09.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোকৰ সকলো ফালৰ পৰা মোহৰ জৰী ছিঙি যোৱা উচিত কিয়নো ঘৰলৈ যাব লাগে, এনেকুৱা কোনো বিকৰ্ম নহওঁক, যাৰ বাবে ব্ৰাহ্মণ কুলৰ নাম বদনাম হয়”

প্ৰশ্ন:
পিতা কোনসকল সন্তানক দেখি হৰ্ষিত হয়? কোনসকল সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে?

উত্তৰ:
যিসকল সন্তানে বহুতক সুখদায়ী কৰি তোলে, সেৱাধাৰী হয়, তেওঁলোকক দেখি পিতাও হৰ্ষিত হয়। যিসকল সন্তানৰ বুদ্ধিত থাকে যে একমাত্ৰ বাবাকেই কওঁ, বাবাৰ লগতে কথা পাতোঁ….. এনেকুৱা সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে। বাবাই কয় - মোৰ সেৱা কৰা সন্তানসকল মোৰ অতি প্ৰিয়। এনেকুৱা সন্তানসকলক মই স্মৰণ কৰোঁ।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে এইটোতো জানে যে আমি পিতাৰ সন্মুখত বহি আছোঁ, সেইজন পিতাই আকৌ শিক্ষকৰ ৰূপত পঢ়াওঁতাও হয়। সেইজন পিতা পতিত-পাৱন সৎগতি দাতাও হয়। লগত লৈ যাওঁতাও হয় আৰু মাৰ্গো বহুত সহজকৈ দেখুৱাই দিয়ে। পতিতৰ পৰা পাৱন কৰি তুলিবলৈ কোনো পৰিশ্ৰম কৰিব নিদিয়ে। য'লৈকেই নোযোৱা বিলাতলৈ ফুৰিবলৈ যোৱা, কেৱল নিজক আত্মা বুলি বুজা। তেনেকৈতো বুজি পোৱা। তথাপিও কয় - নিজক আত্মা বুলি নিশ্চয় কৰা, দেহ-অভিমান এৰি আত্ম-অভিমানী হোৱা। আমি আত্মা, ভূমিকা পালন কৰিবলৈ শৰীৰ ধাৰণ কৰোঁ। এটা শৰীৰেৰে ভূমিকা পালন কৰি আকৌ আন এটা লওঁ। কাৰোবাৰ ভূমিকা 100 বছৰৰ, কাৰোবাৰ 80, কাৰোবাৰ 2 বছৰৰ, কাৰোবাৰ 6 মাহৰ। কোনোবাইতো জন্ম লৈয়ে মৃত্যুবৰণ কৰে। কাৰোবাৰ জন্ম লোৱাৰ পূৰ্বেই গৰ্ভতেই মৃত্যু হৈ যায়। এতিয়া ইয়াৰ পুনৰ্জন্ম আৰু সত্যযুগৰ পুনৰ্জন্মৰ মাজত ৰাতি-দিনৰ পাৰ্থক্য আছে। ইয়াত গৰ্ভৰ পৰা জন্ম লয় সেয়েহে ইয়াক গৰ্ভ কাৰাগাৰ বুলি কোৱা হয়। সত্যযুগত গৰ্ভ কাৰাগাৰ নহয়। তাত বিকৰ্ম নহয়েই, ৰাৱণৰাজ্যই নাই। পিতাই সকলো কথা বুজায়। বেহদৰ পিতা বহি এই (ব্ৰহ্মাৰ) শৰীৰৰ দ্বাৰা বুজায়। এই শৰীৰৰ আত্মাটিয়েও শুনে। শুনাওঁতাজন জ্ঞানৰ সাগৰ পিতা, যাৰ নিজৰ শৰীৰ নাই। তেওঁক সদায় শিৱ বুলিয়ে কয়। যেনেকৈ তেওঁ পুনৰ্জন্ম ৰহিত, তেনেকৈ নাম-ৰূপো ৰহিত (অৰ্থাৎ দৈহিক নাম ৰূপ নাই)। তেওঁক কোৱা হয় সদাশিৱ। সদাকালৰ বাবে শিৱই, শৰীৰৰ কোনো নাম নাথাকে। এওঁৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়াও এওঁৰ (ব্ৰহ্মাৰ) শৰীৰৰ নাম তেওঁ নলয়। তোমালোকৰ এয়া হ’ল বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ পৰা) সন্ন্যাস, তেওঁলোক হ’ল হদৰ (সীমিত) সন্ন্যাসী। তেওঁলোকৰো নাম সলনি হয়। তোমালোকৰ নামো বাবাই কিমান ভাল ভাল ৰাখিলে। ড্ৰামা অনুসৰি যিসকলক নাম দিয়া হ’ল তেওঁলোক নোহোৱা হৈ গ’ল। পিতাই ভাবিলে মোৰ হৈ গৈছে যেতিয়া নিশ্চয় নিগাজীকৈ থাকিব, এৰি আঁতৰি গুচি নাযাব। কিন্তু এৰি দিলে তেন্তে নাম ৰাখি লাভেই বা কি। সন্ন্যাসীও পুনৰ ঘৰলৈ উভতি আহিলে পুৰণা নামেৰেই চলে। ঘৰলৈ উভতিতো আহে নহয়। এনেকুৱা নহয় যে সন্ন্যাস কৰিছে বাবে তেওঁলোকৰ মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ নাহে। কাৰোবাৰতো সকলো মিত্ৰ-সম্বন্ধীয় আদি স্মৃতিলৈ আহি থাকে। মোহত আৱদ্ধ হৈ থাকে। মোহৰ জৰীৰে বান্ধ খাই থাকে। কাৰোবাৰতো ততালিকে সম্পৰ্ক ছিঙি যায়। ছিঙিতো যাবই। পিতাই বুজাইছে যে এতিয়া উভতি যাব লাগে। পিতাই স্বয়ং বহি শুনায়, ৰাতিপুৱাও বাবাই কৈ আছিল নহয়। চাই চাই মনত সুখ অনুভৱ হয়…… কিয়? নয়নত সন্তানসকল সমাহিত হৈ আছে। আত্মাসকল জ্যোতিতো হয়েই। পিতাও সন্তানসকলক চাই চাই আনন্দিত হয় নহয়। কিছুমানতো বহুত ভাল সন্তান, সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান লয় আৰু কিছুমান ব্ৰাহ্মণ হৈ পুনৰ বিকাৰগ্ৰস্ত হয়। গতিকে তেওঁলোক আজ্ঞা উলংঘন কৰোঁতা হয়। সেয়েহে এই পিতাও সেৱাধাৰী সন্তানসকলক দেখি হৰ্ষিত হয়। বেহদৰ পিতাই কয় - এওঁতো কুল কলংকিত কৰোঁতা হৈ গ’ল, ব্ৰাহ্মণ কুলৰ নাম বদনাম কৰে। সন্তানসকলক বুজাই থাকে, কাৰো নাম-ৰূপত আৱদ্ধ হ’ব নালাগে, তাকো অৰ্ধ কুল কলঙ্কিত বুলি কোৱা হ’ব। অৰ্ধ আকৌ পূৰাও হৈ যায়। স্বয়ং লিখে - বাবা মই অধঃপতিত হৈ গ’লোঁ, মই মুখ ক'লা কৰি দিলোঁ। মায়াই প্ৰৱঞ্চনা কৰি দিলে। মায়াৰ ধুমুহা বহুত আহে। পিতাই কয় – কাম-কটাৰী চলালা মানে এয়াও ইজনে সিজনক দুখ দিলা, সেয়েহে প্ৰতিজ্ঞা কৰায়, তেজ উলিয়ায়ো তাৰে দীঘলীয়া পত্ৰ লিখে। আজি সেইসকল নাই। পিতাই কয় - অহো মায়া! তুমি বৰ শক্তিশালী। যিসকল সন্তানে তেজেৰেও লিখি দিয়ে তুমি তেওঁলোককো খাই পেলোৱা। যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়াও সমৰ্থ। আধাকল্প পিতাৰ সামৰ্থ্যৰ উত্তৰাধিকাৰ পোৱা যায়, আধাকল্প আকৌ মায়াই সেই সামৰ্থ্য নোহোৱা কৰি দিয়ে। এয়া হ'ল ভাৰতৰ কথা। দেৱী-দেৱতা ধৰ্মাৱলম্বীসকলেই চহকীৰ পৰা কঙাল হৈ যায়। এতিয়া তোমালোক লক্ষ্মী-নাৰায়ণৰ মন্দিৰলৈ গ’লে তোমালোকতো আচৰিত হ'বা। এইটো কুলৰেইতো আমি আছিলোঁ, এতিয়া আমি পঢ়ি আছোঁ। এওঁৰ আত্মায়ো বাবাৰ পৰা পঢ়ি আছে। আগতেতো তোমালোকে য'তে-ত'তে মূৰ দোঁৱাইছিলা। এতিয়া জ্ঞান আছে, প্ৰত্যেকৰে 84 জন্মৰ জীৱন-বৃত্তান্ত তোমালোকে জানা। প্ৰত্যেকে নিজৰ ভূমিকা পালন কৰে।

পিতাই কয় – সন্তানসকল, সদায় হৰ্ষিত হৈ থাকা। ইয়াৰ হৰ্ষিত হৈ থকাৰ সংস্কাৰ আকৌ লগত লৈ যাবা। তোমালোকে জানানে আমি কি হওঁগৈ? বেহদৰ পিতাই আমাক এয়া উত্তৰাধিকাৰ দি আছে, আন কোনেও দিব নোৱাৰে। এজনো মনুষ্য নাই যিয়ে গম পায় যে লক্ষ্মী-নাৰায়ণ ক'লৈ গ'ল। ভাবে য'ৰ পৰা আহিছিল ত’লৈকে গুচি গ’ল। এতিয়া পিতাই কয় - বুদ্ধিৰে বিচাৰ কৰা, ভক্তিমাৰ্গততো তোমালোকে বেদ শাস্ত্ৰ পঢ়া, এতিয়া মই তোমালোকক জ্ঞান শুনাওঁ। তোমালোকে বিচাৰ কৰা ভক্তি শুদ্ধ নে মই কোৱাটো শুদ্ধ। পিতা ৰাম হ'ল শ্ৰেষ্ঠাচাৰী, ৰাৱণ হ'ল ভ্ৰষ্টাচাৰী। প্ৰতিটো কথাতে অসত্য কয়। এনেকৈ জ্ঞানৰ কথাবোৰৰ ক্ষেত্ৰত কোৱা হয়। তোমালোকে বুজি পোৱা যে প্ৰথমতে আমি সকলোৱে অসত্য কৈছিলোঁ। দান-পুণ্য আদি কৰিলেও ছিৰি তললৈহে নামি আহে। তোমালোকে দিয়াও আত্মাসকলক। পাপাত্মাই যদি পাপাত্মাক দিয়ে তেনেহ'লে পুণ্য আত্মা কেনেকৈ হ'ব? তাত আত্মাসকলৰ লেন-দেন নহয়েই। ইয়াততো লাখ লাখ টকাৰ ঋণ লৈ লয়। এই ৰাৱণৰাজ্যত খোজে প্ৰতি মনুষ্যৰ দুখ। এতিয়া তোমালোক সংগমত আছা। তোমালোকৰতো খোজে প্ৰতি পদম। দেৱতাসকল পদমপতি কেনেকৈ হ'ল? এয়া কোনেও গম নাপায়। স্বৰ্গতো নিশ্চয় আছিল। স্মৃতি চিহ্ন আছে। কিন্তু তেওঁলোকে (দেৱতাসকলে) এইটো গম নাপায় যে পূৰ্বৰ জন্মত কি কৰ্ম কৰাৰ ফলত এনে ৰাজ্য পালে। সেইখনতো হয়েই নতুন সৃষ্টি। সেয়েহে অযথা খেয়াল নাহেই। সেইখনক কোৱাই কোৱা হয় সুখধাম। 5 হাজাৰ বছৰৰ কথা। তোমালোকে সুখৰ কাৰণে, পাৱন হ’বলৈ পঢ়া। অনেক যুক্তি উলিওৱা হয়। পিতাই কিমান ভালকৈ বুজায়, শান্তিধাম আত্মাসকলৰ নিবাস স্থান, তাক মৰমৰ ঘৰ বুলি কোৱা হয়। যেনেকৈ বিদেশৰ পৰা যেতিয়া আহে, তেতিয়া বুজিব যে এতিয়া মই নিজৰ মৰমৰ ঘৰলৈ যাওঁ। তোমালোকৰ মৰমৰ ঘৰ হৈছে শান্তিধাম। পিতাও শান্তিৰ সাগৰ নহয় জানো, যাৰ ভূমিকা অন্তিম সময়ত হ’ব, গতিকে কিমান সময় শান্তিত থাকে। পিতাৰ ভূমিকা বহুত কম বুলি কোৱা হ’ব। এইখন ড্ৰামাত তোমালোকৰে নায়ক-নায়িকাৰ ভূমিকা আছে। তোমালোক বিশ্বৰ মালিক হোৱাগৈ। এইটো নিচা কেতিয়াও আন কাৰো থাকিব নোৱাৰে। আন কাৰো ভাগ্যত স্বৰ্গৰ সুখ নায়েই। এয়াতো তোমালোক সন্তানসকলেহে পোৱা। যিসকল সন্তানক পিতাই চায়, কয় বাবা আপোনাকে কওঁ, আপোনাৰ সৈতেই কথা পাতোঁ…., পিতায়ো কয় - মই তোমালোক সন্তানসকলক চাই চাই বহুত হৰ্ষিত হওঁ। মই 5 হাজাৰ বছৰৰ পাছত আহিছোঁ, সন্তানসকলক দুখধামৰ পৰা সুখধামলৈ লৈ যাওঁ কিয়নো কাম চিতাত উঠি জ্বলি ভস্ম হৈ গৈছে। এতিয়া গৈ তেওঁলোকক কবৰৰ পৰা উলিয়াও। আত্মাতো সকলো উপস্থিত হৈছেহি। তেওঁলোকক পাৱন কৰি তুলিব লাগে।

পিতাই কয় – সন্তানসকল, বুদ্ধিৰে এক সৎগুৰুক স্মৰণ কৰা আৰু বাকী সকলোকে পাহৰি যোৱা। এজনৰ সৈতেই সম্বন্ধ ৰাখিব লাগে। তোমালোকে কৈছিলাও যে আপুনি আহিলে আপোনাৰ বাহিৰে আন কোনো নাই। আপোনাৰ মততে চলিম। শ্রেষ্ঠ হ’ম। গায়নো কৰে উচ্চতকৈও উচ্চ ভগৱান। তেওঁৰ মতো উচ্চতকৈও উচ্চ। পিতাই নিজেই কয় - এই জ্ঞান যি এতিয়া তোমালোকক দিওঁ সেয়া আকৌ প্ৰায় লোপ হৈ যাব। ভক্তিমাৰ্গৰ শাস্ত্ৰতো পৰম্পৰাগতভাৱে চলি আহিছে। কয় যে ৰাৱণো চলি আহি থাকে। তেওঁলোকে সোধা - ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছে, কিয় জ্বলায়? একোৱে গম নাপায়। অৰ্থ বুজি নোপোৱাৰ কাৰণে কিমান আনন্দোৎসৱ কৰে। অনেক অতিথিক নিমন্ত্ৰণ জনায়। উদাহৰণ স্বৰূপে ৰাৱণ জ্বলোৱাৰ উৎসৱ পাতে। তোমালোকে বুজি নোপোৱানে যে কেতিয়াৰ পৰা ৰাৱণৰ প্ৰতিমূৰ্তি সাজি আহিছে? দিনে-প্ৰতিদিনে ডাঙৰকৈ সাজি গৈ থাকে, এনেকৈ কয় যে এয়া পৰম্পৰাগতভাৱে চলি আহে। কিন্তু এনেকুৱাতো হ’ব নোৱাৰে। ৰাৱণক এনেকৈ কেতিয়ালৈকে জ্বলাই থাকিব? তোমালোকেতো জানা বাকী অলপ সময় আছে তাৰপাছততো ৰাৱণৰাজ্যই নাথাকিব। পিতাই কয় - এই ৰাৱণ হৈছে সকলোতকৈ ডাঙৰ শত্ৰু, ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মনুষ্যৰ বুদ্ধিত বহুত কথা আছে। তোমালোকে জানা এই ড্ৰামাত চেকেণ্ডৰ পাছত চেকেণ্ড যি চলি আহিছে, সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। তোমালোকে তিথি তাৰিখ সকলো হিচাপ উলিয়াব পাৰা - কিমান ঘণ্টা, কিমান বছৰ, কিমান মাহ আমাৰ ভূমিকা চলে। এই গোটেই জ্ঞান বুদ্ধিত থকা উচিত। বাবাই আমাক এয়া বুজায়। পিতাই কয় - মই পতিত-পাৱন হওঁ। তোমালোকে মোক আহ্বান জনোৱা যে আহি পাৱন কৰি তোলক। পাৱন সৃষ্টি হ’ল শান্তিধাম আৰু সুখধাম। এতিয়াতো সকলো পতিত। সদায় ‘বাবা বাবা’ বুলি কৈ থাকা। এইটো পাহৰি নাযাবা, তেতিয়া সদায় শিৱবাবা স্মৃতিত থাকিব। এওঁ আমাৰ বাবা। পোন-প্ৰথমে এওঁ হ’ল বেহদৰ বাবা। বাবা বুলি ক’লেই উত্তৰাধিকাৰৰ আনন্দ আহি যায়। কেৱল ভগৱান বা ঈশ্বৰ বুলি ক’লে কেতিয়াও এনেকুৱা বিচাৰ নাহিব। সকলোকে কোৱা - বেহদৰ পিতাই ব্ৰহ্মাৰ দ্বাৰা বুজায়। এওঁ তেওঁৰ ৰথ। তেওঁৰ দ্বাৰা কয় - মই তোমালোক সন্তানসকলক এনেকুৱা কৰি তোলোঁ। এই বেজত গোটেই জ্ঞান সমাহিত হৈ আছে। অন্তিম সময়ত তোমালোকৰ শান্তিধাম আৰু সুখধাম - এয়াই স্মৃতিত থাকিব। দুখধামকতো পাহৰি গৈ থাকে। এইটোও জানে যে আকৌ ক্ৰমানুসৰি সকলো নিজৰ নিজৰ সময়ত আহিব। ইছলামী, বৌদ্ধি, খ্ৰীষ্টান আদি অনেক আছে। অনেক ভাষা আছে। প্ৰথমে আছিল এক ধৰ্ম আকৌ তাৰ পৰা কিমান ওলাল। কিমান যুদ্ধ আদি লাগিছে। যুঁজ-বাগৰতো সকলোৱে কৰে কিয়নো গৰাকী বিহীন হৈ যায় নহয়। এতিয়া পিতাই কয় - মই তোমালোকক যি ৰাজ্য দিওঁ সেয়া কেতিয়াও কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰে। পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। এই ক্ষেত্ৰত অখণ্ড, অবিচলিত হৈ থাকিব লাগে। মায়াৰ ধুমুহাতো নিশ্চয় আহিব। প্ৰথমে যি আগত থাকিব তেওঁতো সকলো অনুভৱ কৰিব নহয়। বেমাৰ আদি সকলো সদাকালৰ কাৰণে শেষ হ'ব, সেই কাৰণে কৰ্মৰ হিচাপ-নিকাচ, বেমাৰ আদি বেছিকৈ আহিলে ভয় কৰিব নালাগে। এই সকলোবোৰ অন্তিম সময়ৰ, পুনৰ আৰু নহ’ব। এতিয়া সকলো উথলি উঠিব। বুঢ়াসকলকো মায়াই যুৱক কৰি দিব। মনুষ্যই যেতিয়া বানপ্ৰস্থ লয় তাত মহিলা নাথাকে। সন্ন্যাসীও জংঘললৈ গুচি যায়। তাতো মহিলা নাথাকে। কাৰো ফালে নাচায়েই। ভিক্ষা ল'লে, গুচি গ'ল। আগতেতো স্ত্ৰীৰ ফালে একেবাৰে নাচাইছিল। ভাবিছিল নিশ্চয় বুদ্ধি যাব। ভাই-ভনীৰ সম্বন্ধতো বুদ্ধি যায় সেই কাৰণে বাবাই কয় – ভাই ভাই বুলি চোৱা। শৰীৰৰ নামো নাই। এয়া অতি উচ্চ লক্ষ্য। একেবাৰে শিখৰলৈ যাব লাগে। এয়া ৰাজধানী স্থাপনা হৈ আছে। ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকৈ কয় - মইতো লক্ষ্মী-নাৰায়ণ হ'ম। পিতাই কয় - হোৱা। শ্ৰীমতত চলা। মায়াৰ ধুমুহাতো আহিব, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা একো কৰিব নালাগে। দেউলীয়া আদিতো এনেও হৈয়েই থাকে। এনেকুৱা নহয় যে জ্ঞানত অহাৰ কাৰণে দেউলীয়া হ'ল। এয়াতো চলি আহি থাকে। পিতাইতো কয় - মই আহিছোঁৱেই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। কেতিয়াবা বহুত ভাল সেৱা কৰে, অন্যক বুজায় তাৰপাছত আকৌ দেউলীয়া হৈ যায়..... মায়া বৰ শক্তিশালী। ভাল ভালসকলো বাগৰি পৰে। পিতাই বহি বুজায়, মোৰ সেৱা কৰা সন্তানসকলহে মোৰ প্ৰিয়। বহুতকে সুখদায়ী কৰি তোলে, এনেকুৱা সন্তানসকলক স্মৰণ কৰি থাকোঁ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কাৰো নাম-ৰূপত আৱদ্ধ হৈ কুল কলংকিত কৰিব নালাগে। মায়াৰ প্ৰবঞ্চনাত আহি ইজনে-সিজনক দুখ দিব নালাগে। পিতাৰ পৰা সামৰ্থ্যৰ উত্তৰাধিকাৰ লৈ ল'ব লাগে।

(2) সদায় হৰ্ষিত হৈ থকাৰ সংস্কাৰ ইয়াৰ পৰাই ধাৰণ কৰিব লাগে। এতিয়া পাপ আত্মাৰ লগত কোনো ধৰণৰ লেন-দেন কৰিব নালাগে। বেমাৰ আদিলৈ ভয় কৰিব নালাগে, সকলো হিচাপ-নিকাচ এতিয়াই নিষ্পত্তি কৰিব লাগে।

বৰদান:

ইচ্ছা শক্তিৰ দ্বাৰা চেকেণ্ডত ব্যৰ্থত পূৰ্ণ যতি লগাওঁতা অশৰীৰী হোৱা

চেকেণ্ডত অশৰীৰী হোৱাৰ আধাৰ হ'ল - এই বেহদৰ বৈৰাগ্য বৃত্তি। এই বৈৰাগ্য এনেকুৱা যোগ্য ধৰণী যে তাত যিয়েই সিঁচা তাৰ ফল ততালিকে ওলায়। সেয়েহে এতিয়া এনেকুৱা ইচ্ছা শক্তি থাকক যাতে সংকল্প কৰাৰ লগে লগে ব্যৰ্থ সমাপ্ত, চেকেণ্ডত সমাপ্ত হৈ যাওঁক। যেতিয়া বিচৰা, য'ত বিচৰা, যিটো স্থিতিত বিচৰা চেকেণ্ডত স্থিত কৰি দিয়া, সেৱাই যাতে আকৰ্ষিত নকৰে। চেকেণ্ডতে পূৰ্ণ যতি লাগি গ’লে তেতিয়া সহজে অশৰীৰী হৈ যাবা।

স্লোগান:
পিতাৰ সমান হ'বলৈ হ’লে দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰোঁতা হোৱা।