09.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল শিৱ জয়ন্তীত তোমালোকে খুব ধুমধামেৰে নিৰাকাৰ পিতাৰ জীৱন বৃত্তান্ত সকলোকে শুনোৱা, এই শিৱ জয়ন্তীয়েই হৈছে হীৰাতুল্য

প্ৰশ্ন:
তোমালোক ব্ৰাহ্মণসকলৰ প্ৰকৃত দীপাৱলী কেতিয়া আৰু কেনেকুৱা হয়?

উত্তৰ:
বাস্তৱত শিৱ জয়ন্তীয়েই তোমালোকৰ বাবে প্ৰকৃত দীপাৱলী কাৰণ শিৱবাবা আহি তোমালোক আত্মা ৰূপী দীপকক জ্বলায়। প্ৰত্যেকৰে ঘৰৰ দীপক জ্বলি উঠে অৰ্থাৎ আত্মাৰ জ্যোতি জ্বলে। তেওঁলোকে স্থূল দীপক জ্বলায় কিন্তু তোমালোকৰ সঁচা দীপক শিৱ পিতাৰ আগমন হলে জ্বলি উঠে সেয়েহে তোমালোকে খুব ধুমধামেৰে শিৱজয়ন্তী উদ্‌যাপন কৰা।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে শিৱজয়ন্তী উদ্‌যাপন কৰে আৰু ভাৰতত শিৱজয়ন্তীতো উদ্‌যাপন কৰেই। জয়ন্তী এজনৰে উদ্‌যাপন কৰা হয়। তেওঁকে আকৌ সৰ্বব্যাপি বুলি কৈ দিয়ে। এতিয়া সকলোৰেতো জয়ন্তী হব নোৱাৰে। জয়ন্তী কেতিয়া উদ্‌যাপন কৰা হয়? যেতিয়া গৰ্ভৰ পৰা বাহিৰলৈ আহে। শিৱজয়ন্তীতো নিশ্চয় উদ্‌যাপন কৰে। আৰ্যসমাজীয়েও উদ্‌যাপন কৰে। এতিয়া (2024 চনত) তোমালোকে 88 তম্ জয়ন্তী উদ্‌যাপন কৰিবলৈ লৈছা, অৰ্থাৎ জয়ন্তীৰ 88 বছৰ হল। জন্ম দিন সকলোৰে স্মৃতিত থাকে, অমুক দিনা এওঁ গৰ্ভৰ পৰা ভূমিষ্ঠ হ'ল। এতিয়া তোমালোকে শিৱবাবাৰ 83 তম্ জন্ম জয়ন্তী উদ্‌যাপন কৰিবলৈ লৈছা। তেওঁতো নিৰাকাৰ, তেওঁৰ জয়ন্তী কেনেকৈ হ'ব পাৰে? ইমান ডাঙৰ ডাঙৰ ব্যক্তিলৈ নিমন্ত্ৰণী পত্ৰ পঠিওৱা হয়। কাৰোবাকতো তেওঁলোকে সোধা উচিত - জয়ন্তী কেনেদৰে উদ্‌যাপন কৰে? তেওঁ কেতিয়া আৰু কেনেকৈ জন্ম ললে? পুনৰ তেওঁৰ শৰীৰৰ নাম কি ৰখা হল? কিন্তু এনেকুৱা পাথৰবুদ্ধি যে কেতিয়াও নোসোধে। তোমালোকে তেওঁলোকক কব পাৰা - তেওঁ নিৰাকাৰ, তেওঁৰ নাম শিৱ। তোমালোক শালগ্ৰাম (আত্মা) সন্তান হোৱা। জানা যে এই শৰীৰত শালগ্ৰাম আছে। শৰীৰৰে নাম দিয়া হয়। তেওঁ হ'ল পৰমাত্মা শিৱ। এতিয়া তোমালোকে কিমান ধুমধামেৰে অনুষ্ঠান পাতা। দিনে-প্ৰতিদিনে তোমালোকে ধুমধামেৰে বুজাই আছা যে যেতিয়া শিৱবাবাই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰে, সেয়াই তেওঁৰ জয়ন্তী বুলি কোৱা হয়। তেওঁৰ তিথি-তাৰিখ একো নাই। কয় - মই সাধাৰণ শৰীৰত প্ৰৱেশ কৰোঁ। কিন্তু কেতিয়া, কোনটো সময়ত সেইটো নুশুনায়। তিথি-তাৰিখ, দিন আদি ক'লেহে ক'ব পৰা যাব যে অমুক তাৰিখ। এওঁৰতো জন্মপত্ৰিকা আদি নাই। বাস্তৱত জন্মপত্ৰিকাতো এওঁৰেই সকলোতকৈ উচ্চ। কৰ্তব্যও এওঁৰ সকলোতকৈ উচ্চ। কোৱা হয় - হে প্ৰভু তোমাৰ লীলা অপৰমঅপাৰ। গতিকে নিশ্চয় কিবা কৰিছিল। মহিমাতো বহুতৰে গায়ন কৰা হয়। নেহেৰু, গান্ধী আদি সকলোৰে মহিমা কৰা হয়। এওঁৰ মহিমাৰ বিষয়ে সকলো অজ্ঞ। তোমালোকে বুজোৱা যে তেওঁ জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ। তেওঁতো এজনেই নহয় জানো। তেন্তে আকৌ তেওঁক সৰ্বব্যাপি বুলি কেনেকৈ কব পাৰি। কিন্তু একোৱে বুজি নাপায়। আৰু তোমালোকে উদ্‌যাপন কৰিলেও আনে সোধাৰ সাহসো কৰিব নোৱাৰে। নহ'লেতো সুধিব লাগে শিৱজয়ন্তী উদ্‌যাপন কৰা হয়, মহিমা গায়ন কৰা হয় তেন্তে নিশ্চয় কোনোবা হৈ গৈছে। বহুত ভক্তলোক আছে। চৰকাৰে মান্যতা নিদিয়াহেঁতেন ভক্ত, গুৰু, সাধুসকলৰ ডাক টিকটতো ছপা নকৰিলেহেঁতেন। যেনেকুৱা চৰকাৰ তেনেকুৱা প্ৰজা। এতিয়া তোমালোক সন্তানসকলে পিতাৰ জন্ম বৃত্তান্তৰ বিষয়ে ভালকৈ বুজি পালা। তোমালোকৰ যিমান নিচা আছে সিমান আন কাৰো থাকিব নোৱাৰে। তোমালোকেহে কোৱা শিৱজয়ন্তী হীৰাতুল্য, বাকী সকলো জয়ন্তী কড়িতুল্য। পিতা আহি কড়িক হীৰাতুল্য কৰি তোলে। শ্ৰীকৃষ্ণও পিতাৰ দ্বাৰাই ইমান উচ্চ হ'ল সেই কাৰণে তেওঁৰ জন্ম হীৰাতুল্য বুলি গায়ন কৰা হয়। প্ৰথমতে কড়িতুল্য হব পাছত বাবাই হীৰাতুল্য কৰিলে। এই কথাবোৰ মনুষ্যই নাজানে। তেওঁক এনেকুৱা বিশ্বৰ ৰাজকুমাৰ কোনে কৰি তুলিলে? গতিকে এয়াও বুজাব লাগে - শ্ৰীকৃষ্ণ জন্মাষ্টমী উদ্‌যাপন কৰা হয়। সন্তানতো মাতৃৰ গৰ্ভৰ পৰাই ভূমিষ্ঠ হল। তেওঁক টুকুৰিত লৈ গল। এতিয়া শ্ৰীকৃষ্ণতো বিশ্বৰ ৰাজকুমাৰ আছিল, তেন্তে তেওঁৰ ভয় কিহৰ? তাত কংস আদি ক'ৰ পৰা আহিল? এই সকলোবোৰ কথা শাস্ত্ৰত লিখি দিছে। এতিয়া তোমালোকে ভালদৰে বুজোৱা উচিত। বুজোৱাৰ বহুত সুন্দৰ যুক্তিও থকা উচিত। সকলোকে একেধৰণে পঢ়ুৱাব নোৱাৰে। যুক্তিযুক্তভাৱে বুজাব নোৱাৰিলে আৰু বেছিহে অহিত হৈ যায়।

এতিয়া শিৱজয়ন্তী উদ্‌যাপন কৰা হয় গতিকে নিশ্চয় শিৱৰেই মহিমা গাব। গান্ধী জয়ন্তীত গান্ধীৰ মহিমাই গাব। অন্য একো নাভাবিব। এতিয়া তোমালোকে শিৱজয়ন্তী উদ্‌যাপন কৰা গতিকে তেওঁৰ মহিমা, তেওঁৰ জীৱন চৰিতো থাকিব। তোমালোকে সেইদিনা তেওঁৰে জীৱন চৰিত বহি শুনাবা। যেনেকৈ পিতাই কয় - কোনো মনুষ্যই নোসোধে যে শিৱ জয়ন্তী কেনেকৈ আৰম্ভ হ'ল। তাৰ কোনো বৰ্ণনা পাবলৈ নাই। তেওঁৰ মহিমাতো অপৰমঅপাৰ বুলি গায়ন কৰা হয়। শিৱবাবাক ভোলানাথ বুলি কৈ বহুত মহিমা কৰে। তেওঁতো হৈছে ভোলা ভাণ্ডাৰী। তেওঁলোকে শিৱ-শঙ্কৰ বুলি কৈ দিয়ে। শঙ্কৰকে ভোলানাথ বুলি বুজি লয়। বাস্তৱত শঙ্কৰকতো ভোলানাথ যেন নালাগে। তেওঁৰ ক্ষেত্ৰত কয় চকু মেলাৰ লগে লগে বিনাশ হ'ল, ধুতুৰা খায় তেওঁক আকৌ ভোলানাথ বুলি কেনেকৈ কব পাৰি। মহিমাতো এজনৰে হয়। তোমালোকে শিৱ মন্দিৰলৈ গৈ বুজাব লাগে। তালৈ বহুত লোক আহে সেয়েহে শিৱৰ জীৱন চৰিত শুনাব লাগে। এনেকৈ কোৱা হয় - ভোলা ভাণ্ডাৰী শিৱবাবা। এতিয়া শিৱ আৰু শঙ্কৰৰ মাজৰ পাৰ্থক্যও তোমালোকেহে বুজাইছা। শিৱৰ পূজা শিৱ মন্দিৰত কৰা হয়। গতিকে তালৈ গৈ তোমালোকে শিৱৰ জীৱন কাহিনী শুনাব লাগে। জীৱন কাহিনী শব্দকেইটি শুনি কাৰোবাৰ মূৰ আচন্দ্ৰাই যাব যে শিৱৰ জীৱন কাহিনী আকৌ কেনেকৈ শুনাব? এনে আচৰ্যজনক কথা শুনি বহুতো ব্যক্তি আহিব। কোৱা, নিমন্ত্ৰণ পাই যিসকল আহিব তেওঁলোকক আমি নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ জীৱন কাহিনী শুনাম। গান্ধী আদিৰো জীৱন চৰিত শুনে নহয়। এতিয়া তোমালোকে শিৱৰ মহিমা কৰিলে মনুষ্যৰ বুদ্ধিৰ পৰা সৰ্বব্যাপিৰ ধাৰণাটি আঁতৰি যাব। এজনৰ মহিমা আনজনৰ লগত একে হব নোৱাৰে। এয়া যি মণ্ডপ সাজে বা প্ৰদৰ্শনী পাতে সেয়াটো কোনো শিৱৰ মন্দিৰ নহয়। তোমালোকে জানা যে প্ৰকৃত শিৱ মন্দিৰ বাস্তৱত এয়া য'ত ৰচয়িতাই নিজে বহি ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। তোমালোকে লিখিব পাৰা যে ৰচয়িতাৰ জীৱন কাহিনী আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য অথবা ইতিহাস শুনাম। হিন্দী-ইংৰাজী ভাষাত লিখনি হ'ব লাগে। ডাঙৰ ব্যক্তিসকলৰ ওচৰলৈ গলে আচম্বিত হব যে এওঁলোক কোন যিসকলে পৰমপিতা পৰমাত্মাৰ জীৱন বৃত্তান্ত শুনায়। কেৱল ৰচনাৰ ওপৰত তোমালোকে শুনালে বুজিব প্ৰলয় হল আকৌ নতুন ৰচনা ৰচিলে। কিন্তু নহয়, তোমালোকেতো বুজাব লাগে যে পিতা আহি পতিতসকলক পাৱন কৰি তোলে তেতিয়া মনুষ্য আচম্বিত হব। শিৱৰ মন্দিৰলৈ বহুত আহিব। সভাগৃহ বা মণ্ডপ ডাঙৰ হ'ব লাগে। যদি তোমালোকে প্ৰভাত ফেৰী উলিওৱা, তাতো এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য কোনে স্থাপনা কৰিলে, তেওঁলোকক এয়া বুজাব লাগে। নিৰাকাৰ শিৱবাবা যি সকলো আত্মাৰ পিতা তেৱেঁ আহি ৰাজযোগ শিকায়। এনেকৈ বিচাৰ সাগৰ মন্থন কৰা উচিত যে কেনেকৈ শিৱৰ মন্দিৰত গৈ সেৱা কৰিব পাৰি। শিৱ মন্দিৰত ৰাতিপুৱা পূজা কৰে, ঘণ্টা আদিও ৰাতিপুৱা বজায়। শিৱবাবাও প্ৰভাতৰ সময়ত আহে। আধা ৰাতি বুলি কোৱা নহয়। সেই সময়ত তোমালোকে জ্ঞানো শুনাব নোৱাৰা কিয়নো মনুষ্য নিদ্ৰাৰত হৈ থাকে। ৰাতি তথাপিও মনুষ্যৰ আজৰি থাকে। চাকি আদিও জ্বলি থাকে। ভালকৈ পোহৰ কৰিব লাগে। শিৱবাবা আহি তোমালোক আত্মাসকলক জগায়। প্ৰকৃত দীপাৱলী এয়াই, প্ৰত্যকৰে ঘৰৰ দীপক জ্বলে অৰ্থাৎ আত্মাৰ জ্যোতি জ্বলে। তেওঁলোকেতো ঘৰত স্থূল দীপক জ্বলায়। কিন্তু দীপাৱলীৰ প্ৰকৃত অৰ্থ এইটোহে। কিছুমানৰ দীপকতো একেবাৰে নজ্বলেই। তোমালোকে জানা যে আমাৰ দীপক কেনেকৈ জ্বলে? কাৰোবাৰ মৃত্যু হ'লে তেতিয়া চাকি জ্বলায় যাতে অন্ধকাৰ নহয়। কিন্তু প্ৰথমেতো আত্মা ৰূপী দীপক প্ৰজ্বলিত হওঁক তেতিয়াহে অন্ধকাৰ নহ'ব। নহলে মনুষ্য ঘোৰ অন্ধকাৰত আছে। আত্মাইতো চেকেণ্ডত এটা শৰীৰ এৰি আন এটা লয়। ইয়াত অন্ধকাৰৰ কোনো কথা নাই। এয়া ভক্তিমাৰ্গৰ নিয়ম। ঘৃত অন্ত হ'লে চাকি নিৰ্বাপিত হৈ যায়। অন্ধকাৰৰ অৰ্থও একো বুজি নাপায়। পিত্ত (শ্ৰাদ্ধ) আদি খুউৱাৰ অৰ্থও বুজি নাপায়। আগতে আত্মাক আহ্বান কৰিছিল, কিবা সুধিছিল। এতিয়া ইয়াৰ ইমান প্ৰচলন নাই। ইয়াতো আহে। কোনো কোনো সময়ত কিবা কৈ দিয়ে। সোধা তুমি সুখীনে? তেতিয়া কয় - হয়। সেইটোতো হয়েই ইয়াৰ পৰা যি যায় ভাল ঘৰতে জন্ম লব। জন্ম নিশ্চয় অজ্ঞানীৰ ঘৰতে ল'ব। জ্ঞানীৰ ঘৰতো জন্ম ল'ব নোৱাৰে কাৰণ জ্ঞানী ব্ৰাহ্মণতো বিকাৰত যাব নোৱাৰে। তেওঁলোকতো পৱিত্ৰ। বাকী হয়, ভাল সুখী ঘৰত গৈ জন্ম লব। বিবেকেও কয়- যেনেকুৱা অৱস্থা, তেনেকুৱা জন্ম। পুনৰ তাত নিজৰ মহিমা দেখুৱাব। অৱশ্যে শৰীৰ অপৈণত বাবে প্ৰকাশ কৰিব নোৱাৰে। অলপ ডাঙৰ হ'লে নিশ্চয় জ্ঞানৰ মহিমা দেখুৱাব। যেনেকৈ কিছুমানে শাস্ত্ৰৰ সংস্কাৰ লৈ যায় তেতিয়া শিশু অৱস্থাৰে পৰাই তাত (সেই বিষয়ত) লাগি যায়, ইয়াৰ পৰাও জ্ঞান লৈ গলে তেন্তে নিশ্চয় মহিমা ওলাব।

তোমালোকে শিৱ জয়ন্তী উদ্‌যাপন কৰা। তেওঁলোকে কোনো অৰ্থ বুজি নাপায়। সুধিব লাগে - তেওঁ যদি সৰ্বব্যাপি হয় তেন্তে জয়ন্তী কেনেকৈ উদ্‌যাপন কৰিবা? এতিয়া তোমালোক সন্তানসকলে পঢ়ি আছা। তোমালোকে জানা তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়। বাবাই বুজায় - শিখসকলেও কয় সৎ শ্ৰী অকাল। এতিয়া বাস্তৱত সকলো আত্মাই অকালমূৰ্ত কিন্তু এটা শৰীৰ এৰি আন এটা লয় সেই বাবে জন্ম-মৃত্যু বুলি কোৱা হয়। আত্মাতো সেইটোৱে হয়। আত্মাই 84 জন্ম লয়। কল্প যেতিয়া পূৰা হয় তেতিয়া নিজে আহি নিজৰ পৰিচয় দিয়ে - মই কোন? মই কেনেকৈ এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ? যাৰ দ্বাৰা তোমালোকে নিজে বুজি পোৱা। প্ৰথমতে বুজা নাছিলা। হয়, পৰমাত্মাৰ প্ৰৱেশতা হয় কিন্তু কেনেকৈ, কেতিয়া হ'ল সেয়া জানো বুজি পাইছিলা! দিনে-প্ৰতিদিনে তোমালোকৰ বুদ্ধিত এই কথাবোৰ আহি থাকে। নতুন নতুন কথা তোমালোকে শুনি থাকা। আগতে জানো দুজন পিতাৰ ৰহস্য বুজোৱা হৈছিল। আগতে যেন শিশুৰ নিচিনা আছিলা। এতিয়াও বহুতে কয় - বাবা, মই তোমাৰ দুদিনীয়া সন্তান। ইমান দিনীয়া সন্তান। বুজি লয় যি হৈছে কল্প পূৰ্বৰ দৰেই। এয়া বহুত জ্ঞানযুক্ত কথা। বুজিবলৈও সময় লাগে। জন্ম লৈ আকৌ মৰিও যায়। দুমহীয়া, 8 (আঠ) মহীয়া হৈও মৰিও যায়। তোমালোকৰ ওচৰলৈ আহে আৰু কয় যে এয়া সত্য। তেওঁ আমাৰ পিতা, আৰু আমি তেওঁৰ সন্তান। হয় হয় বুলি শলাগে। সন্তানসকলে লিখেও - বহুত প্ৰভাৱিত হৈ যায়। আকৌ বাহিৰলৈ গ'লেই সকলো শেষ, মৰি যায়। পাছত আৰু নাহেই তেন্তে কি হ'ব? নহ'লে শেষত আহি নিজকে সজীৱ কৰিব নতুবা প্ৰজাত আহি যাবা। এই সকলোবোৰ কথা বুজাব লাগে। আমি শিৱ জয়ন্তী কেনেকৈ উদ্‌যাপন কৰোঁ? শিৱবাবাই কেনেকৈ সৎগতি কৰে? শিৱবাবাই স্বৰ্গৰ উপহাৰ লৈ আহে। নিজেই কয় - মই তোমালোকক ৰাজযোগ শিকাওঁ। বিশ্বৰ মালিক কৰি তোলোঁ। পিতাতো হয়েই স্বৰ্গৰ ৰচয়িতা গতিকে নিশ্চয় স্বৰ্গৰে মালিক কৰি তুলিব। আমি তেওঁৰ জীৱন বৃত্তান্ত শুনাওঁ। কেনেকৈ তেওঁ স্বৰ্গ স্থাপনা কৰে, কেনেকৈ ৰাজযোগ শিকায়, সেয়া আহি শিকক। যেনেকৈ পিতাই বুজায়, তেনেকৈ সন্তানসকলে বুজাব নোৱাৰে জানো? এই ক্ষেত্ৰত বহুত ভালকৈ বুজাব পৰা সন্তান হ'ব লাগে। শিৱৰ মন্দিৰত খুব সুন্দৰকৈ উদ্‌যাপন কৰে, তাত গৈ বুজাব লাগে। লক্ষ্মী-নাৰায়ণৰ মন্দিৰত যদি শিৱৰ জীৱন কাহিনী শুনোৱা হয় তেন্তে কাৰো ভাল নালাগিব, চিন্তা উদ্ৰেক নকৰিব। পুনৰ তেওঁলোকৰ বুদ্ধিত ভালকৈ ধৰণ কৰাব লাগিব। লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ বহুত আহে। তেওঁলোকক লক্ষ্মী-নাৰায়ণ, ৰাধা-কৃষ্ণৰ ৰহস্য বুজাব পাৰা। তেওঁলোকৰ পৃথক পৃথক মন্দিৰ হ'ব নালাগে। শ্ৰীকৃষ্ণ জয়ন্তীত তোমালোকে শ্ৰীকৃষ্ণৰ মন্দিৰলৈ গৈ বুজাবা - কৃষ্ণই সুন্দৰ, কৃষ্ণই শ্যাম বুলি কিয় কোৱা হয়? কয় - গাঁৱৰ ল'ৰা। গাঁৱততো গৰু ছাগলী চৰাব, নহয় জানো। বাবাই অনুভৱ কৰে ময়োতো গাঁৱৰে আছিলো। টুপি নাই, জোতা নাই। এতিয়া স্মৃতিলৈ আহে মই কি আছিলোঁ আকৌ বাবা আহি প্ৰৱেশ কৰিছে। গতিকে পিতাৰ এইটো লক্ষ্য যাতে সকলোৱে পায় যে শিৱবাবাক স্মৰণ কৰা তেওঁৱেই সৎগতি দাতা। তোমালোকে ৰামচন্দ্ৰৰো জীৱন কাহিনী বুজাব পাৰা। কেতিয়াৰ পৰা তেওঁৰ ৰাজ্য আৰম্ভ হ'ল, কিমান বছৰ হ'ল। এনেকুৱা এনেকুৱা চিন্তন চলিব লাগে। শিৱৰ মন্দিৰত শিৱৰ জীৱন চৰিত শুনাবলগীয়া হয়। লক্ষ্মী-নাৰায়ণৰ মন্দিৰত লক্ষ্মী-নাৰায়ণৰ মহিমা কৰিবলগীয়া হয়। ৰামৰ মন্দিৰলৈ গলে ৰামৰ জীৱন কাহিনী শুনোৱা হব। এতিয়া তোমালোকে দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ পুৰুষাৰ্থ কৰি আছা। হিন্দু ধৰ্মটো কোনেও প্ৰতিষ্ঠা কৰা নাই। বাকী হিন্দু কোনো ধৰ্ম নহয় এনেকৈ পোনপটীয়াকৈ শুনালে বিতুষ্ট হৈ যাব। বুজি লব এওঁলোক খ্ৰীষ্টান। তোমালোকে কবা - আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হওঁ যাক আজিকালি হিন্দু বুলি কৈ দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শিৱজয়ন্তী ধুমধামেৰে উদ্‌যাপন কৰা, শিৱবাবাৰ মন্দিৰত শিৱৰ আৰু লক্ষ্মী-নাৰায়ণৰ মন্দিৰত লক্ষ্মী-নাৰায়ণ অথবা ৰাধা-কৃষ্ণৰ জীৱন বৃত্তান্ত শুনোৱা। সকলোকে যুক্তিযুক্তভাৱে বুজোৱা।

(2) অজ্ঞান অন্ধকাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আত্মাৰূপী দীপকক জ্ঞান ঘৃতেৰে সদায় প্ৰজ্বলিত কৰি ৰাখিব লাগে। আনকো অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰিব লাগে।

বৰদান:
সকলো সম্পদেৰে সম্পন্ন হৈ নিৰন্তৰ সেৱা কৰোঁতা অক্ষয়, অখণ্ড মহাদানী হোৱা

বাপদাদাই সঙ্গমযুগত সকলো সন্তানক অটল অখণ্ড হোৱাৰ বৰদান দিছে। যিসকলে এই বৰদান জীৱনত ধাৰণ কৰি অখণ্ড মহাদানী অৰ্থাৎ নিৰন্তৰ সহজ সেৱাধাৰী হয় তেওঁলোক প্ৰথম নম্বৰৰ হৈ যায়। দ্বাপৰৰ পৰা ভক্ত আত্মাসকলো দানী হৈ যায় কিন্তু অক্ষয় সম্পদৰ দানী হব নোৱাৰে। বিনাশী সম্পদ বা বস্তুৰ দানী হয়, কিন্তু তোমালোক সকলো সম্পদেৰে সম্পন্ন দাতাৰ সন্তানে এক চেকেণ্ডো দান নিদিয়াকৈ থাকিব নোৱাৰা।

স্লোগান:
ভিতৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা প্ৰত্যক্ষ তেতিয়া হয় যেতিয়া স্বভাৱত সৰলতা থাকে।