10.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল আত্মা-অভিমানী হোৱাৰ অভ্যাস কৰিলে দৈৱীগুণ ধাৰণ হৈ থাকিব, আসুৰি চিন্তন সমাপ্ত হৈ যাব, অপাৰ আনন্দিত হৈ থাকিবা

প্ৰশ্ন:
নিজৰ চাল-চলন শুধৰণি কৰা বা অপাৰ আনন্দিত হৈ থকাৰ বাবে কোনটো কথা সদায় স্মৃতিত ৰাখিব লাগে?

উত্তৰ:
সদায় স্মৃতিত ৰাখিব লাগে যে আমি দৈৱী স্বৰাজ্য স্থাপনা কৰি আছোঁ, আমি মৃত্যুলোক এৰি অমৰলোকলৈ গৈ আছোঁ - ইয়াৰ দ্বাৰা বহুত আনন্দিত হৈ থাকিবা, চল-চলনো শুধৰণি হৈ গৈ থাকিব কিয়নো অমৰলোক নতুন সৃষ্টিলৈ যোৱাৰ কাৰণে দৈৱীগুণৰ নিশ্চয় লাগে। স্বৰাজ্যৰ বাবে বহুতৰ কল্যাণো কৰিব লাগে, সকলোকে মাৰ্গ-দৰ্শনো কৰিব লাগে।

ওঁম্শান্তি।
সন্তানসকলে নিজক ইয়াৰ বুলি ভাবিব নালাগে। তোমালোকে এতিয়া জানা যে আমাৰ যি ৰাজ্য আছিল যাক ৰামৰাজ্য বা সূৰ্যবংশী বুলি কোৱা হয় তাত কিমান সুখ-শান্তি আছিল। এতিয়া আমি পুনৰ দেৱতা হবলৈ গৈ আছোঁ। আগতেও হৈছিলোঁ। আমিয়েই সৰ্বগুণ সম্পন্ন. দৈৱীগুণৰ অধিকাৰী আছিলোঁ। আমি নিজৰ ৰাজ্যত আছিলোঁ। এতিয়া ৰাৱণৰ ৰাজ্যত আছোঁ। আমি আমাৰ ৰাজ্যত বহুত সুখী আছিলোঁ। গতিকে ভিতৰত বহুত আনন্দ আৰু নিশ্চয় থকা উচিত কিয়নো তোমালোক পুনৰ নিজৰ ৰাজধানীলৈ গৈ আছা। ৰাৱণে তোমালোকৰ ৰাজ্য কাঢ়ি নিলে। তোমালোকে জানা যে আমাৰ নিজৰ সূৰ্যবংশী ৰাজ্য আছিল। আমি ৰামৰাজ্যত আছিলোঁ, আমিয়েই দৈৱীগুণৰ অধিকাৰী আছিলোঁ, আমিয়েই বহুত সুখী আছিলোঁ আকৌ ৰাৱণে আমাৰ ৰাজ্য-ভাগ্য কাঢ়ি নিলে। এতিয়া পিতা আহি আপোন আৰু পৰৰ ৰহস্য বুজায়। আধাকল্প আমি ৰামৰাজ্যত আছিলোঁ আকৌ আধাকল্প ৰাৱণ ৰাজ্যত থাকিলোঁ। সন্তানসকলৰ প্ৰতিটো কথাত নিশ্চয়তা থাকিলেহে আনন্দিত হৈ থাকিব আৰু চলনো শুধৰণি হব। এতিয়া পৰৰ ৰাজ্যত আমি বহুত দুখী। হিন্দু ভাৰতবাসীয়ে ভাবে যে আমি পৰৰ ৰাজ্যত দুখী আছিলোঁ, এতিয়া নিজৰ ৰাজ্যত সুখী। কিন্তু এয়া হৈছে আধাকল্পৰ কাউৰীৰ বিষ্ঠাৰ সমান সুখ। এতিয়া তোমালোক সন্তানসকলে সদাকালৰ সুখৰ সৃষ্টিলৈ গৈ আছা। সেয়েহে তোমালোক সন্তানসকল বহুত আনন্দিত হৈ থকা উচিত। জ্ঞানত যদি নাই তেন্তে পাথৰবুদ্ধিৰে হয়। তোমালোক সন্তানসকলে জানা যে আমি নিশ্চয় আমাৰ ৰাজ্য লম, ইয়াত কষ্টৰ কোনো কথাই নাই। ৰাজ্য লৈছিলোঁ আকৌ আধাকল্প ৰাজত্ব কৰিলোঁ তাৰপাছত ৰাৱণে আমাৰ সকলো কলা-কৌশল নষ্ট কৰি দিলে। যেতিয়া কোনো ভাল সন্তানৰ চাল-চলন বেয়া হৈ যায় তেতিয়া কোৱা হয় যে তোমাৰ চেতনা নোহোৱা হৈ গল নেকি? এয়া হৈছে বেহদৰ কথা। বুজিব লাগে যে মায়াই আমাৰ কলা-কৌশল নোহোৱা কৰি দিলে। আমি অৱনমিত হৈয়েই আহিলোঁ। এতিয়া বেহদৰ পিতাই দৈৱীগুণৰ বিষয়ে শিকায়। গতিকে সীমাহীন আনন্দত থাকিব লাগে। শিক্ষকে জ্ঞান দিলে বিদ্যার্থী আনন্দিত হয়। এয়া হৈছে বেহদৰ জ্ঞান। নিজক চাব লাগে - মোৰ মাজত কোনো আসুৰি অৱগুণতো নাই? যদি সম্পূৰ্ণ নোহোৱা তেন্তে শাস্তি খাব লাগিব। কিন্তু আমি শাস্তি খাওঁৱেই বা কিয়? সেয়েহে পিতাক, যাৰ দ্বাৰা আমি এই ৰাজ্য প্ৰাপ্ত কৰোঁ তেওঁক স্মৰণ কৰিব লাগে। আমাৰ মাজত যি দৈৱীগুণ আছিল সেয়া এতিয়া ধাৰণ কৰিব লাগে। তাত যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা, সকলোৰে মাজত দৈৱীগুণ আছিল। দৈৱীগুণবোৰক বুজি পোৱা নিশ্চয়। যদি কোনোবাই বুজি নোপোৱা তেন্তে ধাৰণ কেনেকৈ কৰিবা? গোৱাও হয় সৰ্বগুণ সম্পন্ন. গতিকে পুৰুষাৰ্থ কৰি এনেকুৱা হব লাগে। হবলৈ যত্ন কৰিবলগীয়া হয়। আসুৰি দৃষ্টি হৈ যায়। পিতাই কয় - নিজক আত্মা বুলি বুজিলে আসুৰি চিন্তন দূৰ হৈ যাব। যুক্তিতো পিতাই বহুত বুজায়, যাৰ দৈৱীগুণ থাকে তেওঁক দেৱতা বুলি কোৱা হয়, যাৰ নাই তেওঁক মনুষ্য বুলি কোৱা হয়। দুয়োবিধ মনুষ্যই হয়। কিন্তু দেৱতাসকলক কিয় পূজা কৰে? কিয়নো তেওঁলোকৰ মাজত দৈৱীগুণ আছে আৰু তেওঁলোকৰ (মনুষ্যৰ) কৰ্তব্য বান্দৰৰ দৰে। পৰস্পৰ কিমান হাই-কাজিয়া আদি কৰে। সত্যযুগত এনেকুৱা কথা নাথাকে। ইয়াত থাকে। নিশ্চয় নিজৰ ভুল হলে সহ্যও কৰিবলগীয়া হয়। আত্মা-অভিমানী নহলে সহ্য কৰিবলগীয়া হয়। তোমালোক যিমানে আত্মা-অভিমানী হৈ গৈ থাকিবা সিমানে দৈৱীগুণো ধাৰণ হৈ গৈ থাকিব। নিজক পৰীক্ষা কৰিব লাগে যে মোৰ মাজত দৈৱীগুণ আছেনে? পিতা যিহেতু সুখদাতা গতিকে সন্তানসকলৰ কাম হৈছে সকলোকে সুখ দিয়া। নিজৰ অন্তৰক সুধিব লাগে যে মই কাকো দুখতো নিদিওঁ? কিন্তু কিছুমানৰ এনেকুৱা অভ্যাস যে দুখ নিদিয়াকৈ থাকিব নোৱাৰে। একেবাৰে শুধৰণি নহয় যেন কাৰাগাৰৰ কয়দীহে। তেওঁলোকে কাৰাগাৰতেই নিজক সুখী বুলি ভাবে। পিতাই কয় - তাত কাৰাগাৰ আদি একো নাথাকে, পাপ নহয়েই যাব বাবে কাৰাগাৰলৈ যাবলগীয়া হব। ইয়াত কাৰাগাৰত শাস্তি ভোগ কৰিবলগীয়া হয়। এতিয়া তোমালোকে বুজিছা যে আমি যেতিয়া নিজৰ ৰাজ্যত আছিলোঁ তেতিয়া বহুত চহকী আছিলোঁ, যি ব্ৰাহ্মণ কুলৰ হব তেওঁলোকে এনেকৈ বুজিব যে আমি নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ। সেয়া এখনেই আমাৰ ৰাজ্য আছিল, যাক দেৱতাসকলৰ ৰাজ্য বুলি কোৱা হয়। আত্মাই যেতিয়া জ্ঞান লাভ কৰে তেতিয়া আনন্দিত হয়। জীৱ আত্মা বুলিয়ে নিশ্চয় কব লাগিব। আমি জীৱ আত্মা যেতিয়া দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ তেতিয়া গোটেই বিশ্বত আমাৰ ৰাজ্য আছিল। এই জ্ঞান হৈছে তোমালোকৰ বাবে। ভাৰতবাসীয়ে জানো এনেকৈ বুজে যে আমাৰ ৰাজ্য আছিল, আমিয়েই সতোপ্ৰধান আছিলোঁ। তোমালোকেহে এই গোটেই জ্ঞান বুজি পোৱা। গতিকে আমিয়েই দেৱতা আছিলোঁ আৰু আমিয়েই এতিয়া হব লাগে। যদিও বিঘিনি আহে তথাপি তোমালোকৰ দিনে-প্ৰতিদিনে উন্নতি হৈ গৈ থাকিব। তোমালোকৰ নাম প্ৰসিদ্ধ হৈ গৈ থাকিব। সকলোৱে বুজিব যে এইটো ভাল সংস্থা, ভাল কাম কৰি আছে। মাৰ্গো বহুত সহজ দেখুৱায়। এনেকৈ কোৱা হয় তোমালোকেই সতোপ্ৰধান আছিলা, দেৱতা আছিলা, নিজৰ ৰাজধানীত আছিলা। এতিয়া তমোপ্ৰধান হৈ গলা অন্য কোনোৱেতো নিজক ৰাৱণৰাজ্যৰ বুলি নাভাবে।

তোমালোকে জানা যে আমি কিমান স্বচ্ছ (সুন্দৰ) আছিলোঁ, এতিয়া তুচ্ছ (লেতেৰা) হৈ গলোঁ। পুনৰ্জন্ম লৈ লৈ পাৰসবুদ্ধিৰ পৰা পাথৰবুদ্ধিৰ হৈ গলোঁ। এতিয়া আমি নিজৰ ৰাজ্য স্থাপনা কৰি আছোঁ গতিকে তোমালোকে আনন্দত নাচিব লাগে, পুৰুষাৰ্থত লাগি যাব লাগে। যিসকলে কল্প পূৰ্বে পুৰুষাৰ্থ কৰিবলৈ লাগি গৈছিল তেওঁলোকে এতিয়াও নিশ্চয় লাগি যাব। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে আমি আমাৰ দৈৱী ৰাজ্য স্থাপনা কৰি আছোঁ। এইটোও তোমালোকে বাৰে বাৰে পাহৰি যোৱা। নহলেতো বহুত আনন্দিত হৈ থকা উচিত। ইজনে-সিজনক এইটোৱে সোঁৱৰাই দিয়া যে মনমনাভৱ। পিতাক স্মৰণ কৰা যাৰ দ্বাৰা এতিয়া ৰাজ্য-ভাগ্য প্ৰাপ্ত কৰা। এয়া কোনো নতুন কথা নহয়। কল্পই কল্পই পিতাই আমাক শ্ৰীমত দিয়ে, যাৰ দ্বাৰা আমি দৈৱীগুণ ধাৰণ কৰোঁ। নহলে শাস্তি খাই পাছত কম পদ পাবাগৈ। এয়া বহুত ডাঙৰ লটাৰি। এতিয়া পুৰুষাৰ্থ কৰি উচ্চ পদ পালে কল্প-কল্পান্তৰলৈ পাই থাকিবা। পিতাই কিমান সহজকৈ বুজায়। প্ৰদৰ্শনীতো এইটোৱে বুজাই থাকা যে আপোনালোক ভাৰতবাসীয়েই দেৱতাসকলৰ ৰাজধানীৰ আছিল আকৌ পুনৰ্জন্ম লৈ ছিৰি তললৈ নামি আহি এনেকুৱা হল। কিমান সহজকৈ বুজায়। পৰম পিতা, পৰম শিক্ষক, পৰম সৎগুৰু নহয় জানো। তোমালোক কিমান অনেক বিদ্যার্থী আছা, দৌৰ লগাই থাকা। পিতায়ো তালিকা বিচাৰি থাকে যে কিমান নিৰ্বিকাৰী পৱিত্ৰ হৈছা?

সন্তানসকলক বুজোৱা হৈছে যে ভ্ৰূকুটিৰ মাজত আত্মা তিৰবিৰাই থাকে। পিতাই কয় - ময়ো ইয়াতে আহি বহোঁ। নিজৰ ভূমিকা পালন কৰোঁ। মোৰ ভূমিকাই হৈছে পতিতক পাৱন কৰি তোলা। জ্ঞানৰ সাগৰ হওঁ। সন্তান জন্মে, কোনোবা বহুত ভাল হয়, কোনোবা বেয়াও হৈ যায়। আকৌ শুনে, শুনায় তাৰপাছত আশ্চৰ্যজনকভাৱে আঁতৰি গুচি যায়। হে মায়া, তুমি কিমান প্ৰবল। তথাপি পিতাই কয় ইয়াৰ পৰা আঁতৰি কলৈনো যাবা? এই এজন পিতাহে উদ্ধাৰ কৰোঁতা। এজন পিতাহে সৎগতি দাতা, বাকী এই জ্ঞান কোনেও একেবাৰেই নাজানে। যিসকলে কল্প পূৰ্বে মানিছিল তেওঁলোকেহে মানিব। ইয়াত নিজৰ চাল-চলন বহুত শুধৰাবলগীয়া হয়, সেৱা কৰিবলগীয়া হয়। বহুতৰ কল্যাণ কৰিব লাগে। সকলোকে গৈ মাৰ্গ দেখুৱাব লাগে। অতি মধুৰ বাণীৰে বুজাব লাগে যে আপোনালোক ভাৰতবাসীয়েই বিশ্বৰ মালিক আছিল। এতিয়া পুনৰ আপোনালোকে এনেকৈ নিজৰ ৰাজ্য লব পাৰে। এয়াতো তোমালোকে বুজি পোৱা যে পিতাই যি বুজায়, সেয়া অন্য কোনেও বুজাব নোৱাৰে তাৰপাছতো আগবাঢ়ি গৈ গৈ মায়াৰ হাতত পৰাজিত হৈ যায়। পিতাই নিজে কয় - বিকাৰৰ ওপৰত বিজয়ী হলেহে তোমালোক জগতজিৎ হব পাৰিবা। এই দেৱতাসকল জগতজিৎ হৈছিল। তেওঁলোকে নিশ্চয় এনেকুৱা কর্ম কৰিছিল। পিতাই কৰ্মৰ গতিৰ কথাও বুজাইছে। ৰাৱণৰাজ্যত কৰ্ম বিকর্মই হয়, ৰামৰাজ্যত কৰ্ম অকৰ্ম হয়। মূল কথা হৈছে কামৰ (বিকাৰৰ) ওপৰত বিজয়ী হৈ জগতজিৎ হোৱা। পিতাক স্মৰণ কৰা, এতিয়া ঘৰলৈ উভতি যাব লাগে। আমাৰ 100 শতাংশই নিশ্চয়তা আছে যে আমি আমাৰ ৰাজ্য লৈহে এৰিম। কিন্তু ৰাজ্য ইয়াত নকৰোঁ। ইয়াত ৰাজ্য লওঁ। ৰাজত্ব অমৰলোকত কৰিম। এতিয়া মৃত্যুলোক আৰু অমৰলোকৰ মাজত আছোঁ, এয়াও পাহৰি যোৱা সেইবাবে পিতাই বাৰে বাৰে সোঁৱৰাই দিয়ে। এতিয়া এইটো দৃঢ় নিশ্চয়তা আছে যে আমি নিজৰ ৰাজধানীলৈ যাম। এই পুৰণি ৰাজধানী নিশ্চয় নাশ হব। এতিয়া নতুন সৃষ্টিলৈ যোৱাৰ কাৰণে দৈৱীগুণ নিশ্চয় ধাৰণ কৰিব লাগে। নিজৰ সৈতে কথা পাতিব লাগে। নিজক আত্মা বুলি বুজিব লাগে কিয়নো এতিয়াহে আমি উভতি যাব লাগে। গতিকে নিজক আত্মা বুলি এতিয়াই বুজিব লাগে পাছত জানো কেতিয়াবা উভতি যাবালৈ এই জ্ঞান পাবা। তাত 5 বিকাৰেই নাথাকিব যাৰ বাবে আমি যোগ লগাবলগীয়া হব। পাৱন হোৱাৰ বাবে যোগ এই সময়তহে লগাবলগীয়া হয়। তাত সকলোবোৰ শুধৰণি হৈ যাব। পাছত কলা ক্ৰমান্বয়ে কমি যায়। এয়াতো অতি সহজ, ক্ৰোধেও কাৰোবাক দুখ দিয়ে নহয়। মুখ্য হৈছে দেহ-অভিমান। তাততো দেহ-অভিমান নাথাকেই। আত্মা-অভিমানী হৈ থাকিলে আসুৰি দৃষ্টি নাথাকে। দৃষ্টি শুদ্ধ হৈ যায়। ৰাৱণৰাজ্যত দৃষ্টি আসুৰি হৈ যায়। তোমালোকে জানা যে আমি আমাৰ ৰাজ্যত বহুত সুখী হৈ থাকোঁ। কোনো কাম (বিকাৰ) নাথাকে, ক্ৰোধ নাথাকে, ইয়াৰ ওপৰত আৰম্ভণিতে গীতো ৰচা হৈছে। তাত এই বিকাৰ নাথাকে। আমাৰ অনেক বাৰ এই জয় আৰু পৰাজয় হৈছে। সত্যযুগৰ পৰা কলিযুগলৈকে যিবোৰ ঘটিল সেয়া আকৌ পুনৰাবৃত্তি হব। পিতা অথবা শিক্ষকৰ যি জ্ঞান আছে সেয়া তোমালোকক শুনাই থাকে। এই আত্মিক শিক্ষকো অনন্য। উচ্চতকৈও উচ্চ ভগৱান, উচ্চতকৈও উচ্চ শিক্ষকো হয় আৰু আমাকো উচ্চতকৈও উচ্চ দেৱতা কৰি তোলে। তোমালোকে নিজেই দেখি আছা - পিতাই কেনেকৈ দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। তোমালোক নিজেই দেৱতা হৈ আছা। এতিয়াতো সকলোৱে নিজক হিন্দু বুলি কৈ থাকে। তেওঁলোককো বুজোৱা হয় যে বাস্তৱত হৈছে আদি সনাতন দেৱী-দেৱতা বাকী সকলোৰে ধৰ্ম চলি থাকে। এয়া এটাই দেৱী-দেৱতা ধৰ্ম, যি প্ৰায় লুপ্ত হৈ গৈছে। এইটো বহুত পৱিত্ৰ ধৰ্ম। ইয়াৰ সমান পৱিত্ৰ ধৰ্ম অন্য একো নাই। এতিয়া পৱিত্ৰ নোহোৱাৰ কাৰণে কোনেও নিজক দেৱতা বুলি কব নোৱাৰে। তোমালোকে বুজাব পাৰা যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ সেইবাবেতো দেৱতাসকলক পূজা কৰোঁ। যীশুখ্ৰীষ্টক পূজা কৰাসকল খ্ৰীষ্টান, বুদ্ধক পূজা কৰাসকল বৌদ্ধি, দেৱ-দেৱীক পূজা কৰাসকল দেৱতা। তেন্তে আকৌ নিজক হিন্দু বুলি কিয় কয়? যুক্তিৰে বুজাব লাগে। যদি কেৱল এনেকৈ কোৱা যে হিন্দু ধৰ্ম, ধর্ম নহয়, তেন্তে বিতুষ্ট হৈ যাব। এনেকৈ কোৱা, হিন্দু আদি সনাতন ধৰ্মৰ আছিল তেতিয়া কিছু বুজিব যে হিন্দু কোনো আদি সনাতন ধৰ্ম নহয়। আদি সনাতন শব্দকেইটি ঠিকে আছে। দেৱতাসকল পৱিত্ৰ আছিল, এতিয়া অপৱিত্র সেয়েহে নিজক দেৱতা বুলি কব নোৱাৰে। কল্পই কল্পই এনেকুৱা হয়, এওঁলোকৰ ৰাজ্যত কিমান ধনৱান আছিল। এতিয়াতো কঙাল হৈ গৈছে। তেওঁলোক পদ্মাপদমপতি আছিল। পিতাই বহুত ভাল যুক্তি দিয়ে। সোধা হয় - আপোনালোক সত্যযুগৰ নিবাসী নে কলিযুগৰ? যদি কলিযুগৰ তেন্তে নিশ্চয় নৰকবাসী। সত্যযুগত থকাসকলতো স্বর্গবাসী দেৱতা হব। এনেকৈ প্রশ্ন সুধিলে বুজিব যে প্ৰশ্ন সোধাসকলে নিশ্চয় পৰিৱৰ্তন কৰাই দেৱতা কৰি তুলিব পাৰে। অন্য কোনোৱেতো এনেকৈ সুধিব নোৱাৰে। সেই ভক্তিমাৰ্গ হৈছেই ভিন্ন। ভক্তিৰ ফল কি? সেয়া হৈছে জ্ঞান। সত্যযুগ-ত্ৰেতাত ভক্তি নাথাকে। জ্ঞানৰ দ্বাৰা আধা কল্প দিন, ভক্তিৰ দ্বাৰা আধা কল্প ৰাতি। মানি লওঁতা হলে মানিব। যিয়ে নামানে তেওঁলোকে জ্ঞানো মানি নলব আৰু ভক্তিকো নামানিব। কেৱল ধন উপাৰ্জন কৰিবহে জানে।

তোমালোক সন্তানসকলেতো এতিয়া শ্ৰীমতত যোগবলেৰে ৰাজ্য স্থাপনা কৰি আছা। পুনৰ আধাকল্পৰ পাছত ৰাজ্য হেৰুৱাবলগীয়া হয়। এই চক্ৰ ঘূৰিয়ে থাকে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অনেকৰ কল্যাণ কৰিবৰ কাৰণে নিজৰ বাণী অতি মধুৰ কৰি তুলিব লাগে। মধুৰ বাণীৰে সেৱা কৰিব লাগে। সহনশীল হব লাগে।

(2) কৰ্মৰ গহন গতিক বুজি বিকাৰৰ ওপৰত বিজয়ী হব লাগে। জগতজিৎ দেৱতা হব লাগে। আত্মা-অভিমানী হৈ আসুৰি দৃষ্টিক সভ্য কৰি তুলিব লাগে।

বৰদান:
শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা দিব্যগুণৰূপী প্ৰভু-প্ৰসাদ বিতৰণ কৰোঁতা ফৰিস্তা তথা দেৱতা হোৱা

বৰ্তমান সময়ত লাগিলে অজ্ঞানী আত্মাই হওঁক বা ব্ৰাহ্মণ আত্মাই হওঁক, দুয়োৰে আৱশ্যকতা হৈছে গুণ দান। গতিকে এতিয়া এইটো বিধি নিজৰ আৰু পৰিয়ালত তীব্ৰ কৰি তোলা। এই দিব্যগুণ হৈছে সকলোতকৈ শ্ৰেষ্ঠ প্ৰভু প্ৰসাদ, এই প্ৰসাদ খুব বিতৰণ কৰা, যেনেকৈ স্নেহৰ চিহ্ন হিচাপে ইজনে সিজনক টোলী খুৱায় তেনেকৈ দিব্যগুণ ৰূপী টোলী খুউওৱা তেতিয়া এইটো বিধিৰে ফৰিস্তা তথা দেৱতা হোৱাৰ লক্ষ্য সহজে সকলোৰে মাজত প্ৰত্যক্ষ হব।

স্লোগান:
যোগৰূপী কবচ পিন্ধি থাকিলে মায়াৰূপী শতৰুৱে আক্ৰমণ কৰিব নোৱাৰে।