15.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই সংগমযুগ হৈছে উত্তমতকৈও উত্তম হোৱাৰ যুগ, ইয়াতেই তোমালোকে পতিতৰ পৰা পাৱন হৈ পাৱন সৃষ্টি ৰচিব লাগে”

প্ৰশ্ন:
অন্তিমৰ পীড়াদায়ক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ শক্তিশালী অৱস্থা কিহৰ আধাৰত গঢ়ি উঠিব?

উত্তৰ:
শৰীৰৰ বোধ আঁতৰাই গৈ থাকা। অন্তিমৰ দৃশ্য বৰ কঠোৰ। পিতাই সন্তানসকলক শক্তিশালী কৰি তুলিবৰ কাৰণে অশৰীৰী হোৱাৰ ইংগিত দিয়ে। যেনেকৈ পিতা এই শৰীৰৰ পৰা পৃথক হৈ তোমালোকক শিকায়, তেনেকৈ তোমালোক সন্তানসকলেও নিজক শৰীৰৰ পৰা পৃথক বুলি বুজা, অশৰীৰী হোৱাৰ অভ্যাস কৰা। বুদ্ধিত থাকিব লাগে যে এতিয়া ঘৰলৈ যাব লাগে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকল শৰীৰ সহিত আছে। পিতাও এতিয়া শৰীৰ সহিত আছে। এই ঘোঁৰা বা গাড়ীত আৰোহী হৈ আছে আৰু সন্তানসকলক কি শিকায়? জীৱন্তে কেনেকৈ মৰিব লাগে, পিতাৰ বাহিৰে আন কোনেও এয়া শিকাব নোৱাৰে। পিতাৰ পৰিচয় সকলো সন্তানে পাইছে, তেওঁ জ্ঞানৰ সাগৰ পতিত-পাৱন। জ্ঞানেৰেই তোমালোক পতিতৰ পৰা পাৱন হোৱা আৰু পাৱন সৃষ্টিও ৰচিব লাগে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি এই পতিত সৃষ্টিৰ বিনাশ হ'ব লাগে। কেৱল যিসকলে পিতাক চিনি পায় আৰু ব্ৰাহ্মণো হয়, তেওঁলোকেই পুনৰ পাৱন সৃষ্টিত আহি ৰাজ্য কৰে। পৱিত্ৰ হ'বৰ কাৰণে ব্ৰাহ্মণো নিশ্চয় হ'ব লাগে। এই সংগমযুগ হয়েই পুৰুষোত্তম অৰ্থাৎ উত্তমতকৈও উত্তম পুৰুষ হোৱাৰ যুগ। তেওঁলোকে ক'ব উত্তমতো বহুত সাধু, সন্ত, মহাত্মা, মন্ত্ৰী, ধনী ব্যক্তি, ৰাষ্ট্ৰপতি আদিও হয়। কিন্তু নহয়, এয়াতো কলিযুগৰ ভ্ৰষ্টাচাৰী সৃষ্টি, পুৰণি সৃষ্টি, পতিত সৃষ্টিত পাৱন এজনো নাই। এতিয়া তোমালোক সংগমযুগী হৈছা। সেই লোকসকলে পানীকে পতিত-পাৱনী বুলি ভাবে। কেৱল গংগা নহয়, যিয়েই নদী আছে, য'তেই পানী দেখা পায়, ভাবি লয় যে পানীয়ে পাৱন কৰি তোলোঁতা। বুদ্ধিত এইটো ধাৰণা আছে। কোনোবা ক'ৰবালৈ, কোনোবা আন ক’ৰবালৈ যায়। অৰ্থাৎ পানীত স্নান কৰিবলৈ যায়। কিন্তু পানীৰ দ্বাৰাতো কোনো পাৱন হ'ব নোৱাৰে। যদি পানীত স্নান কৰিলে পাৱন হৈ যায় তেনেহ’লেতো এই সময়ত গোটেই সৃষ্টি পাৱন হ’লহেঁতেন। এই সকলোবিলাকেই পাৱন সৃষ্টিত থাকিব লাগিছিল। এয়াতো পুৰণি নিয়ম চলি আহিছে। সাগৰততো গোটেই আৱৰ্জনা আদি গৈ পৰে, তেন্তে সেই সাগৰে আকৌ পাৱন কেনেকৈ কৰিব? পাৱনতো আত্মাহে হ'ব লাগে। ইয়াৰ বাবেতো পৰমপিতাক লাগে যিয়ে আত্মাসকলক পাৱন কৰি তুলিব। গতিকে তোমালোকে বুজাব লাগে - পাৱন থাকেই সত্যযুগত, পতিত থাকে কলিযুগত। এতিয়া তোমালোক সংগমযুগত আছা। পতিতৰ পৰা পাৱন হ'বৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। তোমালোকে জানা আমি শূদ্ৰ বৰ্ণৰ আছিলোঁ, এতিয়া ব্ৰাহ্মণ বৰ্ণৰ হৈছোঁ। শিৱবাবাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ কৰি তোলে। আমি হৈছোঁ সঁচা মুখ বংশাৱলী ব্ৰাহ্মণ। সেয়া হৈছে কোষ বংশাৱলী। প্ৰজাপিতা, গতিকে প্ৰজা সকলো হৈ গ’ল। প্ৰজাৰ পিতা হৈছে ব্ৰহ্মা। তেওঁতো “গ্ৰেট্ গ্ৰেট্ গ্ৰেণ্ড ফাদাৰ” হৈ গ'ল। নিশ্চয় তেওঁ আছিল আকৌ ক'লৈ গ'ল? পুনৰ্জন্মতো লয় নহয়। এয়াতো সন্তানসকলক শুনোৱা হৈছে, ব্ৰহ্মায়ো পুনৰ্জন্ম লয়। ব্ৰহ্মা আৰু সৰস্বতী, মা আৰু পিতা। তেওঁলোকেই আকৌ মহাৰজা-মহাৰাণী, লক্ষ্মী-নাৰায়ণ হয়, যাক বিষ্ণু বুলি কোৱা হয়। তেওঁলোকেই আকৌ 84 জন্মৰ পাছত আহি ব্ৰহ্মা-সৰস্বতী হয়। এইটো ৰহস্যতো বুজোৱা হৈছে। জগত অম্বা বুলি কয়ো গতিকে গোটেই জগতৰ মা হৈ গ'ল। লৌকিক ‘মা’তো প্ৰত্যেকৰে নিজৰ নিজৰ ঘৰত আছে। কিন্তু জগত অম্বাক কোনেও নাজানেই। এনেয়ে অন্ধশ্ৰদ্ধাৰে কৈ দিয়ে। কাকোৱেই নাজানে। যাৰ পূজা কৰে তেওঁৰ কৰ্তব্যক নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে ৰচয়িতা হৈছে উচ্চতকৈও উচ্চ। এয়া ওলোটা বৃক্ষ, ইয়াৰ বীজ ওপৰত আছে। তোমালোকক পাৱন কৰি তুলিবলৈ পিতা ওপৰৰ পৰা তললৈ আহিবলগীয়া হয়। তোমালোক সন্তানসকলে জানা বাবা আমাক এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান দি পুনৰ সেই নতুন সৃষ্টিৰ চক্ৰৱৰ্তী ৰজা-ৰাণী কৰিবলৈ আহিছে। এই চক্ৰৰ ৰহস্য জগতত তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। পিতাই কয় - আকৌ 5 হাজাৰ বছৰৰ পাছত আহি তোমালোকক শুনাম। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। ড্ৰামাৰ নিৰ্মাতা, নিৰ্দেশক মুখ্য ভাৱৰীয়া আৰু ড্ৰামাৰ আদি-মধ্য-অন্তক নাজানিলে তেওঁক বুদ্ধিহীন বুলি কোৱা হ'ব নহয়। পিতাই কয় - 5 হাজাৰ বছৰ পূৰ্বেও মই তোমালোকক বুজাইছিলোঁ। তোমালোকক নিজৰ পৰিচয় দিছিলোঁ। যেনেকৈ এতিয়া দি আছোঁ। তোমালোকক পৱিত্ৰও কৰি তুলিছিলোঁ, যেনেকৈ এতিয়া কৰি আছোঁ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। তেৱেঁই সৰ্বশক্তিমান পতিত-পাৱন হয়। গায়নো আছে - অন্তিম সময়ত যিয়ে যাক স্মৰণ কৰিব সেই অনুসৰিয়েই বাৰে বাৰে তেনেকুৱা যোনিত জন্ম ল’ব। এতিয়া এই সময়ত তোমালোকে জন্মতো লোৱা কিন্তু গাহৰি, কুকুৰা, কুকুৰ, মেকুৰী নোহোৱা।

এতিয়া বেহদৰ পিতাৰ আগমন হৈছে। পিতাই কয় - মই তোমালোক সকলো আত্মাৰে পিতা। এয়া সকলো কাম চিতাত বহি ক'লা (অপৱিত্ৰ) হৈ গৈছে, এওঁলোকক পুনৰ জ্ঞান চিতাত উঠাব লাগে। তোমালোক এতিয়া জ্ঞান চিতাত উঠিছা। জ্ঞান চিতাত উঠি আকৌ বিকাৰগ্ৰস্ত হ’ব নোৱাৰে। প্ৰতিজ্ঞা কৰে যে মই পৱিত্ৰ হৈ থাকিম। বাবাই কোনো সেই (লৌকিকৰ) ৰাখি নবন্ধোৱায়। সেয়াতো ভক্তিমাৰ্গৰ প্ৰথা চলি আহিছে। বাস্তৱত এয়া হৈছে এই সময়ৰ কথা। তোমালোকে বুজি পোৱা যে পৱিত্ৰ নোহোৱাকৈ পাৱন সৃষ্টিৰ মালিক কেনেকৈ হ'ম? তথাপিও দৃঢ় কৰাবৰ কাৰণে সন্তানসকলক প্ৰতিজ্ঞা কৰোৱা হয়। কোনোবাই তেজেৰে লিখি দিয়ে, কোনোবাই অন্য প্ৰকাৰে লিখে। বাবা আপুনি আহিছে, আমি আপোনাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় ল'ম। নিৰাকাৰ সাকাৰত আহে নহয়। যেনেকৈ পিতা পৰমধামৰ পৰা নামি আহে, তেনেকৈ তোমালোক আত্মাসকলো নামা। ওপৰৰ পৰা তললৈ ভূমিকা পালন কৰিবলৈ আহা। এইটো তোমালোকে বুজি পোৱা যে এয়া সুখ আৰু দুখৰ খেল। আধাকল্প সুখ, আধাকল্প দুখ। পিতাই বুজায় চাৰি ভাগৰ তিনি ভাগতকৈও অধিক তোমালোকে সুখ ভোগ কৰা। আধা কল্পৰ পাছতো তোমালোক ধনৱান আছিলা। কিমান ডাঙৰ মন্দিৰ আদি নিৰ্মাণ কৰে। দুখতো পাছলৈ হয়, যেতিয়া একেবাৰে তমোপ্ৰধান ভক্তি হৈ যায়। পিতাই বুজাইছে - তোমালোক প্ৰথমতে অব্যভিচাৰী ভক্ত আছিলা, কেৱল এজনৰেই ভক্তি কৰিছিলা। যিজন পিতাই তোমালোকক দেৱতা কৰি তোলে, সুখধামলৈ লৈ যায়, তেওঁৰহে তোমালোকে পূজা কৰিছিলা পাছত ব্যভিচাৰী ভক্তি আৰম্ভ হয়। প্ৰথমে এজনৰ পূজা পাছত দেৱতাসকলৰ পূজা কৰিছিলা। এতিয়াতো 5 ভূতেৰে গঠিত শৰীৰৰো পূজা কৰে। চৈতন্যৰো আৰু জড়ৰো পূজা কৰে। 5 তত্ত্বৰে গঠিত শৰীৰক দেৱতাসকলতকৈও উচ্চ বুলি ভাবে। দেৱতাসকলকতো কেৱল ব্ৰাহ্মণেহে স্পৰ্শ কৰে। তোমালোকৰতো অনেক গুৰু লোক আছে। এয়া পিতাই বহি বুজায়। এৱোঁ (দাদায়ো; ব্ৰহ্মায়ো) কয় ময়ো সকলোবোৰ কৰিছিলোঁ। ভিন্ন ভিন্ন হঠযোগ আদি, কাণ, নাক ঘূৰোৱা আদি সকলোবোৰ কৰিছিলোঁ। অৱশেষত সকলোবোৰ এৰি দিবলগীয়া হ'ল। সেইটো ধান্দা কৰোঁ নে এইটো ধান্দা কৰোঁ? আলস্য আহিছিল, অশান্ত হৈ গৈছিলোঁ। প্ৰাণায়াম আদি শিকাত বহুত কষ্ট হয়। আধাকল্প ভক্তিমাৰ্গত আছিলোঁ, এতিয়া গম পাইছোঁ। পিতাই একেবাৰে সঠিক কথা শুনায়। তেওঁলোকে কয় - ভক্তি পৰম্পৰাগতভাৱে চলি আহে। এতিয়া সত্যযুগত ভক্তি ক'ৰ পৰা আহিল। মনুষ্যই একেবাৰে বুজি নাপায়। মূৰ্খ বুদ্ধিৰ হয় নহয়। সত্যযুগততো এনেকৈ নক’ব। পিতাই কয় - মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। শৰীৰো তেওঁৰ লওঁ যিয়ে নিজৰ জন্মৰ বিষয়ে নাজানে। এৱেঁই যি এক নম্বৰ সুন্দৰ আছিল, তেৱেঁই এতিয়া শ্যামবৰণীয়া হৈ গ’ল। আত্মাই ভিন্ন ভিন্ন শৰীৰ ধাৰণ কৰে। সেয়েহে পিতাই কয় - যাৰ শৰীৰত প্ৰৱেশ কৰোঁ, তেওঁৰ শৰীৰত এতিয়া বহি আছোঁ। কি শিকাবলৈ? জীৱন্তে মৰিবলৈ। এইখন সৃষ্টিৰ পৰাতো মৰিব লাগে নহয়। এতিয়া তোমালোক পৱিত্ৰ হৈ মৰিব লাগে। মোৰ ভূমিকাই হৈছে পাৱন কৰি তোলাৰ। তোমালোক ভাৰতবাসীয়ে আহ্বানেই কৰা - হে পতিত-পাৱন। অন্য কোনেও এনেকৈ নকয় - হে মুক্তিদাতা, দুখৰ সৃষ্টিৰ পৰা মুক্ত কৰিবলৈ আহক। সকলোৱে মুক্তিধামলৈ যাবৰ কাৰণেই পৰিশ্ৰম কৰে। তোমালোক সন্তানসকলে আকৌ সুখধামৰ কাৰণে পুৰুষাৰ্থ কৰা। সেয়া হৈছে প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ কাৰণে। তোমালোকে জানা যে আমি প্ৰবৃত্তি মাৰ্গৰসকল পৱিত্র আছিলোঁ। আকৌ অপৱিত্ৰ হ’লোঁ। প্ৰবৃত্তি মাৰ্গৰ লোকসকলৰ কাম নিবৃত্তি মাৰ্গৰ লোকসকলে কৰিব নোৱাৰে। যজ্ঞ, তপ, দান আদি সকলো প্ৰবৃত্তি মাৰ্গৰ লোকসকলে কৰে। তোমালোকে এতিয়া অনুভৱ কৰা যে এতিয়া আমি সকলোকে জানো। আমি ঘৰত বহি থাকোঁতে আমাক শিৱবাবাই পঢ়াই আছে! বেহদৰ পিতা বেহদৰ সুখ দিওঁতা হয়। তেওঁৰ সৈতে তোমালোক বহুত সময়ৰ পাছত মিলিত হোৱা সেই কাৰণে প্ৰেমৰ অশ্ৰু নিগৰি আহে। ‘বাবা’ বুলি কোৱাৰ লগে লগে ৰোমাঞ্চিত হৈ যায় - অহো! বাবা আহিছে আমাৰ অৰ্থাৎ সন্তানসকলৰ সেৱাত। বাবাই আমাক এই পঢ়াৰ দ্বাৰা ফুল কৰি লৈ যায়। এই লেতেৰা ছিঃ ছিঃ সৃষ্টিৰ পৰা আমাক নিজৰ লগত লৈ যাব। ভক্তিমাৰ্গত তোমালোক আত্মাসকলে কৈছিলা - বাবা আপুনি আহিলে আমি উৎসৰ্গিত হৈ যাম। আমি আপোনাৰেই হ'ম, দ্বিতীয় কোনো নাই। ক্ৰমানুসৰিতো হয়েই। সকলোৰে নিজা নিজা ভূমিকা আছে। কোনোৱেতো পিতাক বহুত মৰম কৰে, যিয়ে স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। সত্যযুগত কন্দাৰ নামেই নাথাকে। ইয়াততো কিমান কান্দে। যদি স্বৰ্গলৈয়ে গ'ল তেন্তে আকৌ কান্দিব কিয় লাগে আৰুহে বাদ্য বজাব লাগে। তাততো বাদ্য বজায়। আনন্দেৰে শৰীৰ ত্যাগ কৰে। এইটো প্ৰথাও ইয়াৰ পৰা আৰম্ভ হয়। ইয়াত তোমালোকে কোৱা - আমি নিজৰ ঘৰলৈ যাব লাগে। তাততো বুজি পায় যে পুনৰ্জন্ম ল'ব লাগে। গতিকে পিতাই সকলো কথা বুজাই দিয়ে। ভোমোৰাৰ দৃষ্টান্তও তোমালোকৰ কাৰণে। তোমালোক হৈছা ব্ৰাহ্মণী, গোবৰৰ পোকক তোমালোকে ভোঁ ভোঁ কৰা (জ্ঞান শুনোৱা)। তোমালোককতো পিতাই কয় - এই শৰীৰো এৰি দিব লাগে। জীৱন্তে মৰিব লাগে। পিতাই কয় - নিজক আত্মা বুলি বুজা, এতিয়া আমি উভতি যাব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। দেহক পাহৰি যোৱা। পিতাতো বৰ মৰমৰ। তেওঁ কয় - মই তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। এতিয়া শান্তিধাম আৰু সুখধামক স্মৰণ কৰা। ‘অল্ফ’ (পিতা) আৰু ‘বে’ (বাদশ্বাহী)। এয়া হৈছে দুখধাম। শান্তিধাম হৈছে আমাৰ আত্মাসকলৰ ঘৰ। আমি ভূমিকা পালন কৰিলোঁ, এতিয়া আমি ঘৰলৈ যাব লাগে। তাত এই ছিঃ ছিঃ শৰীৰ নাথাকে। এতিয়াতো এয়া একেবাৰেই জৰ্জৰিত শৰীৰ হৈ গৈছে। এতিয়া আমাক পিতাই সন্মুখত বহি ইংগিতেৰে শিকায়। ময়ো আত্মা, তোমালোকো আত্মা। মই শৰীৰৰ পৰা পৃথক হৈ তোমালোককো সেয়াই শিকাওঁ। তোমালোকেও নিজক শৰীৰৰ পৰা পৃথক বুলি ভাবা। এতিয়া ঘৰলৈ যাব লাগে। ইয়াততো এতিয়া আৰু থাকিব নালাগে। এইটোও জানা যে এতিয়া বিনাশ হ’ব। ভাৰতত ৰক্তৰ নদী ব'ব। আকৌ ভাৰততেই গাখীৰৰ নদী ব'ব। ইয়াত সকলো ধৰ্মৰ লোকসকল একত্ৰিত হৈ আছে। সকলোৱে পৰস্পৰ যুঁজি মৰিব। এয়া হৈছে অন্তিম সময়ৰ মৃত্যু। পাকিস্তানত কি কি হৈছিল। বহুত কঠোৰ দৃশ্য আছিল। কোনোবাই দেখিলে বেহুচ্ হৈ যাব। এতিয়া বাবাই তোমালোকক শক্তিশালী কৰি তোলে। শৰীৰৰ বোধো আঁতৰাই দিয়ে।

বাবাই দেখিছে, সন্তানসকল স্মৃতিত নাথাকে, বহুত দুৰ্বল সেই কাৰণে সেৱাও বৃদ্ধি নহয়। বাৰে বাৰে লিখে - বাবা, স্মৃতি পাহৰি যাওঁ, বুদ্ধি যুক্ত নহয়। বাবাই কয় ‘যোগ’ শব্দটো এৰি দিয়া। বিশ্বৰ বাদশ্বাহী দিওঁতা পিতাক তোমালোকে পাহৰি যোৱা! আগতে ভক্তিত বুদ্ধি অন্য ফালে ক’ৰবাত গুচি গ’লে নিজকে চিকুটি দিছিল। বাবাই কয় - তোমালোক আত্মা অবিনাশী। কেৱল তোমালোক পাৱন আৰু পতিত হোৱা। বাকী আত্মা কোনো সৰু-ডাঙৰ নহয়। বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজে নিজৰ সৈতে কথা পাতা – অহো! বাবা আমাৰ সেৱাৰ কাৰণে আহিছে। আমি ঘৰত বহি থাকোঁতে তেওঁ আমাক পঢ়াই আছে! বেহদৰ বাবা বেহদৰ সুখ দিওঁতা হয়, তেওঁক আমি এতিয়া লগ পাইছোঁ। এনেকৈ মৰমেৰে ‘বাবা’ বুলি কোৱা যাতে আনন্দত প্ৰেমৰ অশ্ৰু নিগৰি যায়। ৰোমাঞ্চিত হৈ যোৱা।

(2) এতিয়া ঘৰলৈ উভতি যাব লাগে সেই কাৰণে সকলোৰে পৰা মমত্ব আঁতৰাই জীৱন্তে মৰিব লাগে। এই দেহকো পাহৰিব লাগে। ইয়াৰ পৰা পৃথক হোৱাৰ অভ্যাস কৰিব লাগে।

বৰদান:

হৈ যোৱা কথা বা বৃত্তিবোৰ সমাপ্ত কৰি সম্পূৰ্ণ সফলতা প্ৰাপ্ত কৰোঁতা স্বচ্ছ আত্মা হোৱা

সেৱাত স্বচ্ছ বুদ্ধি, স্বচ্ছ বৃত্তি আৰু স্বচ্ছ কৰ্ম হৈছে সফলতাৰ সহজ আধাৰ। যিকোনো সেৱাৰ কাৰ্য যেতিয়া আৰম্ভ কৰা তেতিয়া প্ৰথমে পৰীক্ষা কৰা যে বুদ্ধিত কোনো আত্মাৰ হৈ যোৱা কথাবোৰৰ স্মৃতিতো নাই। সেইটো বৃত্তি, দৃষ্টিৰে তেওঁক চোৱা, বাৰ্তালাপ কৰা…. ইয়াৰ দ্বাৰা সম্পূৰ্ণ সফলতা প্ৰাপ্ত হ’ব নোৱাৰে সেয়েহে হৈ যোৱা কথা বা বৃত্তিবোৰ সমাপ্ত কৰি স্বচ্ছ আত্মা হোৱা তেতিয়াহে সম্পূৰ্ণ সফলতা প্ৰাপ্ত হ’ব।

স্লোগান:
স্ব-পৰিৱৰ্তন কৰোঁতাজনৰ ডিঙি বিজয় মালাৰে শোভিত হয়।