08.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই দুচকুৰে যিয়েই দেখিবলৈ পোৱা এই সকলোবোৰ নাশ হৈ যাব, সেয়েহে ইয়াৰ পৰা বেহদৰ বৈৰাগ্য, পিতাই তোমালোকৰ কাৰণে নতুন সৃষ্টি ৰচনা কৰি আছে”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ শান্ত অৱস্থাত কি ৰহস্য সমাহিত হৈ আছে?

উত্তৰ:
যেতিয়া তোমালোক শান্ত অৱস্থাত বহা তেতিয়া শান্তিধামক স্মৰণ কৰা। তোমালোকে জানা শান্ত অৱস্থা মানে জীৱন্তে মৰি যোৱা। ইয়াত পিতাই তোমালোকক সৎগুৰুৰ ৰূপত শান্ত হৈ থাকিবলৈ শিকায়। তোমালোক শান্ত হৈ থাকি নিজৰ বিকৰ্ম দগ্ধ কৰা। তোমালোকৰ জ্ঞান আছে যে এতিয়া ঘৰলৈ যাব লাগে। অন্য সৎসংগত শান্তিত বহে কিন্তু তেওঁলোকৰ শান্তিধামৰ জ্ঞান নাই।

ওঁম্শান্তি।
মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা আত্মিক সন্তানসকলৰ প্ৰতি শিৱবাবাই কৈ আছে। ‘গীতা’ত আছে শ্ৰীকৃষ্ণই ক’লে, কিন্তু প্ৰকৃততে শিৱবাবাই ক’লে, শ্ৰীকৃষ্ণক বাবা বুলি ক’ব নোৱাৰি। ভাৰতবাসীয়ে জানে যে পিতা দুগৰাকী - লৌকিক আৰু পাৰলৌকিক। পাৰলৌকিক পিতাক পৰমপিতা বুলি কোৱা হয়। লৌকিক পিতাক পৰমপিতা বুলি ক’ব নোৱাৰি। তোমালোকক কোনো লৌকিক পিতাই নুবুজায়। পাৰলৌকিক পিতাই পাৰলৌকিক সন্তানসকলক বুজায়। প্ৰথমে তোমালোক শান্তিধামলৈ যোৱা, যাক তোমালোকে মুক্তিধাম, নিৰ্বাণধাম বা বানপ্ৰস্থ বুলিও কোৱা। এতিয়া পিতাই কয় - সন্তানসকল, এতিয়া শান্তিধামলৈ যাব লাগে। কেৱল সেইখনকেই “শান্তি স্তম্ভ” (শান্তিৰ শিখৰ) বুলি কোৱা হয়। ইয়াত যেতিয়া বহা প্ৰথমে শান্তিত বহিব লাগে। যিকোনো সৎসংগত প্ৰথমে শান্তিত বহে। কিন্তু তেওঁলোকৰ শান্তিধামৰ জ্ঞান নাই। সন্তানসকলে জানে যে আমি আত্মাসকলে এই পুৰণা শৰীৰ এৰি ঘৰলৈ যাব লাগে। যিকোনো সময়তে শৰীৰ এৰিবলগীয়া হ’ব পাৰে সেইকাৰণে এতিয়া পিতাই যি পঢ়ায়, সেয়া ভালদৰে পঢ়িব লাগে। তেওঁ পৰম শিক্ষকো হয়। সৎগতি দাতা গুৰুও হয়, তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। তেওঁ এজনেই তিনিওটা সেৱা কৰে। এনেকৈ আৰু কোনো এজনে তিনিওটা সেৱা কৰিব নোৱাৰে। এই এজন পিতাই শান্তিৰ পাঠো শিকায়। জীৱন্তে মৰি যোৱাকে শান্ত অৱস্থা বুলি কোৱা হয়। তোমালোকে জানা আমি এতিয়া শান্তিধাম ঘৰলৈ যাব লাগে। যেতিয়ালৈকে পৱিত্ৰ আত্মা নহয়, তেতিয়ালৈকে কোনেও ঘৰলৈ যাব নোৱাৰে। যাবতো সকলোৱে লাগিব, সেয়েহে পাপ কৰ্মৰ বাবে অন্তিমত শাস্তি পায়, তেতিয়া পদো ভ্ৰষ্ট হৈ যায়। পুৰস্কাৰ আৰু শাস্তিও খাবলগীয়া হয় কিয়নো মায়াৰ লগত হাৰি যায়। পিতা আহেই মায়াৰ ওপৰত জয়ী কৰাবৰ বাবে। কিন্তু গাফিলতিৰ কাৰণে পিতাক স্মৰণ নকৰে। ইয়াততো একমাত্ৰ পিতাকেই স্মৰণ কৰিব লাগে। ভক্তিমাৰ্গততো বহুত দিগভ্ৰান্ত হয়, যাৰ ওচৰত মূৰ দোৱায় তেওঁক নাজানে। পিতা আহি দিগভ্ৰান্ত হোৱাৰ পৰা মুক্ত কৰি দিয়ে। বুজোৱা হয় - জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। ৰাতিয়েই ঠেকা-খুন্দা খোৱা যায়। জ্ঞানৰ দ্বাৰা দিন অৰ্থাৎ সত্যযুগ-ত্ৰেতা। ভক্তি মানে ৰাতি, দ্বাপৰ-কলিযুগ। এয়া হৈছে গোটেই ড্ৰামাৰ সময় সীমা। আধা সময় দিন, আধা সময় ৰাতি। প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰীৰ দিন আৰু ৰাতি। এয়া বেহদৰ কথা। বেহদৰ পিতা বেহদৰ সংগমত আহে, সেইকাৰণে কোৱা হয় শিৱৰাত্ৰি। মনুষ্যই এইটো নুবুজে যে শিৱৰাত্ৰি কাক কোৱা হয়? তোমালোকৰ বাহিৰে এজনেও শিৱৰাত্ৰিৰ মহত্বক নাজানে কিয়নো এয়া হৈছে মাজৰ সময়। যেতিয়া ৰাতি শেষ হয়, দিন আৰম্ভ হয়, ইয়াক পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। পুৰণি সৃষ্টি আৰু নতুন সৃষ্টিৰ মাজৰ সময়। পিতা আহেই প্ৰত্যেক পুৰুষোত্তম সংগমযুগত। এনেকুৱা নহয় যে যুগে যুগে আহে। সত্যযুগ-ত্ৰেতাৰ সংগমকো সংগমযুগ বুলি কৈ দিয়ে। পিতাই কয় - এইটো ভুল।

শিৱবাবাই কয় - মোক স্মৰণ কৰিলে পাপ বিনাশ হ’ব, ইয়াক যোগ অগ্নি বুলি কোৱা হয়। তোমালোক হৈছা ব্ৰাহ্মণ। পৱিত্ৰ হ’বৰ কাৰণে যোগ শিকোৱা। সেই ব্ৰাহ্মণসকলে কাম চিতাত বহুৱায়। সেই ব্ৰাহ্মণ আৰু তোমালোক ব্ৰাহ্মণসকলৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। তেওঁলোক হ’ল কোষ বংশাৱলী, তোমালোক হৈছা মুখ বংশাৱলী। প্ৰতিটো কথাই ভালদৰে বুজিবলগীয়া। যিয়েই আহে তেওঁলোকক বুজোৱা হয়, বেহদৰ পিতাক স্মৰণ কৰক তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু বেহদৰ পিতাৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব। আকৌ যিমানে দৈৱীগুণ ধাৰণ কৰিব আৰু আনকো কৰাব সিমানে উচ্চ পদ পাব। পিতা আহেই পতিতসকলক পাৱন কৰি তুলিবলৈ। গতিকে তোমালোকেও এইটো সেৱা কৰিব লাগে। পতিততো সকলো হয়। গুৰুসকলে কাকো পাৱন কৰিব নোৱাৰে। পতিত-পাৱন নামটি হৈছে শিৱবাবাৰ। তেওঁ আহেও ইয়ালৈ। যেতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলো পূৰা পতিত হৈ যায়, তেতিয়া পিতাৰ আগমন হয়। প্ৰথমেতো সন্তানসকলক ‘অল্ফ’ৰ (পিতাৰ) বিষয়ে বুজায়। মোক স্মৰণ কৰা। তোমালোকে কোৱা নহয় যে তেওঁ পতিত-পাৱন। আত্মিক পিতাক পতিত-পাৱন বুলি কোৱা হয়। এনেকৈ কয় - হে ভগৱান অথবা হে বাবা। কিন্তু পৰিচয় কাৰোৱে নাই। এতিয়া তোমালোক সংগমবাসীসকলে পৰিচয় পাইছা। তেওঁলোক হৈছে নৰকবাসী। তোমালোক নৰকবাসী নহয়। অৱশ্যে হয়, যদি কোনোবা পৰাজিত হয় তেন্তে একেবাৰে অধঃপতিত হৈ যায়। যি উপাৰ্জন কৰিলে সেয়া শেষ হৈ যায়। মূল কথা হ’ল পতিতৰ পৰা পাৱন হোৱাটো। এইখন হয়েই বিকাৰী সৃষ্টি। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি, নতুন সৃষ্টি, য’ত দেৱতাসকলে ৰাজত্ব কৰে। এতিয়া তোমালোক সন্তানসকলে গম পাইছা। প্ৰথমতে দেৱতাসকলেহে সকলোতকৈ অধিক জন্ম লয়। তাৰ ভিতৰতো যিসকল সূৰ্যবংশী তেওঁলোক আগতে আহে, 21 প্ৰজন্মলৈকে উত্তৰাধিকাৰ পায়। এয়া পৱিত্ৰতা-সুখ-শান্তিৰ কিমান বেহদৰ উত্তৰাধিকাৰ। সত্যযুগক পূৰা সুখধাম বুলি কোৱা হয়। ত্ৰেতা হৈছে অৰ্ধ কিয়নো দুটা কলা কম হৈ যায়। কলা কম হ’লে পোহৰ কম হৈ যায়। চন্দ্ৰমাৰো কলা কম হ’লে পোহৰ কম হৈ যায়। অৱশেষত কেৱল ৰেখা এডালহে থাকেগৈ। একেবাৰে নাইকিয়া নহয়। তোমালোকৰো তেনেকুৱা - একেবাৰে নাইকিয়া নহয়। ইয়াক কোৱা হয় আটাত নিমখৰ পৰিমাণৰ দৰে।

পিতাই বহি আত্মাসকলক বুজায়। এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা। এয়া বুদ্ধিৰ দ্বাৰা বুজা যায়। পৰমাত্মা কেতিয়া আহে? যেতিয়া বহুত আত্মা বা বহুত মনুষ্য হৈ যায় তেতিয়া পৰমাত্মা মেলালৈ আহে। আত্মাসকল আৰু পৰমাত্মাৰ মেলা কিয় লাগে? সেই মেলাতো মলিন হ’বৰ কাৰণে। এই সময়ত তোমালোক বাগিচাৰ গৰাকীৰ দ্বাৰা কাঁইটৰ পৰা ফুল হৈ আছা। কেনেকৈ হোৱা? স্মৃতিৰ শক্তিৰে। পিতাক সৰ্বশক্তিমান বুলি কোৱা হয়। যেনেকৈ পিতা সৰ্বশক্তিমান তেনেকৈ ৰাৱণো কম শক্তিমান নহয়। পিতাই নিজেই কয় - মায়া বৰ শক্তিশালী, বলৱান। কয় - বাবা মই আপোনাক স্মৰণ কৰোঁ, মায়াই স্মৃতি পাহৰাই দিয়ে। ইজন সিজনৰ শত্ৰু হৈ গ’ল নহয়। পিতা আহি মায়াৰ ওপৰত বিজয়ী কৰি তোলে, মায়াই আকৌ পৰাজিত কৰি দিয়ে। দেৱতা আৰু অসুৰৰ যুদ্ধ দেখুৱাইছে। কিন্তু এনেকুৱা কোনো নাই। যুদ্ধতো হৈছে এয়া। তোমালোকে পিতাক স্মৰণ কৰিলে দেৱতা হৈ যোৱা। মায়াই স্মৃতিত থকাৰ ক্ষেত্ৰত বিঘিনি আনে, পঢ়াত বিঘিনি নানে। স্মৃতিত থকাৰ ক্ষেত্ৰতেই বিঘিনি আহে। বাৰে বাৰে মায়াই পাহৰাই দিয়ে। দেহ-অভিমানী হোৱাৰ কাৰণে মায়াৰ থাপৰ লাগি যায়। যিসকল কামী তেওঁলোকৰ কাৰণে বহুত কাঢ়া শব্দ ব্যৱহাৰ কৰা হয়। এইখন হয়েই ৰাৱণৰাজ্য। ইয়াততো বুজোৱা হয় যে পাৱন হোৱা তথাপি নহয়। পিতাই কয়- সন্তানসকল, বিকাৰগ্ৰস্ত নহ’বা, মুখ ক’লা নকৰিবা। তথাপি লিখে বাবা মায়াই পৰাজিত কৰি দিলে অৰ্থাৎ মুখ কলা কৰি দিলে। বগা (পৱিত্ৰ) আৰু শ্যামবৰণীয়া (অপৱিত্ৰ) আছে নহয়। বিকাৰী ক’লা আৰু নিৰ্বিকাৰী বগা হয়। শ্যাম-সুন্দৰৰ অৰ্থও তোমালোকৰ বাহিৰে জগতত কোনেও নাজানে। শ্ৰীকৃষ্ণকো শ্যাম-সুন্দৰ বুলি কয়। পিতাই তেওঁৰেই নামৰ অৰ্থ বুজায়। স্বৰ্গৰ প্ৰথম ৰাজকুমাৰ আছিল। সুন্দৰতাত তেওঁ এক নম্বৰত উত্তীৰ্ণ হয়। আকৌ পুনৰ্জন্ম লৈ লৈ অৱনমিত হৈ হৈ ক’লা হৈ যায়। সেয়েহে শ্যাম-সুন্দৰ নাম ৰখা হৈছে। এই অৰ্থও পিতাই বুজায়। শিৱবাবাতো হয়েই চিৰসুন্দৰ। তেওঁ আহি তোমালোক সন্তানসকলক সুন্দৰ কৰি তোলে। পতিত ক’লা, আৰু পাৱন সুন্দৰ হয়। স্বাভাৱিক সৌন্দৰ্য থাকে। তোমালোক সন্তানসকল আহিছা যে আমি স্বৰ্গৰ মালিক হ’ম। গায়নো আছে শিৱ ভগৱানুবাচ, মাতাসকলে স্বৰ্গৰ দ্বাৰ মুকলি কৰে সেইকাৰণে বন্দে মাতৰম্‌ বুলি গায়ন কৰা হয়। যেতিয়া বন্দে মাতৰম্‌ বুলি কোৱা হয় এইটো বুজা যায় যে পিতাও আছে। পিতাই মাতাসকলৰ মহিমা বঢ়ায়। প্ৰথমে লক্ষ্মী, পাছত নাৰায়ণ। ইয়াত আকৌ প্ৰথমে শ্ৰীযুত, পাছত শ্ৰীযুতা। ড্ৰামাৰ ৰহস্য এনেকৈ ৰচি থোৱা আছে। পিতা ৰচয়িতাই প্ৰথমে নিজৰ পৰিচয় দিয়ে। এজন হৈছে হদৰ লৌকিক পিতা, দ্বিতীয়জন হৈছে বেহদৰ পাৰলৌকিক পিতা। বেহদৰ পিতাক স্মৰণ কৰে কিয়নো তেওঁৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। হদৰ উত্তৰাধিকাৰ পোৱা সত্ত্বেও বেহদৰ পিতাক স্মৰণ কৰে। বাবা আপুনি আহিলে আমি অন্য সংগ এৰি একমাত্ৰ আপোনাৰেই সংগ ল’ম। এয়া কোনে ক’লে? আত্মাই। আত্মাইহে এই ইন্দ্ৰিয়ৰ দ্বাৰা ভূমিকা পালন কৰে। প্ৰত্যেক আত্মাই যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই জন্ম লয়। চহকী গৰিব হৈ যায়। কৰ্মৰ কাৰণেই নহয় জানো। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক হয়। তেওঁলোকে কি কৰিলে, এয়াতো তোমালোকে জানা আৰু তোমালোকেই বুজাব পাৰা।

পিতাই কয় - এই দুচকুৰে তোমালোকে যিয়েই দেখিবলৈ পোৱা, তাৰ পৰা বৈৰাগ্য। এয়াতো সকলো নাশ হৈ যাব। নতুন ঘৰ নিৰ্মাণ কৰিলে পুৰণা ঘৰৰ প্ৰতি বৈৰাগ্য আহি যায়। সন্তানসকলে ক’ব - বাবাই নতুন ঘৰ নিৰ্মাণ কৰাইছে, আমি তালৈ যাম। এই পুৰণা ঘৰতো ভাঙি-ছিঙি যাব। এয়া হৈছে বেহদৰ কথা। সন্তানসকলে জানে পিতা আহিছে স্বৰ্গ স্থাপনা কৰিবলৈ। এইখন হৈছে পুৰণি ছিঃ ছিঃ সৃষ্টি।

তোমালোক সন্তানসকল এতিয়া ত্ৰিমূৰ্তি শিৱৰ আগত বহি আছা। তোমালোক বিজয়ী হোৱা। বাস্তৱত তোমালোকৰ এই ‘ত্ৰিমূৰ্তি’ হৈছে কুলৰ প্ৰতীক-চিহ্ন। তোমালোক ব্ৰাহ্মণসকলৰ এই কুল সকলোতকৈ উচ্চ। টিকনি (শিখৰ) হয়। এয়া ৰাজ্য স্থাপনা হৈ আছে। এই কুলৰ প্ৰতীক-চিহ্নক তোমালোক ব্ৰাহ্মণসকলেহে জানা। শিৱবাবাই আমাক দেৱী-দেৱতা কৰি তুলিবলৈ ব্ৰহ্মাৰ দ্বাৰা পঢ়ায়। বিনাশতো হ’বই। সৃষ্টি তমোপ্ৰধান হ’লে প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰে। বুদ্ধিৰে কিমান বৈজ্ঞানিক আহিলাপাতি উদ্ভাৱন কৰি থাকে। পেটৰ পৰা কোনো ক্ষেপণাস্ত্ৰ নোলায়। এয়া বিজ্ঞানে উদ্ভাৱন কৰিছে, যাৰ দ্বাৰা গোটেই কুল নাশ কৰি দিয়ে। সন্তানসকলক বুজোৱা হৈছে উচ্চতকৈও উচ্চ হৈছে শিৱবাবা। পূজাও কৰিব লাগে এজন শিৱবাবাৰ আৰু দেৱতাসকলৰ। ব্ৰাহ্মণৰ পূজা হ’ব নোৱাৰে কিয়নো তোমালোক আত্মা যদিও পৱিত্ৰ কিন্তু শৰীৰতো পৱিত্ৰ নহয়, সেয়েহে পূজনৰ লায়ক নোহোৱা। মহিমাৰ লায়ক হোৱা। যেতিয়া আকৌ তোমালোক দেৱতা হোৱা তেতিয়া আত্মাও পৱিত্ৰ, শৰীৰো নতুন পৱিত্ৰ পোৱা। এই সময়ত তোমালোক মহিমাৰ লায়ক হোৱা। “বন্দে মাতৰম্‌” বুলি গায়ন কৰা হয়। মাতাসকলৰ সেনাই কি কৰিলে? মাতাসকলেই শ্ৰীমতত জ্ঞান দিছে। মাতাসকলে সকলোকে শ্ৰীমতত জ্ঞান দিয়ে। মাতাসকলে সকলোকে জ্ঞান অমৃত পান কৰায়। যথাৰ্থ ৰীতিৰে তোমালোকেহে বুজা। শাস্ত্ৰবোৰততো বহুত কাহিনী লিখা আছে, তেওঁলোকে বহি শুনায়। তোমালোকে সত্য সত্য বুলি কৈ থাকা। তোমালোকে বহি এয়া শুনালে সত্য সত্য বুলি ক’ব। এতিয়াতো তোমালোকে সত্য সত্য বুলি নোকোৱা। মনুষ্যতো এনেকুৱা পাথৰবুদ্ধিৰ যে সত্য সত্য বুলি কৈ থাকে। গায়নো আছে পাথৰবুদ্ধি আৰু পাৰসবুদ্ধি। পাৰসবুদ্ধি মানে পাৰসনাথ। নেপালত কয় পাৰসনাথৰ চিত্ৰ আছে। পাৰসপুৰীৰ নাথ হৈছে এই লক্ষ্মী-নাৰায়ণ। তেওঁলোকৰ ৰাজকুল আছে। এতিয়া মূল কথা হ’ল ৰচয়িতা আৰু ৰচনাৰ ৰহস্যক জনাটো, যাৰ কাৰণে ঋষি-মুনিসকলেও নাজানো নাজানো বুলি কৈ গ’ল। এতিয়া তোমালোকে পিতাৰ দ্বাৰা সকলো জানিছা অৰ্থাৎ আস্তিক হৈছা। মায়া ৰাৱণে নাস্তিক কৰি দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় স্মৃতিত থাকিব লাগে যে আমি ব্ৰহ্মাৰ মুখ বংশাৱলী ব্ৰাহ্মণ, আমাৰ কুল সকলোকৈ উচ্চ। আমি পৱিত্ৰ হ’ব লাগে আৰু আনকো পৱিত্ৰ কৰি তুলিব লাগে। পতিত-পাৱন পিতাৰ সহায়কাৰী হ’ব লাগে।

(2) স্মৃতিত থকাৰ ক্ষেত্ৰত কেতিয়াও গাফিলতি কৰিব নালাগে। দেহ-অভিমানৰ কাৰণেই মায়াই স্মৃতিত থকাৰ ক্ষেত্ৰত বিঘিনি আনে সেয়েহে প্ৰথমে দেহ-অভিমান এৰিব লাগে। যোগ অগ্নিৰে পাপ নাশ কৰিব লাগে।

বৰদান:
সাধনসমূহৰ প্ৰবৃত্তিত থাকিও পদুম ফুলৰ সমান উপৰাম আৰু স্নেহী হৈ থাকোঁতা বেহদৰ বৈৰাগী হোৱা

সাধন পাইছা গতিকে সেয়া বৰ আন্তৰিকতাৰে ব্যৱহাৰ কৰা, এই সাধনসমূহ তোমালোকৰ বাবেই, কিন্তু সাধনাক সুপ্ত কৰি নিদিবা। পূৰা সন্তুলন যাতে থাকে। সাধন বেয়া নহয়, সাধনতো তোমালোকৰ কৰ্মৰ, যোগৰ ফল। কিন্তু সাধনৰ প্ৰবৃত্তিত থাকিও পদুম ফুলৰ সমান উপৰাম আৰু পিতাৰ স্নেহী হোৱা। ব্যৱহাৰ কৰি তাৰ প্ৰভাৱত নাহিবা। সাধনসমূহৰ বাবে যাতে বেহদৰ বৈৰাগ্য বৃত্তি সুপ্ত হৈ নাযায়। প্ৰথমে নিজৰ মাজত ইয়াক জাগ্ৰত কৰা তাৰপাছত বায়ুমণ্ডলত প্ৰকম্পন বিয়পাই দিয়া।

স্লোগান:
দুশ্চিন্তাগ্ৰস্তসকলক নিজৰ সম্ভ্ৰমত স্থিত কৰাই দিয়াটোৱে সকলোতকৈ শ্ৰেষ্ঠ সেৱা।