14.04.24 Avyakt Bapdada
Assame
Murli
15.03.99 Om Shanti Madhuban
“*“কৰ্মাতীত অৱস্থাত
উপনীত হ’বলৈ নিয়ন্ত্ৰণ শক্তি বঢ়োৱা, স্বৰাজ্য অধিকাৰী হোৱা”*”
আজি বাপদাদাই
চাৰিওফালৰ নিজৰ ৰাজকীয় অত্যন্ত প্ৰিয় পৰমাত্ম স্নেহী সন্তানসকলক চাই আছেহঁক। এই
পৰমাত্ম মৰম বা পৰমাত্ম স্নেহ বহুত কম সন্তানৰ প্ৰাপ্ত হয়। বহুত কম সংখ্যক এনেকুৱা
ভাগ্যৰ অধিকাৰী হয়। এনেকুৱা ভাগ্যৱান সন্তানসকলক দেখি বাপদাদাও হৰ্ষিত হয়। ৰাজকীয়
অত্যন্ত প্ৰিয় অৰ্থাৎ ৰজা সন্তান। তেন্তে নিজক ৰজা বুলি ভাবানে? নামেই হৈছে ৰাজযোগী।
গতিকে ৰাজযোগী অৰ্থাৎ ৰজা সন্তান। বৰ্তমান সময়তো ৰজা আৰু ভৱিষ্যতেও ৰজা। নিজৰ দ্বৈত
ৰাজ্য পদ অনুভৱ কৰা নহয়? নিজেই নিজক চোৱা যে মই ৰজা হওঁনে? স্বৰাজ্য অধিকাৰী হওঁনে?
ৰাজ্যৰ সকলো কৰ্মকৰ্তা তোমালোকৰ আদেশ মতে কাৰ্য কৰি আছেনে? ৰজাৰ বিশেষত্ব কি, সেয়াতো
জানা নহয়? শাসন আৰু নিয়ন্ত্ৰণ কৰাৰ শক্তি দুয়োটা শক্তি তোমালোকৰ আছেনে? নিজেই নিজক
সোধা যে ৰাজ্যৰ কৰ্মকৰ্তাসকল সদায় নিয়ন্ত্ৰণত চলি আছেনে?
বাপদাদাই আজি
সন্তানসকলৰ নিয়ন্ত্ৰণ শক্তি, শাসন কৰাৰ শক্তি পৰীক্ষা কৰি আছিল, তেন্তে কোৱা কি
দেখিলোঁ? প্ৰত্যেকেই জানে। বাপদাদাই দেখিলে যে এতিয়াও অখণ্ড ৰাজ্য অধিকাৰ সকলোৰে
নাই। অখণ্ড, মাজে মাজে খণ্ডিত হয়। কিয়? সদায় স্বৰাজ্যৰ পৰিৱৰ্তে পৰৰ ৰাজ্যয়ো খণ্ডিত
কৰি দিয়ে। পৰৰ ৰাজ্যৰ চিন হ’ল – এই কৰ্মেন্দ্ৰিয়সমূহ পৰৰ অধীন হৈ যায়। মায়াৰ ৰাজ্যৰ
প্ৰভাৱ অৰ্থাৎ পৰৰ অধীন হোৱা। বৰ্তমান সময়ত কমসংখ্যকতো ঠিকে আছে কিন্তু
গৰিষ্ঠসংখ্যক মায়াৰ বৰ্তমান সময়ৰ বিশেষ প্ৰভাৱত আহি যায়। যি আদি অনাদি সংস্কাৰ তাৰ
মাজে মাজে মধ্য অৰ্থাৎ দ্বাপৰৰ পৰা এতিয়াৰ অন্তৰ সংস্কাৰৰ প্ৰভাৱত আহি যায়। নিজৰ
সংস্কাৰেই স্বৰাজ্য খণ্ডিত কৰি দিয়ে। তাৰ ভিতৰতো বিশেষ সংস্কাৰ হৈছে ব্যৰ্থ ভবা,
ব্যৰ্থত সময় নষ্ট কৰা আৰু ব্যৰ্থ বাণী, চাল-চলন, ব্যৰ্থ শুনা বা শুনোৱা। এফালে
ব্যৰ্থ সংস্কাৰ, আনফালে অসাৱধানতাৰ সংস্কাৰে ভিন্ন ভিন্ন মাৰ্জিত ৰূপত স্বৰাজ্য
খণ্ডিত কৰি দিয়ে। বহুত সন্তানে কয় যে সময় সমীপত আহি আছে কিন্তু যি সংস্কাৰ আগতে
জাগ্ৰত হোৱা নাছিল, সেয়া এতিয়া ক’ৰবাত ক’ৰবাত জাগ্ৰত হৈ যায়। বায়ুমণ্ডলত সংস্কাৰ
আৰুহে জাগ্ৰত হৈ আছে, ইয়াৰ কাৰণ কি? এয়া মায়াৰ প্ৰহাৰৰ এক সাধন। মায়াই ইয়াৰ দ্বাৰা
নিজৰ কৰি পৰমাত্ম মাৰ্গত হতাশ কৰি দিয়ে। ভাবে যে এতিয়ালৈকে এনেকুৱাই হৈ আছে গতিকে
গম নাপাওঁ সমান হোৱাত সফলতা পাম নে নাপাম! কিবা নহয় কিবা কথাত য’ত দুৰ্বলতা থাকিব,
সেই দুৰ্বলতাৰ ৰূপত মায়াই হতাশ কৰিবলৈ চেষ্টা কৰে। বহুত ভালকৈ চলি থাকি কিবা নহয়
কিবা কথাত মায়াই সংস্কাৰক প্ৰহাৰ কৰি, পুৰণি সংস্কাৰ জাগ্ৰত কৰাৰ লক্ষ্য ৰাখি হতাশ
কৰিবলৈ চেষ্টা কৰে। অন্তিমত সকলো সংস্কাৰ সমাপ্ত হ’ব সেইবাবে কেতিয়াবা কেতিয়াবা থাকি
যোৱা সংস্কাৰ জাগ্ৰত হৈ যায়। কিন্তু বাপদাদাই তোমালোক সকলো ভাগ্যৱান সন্তানক ইঙ্গিত
দি আছে – ভয় নকৰিবা, মায়াৰ চতুৰালি বুজি লোৱা। আলস্য আৰু ব্যৰ্থ – ইয়াত নেতিবাচকতাও
আহি যায় – এই দুটি কথাৰ প্ৰতি বিশেষ মনোযোগ দিয়া। বুজি লোৱা যে এয়া মায়াৰ বৰ্তমান
সময়ত প্ৰহাৰ কৰাৰ সাধন।
পিতাৰ সান্নিধ্যৰ
অনুভৱ, সংযুক্ত বোধৰ অনুভৱ জাগ্ৰত কৰা। এনেকুৱা নহয় যে পিতাতো হয়েই মোৰ, লগত আছেই।
সঙ্গৰ বাস্তৱিক অনুভৱ জাগ্ৰত হওঁক। তেতিয়া মায়াৰ এই প্ৰহাৰ, প্ৰহাৰ নহ’ব, মায়া হাৰি
যাব। এয়া মায়াৰ পৰাজয়, প্ৰহাৰ নহয়। কেৱল ভয় নকৰিবা - কি হৈ গ’ল, কিয় হৈ গ’ল! সাহসী
হোৱা, পিতাৰ সান্নিধ্যক স্মৃতিত ৰাখা। পৰীক্ষা কৰা যে পিতাৰ সান্নিধ্য আছেনে?
সান্নিধ্যৰ অনুভৱ সুপ্ত ৰূপততো নাই? জ্ঞান আছে যে পিতা লগত আছে, জ্ঞানৰ লগতে পিতাৰ
শক্তি কি? সৰ্বময় হৰ্তা-কৰ্তা তেন্তে সৰ্ব শক্তি জাগ্ৰত ৰূপত অনুভৱ কৰা। ইয়াক পিতাৰ
সান্নিধ্যৰ অনুভৱ হোৱা বুলি কোৱা হয়। অমনোযোগী হৈ নাযাবা – পিতাৰ অবিহনে আৰু আছেনো
কোন, পিতাইতো আছে। যিহেতু পিতাই আছে তেন্তে সেই শক্তি আছেনে? যেনেকৈ জগতবাসীক কোৱা
যে যদি পৰমাত্মা ব্যাপক হয় তেন্তে পৰমাত্মাৰ গুণ অনুভৱ হোৱা উচিত, দেখা পোৱা উচিত।
সেয়েহে বাপদাদায়ো তোমালোকক সোধে যে যদি পিতা লগত আছে, সংযুক্ত হৈ আছে তেন্তে সেই
শক্তি প্ৰতিটো কৰ্মত অনুভৱ হয়নে? আনৰো অনুভৱ হয়নে? কি ভাবা? ডবল বিদেশীয়ে কি ভাবা?
শক্তি আছেনে? সদায় থাকেনে? প্ৰথম প্ৰশ্নটিত সকলোৱে ‘হয়’ বুলি সঁহাৰি জনায়। আকৌ
যেতিয়া দ্বিতীয় প্ৰশ্নটি আহে, সদায় থাকেনে? তেতিয়া ভবা-গুণা কৰিবলৈ ধৰে। গতিকে
অখণ্ডতো নহ’ল নহয়! তোমালোকে প্ৰত্যাহ্বান কি জনোৱা? অখণ্ড ৰাজ্য স্থাপনা কৰি আছা নে
খণ্ডিত ৰাজ্য স্থাপনা কৰি আছা? কি কৰি আছা? অখণ্ড হয় নহয়! শিক্ষকসকলে কোৱা অখণ্ড
হয়নে? গতিকে এতিয়া পৰীক্ষা কৰা অখণ্ড স্বৰাজ্য আছেনে? ৰাজ্য অৰ্থাৎ প্ৰালব্ধ
সদাকালৰ কাৰণে ল’ব লাগে নে মাজে মাজে খণ্ডিত হৈ গ’লেও কোনো আপত্তি নাই? এনেকুৱা
বিচৰা নেকি? লোৱাৰ ক্ষেত্ৰততো সদায় লাগে আৰু পুৰুষাৰ্থ কেতিয়াবা কেতিয়াবা কৰা,
এনেকুৱা নেকি? বিদেশীসকলক কৈছিলোঁ নহয় যে নিজৰ জীৱনৰ অভিধানৰ পৰা ‘কেতিয়াবা’ আৰু
‘কিবা’ শব্দ আঁতৰ কৰি দিয়া। এতিয়া ‘কেতিয়াবা’ শেষ হ’লনে? জয়ন্তীয়ে কোৱা। ফলাফল
দেখুৱাবা নহয়। তেন্তে ‘কেতিয়াবা’ সমাপ্ত হ’লনে? যিসকলে ভাবা, ‘কেতিয়াবা’ শব্দ
সদাকালৰ বাবে সমাপ্ত হৈ গ’ল, তেওঁলোকে হাত উঠোৱা। সমাপ্ত হৈ গ’ল নে সমাপ্ত হ’ব?
দীঘলকৈ হাত উঠোৱা। সূক্ষ্মধামৰ টি.ভি.ততো তোমালোকৰ হাত আহি গ’ল, ইয়াৰ টি.ভি.ত সকলোৰে
নাহে। এয়া কলিযুগী টি.ভি. নহয়, তাত যাদুৰ টি.ভি. সেইবাবে আহি যায়। বৰ ভাল, তথাপিও
বহুতেই উঠাইছে, তেওঁলোকক সদাকালৰ বাবে অভিনন্দন। বাৰু। এতিয়া ভাৰতবাসী যাৰ
বাস্তৱিকতে সদাকাল স্বৰাজ্য আছে, সৰ্ব কৰ্মেন্দ্ৰিয় বিধি আৰু আদেশ অনুসৰি চলে,
তেওঁলোকে হাত উঠোৱা। দৃঢ়তাৰে হাত উঠোৱা, কেঁচা নহয়। সদায় স্মৃতিত ৰাখিবা যে সভাত
হাত উঠাইছোঁ। আকৌ বাপদাদাক বহুত মিঠা মিঠা কথা কয়। কয় - বাবা আপুনিতো জানেই নহয়,
কেতিয়াবা কেতিয়াবা মায়া আহি যায়! গতিকে নিজৰ হাতৰ সন্মান ৰাখিবা। বাৰু। তথাপিও সাহস
কৰিছা সেয়েহে সাহস নেহৰুৱাবা। সাহস কৰিলে বাপদাদাই সহায় কৰিবই।
আজি বাপদাদাই দেখিছে
যে বৰ্তমান সময় অনুসৰি নিজৰ ওপৰত, প্ৰত্যেক কৰ্মেন্দ্ৰিয়ৰ ওপৰত অৰ্থাৎ নিজৰ প্ৰতি
নিজৰ যি নিয়ন্ত্ৰণ শক্তি থাকিব লাগে সেয়া কম, সেয়া আৰু বেছি হ’ব লাগে। বাপদাদাই
সন্তানসকলৰ বাৰ্তালাপ শুনি মিচিকিয়াই আছিল, সন্তানসকলে কয় যে চাৰি ঘণ্টা শক্তিশালী
স্মৃতিত থকাটো হৈ নুঠেগৈ। বাপদাদাই আঠ ঘণ্টাৰ পৰা 4 কৰিলে আৰু সন্তানসকলে কয় দুঘণ্টা
হ’লে ঠিক হয়। তেন্তে কোৱা নিয়ন্ত্ৰণ শক্তি আহিলনে? আৰু সকলোৰে যদি এইটো অভ্যাস নহয়
তেন্তে সময়ত সন্মান সহকাৰে উত্তীৰ্ণ, ৰাজ্য অধিকাৰী কেনেকৈ হ’ব পাৰিবা! হ’বতো লাগে
নহয়? সন্তানসকলে হাঁহে। আজি বাপদাদাই সন্তানসকলৰ কথা বহুত শুনিছে। বাপদাদাক হঁহুৱায়ো,
কয় - ট্ৰেফিক কণ্ট্ৰোল 3 মিনিট নহয়, শৰীৰৰ কণ্ট্ৰোল হৈ যায়, ঠিয় হৈ যায়, নাম হ’ল
মনৰ কণ্ট্ৰোল কিন্তু মনৰ কণ্ট্ৰোল কেতিয়াবা হয়, কেতিয়াবা নহয়ো। কাৰণ কি? নিয়ন্ত্ৰণ
শক্তি কম। ইয়াক এতিয়া আৰু বঢ়াব লাগে। আদেশ দিয়া, যেনেকৈ হাত ওপৰলৈ উঠাবলৈ বিচাৰিলে
উঠাই দিয়া। হাত ভগা নহ’লেতো উঠাই দিয়া নহয়! তেনেকৈ মন, এই সূক্ষ্ম শক্তি নিয়ন্ত্ৰণত
আনিব লাগে। আনিবই লাগে। ৰৈ যোৱা বুলি আদেশ দিলেই যাতে ৰৈ যায়। সেৱাৰ কথা ভাবিলা আৰু
সেৱাত লাগি গ’ল। পৰমধামলৈ যাব বিচাৰিলেই যাতে পৰমধামলৈ গুচি যায়। সূক্ষ্মলোকলৈ যাব
বিচাৰিলেই যাতে চেকেণ্ডত গুচি যায়। যি ভাবা সেয়া যাতে আদেশ অনুসৰি হয়। এতিয়া এই
শক্তি বঢ়োৱা। সৰু সৰু সংস্কাৰত, যুদ্ধত সময় নষ্ট নকৰিবা, আজি এইটো সংস্কাৰ দূৰ কৰিলোঁ,
কাইলৈ সেইটো দূৰ কৰিলোঁ। নিয়ন্ত্ৰণ শক্তি ধাৰণা কৰা তেতিয়া বেলেগ বেলেগ সংস্কাৰৰ
বাবে সময় দিবলগীয়া নহ’ব। ভাবিব নালাগে, কৰিব নালাগে, ক’ব নালাগে। ৰৈ যাব ক’লেই যাতে
ৰৈ যায়। এয়া কৰ্মাতীত অৱস্থাত উপনীত থোৱাৰ বিধি। তেন্তে কৰ্মাতীত হ’ব লাগে নহয়?
বাপদাদায়ো কয় - তোমালোকেই হ’ব লাগে। আন কোনো নাহে, তোমালোকেই হোৱা। তোমালোককেই লগত
লৈ যাম কিন্তু কৰ্মাতীত হোৱাসকলকহে লৈ যাম নহয়। লগত যাবা নে পিছে পিছে আহিবা? (লগত
যাম) এয়াতো বৰ ভাল কথা ক’লা। লগত যাবা, হিচাপ নিষ্পত্তি কৰিবানে? এই ক্ষেত্ৰত হয়
বুলি নক’লা। কৰ্মাতীত হৈ লগত যাবা নহয়। লগত যোৱা অৰ্থাৎ সংগী হৈ যোৱা। যোৰাতো ভাল
হ’ব লাগে নে ওখ আৰু চাপৰ? সমান হ’ব লাগে নহয়! গতিকে কৰ্মাতীত হ’বই লাগিব। তেন্তে কি
কৰিবা? এতিয়া নিজৰ ৰাজ্যৰ ভালদৰে তত্বাৱধান লোৱা। নিতৌ নিজৰ দৰবাৰ বহুওৱা। ৰাজ্য
অধিকাৰী হোৱা নহয়! গতিকে নিজৰ দৰবাৰ বহুওৱা, কৰ্মচাৰীসকলৰ খবৰ-খাতি সোধা। পৰীক্ষা
কৰা আদেশমতে চলিছেনে? পিতা ব্ৰহ্মায়ো নিতৌ দৰবাৰ বহুৱাইছিল। (দিনলিপিৰ) নকল আছে নহয়।
এওঁক ক’বা, দেখুৱাবা। পিতা ব্ৰহ্মায়ো পৰিশ্ৰম কৰিলে, নিতৌ দৰবাৰ বহুৱালে তেতিয়া
কৰ্মাতীত হ’ল। তেন্তে এতিয়া কিমান সময় লাগিব? নে সদাপ্ৰস্তুত হৈ আছা? এইটো অৱস্থাৰে
সেৱাও তীব্ৰ গতিত হ’ব। কিয়? একে সময়তে মন শক্তিশালী, বাণী শক্তিশালী,
সম্বন্ধ-সম্পৰ্কত চাল-চলন আৰু চেহেৰা শক্তিশালী। একে সময়তে তিনিওটা সেৱা কৰিলে বহুত
ক্ষিপ্ৰ ফলাফল ওলাব। এনেকৈ নাভাবিবা যে এই সাধনাত সেৱা কম হ’ব, নহয়। সফলতা সহজে
অনুভৱ হ’ব। আৰু সকলোৱে যিসকল সেৱাৰ নিমিত্ত যদি সংগঠিত ৰূপত এনেকুৱা অৱস্থা গঢ়ি তোলে
তেন্তে পৰিশ্ৰম কম আৰু সফলতা বেছি হ’ব। গতিকে বিশেষ মনোযোগেৰে নিয়ন্ত্ৰণ শক্তি বঢ়োৱা।
সংকল্প, সময়, সংস্কাৰ সকলোৰে ওপৰত যাতে নিয়ন্ত্ৰণ থাকে। বহুবাৰ বাপদাদাই কৈছে -
তোমালোক সকলো ৰজা। যেতিয়া বিচৰা, যেনেকৈ বিচৰা, য’ত বিচৰা, যিমান সময় বিচৰা তেনেকৈ
মন বুদ্ধি বিধি আৰু আদেশ অনুসৰি চলক। তোমালোকে ক’বা – কৰিব নালাগে, কিন্তু তথাপিও
হৈ আছে, কৰি আছে তেন্তে এয়া বিধি আৰু আদেশ নহয়। সেয়েহে স্বৰাজ্য অধিকাৰীয়ে নিজৰ
ৰাজ্যক সদায় প্ৰত্যক্ষ স্বৰূপত আনা। আনিব লাগে নহয়? আনিও আছা কিন্তু বাপদাদাই ক’লে
নহয় ‘সৰ্বদা’ শব্দটি যোগ কৰা। বাপদাদা এতিয়া শেষৰ কাৰ্যক্ৰমত আহিব, এতিয়া এটা
কাৰ্যক্ৰম আছে। এটা কাৰ্যক্ৰমত ফলাফল সুধিব। 15 দিন থাকে নহয়। গতিকে 15 দিনত কিবাতো
(ফলাফল) দেখুৱাবা নে নেদেখুওৱা? শিক্ষকসকলে কোৱা, 15 দিনত ফলাফল দিবানে?
বাৰু, মধুবন নিবাসীয়ে
15 দিনত ফলাফল দেখুৱাবা। এতিয়া কোৱা - হয় নে নহয়! এতিয়া হাত উঠোৱা। (সকলোৱে হাত
উঠালে) নিজৰ হাতৰ সন্মান ৰাখিবা। যিসকলে ভাবা যে চেষ্টা কৰিম, এনেকুৱা চেষ্টা
কৰাসকলে হাত উঠোৱা। জ্ঞান সৰোবৰ, শান্তিবন নিবাসী উঠা। (বাপদাদাই মধুবন, জ্ঞান
সৰোবৰ, শান্তিবনৰ মুখ্য নিমিত্ত ভাতৃ-ভগ্নীসকলক সন্মুখলৈ মাতিলে)
বাপদাদাইতো তোমালোকক
সকলোৰে সাক্ষাৎকাৰ কৰাবলৈ মাতিছে। তোমালোকক দেখি সকলো আনন্দিত হয়। এতিয়া বাপদাদাই
কি বিচাৰে, সেয়া শুনাই আছে। পাণ্ডৱ ভৱন, শান্তিবন, জ্ঞান সৰোবৰ আৰু (গ্লোবেল)
হস্পিতাল চাৰিধামতো আছে। পঞ্চমখন সৰু। চাৰিওখনক লৈ বাপদাদাৰ এটা আশা আছে – বাপদাদাই
তিনিমাহৰ কাৰণে চাৰিধামত অখণ্ড, নিৰ্বিঘ্ন, অটল স্বৰাজ্যধাৰী, ৰজাসকলৰ ফলাফল চাবলৈ
বিচাৰে। তিনিমাহ অ’ৰ-ত’ৰ পৰা কোনো ধৰণৰ অন্য কথা যাতে শুনিবলৈ পোৱা নযায়। সকলো
তিনিমাহত প্ৰথম নম্বৰৰ স্বৰাজ্য অধিকাৰী হৈ উঠিব লাগে, এনেকুৱা ফলাফল দেখুৱাব
পাৰিবানে? (নিৰ্বেৰ ভাইৰ প্ৰতি) – পাণ্ডৱৰফালৰ পৰা তুমি। হ’ব পাৰেনে? দাদীতো আছে
কিন্তু লগত এয়া যিসকল সন্মুখত বহি আছে সকলো আছে। তেন্তে হ’ব পাৰেনে? (দাদীয়ে কয় -
হ’ব পাৰে) পাণ্ডৱ ভৱনৰ যিসকল বহি আছা তেওঁলোকে হাত উঠোৱা, হ’ব পাৰেনে। বাৰু ধৰি লোৱা
কোনোবা দুৰ্বল, তেওঁৰ কিবা হৈ গ’লে তেতিয়া তোমালোকে কি কৰিবা? তোমালোকে বুজি পোৱা
যে সংগীসকলকো সহায় কৰি ফলাফল দেখুৱাম, ইমান সাহস আছেনে? হ’ব পাৰেনে নে কেৱল নিজৰ
বাবে সাহস আছে? আনৰ কথাবোৰো সমাহিত কৰিব পাৰানে? তেওঁৰ ভুল সমাহিত কৰিব পাৰানে?
বায়ুমণ্ডলত বিয়পাই নিদিবা, সমাহিত কৰা, ইমানখিনি কৰিব পাৰানে? জোৰেৰে কোৱা - হয়
হজুৰ। অভিনন্দন। 3 মাহৰ পাছত প্ৰতিবেদন চাম। কোনো স্থানৰ পৰা যাতে কোনোধৰণৰ অভিযোগ
নাহে। ইজনে-সিজনক প্ৰকম্পন দি সমাহিত কৰি ল’বা আৰু স্নেহেৰে প্ৰকম্পন দিবা।
কাজিয়া-পেচাল যাতে নহয়।
এনেকৈয়ে ডবল
বিদেশীসকলেও ফলাফল দেখুৱাবা নহয়। সকলোৱে হ’ব লাগে নহয়। ডবল বিদেশী যিসকলে ভাবা যে
নিজৰ সেৱাকেন্দ্ৰত, সংগীসকলৰ সৈতে 3 মাহৰ ফলাফল দেখুৱাম, তেওঁলোকে হাত উঠোৱা। যিসকলে
ভাবে চেষ্টা কৰিম, ক’ব নোৱাৰো, তেনেকুৱা কোনোবা আছে যদি হাত উঠাই দিয়া। অন্তৰ
স্বচ্ছ, স্বচ্ছ অন্তৰৰসকলে সহায় পায়। বাৰু। (তাৰপাছত বাপদাদাই সকলো মণ্ডলৰ
ভাই-ভনীসকলকো হাত উঠাবলৈ ক’লে তথা নিজৰ স্থানত থিয় কৰালে) প্ৰথমে মহাৰাষ্ট্ৰ, দিল্লী,
কৰ্ণাটকৰ ভাই-ভনীসকলক থিয় কৰালে আৰু প্ৰতিজ্ঞা কৰালে। তাৰপাছত উত্তৰ প্ৰদেশৰসকলক
সেৱাৰ অভিনন্দন জনালে। ভাল বাৰু।
চাৰিওফালৰ সকলো
স্বৰাজ্য অধিকাৰী আত্মাসকলক, সৰ্বদা অখণ্ড ৰাজ্যৰ পাত্ৰ আত্মাসকলক, সৰ্বদা পিতাৰ
সমান কৰ্মাতীত স্থিতিত উপনীত হ’বলগীয়া, পিতাক অনুসৰণ কৰোঁতা তীব্ৰ পুৰুষাৰ্থী
আত্মাসকলক, সৰ্বদা ইজনে-সিজনক শুভ-ভাৱনা, শুভ-কামনাৰ সহযোগ দিওঁতা শুভচিন্তক
সন্তানসকলক স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।
বৰদান:
বিঘিনি আনোতা
আত্মাক শিক্ষক বুলি বুজি তেওঁৰ পৰা পাঠ পঢ়োঁতা অনুভৱী-মূৰ্ত হোৱা
যিসকল আত্মা বিঘিনি
অনাৰ নিমিত্ত হয় তেওঁলোকক বিঘিনি আনোতা আত্মা বুলি নাভাবিবা, তেওঁলোকক সদায় পাঠ
পঢ়াওঁতা, আগুৱাই লৈ যাওঁতা নিমিত্ত আত্মা বুলি বুজিবা। অনুভৱী কৰি তোলোঁতা শিক্ষক
বুলি বুজিবা। যিহেতু এনেকৈ কোৱা যে নিন্দা কৰোঁতাজন মিত্ৰ হয়, তেন্তে বিঘিনিক
অতিক্ৰম কৰাই অনুভৱী কৰি তোলোঁতাজন শিক্ষক হ’ল, সেইবাবে বিঘিনি আনোতা আত্মাক সেইটো
দৃষ্টিৰে চোৱাৰ পৰিৱৰ্তে সদাকালৰ বাবে বিঘিনি অতিক্ৰম কৰোৱাৰ নিমিত্ত, অবিচলিত কৰি
তোলোঁতা নিমিত্ত বুলি বুজা, ইয়াৰ দ্বাৰা আৰু অধিক অনুভৱৰ কৰ্তৃত্ব বাঢ়ি যাব।
স্লোগান:
অভিযোগৰ
‘ফাইল’ (নথি-পত্ৰ) সমাপ্ত কৰি ‘ফাইন’ (উত্তম) আৰু ‘ৰিফাইন’ (পৰিশোধিত) হোৱা।