয় যে কৃষ্ণই পলুৱাই নিলে। বাৰু, কৃষ্ণই যদি পলুৱাই নিলে তেন্তে পাটৰাণী কৰিলে নহয় জানো। গতিকে এই জ্ঞানেৰে বিশ্বৰ মহাৰজা-মহাৰাণী হোৱা। এয়াতো ভালেই। ইয়াত গালি খোৱাৰ দৰকাৰ নাই। আকৌ কয় কলংক যেতিয়া লাগে তেতিয়াহে কলংকীধৰ হয়। কলংক লাগে শিৱবাবাৰ। কিমান যে গ্লানি কৰে। এনেকৈ কয় যে মই আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা। এতিয়া পিতাই বুজায় - এনেকুৱা নহয়। আমি আত্মা এতিয়া ব্ৰাহ্মণ। ব্ৰাহ্মণ হৈছে সকলোতকৈ উচ্চ কুল। ইয়াক ৰাজবংশ বুলি কোৱা নহয়। ৰাজবংশ অৰ্থাৎ য'ত বাদশ্বাহী চলে। এয়া তোমালোকৰ কুল। হওঁতে বহুত সহজ, আমি ব্ৰাহ্মণেই দেৱতা হ'মগৈ সেই কাৰণে দৈৱীগুণ নিশ্চয় ধাৰণ কৰিব লাগে। চিগাৰেট, বিড়ি আদি জানো দেৱতাসকলক ভোগ লগোৱা হয়? শ্ৰীনাথ মন্দিৰত ঘিউৰ বহুত উৎকৃষ্ট ভোগ তৈয়াৰ কৰা হয়। ভোগ ইমান আগবঢ়ায় যে পাছত দোকান লাগি যায়। যাত্ৰীসকলে গৈ লয়। মনুষ্যৰ বহুত ভাৱনা থাকে। সত্যযুগততো এনেকুৱা কথা নহয়। এনেকুৱা মাখি আদি নাথাকিব, যে কিবা বস্তু নষ্ট কৰিব। এনেকুৱা বেমাৰ আদি তাত নাথাকে। ডাঙৰ ব্যক্তিৰ ঘৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাও বহুত। তাততো এনেকুৱা কথাই নাথাকে। ৰোগ আদি নহয়। এই সকলো বেমাৰ দ্বাপৰৰ পৰা আৰম্ভ হৈছে। পিতা আহি তোমালোকক সৰ্বদা নিৰোগী কৰি তোলে। তোমালোকে পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা, যাৰ দ্বাৰা তোমালোক সৰ্বদা নিৰোগী হৈ যোৱা। আয়ুসো দীঘলীয়া হয়। কালিৰ কথা। 150 বছৰ আয়ুস নাছিল জানো। এতিয়াতো গড় আয়ুস 40-45 বছৰ কিয়নো তেওঁলোক যোগী আছিল, এয়া হৈছে ভোগী।

তোমালোক হৈছা ৰাজযোগী, ৰাজঋষি সেই কাৰণে তোমালোক পৱিত্র। কিন্তু এয়া হৈছে পুৰুষোত্তম সংগমযুগ। মাহ বা বছৰ নহয়। পিতাই কয় - মই কল্পই কল্পই পুৰুষোত্তম সংগমযুগত আহোঁ। পিতাই নিতৌ বুজাই থাকে। তথাপিও কয় এটা কথা কেতিয়াও নাপাহৰিবা - পাৱন হ'বলৈ হ’লে মোক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। দেহৰ সকলো ধৰ্ম ত্যাগ কৰা। এতিয়া তোমালোক উভতি যাব লাগে। মই তোমালোক আত্মাসকলক নিকা কৰিবলৈ আহিছোঁ, যাৰ দ্বাৰা আকৌ শৰীৰো পৱিত্র পাবা। ইয়াততো বিকাৰেৰে জন্ম হয়। আত্মা যেতিয়া সম্পূৰ্ণ পৱিত্র হয় তেতিয়া তোমালোকে পুৰণা জোতা (শৰীৰ) ত্যাগ কৰা। আকৌ নতুন পাবা। তোমালোকৰ গায়ন আছে – “বন্দে মাতৰম্”। তোমালোকে ধৰণীকো পৱিত্র কৰি তোলা। তোমালোক মাতাসকলে স্বৰ্গৰ দ্বাৰ মুকলি কৰা। কিন্তু এয়া কোনেও নাজানে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মা ৰূপী জ্যোতি প্ৰজ্জ্বলিত কৰিবৰ কাৰণে পুৱাতে স্মৃতিৰ যাত্ৰাত বহিব লাগে। স্মৃতিৰেহে মামৰ আঁতৰিব। আত্মাত যি খাদ (বিকাৰৰ লেপ) পৰিছে সেয়া স্মৃতিৰ দ্বাৰা আঁতৰাই সঁচা সোণ হ'ব লাগে।

(2) পিতাৰ পৰা উচ্চ পদৰ পুৰস্কাৰ ল'বৰ কাৰণে ভাৱনাৰ লগতে জ্ঞানৱান আৰু গুণৱানো হ'ব লাগে। সেৱা কৰি দেখুৱাব লাগে।

বৰদান:
চলন আৰু চেহেৰাৰে পৱিত্ৰতা ৰূপী অলংকাৰৰ ৰেঙনি দেখাওঁতা অলংকৃত মূৰ্ত হোৱা

পৱিত্ৰতা ব্ৰাহ্মণ জীৱনৰ অলংকাৰ। সকলো সময়তে পৱিত্ৰতা ৰূপী অলংকাৰৰ অনুভূতি চেহেৰা বা চলনেৰে আনে অনুভৱ কৰক। দৃষ্টিত, মুখত, হাতত, ভৰিত সদায় পৱিত্ৰতা ৰূপী অলংকাৰ প্ৰত্যক্ষ হওঁক। প্ৰত্যেকে বৰ্ণনা কৰক যে এওঁৰ চেহেৰাত পৱিত্ৰতা দেখিবলৈ পোৱা যায়। নয়নত পৱিত্ৰতাৰ ৰেঙনি, মুখত পৱিত্ৰতাৰ মিচিকিয়া হাঁহি। আৰু অন্য কোনো কথা তেওঁলোকৰ দৃষ্টিত নাহে – ইয়াকে পৱিত্ৰতা ৰূপী অলংকাৰেৰে অলংকৃত মূৰ্ত বুলি কোৱা হয়।

স্লোগান:
ব্যৰ্থ সম্বন্ধ-সম্পৰ্কয়ো পুঁজি খালী কৰি দিয়ে, সেয়েহে ব্যৰ্থ সমাপ্ত কৰা।