07.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল আত্মা-অভিমানে বিশ্বৰ মালিক কৰি তোলে, দেহ-অভিমানে কঙাল কৰি দিয়ে, সেয়েহে আত্মা-অভিমানী হোৱা

প্ৰশ্ন:
কোনটো অভ্যাসে অশৰীৰী হোৱাত বহুত সহায় কৰে?

উত্তৰ:
নিজক সদায় ভাৱৰীয়া বুলি বুজা, যেনেকৈ ভাৱৰীয়াই ভূমিকা পূৰা হলেই বস্ত্ৰ সোলোকাই পেলায়, তেনেকৈ তোমালোক সন্তানসকলেও এইটো অভ্যাস কৰিব লাগে, কৰ্ম শেষ হোৱাৰ লগে লগে পুৰণি বস্ত্ৰ (শৰীৰ) এৰি অশৰীৰী হৈ যোৱা। আত্মা ভাই ভাই হয়, এইটো অভ্যাস কৰি থাকা। এয়াই পাৱন হোৱাৰ সহজ সাধন। শৰীৰলৈ চালে আসুৰি খেয়াল চলে সেয়েহে অশৰীৰী হোৱা।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায় কাৰণ বহুত অবোধ হৈ গৈছে। 5 হাজাৰ বছৰ পূৰ্বেও তোমালোকক বুজাইছিল আৰু দৈৱী কৰ্মও শিকাইছিল। তোমালোক দেৱী-দেৱতা ধৰ্মত আহিছিলা আকৌ ড্ৰামাৰ পৰিকল্পনা অনুসৰি পুনৰ্জন্ম লওঁতে লওঁতে, কলা কম হৈ হৈ ইয়াত বাস্তৱত একেবাৰে কলাহীন হৈ গলা, কাৰণ এইখন হয়েই তমোপ্ৰধান ৰাৱণৰাজ্য। এই ৰাৱণৰাজ্যও প্ৰথমতে সতোপ্ৰধান আছিল। আকৌ সতো, ৰজো, তমো হৈছে। এতিয়াতো একেবাৰে তমোপ্ৰধান। এতিয়া ইয়াৰ অন্ত হব। ৰাৱণৰাজ্যক কোৱা হয় আসুৰি ৰাজ্য। ৰাৱণক জ্বলোৱাৰ ধুন ভাৰতত আছে। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য বুলিও ভাৰতবাসীয়ে কয়। ৰামৰাজ্য হয় সত্যযুগত। ৰাৱণৰাজ্য হৈছে কলিযুগত। এয়া অতিকৈ বুজিবলগীয়া কথা। বাবা আচৰিত হয় যে ভাল ভাল সন্তানে পূৰা ৰীতিৰে নুবুজাৰ বাবে নিজৰ ভাগ্য ৰেখা খণ্ডিত কৰি দিয়ে। ৰাৱণৰ অৱগুণে মেৰিয়াই ধৰে। নিজেও দৈৱী গুণৰ বৰ্ণনা কৰে। পিতাই বুজায় তোমালোক সেই দেৱতাই আছিলা। তোমালোকেই 84 জন্ম ভোগ কৰিলা। তোমালোকক তেতিয়াৰ আৰু এতিয়াৰ অন্তৰ আৰু কাৰণ বুজাইছোঁ - তোমালোক কিয় তমোপ্ৰধান হলা। এয়া হৈছে ৰাৱণৰাজ্য। ৰাৱণ হৈছে সকলোতকৈ ডাঙৰ শত্ৰু, যিয়ে ভাৰতক ইমান কঙাল তমোপ্ৰধান কৰি দিছে। ৰামৰাজ্যত ইমান মনুষ্য নাথাকে। তাততো এটাই ধৰ্ম থাকে। ইয়াততো সকলোৰে মাজত ভূতৰ প্ৰৱেশ হৈছে। ক্ৰোধ, লোভ, মোহৰ ভূত আছে, নহয়। আমি অবিনাশী, এই শৰীৰ বিনাশী - এই কথা আমি পাহৰি যাওঁ। আত্মা-অভিমানী নহয়েই। দেহ-অভিমানী বহুত আছে। দেহ-অভিমান আৰু আত্মা-অভিমানৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। আত্মা-অভিমানী দেৱী-দেৱতা গোটেই বিশ্বৰ মালিক হৈ যায়। দেহ-অভিমান থাকিলে কঙাল হৈ যায়। ভাৰত সোণৰ চৰাই (সমৃদ্ধিশালী) আছিল, যদিও তেনেকৈ কয় কিন্তু বুজি নাপায়। শিৱবাবা আহে দৈৱী বুদ্ধিৰ কৰি তুলিবলৈ। পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ, এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল। কেতিয়াবা শুনিছানে যে এওঁলোকক বাদশ্বাহী কোনে দিলে? তেওঁলোকে কি এনে কৰ্ম কৰিলে যাৰ বাবে ইমান উচ্চ পদ পালে? কৰ্মৰ কথা নহয় জানো। মনুষ্যই আসুৰিক কৰ্ম কৰিলে তেতিয়া সেই কৰ্ম বিকৰ্ম হৈ যায়। সত্যযুগত কৰ্ম অকৰ্ম হয়। তাত কৰ্মৰ হিচাপ নাথাকে। পিতাই বুজায়, নুবুজাৰ বাবে অনেক বিঘিনিৰ সৃষ্টি কৰে। কৈ দিয়ে যে শিৱ আৰু শংকৰ এজনেই। হেৰ, শিৱ নিৰাকাৰক অকলে দেখুৱায়, শংকৰ-পাৰ্বতীক দেখুৱায়, দুয়োৰে কৰ্মকাণ্ড একেবাৰে পৃথক। মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক একে বুলি কেনেকৈ কবা। দুয়োৰে মৰ্যাদা একেবাৰে বেলেগ, তেন্তে শিৱ-শংকৰক একেই বুলি কেনেকৈ কৈ দিয়ে। এইটো জানে যে যিসকল ৰাম সম্প্ৰদায়ত আহিবলগীয়া নাই তেওঁলোকে বুজিও নাপাব। আসুৰি সম্প্ৰদায়ে গালি দিব, বিঘিনিৰ সৃষ্টি কৰিব কাৰণ তেওঁলোকৰ 5 বিকাৰ আছে। দেৱতাসকল হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী। তেওঁলোকৰ পদবী কিমান উচ্চ! এতিয়া তোমালোকে বুজি পোৱা যে আমি কিমান বিকাৰী আছিলোঁ। বিকাৰৰ দ্বাৰা জন্ম হয়। সন্ন্যাসীসকলো বিকাৰৰ দ্বাৰাই জন্ম হব লাগে, পাছত সন্ন্যাস গ্ৰহণ কৰে। সত্যযুগত এইবোৰ কথা নাথাকে। সন্ন্যাসীসকলে সত্যযুগৰ বিষয়ে বুজিও নাপায়। কৈ দিয়ে সত্যযুগতো আছেই। যেনেকৈ কয় শ্ৰীকৃষ্ণ বিৰাজমান হৈয়েই আছে, ৰাধাও বিৰাজমান হৈয়েই আছে। অনেক মত-মতান্তৰ, অনেক ধৰ্ম আছে। আধাকল্প দৈৱী মত চলে যি এতিয়া তোমালোকে পাই আছা। তোমালোকেই ব্ৰহ্মা মুখ বংশাৱলী হোৱা, পাছলৈ বিষ্ণুবংশী আৰু চন্দ্ৰবংশী হোৱাগৈ। সেই দুয়োটাক ৰাজবংশ আৰু এক ব্ৰাহ্মণ কুল বুলি কোৱা হব, ইয়াক ৰাজবংশ বুলি কোৱা নহব। এওঁলোকৰ বাদশ্বাহী নাথাকে। এয়াও তোমালোকেহে বুজি পোৱা। তোমালোকৰ মাজতো কোনো-কোনোৱেহে বুজি পায়। কিছুমানতো শুধৰণিয়েই নহয়, কিবা নহয় কিবা ভূত আছে। লোভৰ ভূত, ক্ৰোধৰ ভূত থাকে নহয়। সত্যযুগত কোনো ভূত নাথাকে। সত্যযুগত থাকে দেৱতাসকল, যিসকল বহুত সুখী হৈ থাকে। ভূতেহে দুখ দিয়ে, কামৰ ভূতে আদি-মধ্য-অন্ত দুখ দিয়ে। ইয়াৰ বাবে বহুত কষ্ট কৰিব লাগে। মাহীৰ ঘৰ নহয় (ইমান উজু নহয়)। পিতাই কৈ থাকে ভাই-ভনী বুলি ভাবা তেতিয়া আসুৰিক দৃষ্টি নাযাব। প্ৰতিটো কথাতে সাহস লাগে। কোনোবাই কৈ দিয়ে যদি বিয়া নাপাতা তেন্তে ঘৰৰ পৰা ওলাই যোৱা। গতিকে সাহস লাগে। নিজৰ পৰীক্ষাও কৰা হয়।

তোমালোক সন্তানসকল পদ্মাপদম ভাগ্যশালী হৈ আছা। এই সকলোবোৰ শেষ হৈ যাব। সকলো মাটিত মিলি যাব। কোনোবাইতো সাহসেৰে ওলাই আহে। কোনোবাইতো সাহসেৰে আহিও আকৌ অনুত্তীৰ্ণ হৈ যায়। পিতাই প্ৰতিটো কথাই বুজাই থাকে। কিন্তু নকৰিলে বুজা যায় পূৰা যোগযুক্ত নহয়। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ। এই যোগৰ দ্বাৰাই তোমালোক বিশ্বৰ মালিক হোৱা। পঢ়া হৈছে উপাৰ্জনৰ উৎস। পঢ়াৰ দ্বাৰাই তোমালোকে ক্ৰমানুসাৰে উচ্চ-পদ পোৱা। ভাই-ভনীৰ সম্পৰ্কতো বুদ্ধি বিচলিত হয়, সেয়েহে পিতাই ইয়াৰো ওপৰলৈ লৈ যায় যে নিজক আত্মা বুলি বুজা, আনকো আত্মা ভাই ভাই বুলি ভাবা। আমি সকলো ভাই ভাই হওঁ গতিকে অন্য দৃষ্টি নাযাব। শৰীৰ দেখিলে অসুৰি ভাৱৰ উদয় হয়। পিতাই কয় - সন্তানসকল, অশৰীৰী হোৱা, দেহী-অভিমানী হোৱা। নিজক আত্মা বুলি বুজা। আত্মা অবিনাশী। শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰি, পুনৰ শৰীৰৰ পৰা ভিন্ন হৈ যাব লাগে। সেই ভাৱৰীয়াসকলে ভূমিকা পূৰা কৰি পোছাক সলনি কৰে। তোমালোকেও এতিয়া পুৰণা পোছাক (শৰীৰ) এৰি নতুন পোছাক পিন্ধিব লাগে। এই সময়ত আত্মাও তমোপ্ৰধান, শৰীৰো তমোপ্ৰধান। তমোপ্ৰধান আত্মাই মুক্তিত যাব নোৱাৰে। পৱিত্ৰ হলেহে যাব পাৰিব। অপৱিত্ৰ আত্মা উভতি যাব নোৱাৰে। এয়া মিছা কথা কয় যে অমুক ব্ৰহ্মত লীন হৈ গল। এজনো যাব নোৱাৰে। তাত যেনেকৈ বংশ বৃক্ষ সজোৱা আছে, তেনেকৈয়ে থাকে। এয়া তোমালোক ব্ৰাহ্মণ সন্তানসকলে জানা। গীতাত ব্ৰাহ্মণৰ নাম একো দেখুওৱা নাই। এয়াতো বুজায় যে প্ৰজাপিতা ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰোঁ গতিকে নিশ্চয় তুলি লব লাগে। সেই ব্ৰাহ্মণ হল বিকাৰী, তোমালোক হলা নিৰ্বিকাৰী। নিৰ্বিকাৰী হবলৈ অনেক যাতনা সহ্য কৰিব লাগে। এই নাম-ৰূপক চালে অনেকৰ নেতিবাচক সংকল্প উদয় হয়। ভাই-ভনীৰ সম্বন্ধতো কেতিয়াবা স্খলন হয়। লিখে বাবা মোৰ ভুল হৈ গল, মুখ ক'লা কৰি পেলালোঁ। পিতাই কয় - বাঃ! মই কৈছিলোঁ ভাই-ভনী হৈ থাকা, কিন্তু তুমি এইটো বেয়া কাম কৰিলা। তাৰ বাবে পাছলৈ কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হয়। এনেয়েও কাৰোবাৰ ক্ষতি কৰিলে তেওঁক কাৰাগাৰত ভৰাই থোৱা হয়। ভাৰত কিমান পৱিত্ৰ আছিল যি মই স্থাপনা কৰিছিলোঁ। তাৰ নামেই হল শিৱালয়। এই জ্ঞানো কাৰো নাই। বাকী শাস্ত্ৰ আদি যি আছে সকলো হৈছে ভক্তিমাৰ্গৰ কৰ্মকাণ্ড। সত্যযুগত সকলো সৎগতিত থাকে, সেইবাবে তাত কোনেও পুৰুষাৰ্থ নকৰে। ইয়াত সকলোৱে গতি-সৎগতিৰ কাৰণে পুৰুষাৰ্থ কৰে কিয়নো সকলো দুৰ্গতিত আছে। গংগা স্নান কৰিবলৈ যায় কিন্তু গংগাৰ পানীয়ে জানো সৎগতি দিব? গংগাৰ পানীয়ে পৱিত্ৰ কৰি তুলিব জানো? একোৱে নাজানে। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছা। কোনোৱেতো নিজেই বুজি নাপায় তেন্তে আনক কেনেকৈ বুজাব, সেইবাবে বাবাই নপঠিয়ায়। গায়ন কৰি থাকে বাবা আপুনি আহিলে আপোনাৰ শ্ৰীমতত চলি দেৱতা হম। দেৱতাসকল থাকে সত্যযুগ আৰু ত্ৰেতাত। ইয়াততো সকলোতকৈ বেছি কামবিকাৰত আৱদ্ধ হৈ আছে। কাম বিকাৰ অবিহনে থাকিব নোৱাৰে। এই বিকাৰ এনেকুৱা যেন মা-পিতাৰ সম্পত্তি। ইয়াত তোমালোকে ৰামৰ সম্পত্তি পোৱা। পৱিত্রতাৰ উত্তৰাধিকাৰ পোৱা। তাত বিকাৰৰ কথা নাথাকে।

ভক্তসকলে কয় যে শ্ৰীকৃষ্ণ ভগৱান। তোমালোকে তেওঁক 84 জন্মত দেখুওৱা। হেৰ ভগৱানতো হৈছে নিৰাকাৰ। তেওঁৰ নাম শিৱ। পিতাই কিমান ভালকৈ বুজায়। পুতৌও জাগে। দয়ালু হয় নহয়। এওঁলোক কিমান ভাল বুদ্ধিমান সন্তান। জাকজমকতাও ভাল। যাৰ জ্ঞান আৰু যোগৰ শক্তি আছে তেওঁলোকে আকৰ্ষিত কৰে। লিখা-পঢ়া কৰাসকলে ভাল আপ্যায়ন পায়। অশিক্ষিতসকলে আপ্যায়ন নাপায়। এয়াতো জানা যে এই সময়ত সকলো আসুৰি সম্প্ৰদায়ৰ। একোৱে বুজি নাপায়। শিৱ আৰু শংকৰৰ পাৰ্থক্যতো একেবাৰে স্পষ্ট। তেওঁ আছে মূলৱতনত, তেওঁ সূক্ষ্মৱতনত, সকলো একে নিচনা কেনেকৈ হব? এয়াতো তমোপ্ৰধান সৃষ্টি। ৰাৱণৰূপী শত্ৰু হৈছে আসুৰি সম্প্ৰদায়ৰ, যিয়ে নিজৰ সমান কৰি দিয়ে। এতিয়া পিতাই তোমালোকক নিজৰ সমান দৈৱী সম্প্ৰদায়ৰ কৰি তোলে। তাত ৰাৱণ নাথাকে। আধাকল্প তেওঁক জ্বলায়। ৰামৰাজ্য থাকে সত্যযুগত। গান্ধীজীয়ে ৰামৰাজ্য বিচাৰিছিল, কিন্তু তেওঁ ৰামৰাজ্য কেনেকৈ স্থাপনা কৰিব পাৰে? তেওঁ আত্মা-অভিমানী হোৱাৰ কোনো শিক্ষা দিয়া নাছিল। পিতাইহে সংগমত কয় - আত্মা-অভিমানী হোৱা। এয়া হৈছে উত্তম হোৱাৰ যুগ। পিতাই কিমান মৰমেৰে বুজাই থাকে। প্ৰতিটো মুহূৰ্ততে কিমান মৰমেৰে পিতাক স্মৰণ কৰিব লাগে - বাবা আপুনিতো চমৎকাৰ কৰে। আমি কিমান পাথৰ-বুদ্ধিৰ আছিলোঁ, আপুনি আমাক কিমান উচ্চ কৰি তোলে! আপোনাৰ মতৰ বাহিৰে আমি আন কাৰো মতত নচলোঁ। শেষৰ ফালে সকলোৱে কব সঁচাকৈয়ে ব্ৰহ্মাকুমাৰ-কুমাৰীসকলতো দৈৱী মতত চলি আছে। কিমান ভাল ভাল কথা শুনায়। আদি-মধ্য-অন্তৰ পৰিচয় দিয়ে। চৰিত্ৰ শুধৰণি কৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দৃষ্টি শুদ্ধ পৱিত্ৰ কৰি তুলিবলৈ কাৰো নাম-ৰূপক নাচাই অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। নিজক আত্মা বুলি বুজি, আত্মা ভাইৰ সৈতে কথা পাতিব লাগে।

(2) সকলোৰে আপ্যায়ন পাবলৈ জ্ঞান-যোগৰ শক্তি ধাৰণ কৰিব লাগে। দৈৱী গুণেৰে সম্পন্ন হব লাগে। চৰিত্ৰ শুধৰোৱাৰ সেৱা কৰিব লাগে।

বৰদান:
বেমাৰ সচেতন হোৱাৰ সলনি আনন্দমনে হিচাপ-নিকাচ নিষ্পত্তি কৰোঁতা আত্মা সচেতন হোৱা

শৰীৰতো সকলোৰে পুৰণা হয়েই। প্ৰত্যেকৰে কিবা নহয় কিবা সৰু-বৰ বেমাৰ আছে। কিন্তু শৰীৰৰ প্ৰভাৱ যদি মনত পৰি যায় তেনেহলে বেমাৰ দুগুণ হৈ বেমাৰ সচেতন হৈ যাবা সেয়েহে মনত কেতিয়াও বেমাৰৰ সংকল্প উদয় হব নালাগে, তেতিয়া আত্মা সচেতন বুলি কোৱা হব। বেমাৰলৈ কেতিয়াও ভয় নকৰিবা। অলপ দৰৱৰূপী ফল খাই বেমাৰক বিদায় দি দিয়া। আনন্দেৰে হিচাপ-নিকাচ নিষ্পত্তি কৰা।

স্লোগান:
প্ৰতিটো গুণ, প্ৰতিটো শক্তিৰ অনুভৱ কৰা অৰ্থাৎ অনুভৱীমূৰ্ত হোৱা।