11.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এইখন পূৰ্ব-নিৰ্ধাৰিত নাটক, এই নাটকৰ পৰা এটি আত্মাও মুক্ত হ’ব নোৱাৰে, মোক্ষ কোনেও পাব নোৱাৰে”

প্ৰশ্ন:
উচ্চতকৈও উচ্চ পতিত-পাৱন পিতা ভোলানাথ কেনেকৈ হয়?

উত্তৰ:
তোমালোক সন্তানসকলে তেওঁক এমুঠি চাউল দি মহল লৈ লোৱা, সেইবাবেই পিতাক ভোলানাথ বুলি কোৱা হয়। তোমালোকে কোৱা - শিৱবাবা মোৰ সন্তান, সেই সন্তানটি এনেকুৱা যিয়ে কেতিয়াও একো নলয়, সদায়েই দিয়ে। ভক্তিত কয় - যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল পায়। কিন্তু ভক্তিততো অল্পকালৰ কাৰণে পায়। জ্ঞানত বুজি কৰে, সেয়েহে সদাকালৰ বাবে পোৱা যায়।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ সৈতে আত্মিক পিতাই বাৰ্তালাপ কৰি আছে বা এনেকৈ কোৱা হ’ব যে আত্মিক পিতাই সন্তানসকলক ৰাজযোগ শিকাই আছে। তোমালোক আহিছা বেহদৰ পিতাৰ পৰা ৰাজযোগ শিকিবলৈ, সেইবাবে বুদ্ধি এজন পিতাৰ ফলে গুচি যাব লাগে। এয়া হৈছে আত্মাসকলৰ প্ৰতি পৰমাত্ম (ঈশ্বৰীয়) জ্ঞান। ভগৱানে শালগ্ৰামসকলক উদ্দেশ্যি কয়। আত্মাসকলেই শুনিব লাগে সেইবাবে আত্ম-অভিমানী হ'ব লাগে। আগতে তোমালোক দেহ-অভিমানী আছিলা। এই পুৰুষোত্তম সংগমযুগতহে পিতা আহি তোমালোক সন্তানসকলক আত্ম-অভিমানী কৰি তোলে। আত্ম-অভিমানী আৰু দেহ-অভিমানীৰ পাৰ্থক্য তোমালোকে বুজি গৈছা। পিতাইহে বুজাইছে আত্মাইহে শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰে। আত্মাইহে পঢ়ে, শৰীৰে নহয়। কিন্তু দেহ-অভিমান থকাৰ কাৰণে ভাবে অমুকেহে পঢ়াইছে। তোমালোক সন্তানসকলক যিয়ে পঢ়ায় তেওঁ হৈছে নিৰাকাৰ। তেওঁৰ নাম হৈছে ‘শিৱ’। শিৱবাবাৰ নিজৰ শৰীৰ নাথাকে। আন সকলোৱে ক'ব “মোৰ শৰীৰ”। এয়া কোনে ক'লে? আত্মাই কলে - এয়া মোৰ শৰীৰ। বাকী সেই সকলোবোৰ হৈছে পাৰ্থিৱ শিক্ষা। তাত বিভিন্ন প্ৰকাৰৰ বিষয় থাকে। বি.এ. আদি কিমান নাম আছে। ইয়াত এটাই নাম, পাঠো এজনেই পঢ়ায়। এজন পিতাহে আহি পঢ়ায়, সেয়েহে এজন পিতাকহে স্মৰণ কৰিব লাগে। আমাক বেহদৰ পিতাই পঢ়ায়, তেওঁৰ নাম কি? তেওঁৰ নাম ‘শিৱ’। এই শৰীৰতো তেওঁৰ নহয়। এনেকুৱা নহয় যে নাম-ৰূপৰ পৰা উপাৰাম। মনুষ্যই শৰীৰ অনুসৰি নাম পায়। এনেকৈ ক’ব অমুকৰ এয়া শৰীৰ। তেনেকৈ শিৱবাবাৰ নাম নাই। মনুষ্যৰ নাম শৰীৰ অনুসৰি হয়, এজনেই নিৰাকাৰ পিতা যাৰ নাম ‘শিৱ’। যেতিয়া পঢ়াবলৈ আহে তেতিয়াও ‘শিৱ’ নামেই থাকে। এই শৰীৰতো তেওঁৰ নহয়। ভগৱান এজনেই, 10-12 গৰাকী নহয়। তেওঁ হৈছে এজন, মনুষ্যই আকৌ তেওঁৰ 24 অৱতাৰ বুলি কয়। পিতাই কয় - মোক বহুত বিপথে পৰিচালিত কৰিলে। পৰমাত্মাক পাথৰ-শিলগুটি সকলোতে আছে বুলি কৈ দিছে। যেনেকৈ ভক্তিমাৰ্গত নিজেই দিগভ্ৰান্ত হৈছে তেনেকৈ মোকো বিপথে পৰিচালিত কৰি দিছে। ড্ৰামা অনুসৰি তেওঁৰ কথা কোৱাৰ ভংগী কিমান শীতল। তেওঁ বুজায় - সকলোৱে মোৰ কিমান অপকাৰ কৰিলে, মোৰ কিমান গ্লানি কৰিলে। মনুষ্যই কয় - মই নিষ্কাম সেৱা কৰোঁ, পিতাই কয় - মোৰ বাহিৰে কোনেও নিষ্কাম সেৱা কৰিব নোৱাৰে। যি কৰে তাৰ ফল নিশ্চয় পায়। এতিয়া তোমালোকে ফল পাই আছা। গায়ন আছে যে ভক্তিৰ ফল ভগৱানে দিব কিয়নো ভগৱান হৈছে জ্ঞানৰ সাগৰ। ভক্তিত তোমালোকে আধাকল্প কৰ্মকাণ্ড কৰি আহিছা। এতিয়া এই জ্ঞান হৈছে পঢ়াৰ। এই পাঠ এবাৰেই পোৱা যায় আৰু এজন পিতাৰ দ্বাৰাহে। পিতাই পুৰুষোত্তম সংগমযুগত এবাৰেই আহি তোমালোকক পুৰুষোত্তম কৰি থৈ যায়। এয়া হৈছে জ্ঞান আৰু সেয়া হৈছে ভক্তি। আধাকল্প তোমালোকে ভক্তি কৰিছিলা। এতিয়া যিসকলে ভক্তি নকৰে, তেওঁলোকৰ ভুল ধাৰণা হয় যে ক'ব নোৱাৰি, ভক্তি নকৰাৰ বাবেই অমুকৰ মৃত্যু হ’ল, বেমাৰ হৈ গ'ল। কিন্তু, এনেকুৱা নহয়।

পিতাই কয় - সন্তানসকল, তোমালোকে আহ্বান কৰি আহিছা যে আপুনি আহি পতিতসকলক পাৱন কৰি সকলোকে সৎগতি দিয়ক। সেয়েহে মই এতিয়া আহিছোঁ। ভক্তি বেলেগ, জ্ঞান বেলেগ। ভক্তিৰ দ্বাৰা আধাকল্প ৰাতি হয়, জ্ঞানৰ দ্বাৰা আধাকল্পৰ বাবে দিন হয়। ৰামৰাজ্য আৰু ৰাৱণৰাজ্য দুয়োখনেই বেহদৰ (অসীমৰ)। দুয়োখনৰেই সময় সীমা সমান। এই সময়ত ভোগী হোৱাৰ বাবে জনসংখ্যা অতি বৃদ্ধি হয়, আয়ুসো কম হয়। বৃদ্ধি যাতে বেছিকৈ নহয় তাৰ বাবে উপায় উলিয়ায়। তোমালোক সন্তানসকলে জানা যে ইমান বিশাল সৃষ্টিখনক (জনসংখ্যা) হ্ৰাস কৰাটোতো পিতাৰেই কাম। পিতা আহেই হ্ৰাস কৰিবলৈ। আহ্বানো কৰে - বাবা আহি অধৰ্মৰ বিনাশ কৰক অৰ্থাৎ সৃষ্টিক হ্ৰাস কৰক। জগতৰ লোকেতো নাজানে পিতাই কিমান কম কৰি দিয়ে। অলপ মনুষ্য থাকি যায়। বাকী সকলো আত্মা নিজৰ ঘৰলৈ গুচি যায় তাৰপাছত ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহে। নাটকত যিমান পলমকৈ ভূমিকা থাকে, তেওঁ ঘৰৰ পৰাও দেৰিকৈ আহে। নিজৰ ধান্দা আদি শেষ কৰি পাছত আহে। নাটকৰ লোকসকলেও নিজৰ ধান্দা কৰে, আকৌ সময়ত নাটকত ভুমিকা কৰিবলৈ আহি যায়। তোমালোকৰ ক্ষেত্ৰতো এনেকুৱা, পাছলৈ যাৰ ভূমিকা থাকে তেওঁ পাছত আহে। যিসকল আৰম্ভণিৰ পৰা ভূমিকা পালন কৰোঁতা তেওঁলোক সত্যযুগ আদিত আহে। পাছত অহাসকললৈ চোৱা এতিয়াও আহিয়েই থকে। ঠাল-ঠেঙুলি পাছলৈকে আহি থাকে।

এই সময়ত তোমালোক সন্তানসকলক জ্ঞানৰ কথা বুজোৱা হয় আৰু পুৱা স্মৃতিত বহা, সেয়া হৈছে ‘ড্ৰিল’ (ব্যয়াম)। আত্মাই নিজৰ পিতাক স্মৰণ কৰিব লাগে। ‘যোগ’ শব্দটি বাদ দিয়া। যোগ বুলি ক’লে বিভ্ৰান্ত হয়। কয় - মোৰ যোগ নালাগে। পিতাই কয় - হেৰ’ তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰানে! এয়া জানো ভাল কথা! স্মৰণ নকৰিলে পাৱন কেনেকৈ হ’বা? পিতা হয়েই পতিত-পাৱন। পিতা আহি ড্ৰামাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। এয়া বিচিত্ৰ ধৰ্ম আৰু বিচিত্ৰ মনুষ্যৰ বৃক্ষ। গোটেই সৃষ্টিৰ যিয়েই মনুষ্য মাত্ৰ আছে সকলো ভাৱৰীয়া। কিমান অনেক মনুষ্য আছে, হিচাপ উলিয়ায় - এবছৰত ইমান কোটি জন্ম হৈ যাব। কিন্তু ইমান ঠাইনো ক'ত আছে। সেয়েহে পিতাই কয় - মই আহোঁ সংখ্যা সীমিত কৰিবলৈ। যেতিয়া সকলো আত্মা ওপৰৰ পৰা আহি যায়, আমাৰ ঘৰ খালী হৈ যায়। বাকী যি থাকে সেয়াও আহি যায়। বৃক্ষ কেতিয়াও নুশুকায়, চলি থাকে। পাছলৈ তাত যেতিয়া কোনো নাথাকে, তেতিয়া সকলো যাব। নতুন সৃষ্টিত কিমান কমসংখ্যক আছিল, এতিয়া কিমান অনেক আছে। শৰীৰতো সকলোৰে সলনি হৈ থাকে। সেয়াও জন্ম সেইসকলেই আৰু সিমানেই ল’ব যিমান কল্পই কল্পই লয়। এই সৃষ্টি নাটক কেনেকৈ চলে, পিতাৰ বাহিৰে অন্য কোনেও বুজাব নোৱাৰে। সন্তানসকলৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বুজে। বেহদৰ নাটক কিমান বিশাল। কিমান বুজিবলগীয়া কথা আছে। বেহদৰ পিতাতো জ্ঞানৰ সাগৰ হয়। বাকীতো সকলো সীমিত। বেদ-শাস্ত্ৰ আদি কিছু ৰচে, অধিকতো একো ৰচনা নহ’ব। তোমালোকে আৰম্ভণিৰ পৰা লিখিবলৈ ল’লে কিমান দীঘল গীতা হৈ যাব। সকলো ছপা কৰি গৈ থাকিলে ঘৰতকৈও ডাঙৰ গীতা হৈ যাব, সেইবাবে মহিমা কৰিছে - সাগৰক চিয়াঁহী কৰি দিয়া, জংঘলক কলম কৰি লোৱা....... আকৌ এনেকৈ কৈ দিয়ে যে চৰায়ে সাগৰক গ্ৰাস কৰিলে। তোমালোক হৈছা চৰাই, গোটেই জ্ঞানৰ সাগৰক গ্ৰাস কৰি আছা। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা। তোমালোকে এতিয়া জ্ঞান পাইছা। জ্ঞানৰ দ্বাৰা তোমালোকে সকলো জানি গৈছা। কল্পই কল্পই তোমালোকে ইয়াত পঢ়া, এই ক্ষেত্ৰত অলপো কম বেছি নহ’ব। যিয়ে যিমান পুৰুষাৰ্থ কৰে, তেওঁৰ সিমানেই প্ৰালব্ধ হয়। সকলোৱে বুজিব পাৰে যে মই কিমান পুৰুষাৰ্থ কৰি, কিমান পদ পোৱাৰ লায়ক হৈছোঁ। স্কুলতো ক্ৰমানুসাৰে পৰীক্ষাত উত্তীৰ্ণ হয়। সূৰ্যবংশী-চন্দ্ৰবংশী দুয়োটাই হয়। যিসকল অনুত্তীৰ্ণ হয় তেওঁলোক চন্দ্ৰবংশী হয়গৈ। কোনেও নাজানে ৰামৰ হাতত বাণ কিয় দিয়া হৈছে? মৰামৰিৰ ইতিহাস ৰচি দিছে। এই সময়ত মৰামৰিয়েই হয়। তোমালোকে জানা যিয়ে যেনে কৰ্ম কৰে তেনে ফলেই পায়। যেনেকৈ কোনোৱে হস্পিতাল স্থাপনা কৰিলে পৰৱৰ্তী জন্মত তেওঁৰ আয়ুস দীঘলীয়া আৰু স্বাস্থ্যৱান হ’ব। কোনোবাই ধৰ্মশালা, স্কুল স্থাপনা কৰিলে আধাকল্প সুখ লাভ কৰে। ইয়ালৈ সন্তানসকল যেতিয়া আহে তেতিয়া বাবাই সোধে - তোমাৰ কেইটা সন্তান আছে? তেতিয়া কয় 3টা লৌকিক আৰু এটি শিৱবাবা কাৰণ তেওঁ যেনেকৈ উত্তৰাধিকাৰ দিয়ে তেনেকৈ লয়ো। হিচাপ আছে। তেওঁৰ ল’বলগীয়া একো নাই, তেওঁতো দাতা হয়। চাউল এমুঠি দি তোমালোকে মহল লৈ লোৱা, সেইবাবেই তেওঁ ভোলানাথ। পতিত-পাৱন জ্ঞানৰ সাগৰ হয়। এতিয়া পিতাই কয় - এয়া ভক্তিৰ যি শাস্ত্ৰ আছে তাৰ সাৰ বুজাওঁ। ভক্তিৰ ফল পোৱা যায় আধাকল্পৰ। সন্ন্যাসীসকলে কয় - এই সুখ কাক বিষ্ঠাৰ সমান, সেইবাবে ঘৰ-সংসাৰ এৰি জংগললৈ গুচি যায়। তেওঁলোকে এনেকৈ কয় - আমাক স্বৰ্গৰ সুখ নালাগে, য'ত আকৌ নৰকলৈ আহিব লাগে। আমাক মোক্ষ (মুক্তি) লাগে। কিন্তু এইটো স্মৃতিত ৰাখিবা যে এইখন বেহদৰ নাটক। এই নাটকৰ পৰা এটি আত্মাও মুক্ত হ’ব নোৱাৰে, পূৰ্ব নিৰ্ধাৰিত। সেয়েহে গোৱা হয় – যি ৰচি থোৱা আছে সেয়াই চলি থাকে...... কিন্তু ভক্তিমাৰ্গত চিন্তা কৰিবলগীয়া হয়। যি অতিবাহিত হৈ গ’ল সেয়া পুনৰ হ’ব। 84ৰ চক্ৰ তোমালোকে লগোৱা। এয়া কেতিয়াও বন্ধ নহয়, পূৰ্ব নিৰ্ধাৰিত। ইয়াত তোমালোকে তোমালোকৰ পুৰুষাৰ্থ কেনেকৈ উৰুৱাই দিব পাৰা? তোমালোকে কৈ দিলেই তোমালোক ওলাই যাব নোৱাৰা। মোক্ষ প্ৰাপ্তি, জ্যোতিত বিলীন হোৱা, ব্ৰহ্মত লীন হোৱা- এইবোৰ একেই কথা। অনেক মত, অনেক ধৰ্ম। আকৌ কৈ দিয়ে - আপোনাৰ গতি-মতি আপুনিয়েই জানে। আপোনাৰ শ্ৰীমতৰ দ্বাৰা সৎগতি প্ৰাপ্তি হয়। সেয়া তোমালোকেহে জানা। আপুনি যেতিয়া আহিব তেতিয়া আমিও জানিম আৰু আমিও পাৱন হ’ম। পাঠ পঢ়িম আৰু আমাৰ সৎগতি হ’ব। সৎগতি হৈ যোৱাৰ পাছত কোনেও নামাতেই। এই সময়ত সকলোৰে ওপৰত দুখৰ পাহাৰ খহিব। অকাৰণতে তেজৰ খেল দেখুৱায় আৰু গোৱৰ্দ্ধন পাহাৰো দেখুৱায়। আঙুলিৰে পাহাৰ ডাঙিলে। তোমালোকে ইয়াৰ অৰ্থ জানা। তোমালোক কিছু সংখ্যক সন্তানে এই দুখৰ পাহাৰ আঁতৰোৱা। দুখো সহন কৰা।

তোমালোকে বশীকৰণ মন্ত্ৰ সকলোকে দিব লাগে। এনেকৈ কয় - তুলসী দাসে চন্দন ঘঁহে....... বাদশ্বাহীৰ তিলক নিজৰ নিজৰ পৰিশ্ৰমেৰে তোমালোকে পোৱা। তোমালোকে বাদশ্বাহীৰ বাবে পঢ়ি আছা। ৰাজযোগ যাৰ দ্বাৰা বাদশ্বাহী পোৱা যায় সেই পাঠ পঢ়াওঁতা এজনেই পিতা। এতিয়া তোমালোক ঘৰত বহি আছা, এয়া দৰবাৰ নহয়। দৰবাৰ তাক কোৱা হয় য'ত ৰজা-মহাৰজাসকল মিলিত হয়। এয়া হৈছে পাঠশালা। বুজোৱা হয় কোনো ব্ৰাহ্মণীয়ে বিকাৰীক লৈ আহিব নোৱাৰে। পতিতে বায়ুমণ্ডল নষ্ট কৰিব, সেইবাবে অনুমতি নিদিয়ে। যেতিয়া পৱিত্ৰ হ’ব তেতিয়া অনুমতি দিয়া হয়। এতিয়া কোনো কোনোক অনুমতি দিবলগীয়া হয়। যদি ইয়াৰ পৰা গৈ পতিত হয় তেন্তে ধাৰণা নহ’ব। এয়া হৈছে নিজেই নিজক অভিশপ্ত কৰা। বিকাৰ হয়েই ৰাৱণৰ মত। ৰামৰ মত এৰি ৰাৱণ মতত বিকাৰী হৈ পাথৰ হৈ যায়। গৰুড় পুৰাণত এনেকুৱা বহুত ভয়ানক কাহিনী লিখি দিছে। পিতাই কয় - মনুষ্য, মনুষ্যই হয়, জন্তু আদি নহয়। পঢ়াত কোনো অন্ধশ্ৰদ্ধাৰ কথা নাথাকে। তোমালোকৰ এয়া হৈছে অধ্যয়ন। বিদ্যাৰ্থীয়ে পঢ়ি, উত্তীৰ্ণ হৈ উপাৰ্জন কৰে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বশীকৰণ মন্ত্ৰ সকলোকে দিব লাগে। যত্নৰে পঢ়ি বাদশ্বাহীৰ তিলক ল’ব লাগে। এই দুখৰ পাহাৰ আঁতৰাবলৈ নিজৰ সহযোগীতা আগবঢ়াব লাগে।

(2) সংগমযুগত পুৰুষোত্তম হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। পিতাক স্মৰণ কৰাৰ ‘ড্ৰিল’ (ব্যয়াম) কৰিব লাগে। বাকী যোগ যোগ বুলি কৈ বিভ্ৰান্ত হ’ব নালাগে।

বৰদান:

সেৱাত বিঘিনিবোৰক উন্নতিৰ জখলা বুলি বুজি আগবাঢ়ি যাওঁতা নিৰ্বিঘ্ন, সঁ‌চা সেৱাধাৰী হোৱা

সেৱা ব্ৰাহ্মণ জীৱনক সদায় নিৰ্বিঘ্ন কৰি তোলাৰ সাধনো হয় আৰু লগতে সেৱাতেই আকৌ বিঘিনিৰ কাকত বেছিকৈ আহে। নিৰ্বিঘ্ন সেৱাধাৰীক সঁ‌চা সেৱাধাৰী বুলি কোৱা হয়। বিঘিনি অহাটোও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আহেই আৰু আহিও থাকিব কিয়নো এই বিঘিনি বা কাকতে অনুভৱী কৰি তোলে। ইয়াক বিঘিনি বুলি নাভাবি, অনুভৱৰ উন্নতি হৈ আছে - এইটো ভাৱেৰে চোৱা তেতিয়া উন্নতিৰ জখলা যেন অনুভৱ হ'ব আৰু আগবাঢ়ি গৈ থাকিবা।

স্লোগান:
বিঘিনি ৰূপ নহয়, বিঘিনি নাশক হোৱা।