13.02.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল বিদেহী হৈ পিতাক স্মৰণ কৰা, স্ব-ধৰ্মত স্থিত হৈ থাকিলে শক্তি প্ৰাপ্ত হব, আনন্দিত আৰু স্বাস্থ্যৱান হৈ থাকিবা, বেটেৰী ভৰপূৰ হৈ গৈ থাকিব

প্ৰশ্ন:
ড্ৰামাৰ কোনটো নিৰ্ধাৰিত কথা জনাৰ কাৰণে তোমালোক সন্তানসকল সদায় অবিচলিত হৈ থাকা?

উত্তৰ:
তোমালোকে জানা যে এই বোমা আদি যি তৈয়াৰ কৰা হৈছে এয়া নিশ্চয় নিক্ষেপ কৰিব। বিনাশ হলেহে আমাৰ নতুন সৃষ্টি আহিব। এয়া অনাদি ৰূপত ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, মৰিবতো সকলোৱে লাগিব। তোমালোক আনন্দিত হোৱা যে আমি এই পুৰণা শৰীৰ এৰি ৰাজপৰিয়াৰত জন্ম ল'ম। তোমালোকে ড্ৰামাক সাক্ষী হৈ প্ৰত্যক্ষ কৰা, ইয়াত অস্থিৰ হোৱাৰ কথা নাই, কন্দাৰ কোনো দৰকাৰ নাই।

ওঁম্শান্তি।
পিতাই বহি সন্তানসকলক বুজায় - এয়া যি আদি-সনাতন দেৱী-দেৱতা ধৰ্ম আছিল তাক হিন্দু ধৰ্মত কিয় আনিলে? তাৰ কাৰণ উলিয়াব লাগে। প্ৰথমতে আদি-সনাতন দেৱী-দেৱতা ধৰ্মই আছিল। পাছত যেতিয়া বিকাৰী হ'ল তেতিয়া নিজক দেৱতা বুলি ক'ব নোৱাৰা হ'ল। সেয়েহে নিজক আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ সলনি আদি-সনাতন হিন্দু বুলি কৈ দিলে। আদি-সনাতন শব্দটিও ৰাখিছে। কেৱল দেৱতা সলনি কৰি হিন্দু ৰাখি দিলে। সেই সময়ত যেতিয়া ইছলামীসকল আহিল তেতিয়া সেই বহিৰাগতসকল আহি হিন্দু ধৰ্ম নাম ৰাখি দিলে। প্ৰথমতে হিন্দুস্তান নামো নাছিল। সেয়েহে আদি-সনাতন হিন্দু দেৱতা ধৰ্মৰ বুলিয়ে বুজা উচিত। তেওঁলোক সাধাৰণতে ধৰ্মাত্মা হয়। সকলো সনাতনী নহয়, যিসকল পাছত আহিছে তেওঁলোকক আদি-সনাতনী বুলি কোৱা নহব, হিন্দুসকলৰ মাজতো পাছত আহোঁতা থাকিব। আদি-সনাতন হিন্দুসকলক ক'ব লাগে যে আপোনালোক আদি-সনাতন দেৱতা ধৰ্মৰ আছিল। আপোনালোকেই সতোপ্ৰধান আদি-সনাতন আছিল আকৌ পুনৰ্জন্ম লৈ লৈ তমোপ্ৰধান হৈ গল, এতিয়া পুনৰ স্মৃতিৰ যাত্ৰাৰে সতোপ্ৰধান হোৱা। তেওঁলোকৰ এইটো দৰব (বিধি) ভাল লাগিব। পিতাতো হৈছে ছাৰ্জন। যিসকলৰ এইটো দৰব পছন্দ হয় তেওঁলোকক দিয়া উচিত। যিসকল আদি-সনাতন দেৱী-দেৱতা ধৰ্মৰ আছিল, তেওঁলোকক সোঁৱৰাই দিয়া উচিত। যেনেকৈ তোমালোক সন্তানসকলৰ স্মৃতি জাগ্ৰত হ'ল। পিতাই বুজাইছে - কেনেকৈ তোমালোক সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ'লা? এতিয়া পুনৰ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। তোমালোক সন্তানসকল স্মৃতিৰ যাত্ৰাৰে সতোপ্ৰধান হৈ গৈ আছা। যিসকল আদি-সনাতন হিন্দু হ'ব তেওঁলোকেই প্ৰকৃত দেৱী-দেৱতা হ'ব আৰু তেওঁলোকেই দেৱী-দেৱতাৰ পূজাৰীও হ'ব। তেওঁলোকৰ মাজতো যিসকল শিৱৰ বা লক্ষ্মী-নাৰায়ণৰ, ৰাধা-কৃষ্ণৰ, সীতা-ৰাম আদি দেৱতাসকলৰ ভক্ত তেওঁলোক দেৱতা কুলৰ হয়। এতিয়া স্মৃতিলৈ আহিছে - যিসকল সূৰ্যবংশী তেওঁলোকেই চন্দ্ৰবংশী হয় গতিকে এনেকৈ ভক্তসকলক বিচাৰি উলিয়াব লাগে। যিসকল বুজিবলৈ আহে তেওঁলোকৰ দ্বাৰা প্ৰ-পত্ৰ পূৰাব লাগে। মুখ্য সেৱাকেন্দ্ৰত পূৰ কৰিবৰ বাবে প্ৰ-পত্ৰ নিশ্চয় থাকিব লাগে। যিয়েই আহে তেওঁলোককতো আৰম্ভণিৰে পৰাই পাঠ পঢ়াবা। প্ৰথম মুখ্য কথা হৈছে তেওঁলোকে পিতাক নাজানে সেয়েহে তেওঁলোকক বুজাবলগীয়া হয় - আপোনালোকে নিজৰ জ্যেষ্ঠ পিতাৰ বিষয়ে নাজানে। আপোনালোক আচলতে পাৰলৌকিক পিতাৰ। ইয়ালৈ আহি লৌকিক পিতাৰ হৈছে। আপোনালোকে নিজৰ পাৰলৌকিক পিতাক পাহৰি গৈছে। বেহদৰ পিতা হয়েই স্বৰ্গৰ ৰচয়িতা। তাত ইয়াৰ দৰে অনেক ধৰ্ম নাথাকে। গতিকে যি প্ৰ-পত্ৰ পূৰ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰা উচিত। কিছুমান সন্তানে যদিও বহুত ভালকৈ বুজায় কিন্তু যোগযুক্ত নহয়। অশৰীৰী হৈ পিতাক স্মৰণ কৰোঁ, সেইটো নাই। স্মৃতিত টিকি থাকিব নোৱাৰে। যদিও ভাবে যে মই ভালকৈ বুজাওঁ, মিউজিয়াম আদিও খোলে কিন্তু স্মৃতিত বহুত কমকৈ থাকে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰোঁ, এই ক্ষেত্ৰতেই পৰিশ্ৰম হয়। পিতাই সাৱধান কৰি দিয়ে এনেকৈ নাভাবিবা যে মইতো বহুত ভালকৈ পতিয়ন নিয়াব পাৰোঁ। কিন্তু ইয়াৰ পৰা লাভ কি? বাৰু স্বদৰ্শন চক্ৰধাৰী হৈ গলা কিন্তু ইয়াততো বিদেহী হ'ব লাগে। কৰ্ম কৰি নিজক আত্মা বুলি বুজিব লাগে। আত্মাই এই শৰীৰৰ দ্বাৰা কৰ্ম কৰে - এইটো স্মৃতিত আনিবও নোৱাৰে, খেয়ালতো নাহে, তেওঁলোকক মুৰ্খ আখ্যা দিয়া হব। পিতাক স্মৰণ কৰিব নোৱাৰে! সেৱা কৰাৰ সামৰ্থ নাই। স্মৃতি অবিহনে আত্মাত শক্তি ক'ৰ পৰা আহিব? বেটেৰী কেনেকৈ ভৰিব? আগবাঢ়ি গৈ গৈ থমকি ৰব, শক্তি নাথাকিব।

এনেকৈ কোৱা হয় যে ধৰ্মই শক্তি। আত্মা স্বধৰ্মত টিকিলেহে শক্তি পাব। বহুত আছে যিসকলে পিতাক স্মৰণ কৰিব নাজানে। চেহেৰাৰ পৰা গম পোৱা যায়। বাকী সকলো স্মৃতিলৈ আহে, পিতাৰ স্মৃতি টিকি নাথাকে। যোগৰ দ্বাৰাহে শক্তি পাবা। স্মৃতিৰ দ্বাৰা বহুত আনন্দিত আৰু স্বাস্থ্যৱান হৈ থাকিবা। আকৌ পৰৱৰ্তী জন্মতো এনেকুৱা শক্তিশালী শৰীৰ পাবা। আত্মা পৱিত্ৰ হ'লে শৰীৰো পৱিত্ৰ পাবা। এনেকৈ ক'ব যে এয়া 24 কেৰেট সোণ, গতিকে 24 কেৰেটৰ অলংকাৰ। এই সময়ত সকলো 9 কেৰেট হৈ গৈছে। সতোপ্ৰধানক 24 কেৰেট বুলি কোৱা হব, সতোক 22 কেৰেট, এয়া অতিকৈ বুজিবলগীয়া কথা। পিতাই বুজায় - প্ৰথমতে প্ৰ-পত্ৰ পূৰাব লাগে তেতিয়া জানিব পৰা যাব কিমানখিনি সঁহাৰি জনায়? কিমান ধাৰণা কৰিছে? আকৌ এইটো কথাও আহে যে স্মৃতিৰ যাত্ৰাত থাকেনে? স্মৃতিৰ যাত্ৰাৰ দ্বাৰাহে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। সেয়া হৈছে ভক্তিৰ পাৰ্থিৱ যাত্ৰা, এয়া হৈছে আত্মিক যাত্ৰা। আত্মাই যাত্ৰা কৰে। তাত (পাৰ্থিৱ যাত্ৰাত) শৰীৰ আৰু আত্মা দুয়ো যাত্ৰা কৰে। পতিত-পাৱন পিতাক স্মৰণ কৰিলেহে আত্মাত শক্তি আহে। কোনোবা জিজ্ঞাসুক চমৎকাৰ আদি দেখুৱাবলৈ হ'লে বাবাই প্ৰৱেশ কৰিও লয়। মা-পিতা দুয়োৱে সহায় কৰে - কেতিয়াবা জ্ঞানত কেতিয়াবা যোগত। পিতাতো সদায় বিদেহী। শৰীৰৰ অনুভৱেই নাথাকে। গতিকে পিতাই জ্ঞান আৰু যোগ দুয়ো প্ৰকাৰৰ শক্তিৰে সহযোগ দিব পাৰে। যোগ নাথাকিলে শক্তি ক'ৰ পৰা পাব? বুজি পোৱা যায় এওঁ যোগী নে জ্ঞানী। যোগৰ বাবে দিনে-প্ৰতিদিনে নতুন নতুন কথাও বুজাই থাকে। আগতে জানো এয়া বুজাইছিল! নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এতিয়া পিতাই ইয়াৰ ওপৰত জোৰ দিছে যাতে ভাই-ভনীৰ সম্বন্ধও আঁতৰি কেৱল ভাই-ভাইৰ দৃষ্টি স্থায়ী হয়। আমি আত্মা ভাই ভাই হওঁ। এয়া অতি উচ্চ দৃষ্টি। অন্তলৈকে এই পুৰুষাৰ্থ চলিব। যেতিয়াই সতোপ্ৰধান হৈ যাবা তেতিয়া এই শৰীৰ ত্যাগ কৰিবা সেইবাবে যিমান পৰা যায় পুৰুষাৰ্থৰ গতি বঢ়াব লাগে। বৃদ্ধসকলৰ বাবে আৰু সহজ। এতিয়া আমি নিশ্চয় উভতি যাব লাগে। ডেকাসকলৰ কেতিয়াও এনেকুৱা চিন্তন নচলিব। বৃদ্ধসকল বানপ্ৰস্থী হৈ থাকে। বুজি পায় এতিয়া উভতি যাব লাগে। গতিকে এই সকলো জ্ঞানৰ কথা বুজিব লাগে। বৃক্ষ জোপাৰ বৃদ্ধিও হৈ থাকে। বৃদ্ধি হৈ হৈ গোটেই বৃক্ষ তৈয়াৰ হৈ যাব। কাঁইটৰ পৰা পৰিৱৰ্তন হৈ নতুন সৰু ফুলৰ বৃক্ষ হ'ব। নতুনৰ পৰা আকৌ পুৰণা হ'ব। প্ৰথমতে বৃক্ষ জোপা সৰু হব পাছত বৃদ্ধি হৈ গৈ থাকিব। বৃদ্ধি হৈ হৈ শেষলৈ কাঁইট হৈ যায়। প্ৰথমতে ফুল হয়। নামেই হৈছে স্বৰ্গ। আকৌ পাছলৈ সেই সুবাস, সেই শক্তি নাথাকে। কাঁইটৰ সুবাস নাথাকে। সাধাৰণ ফুলৰো সুবাস নাথাকে। পিতা বাগিছাৰ মাকিলো হয় আৰু নাৱৰীয়াও হয়, সকলোৰে নাও পাৰ কৰে। নাও পাৰ কেনেকৈ কৰে, ক'লৈ লৈ যায় এয়াও যিসকল চতুৰ সন্তান তেওঁলোকে বুজিব পাৰে। যিসকলে বুজি নাপায়, তেওঁলোকে পুৰুষাৰ্থও নকৰে। ক্ৰমানুসৰিতো হয়েই। কিছুমান উৰাজাহাজ শব্দতকৈও তীব্ৰ বেগত যায়। আত্মা কেনেকৈ যায় - এয়া কোনেও নাজানে। আত্মাতো ৰকেটতকৈও তীব্ৰ বেগত যায়। আত্মাৰ নিচিনা তীব্ৰ বেগী বস্তু একো নাই। সেই ৰকেট আদিত এনেকুৱা বস্তু ভৰাই দিয়ে যে তৎক্ষণাৎ উৰুৱাই লৈ যায়। বিনাশৰ কাৰণে কিমান বাৰুদ আদি তৈয়াৰ কৰে। ষ্টিমাৰ (জলযান), উৰাজাহাজ আদিতো বোমা লৈ যায়। আজিকালি পূৰা তৈয়াৰ কৰি ৰাখে। বাতৰিকাকতত লিখে আমি এনেকৈ ক'ব নোৱাৰো যে বোমা আদি কামত লগোৱা নহব। এনেকুৱাও হ'ব পাৰে বোমা আদি ব্যৱহাৰ কৰিবলগীয়া হব - এনেকৈ কৈ থাকে। এয়া সকলো তৈয়াৰ হৈ আছে। বিনাশতো নিশ্চয় হ'ব। বোমা নিক্ষেপ নকৰিব, বিনাশ নহব - এনেকুৱা হ'ব নোৱাৰে। তোমালোকৰ বাবে নতুন সৃষ্টি নিশ্চয় লাগে। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, সেয়েহে তোমালোক বহুত হৰ্ষিত হৈ থাকিব লাগে। মিৰুৱা মৌত মলুকা চিকাৰ. (চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখ কিন্তু চিকাৰীৰ বাবে সুখৰ কথা), ড্ৰামা অনুসৰি সকলো মৰিবই লাগিব। তোমালোক সন্তানসকলৰ ড্ৰামাৰ জ্ঞান থকাৰ কাৰণে তোমালোক অস্থিৰ নোহোৱা, সাক্ষী হৈ প্ৰত্যক্ষ কৰা। কন্দাৰ প্ৰয়োজন নাই। সময়ত শৰীৰতো এৰিবলগীয়াই হয়। তোমালোক আত্মাসকলে জানা যে আমি পৰৱৰ্তী জন্ম ৰাজপৰিয়ালত লমগৈ। মই ৰাজকুমাৰ হ'মগৈ। আত্মাই জানে সেইবাবেতো এটা শৰীৰ এৰি আন এটা লয়। সাপৰো আত্মা আছে নহয়। সাপৰ আত্মাই কব - মই এখন চাল সলাই আন এখন লওঁ। কেতিয়াবাতো সেই সাপৰ আত্মাই দেহটোও এৰিব আকৌ পোৱালি হবগৈ। সন্তানতো জন্ম হয় নহয়। পুনৰ্জন্মতো সকলোৱে লব লাগে। এই সকলোবোৰ বিচাৰ সাগৰ মন্থন কৰিব লাগে।

সকলোতকৈ মুখ্য কথা হৈছে পিতাক বহুত স্নেহেৰে স্মৰণ কৰিব লাগে। যেনেকৈ সন্তানে মা-পিতাৰ লগত অতি নিবিড় হৈ যায় তেনেকৈ বহুত স্নেহেৰে বুদ্ধিযোগৰ দ্বাৰা পিতাৰ লগত অতি নিবিড় হৈ যাব লাগে। নিজক চাবও লাগে যে মই কিমান ধাৰণা কৰি আছোঁ। (নাৰদৰ দৃষ্টান্ত) ভক্তই যেতিয়ালৈকে জ্ঞান নলয় তেতিয়ালৈকে দেৱতা হ'ব নোৱাৰে। এয়া কেৱল লক্ষ্মীক বৰণ কৰাৰ কথা নহয়। এয়াতো বুজিবলগীয়া কথা। তোমালোক সন্তানসকলে বুজি পোৱা যে যেতিয়া আমি সতোপ্ৰধান আছিলোঁ তেতিয়া বিশ্বত ৰাজত্ব কৰিছিলোঁ। এতিয়া পুনৰ সতোপ্ৰধান হ'বৰ বাবে পিতাক স্মৰণ কৰিব লাগে। এই পৰিশ্ৰম তোমালোকে কল্পই কল্পই যথা যোগ যথা শক্তিৰে কৰিয়েই আহিছা। প্ৰত্যেকেই বুজিব পাৰে যে মই কিমানলৈকে কাৰোবাক বুজাব পাৰোঁ? দেহ-অভিমানৰ পৰা কিমানলৈ মুক্ত হৈ গৈ আছোঁ? মই আত্মাই এটা শৰীৰ এৰি আন এটা লওঁ। মই আত্মাই ইয়াৰ দ্বাৰা কৰ্ম কৰোঁ, এয়া মোৰ ইন্দ্ৰিয়। আমি সকলো ভাৱৰীয়া। এই ড্ৰামাত এয়া বেহদৰ বিশাল নাটক। ইয়াত ক্ৰমানুসৰি সকলোৱে ভাৱৰীয়া। আমি বুজিব পাৰোঁ - ইয়াত কোন কোন মুখ্য ভাৱৰীয়া আছে। প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ কোন কোন হয়? তোমালোক সন্তানসকলে পিতাৰ দ্বাৰা ড্ৰামাৰ আদি, মধ্য, অন্তক জানি গৈছা। ৰচয়িতাৰ দ্বাৰা ৰচনাৰ জ্ঞান পোৱা যায়। ৰচয়িতা নিজে আহি নিজৰ আৰু ৰচনাৰ ৰহস্য বুজায়। এয়া হৈছে তেওঁৰ ৰথ, য'ত প্ৰৱেশ কৰি আহিছে। এনেকৈ কব তেনেহলেতো দুটা আত্মা আছে। এয়াও গতানুগতিক কথা। পিত্ত খুৱায়, তেতিয়া আত্মা নাহে জানো। আগতে বহুত আহিছিল, তেতিয়া সেই আত্মাক প্ৰশ্ন সুধিছিল। এতিয়াতো তমোপ্ৰধান হৈ গ'ল। কোনো কোনো আত্মাই এতিয়াও উত্তৰ দিয়ে - মই পূৰ্ব জন্মত অমুক আছিলোঁ। ভৱিষ্যতৰ বিষয়ে কোনেও নকয়। অতীতৰ কথা শুনায়। সকলোৰে কথাতো কোনেও বিশ্বাস নকৰে।

পিতাই কয় - মৰমৰ সন্তানসকল, এতিয়া তোমালোক শান্ত হৈ থাকিব লাগে। তোমালোক জ্ঞান যোগত যিমান শক্তিশালী হ'বা তেতিয়া সিমান দৃঢ়-মনা হ'বা। এতিয়াতো বহুত সন্তান হোজা। ভাৰতবাসী দেৱী-দেৱতাসকল কিমান দৃঢ়-মনা আছিল। ধনেৰেও ভৰপূৰ আছিল। এতিয়াটো খালী। তেওঁলোক চহকী তোমালোক গৰিব। তোমালোকে নিজেও জানা ভাৰত কি আছিল, এতিয়া কি হল। ভোকত মৰিবই লাগিব। খাদ্য-সামগ্ৰী, পানী আদি একোৱে নাপাব। কৰবাত বানপানী হ'ব আকৌ কৰবাত এটোপাল পানীও পোৱা নাযাব। এই সময়ত দুখৰ ডাৱৰ, সত্যযুগত সুখৰ ডাৱৰ হ'ব। এই খেলখন তোমালোক সন্তানসকলেহে বুজি পোৱা অন্য কোনেও নাজানে। বেজৰ ওপৰতো বুজোৱা বহুত ভাল। সেয়া লৌকিক হদৰ পিতা, এয়া পাৰলৌকিক বেহদৰ পিতা। এই পিতাই এবাৰেই সংগমত বেহদৰ উত্তৰাধিকাৰ দিয়ে। নতুন সৃষ্টি স্থাপনা হৈ যায়। এয়া হৈছে লৌহযুগ পুনৰ সোণালীযুগ নিশ্চয় হ'ব। তোমালোক এতিয়া সংগমত আছা। অন্তৰ পৰিস্কাৰ হলে সকলো ইচ্ছা পূৰ্ণ হয়। নিতৌ নিজক সোধা - কোনো বেয়া কামতো কৰা নাই? কাৰোবাৰ প্ৰতি বিকাৰী চিন্তনতো চলা নাই? নিজৰ নিচাত আছোঁ নে ব্যৰ্থ চিন্তনত সময় নষ্ট কৰিছোঁ? পিতাৰ নিৰ্দেশ হৈছে মামেকম্‌ (কেৱল মোক; পৰমাত্মাক) স্মৰণ কৰা। যদি স্মৰণ নকৰা তেন্তে পিতাৰ অবাধ্য হৈ যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান-যোগৰ নিচাত মতলীয়া হৈ থাকিব লাগে, অন্তৰ পৰিস্কাৰ কৰি ৰাখিব লাগে। ব্যৰ্থ চিন্তনত নিজৰ সময় নষ্ট কৰিব নালাগে।

(2) আমি আত্মা ভাই ভাই হওঁ, এতিয়া ঘৰলৈ উভতি যাব লাগে - এইটো অভ্যাস দৃঢ় কৰিব লাগে। বিদেহী হৈ স্বধৰ্মত স্থিত হৈ পিতাক স্মৰণ কৰিব লাগে।

বৰদান:
স্ব-স্বৰূপ আৰু পিতাৰ সত্য স্বৰূপক চিনি লৈ সত্যতাৰ শক্তি ধাৰণ কৰোঁতা দিব্যতা সম্পন্ন হোৱা

যিসকল সন্তানে নিজৰ স্ব-স্বৰূপক আৰু পিতাৰ সত্য পৰিচয়ক যথাৰ্থভাৱে জানি লয় আৰু সেইটো স্বৰূপৰ স্মৃতিত থাকে তেতিয়া তেওঁলোকৰ সত্যতাৰ শক্তি আহি যায়। তেওঁলোকৰ প্ৰতিটো সংকল্প সদায় সত্যতা আৰু দিব্যতা সম্পন্ন হৈ যায়। সংকল্প, বাণী, কৰ্ম আৰু সম্বন্ধ-সম্পৰ্ক সকলোতে দিব্যতাৰ অনুভূতি হয়। সত্যতাক সিদ্ধ কৰাৰ আৱশ্যকতা নাথাকে। যদিহে সত্যতাৰ শক্তি থাকে তেন্তে আনন্দত নাচি থাকিব।

স্লোগান:
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰা তেতিয়া সমস্যাসমূহ সহজে আঁতৰি যাব।