13.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বাবাই 21 জন্মৰ বাবে তোমালোকৰ অন্তৰ এনেকৈ আনন্দেৰে তৃপ্ত কৰি দিয়ে যে তোমালোকে আন্তৰিক তৃপ্তিৰ বাবে কোনো মেলা আদিলৈ যোৱাৰ প্ৰয়োজন নাই”

প্ৰশ্ন:
যিসকল সন্তান এতিয়া পিতাৰ সহায়কাৰী হয় তেওঁলোকৰ বাবে কোনটো নিশ্চয়তা আছে?

উত্তৰ:
শ্ৰীমতত ৰাজধানী স্থাপনা কৰাত সহায়কাৰী হোৱা সন্তানসকলৰ বাবে নিশ্চয়তা আছে যে তেওঁলোকক কেতিয়াও কালে খাব নোৱাৰে। সত্যযুগী ৰাজধানীত কেতিয়াও অকাল মৃত্যু হ'ব নোৱাৰে। সহায়কাৰী সন্তানসকলৰ পিতাৰ দ্বাৰা এনেকুৱা পুৰস্কাৰ প্ৰাপ্ত হয় যে 21 প্ৰজন্মলৈকে অমৰ হৈ যায়।

ওঁম্শান্তি।
পূৰ্ব নিৰ্ধাৰিত সৃষ্টি চক্ৰ অনুসৰি কল্প পূৰ্বৰ দৰে শিৱ ভগৱানে কয়। এতিয়া নিজৰ পৰিচয়তো সন্তানসকলে পাই গ’ল। পিতাৰো পৰিচয় পাই গ’লা। বেহদৰ (অসীমৰ) পিতাকতো জানি ল’লা আৰু আৰু বেহদ সৃষ্টিৰ আদি-মধ্য-অন্তকো জানি ল’লা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি কোনোবাই ভালকৈ জানি যায় যিয়ে আকৌ আনকো বুজাব পাৰে। কিছুমানে আধৰুৱাকৈ, কিছুমানে তাতোকৈ কমকৈ জানে। যেনেকৈ যুদ্ধক্ষেত্ৰতো কোনোবা কমাণ্ডাৰ চীফ, কোনোবা কেপ্তেইন, কোনোবা অন্য কিবা হয়। বাদশ্বাহীৰ মালাতো কোনোবা চহকী প্ৰজা, কোনোবা গৰিব প্ৰজা, ক্ৰমানুসৰি হয়। সন্তানসকলে জানে যে যথাযথ আমি স্বয়ং শ্ৰীমতত সৃষ্টিত শ্ৰেষ্ঠ ৰাজধানী স্থাপনা কৰি আছোঁ। যিয়ে যিমান পৰিশ্ৰম কৰে সিমানেই পিতাৰ পৰা পুৰস্কাৰ পায়। আজিকালি শান্তিৰ কাৰণে ৰায় দিওঁতাজনেও পুৰস্কাৰ পায়। তোমালোক সন্তানসকলেও পুৰস্কাৰ পোৱা। তেওঁলোকে সেয়া নাপায়। তেওঁলোকে সকলো বস্তু অল্পকালৰ বাবেহে পায়। তোমালোকে পিতাৰ শ্ৰীমতত নিজৰ ৰাজধানী স্থাপনা কৰি আছা। সেয়াও 21 জন্মৰ, 21 প্ৰজন্মৰ বাবে নিশ্চয়তা আছে। তাত শৈশৱ বা কৈশোৰত কালে গ্ৰাস নকৰে। এইটোও জানা যে এয়া তোমালোকৰ স্মৃতিত বা অন্তৰত নাছিল, আমি এনেকুৱা স্থানত আহি বহিছোঁ য'ত তোমালোকৰ স্মৃতি চিহ্নও বিৰাজমান হৈ আছে। য'ত 5 হাজাৰ বছৰ পূৰ্বেও সেৱা কৰিছিলা। দেলৱাড়া মন্দিৰ, অচলঘৰ, গুৰু শিখৰ আছে। উচ্চতকৈও উচ্চ সৎগুৰুও তোমালোকে পাইছা, যাৰ স্মাৰক সাজি থোৱা আছে। অচলঘৰৰো ৰহস্য তোমালোকে বুজি পাইছা। সেয়া হ’ল ঘৰৰ মহিমা। তোমালোকে নিজৰ পুৰুষাৰ্থৰে উচ্চতকৈও উচ্চ পদ পোৱা। এয়া হৈছে তোমালোকৰ অপূৰ্ব জড় স্মৃতি চিহ্ন। তাতেই তোমালোক চৈতন্য ৰূপত আহি বহিছা। এয়া সকলো হৈছে আত্মিক কাৰবাৰ, যি কল্প পূৰ্বে চলিছিল। তাৰ সম্পূৰ্ণ স্মাৰক ইয়াত আছে। অতি উত্তম স্মাৰক। যেনেকৈ কোনোবাই বিশেষ পৰীক্ষাত উত্তীৰ্ণ হ’লে তেতিয়া তেওঁৰ অন্তৰ আনন্দিত হৈ যায়, দীপ্তিমান হৈ যায়। আচবাব, সাজপাৰ কিমান ভাল হয়। তোমালোকতো বিশ্বৰ মালিক হোৱাগৈ। তোমালোকৰ লগত কাৰোৰে তুলনা কৰিব নোৱাৰে। এইখনো পঢ়াশালি। পঢ়াঁওতাজনকো তোমালোকে জানি গ'লা। ভগৱানুবাচ, ভক্তিমাৰ্গত যাক স্মৰণ কৰা, পূজা কৰা, একোৱেই গম পোৱা নাযায়। পিতাইহে সন্মুখলৈ আহি সকলো ৰহস্য বুজায় কিয়নো এই স্মৃতি চিহ্নবোৰ সকলো তোমালোকৰেই শেষৰফালৰ অৱস্থা। এতিয়াও ফলাফল ঘোষণা কৰা হোৱা নাই। যেতিয়া তোমালোকৰ অৱস্থা সম্পূৰ্ণ হৈ যায়, তেতিয়া আকৌ ভক্তিমাৰ্গত তাৰ স্মাৰক সাজে। যেনেকৈ ৰক্ষাবন্ধনৰ স্মাৰক আছে। যেতিয়া সম্পূৰ্ণ দৃঢ় ৰাখী বান্ধি আমি নিজৰ ৰাজ্য-ভাগ্য লৈ লওঁ, তেতিয়া আৰু স্মৃতি দিৱস পালন নকৰোঁ। এই সময়ত তোমালোকক সকলো মন্ত্ৰৰ অৰ্থ বুজোৱা হৈছে। ‘ওঁম্’ৰ অৰ্থ বুজোৱা হৈছে। ‘ওঁম্’ৰ অৰ্থ দীঘলীয়া নহয়। ‘ওঁম্’ৰ অৰ্থ হৈছে মই আত্মা, এয়া মোৰ শৰীৰ। অজ্ঞান কালতো তোমালোক দেহ-অভিমানত থাকা তেতিয়া নিজক শৰীৰ বুলি বুজা। দিনে-প্ৰতিদিনে ভক্তিমাৰ্গ অধঃপতিত হৈ গৈ থাকে। তমোপ্ৰধান হৈ গৈ থাকে। প্ৰতিটো বস্তু প্ৰথমতে সতোপ্ৰধান হয়। ভক্তিও প্ৰথমে সতোপ্ৰধান আছিল। যেতিয়া একমাত্ৰ সত্য শিৱবাবাক স্মৰণ কৰিছিল। আছিলো বহুত কম সংখ্যক। দিনে-প্ৰতিদিনে বৃদ্ধি বহুত হ'ব। বিলাতত অধিক সন্তান জন্ম দিলে তেতিয়া তেওঁ পুৰস্কাৰ পায়। পিতাই কয় - কাম হৈছে মহাশত্ৰু। সৃষ্টিৰ ইতিমধ্যে বহুত বৃদ্ধি হ'ল, এতিয়া পৱিত্ৰ হোৱা।

তোমালোক সন্তানসকলে এতিয়া পিতাৰ দ্বাৰা সৃষ্টিৰ আদি-মধ্য-অন্তক জানি গৈছা। সত্যযুগত ভক্তিৰ কোনো নাম-চিহ্ন নাথাকে। এতিয়াতো কিমান ধুমধাম, মেলা আদি বহুত আয়োজন কৰে, য'ত মনুষ্যই গৈ আন্তৰিক তৃপ্তি লাভ কৰে। তোমালোকৰ অন্তৰতো পিতা আহি 21 জন্মৰ কাৰণে তৃপ্ত কৰি দিয়ে। যাৰ ফলস্বৰূপে তোমালোক সদায় আন্তৰিক তৃপ্তিত থাকা। তোমালোকৰ মেলা আদিলৈ যোৱাৰ খেয়ালো নাহিব। সুখ প্ৰাপ্ত কৰিবলৈ মনুষ্য ক'লৈনো নাযায়। তোমালোকে কোনো পাহাৰ আদিলৈ যোৱাৰ প্ৰয়োজন নাই। ইয়াত চোৱা মনুষ্য কেনেকৈ মৰে। মনুষ্যইতো সত্যযুগ-কলিযুগ, স্বৰ্গ-নৰকৰ বিষয়েও নাজানে। তোমালোক সন্তানসকলেতো সম্পূৰ্ণ জ্ঞান পাইছা। পিতাই এনেকৈ নকয় যে তোমালোক মোৰ লগত থাকিব লাগে। তোমালোকে ঘৰ-সংসাৰো চম্ভালিব লাগে। সন্তানসকল তেতিয়াহে বিচ্ছেদ হয় যেতিয়া কিবা সংঘাত হয়। তথাপিও তোমালোক পিতাৰ সংগত থাকিব নোৱাৰা। সকলো সতোপ্ৰধান হ’ব নোৱাৰে। কোনোবা সতো, কোনোবা ৰজো, কোনোবা তমো অৱস্থাতো আছে। সকলো একেলগে থাকিব নোৱাৰিব। এয়া ৰাজধানী স্থাপনা হৈ আছে। যিয়ে যিমান পিতাক স্মৰণ কৰিব, সেই অনুসৰি ৰাজধানীত পদ প্ৰাপ্ত কৰিব। মূল কথা হয়েই পিতাক স্মৰণ কৰাৰ। পিতাই নিজে বহি ড্ৰিল (ব্যায়াম) শিকায়। এয়া হৈছে গভীৰ শান্ত অৱস্থা। তোমালোকে ইয়াত যিয়েই দেখিবলৈ পোৱা, সেয়া চাব নালাগে। দেহ সহিত সকলো ত্যাগ কৰিব লাগে। তোমালোকে কি চোৱা? এটাতো নিজৰ ঘৰক (শান্তিধামক) আৰু পঢ়া অনুসৰি যি পদ পোৱা, সেই সত্যযুগী বাদশ্বাহীকো তোমালোকে জানা, যেতিয়া সত্যযুগ হয়, তেতিয়া ত্ৰেতা নাথাকে, ত্ৰেতা হ’লে তেতিয়া দ্বাপৰ নাথাকে, দ্বাপৰ হ'লে কলিযুগ নাথাকে। এতিয়া কলিযুগো হয় আৰু সংগমযুগো হয়। যদিও তোমালোক পুৰণি সৃষ্টিত বহি আছা কিন্তু বুদ্ধিৰে বুজি পোৱা যে আমি হৈছো সংগমযুগী। সংগমযুগৰ পৰিভাষাও তোমালোকেও জানা। পুৰুষোত্তম বৰ্ষ, পুৰুষোত্তম মাহ, পুৰুষোত্তম দিনো এই পুৰুষোত্তম সংগমযুগতেই হয়। পুৰুষোত্তম হোৱাৰ সময়ো এই পুৰুষোত্তম যুগতেই। এইটো বহুত সৰু অধিযুগ। তোমালোকে লুটি-বাগৰ মৰা খেল (ড্ৰামাত চক্ৰাকাৰে ঘূৰি থকা) খেলা, যাৰ দ্বাৰা তোমালোক স্বৰ্গলৈ যোৱা। বাবাই দেখিছে কেনেকৈ সাধুসকলে বা অন্য কোনোৱে লুটি-বাগৰ মাৰি মাৰি যাত্ৰা কৰে। বহুত কষ্ট কৰে। এতিয়া ইয়াত কঠিনতাৰ কোনো কথা নাই। ইয়াত যোগবলৰ কথা। স্মৃতিৰ যাত্ৰা তোমালোক সন্তানসকলৰ কঠিন লাগে নেকি? নামতো বহুত সহজ ৰখা হৈছে। যাতে শুনি ভয়ভীত হৈ নাযায়। কয় - বাবা মই যোগযুক্ত হৈ থাকিব নোৱাৰোঁ। বাবাই আকৌ সহজ কৰি দিয়ে। এয়া হ’ল পিতাৰ স্মৃতি। স্মৰণতো প্ৰতিটো বস্তুকে কৰা হয়। পিতাই কয় - নিজক আত্মা বুলি বুজা। তোমালোক সন্তান হোৱা নহয়। এওঁ তোমালোকৰ পিতাও হয়, প্ৰেমিকো হয়। সকলো প্ৰেমিকাই তেওঁক স্মৰণ কৰে, এক 'পিতা' শব্দই যথেষ্ট। ভক্তিমাৰ্গত তোমালোকে মিত্ৰ-সম্বন্ধীয়ক স্মৰণ কৰিও, আকৌ হে প্ৰভু, হে ঈশ্বৰ বুলি নিশ্চয় কোৱা। কেৱল গম নোপোৱা যে তেওঁ কি বস্তু। আত্মাসকলৰ পিতাতো হৈছে পৰমাত্মা। এই শৰীৰৰ পিতাতো হৈছে দেহধাৰী। আত্মাসকলৰ পিতা হৈছে অশৰীৰী। তেওঁ কেতিয়াও পুনৰ্জন্মত নাহে। বাকী সকলো পুনৰ্জন্মত আহে, সেয়েহে পিতাকহে স্মৰণ কৰে। নিশ্চয় কেতিয়াবা সুখ দিছিল। তেওঁক দুখহৰ্তা, সুখকৰ্তা বুলি কয়, কিন্তু তেওঁৰ নাম, ৰূপ, দেশ, কালক নাজানে। যিমান মনুষ্য, সিমান মত। অনেক মত হৈ গৈছে।

পিতাই কিমান মৰমেৰে পঢ়ায়। তেওঁ হৈছে ঈশ্বৰ, শান্তিদাতা। তেওঁৰ পৰা কিমান সুখ পোৱা যায়। একমাত্ৰ ‘গীতা’ শুনাই পতিতসকলক পাৱন কৰি তোলে। প্ৰবৃত্তি মাৰ্গো লাগে নহয়। মনুষ্যই কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিছে, তেনেহ’লেতো অগণন মনুষ্য হৈ যাব। কিমান ভুল কৰিছে। এই জ্ঞান তোমালোকে এতিয়া পোৱা আকৌ প্ৰায় লুপ্ত হৈ যায়। চিত্ৰতো আছে, যাৰ পূজা হয়। কিন্তু নিজক দেৱতা ধৰ্মৰ বুলি নুবুজে। যিয়ে যাক পূজা কৰে, তেওঁ সেই ধৰ্মৰে হয়। এইটো বুজিব নোৱাৰে যে আমি আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ হওঁ। তেওঁলোকৰে বংশাৱলী। এয়া পিতাইহে বুজায়। পিতাই কয় - তোমালোক পাৱন আছিলা, আকৌ তমোপ্ৰধান হৈ গৈছা, এতিয়া পাৱন সতোপ্ৰধান হ'ব লাগে। গঙ্গা স্নানৰ দ্বাৰা হ’বা জানো? পতিত-পাৱনতো হৈছে পিতা। তেওঁ আহি যেতিয়া মাৰ্গ দেখুৱাব তেতিয়াহে পাৱন হ'ব। আহ্বান কৰি থাকে কিন্তু একোৱে নাজানে। আত্মাই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা আহ্বান জনায় যে হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। সকলো পতিত, কাম চিতাত জ্বলি থাকে। এই খেলখনেই এনেকৈ ৰচি থোৱা আছে। আকৌ পিতা আহি সকলোকে পাৱন কৰি তোলে। এই পিতাই সংগমতে বুজায়। সত্যযুগত এটা ধৰ্ম থাকে, বাকী সকলো উভতি গুচি যায়। তোমালোকে ড্ৰামাখনক বুজি গৈছা, যিটো আন কোনেও নাজানে। এই ৰচনাৰ আদি, মধ্য, অন্ত কি, ইয়াৰ সময় সীমা কিমান, এয়া তোমালোকেহে জানা। তেওঁলোক সকলো হৈছে শূদ্ৰ, তোমালোক হৈছা ব্ৰাহ্মণ। তোমালোকেও পুৰুষাৰ্থৰ ক্ৰমানুসৰি জানা। কোনোবাই ভুল কৰিলে তেতিয়া তেওঁৰ ৰেজিষ্টাৰৰ পৰা দেখা পোৱা যায় যে কমকৈ পঢ়িছে। চৰিত্ৰৰ ৰেজিষ্টাৰ থাকে। ইয়াতো ৰেজিষ্টাৰ থকা উচিত। এয়া হৈছে স্মৃতিৰ যাত্ৰা, যাৰ বিষয়ে কোনেও গম নাপায়। সকলোতকৈ মুখ্য বিষয় হৈছে স্মৃতিৰ যাত্ৰা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। আত্মাই মুখেৰে কয় - মই এটা শৰীৰ এৰি আন এটা লওঁ। এই সকলো কথা এই ব্ৰহ্মাবাবাই নুবুজায়। জ্ঞান সাগৰ পৰমপিতা পৰমাত্মাই এইখন ৰথত বহি শুনায়। গো-মুখ বুলি কোৱা হয়। মন্দিৰো ইয়াত নিমাৰ্ণ কৰি থোৱা আছে, য’ত তোমালোক বহি আছা। যেনেকৈ তোমালোকৰ ছিৰি আছে, তেনেকৈ তাতো ছিৰি আছে। অৰোহণ কৰোতে তোমালোকৰ ভাগৰ নালাগে।

তোমালোকে ইয়ালৈ পিতাৰ পৰা পঢ়ি পুনৰুজ্জীৱিত হ’বলৈ আহিছা। তাত সাংসাৰিক কাম-কাজ বহুত। শান্তিৰে শুনিবও নোৱাৰা। সংকল্প চলি থাকিব - কোনোৱাই নেদেখিলেই হ’ল, সোনকালে ঘৰলৈ যাওঁ। কিমান চিন্তা থাকে। ইয়াত কোনো চিন্তা নাই, ইয়াত যেন হোষ্টেলত থাকা। ইয়াত হৈছে ঈশ্বৰীয় পৰিয়াল। শান্তিধামত ভাই ভাই ৰূপত থাকে। ইয়াত হৈছে ভাই-ভনী কিয়নো ইয়াত ভূমিকা পালন কৰিব লাগে গতিকে ভাই-ভনী লাগে। সত্যযুগতো তোমালোকেই পৰস্পৰ ভাই-ভনী আছিলা। তাক কোৱা হয় অদ্বৈত ৰাজধানী। তাত হাই-কাজিয়া একো নহয়। তোমালোক সন্তানসকলে পূৰা জ্ঞান পাইছা যে আমি 84 জন্ম লওঁ। যিয়ে অধিক ভক্তি কৰিছে, তাৰ হিচাপো পিতাই শুনাইছে। তোমালোকেই শিৱৰ অব্যভাচাৰী ভক্তি কৰিবলৈ আৰম্ভ কৰা। আকৌ বৃদ্ধি হৈ গৈ থাকে। সেয়া হৈছে সকলো ভক্তি। জ্ঞানতো এক প্ৰকাৰেই হয়। তোমালোকে জানা যে আমাক শিৱবাবাই পঢ়ায়। এই ব্ৰহ্মাইতো একোৱেই নাজানিছিল। যিজন “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ” আছিল তেৱেঁই এই সময়ত এয়া হৈছে আকৌ মালিক হ’ব, তোমালোকৰ ক্ষেত্ৰতো সেয়াই। এজনতো মালিক নহ’ব নহয়। তোমালোকেও পুৰুষাৰ্থ কৰা। এইখন হৈছে বেহদৰ পঢ়াশালী। ইয়াৰ শাখা অনেক হ’ব। অলিয়ে-গলিয়ে ঘৰে ঘৰে হৈ যাব। কয় - আমি নিজৰ ঘৰত চিত্ৰ ৰাখিছোঁ, মিত্ৰ-সমন্ধীয় আদি আহিলে তেতিয়া তেওঁলোকক বুজাওঁ। যিসকল এই বৃক্ষজোপাৰ পাত হ’ব তেওঁলোক আহিব। তেওঁলোকৰ কল্যাণৰ কাৰণে তোমালোকে এয়া কৰা। চিত্ৰৰ ওপৰত বুজাবলৈ সহজ হ’ব। শাস্ত্ৰতো বহুত পঢ়িছা, এতিয়া সকলো পাহৰি যাব লাগে। পিতা হৈছে পঢ়াওঁতা, তেৱেঁই সত্য জ্ঞান শুনায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) গভীৰ শান্তিৰ ড্ৰিল (ব্যায়াম) কৰিবলৈ ইয়াত এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া চাব নালাগে। বুদ্ধিৰে দেহ সহিত সকলো ত্যাগ কৰি নিজৰ ঘৰ আৰু ৰাজ্যৰ স্মৃতিত থাকিব লাগে।

(2) নিজৰ চৰিত্ৰৰ ৰেজিষ্টাৰ ৰাখিব লাগে। পঢ়াত কেতিয়াও গাফিলতি কৰিব নালাগে। এই পুৰুষোত্তম সংগমযুগত পুৰুষোত্তম হ’ব লাগে আৰু আনকো পুৰুষোত্তম কৰি তুলিব লাগে।

বৰদান:

সদায় সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ হৈ থাকোঁতা হৰ্ষিত মুখৰ, হৰ্ষিত অন্তৰৰ হোৱা

যেতিয়া কোনো দেৱী বা দেৱতাৰ মূৰ্তি তৈয়াৰ কৰে তেতিয়া তাত মুখমণ্ডল সদায় হৰ্ষিত দেখুৱায়। তোমালোকৰ এতিয়া হৰ্ষিত মুখৰ হৈ থকাৰ স্মাৰক চিত্ৰবোৰতো দেখুৱায়। হৰ্ষিত মুখৰ অৰ্থাৎ সদায় সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ। যি ভৰপূৰ হৈ থাকে তেৱেঁই হৰ্ষিত হৈ থাকিব পাৰে। যদি কোনো অপ্ৰাপ্তি থাকে তেন্তে হৰ্ষিত হৈ নাথাকিব। কোনোবাই যিমানেই হৰ্ষিত হৈ থাকিবলৈ চেষ্টা নকৰক, বাহিৰত হাঁহিব কিন্তু অন্তৰেৰে নহয়। তোমালোকেতো অন্তেৰেৰে হাঁহা, কিয়নো সৰ্বপ্ৰাপ্তিৰে ভৰপূৰ হৰ্ষিত অন্তৰৰ হোৱা।

স্লোগান:
সন্মানসহকাৰে উত্তীৰ্ণ হ'বলৈ হ'লে প্ৰতিটো সম্পদৰ জমা পুঁজি ভৰপূৰ হওঁক।