07.04.24 Avyakt Bapdada
Assame
Murli
01.03.99 Om Shanti Madhuban
“*“সম্পূৰ্ণ পৱিত্ৰ
হৈ সংস্কাৰ মিলন কৰা - এয়াই প্ৰকৃত হোলী”*”
আজি বাপদাদাই
চাৰিওফালৰ নিজৰ পৱিত্ৰতম্ আৰু উচ্চতম্ সন্তানসকলক চাই আছেহঁক। বিশ্বত সকলোতকৈ
উচ্চ শ্ৰেষ্ঠ আত্মা তোমালোক সন্তানসকলৰ বাহিৰে আন কোনোবা আছে জানো? কিয়নো তোমালোক
সকলো উচ্চতকৈও উচ্চ পিতাৰ সন্তান। যদি গোটেই কল্পত পৰিক্ৰমা লগাই চোৱা তেন্তে
সকলোতকৈ উচ্চ পদমৰ্যাদাধাৰী আন কোনোবা দৃষ্টিগোচৰ হয়নে? ৰাজ্য অধিকাৰী স্বৰূপতো
তোমালোকতকৈও উচ্চ ৰাজ্য অধিকাৰী কোনোবা হৈছেনে? পাছলৈ পূজন আৰু গায়নতো চোৱা যিমান
পূজা বিধিপূৰ্বক তোমালোক আত্মাসকলৰ হয় তাতকৈ বেছি আন কাৰোবাৰ হয়নে? ড্ৰামাৰ আচৰিত
ৰহস্য কিমান শ্ৰেষ্ঠ যে তোমালোকে স্বয়ং চৈতন্য স্বৰূপত, এই সময়ত নিজৰ পূজ্য স্বৰূপক
জ্ঞানৰ আধাৰত জানাও আৰু দেখাও। এফালে তোমালোক চৈতন্য আত্মাসকল আৰু আনফালে তোমালোকৰ
জড় চিত্ৰ পূজ্য ৰূপত আছে। নিজৰ পূজ্য স্বৰূপ দেখি আছা নহয়? জড় ৰূপতো আছা আৰু চৈতন্য
ৰূপতো আছা। গতিকে আচৰিত খেল নহয় জানো! আৰু ৰাজ্যৰ হিচাপতো গোটেই কল্পত নিৰ্বিঘ্ন,
অখণ্ড-অটল ৰাজ্য একমাত্ৰ তোমালোক আত্মাসকলৰেই চলে। ৰজাতো বহুতে হয় কিন্তু তোমালোক
বিশ্বৰাজন বা বিশ্বৰাজনৰ ৰাজকীয় পৰিয়াল সকলোতকৈ শ্ৰেষ্ঠ। গতিকে ৰাজ্যতো আটাইতকৈ
উচ্চ, পূজ্য ৰূপতো আটাইতকৈ উচ্চ আৰু এতিয়া সংগমত পৰমাত্ম উত্তৰাধিকাৰৰ অধিকাৰী,
পৰমাত্ম মিলনৰ অধিকাৰী, পৰমাত্ম মৰমৰ অধিকাৰী, পৰমাত্ম পৰিয়ালৰ আত্মা আন কোনোবা হয়
জানো? তোমালোকেই হৈছা নহয়? হৈ গৈছা নে হৈ আছা? হৈও গ’লা আৰু এতিয়াতো উত্তৰাধিকাৰ লৈ
সম্পন্ন হৈ পিতাৰ সৈতে নিজৰ ঘৰলৈও যাবা। সংগমৰ সুখ, সংগমযুগৰ প্ৰাপ্তিসমূহ,
সংগমযুগৰ সময় মনমোহা লাগে নহয়! বৰ ভাল লাগে। ৰাজ্যৰ সময়তকৈও সংগমৰ সময় ভাল লাগে নহয়?
প্ৰিয় হয় নে সোনকালে যাব বিচৰা? তেন্তে সোধা কিয় বাবা বিনাশ কেতিয়া হ'ব? ভাবা নহয় –
গম নাপাওঁ বিনাশ কেতিয়া হ'ব? কি হ'ব? আমি ক'ত থাকিম? বাপদাদাই কয় - য'তেই নাথাকা-
স্মৃতিত থাকিবা পিতাৰ লগত থাকিবা। সাকাৰ বা আকাৰৰ লগত থাকিলে একো নহ'ব। সাকাৰত
কাহিনী শুনাইছোঁ নহয়। মেকুৰীৰ পোৱালীবোৰ জুইশালত থকা সত্ত্বেও সুৰক্ষিত হৈ থাকিল
নহয়! নে জ্বলি গ’ল? সকলো সুৰক্ষিত হৈ থাকিল। গতিকে তোমালোক পৰমাত্ম সন্তান যিসকল
লগত থাকিবা তেওঁলোকে সুৰক্ষিত হৈ থাকিব। যদি আন ক’ৰবাত বুদ্ধি থাকে তেনেহ’লে কিবা
নহয় কিবা অস্থিৰতা আহিব, কিবা নহয় কিবা প্ৰভাৱ পৰিব। লগত সংযুক্ত হৈ থাকিলে, এটা
চেকেণ্ডো যদি অকলশৰীয়া নোহোৱা তেন্তে সুৰক্ষিত হৈ থাকিবা। কেতিয়াবা কেতিয়াবা
কাম-কাজ বা সেৱাত অকলশৰীয়া অনুভৱ কৰা নেকি? কি কৰোঁ অকলশৰীয়া, বহুত কাম আছে! তেতিয়া
ভাগৰিও পৰে। তেন্তে পিতাক কিয় সংগী কৰি নোলোৱা! দুই ভুজাধাৰীসকলক সংগী কৰি লোৱা,
হাজাৰ ভুজাধাৰীক কিয় সংগী কৰি নোলোৱা। কোনে বেছিকৈ সহযোগ দিব? হাজাৰ ভুজাধাৰীয়ে নে
দুই ভুজাধাৰীয়ে?
সংগমযুগত
ব্ৰহ্মাকুমাৰ বা ব্ৰহ্মাকুমাৰী অকলশৰীয়া হ'ব নোৱাৰে। কেৱল যেতিয়া সেৱাত, কৰ্মযোগত
বহুত ব্যস্ত হৈ যোৱা তেতিয়া সংগও পাহৰি যোৱা আৰু ভাগৰি পৰা। তেতিয়া আকৌ কোৱা - ভাগৰি
গ’লোঁ, এতিয়া কি কৰোঁ! ভাগৰি নপৰিবা যিহেতু বাপদাদাই তোমালোকক সদায় সংগ দিবলৈ আহিছে,
পৰমধাম এৰি কিয় আহিছে? শোৱতে-উঠোঁতে, কৰ্ম কৰোঁতে, সেৱা কৰোঁতে, সংগ দিবলৈকেতো আহিছে।
পিতা ব্ৰহ্মাও তোমালোক সকলোকে সহযোগ দিবলৈ অব্যক্ত হ’ল। ব্যক্ত ৰূপৰ পৰা অব্যক্ত
ৰূপত সহযোগ দিয়াৰ গতি অতি তীব্ৰ হয়, সেইবাবে পিতা ব্ৰহ্মায়ো নিজৰ ধাম পৰিৱৰ্তন কৰি
ল’লে। গতিকে শিৱপিতা আৰু পিতা ব্ৰহ্মা দুয়োগৰাকীয়ে সকলো সময়ত তোমালোক সকলোকে সহযোগ
দিবৰ বাবে সদায় হাজিৰ আছে। তোমালোকে বাবা বুলি ভবাৰ লগে লগে সহযোগৰ অনুভৱ কৰিবা। যদি
সেৱা, সেৱা, সেৱা কেৱল সেয়াই স্মৃতিত থাকে, পিতাক কাষত বহি চাবলৈ বেলেগ কৰি দিয়া,
তেতিয়া পিতায়ো সাক্ষী হৈ চায়, চায় কিমানলৈকে অকলে কৰে। তথাপি আহিবতো ইয়ালৈকে লাগে।
গতিকে সংগ কেতিয়াও নেৰিবা। নিজৰ অধিকাৰ আৰু প্ৰেমৰ সূক্ষ্ম ৰচীৰে বান্ধি ৰাখা। ঢিলা
কৰি দিয়া। স্নেহ ঢিলা কৰি দিয়া, অধিকাৰক অলপ স্মৃতিৰ পৰা কাষৰীয়া কৰি দিয়া। গতিকে
এনেকুৱা নকৰিবা। যেতিয়া সৰ্বশক্তিমানে সান্নিধ্য দিয়াৰ প্ৰস্তাৱ দি আছে গতিকে
এনেকুৱা প্ৰস্তাৱ গোটেই কল্পত পাবা জানো? নোপোৱা নহয়? গতিকে বাপদাদায়ো সাক্ষী হৈ
চায়, বাৰু চাওঁচোন কিমানলৈকে অকলে কৰে!
গতিকে সংগমযুগৰ সুখ
আৰু ভাগ্যক জাগ্ৰত কৰি ৰাখা। বুদ্ধি ব্যস্ত হৈ থাকে নহয় সেয়েহে ব্যস্ত হৈ থকা কাৰণে
স্মৃতি সুপ্ত হৈ যায়। তোমালোকে ভাবা গোটেই দিনটোত যাকেই সোধা যে পিতা স্মৃতিত থাকেনে
নে পিতাৰ স্মৃতি পাহৰি যায়? তেন্তে কি ক'ব? নাপাহৰোঁ। এইটোতো ঠিক যে স্মৃতিত থাকে
কিন্তু জাগ্ৰত ৰূপত থাকে নে সুপ্ত ৰূপত থাকে? স্থিতি কি হয়? জাগ্ৰত ৰূপৰ স্থিতি নে
সুপ্ত ৰূপৰ স্থিতি, ইয়াৰ মাজত কি পাৰ্থক্য আছে? জাগ্ৰত ৰূপত স্মৃতি কিয় নাথাকে?
জাগ্ৰত ৰূপৰ নিচা, শক্তি, সহযোগ, সফলতা বহুত বিশাল হয়। স্মৃতিতো পাহৰিব নোৱাৰা কিয়নো
এটা জন্মৰ সম্বন্ধ নহয়, যদিও শিৱপিতা সত্যযুগত লগত নাথাকে কিন্তু সম্বন্ধতো এইটোৱে
থাকিব নহয়! পাহৰিব নোৱাৰা, এইটো ঠিক। অৱশ্যে হয়, কোনো বিঘিনিৰ বশীভূত হৈ গ'লে
পাহৰিও যায় কিন্তু যেতিয়া স্বাভাৱিক ৰূপত থাকা তেতিয়া পাহৰি নোযোৱা কিন্তু সুপ্ত হৈ
থাকে সেইবাবে বাপদাদাই কয় – বাৰে বাৰে পৰীক্ষা কৰা যে সংগৰ অনুভৱ সুপ্ত ৰূপত আছে নে
জাগ্ৰত ৰূপত আছে। মৰমতো আছেই। মৰম ছিঙি যাব পাৰে জানো? ছিঙিব নোৱাৰে নহয়? গতিকে মৰম
যিহেতু ছিঙি যাব নোৱাৰে তেন্তে মৰমৰ লাভতো লোৱা। লাভ লোৱাৰ পদ্ধতি শিকা।
বাপদাদাই দেখিছে যে
মৰমেই পিতাৰ কৰি তুলিছে। মৰমেই মধুবন নিবাসী কৰি দিয়ে। নিজৰ স্থানত যেনেকৈয়ে নাথাকক,
যিমানেই পৰিশ্ৰম নকৰক তথাপিও মধুবনলৈ আহি যায়। বাপদাদাই জানে, দেখিবলৈ পায়, বহুত
সন্তানৰ বাবে কলিযুগী পৰিস্থিতিৰ কাৰণে টিকটৰ ব্যৱস্থা কৰাও কঠিন হয় কিন্তু মৰমে
লৈয়েই আহে। এনেকুৱা হয় নহয়? মৰমত আহি যায় কিন্তু পৰিস্থিতিতো দিনে প্ৰতিদিনে
বাঢ়িয়েই যায়। সঁচা অন্তৰত চাহেব ৰাজীতো হয়েই। কিন্তু স্থূল সহযোগো ক'ৰবাৰ পৰা নহয়
ক'ৰবাৰ পৰা প্ৰাপ্ত হৈয়েই যায়। ডবল বিদেশীয়েই হওঁক বা ভাৰতবাসীয়েই হওঁক সকলোকে
পিতাৰ মৰমে পৰিস্থিতি ৰূপী প্ৰাচীৰ পাৰ কৰাই দিয়ে। এনেকুৱা হয় নহয়? নিজৰ নিজৰ
সেৱাকেন্দ্ৰত চোৱা এনেকুৱা সন্তানো আছে যি ইয়াৰ পৰা যায়, ভাবে গম নাপাওঁ দ্বিতীয়
বছৰত আহিব পাৰিম নে নোৱাৰিম কিন্তু তথাপিও আহিয়েই যায়। এয়াই হৈছে মৰমৰ প্ৰমাণ। বাৰু।
আজি হোলী উদ্যাপন
কৰিলানে? হোলী উদ্যাপন কৰিলানে? বাপদাদাইতো হোলী উদ্যাপন কৰা হোলীহংসকলক চাই
আছেহঁক। সকলো সন্তানৰ এটাই উপাধি – ‘হোলীয়েষ্ট’ (পৱিত্ৰতম্)। দ্বাপৰৰ পৰা যিকোনো
ধৰ্মাত্মা নতুবা মহাত্মাই সকলোকে পৱিত্ৰতম্ কৰি নোতোলে। নিজে হয় কিন্তু নিজৰ
অনুগামীসকলক, সংগীসকলক পৱিত্ৰতম্, পৱিত্ৰ কৰি নোতোলে আৰু ইয়াত পৱিত্ৰতা হৈছে
ব্ৰাহ্মণ জীৱনৰ মুখ্য আধাৰ। পঢ়াওনো কি? তোমালোকৰ শ্লোগানো হৈছে "পৱিত্ৰ হোৱা-যোগী
হোৱা"। শ্লোগান আছে নহয়? পৱিত্ৰতাই মহানতা। পৱিত্ৰতাই যোগী জীৱনৰ আধাৰ। কেতিয়াবা
কেতিয়াবা সন্তানসকলে অনুভৱ কৰে যে যদি আগবাঢ়ি গৈ থাকোতে মনতো যদি অপৱিত্ৰতা অৰ্থাৎ
ব্যৰ্থ বা নেতিবাচকতা, পৰচিন্তনৰ সংকল্প চলে তেতিয়া যোগ যিমানেই শক্তিশালী হোৱাটো
নিবিচাৰক, কিন্তু নহয় কিয়নো অলপো অংশমাত্ৰও যদি সংকল্পতো কোনো প্ৰকাৰৰ অপৱিত্ৰতা
থাকে তেন্তে য'ত অপৱিত্ৰতাৰ অংশ থাকে ত’ত পৱিত্ৰ পিতাৰ যি স্মৃতি সেয়া অবিকল থাকিব
নোৱাৰে। যেনেকৈ দিন আৰু ৰাতি একেলগে থাকিব নোৱাৰে, সেইবাবে বাপদাদাই বৰ্তমান সময়ত
পৱিত্ৰতাৰ প্ৰতি বাৰে বাৰে মনোযোগ আকৰ্ষণ কৰাই আছে। কিছু সময় পূৰ্বে বাপদাদাই কেৱল
কৰ্মত অপৱিত্ৰতাৰ বাবে ইংগিত দিছিল কিন্তু এতিয়া সময় সম্পূৰ্ণতাৰ সমীপত আহি আছে
সেইবাবে মনতো যদি অপৱিত্ৰতাৰ অংশ থাকে তেন্তে প্ৰতাৰণা কৰি দিব। গতিকে মন, বাণী,
কৰ্ম, সম্বন্ধ-সম্পৰ্ক সকলোতে পৱিত্ৰতা অতি আৱশ্যক। মনক ঢিলা নকৰিবা কিয়নো মন
বাহিৰৰ পৰা দেখা পোৱা নাযায় কিন্তু মনে প্ৰতাৰণা বহুত কৰে। ব্ৰাহ্মণ জীৱনৰ যি
আন্তৰিক উত্তৰাধিকাৰ সদায় সুখ স্বৰূপ, শান্ত স্বৰূপ, মনৰ সন্তুষ্টতা, তাৰ অনুভৱ
কৰাৰ বাবে মনৰ পৱিত্ৰতা লাগে। বাহিৰৰ সাধনৰ দ্বাৰা নতুবা সেৱাৰ দ্বাৰা নিজে নিজক
আনন্দিত কৰা - এয়াও নিজক প্ৰতাৰণা কৰাৰ দৰে।
বাপদাদাই দেখিবলৈ পায়
কেতিয়াবা কেতিয়াবা সন্তানসকলে নিজক এইটো আধাৰত ভাল বুলি ভাবি, আনন্দিত বুলি ভাবি
প্ৰতাৰণা কৰে, কৰিও আছে। প্ৰতাৰণা কৰি দিয়ে আৰু কৰিও আছে। এয়াও এক গূঢ় ৰহস্য। কি হয়,
পিতা দাতা হয়, দাতাৰ সন্তান হয়, গতিকে সেৱা যুক্তিযুক্ত নহ'লেও, মিশ্ৰিত হয়, কিছু
স্মৃতি আৰু কিছু বাহিৰৰ সাধন বা আনন্দৰ আধাৰত হয়, অন্তৰৰ আধাৰত নহয় কিন্তু মগজুৰ
আধাৰত সেৱা কৰে তেন্তে সেৱাৰ প্ৰত্যক্ষ ফল তেওঁলোকেও পায়; কিয়নো পিতা দাতা হয় আৰু
তেওঁলোক তাতেই আনন্দিত হৈ থাকে যে বাঃ! মইতো ফল পাই গ’লোঁ, আমাৰ সেৱা ভাল। কিন্তু
মনৰ সেই সন্তুষ্টতা সদাকাল নাথাকে আৰু আত্মাই যোগযুক্ত শক্তিশালী স্মৃতিৰ অনুভৱ
কৰিব নোৱাৰে, তাৰ পৰা বঞ্চিত হৈ থাকি যায়। বাকী একোৱে নাপায়, এনেকুৱা নহয়। কিবা নহয়
কিবা পায় কিন্তু জমা নহয়। উপাৰ্জন কৰিলে, খালে আৰু শেষ, সেইবাবে ইয়াৰ প্ৰতিও মনোযোগ
দিবা। সেৱা বহুত ভাল কৰি আছে, ফলো ভাল পাই গ’ল, গতিকে খালা আৰু শেষ। জমা কি হ'ল?
ভাল সেৱা কৰিলা, ভাল ফলাফল ওলাল, কিন্তু সেয়া সেৱাৰ ফল পালা, জমা নহয়, সেইবাবে জমা
কৰাৰ বিধি হৈছে - মন-বাণী-কৰ্মত পৱিত্ৰতা। আধাৰ হৈছে পৱিত্ৰতা। সেৱাতো আধাৰ হৈছে
পৱিত্ৰতা। স্বচ্ছ হোৱা, নিকা হোৱা। অন্য কোনো ভাৱ যাতে মিহলি নহয়। হোলীৰ অৰ্থই হৈছে-
পৱিত্ৰতা। অপৱিত্ৰতাক জ্বলোৱা, সেইবাবে প্ৰথমে জ্বলায়, পাছত পালন কৰে, আকৌ পৱিত্ৰ
হৈ সংস্কাৰ মিলন কৰে। গতিকে হোলীৰ অৰ্থই হৈছে - জ্বলোৱা, উদ্যাপন কৰা। বাহিৰৰ
সকলেতো আলিংগন কৰে কিন্তু ইয়াত হৈছে সংস্কাৰ মিলন, এয়াই মংগল মিলন। গতিকে এনেকৈ হোলী
উদ্যাপন কৰিলা নে কেৱল নাচিলা? গোলাপ জল চটিয়ালা? সেয়াও ভাল খুব উদ্যাপন কৰা।
বাপদাদা আনন্দিত হয় গোলাপ জল লাগিলে চটিওৱা, নাচাও কিন্তু সদায় নাচিবা। কেৱল 5-10
মিনিটৰ নাচ নহয়। পৰস্পৰ গুণৰ প্ৰকম্পন বিয়পোৱা – এয়া হৈছে গোলাপ জল চটিওৱা। আৰু
জ্বলোৱাৰ কথাটিতো তোমালোকে জানাই, কি জ্বলাব লাগে! এতিয়ালৈকেও জ্বলাই থাকা।
প্ৰত্যেক বছৰে হাত উঠাই যায়, বচ্ দৃঢ় সংকল্প হৈ গ'ল। বাপদাদা আনন্দিত হয়, সাহসতো
কৰে। গতিকে সাহসৰ বাবে বাপদাদাই অভিনন্দন জনায়। সাহস কৰাটোও প্ৰথম খোজ। কিন্তু
বাপদাদাৰ শুভ আশা কি? সময়ৰ তাৰিখ নাচাবা। 2 হাজাৰত হ'ব, 2001ত হ'ব, 2005ত হ'ব, এনেকৈ
নাভাবিবা। বাৰু সদাপ্ৰস্তুত নহ’লাই যেনিবা এইটোও বাপদাদাই বাদ দিছে, কিন্তু ভাবা
বহুকালৰ সংস্কাৰতো লাগে নহয়! তোমালোকেই শুনোৱা যে বহুকালৰ পুৰুষাৰ্থই বহুকালৰ ৰাজ্য
অধিকাৰী কৰি তোলে। যদি সময় অহাতহে দৃঢ় সংকল্প কৰা, তেন্তে সেয়া বহুকালৰ হ'ল নে
অল্পকালৰ হ'ল? ক'ত গণনা কৰা হ'ব? অল্পকালত হ'ব নহয়! তেন্তে অবিনাশী পিতাৰ পৰা
উত্তৰাধিকাৰ কি ল'লা? অল্পকালৰ। এইটো ভাল লাগে জানো? নালাগে নহয়! গতিকে বহুকালৰ
অভ্যাস লাগে, কিমান সময় আছে, সেয়া নাভাবিবা যিমানে বহুকালৰ অভ্যাস হ'ব, সিমানে
অন্ততো প্ৰতাৰিত হ'বলগীয়া নহ’ব। বহুকালৰ অভ্যাস নাথাকিলে এতিয়াৰ বহুকালৰ সুখ,
বহুকালৰ শ্ৰেষ্ঠ স্থিতিৰ অনুভৱৰ পৰাও বঞ্চিত হৈ যাবা সেইবাবে কি কৰিব লাগে? বহুকালৰ
পৰা কৰিব লাগেনে? যদি কাৰোবাৰ বুদ্ধি তাৰিখৰ অপেক্ষাত আছে তেন্তে অপেক্ষা নকৰিবা,
ব্যৱস্থা কৰিবা। বহুকালৰ ব্যৱস্থা কৰা। তাৰিখো তোমালোকে আনিব লাগে। সময়তো এতিয়াও
সদাপ্ৰস্তুত, কাইলৈও হ'ব পাৰে কিন্তু সময় তোমালোকৰ বাবে ৰৈ আছে। তোমালোক সম্পন্ন
হ'লে সময়ৰ পৰ্দা অৱশ্যে আঁতৰিব। তোমালোক ৰৈ আছা বাবে সময়ো ৰৈ আছে। ৰাজ্য অধিকাৰীতো
তৈয়াৰ আছা নহয়? সিংহাসনো খালী কৰি ৰাখিব নালাগে নহয়। অকলে জানো বিশ্ব মহাৰজা
সিংহাসনত বহিব! তাত কি শোভা থাকিব? অভিজাত পৰিয়াল লাগে, প্ৰজা লাগে, সকলো লাগে।
কেৱল বিশ্ব মহাৰজা সিংহাসনত বহি যাব, চাই থাকিব মোৰ অভিজাত পৰিয়াল ক’লৈ গ'ল, সেইবাবে
বাপদাদাৰ এটিয়েই শুভ আশা আছে যে সকলো সন্তান নতুনেই হওঁক বা পুৰণিয়েই হওঁক, যিয়েই
নিজক ব্ৰহ্মাকুমাৰী বা ব্ৰহ্মাকুমাৰ বুলি কয়, মধুবন নিবাসীয়ে হওঁক বা বিদেশৰ
নিবাসীয়ে হওঁক নতুবা ভাৰতৰ নিবাসীয়ে হওঁক - প্ৰতিগৰাকী সন্তানে বহুকালৰ অভ্যাস কৰি
বহুকালৰ অধিকাৰী হওঁক। কেতিয়াবা কেতিয়াবাৰ নহয়। পচন্দ হৈছেনে? এখন হাতৰ তালি বজোৱা।
পিছৰসকল বুদ্ধিমান, মনযোগেৰে শুনি আছে। বাপদাদাই পিছৰসকলক নিজৰ আগত চাই আছে।
আগৰসকলতো আগত আছেই। (মেডিটেচন হ'লত বহি মুৰুলী শুনি আছে)। তলৰসকল বাপদাদাৰ শিৰৰ
মুকুট হৈ বহি আছে। তেওঁলোকেও তালি বজাই আছে। তলৰসকলে ত্যাগৰ ভাগ্যতো পাবাই।
তোমালোকৰ সন্মুখত বহাৰ ভাগ্য আছে আৰু তেওঁলোকৰ ত্যাগৰ ভাগ্য জমা হৈ আছে। বাৰু
বাপদাদাৰ এটি আশা শুনিলা! পচন্দ হৈছে নহয়! এতিয়া আগন্তুক বছৰত কি চাম? এনেকৈয়ে
পুনৰাই হাত উঠাবা! হাত লাগিলে উঠোৱা, দুখন দুখন উঠোৱা কিন্তু মনৰ হাতো উঠোৱা। দৃঢ়
সংকল্পৰ হাত সদাকালৰ বাবে উঠোৱা।
বাপদাদাই এটি এটি
সন্তানৰ মস্তকত সম্পূৰ্ণ পৱিত্ৰতাৰ জিলিকি থকা মণি চাব বিচাৰে। নয়নত পৱিত্ৰতাৰ ৰেঙনি,
পৱিত্ৰতাৰ দুটি নয়নৰ তৰা, আত্মিকতাৰে জিলিকি থকা চাব বিচাৰে। বাণীত মধুৰতা,
বিশেষত্ব, অমূল্য বাণী শুনিবলৈ বিচাৰে। কৰ্মত সন্তুষ্টতা, নম্ৰতা সদায় চাব বিচাৰে।
ভাৱনাত সদায়-শুভ ভাৱনা, আৰু ভাৱত সদায় আত্মিক ভাৱ, ভাই ভাইৰ ভাৱ। সদায় তোমালোকৰ
মস্তকত লাইটৰ, ফৰিস্তাবোধৰ মুকুট দেখা দিয়ক। দেখা দিয়াৰ অৰ্থ হ'ল অনুভৱ হওঁক।
এনেকুৱা সু-সজ্জিত মূৰ্তি চাব বিচাৰে। আৰু এনেকুৱা মূৰ্তিহে শ্ৰেষ্ঠ পূজ্য হ'ব।
তেওঁলোকেতো তোমালোকৰ জড় চিত্ৰ তৈয়াৰ কৰিব কিন্তু পিতাই চৈতন্য চিত্ৰ চাব বিচাৰে।
বাৰু!
চাৰিওফালৰ সদায়
বাপদাদাৰ সংগত থাকোঁতা, সমীপৰ সদাকালৰ সংগী, সদায় বহুকালৰ পুৰুষাৰ্থৰ দ্বাৰা
বহুকালৰ সংগমযুগী অধিকাৰ আৰু ভৱিষ্যত ৰাজ্য অধিকাৰ প্ৰাপ্ত কৰোঁতা অতি বুদ্ধিমান
আত্মাসকলক, সদায় নিজক শক্তি আৰু গুণৰ দ্বাৰা সু-সজ্জিত হৈ থাকোঁতা, পিতাৰ আশাৰ দীপক
আত্মাসকলক, সদায় নিজক পৱিত্ৰতম্ আৰু উচ্চতম্ স্থিতিত স্থিত কৰি ৰাখোঁতা পিতাৰ
সমান অতি স্নেহী আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। সকলো বিদেশ বা
দেশত দূৰৈত বহিও সন্মুখত অনুভৱ কৰোঁতাসকলক বাপদাদাই বহুত বহুত বহুত স্নেহসহিত স্মৰণ
কৰি আছে।
বৰদান:
সময়ক শিক্ষক
কৰি লোৱাৰ পৰিৱৰ্তে পিতাক শিক্ষক কৰি লওঁতা মাষ্টৰ ৰচয়িতা হোৱা
বহুত সন্তানৰ সেৱাৰ
উৎসাহ আছে কিন্তু বৈৰাগ্য বৃত্তিৰ প্ৰতি মনোযোগ নাই, এই ক্ষেত্ৰত অসাৱধান। চলেই…
হয়েই… হৈ যাব… সময় আহিলেই ঠিক হৈ যাব… এনেকৈ ভবা অৰ্থাৎ সময়ক শিক্ষক কৰি লোৱা।
সন্তানসকলে বাবাকো সান্তনা দিয়ে - চিন্তা নকৰিব, সময়ত ঠিক হৈ যাব, কৰি ল'ম। আগবাঢ়ি
যাম। কিন্তু তোমালোক হৈছা মাষ্টৰ ৰচয়িতা, সময় তোমালোকৰ ৰচনা। ৰচনা মাষ্টৰ ৰচয়িতাৰ
শিক্ষক হ'ব এইটো শোভা নাপায়।
স্লোগান:
পিতাৰ
প্ৰতিপালনৰ প্ৰতিদান হৈছে - নিজক আৰু সকলোকে পৰিৱৰ্তন কৰাত সহযোগী হোৱা।