12.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাৰ মৰমতো সকলো সন্তানৰ প্ৰতি আছে কিন্তু যিসকলে পিতাৰ ৰায় তৎক্ষণাৎ মানি লয়, তেওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। গুণৱান সন্তানে মৰম আকৰ্ষিত কৰে”

প্ৰশ্ন:
পিতাই কোনটো ঠিকা লৈছে?

উত্তৰ:
সকলোকে ফুল কৰি উভতাই লৈ যোৱাৰ ঠিকা এজন পিতাৰ। পিতাৰ নিচিনা ঠিকাদাৰ সৃষ্টিত আৰু আন কোনো নাই। তেৱেঁই সকলোৰে সৎগতি কৰিবলৈ আহে। পিতাই সেৱা অবিহনে থাকিব নোৱাৰে। তেন্তে সন্তানসকলেও সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই যি শুনায় সেয়া আওকাণ কৰিব নালাগে।

ওঁম্শান্তি।
আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায় - সন্তানসকল, নিজক আত্মা বুলি বুজি বহা। এয়া এজন পিতাইহে বুজায় অন্য কোনো মন্যষ্যই বুজাব নোৱাৰে। নিজক আত্মা বুলি বুজা - এয়া 5 হাজাৰ বছৰ পাছত পিতাহে আহি শিকায়। এয়াও তোমালোক সন্তানসকলেহে জানা। কোনেও গম নাপায় যে এতিয়া পুৰুষোত্তম সংগমযুগ। তোমালোক সন্তানসকলৰ এইটো স্মৃতিত থাকিব লাগে যে আমি পুৰুষোত্তম সংগমযুগত আছোঁ, এয়াও ‘মনমনাভৱ’ই হয়। পিতাই কয় - মোক স্মৰণ কৰা কিয়নো এতিয়া উভতি যাব লাগে। 84 জন্ম এতিয়া পূৰা হ’ল, এতিয়া সতোপ্ৰধান হৈ উভতি যাব লাগে। কোনোবাইতো একেবাৰেই স্মৰণ নকৰে। পিতাইতো প্ৰত্যেকৰে পুৰুষাৰ্থক ভালকৈ জানে। তাৰ ভিতৰতো বিশেষকৈ যিসকল ইয়াত আছে অথবা বাহিৰত আছে। বাবাই জানে যদিও ইয়াত বহি চাওঁ কিন্তু যিসকল মৰমৰ সেৱাধাৰী সন্তান আছে, স্মৰণ তেওঁলোকক কৰোঁ। তেওঁলোককেই চাওঁ, এইপাহ কেনেধৰণৰ ফুল, এওঁৰ কি কি গুণ আছে? কিছুমান এনেকুৱাও আছে যাৰ কোনো গুণ নাই। এতিয়া এনেকুৱাসকলক বাবাই চাই কি কৰিব। পিতাতো হৈছে চুম্বক, পৱিত্ৰ আত্মা গতিকে নিশ্চয় আকৰ্ষণ কৰিব। কিন্তু বাবাই ভিতৰি জানে, পিতাই নিজৰ গোটেই খতিয়ান জনায় গতিকে সন্তানসকলেও জনাব লাগে। পিতাই কয় - মই তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। আকৌ যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিব। যি পুৰুষাৰ্থ কৰে, সেয়াও গম পাব লাগে। বাবাই লিখে - সকলোৰে বৃত্তিৰ বিষয়ে লিখি পঠিওৱা অথবা তেওঁলোকৰ দ্বাৰা লিখি পঠিওৱা। যিসকল তৎপৰ বিচাৰ বুদ্ধি সম্পন্ন ব্ৰাহ্মণী তেওঁলোকে সকলোবোৰ তেওঁলোকৰ দ্বাৰা লিখাই পঠিয়াই দিয়ে - কি কাম কৰে, কিমান উপাৰ্জন হয়? পিতাই নিজৰ বিষয়ে সকলো শুনায় আৰু সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তেওঁ সকলোৰে অৱস্থাৰ বিষয়ে জানে। অনেক প্ৰকাৰৰ ভিন্ন ভিন্ন ফুল আছে নহয়। (এটি এটি ফুল দেখুৱাই) চোৱা, কেনেকুৱা অভিজাত ফুল। এতিয়া এনেকুৱা সুবাস, যেতিয়া পূৰ্ণ ৰূপত ফুলি যাব তেতিয়া অতি উত্তম শোভা হৈ যাব। তোমালোকো এই লক্ষ্মী-নাৰায়ণৰ দৰে লায়ক হৈ যাবা। গতিকে পিতাই চাই থাকে, এনেকুৱা নহয় যে সকলোকে শক্তিৰ কিৰণ দিয়ে। যি যেনেকুৱা তেনেকৈয়ে আকৰ্ষণ কৰে, যাৰ কোনো গুণ নাই তেওঁ কি আকৰ্ষণ কৰিব। এনেকুৱাসকল তালৈ গৈ পাই-পইচাৰ পদ পাব। বাবাই প্ৰত্যেকৰে গুণ চায় আৰু মৰমো কৰে। মৰমত দুচকু সেমেকি উঠে। এই সেৱাধাৰীসকলে কিমান সেৱা কৰে! এওঁলোকে সেৱা অবিহনে আৰাম নাপায়। কিছুমানেতো সেৱা কৰিবই নাজানে। যোগত নবহে। জ্ঞানৰ ধাৰণা নাই। বাবাই বুজি পায় - এওঁলোকে কি পদ পাব। কোনো লুকাই থাকিব নোৱাৰে। যিসকল সন্তান ভাল বুদ্ধিমান, সেৱাকেন্দ্ৰ চম্ভালে, তেওঁলোকে প্ৰত্যেকৰে খতিয়ান পঠিয়াব লাগে। তেতিয়া বাবাই বুজিব যে কিমানলৈকে পুৰুষাৰ্থী হয়। বাবাতো হৈছে জ্ঞানৰ সাগৰ। সন্তানসকলক জ্ঞান দিয়ে। কোনে কিমান জ্ঞান ধাৰণ কৰে, গুণৱান হয় - সেয়া তৎক্ষণাৎ গম পাই যায়। বাবাৰ মৰম সকলোৰে প্ৰতি আছে। ইয়াৰ ওপৰত এটি গীত আছে - “তোমাৰ কাঁইটৰ প্ৰতিও মৰম, তোমাৰ ফুলৰ প্ৰতিও মৰম...”। ক্ৰমানুসৰিতো হয়েই। গতিকে পিতাৰ প্ৰতি কিমান ভাল মৰম থকা উচিত। বাবাই যি কয় সেয়া তৎক্ষণাৎ কৰি দেখুৱাব লাগে তেতিয়া বাবায়ো বুজিব যে বাবাৰ প্ৰতি মৰম আছে। তেওঁলোক আকৰ্ষিত হ’ব। পিতাৰ এনেকুৱা আকৰ্ষণ আছে যে একেবাৰে লিপিত খাই ধৰিব। কিন্তু যেতিয়ালৈকে মামৰ আঁতৰি নাযায় তেতিয়ালৈকে আকৰ্ষিতো নহ’ব। এজন এজনক চাওঁ।

বাবাক সেৱাধাৰী সন্তান লাগে। পিতাতো সেৱাৰ বাবেই আহে। পতিতসকলক পাৱন কৰি তোলে। এয়া তোমালোকে জানা, জগতৰ লোকে নাজানে কিয়নো এতিয়া তোমালোক সংখ্যাত বৰ তাকৰ। যেতিয়ালৈকে যোগযুক্ত নহ’ব তেতিয়ালৈকে আকৰ্ষিত নহ’ব। সেইটো পৰিশ্ৰম বহুত কম সংখ্যকে কৰে। কিবা নহয় কিবা কথাত ওলমি থাকে। এয়া তেনেকুৱা সৎসংগ নহয় যে যি শুনিলে তাকে সত্য সত্য বুলি কয়। সকলো শাস্ত্ৰৰ শিৰোমণি হৈছে একমাত্ৰ ‘গীতা’। ‘গীতা’তে ‘ৰাজযোগ’ৰ কথা আছে। বিশ্বৰ মালিকতো পিতাই হয়। সন্তানসকলক কৈ থাকোঁ যে ‘গীতা’ৰ দ্বাৰাই প্ৰভাৱ বিস্তাৰ হ’ব। কিন্তু ইমানখিনি শক্তিও থাকিব লাগিব। যোগবলৰ ভাল তীক্ষ্ণতা থকা উচিত যি ক্ষেত্ৰত তোমালোক বহুত দুৰ্বল। এতিয়া অলপ সময় আছে। এনেকৈ কয় – তুমি মিঠা হ’লে আনেও তোমাক মিঠা ব্যৱহাৰ কৰিব... মোক মৰম কৰিলে তেতিয়া ময়ো মৰম কৰিম। এয়া হ’ল আত্মাৰ মৰম। এজন পিতাৰ স্মৃতিত থাকা, এই স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ’ব। কিছুমানেতো একেবাৰে স্মৰণ নকৰে। পিতাই বুজায় - ইয়াত ভক্তিৰ কথা নাই। এয়া বাবাৰ ৰথ, এওঁৰ দ্বাৰা শিৱবাবাই পঢ়ায়। শিৱবাবাই নকয় যে মোৰ ভৰি ধুই জল পান কৰা। বাবাইতো হাত লগাবলৈও নিদিয়ে। এয়া হৈছে পঢ়া। হাত লগালে কি হ'ব। পিতাতো হৈছে সকলোৰে সৎগতি কৰোঁতা। কোটিৰ মাজত কোনোবাইহে এই কথাবোৰ বুজি পায়। যিসকল কল্প পূৰ্বৰ হ’ব তেওঁলোকেহে বুজিব। ভোলানাথ পিতা আহি হোজা মাতাসকলক জ্ঞান দান কৰি উচ্চ স্থানলৈ আনে। পিতাই একেবাৰে উচ্চত মুক্তি আৰু জীৱনমুক্তিত লৈ যায়। পিতাই কেৱল কয় - বিকাৰ ত্যাগ কৰা। ইয়াক লৈয়ে হুলস্থুল হয়। পিতাই বুজায় - নিজক চোৱা মোৰ কি কি অৱগুণ আছে? বেপাৰীলোকে নিতৌ নিজৰ লাভ লোকচানৰ খাতিয়ান উলিয়ায়। তোমালোকেও খাতিয়ান ৰাখা যে কিমান সময় অতিকৈ মৰমৰ বাবা, যিয়ে আমাক বিশ্বৰ মালিক কৰি তোলে, তেওঁক স্মৰণ কৰিলোঁ। তেতিয়া দেখিবা কমকৈ স্মৰণ কৰিলে নিজৰে লাজ লাগিব যে এনেহেন বাবাক মই স্মৰণেই নকৰিলোঁ। আমাৰ বাবা সকলোতকৈ অপূৰ্ব। স্বৰ্গও গোটেই সৃষ্টিতে অপূৰ্ব। তেওঁলোকেতো স্বৰ্গৰ লাখ লাখ বছৰৰ বুলি কৈ দিয়ে আৰু তোমালোকে 5 হাজাৰ বছৰ বুলি কোৱা। কিমান দিন আৰু ৰাতিৰ পাৰ্থক্য আছে। যিসকল বহুত পুৰণি ভক্ত তেওঁলোকৰ প্ৰতি বাবা উৎসৰ্গিত হৈ যায়। বহুত ভক্তি কৰিলে নহয়। বাবাই (ব্ৰহ্মাই) এইটো জন্মতো গীতা পঢ়িছিল আৰু নাৰায়ণৰ চিত্ৰও ৰাখিছিল। লক্ষ্মীক দাসত্বৰপৰা মুক্ত কৰি দিলে গতিকে কিমান আনন্দিত হৈ থাকে। যেনেকৈ আমি এই শৰীৰ ত্যাগ কৰি সত্যযুগত অন্য শৰীৰ ল’ম তেনেকৈ বাবাও আনন্দিত হৈ থাকে যে মই ৰাজকুমাৰ হ’মগৈ। পুৰুষাৰ্থও কৰাই থাকে। বিনা পৰিশ্ৰমেৰে কেনেকৈ হ’ব। তোমালোকেও ভালকৈ পিতাক স্মৰণ কৰিলে তেতিয়া স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবা। কিছুমানেতো নপঢ়েই, দৈৱীগুণো ধাৰণ কৰে। খতিয়ানেই নাৰাখে। খতিয়ান সদায় তেওঁলোকেহে ৰাখিব যিসকল উচ্চ হ’বলগীয়া হ’ব। নহ’লেতো কেৱল দেখুৱাবৰ কাৰণে কৰিব। 15-20 দিনৰ পাছত লিখিবলৈ এৰি দিয়ে। ইয়াততো পৰীক্ষা আদি সকলো গুপ্ত। প্ৰত্যেকৰে যোগ্যতাক পিতাই জানে। পিতাই কোৱা কথা তৎক্ষণাৎ মানি ল’লে কোৱা হ’ব আজ্ঞাকাৰী, একান্ত বাধ্য। বাবাই কয় - এতিয়া সন্তানসকলৰ বহুত কাম কৰিবলগীয়া আছে। কিমান ভাল ভাল সন্তানেও এৰি গুচি যায়। এওঁ কেতিয়াও কাকো ত্যাগ নকৰিব বা বিচ্ছেদ নহ’ব। এওঁতো ড্ৰামা অনুসৰি আহিছে বৃহৎ ঠিকা ল’বলৈ। মই সকলোতকৈ ডাঙৰ ঠিকাদাৰ। সকলোকে ফুল কৰি উভতাই লৈ যাম। তোমালোক সন্তানসকলে জানা যে পতিতক পাৱন কৰি তোলোঁতা ঠিকাদাৰ এজনেই। তেওঁ তোমালোকৰ সন্মুখত বহি আছে। কাৰোবাৰ অলপ নিশ্চয়তা আছে, কাৰোবাৰ একেবাৰে নাই। আজি ইয়াত আছে, কালিলৈ গুচি যাব, চলনেই এনেকুৱা। অন্তৰ নিশ্চয় দহিব - মই বাবাৰ ওচৰত থাকি, বাবাৰ হৈয়ো কি কৰিছোঁ। সেৱা একোৱেই নকৰিলে কি পাবা। ৰুটি সেকা, ব্যঞ্জন ৰন্ধা এয়াতো আগতেও কৰিছিলা। নতুন কাম কি কৰিলা? সেৱাৰ প্ৰমাণ দিব লাগে। ইমানক মাৰ্গ-দৰ্শন কৰিলোঁ।

এই ড্ৰামাখন বৰ বিস্ময়কৰভাৱে ৰচি থোৱা হৈছে। যি হৈ আছে তোমালোকে বাস্তৱত দেখি আছা। শাস্ত্ৰবোৰততো শ্ৰীকৃষ্ণৰ চৰিত্ৰ লিখি দিছে, কিন্তু চৰিত্ৰ হৈছে একমাত্ৰ পিতাৰ। তেৱেঁই সকলোৰে সৎগতি কৰে। এওঁৰ দৰে চৰিত্ৰ আন কাৰো হ’ব নোৱাৰে। চৰিত্ৰতো নিশ্চয় ভাল হ’ব লাগে। বাকী কাৰোবাক পলুৱাই নিয়া, এয়া কোনো চৰিত্ৰ নহয়। একমাত্ৰ পিতাই হৈছে সকলোৰে সৎগতি কৰোঁতা। তেওঁ কল্পই কল্পই আহি স্বৰ্গ স্থাপনা কৰে। লাখ লাখ বছৰৰ কোনো কথাই নাই।

গতিকে সন্তানসকলে ছিঃ ছিঃ অভ্যাস ত্যাগ কৰিব লাগে। নহ’লে কি পদ পাবা? প্ৰেমিকো গুণ দেখিহে প্ৰেমত পৰিব, নহয় জানো। প্ৰেমিক তেওঁলোকৰ প্ৰেমত পৰিব যিসকলে তেওঁৰ সেৱা কৰিব। যিয়ে সেৱা নকৰে তেওঁ কি কামৰ! এই কথাবোৰ বহুত বুজিবলগীয়া। পিতাই বুজায় - তোমালোক মহান ভাগ্যশালী হোৱা, তোমালোকৰ দৰে ভাগ্যৱান কোনো নাই। যদিও তোমালোক স্বৰ্গলৈ যাবা কিন্তু উচ্চ প্ৰালব্ধ গঢ়িব লাগে। কল্প-কল্পান্তৰৰ কথা। পদ কম হৈ যায়। যি পাম সেয়াই ভাল বুলি ভাবি আনন্দিত হ’ব নালাগে। পুৰুষাৰ্থ বহুত ভালকৈ কৰিব লাগে। সেৱাৰ প্ৰমাণ দিব লাগে - কিমানক নিজৰ সমান কৰি তুলিলোঁ? তোমালোকৰ প্ৰজা ক’ত? পিতা-শিক্ষকে সকলোকে পুৰুষাৰ্থ কৰায়। কিন্তু কাৰোবাৰ ভাগ্যত থাকিলেহে। সকলোতকৈ শ্ৰেষ্ঠ আশীৰ্বাদ এয়াই যে পিতাই নিজৰ শান্তিধাম এৰি পতিত সৃষ্টিত আৰু পতিত দেহত আহে। নহ’লে তোমালোকক ৰচয়িতা আৰু ৰচনাৰ জ্ঞান কোনে শুনাব? এইটোও কাৰো বুদ্ধিত ধাৰণ নহয় যে সত্যযুগত ৰামৰাজ্য আৰু কলিযুগত ৰাৱণৰাজ্য। ৰামৰাজ্যত এখনেই ৰাজ্য আছিল, ৰাৱণৰাজ্যত অনেক ৰাজ্য আছে সেই কাৰণে তোমালোকে সোধা – নৰকবাসী হয় নে স্বৰ্গবাসী? কিন্তু মনুষ্যই এইটো নুবুজে যে আমি ক’ত আছোঁ। এয়া হৈছে কাঁইটৰ জংঘল, সেইখন হ’ল ফুলৰ বাগিছা। গতিকে এতিয়া পিতা-মাতা আৰু অনন্য সন্তানসকলক অনুসৰণ কৰিব লাগে, তেতিয়াহে উচ্চ হ’ব পাৰিবা। পিতাই বুজাইতো বহুতেই। কিন্তু কোনোবা বুজোঁতাইহে বুজিব। কিছুমানেতো শুনি লৈ ভালকৈ বিচাৰ সাগৰ মন্থন কৰে। কিছুমানে বাবাই শুনোৱা কথাবোৰ আওকাণ কৰে। য’তে ত’তে লিখা আছে - শিৱবাবা স্মৃতিত আছেনে? তেতিয়া উত্তৰধিকাৰো স্মৃতিলৈ আহিব। দৈৱীগুণ থাকিলে দেৱতা হ’বাগৈ। যদি ক্ৰোধ থাকে, আসুৰি অৱগুণ থাকে তেন্তে উচ্চ পদ পাব নোৱাৰিবা। তাত কোনো ভূত নাথাকে। ৰাৱণেই নাই গতিকে ৰাৱণৰ ভূত ক’ৰ পৰা আহিব। দেহ-অভিমান, কাম, ক্ৰোধ… এইবোৰ হ’ল ডাঙৰ ভূত। এইবোৰ দূৰ কৰাৰ একমাত্ৰ উপায় হ’ল - বাবাৰ স্মৃতি। বাবাৰ স্মৃতিৰেহে সকলো ভূত দূৰ হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাত্ৰি ক্লাছ: -

বহুত সন্তানৰ অন্তৰে বিচাৰে যে আমিও আনক নিজৰ সমান কৰি তোলাৰ সেৱা কৰোঁ। নিজৰ প্ৰজা তৈয়াৰ কৰোঁ। যেনেকৈ আমাৰ অন্য ভাতৃসকলে সেৱা কৰে আমিও তেনেকৈ কৰোঁ। মাতাসকল সংখ্যাত অধিক। কলহো মাতাসকলকেই দিয়া হৈছে। বাকী এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। দুয়োৱেই লাগে নহয়। বাবাই সোধে - কিমান সন্তান আছে? চায় সঠিক উত্তৰ দিয়ে নে নিদিয়ে। 5 টি নিজৰ আৰু এটি হ’ল শিৱবাবা। কিছুমানেতো ক’ব লাগে কাৰণে কৈ দিয়ে। কিছুমনে সঁচাকৈ কয়। যিসকলে উত্তৰাধিকাৰী কৰি লয় তেওঁলোক বিজয়মালাত গঁথা যাব। যিয়ে সঁচাকৈ উত্তাৰাধিকাৰী কৰি লয় তেওঁলোক নিজেও উত্তৰাধিকাৰী হয়। অন্তৰ সঁচা হ’লে চাহেব ৰাজী হয়.... বাকীতো সকলোৱে ক’ব লাগে কাৰণে কৈ দিয়ে। এই সময়ত পাৰলৌকিক পিতাহে আছে যিয়ে সকলোকে উত্তৰাধিকাৰ দিয়ে। সেয়েহে স্মৰণো তেওঁকেই কৰিব লাগে যাৰ দ্বাৰা 21 জন্মৰ উত্তৰাধিকাৰ পোৱা যায়। বুদ্ধিত জ্ঞান আছে যে এয়াতো একোৱেই নাথাকিবগৈ। পিতাই প্ৰত্যেকৰে অৱস্থাক চায় সঁচা উত্তৰাধিকাৰী কৰি লৈছে নে কৰিবলৈ চিন্তা কৰি আছে। উত্তৰাধিকাৰী কৰি লোৱাৰ অৰ্থ বুজেনে। বহুত আছে যিয়ে বুজি পায়ো বাবাক উত্তৰাধিকাৰী কৰি ল’ব নোৱাৰে কিয়নো মায়াৰ বশীভূত হৈ আছে। এই সময়ত হয়তো ঈশ্বৰৰ বশ হ’ব নতুবা মায়াৰ বশ হ’ব। যিসকল ঈশ্বৰৰ বশ হ’ব তেওঁলোকে উত্তৰাধিকাৰী কৰি ল’ব। মালা আঠৰো হয়, 108 ৰো হয়। আঠ গৰাকীয়েতো নিশ্চয় চমৎকাৰ কৰিব। সঁচাকৈ উত্তৰাধিকাৰী কৰিহে এৰিব। যদিও উত্তৰাধিকাৰী কৰি লয় উত্তৰাধিকাৰতো তেওঁলোকে লৈ লয়। তথাপিও এনেকুৱা উচ্চ উত্তৰাধিকাৰী কৰি লওঁতাসকলৰ কৰ্মও এনেকুৱা উচ্চ হ’ব। কোনো বিকৰ্ম নহয়। যি বিকাৰ আছে সেয়া সকলো বিকৰ্মই নহয় জানো। পিতাক বাদ দি অন্য কাৰোবাক স্মৰণ কৰা - এইটোও বিকৰ্ম। পিতা মানে পিতা। পিতাই মুখেৰে কয় মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। নিৰ্দেশনা পাইছা নহয়। গতিকে একেবাৰে পিতাৰ স্মৃতিত থকা – এই ক্ষেত্ৰতে বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এজন পিতাক স্মৰণ কৰিলে মায়াই ইমান আমনি নকৰে। বাকী মায়াও বহুত শক্তিশালী। বুজি পোৱা যে মায়াই বহুত বিকৰ্ম কৰায়। ডাঙৰ ডাঙৰ মহাৰথীসকলকো বগৰাই পেলায়। দিনে-প্ৰতিদিনে সেৱাকেন্দ্ৰৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব। গীতা পাঠশালা বা মিউজিয়াম খুলি থাকিব। গোটেই সৃষ্টিৰ মনুষ্যই পিতাৰ কথাও মানিব, ব্ৰহ্মাৰ কথাও মানিব। ব্ৰহ্মাকে প্ৰজাপিতা বুলি কোৱা হয়। আত্মাসকলকতো প্ৰজা বুলি কোৱা নহ’ব। মনুষ্য সৃষ্টি কোনে ৰচে? প্ৰজাপিতা ব্ৰহ্মাৰ নাম আহে তেন্তে তেওঁ সাকাৰ, তেওঁ নিৰাকাৰ হৈ গ’ল। তেওঁতো অনাদি। তেওঁকো অনাদি বুলি ক’ব। দুয়োজনৰ নাম আটাইতকৈ উচ্চ। তেওঁ আত্মিক পিতা, তেওঁ প্ৰজাপিতা। দুয়োজনে বহি তোমালোকক পঢ়ায়। কিমান উচ্চ হ’লা! সন্তানসকলৰ কিমান নিচা থকা উচিত! কিমান আনন্দিত হোৱা উচিত। কিন্তু মায়াই আনন্দত বা নিচাত থাকিব নিদিয়ে। এনেকুৱা বিদ্যাৰ্থীয়ে যদি বিচাৰ সাগৰ মন্থন কৰি থাকে তেন্তে সেৱাও কৰিব পাৰিব। আনন্দিত হৈও থাকিব পাৰে, কিন্তু কিজানি এতিয়া সময় বাকী আছে। যেতিয়া কৰ্মাতীত অৱস্থা হ’ব তেতিয়া আনন্দিত হয়ো থাকিব পাৰিব। বাৰু - আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিতৌ ৰাতি খতিয়ান চাব লাগে যে অতিকৈ মৰমৰ বাবাক গোটেই দিনটোত কিমান স্মৰণ কৰিলোঁ? নিজক জাহিৰ কৰিবলৈ খতিয়ান ৰাখিব নালাগে, গুপ্ত পুৰুষাৰ্থ কৰিব লাগে।

(2) পিতাই যি শুনায়, তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰিব লাগে, সেৱাৰ প্ৰমাণ দিব লাগে। পিতাই শুনোৱা কথা আওকাণ কৰিব নালাগে। ভিতৰত যদি কিবা আসুৰি অৱগুণ আছে তেন্তে সেয়া পৰীক্ষা কৰি আঁতৰাব লাগে।

বৰদান:

বৈৰাগ্য বৃত্তিৰে এই অসাৰ সংসাৰৰ পৰা আকৰ্ষণ মুক্ত হৈ থাকোঁতা সঁ‌চা ৰাজঋষি হোৱা

ৰাজঋষি অৰ্থাৎ ৰাজ্য থকা স্বত্বেও বেহদৰ বৈৰাগী, দেহ আৰু দেহৰ পুৰণি সৃষ্টিৰ প্ৰতি অলপো আকৰ্ষণ নাথাকে কিয়নো জানে এইখন পুৰণি সৃষ্টি হয়েই অসাৰ সংসাৰ, ইয়াত কোনো সাৰ নাই। অসাৰ সংসাৰত ব্ৰাহ্মণৰ শ্ৰেষ্ঠ সংসাৰ পাই গ'ল সেয়েহে সেই সংসাৰৰ প্ৰতি বেহদৰ বৈৰাগ্য অৰ্থাৎ কোনো আকৰ্ষণ নাই। যেতিয়া কাৰো প্ৰতি আকৰ্ষণ বা বশ্যতা নাথাকিব তেতিয়া ৰাজঋষি বা তপস্বী বুলি কোৱা হ'ব।

স্লোগান:
যুক্তিযুক্ত বচন সেয়া যি মধুৰ আৰু শুভ ভাৱনা সম্পন্ন।