12.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল তোমালোকৰ মোহৰ জৰী এতিয়া ছিঙি যোৱা উচিত কিয়নো এই গোটেই সৃষ্টিৰ বিনাশ হব, এই পুৰণি সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি যাতে ৰুচি নাথাকে

প্ৰশ্ন:
যিসকল সন্তান আত্মিক নিচাত মতলীয়া হৈ থাকে তেওঁলোকক কি আখ্যা দিয়া হব? কোনসকল সন্তান নিচাত মতলীয়া হৈ থাকিব?

উত্তৰ:
আত্মিক নিচাত মতলীয়া হৈ থকা সন্তানসকলক মতলীয়া ৰজা আখ্যা দিয়া হয়, তেওঁলোকেই ময়ুৰ পাখিৰ মুকুটধাৰী হয়। তেওঁলোকৰ ৰজা হোৱাৰ নিচা উৰ্দ্ধগামী হৈ থাকে। বুদ্ধিত থাকে যে আমি এতিয়া ফকীৰৰ পৰা চহকী হওঁ। নিচাত মতলীয়া হৈ তেওঁলোক থাকে যিসকল ৰুদ্ৰ মালাত আহিব। নিচা সেইসকল সন্তানৰ থাকে যিসকলৰ নিশ্চয়তা আছে যে আমি এতিয়া ঘৰলৈ যাম পুনৰ নতুন সৃষ্টিলৈ আহিম।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলৰ সৈতে বাৰ্তালাপ কৰি আছে। ইয়াক কোৱা হয় আত্মাসকলৰ প্ৰতি আত্মিক জ্ঞান। আত্মা হল জ্ঞানৰ সাগৰ। মনুষ্য কেতিয়াও জ্ঞানৰ সাগৰ হব নোৱাৰে। মনুষ্য হৈছে ভক্তিৰ সাগৰ। সকলোতো মনুষ্যই হয়। যিসকল ব্ৰাহ্মণ হয় তেওঁলোকে জ্ঞান সাগৰৰ পৰা জ্ঞান প্ৰাপ্ত কৰি মাষ্টৰ জ্ঞান সাগৰ হৈ যায়। দেৱতাসকলৰ আকৌ জ্ঞানো নাথাকে ভক্তিও নাথাকে। দেৱতাই এই জ্ঞান নাজানে। জ্ঞানৰ সাগৰ এজনেই পৰমপিতা পৰমাত্মা গতিকে তেওঁকে হীৰাৰ নিচিনা বুলি কোৱা হব। তেৱেঁই আহি কড়িৰ পৰা হীৰা, পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ কৰি তোলে। মনুষ্যই একো নাজানে। দেৱতাসকলেই আকৌ আহি মনুষ্য হয়। শ্ৰীমতৰ দ্বাৰা দেৱতা হৈ যায়। আধাকল্প তাত কাৰো মতৰ দৰকাৰ নাই। ইয়াততো অনেক গুৰুৰ মত লৈ থাকে। এতিয়া পিতাই বুজাইছে - তোমালোকে সৎগুৰুৰ শ্রীমত পোৱা। শিখসকলে কয় - সৎগুৰু অকাল। তাৰো অর্থ নাজানে। আহ্বানো কৰে সৎগুৰু অকালমূৰ্ত অৰ্থাৎ সৎগতি কৰোঁতা অকালমূৰ্ত। অকালমূৰ্ত বুলি পৰমপিতা পৰমাত্মাকে কোৱা হয়। সৎগুৰু আৰু গুৰুৰ মাজতো দিন-ৰাতিৰ পাৰ্থক্য আছে। সেয়া ব্ৰহ্মাৰ দিন আৰু ৰাতি বুলি কোৱা হয়। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি গতিকে নিশ্চয় কোৱা হব ব্ৰহ্মাই পুনৰ্জন্ম লয়। ব্ৰহ্মাই এই দেৱতা বিষ্ণু হয়গৈ। তোমালোকে শিৱবাবাৰ মহিমা কৰা। তেওঁৰ জন্ম হীৰাতুল্য।

এতিয়া তোমালোক সন্তানসকল গৃহস্থালিত থাকিও পৱিত্ৰ হোৱা। তোমালোক পৱিত্ৰ হৈ আকৌ এই জ্ঞান ধাৰণা কৰিব লাগে। কুমাৰীসকলৰতো কোনো বন্ধন নাই। তেওঁলোকৰ কেৱল মা-পিতা বা ভাই-ভনীৰ স্মৃতি থাকিব। পাছত শহুৰৰ ঘৰলৈ গলে দুটি পৰিয়াল হৈ যায়। এতিয়া পিতাই তোমালোকক কয় - অশৰীৰী হৈ যোৱা। এতিয়া তোমালোক সকলো উভতি যাব লাগে। তোমালোকক পৱিত্ৰ হোৱাৰ উপায়ো শুনাওঁ। পতিত-পাৱন ময়েই হওঁ। মই প্ৰতিশ্ৰুতি দিছোঁ তোমালোকে মোক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। যেনেকৈ পুৰণা সোণ জুইত দিলে খাদ আঁতৰি যায়, প্ৰকৃত সোণ থাকি যায়। এয়াও যোগ অগ্নি। এই সংগমযুগতে বাবাই এই ৰাজযোগ শিকায়, সেই কাৰণে তেওঁৰ মহিমা বহুত। ৰাজযোগ যি ভগৱানে শিকাইছিল সেয়া সকলোৱে শিকিব বিচাৰে। বিলাতৰ পৰাও সন্ন্যাসীসকলে বহুতক লৈ আহে। তেওঁলোকে ভাবে এওঁলোকে সন্ন্যাস কৰিছে। এতিয়া সন্ন্যাসীতো তোমালোকো হোৱা। কিন্তু বেহদৰ সন্ন্যাসৰ বিষয়ে কোনেও নাজানে। বেহদৰ সন্ন্যাসতো কেৱল এজন পিতাইহে শিকায়। তোমালোকে জানা যে এই পুৰণি সৃষ্টি এতিয়া নাশ হৈ যাব। এই সৃষ্টিৰ কোনো বস্তুৰ প্ৰতি আমাৰ ৰুচি নাথাকে। অমুকে শৰীৰ ত্যাগ কৰিলে, গৈ অন্য শৰীৰ ললে ভূমিকা পালন কৰিবৰ কাৰণে, তেন্তে আমি কিয়নো কান্দিব লাগে! মোহৰ জৰী ছিঙি যায়। আমাৰ সম্বন্ধ এতিয়া নতুন সৃষ্টিৰ সৈতে গঢ়ি উঠিছে। এনেকুৱা সন্তানসকল দৃঢ়তা সম্পন্ন মতলীয়া ময়ুৰ মুকুটধাৰী হয়। তোমালোকৰ ৰজা হোৱাৰ নিচা আছে। বাবাৰো (ব্ৰহ্মা) নিচা আছে নহয় - মই গৈ এই ময়ুৰ মুকুটধাৰী হমগৈ, ফকিৰৰ পৰা চহকী হমগৈ। ভিতৰি নিচাত মতলীয়া হৈ থাকে সেইবাবে মতলীয়া ৰজা বুলি কয়। ইয়াৰতো সাক্ষাৎকাৰো হয়। গতিকে যেনেকৈ এওঁ নিচাত মতলীয়া হৈ আছে, তোমালোকো মতলীয়া হৈ থাকিব লাগে। তোমালোকো ৰুদ্ৰ মালাত গঁথা যাবা। যাৰ দৃঢ় নিশ্চয় জন্মি যায় তেওঁ নিচাত মতলীয়া হৈ থাকিব। আমি আত্মাসকল এতিয়া ঘৰলৈ উভতি যাব লাগে। পুনৰ নতুন সৃষ্টিলৈ আহিম। এইটো নিশ্চয়েৰে যিয়ে এওঁকো (ব্ৰহ্মাক) চায় তেন্তে তেওঁক বালক (শ্ৰীকৃষ্ণৰ) ৰূপত দেখিবলৈ পায়। কিমান শোভনীয়। কৃষ্ণতো ইয়াত নাই। তেওঁৰ কাৰণে কিমান হায়ৰাণ হয়। দোলা সাজে, তেওঁক গাখীৰ খুৱায়। সেয়া হল জড় চিত্ৰ, এয়াতো আচল নহয় জানো। এওঁৰো নিশ্চয়তা আছে যে মই বালক হমগৈ। তোমালোক কন্যাসকলকো দিব্য দৃষ্টিত শিশুৰ ৰূপত দেখা যায়। এই দুচকুৰেতো দেখা নাযায়। আত্মাৰ যেতিয়া দিব্য দৃষ্টি প্ৰাপ্ত হয় তেতিয়া দেহৰ বোধ নাথাকে। সেই সময়ত নিজক মহাৰাণী আৰু তেওঁক শিশু বুলি ভাবিব। এই সাক্ষাৎকাৰো এই সময়ত বহুতৰে হয়। শুভ্ৰ বস্ত্ৰধাৰীৰো সাক্ষাৎকাৰ বহুতৰে হয়। সাক্ষাৎকাৰত কয় তুমি তেওঁলোকৰ ওচৰলৈ যোৱা, জ্ঞান লোৱা তেতিয়া ৰাজকুমাৰ হৈ যাবা। এয়া যাদু নহল জানো। চুক্তিও বহুত ভাল কৰে। কড়ি লৈ হীৰা-মুকুতা দিয়ে। হীৰাৰ দৰে তোমালোক হৈ যোৱা। শিৱবাবাই তোমালোকক হীৰাৰ দৰে কৰি তোলে, সেই কাৰণে মহিমা তেওঁৰেই। মনুষ্যই নুবুজা বাবে যাদু বুলি কৈ দিয়ে। যিসকলে আশ্চৰ্যজনকভাৱে জ্ঞানমাৰ্গৰ পৰা আঁতৰি যায় তেওঁলোকে গৈ আনক ওলোটা কথা শুনায়। এনেকৈ বহুত নিন্দুক হৈ পৰে। তেওঁলোকৰ কাৰণে কোৱা হয় - গুৰুৰ নিন্দুকে উচ্চ পদ পাব নোৱাৰে। ইয়াততো সত্য পিতা আছে নহয়। এই কথাও তোমালোকে এতিয়াহে বুজি পোৱা। মনুষ্যইতো কৈ দিয়ে যে তেওঁ যুগে যুগে আহে। বাৰু, চাৰিটা যুগ আছে তেন্তে 24 অৱতাৰ বুলি কেনেকৈ কব পাৰি? আকৌ কয় পাথৰ-শিলগুটি প্ৰতিটো কণাতে পৰমাত্মা আছে, তেনেহলে সকলো পৰমাত্মা হৈ গল। পিতাই কয় - মই কড়িৰ পৰা হীৰা কৰি তোলোঁতা হওঁ, মোক আকৌ পাথৰ-শিলগুটিতো আছে বুলি কৈ দিলে। সৰ্বব্যাপি হৈ গলোঁ অৰ্থাৎ সকলোতে আছোঁ তেন্তে কোনো মূল্যই নাথাকিল। মোৰ কেনেকৈ অপকাৰ কৰে। বাবাই কয় - এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যেতিয়া এনেকুৱা হৈ যায় তেতিয়া পিতা পুনৰ আহি উপকাৰ কৰে অৰ্থাৎ মনুষ্যক দেৱতা কৰি তোলে।

বিশ্বৰ বুৰঞ্জী-ভূগোল আকৌ পুনৰাবৃত্তি হব। সত্যযুগত পুনৰ এই লক্ষ্মী-নাৰায়ণেই আহিব। তাত কেৱল ভাৰতেই থাকে। আৰম্ভণিত বহুত কম সংখ্যক দেৱতা থাকিব পাছত ক্ৰমান্বয়ে বৃদ্ধি হৈ হৈ 5 হাজাৰ বছৰত কিমান হৈ গল। এতিয়া এই জ্ঞান আন কাৰো বুদ্ধিত নাই। বাকী হৈছে ভক্তি। দেৱতাসকলৰ চিত্ৰৰ মহিমা গাই থাকে। এইটো নুবুজে যে এওঁলোক চৈতন্য ৰূপত আছিল, আকৌ কলৈ গল? চিত্ৰৰ পূজা কৰে কিন্তু তেওঁলোক কত আছে? তেওঁলোকো তমোপ্ৰধান হৈ পুনৰ সতোপ্ৰধান হবলগীয়া হয়। এই কথা কাৰো বুদ্ধিত উদয় নহয়। এনেকুৱা তমোপ্ৰধান বুদ্ধিক পুনৰ সতোপ্ৰধান কৰি কৰি তোলাতো পিতাৰহে কাম। এই লক্ষ্মী-নাৰায়ণ অতীত হৈ গল, সেই কাৰণে এওঁলোকৰ মহিমা কৰে। উচ্চতকৈও উচ্চ এজনেই ভগৱান। বাকীতো সকলোৱে পুনৰ্জন্ম লৈ থাকে। উচ্চতকৈও উচ্চ পিতাইহে সকলোকে মুক্তি-জীৱনমুক্তি দিয়ে। তেওঁ যদি নাহে তেন্তে আৰুহে বেছি মূল্যহীন তমোপ্ৰধান হৈ যাব। যেতিয়া এওঁলোকে (লক্ষ্মী-নাৰায়ণে) ৰাজত্ব কৰিছিল তেতিয়া মূল্যৱান আছিল। তাত কোনো পূজা আদি নকৰিছিল। পূজ্য দেৱী-দেৱতাসকলেই পূজাৰী হৈ গল, বাম মাৰ্গত বিকাৰী হৈ গল। এয়া কোনেও নাজানে যে এওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী আছিল। তোমালোক ব্ৰাহ্মণসকলৰ মাজতো এই কথা ক্ৰমানুসৰিহে বুজি পায়। নিজেই যদি সম্পূৰ্ণকৈ বুজি নাপায় তেন্তে আনক কি বুজাব! নাম হৈছে ব্ৰহ্মাকুমাৰ-কুমাৰী, যদি বুজাব নোৱাৰে তেন্তে লোকচান কৰি দিয়ে। সেই কাৰণে কোৱা উচিত মই জেষ্ঠ ভগ্নীক মাতি দিওঁ, তেওঁ আপোনাক বুজাব। ভাৰতেই হীৰাতুল্য আছিল, এতিয়া কড়িতুল্য। দৰিদ্ৰ ভাৰতক মুকুটধাৰী কোনে কৰি তুলিব? লক্ষ্মী-নাৰায়ণ এতিয়া কত আছে? হিচাপ কৰি কোৱা? কব নোৱাৰিব। সেয়া হল ভক্তিৰ সাগৰ। সেয়াই নিচা লাগি আছে। তোমালোক হৈছা জ্ঞান সাগৰ। তেওঁলোকেতো শাস্ত্ৰকে জ্ঞান বুলি ভাবে। পিতাই কয় - শাস্ত্ৰত ভক্তিৰ নীতি প্ৰথা আছে। যিমানেই তোমালোক জ্ঞানৰ শক্তিৰে ভৰপূৰ হৈ গৈ থাকিবা তোমালোক চুম্বক হৈ যাবা। তেতিয়া সকলোকে আকৰ্ষিত কৰিব। এতিয়া সেয়া হোৱা নাই। তথাপিও যথা যোগ, যথা শক্তিৰে যিমানে পিতাক স্মৰণ কৰে। এনেকুৱা নহয় যে সদায় পিতাক স্মৰণ কৰে। তেনেহলেতো এই শৰীৰো নাথাকিব। এতিয়াতো বহুতকে বাৰ্তা দিবলৈ আছে, পয়গম্বৰ (বাৰ্তাবাহক) হব লাগে। তোমালোক সন্তানসকলেই পয়গম্বৰ হোৱা আন কোনেও নহয়। যীশুখ্ৰীষ্ট আদি আহি ধৰ্ম প্ৰতিষ্ঠা কৰে, তেওঁলোকক পয়গম্বৰ বুলি কোৱা নহব। খ্ৰীষ্টিয়ান ধৰ্ম প্ৰতিষ্ঠা কৰিলে অন্য একোতো নকৰিলে। তেওঁ কাৰোবাৰ শৰীৰত আহিল আকৌ তেওঁৰ পিছে পিছে অন্যসকল আহে। ইয়াততো এয়া ৰাজধানী স্থাপনা হৈ আছে। আগলৈ গৈ তোমালোক সকলোৰে সাক্ষাৎকাৰ হব - মই কি হমগৈ, এইটো এইটো বিকৰ্ম কৰিলোঁ। সাক্ষাৎকাৰ হবলৈ দেৰি নালাগে। কাশীত আত্মঘাতী হৈছিল, একেবাৰে থিয় হৈ কুঁৱাত জপিয়াই দিছিল। এতিয়া চৰকাৰে বন্ধ কৰি দিছে। তেওঁলোকে ভাবে আমি মুক্তি পাই যাম। পিতাই কয় - মুক্তিতো কোনেও পাব নোৱাৰে। অলপ সময়তে যেন সকলো জন্মৰ দণ্ড ভোগ কৰে। পুনৰ নতুনকৈ হিচাপ-নিকাচ আৰম্ভ হয়। উভতিতো কোনেও যাব নোৱাৰে। কত গৈ থাকিব? আত্মাৰ বংশ তালিকাই ওলট-পালট হৈ যাব। ক্ৰমানুসৰি আহিব আকৌ যাব। সন্তানসকলৰ সাক্ষাৎকাৰ হয় তেতিয়া এই চিত্ৰ আদি অংকন কৰে। 84 জন্মৰ গোটেই সৃষ্টি চক্ৰৰ আদি-মধ্য-অন্তৰ জ্ঞান তোমালোকে পাইছা। আকৌ তোমালোকৰ মাজতো ক্ৰমানুসৰি হয়। কোনোবা বহুত নম্বৰ লৈ উত্তীৰ্ণ হয় কোনোবাই কম। এশ নম্বৰ কাৰোৱেই নহয়। 100 নম্বৰ হয়েই এজন পিতাৰ। সেয়াতো কোনেও হব নোৱাৰে। অলপ অলপ পাৰ্থক্য আহি যায়। একে ধৰণৰো হব নোৱাৰে। কিমান অনেক মনুষ্য আছে সকলোৰে চেহেৰা নিজা নিজা। আত্মা কিমান সূক্ষ্ম বিন্দু। মনুষ্য কিমান ডাঙৰ হয় কিন্তু ইজনৰ চেহেৰা সিজনৰ লগত নিমিলে। যিমান আত্মা আছে আকৌ সিমানেই থাকিব সেইবাবেতো তাত ঘৰত থাকিব। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এই ক্ষেত্ৰত অলপো হীনডেঢ়ি হব নোৱাৰে। এবাৰ যি দৃশ্য গ্ৰহণ হৈ গল সেয়াই আকৌ দেখিবলৈ পোৱা যাব। তোমালোকে কবা 5 হাজাৰ বছৰ পূৰ্বেও আমি এনেকৈ মিলিত হৈছিলোঁ। এক চেকেণ্ডো কম বেছি হব নোৱাৰে। ড্ৰামা নহয় জানো। যাৰ বুদ্ধিত এই ৰচয়িতা আৰু ৰচনাৰ জ্ঞান আছে তেওঁলোকক স্বদৰ্শন চক্ৰধাৰী বুলি কোৱা হয় পিতাৰ পৰাই এই জ্ঞান পোৱা যায়। মনুষ্যই মনুষ্যক এই জ্ঞান দিব নোৱাৰে। ভক্তি মনুষ্যই শিকায়, জ্ঞান কেৱল এজন পিতাইহে শিকায়। জ্ঞানৰ সাগৰতো এজন পিতাই হয়। আকৌ তোমালোক জ্ঞান নদী হোৱা। জ্ঞান সাগৰ আৰু জ্ঞান নদীৰ পৰাই মুক্তি আৰু জীৱনমুক্তি পোৱা যায়। সেয়াতো হৈছে পানীৰ নদী। পানীতো সদায় আছেই। জ্ঞান সংগমযুগতহে পোৱা যায়। পানীৰ নদীতো ভাৰতত বৈয়ে থাকে, বাকী ইমানবোৰ চহৰ শেষ হৈ যায়। খণ্ডই নাথাকে। বৰষুণতো নিশ্চয় হব। পানী, পানীত গৈ পৰে। এইখনেই ভাৰত হব।

এতিয়া তোমালোকে গোটেই জ্ঞান পাইছা। এয়া হল জ্ঞান, বাকী হৈছে ভক্তি। হীৰাতুল্য এজনেই শিৱবাবা, যাৰ জয়ন্তী পালন কৰা হয়। সুধিব লাগে - শিৱবাবাই কি কৰিলে? তেওঁতো আহি পতিতক পাৱন কৰি তোলে। আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। সেইবাবে গোৱা হয় - জ্ঞান সূৰ্য প্ৰকট হলে অজ্ঞান অন্ধকাৰ নাশ হয়... জ্ঞানৰ দ্বাৰা দিন আৰু ভক্তিৰ দ্বাৰা ৰাতি হয়। এতিয়া তোমালোকে জানা যে আমি 84 জন্ম পূৰা কৰিলোঁ। এতিয়া বাবাক স্মৰণ কৰিলে পৱিত্ৰ হৈ যাম। তেতিয়া শৰীৰো পাৱন পাম। তোমালোক সকলো ক্ৰমানুসৰি পাৱন হোৱা। কিমান সহজ কথা। মুখ্য কথা হল স্মৃতিত থকাৰ। বহুত আছে যিসকলে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবও নাজানে। তথাপিও সন্তান হৈছে গতিকে স্বৰ্গলৈ নিশ্চয় আহিব। এই সময়ৰ পুৰুষাৰ্থ অনুসৰিয়ে ৰাজ্য স্থাপনা হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় এইটো নিচাত থাকিব লাগে যে মই মাষ্টৰ জ্ঞান সাগৰ হওঁ, নিজৰ মাজত জ্ঞানৰ শক্তি ভৰাই চুম্বক হব লাগে, আত্মিক পয়গম্বৰ (বাৰ্তাবাহক) হব লাগে।

(2) এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ দ্বাৰা সৎগুৰু পিতাৰ নাম বদনাম হয়। যিয়েই নহওঁক কেতিয়াও কান্দিব নালাগে।

বৰদান:
সত্যতাৰ আধাৰৰ দ্বাৰা চলন আৰু চেহেৰাৰ দ্বাৰা দিব্যতাৰ অনুভূতি কৰাওঁতা সত্যবাদী হোৱা

জগতত অনেক আত্মাই নিজক সত্যবাদী বুলি কয় বা বুজে কিন্তু সম্পূৰ্ণ সত্যতা পৱিত্ৰতাৰ আধাৰতহে হয়। পৱিত্ৰতা নাথাকিলে তেন্তে সদায় সত্যতা থাকিব নোৱাৰে। সত্যতাৰ আধাৰ হৈছে পৱিত্ৰতা আৰু সত্যতাৰ বাস্তৱিক প্ৰমাণ হৈছে চেহেৰা আৰু চলনত দিব্যতা থাকিব। পৱিত্ৰতাৰ আধাৰত সত্যতাৰ স্বৰূপ স্বতঃ আৰু সহজে আহি যায়। যেতিয়া আত্মা আৰু শৰীৰ দুয়োটা পাৱন হব তেতিয়া সম্পূৰ্ণ সত্যবাদী অৰ্থাৎ দিব্যতা সম্পন্ন দেৱতা বুলি কোৱা হব।

স্লোগান:
বেহদৰ সেৱাত ব্যস্ত হৈ থাকিলে বেহদৰ বৈৰাগ্য স্বতঃ জাগিব।