08.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল সদায় স্মৃতিত ৰাখিবা যে আমি ব্ৰাহ্মণসকল হৈছো টিকনি (আটাইতকৈ উচ্চ), পুৰুষোত্তম হৈ আছোঁ, তেতিয়া হৰ্ষিত হৈ থাকিবা, নিজে নিজৰ সৈতে বাৰ্তালাপ কৰিবলৈ শিকা তেতিয়া অপাৰ আনন্দত থাকিবা

প্ৰশ্ন:
পিতাৰ শৰণত কোন আহিব পাৰে? পিতাই শৰণ কাক দিয়ে?

উত্তৰ:
পিতাৰ শৰণত সেইসকলেই আহিব পাৰে যিসকল পূৰা নিৰ্মোহী হব। যাৰ বুদ্ধিযোগ সকলোফালৰ পৰা বিচ্ছিন্ন হব। মিত্ৰ-সম্বন্ধীসকলৰ লগত বুদ্ধিৰ আসক্তি নাথাকিব। বুদ্ধিত এইটো থাকিব যে মোৰ একমাত্ৰ বাবা দ্বিতীয় কোনো নাই। এনেকুৱা সন্তানেহে সেৱা কৰিব পাৰে। পিতায়ো এনেকুৱা সন্তানকহে শৰণ দিয়ে।

ওঁম্শান্তি।
এয়া আত্মিক পিতা, শিক্ষক, গুৰু। এয়া সন্তানসকলে ভালদৰে বুজি গৈছে জগতে এই কথাবোৰ নাজানে। যদিও সন্ন্যাসীসকলে শিৱোহম্ (ময়েই শিৱ) বুলি কয় কিন্তু এনেকৈ নকয় যে মই পিতা, শিক্ষক, গুৰু হওঁ। তেওঁলোকে কেৱল কয় শিৱোহম্ তত্ ত্বম্ (ময়েই শিৱ তোমালোকো সেয়াই)। পৰমাত্মা সৰ্বব্যাপি হলে প্ৰত্যেকেই পিতা, শিক্ষক, গুৰু হৈ যাব। এনেকৈতো কোনেও বুজিও নাপায়। মনুষ্যই নিজকে ভগৱান, পৰমাত্মা বুলি কোৱাটো একেবাৰে ভুল। সন্তানসকলক পিতাই যি বুজায় সেয়াতো বুদ্ধিত ধাৰণা হয়, নহয় জানো। সেই পঢ়াত কিমান বিষয় আছে, এনেকুৱা নহয় যে সকলো বিষয় বিদ্যাৰ্থীৰ বুদ্ধিত থাকে। ইয়াত পিতাই যি পঢ়ায় সেয়া এক চেকেণ্ডত সন্তানসকলৰ বুদ্ধিত আহি যায়। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান শুনোৱা। তোমালোকেই ত্ৰিকালদৰ্শী বা স্বদৰ্শন চক্ৰধাৰী হোৱা। সেই পাৰ্থিৱ পঢ়াৰ বিষয় একেবাৰে বেলেগ। তোমালোকে সিদ্ধ কৰি বুজোৱা, সকলোৰে সৎগতি দাতা সেই এজনেই পিতা। সকলো আত্মাই পৰমাত্মাক স্মৰণ কৰে। কয় - হে ঈশ্বৰ পিতা। তেন্তে নিশ্চয় পিতাৰ পৰা উত্তৰাধিকাৰ পায়। তেওঁলোকে সম্পত্তি হেৰুৱালে দুখী হৈ যায়। এয়া হৈছে সুখ-দুখৰ খেল। এই সময়ত সকলো পতিত দুখী। পৱিত্ৰ হলে নিশ্চয় সুখ পায়। সুখৰ সৃষ্টি পিতাই স্থাপনা কৰে। সন্তানসকলৰ বুদ্ধিত এইটো থাকিব লাগে যে আমাক পিতাই বুজায়, জ্ঞানৰ সাগৰ একমাত্ৰ পিতাই হয়। সৃষ্টিৰ আদি, মধ্য, অন্তৰ জ্ঞান পিতাইহে দিয়ে। অন্য সকলো ধৰ্ম যিবোৰ প্ৰতিষ্ঠা হল সেয়া নিজৰ সময়ত আহিব। এই কথাবোৰ অন্য কাৰো বুদ্ধিত নাই। তোমালোক সন্তানসকলৰ বাবে পিতাই এই পঢ়া একেবাৰে সহজ কৰি দিছে। কেৱল অলপ বিস্তাৰত বুজায়। মোক পিতাক স্মৰণ কৰিলে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। যোগৰ মহিমা বহুত। ভাৰতৰ প্ৰাচীন যোগৰ গায়ন আছে। কিন্তু যোগৰ দ্বাৰা কি লাভ হৈছিল, এয়া কোনেও নাজানে। এয়া সেই গীতাত উল্লেখ কৰা যোগ যি নিৰাকাৰ ভগৱানে শিকায়। বাকী যিসকলে শিকায় সেয়া হৈছে মনুষ্য, দেৱতাসকলৰ ওচৰত যোগৰ কথাই নাথাকে। এই হঠযোগ আদি সকলো মনুষ্যই শিকায়। দেৱতাই নিজেও নিশিকে আৰু আনকো নিশিকায়। দৈৱী সৃষ্টিত যোগৰ কথা নাই। যোগৰ দ্বাৰা সকলো পাৱন হৈ যায়। তেওঁলোক নিশ্চয় ইয়াতে হব। পিতা আহেই সংগমত নতুন সৃষ্টি স্থাপনা কৰিবলৈ। এতিয়া তোমালোক পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ বদলি হৈ আছা। এয়া কাৰোবাক বুজোৱাটোও আচৰিত কথা। আমি ব্ৰাহ্মণসকল হৈছো টিকনি (আটাইতকৈ উচ্চ), সত্যযুগ আৰু কলিযুগৰ মাজত ব্ৰাহ্মণ টিকনি। ইয়াকে সংগমযুগ বুলি কোৱা হয়, যত তোমালোক পুৰুষোত্তম হৈ আছা। এইটো সন্তানসকলৰ বুদ্ধিত থাকে যে আমি পুৰুষোত্তম হলে সদায় আনন্দিত হৈ থাকিম। যিমান সেৱা কৰিবা সিমানে হৰ্ষিত হৈ থাকিবা। উপাৰ্জন কৰিব আৰু কৰাব লাগে। প্ৰদৰ্শনীত যিমানে সেৱা কৰিবা সিমানে শুনোঁতাসকলেও সুখ পাব। নিজৰ আৰু আনৰ কল্যাণ হব। সৰু সেৱাকেন্দ্ৰতো মুখ্য 5-6 খন চিত্ৰ নিশ্চয় ৰাখিব লাগে। সেইবোৰৰ ওপৰত বুজোৱাটো সহজ। গোটেই দিন সেৱাই সেৱা। মিত্ৰ- সমন্ধীয়সকলৰ প্ৰতি কোনো আসক্তি থাকিব নালাগে। যি এই দুচকুৰে দেখি আছা সেই সকলোবোৰ নাশ হব। বাকী যি দিব্য দৃষ্টিৰে দেখা সেয়া স্থাপনা হৈ আছে। এনেকৈ নিজৰ লগত কথা পাতিলে তোমালোক দৃঢ় হৈ যাবা। বেহদৰ পিতাৰ সৈতে মিলনৰ আনন্দ থাকিব লাগে। কোনোবাই ৰজাৰ ঘৰত জন্ম ললে কিমান গৌৰৱ কৰি থাকে। তোমালোক সন্তানসকল স্বৰ্গৰ মালিক হৈ আছা। প্ৰত্যেকেই নিজৰ কাৰণে পৰিশ্ৰম কৰি আছা। পিতাই কেৱল কয় - কাম চিতাত বহি তোমালোক কলা (পতিত) হৈ গলা। এতিয়া জ্ঞান চিতাত বহিলে বগা (পাৱন) হৈ যাবা। বুদ্ধিত এইটোৱে চিন্তন চলি থাকিব লাগে, কাৰ্যালয়ত কাম কৰি থাকা লগতে স্মৰণো কৰি থাকা। এনেকুৱা নহয় যে সময় নাই। যিমান সময় পোৱা ঈশ্বৰীয় উপাৰ্জন কৰা। কিমান শ্ৰেষ্ঠ উপাৰ্জন। স্বাস্থ্য সম্পত্তি দুয়োটা একেলগে পোৱা যায়। অৰ্জুন আৰু ভীলৰ এটা কাহিনী আছে। এনেকৈ গৃহস্থালিত থাকি জ্ঞান যোগত সেৱাকেন্দ্ৰত থকাসকলতকৈও তীব্ৰতাৰে যাব পাৰে। সকলো নিৰ্ভৰ কৰে স্মৃতিত থকাৰ ওপৰত। ইয়াত সকলো বহি গলে সেৱা কেনেকৈ কৰিবা। সজীৱ হৈ সেৱাত লাগি যাব লাগে। সেৱাৰ চিন্তা থাকিব লাগে। বাবাতো প্ৰদৰ্শনীলৈ যাব নোৱাৰে কাৰণ বাবদাদা দুয়োজন একত্ৰিত হৈ আছে। বাবাৰ আত্মা আৰু এওঁৰ আত্মা একত্ৰিত হৈ থাকে। এয়া আচৰিত ধৰণৰ যুগল। এই যুগলক তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও নাজানে। নিজক যুগল বুলিও বুজে তথাপিও কয় মই এজন পিতাৰ অতি মৰমৰ সন্তান। এই লক্ষ্মী-নাৰায়ণৰ চিত্ৰ দেখি বহুত আনন্দিত হয়। এয়া মোৰ পৰৱৰ্তী জন্ম, মই গাদীত (সিংহাসনত) নিশ্চয় বহিম। তোমালোকেও ৰাজযোগ শিকি আছা, লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। এওঁতো আনন্দিত হৈ থাকে যে মই বাবাৰ অতি মৰমৰ সন্তান। তথাপিও স্মৃতি সদায় স্থায়ী হৈ নাথাকে। অন্য ফালে ধ্যান গুচি যায়। ড্ৰামাত এইটো বিধি নাই যে নিৰন্তৰ (পিতাৰ) স্মৃতিত থাকিব আৰু অন্য কোনো ফালে ধ্যান নাযাব। মায়াৰ ধুমুহাই স্মৃতিত থাকিব নিদিয়ে। মই জানো মোৰ কাৰণে বহুত সহজ, কিয়নো বাবাই প্ৰৱেশ কৰিছে। বাবাৰ একনম্বৰ মৰমৰ সন্তান হওঁ। প্ৰথম নম্বৰত ৰাজকুমাৰ হম তথাপি স্মৃতি পাহৰি যাওঁ। অনেক প্ৰকাৰৰ চিন্তা আহি যায়। এয়া হৈছে মায়া। যেতিয়া এই (ব্ৰহ্মা) বাবাৰ অনুভৱ হব তেতিয়াহে তোমালোক সন্তানসকলক বুজাব পাৰিব। এইবোৰ চিন্তা-ভাৱনা তেতিয়া সমাপ্ত হব যেতিয়া কৰ্মাতীত অবস্থা হব। আত্মা সম্পূৰ্ণ হৈ গলে তেতিয়াতো এই শৰীৰ নাথাকিবই। শিৱবাবাতো চিৰ পৱিত্ৰ। পতিত সৃষ্টি আৰু পতিত শৰীৰত আহি পাৱন কৰি তোলাৰ ভূমিকাও এওঁৰেই। ড্ৰামাত বান্ধ খাই আছে। তোমালোক পাৱন হৈ গলে তেতিয়া নতুন শৰীৰ লাগিব। শিৱবাবাৰতো নিজৰ শৰীৰ নাই। এই শৰীৰত এইটো আত্মাৰ (ব্ৰহ্মাৰ আত্মাৰ) মহত্ব আছে। তেওঁৰনো কি আছে! তেওঁতো মুৰুলী শুনাই গুচি যায়। তেওঁ মুক্ত, কেতিয়াবা কৰবালৈ কেতিয়াবা আন কৰবালৈ গুচি যাব। সন্তানসকলেও অনুভৱ কৰে যে এয়া শিৱবাবাই মুৰুলী শুনাই আছে। তোমালোক সন্তানসকলে বুজিছা যে আমি পিতাক সহায় কৰিবৰ কাৰণে এই ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ আছো। পিতাই কয় ময়ো নিজৰ মৰমৰ ঘৰ এৰি আহিছোঁ। পৰমধাম অৰ্থাৎ অতি দূৰণিৰ ধাম মূললোক। বাকী গোটেই খেল সৃষ্টিতেই চলে। তোমালোকে জানা এয়া আচৰিত খেল। বাকী সৃষ্টি এখনেই।

সৃষ্টিৰ লোকে চন্দ্ৰলৈ যাবলৈ প্ৰয়াস কৰে, এয়াতো বিজ্ঞানৰ বল। শান্তিৰ বলেৰে আমি যেতিয়া বিজ্ঞানৰ ওপৰত বিজয়ী হওঁ তেতিয়া বিজ্ঞানো সুখদায়ী হৈ যায়। ইয়াত বিজ্ঞানে যিদৰে সুখ দিয়ে সেইদৰে দুখো দিয়ে। তাততো সুখেই সুখ। দুখৰ নাম নাই। এনেকুৱা কথাবোৰ গোটেই দিন বুদ্ধিত চলি থাকিব লাগে। পিতাৰ কিমান চিন্তা থাকে। বান্ধোনত থকাসকলে বিহৰ কাৰণে কিমান মাৰ খায়। কোনোবাইতো মোহৰ বশৱৰ্তী হৈ আৱদ্ধ হৈ যায়। নিশ্চয়বুদ্ধিৰসকলে তৎক্ষণাত কব - আমি অমৃত পান কৰিব লাগে, ইয়াৰ বাবে নিৰ্মোহী হব লাগে। পুৰণি সৃষ্টিৰ পৰা অন্তৰৰ আসক্তি আঁতৰি যাব লাগে। এনেকুৱা সেৱাধাৰীয়েহে হৃদয়ত স্থান পায়। তেওঁলোকক শৰণ (আশ্ৰয়) দিব পাৰে। কন্যা পতিৰ আশ্ৰয়ত যায়, বিহ অবিহনে থাকিব নোৱাৰে। তেতিয়া আকৌ পিতাৰ আশ্ৰয় লবলগীয়া হয়। কিন্তু একেবাৰে নিৰ্মোহী হব লাগে। পতিৰো পতিক পালা এতিয়া তেওঁৰ সৈতে বুদ্ধিযোগেৰে বাগদান কৰিব লাগে। মোৰ মাথো এজনেই আৰু দ্বিতীয় কোনো নাই। যেনেদৰে কন্যাৰ পতিৰ সৈতে প্ৰেম হৈ যায়, এয়া হৈছে আত্মাৰ প্ৰেম পৰমাত্মাৰ লগত। তেওঁৰ পৰা দুখ পোৱা যায়, এওঁৰ পৰা সুখ পোৱা যায়। এয়া হৈছে সংগম, ইয়াক কোনেও নাজানে। তোমালোক কিমান আনন্দিত হব লাগে। আমি নাৱৰীয়া অথবা বগিচাৰ মলিকক পাইছোঁ যিয়ে আমাক ফুলৰ বাগিছালৈ লৈ যায়। এই সময়ত সকলো মনুষ্য কাঁইট সদৃশ হৈ গৈছে। সকলোতকৈ ডাঙৰ কাঁইট হৈছে কাম বিকাৰৰ। প্ৰথমতে তোমালোক নিৰ্বিকাৰী ফুল আছিলা, লাহে লাহে কলা কম হোৱাত এতিয়া ডাঙৰ কাঁইট হৈ গলা। বাবাক বাবুলনাথ বুলিও কয়। তোমালোকে জানা প্ৰকৃত নাম শিৱ। বাবুলনাথ নাম ৰাখে কিয়নো কাঁইটক ফুল কৰি তোলে। ভক্তিমাৰ্গত বহুত নাম ৰখা হয়। বাস্তৱত এটাই নাম শিৱ। ৰুদ্ৰ জ্ঞান যজ্ঞ বা শিৱ জ্ঞান যজ্ঞ কথা একেটাই। ৰুদ্ৰ যজ্ঞৰ দ্বাৰা বিনাশ জ্বালা প্ৰজ্বলিত হল আৰু শ্ৰীকৃষ্ণপুৰী অথবা আদি সনাতন দেৱী দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা হল। তোমালোকে এই যজ্ঞৰ দ্বাৰা মনুষ্যৰ পৰা দেৱতা হোৱা। চিত্ৰও আচৰিত ধৰণৰ বনোৱা হয়। বিষ্ণুৰ নাভিৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হল। এই সকলোবোৰ কথা তোমালোকে জানা যে ব্ৰহ্মা সৰস্বতীয়েই লক্ষ্মী-নাৰায়ণ হয়গৈ। এইটো নিশ্চয়তা আছে। লক্ষ্মী-নাৰায়ণেই 84 জন্মৰ পাছত ব্ৰহ্মা সৰস্বতী হয়। মনুষ্যতো এনেকুৱা কথাবোৰ শুনি আচৰিত হৈ যায়। আনন্দিতও হয়। কিন্তু মায়াও কম নহয়। কাম হৈছে মহাশত্ৰু। মায়াই নাম-ৰূপত আৱদ্ধ কৰি বগৰাই দিয়ে। পিতাক স্মৰণ কৰিবলৈ নিদিয়ে। তেতিয়া সেই আনন্দ কমি যায়। এইটো ভাবি আনন্দিত হৈ যাব নালাগে যে মই বহুতকে বুজাওঁ, প্ৰথমতে চাব লাগে বাবাক কিমান স্মৰণ কৰোঁ। ৰাতি পিতাক স্মৰণ কৰি শুই যাওঁ নে পাহৰি যাওঁ। কিছুমান সন্তানতো পূৰা নীতি-নিয়মো পালন কৰোঁতাও হয়।

তোমালোক সন্তানসকল বৰ ভাগ্যৱান। পিতাৰ ওপৰত বহুত বোজা আছে। কিন্তু তথাপিও ৰথখনে ৰেহাই পাই যায়। জ্ঞান আৰু যোগো আছে, ইয়াৰ অবিহনে লক্ষ্মী-নাৰায়ণ পদ কেনেকৈ পাব। আনন্দতো থাকেই, মই অকলে পিতাৰ সন্তান আকৌ মোৰ বহুত সন্তান আছে, এইটো নিচাও থাকে আৰু মায়াই বহুত বিঘিনিও আনে। সন্তানসকলৰ ক্ষেত্ৰতো মায়াৰ বিঘিনি আহে। কৰ্মাতীত অৱস্থা পাছলৈ আহিব। ইয়াত বাপদাদা দুয়ো একত্ৰিত হৈ আছে। কয় - মৰমৰ সন্তানসকল. পিতাতো প্ৰেমৰ সাগৰ হয়। এওঁৰ আত্মা একেলগে আছে। এৱোঁ মৰম কৰে। এনেকৈ ভাবে যে যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। বহুত আময়িক হব লাগে। সন্তানসকল বহুত চতুৰ হব লাগে। এই লক্ষ্মী-নাৰায়ণক চোৱা কিমান চতুৰ। চতুৰালিৰে বিশ্বৰ ৰাজ্য লৈছে। প্ৰদৰ্শনীৰ দ্বাৰা প্ৰজাতো বহুত তৈয়াৰ হয়। ভাৰত যিমান ডাঙৰ সিমান সেৱা কৰিব লাগে। দ্বিতীয়তে স্মৃতিত থাকি বিকৰ্মও বিনাশ কৰিব লাগে। সকলোতকৈ অধিক চিন্তনীয় কথাটি হৈছে আমি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান কেনেকৈ হম? ইয়াৰ বাবে যত্নৰ প্ৰয়োজন। সেৱাৰ সুযোগ বহুত আছে। ট্ৰেনত বেজৰ ওপৰত সেৱা কৰিব পাৰা। এয়া বাবা, এয়া সম্পত্তি। নিশ্চয় 5 হাজাৰ বছৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল। লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। পুনঃ নিশ্চয় তেওঁলোকৰ ৰাজ্য আহিব লাগে। আমি বাবাৰ স্মৃতিৰে পাৱন সৃষ্টিৰ মালিক হৈ আছোঁ। ট্ৰেনত বহুত সেৱা হব পাৰে। এটা ডবাত সেৱা কৰি অন্য এটাত যাব লাগে। এনেদৰে সেৱা কৰোঁতাসকলহে অন্তৰত অধিষ্ঠিত হয়। এনেকৈ কোৱা যে আমি আপোনাক আনন্দৰ বাতৰি শুনাওঁ। আপুনি পূজ্য দেৱতা আছিল আকৌ 84 জন্ম লৈ পুজাৰী হল। এতিয়া পুনৰ পূজ্য হওঁক। ছিৰিৰ চিত্ৰ বহুত ভাল, ইয়াৰ জৰিয়তে সতো, ৰজো, তমো অৱস্থা সিদ্ধ কৰিব লাগে। স্কুলত শেষৰ ফালে ৰাতিয়ে-দিনে পঢ়ি আগবাঢ়ি যোৱাৰ চখ থাকে। এতিয়া ইয়াতো বুজোৱা হয় যে যিসকলে সময় নষ্ট কৰিলে তেওঁলোক তীব্ৰতাৰে আগবাঢ়ি গৈ সেৱাত লাগি যাব লাগে। সেৱাৰ সুযোগ বহুত আছে। সেৱাধাৰী কন্যা বহুত ওলাব লাগে, যিসকলক বাবাই যিকোনো ঠাইলৈ পঠিয়াব পাৰে। মন্দিৰবোৰত সেৱা ভাল হব। দেৱতা ধৰ্মৰসকলে তৎক্ষণাত বুজিব। গংগা স্নানৰ ওপৰতো তোমালোকে বুজাব পাৰা, তেতিয়া নিশ্চয় তেওঁলোকৰ অন্তৰ চুই যাব। ভাল বাৰু।

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় হৰ্ষিত হৈ থাকিবৰ কাৰণে আত্মিক সেৱা কৰিব লাগে, সঁচা উপাৰ্জন কৰিব আৰু কৰাব লাগে। নিজৰ আৰু আনৰ কল্যাণ কৰিব লাগে। ট্ৰেনতো বেজৰ ওপৰত সেৱা কৰিব লাগে।

(2) পুৰণি সৃষ্টিৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাব লাগে। নিৰ্মোহী হব লাগে, এজন পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখিব লাগে।

বৰদান:
সংগমযুগৰ মহত্বক জানি সকলো সময়ত বিশেষ মনোযোগ দিওঁতা মুখ্য ভূমিকা পালন কৰোঁতা হোৱা

প্ৰতিটো কৰ্ম কৰি সদায় এইটোৱে বৰদান যাতে স্মৃতিত থাকে যে মই মুখ্য ভূমিকা পালন কৰোঁতা হওঁ তেতিয়া প্ৰতিটো কৰ্ম বিশেষ হব, প্ৰতিটো চেকেণ্ড, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সংকল্প শ্ৰেষ্ঠ হব। এনেকুৱা কব নোৱাৰা যে এয়াতো কেৱল 5 মিনিট সাধাৰণ হল। সংগমযুগৰ 5 মিনিটো বহুত মহত্বপূৰ্ণ। 5 মিনিট 5 বছৰতকৈও অধিক সেয়েহে প্ৰতিটো মুহূৰ্ততে যাতে ইমান মনোযোগ থাকে। সদাকালৰ বাবে ৰাজভাগ্য প্ৰাপ্ত কৰিব লাগে সেয়েহে মনোযোগো যাতে সদাকাল থাকে।

স্লোগান:
যাৰ সংকল্পত দৃঢ়তাৰ শক্তি আছে, তেওঁৰ কাৰণে প্ৰতিটো কাৰ্য সম্ভৱ।