11.02.24    Avyakt Bapdada     Assame Murli     24.02.98     Om Shanti     Madhuban


*পিতা, সেৱা আৰু পৰিয়ালৰ প্ৰতি স্নেহ ৰাখা তেতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা*


আজি চাৰিওফালৰ সন্তানসকলে নিজৰ পিতাৰ জয়ন্তী উদ্‌যাপন কৰিবলৈ আহিছে। আকাৰী ৰূপতে হওঁক বা সাকাৰী ৰূপতে হওঁক পিতাৰ সন্মুখত আছে। পিতাই সকলো সন্তানক চাই আছে - এফালে মিলন উদ্‌যাপন কৰাৰ আনন্দ আনফালে সেৱাৰ উৎসাহ-উদ্দীপনা আছে যে অতি সোনকালে বাপদাদাক প্ৰত্যক্ষ কৰোঁ। বাপদাদাই চাৰিওফালৰ সন্তানসকলক চাই অনেক কোটি গুণ অভিনন্দন জনাই আছে। যিদৰে সন্তানসকলে পিতাৰ জয়ন্তী উদ্‌যাপন কৰিবৰ বাবে ভিতৰুৱা স্থানৰ পৰা, দূৰ-দূৰণিৰ পৰা আহিছে, বাপদাদাও সন্তানসকলৰ জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছে। সকলোতকৈ দূৰণিৰ দেশৰ কোন? পিতা নে তোমালোক? তোমালোকে ক'বা- আমি বহু দূৰৈৰ পৰা আহিছোঁ কিন্তু পিতাই কয় - মই তোমালোকতকৈও দূৰৈৰ দেশৰ পৰা আহিছোঁ। কিন্তু তোমালোকৰ সময় লাগে, পিতাৰ সময় নালাগে। তোমালোক সকলোৱে উৰাজাহাজ বা ৰেলগাড়ী লবলগীয়া হয়। পিতাই কেৱল ৰথ লবলগীয়া হয়। গতিকে এনেকুৱা নহয় যে কেৱল তোমালোকে পিতাৰ জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছা কিন্তু পিতায়ো আদি সংগী ব্ৰাহ্মণ আত্মাসকলৰ, জন্মৰ সংগী সন্তানসকলৰ জন্মদিন উদ্‌যাপন কৰিবলৈ আহিছে কিয়নো পিতা অকলে অৱতৰিত নহয় কিন্তু ব্ৰহ্মা ব্ৰাহ্মণ সন্তানসকলৰ সৈতে দিব্য জন্ম লয় অৰ্থাৎ অৱতৰিত হয়। ব্ৰাহ্মণ অবিহনে পিতাই অকলে যজ্ঞ ৰচনা কৰিব নোৱাৰে। গতিকে যজ্ঞ ৰচিলে, ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচিলে তেতিয়া তোমালোক সকলো জন্ম হ'লা। গতিকে দুবছৰীয়াই হওঁক, দুমহীয়াই হওঁক তোমালোক সকলোলৈ দিব্য ব্ৰাহ্মণ জন্মৰ অভিনন্দন। এই দিব্য কিমান জন্ম শ্ৰেষ্ঠ। পিতায়ো প্ৰত্যেক দিব্য জন্মধাৰী ব্ৰাহ্মণ আত্মাৰ ভাগ্যৰ তৰা চিকমিকাই থকা দেখি হৰ্ষিত হয়। আৰু সদায় এইটোৱে গীত গাই থাকে বাঃ হীৰাতুল্য জীৱনধাৰী ব্ৰাহ্মণ সন্তান বাঃ। বাঃ! বাঃ! হোৱা নহয়? পিতাই বাঃ! বাঃ! সন্তান কৰি তুলিলে। এয়া পিতাৰো অনন্য অলৌকিক জন্ম সেইদৰে তোমালোক সন্তানসকলৰো অনন্য আৰু মৰমৰ। এয়া এজনেই পিতা যাৰ এনেকুৱা জন্ম বা জয়ন্তী আন কাৰো এনেকুৱা জন্মদিন হোৱাও নাই আৰু নহ'ব। নিৰাকাৰ আকৌ দিব্য জন্ম; বাকী সকলো আত্মাৰ জন্ম নিজৰ নিজৰ সাকাৰ শৰীৰত হয় কিন্তু নিৰাকাৰ পিতাৰ জন্ম অন্যৰ শৰীৰত প্ৰৱেশৰ দ্বাৰা হয়। গোটেই কল্পত এনেকুৱা এইটো বিধিৰে কাৰোবাৰ জন্ম হৈছেনে? একমাত্ৰ পিতাৰে এনেকুৱা অনন্য জন্ম দিন যাক শিৱ জয়ন্তীৰ ৰূপত ভক্তয়ো উদ্‌যাপন কৰি আহিছে সেয়েহে এই দিব্য জন্মৰ মহত্ব তোমালোকে জানা, ভক্তয়ো নাজানে কিন্তু যি শুনিছে সেই অনুসৰি উচ্চতকৈ উচ্চ বুলি বুজি উদ্‌যাপন কৰি আহিছে। তোমালোক সন্তানসকলে কেৱল উদ্‌যাপন নকৰা কিন্তু উদ্‌যাপন কৰাৰ লগতে নিজক পিতাৰ সমান কৰিও তোলা। অলৌকিক দিব্য জন্মৰ মহত্বক জানা। আন কাৰো পিতাৰ সৈতে সন্তানৰ, একেলগে জন্ম নহয় কিন্তু শিৱ জয়ন্তী অৰ্থাৎ পিতাৰ দিব্য জন্মৰ লগতে সন্তানসকলোৰো জন্ম হয়, সেয়েহে হীৰক জয়ন্তী উদ্‌যাপন কৰিলা নহয়। গতিকে পিতাৰ লগতে সন্তানসকলৰো দিব্য জন্ম হয়। কেৱল এইটো জয়ন্তীক হীৰাতুল্য জয়ন্তী বুলি কোৱা কিন্তু হীৰাতুল্য জয়ন্তী উদ্‌যাপন কৰি নিজেও হীৰাতুল্য জীৱনত আহি যোৱা। এইটো ৰহস্য সকলো সন্তানে ভালদৰে জানাও আৰু আনকো শুনাই থাকা। বাপদাদাই খবৰ শুনি থাকে, দেখিবলৈও পায় যে সন্তানসকলে পিতাৰ দিব্য জন্মৰ মহত্ব কিমান উৎসাহ-উদ্দীপনাৰে উদ্‌যাপন কৰি থাকে। বাপদাদাই চাৰিওফালৰ সেৱাধাৰী সন্তানসকলৰ সাহসৰ প্ৰতিদানত সহায় কৰি থাকে। সন্তানসকলে সাহস কৰিলে পিতাই সহায় কৰে।

আজিকালি বাপদাদাৰ ওচৰলৈও সকলো সন্তানৰ এটাই স্নেহৰ সংকল্প বাৰে বাৰে আহে যে এতিয়া পিতাৰ সমান অতি সোনকালে হ'বই লাগিব। পিতায়ো কয় যে মৰমৰ সন্তানসকল হ'বই লাগিব। প্ৰত্যেকেৰে এইটো দৃঢ় নিশ্চয় আছে আৰু মনোযোগ দিয়া যে আমি নহলে আন কোন হ'ব। আমিয়েই আছিলোঁ, আমিয়ে হওঁ আৰু আমিয়ে প্ৰত্যেক কল্পত হৈ থাকিম। এইটো দৃঢ় নিশ্চয় আছে নহয়?

ডবল বিদেশীসকলেও পিতাৰ জয়ন্তী উদ্‌যাপন কৰিবলৈ আহিছা নহয়? ভাল কথা, ডবল বিদেশীসকলে হাত উঠোৱা। বাপদাদাই চাই আছে যে ডবল বিদেশীসকলৰ সকলোতকৈ অধিক এইটোৱে উৎসাহ-উদ্দীপনা আছে যে বিশ্বৰ কোনোটো চুকেই যাতে থাকি নাযায়। ভাৰতেতো সেৱাৰ বাবে যথেষ্ট সময় পাইছে আৰু ভাৰতেও গাঁৱে গাঁৱে বাৰ্তা দিছে। কিন্তু ডবল বিদেশীসকলে ভাৰততকৈ সেৱাৰ বাবে কম সময় পাইছে। তথাপিও উৎসাহ-উদ্দীপনাৰ বাবে বাপদাদাৰ সন্মুখত সেৱাৰ ভাল প্ৰমাণ আনিছে আৰু আনি থাকিব। ভাৰতত বৰ্তমান সময়ত যি বৰ্গীকৰণ সেৱা আৰম্ভ হৈছে, তাৰ বাবেও সকলো বৰ্গই বাৰ্তা প্ৰাপ্ত কৰা সহজ হৈ গ'ল কিয়নো প্ৰতিটো বৰ্গই নিজৰ বৰ্গত আগবাঢ়ি যাব খোজে সেয়েহে এই বৰ্গীকৰণৰ উদ্ভাৱনটো ভাল। ইয়াৰ দ্বাৰা ভাৰতৰ সেৱাতো বিশেষ আত্মাসকল আহিলে জেউতি চৰি যায়। ভাল লাগে নহয়! বৰ্গীকৰণৰ সেৱা ভাল লাগেনে? বিদেশীসকলেও নিজৰ নিজৰ ভাল ভাল দল লৈ আহে, ৰিট্ৰীট (একান্তত আধ্যাত্মিকতাৰ অনুশীলন) কৰায়, ভাল উপায় উলিয়াইছা। যেনেকৈ ভাৰতত বৰ্গীকৰণৰ দ্বাৰা সেৱাৰ সুযোগ পাইছে, তেনেকৈ এওঁলোকৰো এইটো বিধি বহুত ভাল। বাপদাদাই দুয়োফালৰ সেৱা পছন্দ কৰে, সেৱা ভাল। জগদীশ সন্তানটিয়ে ভাল উদ্ভাৱন কৰিছে আৰু বিদেশত এই ৰিট্ৰীট, ডায়লগ (বাৰ্তা দিয়াৰ পদ্ধতি) কোনে আৰম্ভ কৰিলে। (সকলোৱে মিলিজুলি কৰিলে) ভাৰততো মিলিজুলিতো কৰিছে তথাপিও নিমিত্ত হৈছে। ভাল কথা, প্ৰত্যেকৰে নিজৰ সমগোত্ৰীয়সকলৰ সংগঠন ভাল লাগে। দুয়োফালৰ সেৱাত অনেক আত্মাক সমীপত অনাৰ সুযোগ পোৱা যায়। ফলাফল ভাল লাগে নহয়? ৰিট্ৰীটৰ ফলাফল ভাল হ'লনে? বৰ্গীকৰণৰ ফলাফল ভাল, দেশ-বিদেশে কিবা কিবা নতুন উদ্ভাৱন কৰি থাকে আৰু কৰি থাকিব। ভাৰততেই হওঁক বা বিদেশতেই হওঁক সেৱাৰ ভাল উৎসাহ-উদ্দীপনা আছে। বাপদাদাই দেখিবলৈ পায় যিসকলে সঁচা অন্তৰেৰে নিস্বাৰ্থ সেৱাত আগবাঢ়ি যায়, তেওঁলোকৰ পুণ্যৰ পুঁজি বহুত জমা হৈ যায়। বহুত সন্তানৰ এটা হৈছে নিজৰ পুৰুষাৰ্থৰ প্ৰালব্ধৰ হিচাপ, দ্বিতীয়তে সন্তুষ্ট হৈ সন্তুষ্ট কৰাৰ বাবে আশীৰ্বাদৰ হিচাপ আৰু তৃতীয়তে যথাৰ্থ যোগযুক্ত, যুক্তিযুক্ত সেৱাৰ প্ৰতিদানত পুণ্যৰ পুঁজি জমা হয়। বাপদাদাই প্ৰত্যেকৰে এই তিনিওটা পুঁজি চাই থাকে। যদি কাৰোবাৰ তিনিওটা পুঁজি জমা হয় তেন্তে তাৰ লক্ষণ হ'ল - তেওঁ সদায় নিজকো সহজ পুৰুষাৰ্থী অনুভৱ কৰে আৰু আনেও সেই আত্মাটিৰ দ্বাৰা সহজ পুৰুষাৰ্থৰ স্বতঃ প্ৰেৰণা লাভ কৰে। তেওঁ সহজ পুৰুষাৰ্থৰ প্ৰতীক। পৰিশ্ৰম কৰিবলগীয়া নহয়, পিতাৰ প্ৰতি, সেৱাৰ প্ৰতি আৰু গোটেই পৰিয়ালৰ প্ৰতি স্নেহ আছে, সেয়েহে এই তিনিও প্ৰকাৰৰ স্নেহে পৰিশ্ৰমৰ পৰা মুক্ত কৰি দিয়ে।

বাপদাদাই সকলো সন্তানৰ প্ৰতি এইটোৱে শ্ৰেষ্ঠ আশা ৰাখে যে সকলো সন্তান যাতে সদায় সহজ পুৰুষাৰ্থী হৈ থাকে। 63 জন্ম ভক্তিত, বিভ্ৰান্ত হৈ হাবাথুৰি খাই ফুৰাৰ পৰিশ্ৰম কৰিলা, এতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হোৱাৰ এই এটাই জন্ম। যদি বহুকালৰ পৰা পৰিশ্ৰমেই কৰি থাকা তেন্তে এই সংগমযুগৰ স্নেহেৰে সহজ পুৰুষাৰ্থী হোৱাৰ বৰদান কেতিয়া ল'বা? যুগ সমাপ্ত, বৰদানো সমাপ্ত। গতিকে সদায় এইটো বৰদান অতি সোনকালে লৈ লোৱা। যিমানেই ডাঙৰতকৈও ডাঙৰ কাৰ্য নহওঁক, যিমানেই ডাঙৰতকৈও ডাঙৰ সমস্যা নহওঁক কিয় প্ৰতিটো কাৰ্য, প্ৰতিটো সমস্যা এনেকৈ পাৰ হওঁক যেনেকৈ তোমালোকে কোৱা মাখনৰ পৰা চুলি ওলাই গ'ল। বাপদাদাই বহুত সন্তানৰ অলপ অলপ খেল চাই থাকে, হৰ্ষিতো হয় আৰু সন্তানসকলক দেখি দয়াও উপজে। যেতিয়া কোনো সমস্যা বা কোনো ডাঙৰ কাৰ্যও সন্মুখত আহে তেতিয়া কেতিয়াবা কেতিয়াবা সন্তানসকলৰ চেহেৰাত অলপ সমস্যা বা কাৰ্যৰ লহৰ দেখিবলৈ পোৱা যায়। চেহেৰা অলপ সলনি হৈ যায়। আৰু যদি কোনোবাই কয় যে কি হ'ল? তেতিয়া কয় - কামেই বহুত আছে নহয়! বিঘ্ন-বিনাশকৰ আগত যদি বিঘ্ন নাহেই তেন্তে বিঘ্ন-বিনাশক উপাধিৰ গায়ন কিদৰে হ'ব? চেহেৰাত অলপ ভাগৰ বা অলপ স্থিতি সলনি হোৱাৰ লক্ষণ দেখা দিব নালাগে। কিয়? তোমালোকৰ জড় চিত্ৰ যাৰ আধাকল্প পূজা কৰা হ'ব তাত কেতিয়াবা ভাগৰ বা স্থিতি সলনি হোৱাৰ চিন দেখা পোৱা যায় জানো? যিহেতু তোমালোকৰ জড় চিত্ৰই সদায় হাঁহি থাকে তেন্তে সেয়া কাৰ চিত্ৰ? তোমালোকৰেই নহয় জানো? গতিকে চৈতন্যৰেই স্মাৰক চিত্ৰ সেইবাবে অলপো ভাগৰ বা যাক খিংখিঙীয়া স্বভাৱ বুলি কোৱা, সেয়া আহিব নালাগে। সদায় মিচিকিয়াই থকা চেহেৰা বাপদাদা আৰু সকলোৰে পছন্দৰ হয়। যদি কোনোবা খিংখিঙীয়া হয় তেন্তে তেওঁৰ আগত যাবনে? ভাবিব এতিয়া কওঁ নে নকওঁ। গতিকে তোমালোকৰ জড় চিত্ৰৰ আগলৈতো ভক্ত বহুত উৎসাহেৰে আহে আৰু চৈতন্যত যদি কোনোবা ভাৰাক্ৰান্ত হৈ যায় তেন্তে ভাল লাগেনে? এতিয়া বাপদাদাই সকলো সন্তানৰ চেহেৰাত সদায় ফৰিস্তা ৰূপ, বৰদানী ৰূপ, দাতা ৰূপ, দয়াশীল, অক্লান্ত, সহজ যোগী বা সহজ পুৰুষাৰ্থীৰ ৰূপ চাব বিচাৰে। এনেকৈ নকবা যে কথাই এনেকুৱা আছিল। যেনেকুৱাই কথা নহওঁক কিন্তু ৰূপ মিচিকাই থকা, শীতল, গম্ভীৰ আৰু ৰমণীকতা দুয়োটাৰে সন্তুলন হওঁক। যদি কোনোবা অকস্মাত আহি যায় আৰু তোমালোকক সমস্যাৰ কাৰণে বা কাৰ্যৰ কাৰণে সহজ পুৰুষাৰ্থীৰ ৰূপত নাথাকা তেন্তে তেওঁলোকে কি দেখা পাব? তোমালোকৰ সেইখন চিত্ৰকে লৈ যাব। যিকোনো সময়ত, কোনোবাই কাৰোবাৰ এমহীয়াই হওঁক বা দুমহীয়াই হওঁক অকস্মাত যদি তোমালোকৰ মুখমণ্ডলৰ চিত্ৰ উলিয়ায় তেন্তে এনেকুৱাই চিত্ৰ হওঁক যেনেকুৱা শুনালোঁ। দাতা হোৱা। লওঁতা নহয়, দাতা। কোনোবাই যিয়েই নিদিয়ক, ভালেই দিয়ক বা বেয়াই দিয়ক কিন্তু তোমালোক অতিকৈ উচ্চ পিতাৰ সন্তান বহল অন্তৰৰ হোৱা, যদি বেয়াও দিলে তেন্তে বহল অন্তৰেৰে বেয়াক নিজৰ মাজত স্বীকাৰ নকৰি দাতা হৈ তোমালোকে তেওঁক সহযোগ দিয়া, স্নেহ দিয়া, শক্তি দিয়া। কিবা নহয় কিবা গুণ নিজৰ স্থিতিৰ দ্বাৰা উপহাৰ দিয়া। ইমান বিশাল অন্তৰৰ অতিকৈ উচ্চ পিতাৰ সন্তান হোৱা। দয়া কৰা। অন্তৰত সেই আত্মাটিৰ প্ৰতি আৰু অতিৰিক্ত স্নেহ জাগ্ৰত কৰা। যাতে স্নেহৰ শক্তিৰে তেওঁ নিজে পৰিৱৰ্তিত হৈ যায়। এনেকুৱা বহল অন্তৰৰ হোৱা নে ঠেক অন্তৰৰ হোৱা? সমাহিত কৰাৰ শক্তি আছেনে? সমাহিত কৰি লোৱা। সাগৰত কিমান জাৱৰ পেলায়, পেলোৱাসকলক জাৱৰৰ সলনি জাৱৰ নিদিয়ে। তোমালোকতো জ্ঞানৰ সাগৰ, শক্তিৰ সাগৰৰ সন্তান, মাষ্টৰ হোৱা।

গতিকে শুনিলা বাপদাদাই কি চাব বিচাৰে? গৰিষ্ঠসংখ্যক সন্তানে লক্ষ্য ৰাখিছে যে এইটো বছৰত পৰিৱৰ্তন কৰিবই লাগিব। কৰিম, ভাবিম নহয়, কৰিবই লাগিব। কৰিবই লাগিব নে তালৈ গৈ ভাবিম? যিসকলে ভাবা যে কৰিবই লাগিব তেওঁলোকে এখন হাতৰ তালি বজোৱা। (সকলোৱে হাত জোকাৰিলে) বহুত ভাল। কেৱল স্থূল হাত নুঠাবা, মনেৰে দৃঢ় সংকল্পৰ হাত উঠাবা। এই স্থূল হাত উঠোৱাতো সহজ। মনেৰে উঠোঁৱা দৃঢ় সংকল্পৰ হাতে সদায় সফলতা স্বৰূপ কৰি তোলে। যি ভাবা সেয়া হ'বই। সাকাৰাত্মকেই ভাবিবা নহয়! নকাৰাত্মাকতো ভাবিবই নালাগে। নকাৰাত্মাক ভবাৰ ৰাস্তা সদাকালৰ বাবে বন্ধ। বন্ধ কৰিব জানানে নে খুলি যায়? যেনেকৈ এতিয়া বতাহ আহিল গতিকে দুৱাৰ আপোনাআপুনি খুলি গ'ল, এনেকুৱাতো নহয়? তোমালোকে ভাবা বন্ধ কৰি আহি গ'লোঁ, কিন্তু ধুমুহাই খুলি দিব ইমান ঢিলা নকৰিবা। বাৰু।

ডবল বিদেশীসকলৰ উৎসৱ ভাল হ'ল নহয়! (10 বছৰতকৈ অধিক সময় জ্ঞানত চলা প্ৰায় 400 ডবল বিদেশী ভাতৃ-ভগ্নীৰ সন্মান সমাৰোহ উদ্‌যাপন কৰা হ'ল) ভাল লাগিলনে? যিসকলে উদ্‌যাপন কৰিলা আৰু ভাল লাগিল তেওঁলোকে হাত উঠোৱা। পাণ্ডৱো আছে। ইয়াৰ মহত্ব কি? উদ্‌যাপন কৰাৰ মহত্ব কি? উদ্‌যাপন কৰা অৰ্থাৎ তেনেকুৱা হোৱা। সদায় যাতে এনেকুৱা মুকুটধাৰী, স্ব-পুৰুষাৰ্থ আৰু সেৱাৰ দায়িত্ব বা আনন্দ-উল্লাস বুলিয়ে কোৱা, সেৱাৰ আনন্দ-উল্লাস কৰাৰ মুকুট সদায় পৰিধান কৰি থাকা। আৰু সোণালী চুন্নীও সকলোৱে পিন্ধিলা নহয়! সোণালী চুন্নী কিয় পিন্ধালে? সদায় সোণালী যুগী স্থিতি, ৰূপালী নহয়, সোণালী। আৰু দুধাৰী মালাও পিন্ধিছিলা। তেন্তে দুধাৰী কিহৰ মালা পিন্ধিবা? এধাৰীতো সদায় পিতাৰ ডিঙিৰ মালা। সদায় কেতিয়াও ডিঙিৰ পৰা আঁতৰাই নেপেলাবা, ডিঙিতে যাতে থাকে আৰু দ্বিতীয়তে সদায় সেৱাৰ দ্বাৰা আনকো পিতাৰ ডিঙিৰ মালা কৰি তোলা, এয়া ডবল মালা। গতিকে উদ্‌যাপন কৰাসকলেও বহুত ভাল পালে আৰু চাওঁতাসকলেও ভাল পালে। গতিকে এই উৎসৱ উদ্‌যাপন কৰাৰ, সদাকালৰ উৎসৱৰ ৰহস্য শুনালোঁ। আৰু লগতে এয়াও উদ্‌যাপন কৰা অৰ্থাৎ উৎসাহ-উদ্দীপনা বঢ়োৱা। সকলোৰে অনুভৱ বাপদাদাইতো দেখিলে। ভাল অনুভৱ হল। আনন্দ আৰু নিচা সকলোৰে চেহেৰাত দেখা গৈছিল। বচ্ এনেকুৱাই নিজৰ শক্তিশালী, মিচিকিয়াই হাঁহি থকা ৰমণীয় আৰু গম্ভীৰ স্বৰূপ জাগ্ৰত কৰি চলা কিয়নো আজিকালি সময়ৰ পৰিস্থিতি অনুসৰি বেছি শুনোঁতা, বুজোঁতাৰ সংখ্যা কম, দেখি অনুভৱ কৰোঁতাৰ সংখ্যা বেছি। তোমালোকৰ চেহেৰাত পিতাৰ পৰিচয়, শুনোৱাৰ পৰিৱৰ্তে দৃষ্টিগোচৰ হওঁক। গতিকে ভাল কৰিলা। বাপদাদায়ো চাই চাই হৰ্ষিত হৈ আছে। এইটো বছৰ বা এইটো চিজনক বিশেষ উৎসৱৰ চিজন হিচাপে উদ্‌যাপন কৰিছা। সকলো সময় একে নিচিনা নহয়।

(ড্ৰিল) সকলোৰে শাসন কৰাৰ শক্তি আছেনে? কৰ্মেন্দ্ৰিয়ৰ ওপৰত যেতিয়াই বিচৰা তেতিয়াই শাসন কৰিব পাৰানে? স্ব-ৰাজ্য অধিকাৰী হৈছানে? যিসকল স্ব-ৰাজ্য অধিকাৰী হয় তেওঁলোকেই বিশ্বৰ ৰাজ্য অধিকাৰী হ'ব। যেতিয়াই বিচৰা, যেনেকুৱাই বাতাবৰণ নহওঁক কিন্তু যদি মন-বুদ্ধিক স্থিত হবলৈ আদেশ দিয়া তেন্তে স্থিত হ'ব পাৰেনে নে সময় লাগিব? এইটো অভ্যাস প্ৰত্যেকে গোটেই দিনটোত মাজে মাজে কৰা আৱশ্যক। আৰু চেষ্টা কৰা যি সময়ত মন-বুদ্ধি বহুত ব্যস্ত হয়, তেনে সময়তো যদি এক চেকেণ্ডৰ বাবে স্থিত কৰিব খোজা তেন্তে হ'ব পাৰেনে? গতিকে ভাবিলা স্থিত হওঁক আৰু স্থিত হ'বলৈ যাতে 3 মিনিট 5 মিনিট লাগি নাযায়, এইটো অভ্যাস অন্তত বহুত কামত আহিব। ইয়াৰ আধাৰত সন্মান সহকাৰে উত্তীৰ্ণ হ'ব পাৰিবা। ভাল বাৰু।

সদায় অন্তৰত উৎসাহ-উদ্দীপনাৰ উৎসৱ উদ্‌যাপন কৰোঁতা স্নেহী আত্মাসকলক, সদায় হীৰাতুল্য জীৱনৰ অনুভৱ কৰোঁতা অনুভৱৰ কৰ্তৃত্বশীল বিশেষ আত্মাসকলক, সদায় নিজৰ চেহেৰাৰে পিতাৰ পৰিচয় দিওঁতা, পিতাক প্ৰত্যক্ষ কৰোঁতা সেৱাধাৰী আত্মাসকলক, সদায় গম্ভীৰতা আৰু ৰমণীয়তাৰ সন্তুলন ৰাখোঁতা সকলোৰে আশীৰ্বাদৰ অধিকাৰী আত্মাসকলক, এনেকুৱা চাৰিওফালৰ আৰু দেশ-বিদেশৰ সন্তানসকলক শিৱৰাত্ৰিৰ অভিনন্দন, অভিনন্দন। লগতে বাপদাদাৰ দিলাৰামৰ গভীৰ আন্তৰিক প্ৰেমসহিত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
নিজৰ ৰাজ্য অধিকাৰী বা পূজ্য স্বৰূপৰ স্মৃতিৰে দাতা হৈ দিওঁতা সকলো সম্পদেৰে সম্পন্ন হোৱা

সদায় এইটো স্মৃতিত থাকা যে মই পূজ্য আত্মা আনক দিওঁতা দাতা হয়, লওঁতা নহয়, দেৱতা হওঁ। যেনেকৈ পিতাই তোমালোক সকলোকে নিজেই দিছে, তেনেকৈ তোমালোকেও মাষ্টৰ দাতা হৈ দি যোৱা, নুখুজিবা। নিজৰ ৰাজ্য অধিকাৰী বা পূজ্য স্বৰূপৰ স্মৃতিত থাকা। আজিলৈকে তোমালোকৰ জড় চিত্ৰৰ আগত গৈ বিচাৰে, কয় - আমাক ৰক্ষা কৰক। গতিকে তোমালোক ৰক্ষা কৰোঁতা হোৱা। ৰক্ষা কৰক, ৰক্ষা কৰক বুলি কওঁতা নহয়। কিন্তু দাতা হ'বৰ বাবে স্মৃতিৰে, সেৱাৰে, শুভ ভাৱনা, শুভ কামনাৰে সকলো সম্পদেৰে সম্পন্ন হোৱা।

স্লোগান:
চলন আৰু চেহেৰাৰ প্ৰসন্নতাই আত্মিক ব্যক্তিত্বৰ লক্ষণ।