10.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ ওচৰলৈ তোমালোক পুনৰুজ্জীৱিত হ’বলৈ আহা, ইয়াত তোমালোকে লৌকিক জগতৰ প্ৰকম্পনৰ পৰা দূৰৈত সত্যৰ সঁচা সংগ লাভ পোৱা”

প্ৰশ্ন:
বাবাই সন্তানসকলৰ উন্নতিৰ বাবে সদায় কোনটো এটা ৰায় দিয়ে?

উত্তৰ:
মৰমৰ সন্তানসকল, কেতিয়াও পৰস্পৰ সাংসাৰিক পৰচিন্তা পৰনিন্দাৰ কথা নাপাতিবা। কোনোবাই শুনালে তেতিয়া শুনিও নুশুনা হৈ থাকা। ভাল সন্তানসকলে নিজৰ সেৱাৰ কৰ্তব্য পালন কৰি বাবাৰ স্মৃতিত মতলীয়া হৈ থাকে। কিন্তু বহুত সন্তানে অদৰকাৰী ব্যৰ্থ কথা বহুত আনন্দেৰে শুনে-শুনায়, ইয়াত বহুত সময় নষ্ট হৈ যায়, তেতিয়া উন্নতি নহয়।

ওঁম্শান্তি।
দুবাৰ ‘ওঁম্‌ শান্তি’ বুলি ক’লে সেয়াও ঠিক। সন্তানসকলক অৰ্থতো বুজাই দিয়া হৈছে। মই আত্মা শান্ত স্বৰূপ হওঁ। যিহেতু মোৰ ধৰ্মই হ’ল শান্ত গতিকে জংঘল আদিত ঘূৰি ফুৰিলে শান্তি পাব নোৱাৰি। পিতাই কয় – ময়ো শান্ত স্বৰূপ হওঁ। এয়াতো বহুত সহজ কিন্তু মায়াৰ লগত যুদ্ধ হোৱা বাবে অলপ কঠিন হয়। এয়া সকলো সন্তানে জানে যে বেহদৰ পিতাৰ বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। জ্ঞানৰ সাগৰ হ’ল একমাত্ৰ পিতা। দেহধাৰীসকলক জ্ঞানৰ সাগৰ বুলি কেতিয়াও ক’ব নোৱৰি। ৰচয়িতাইহে ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান দিয়ে। সেয়া তোমালোক সন্তানসকলে পাই আছা। বহুত ভাল অনন্য সন্তানেও পাহৰি যায় কিয়নো পিতাৰ স্মৃতি ‘পাৰা’ৰ নিচিনা। স্কুলত নিশ্চয় ক্ৰমানুসৰি হ’ব নহয়। স্কুলত সদায় নম্বৰ দিয়া হয়। সত্যযুগত কেতিয়াও নম্বৰ দিয়া নহয়। এয়া স্কুল, এয়া বুজিবলৈও বহুত বুদ্ধিৰ প্ৰয়োজন। আধাকল্প হৈছে ভক্তি, আকৌ ভক্তিৰ পাছত জ্ঞান দিবলৈ জ্ঞানৰ সাগৰ আহে। ভক্তিমাৰ্গৰসকলে কেতিয়াও জ্ঞান দিব নোৱাৰে কিয়নো সকলো দেহধাৰী। এনেকৈ কোৱা নহ’ব যে শিৱবাবাই ভক্তি কৰে। তেওঁ কাৰ ভক্তি কৰিব! এজনেই পিতা, যাৰ দেহ নাই। তেওঁ কাৰো ভক্তি নকৰে! বাকী যিসকল দেহধাৰী আছে, তেওঁলোক সকলোৱে ভক্তি কৰে কিয়নো ৰচনা নহয় জানো। ৰচয়িতা হৈছে এজন পিতা। বাকী এই দুচকুৰে যিয়েই দেখিবলৈ পোৱা যায়, চিত্ৰ আদি সেয়া সকলো ৰচনা। এই কথাবোৰ বাৰে বাৰে পাহৰি যায়।

পিতাই বুজায় - তোমালোকে পিতা অবিহনেতো বেহদৰ উত্তৰাধিকাৰ পাব নোৱাৰা। বৈকুণ্ঠৰ উত্তৰাধিকাৰতো তোমালোকে পোৱা। 5 হাজাৰ বছৰ পূৰ্বে ভাৰতত এওঁলোকৰ ৰাজ্য আছিল। 2500 বছৰ সূৰ্যবংশী-চন্দ্ৰবংশীৰ ৰাজধানী চলিল। তোমালোক সন্তানসকলে জানা এয়াতো কালিৰ কথা। পিতাৰ বাহিৰে আন কোনেও ক’ব নোৱাৰে। পতিত-পাৱন সেইজন পিতাই হয়। বুজাবলৈও বহুত পৰিশ্ৰম হয়। পিতাই নিজেই কয় – কোটিৰ মাজত কোনোবাই বুজিব। এই চক্ৰৰ বিষয়েও বুজোৱা হৈছে। এই জ্ঞান গোটেই জগতৰ বাবে। ছিৰিৰ চিত্ৰও বহুত ভাল, তথাপিও কিছুমানে অহংকাৰ কৰে। বাবাই বুজাইছে - যিসকলে বিয়াৰ বাবে ভৱন আদি নিৰ্মাণ কৰে, তেওঁলোককো বুজাই দৃষ্টি দিয়া। আগলৈ গৈ এই কথাবোৰ সকলোৱে পচন্দ কৰিব। তোমালোক সন্তানসকলে বুজাব লাগে। বাবাতো কাৰো ওচৰলৈ নাযাব। ভগৱানুবাচ – যিসকল পূজাৰী তেওঁলোকক কেতিয়াও পূজ্য বুলি ক’ব নোৱাৰি। কলিযুগত কোনো এগৰাকীও পৱিত্ৰ হ’ব নোৱাৰে। পূজ্য দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠাও উচ্চতকৈও উচ্চ যিগৰাকী পূজ্য তেৱেঁই কৰে। আধাকল্প হৈছে পূজ্য আকৌ আধাকল্প পূজাৰী হয়। এই বাবাই (ব্ৰহ্মাই) অনেক গুৰুৰ শৰণ ল’লে। এতিয়া বুজি পায় গুৰুৰ শৰণ লোৱাটোতো ভক্তিমাৰ্গ আছিল। এতিয়া সৎগুৰুক পাইছোঁ, যিয়ে পূজ্য কৰি তোলে। কেৱল এজনক নহয়, সকলোকে কৰে। সকলোৰে আত্মা পূজ্য সতোপ্ৰধান হৈ যায়। এতিয়াতো তমোপ্ৰধান, পূজাৰী। এই কথাবোৰ বুজিবলগীয়া। বাবাই কয় – কলিযুগত এজনো পৱিত্ৰ পূজ্য থাকিব নোৱাৰে। সকলো বিকাৰেৰে জন্ম লয়। ৰাৱণৰাজ্য হয়। এই লক্ষ্মী-নাৰায়ণেও পুনৰ্জন্ম লয় কিন্তু তেওঁলোক হৈছে পূজ্য কিয়নো তাত ৰাৱণে নাই। শব্দবোৰ কয়, কিন্তু ৰামৰাজ্য কেতিয়া আৰু ৰাৱণৰাজ্য কেতিয়া হয়, এয়া একোৱেই নাজানে। এই সময়ত চোৱা কিমান সভা আছে। অমুক সভা, তমুক সভা। ক’ৰবাত কিবা পালে এখন এৰি আনখনলৈ গুচি যায়। তোমালোক এই সময়ত পাৰসবুদ্ধিৰ হৈ আছা। আকৌ এই ক্ষেত্ৰতো কোনোবা 20 শতাংশ হৈছে, কোনোবা 50 শতাংশ হৈছে। পিতাই বুজাইছে - এয়া ৰাজধানী স্থাপনা হৈ আছে। এতিয়া ওপৰৰ পৰাও বাকী থকা আত্মাসকল আহি আছে। চাৰ্কাচত কোনোবা ভাল ভাল ভাৱৰীয়াও থাকে কোনোবা সাধাৰণো হয়। এয়া হ’ল বেহদৰ কথা। সন্তানসকলক কিমান ভালকৈ বুজোৱা হয়। তোমালোক সন্তানসকল ইয়ালৈ পুনৰুজ্জীৱিত হ’ব আহা, হাৱা খাবলৈ নহয়। কোনোবাই পাথৰবুদ্ধিৰ লোকক লৈ আহে, তেতিয়া তেওঁলোক লৌকিক জগতৰ প্ৰকম্পনতে থাকে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ শ্ৰীমতেৰে মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। মায়াই বাৰে বাৰে তোমালোকৰ বুদ্ধি আঁতৰাই দিয়ে। ইয়াততো বাবাই আকৰ্ষিত কৰে। বাবাই কেতিয়াও কোনো ওলোটা কথা নকয়। পিতাতো সত্য হয় নহয়। তোমালোক ইয়াত সত্যৰ সংগত বহি আছা। বাকী সকলো অসত্যৰ সংগত আছে। সেইবোৰক সৎসংগ বুলি কোৱাটোও ডাঙৰ ভুল। তোমালোকে জানা সত্য একমাত্ৰ পিতাই হয়। মনুষ্য সত্য পৰমাত্মাৰ পূজা কৰে কিন্তু এইটো গম নাপায় যে আমি কাৰ পূজা কৰোঁ। সেয়েহে তাকে অন্ধশ্ৰদ্ধা বুলি কোৱা হ’ব। আগাখানৰ চোৱা কিমান অনুগামী আছে। তেওঁ যেতিয়া ক’ৰবালৈ যায় তেতিয়া বহুত বস্তু উপহাৰ পায়। হীৰাৰে ওজন কৰে। নহ’লেতো হীৰাৰে কেতিয়াও ওজন কৰিব নোৱাৰি। সত্যযুগত হীৰা-মুকুতাতো তোমালোকৰ বাবে পাথৰতুল্য হয় যিবোৰ ঘৰত লগোৱা হয়। ইয়াতে কোনো এনেকুৱা নাই, যিয়ে হীৰা দান হিচাপে পায়। মনুষ্যৰ বহুত পইচা আছে সেইবাবে দান কৰে। কিন্তু সেই দান পাপ আত্মাসকলক কৰা বাবে দিওঁতাজনৰ ওপৰতো কৰ্মভোগ আহি যায়। অজামিলৰ নিচিনা পাপ আত্মা হৈ যায়। ইয়াত ভগৱানে বহি বুজায়, মনষ্যই নহয়। সেইবাবে বাবাই কৈছিল - তোমালোকৰ যি চিত্ৰ আছে তাত সদায় লিখা থাকিব লাগে – ভগৱানুবাচ। সদায় লিখিবা - ত্ৰিমূৰ্তি ভগৱানুবাচ। কেৱল ভগৱান বুলি ক’লেও মনুষ্য বিভ্ৰান্ত হ’ব। ভগৱানতো হৈছে নিৰাকাৰ, সেইবাবে ত্ৰিমূৰ্তি শব্দটি নিশ্চয় লিখিব লাগে। তাত কেৱল শিৱবাবা নাই। ব্ৰহ্মা, বিষ্ণু, শংকৰ তিনিওটা নাম আছে। ব্ৰহ্মা দেৱতায়ে নমঃ, আকৌ তেওঁক গুৰু বুলিও কয়। শিৱ-শংকৰ এজন বুলি কৈ দিয়ে। এতিয়া শংকৰে কেনেকৈ জ্ঞান দিব। অমৰকথাও হয়। তোমালোক সকলো হৈছা পাৰ্ৱতী। পিতাই তোমালোক সকলো সন্তানক আত্মা বুলি বুজি জ্ঞান দিয়ে। ভক্তিৰ ফল ভগৱানেহে দিয়ে। একমাত্ৰ শিৱবাবা, ঈশ্বৰ, ভগৱান আদিও নহয়। ‘শিৱবাবা’ শব্দটি অতি মিঠা। পিতাই নিজেই কয় – হে মৰমৰ সন্তানসকল, তেন্তে পিতা হ’ল নহয়।

পিতাই বুজায় – আত্মাতে সংস্কাৰ ধাৰণ হয়। আত্মা নিৰ্লেপ নহয়। নিৰ্লেপ হ’লে পতিত কিয় হয়! নিশ্চয় লেপ লাগে সেইবাবেতো পতিত হয়। ভ্ৰষ্টাচাৰী বুলি কয়ো। দেৱতাসকল হ’ল শ্ৰেষ্ঠাচাৰী। তেওঁলোকৰ মহিমা গায় – আপুনি সৰ্বগুণ সম্পন্ন, আমি নীচ-পাপী সেইবাবে নিজক দেৱতা বুলি ক’ব নোৱাৰে। এতিয়া পিতাই বহি মনুষ্যক দেৱতা কৰি তোলে। গুৰুনানকৰো ‘গ্ৰন্থ’ত মহিমা আছে। শিখ লোকসকলে কয় – সৎ শ্ৰী অকাল। যিজন অকালমূৰ্ত, তেৱেঁই সঁচা সৎগুৰু। গতিকে সেই এজনকে মানিব লাগে। কয় এটা, আকৌ কৰে আন এটা। অৰ্থ একোৱে নাজানে। এতিয়া পিতা যিজন সৎগুৰু হয়, অকাল হয়, তেওঁ নিজে বহি বুজায়। তোমালোকৰ মাজতো ক্ৰমনুসৰি আছে। সন্মুখত বহি আছে তথাপিও একো নুবুজে। কোনোবা ইয়াৰ পৰা ওলাল আৰু শেষ। বাবাই মানা কৰে – সন্তানসকল, কেতিয়াও সংসাৰিক পৰচিন্তন পৰনিন্দাৰ কথা নুশুনিবা। বহুতেতো বৰ আনন্দেৰে এনেকুৱা কথা শুনে আৰু শুনায়। পিতাৰ মহাবাক্য পাহৰি যায়। বাস্তৱত যিসকল ভাল সন্তান, তেওঁলোকে নিজৰ সেৱাৰ দায়িত্ব পালন কৰি পুনৰ নিজৰ নিচাত মতলীয়া হৈ থাকে। বাবাই বুজাইছে – শ্ৰীকৃষ্ণ আৰু খ্ৰীষ্টানসকলৰ বহুত ভাল সম্পৰ্ক আছে। শ্ৰীকৃষ্ণৰ বাদশ্বাহী থাকে নহয়। লক্ষ্মী-নাৰায়ণ নাম পাছত পাইছে। বৈকুণ্ঠ বুলি ক’লে তৎক্ষণাৎ শ্ৰীকৃষ্ণ স্মৃতিলৈ আহিব। লক্ষ্মী-নাৰায়ণো স্মৃতিলৈ নাহে কিয়নো শ্ৰীকৃষ্ণ শিশু হয়। শিশু পৱিত্ৰ হয়। তোমালোকে এয়াও সাক্ষাৎকাৰ কৰিছা – সন্তান কেনেকৈ জন্ম হয়, ধাত্ৰী ওচৰত থিয় হৈ থাকে, ততালিকে উঠালে আৰু চম্ভালি লয়। শৈশৱ, যুৱা, বৃদ্ধ বেলেগ বেলেগ ভূমিকা চলে, যি হ’ল সেয়া ড্ৰামা। এই ক্ষেত্ৰত কোনো সংকল্প নচলে। এয়াতো ড্ৰামা ৰচি থোৱা আছে। আমাৰো ড্ৰামাৰ পৰিকল্পনা অনুসৰি ভূমিকা চলি আছে। মায়ায়ো প্ৰৱেশ কৰে আৰু পিতায়ো প্ৰৱেশ কৰে। কিছুমান পিতাৰ মতত চলে, কিছুমান ৰাৱণৰ মতত। ৰাৱণ কি বস্তু? কেতিয়াবা দেখিছা জানো? কেৱল চিত্ৰহে দেখা পোৱা। শিৱবাবাৰতো আকৌ এইটো ৰূপ। ৰাৱণৰ কি ৰূপ! 5 বিকাৰৰূপী ভূত আহি যেতিয়া প্ৰৱেশ কৰে তেতিয়া ৰাৱণ বুলি কোৱা হয়। এয়া হৈছে ভূতৰ জগত, অসুৰৰ জগত। তোমালোকে জানা আমি আত্মা এতিয়া শুধৰণি হৈ গৈ আছোঁ। ইয়াততো শৰীৰো আসুৰি। আত্মা শুধৰণি হৈ হৈ পাৱন হৈ যাব। পাছত এই ছাল (শৰীৰ) এৰি দিবা। তেতিয়া তোমালোকে সতোপ্ৰধান ছাল (শৰীৰ) পাই যাবা। কাঞ্চন কায়া (পৱিত্ৰ শৰীৰ) পাবা। সেয়াতো তেতিয়া পাবা যেতিয়া আত্মাও কাঞ্চন (পৱিত্ৰ) হ’ব। সোণ কাঞ্চন হ’লে অলংকাৰো কাঞ্চন হৈ যাব। সোণত খাদো (অন্য ধাতুও) মিহলি কৰে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আদি-মধ্য-অন্তৰ জ্ঞান ঘূৰি আছে। মনুষ্যই একোৱে নাজানে। তেওঁলোকে কয় – ঋষি-মুনি সকলোৱে নাজানো নজানো বুলি কৈ গ’ল। আমি কওঁ – এই লক্ষ্মী-নাৰায়ণক সোধা – তেতিয়া এওঁলোকেও নাজানো নজানো বুলি ক’ব। কিন্তু এওঁলোকক সোধাই নহয়। কোনে সুধিব? গুৰুসকলক সোধা হয়। তোমালোকে তেওঁলোকক এইটো প্ৰশ্ন সুধিব পাৰা। তোমালোকে বুজাবলৈ কিমান মগজ খটুওৱা। ডিঙি বেয়া হৈ যায়। পিতাইতো সন্তানসকলহে শুনাব নহয়, যিসকলে বুজিছে। বাকী অন্যসকলৰ লগত অযথা খটুৱাব জানো। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাৰ কৰ্তব্য সমাপন কৰি পাছত নিজৰ নিচাত মতলীয়া হৈ থাকিব লাগে। ব্যৰ্থ কথা শুনিবও নালাগে আৰু শুনাবও নালাগে। একমাত্ৰ পিতাৰ মহাবাক্যহে স্মৃতিত ৰাখিব লাগে। সেয়া পাহৰিব নালাগে।

(2) সদায় আনন্দিত হৈ থাকিবলৈ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান বুদ্ধিত চক্ৰ লগাই থাকিব লাগে অৰ্থাৎ তেওঁৰে মন্থন চলি থাকিব লাগে। কোনো কথাত যাতে সংকল্প নচলে, তাৰ বাবে ড্ৰমাখনক ভালদৰে বুজি ভূমিকা পালন কৰিব নালাগে।

বৰদান:

‘মোৰ’ বোধক ‘বাবা’ত সমাহিত কৰি দিওঁতা নিৰন্তৰ যোগী, সহজযোগী হোৱা

যিসকল সন্তানৰ পিতাৰ সৈতে প্ৰতিটো শ্বাসত স্নেহ থাকে, প্ৰতিটো শ্বাসত ‘বাবা বাবা’ থাকে তেওঁলোকে যোগৰ বাবে পৰিশ্ৰম কৰিবলগীয়া নহয়। স্মৃতিত থকাৰ প্ৰমাণ হৈছে - কেতিয়াও মুখৰ পৰা ‘মই’ শব্দ উচ্চাৰিত হ’ব নোৱাৰে। ‘বাবা বাবা’হে উচ্চাৰিত হ’ব। ‘মোৰ’ বোধ ‘বাবা’ত সমাহিত যাওঁক। বাবা ৰাজহাড়, বাবাই কৰালে, বাবা সদায় লগত আছে, তোমাৰ লগতেই থাকোঁ, খাওঁ, চলা-ফুৰা কৰোঁ… এয়া জাগ্ৰত ৰূপত স্মৃতিত থাকিলে তেতিয়া সহজযোগী বুলি কোৱা হ'ব।

স্লোগান:
‘মই মই’ বুলি কোৱা মানে মায়াৰূপী মেকুৰীক আহ্বান কৰা, ‘বাবা বাবা’ বুলি কোৱা তেতিয়া মায়া আঁ‌তৰি যাব।