16.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক সতোপ্ৰধান হ'ব লাগে গতিকে পিতাক মৰমেৰে স্মৰণ কৰা, পাৰসনাথ শিৱবাবা তোমালোকক পাৰসপুৰীৰ মালিক কৰি তুলিবলৈ আহিছে”

প্ৰশ্ন:
তোমালোক সন্তানসকল কোনটো এটা কথাৰ ধাৰণাৰেই মহিমা যোগ্য হৈ যাবা?

উত্তৰ:
বহুত নম্ৰ স্বভাৱৰ হোৱা। কোনো কথাতেই অহংকাৰ কৰিব নালাগে। বৰ অমায়িক হ'ব লাগে। অহংকাৰ আহিলে তেতিয়া শত্ৰু হৈ পৰে। উচ্চ অথবা নীচ, পৱিত্ৰতা অনুসৰি হয়। যেতিয়া পৱিত্ৰ হৈ থাকে তেতিয়া মান থাকে, অপৱিত্ৰ হ’লে সকলোৰে আগত মূৰ দোৱাই থাকে।

ওঁম্শান্তি।
আত্মিক পিতাই বহি সন্তানসকলক বুজায়। পিতায়ো বুজি পায় যে মই এই সন্তানসকলক বুজাওঁ। এইটোও সন্তানসকলক বুজোৱা হৈছে যে ভক্তিমাৰ্গত ভিন্ন ভিন্ন নামেৰে অনেক চিত্ৰ অংকন কৰি দিয়ে। যেনেকৈ নেপালত পাৰসনাথক মান্যতা দিয়ে। তেওঁৰ বহুত ডাঙৰ মন্দিৰ আছে। কিন্তু একোৱেই নাই। 4 খন দুৱাৰ, 4 টা মূৰ্তি আছে। চতুৰ্থত শ্ৰীকৃষ্ণক ৰাখিছে। এতিয়া চাগৈ কিছু সলনি কৰি দিছে। এতিয়া পাৰসনাথ বুলিতো নিশ্চয় শিৱবাবাকেই কোৱা হ'ব। মনুষ্যক পাৰসবুদ্ধিৰো তেৱেঁই কৰি তোলে। গতিকে পোন-প্ৰথমে তেওঁলোকক এইটো বুজাব লাগে যে - উচ্চতকৈও উচ্চ হৈছে ভগৱান, তাৰপাছত গোটেই সৃষ্টি। সূক্ষ্মলোক বুলিতো সৃষ্টি নাই। পাছত হৈছে - লক্ষ্মী-নাৰায়ণ বা বিষ্ণু। বাস্তৱত বিষ্ণুৰ মন্দিৰো ভুল। বিষ্ণু চতুৰ্ভুজ, চাৰিটা বাহুধাৰী কোনো মনুষ্য নাথাকে। পিতাই বুজায় – এয়া লক্ষ্মী-নাৰায়ণ, যাক একেলগে বিষ্ণুৰ ৰূপত দেখুৱাইছে। লক্ষ্মী-নাৰায়ণ দুয়ো বেলেগ বেলেগ। সূক্ষ্মলোকত বিষ্ণুক 4টা বাহু দি দিলে অৰ্থাৎ দুয়োকে একত্ৰিত কৰি চতুৰ্ভুজ কৰি দিলে, বাকী এনেকুৱা কোনো নাথাকে। মন্দিৰত যি চতুৰ্ভুজ দেখুৱায় – সেয়া হৈছে সূক্ষ্মলোকৰ। চতুৰ্ভুজক শংখ, চক্ৰ, গদা, পদ্ম আদি দিয়ে। এনেকুৱা একো নাই। চক্ৰও তোমালোক সন্তানসকলৰ। নেপালত ক্ষীৰ সাগৰত বিষ্ণুৰ ডাঙৰ চিত্ৰ দেখুৱায়। পূজাৰ দিনা অলপ গাখীৰ ঢালি দিয়ে। পিতাই এটি এটি কথা ভালদৰে বুজায়। এনেকৈ কোনেও বিষ্ণুৰ অৰ্থ বুজাব নোৱাৰে। নাজানেই। এয়াতো ভগৱানে নিজেই বুজায়। ভগৱান বুলি কোৱা হয় শিৱবাবাক। হওঁতে এজনেই কিন্তু ভক্তিমাৰ্গৰ লোকসকলে নাম অনেক ৰাখি দিছে। তোমালোকে এতিয়া অনেক নাম নোলোৱা। ভক্তিমাৰ্গত বহুত ঠেকা-খুন্দা খায়। তোমালোকেও খাইছিলা। এতিয়া যদি তোমালোকে মন্দিৰ আদি চাবলৈ যোৱা তেতিয়া তাৰ ওপৰত বুজাবা যে উচ্চতকৈও উচ্চ হৈছে ভগৱান, পৰম আত্মা, নিৰাকাৰ পৰমপিতা পৰমাত্মা। আত্মাই শৰীৰৰ দ্বাৰা কয় - অ' পৰমপিতা। তেওঁৰ আকৌ মহিমাও আছে জ্ঞানৰ সাগৰ, সুখৰ সাগৰ। ভক্তিমাৰ্গত এজনৰেই বহুত চিত্র আছে। জ্ঞানমাৰ্গততো জ্ঞান সাগৰ এজনেই। তেৱেঁই পতিত-পাৱন, সকলোৰে সৎগতি দাতা। তোমালোকৰ বুদ্ধিত গোটেই চক্ৰ আছে। উচ্চতকৈও উচ্চ হৈছে পৰমাত্মা, তেওঁৰ বাবেই গায়ন আছে – সোঁৱৰি সোঁৱৰি সুখ পোৱা অৰ্থাৎ এজন পিতাকেই স্মৰণ কৰা অথবা সোঁৱৰি থাকা, তেতিয়া এই শৰীৰৰ সকলো দুখ-কষ্ট দূৰ হ'ব, আকৌ জীৱনমুক্তি পদ প্ৰাপ্ত কৰা। এয়া জীৱনমুক্তি নহয় জানো। পিতাৰ পৰা এই সুখৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। অকলে এওঁতো নাপায়। নিশ্চয় ৰাজধানী হ'ব নহয়। অৰ্থাৎ পিতাই ৰাজধানী স্থাপনা কৰি আছে। সত্যযুগত ৰজা, ৰাণী, প্ৰজা সকলো থাকে। তোমালোকে জ্ঞান প্ৰাপ্ত কৰি আছা, গতিকে গৈ উচ্চ কুলত জন্ম ল'বা। বহুত সুখ পোৱা যায়। যেতিয়া সেয়া স্থাপনা হৈ যায় তেতিয়া ছিঃ ছিঃ আত্মাসকল শাস্তি খাই উভতি যায়। নিজৰ নিজৰ শাখাত গৈ থাকিব। ইমানবোৰ আত্মা আহিব তেতিয়া আকৌ বৃদ্ধি হৈ গৈ থাকিব। এইটো বুদ্ধিত থাকিব লাগে যে ওপৰৰ পৰা কেনেকৈ আহে। এনেকুৱাতো নহয় দুটি পাতৰ সলনি 10টা পাত (আত্মা) একেলগে আহিব লাগে। নহয়, নিয়ম অনুসৰি পাত ওলায়। এয়া বহুত ডাঙৰ বৃক্ষ। দেখুৱায় - এদিনত লাখ লাখ বৃদ্ধি হৈ যায়। প্ৰথমতে বুজাব লাগে - উচ্চতকৈও উচ্চ হৈছে ভগৱান, পতিত-পাৱন, দুখ হৰ্তা, সুখ কৰ্তাও তেৱেঁই। যিসকল ভাৱৰীয়া দুখী হয়, তেওঁলোক সকলোকে আহি সুখ দিয়ে। দুখ দিওঁতা হৈছে ৰাৱণ। মনুষ্যই এইটো গমেই নাপায় যে পিতাৰ আগমন হৈছে যাৰ বাবে আহি বুজিব। বহুতেতো বুজি বুজি আকৌ আঁতৰি গুচি যায়। যেনেকৈ স্নান কৰোঁতে কৰোঁতে ভৰি পিচলি যায় তেতিয়া পানীৰ তলত সোমাই যায়। বাবাতো অনুভৱী হয়। এয়াতো হৈছে বিষয় সাগৰ। বাবাই তোমালোকক ক্ষীৰ সাগৰৰ ফালে লৈ যায়। কিন্তু মায়াৰূপী ঘঁৰিয়ালে ভাল ভাল মহাৰথীকো গিলি পেলায়। জীৱন্তে পিতাৰ কোলাৰ পৰা মৰি ৰাৱণৰ কোলাত গুচি যায় অৰ্থাৎ মৰি যায়। তোমালোক সন্তানসকলৰ বুদ্ধিত আছে উচ্চতকৈও উচ্চ পিতাই আকৌ ৰচনা ৰচে। বুৰঞ্জী-ভূগোল সূক্ষ্মলোকৰতো নহয়। যদিও তোমালোক সূক্ষ্মলোকলৈ যোৱা, সাক্ষাৎকাৰ কৰা। তাত চতুৰ্ভুজ দেখা। চিত্ৰবোৰত আছে নহয়। গতিকে সেয়া বুদ্ধিত ধাৰণ হৈ আছে, গতিকে নিশ্চয় সাক্ষাৎকাৰ হ'ব। কিন্তু এনেকুৱা কোনো বস্তু নাই। এয়া হৈছে ভক্তিমাৰ্গৰ চিত্ৰ। এতিয়ালৈকে ভক্তিমাৰ্গ চলি আছে। ভক্তিমাৰ্গ যেতিয়া পূৰা হ’ব তেতিয়া আকৌ এই চিত্রবোৰ নাথাকিব। স্বৰ্গত এই সকলোবোৰ কথা পাহৰি যাবা। এতিয়া বুদ্ধিত আছে যে এই লক্ষ্মী-নাৰায়ণৰ দুটা ৰূপ হৈছে চতুৰ্ভুজৰ। লক্ষ্মী-নাৰায়ণৰ পূজা অৰ্থাৎ চতুৰ্ভুজৰ পূজা। লক্ষ্মী-নাৰায়ণৰ মন্দিৰ বা চতুৰ্ভুজৰ মন্দিৰ, কথা একেটাই। এই দুয়োগৰাকীৰ জ্ঞান অন্য কাৰোৱেই নাই। তোমালোকে জানা এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছে। বিষ্ণুৰ ৰাজ্য বুলিতো কোৱা নহ’ব। এওঁলোকে প্ৰতিপালনো কৰে। গোটেই বিশ্বৰ মালিক গতিকে বিশ্বৰ প্ৰতিপালন কৰে।

শিৱ ভগৱানুবাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰে বিকৰ্ম বিনাশ হ'ব। বিস্তাৰত বুজাবলগীয়া হয়। কোৱা, এয়াও হৈছে গীতা। কেৱল গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিছে। এয়াতো ভুল, সকলোৰে গ্লানি কৰি দিলে সেই কাৰণে ভাৰত তমোপ্ৰধান হৈ গৈছে। এতিয়া হৈছে কলিযুগী সৃষ্টিৰ অন্তৰ সময়, ইয়াক কোৱা হয় তমোপ্ৰধান লৌহ যুগ। যিসকল সতোপ্ৰধান আছিল, তেওঁলোকেই 84 জন্ম লৈছে। জন্ম-মৃত্যুত নিশ্চয় আহিব লাগে। যেতিয়া পূৰা 84 জন্ম লয় তেতিয়া আকৌ পিতা (ব্ৰহ্মা) প্ৰথম নম্বৰত আহিবলগীয়া হয়। এজনৰ কথা নহয়। এওঁৰতো গোটেই ৰাজধানী আছিল নহয়, পুনৰ নিশ্চয় হোৱা উচিত। পিতাই সকলোৰে বাবে কয় - নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা তেতিয়া যোগ অগ্নিৰে পাপ মোচন হৈ যাব। কাম চিতাত বহি সকলো ক'লা গৈছে। এতিয়া ক'লাৰ পৰা বগা কেনেকৈ হ'ব? সেয়াও পিতাইহে শিকায়। শ্ৰীকৃষ্ণৰ আত্মা নিশ্চয় ভিন্ন ভিন্ন নাম-ৰূপ লৈ আহে। যি লক্ষ্মী-নাৰায়ণ আছিল, তেওঁলোকেই 84 জন্মৰ পাছত পুনৰ সেয়া হ'ব লাগে। গতিকে তেওঁলোকৰ বহুত জন্মৰ অন্তত পিতা আহি প্ৰৱেশ কৰে। পুনৰ তেওঁলোক সতোপ্ৰধান বিশ্বৰ মালিক হয়। তোমালোকৰ ভিতৰত পাৰসনাথকো পূজা কৰে, শিৱকো পূজা কৰে। নিশ্চয় তেওঁলোকক শিৱই এনেকুৱা পাৰসনাথ কৰি তুলিছিল। শিক্ষকতো লাগে নহয়। তেওঁ হৈছে জ্ঞানৰ সাগৰ। এতিয়া সতোপ্ৰধান পাৰসনাথ হ'বলৈ পিতাক বহুত মৰমেৰে স্মৰণ কৰা। তেৱেঁই সকলোৰে দুখ হৰণ কৰোঁতা। পিতাতো হৈছে সুখ দিওঁতা। এয়া হৈছে কাঁইটৰ জংঘল। পিতা আহিছে ফুলৰ বাগিচা গঢ়িবলৈ। পিতাই নিজৰ পৰিচয় দিয়ে। মই এই সাধাৰণ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰোঁ, যিয়ে নিজৰ জন্মৰ বিষয়ে নাজানে। ভগৱানুবাচ - মই তোমালোকক ৰাজযোগ শিকাওঁ। গতিকে এইখন ঈশ্বৰীয় বিশ্ব বিদ্যালয় হৈ গ’ল। লক্ষ্য-উদ্দেশ্য হয়েই ৰজা-ৰাণী হোৱাৰ গতিকে নিশ্চয় প্ৰজাও হ’ব। মনুষ্যই যোগ যোগ বুলি বহুত কয়। নিবৃত্তি মাৰ্গৰ লোকসকলেতো অনেক প্ৰকাৰৰ হঠযোগ কৰে। তেওঁলোকে ৰাজযোগ শিকাব নোৱাৰে। পিতাৰ হয়েই এক প্ৰকাৰৰ যোগ। কেৱল কয় - নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। 84 জন্ম পূৰা হ'ল, এতিয়া ঘৰলৈ উভতি যাব লাগে। এতিয়া পাৱন হ'ব লাগে। এজন পিতাক স্মৰণ কৰা, বাকী সকলোকে এৰা। ভক্তিমাৰ্গত তোমালোকে গায়ন কৰিছিলা যে আপুনি আহিলে আমি এজনৰেই সংগ ল'ম। গতিকে নিশ্চয় তেওঁৰ পৰা উত্তৰাধিকাৰ পাইছিলা নহয়। আধাকল্প হৈছে স্বৰ্গ, তাৰপাছত নৰক। ৰাৱণৰাজ্য আৰম্ভ হয়। এনেকৈ বুজাব লাগে। নিজক দেহ বুলি নাভাবিবা। আত্মা অবিনাশী। আত্মাতেই গোটেই ভূমিকা নিহিত হৈ আছে, যিটো তোমালোকে পালন কৰা। এতিয়া শিৱবাবাক স্মৰণ কৰা তেতিয়া বৈতৰণী পাৰ হৈ যাবা। সন্ন্যাসী পৱিত্ৰ হয় গতিকে তেওঁলোকৰ কিমান মান হয়। সকলোৱে মূৰ দোৱাই থাকে। পৱিত্ৰতা অনুসৰিয়েই উচ্চ-নীচ হয়। দেৱতাসকল হৈছে একেবাৰে উচ্চ। সন্ন্যাসী আকৌ এটা জন্ম পৱিত্ৰ হয়, আকৌ পৰৱৰ্তী জন্মতো বিকাৰৰ দ্বাৰাই লয়। দেৱতাসকল থাকেই সত্যযুগত। এতিয়া তোমালোকে পঢ়া আৰু আনকো পঢ়ুওৱা। কোনোৱে পঢ়ে কিন্তু আনক বুজাব নোৱাৰে কিয়নো ধাৰণা নহয়। বাবাই ক'ব - তোমাৰ ভাগ্যত নাই যেতিয়া পিতাই কি কৰিব। পিতাই বহি যদি সকলোকে আশীৰ্বাদ দিয়ে তেন্তে সকলোৱে জলপানি লৈ ল'ব। তেওঁতো ভক্তিমাৰ্গত আশীৰ্বাদ দিয়ে। সন্ন্যাসীয়েও এনেকুৱা কৰে। তেওঁক গৈ ক’ব - মোৰ সন্তান হওঁক, আশীৰ্বাদ কৰক। বাৰু, তোমাৰ সন্তান হ'ব। ছোৱালী হয় যদি ক'ব নিয়তি। ল'ৰা হ’লে বাঃ! বাঃ! কৰি চৰণত পৰি থাকিব। বাৰু, আকৌ যদি মৰে তেতিয়া কন্দা-কটা কৰিবলৈ, গুৰুক গালি দিবলৈ ধৰিব। গুৰুৱে ক'ব এয়া - নিয়তি আছিল। ক'ব, প্ৰথমে কিয় কোৱা নাছিল। কোনোবা মৃত্যুৰ পাছত জী উঠিলে তেতিয়া সেয়াও নিয়তি বুলিয়েই ক'ব। সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আত্মা ক'ৰবাত লুকাই যায়। ডাক্তৰসকলেও ভাবে এওঁ মৰিল, পুনৰ জী উঠে। চিতাত তুলি দিয়াজনো উঠি বহে। কোনোবা এজনে কাৰোবাক মানিলে তেতিয়া তেওঁৰ পিছত বহুত পৰি যায়।

তোমালোক সন্তানসকলতো বহুত নম্ৰ স্বভাৱৰ হৈ চলিব লাগে। অহংকাৰ যাতে অলপো নাথাকে। আজিকালি কাৰোবাক অলপো অহংকাৰ দেখুৱালেই শত্ৰুতা বাঢ়ি যায়। বৰ অমায়িক হৈ চলিব লাগে। নেপালতো প্ৰভাৱ বিস্তাৰ হ’ব। এতিয়া তোমালোক সন্তানসকলৰ মহিমাৰ সময় নহয়। নহ'লে তেওঁলোকৰ (সাধু-সন্ন্যাসীসকলৰ) সংগঠনৰ বিপৰ্যয় হৈ যাব। ডাঙৰ ডাঙৰ লোকসকল জাগ্ৰত হৈ গ’লে আৰু সভাত বহি শুনালে, তেতিয়া তেওঁলোকৰ পিছত বহুত লোক আহি যাব। কোনোবা এম.পি.য়ে (সাংসদে) বহি যদি তোমালোকৰ মহিমা কৰে যে ভাৰতৰ ৰাজযোগ এই ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে, এনেকুৱা এতিয়ালৈকে কোনো ওলোৱা নাই। সন্তানসকল বহুত বিচাৰ বুদ্ধি সম্পন্ন, চমৎকাৰী হ'ব লাগে। অন্যসকলে ভাষণ কেনেকৈ দিয়ে সেয়া শিকিব লাগে। সেৱা কৰাৰ যুক্তি (উপায়) পিতাই শিকায়। পিতাই যি মুৰুলী শুনালে, কল্পই কল্পই ঠিক তেনেকৈয়ে শুনাইছিল। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। প্ৰশ্ন উঠিব নোৱাৰে - এনেকৈ কিয়? ড্ৰামা অনুসৰি যি বুজাবলগীয়া আছিল সেয়া বুজালোঁ। বুজাই থাকোঁ। বাকী লোকসকলেতো অনেক প্ৰশ্ন কৰিব। কোৱা, প্ৰথমে মনমনাভৱ হৈ যাওঁক (নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰক)। পিতাক জানিলে আপোনালোকে সকলো জানি যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাৰ যুক্তি শিকি বহুত বিচাৰ বুদ্ধি সম্পন্ন আৰু চমৎকাৰী হ'ব লাগে। ধাৰণা কৰি আকৌ অন্যকো কৰাব লাগে। পঢ়াৰ দ্বাৰা নিজৰ ভাগ্য নিজে গঢ়িব লাগে।

(2) কোনো কথাতে অলপো অহংকাৰ দেখুৱাব নালাগে, বৰ অমায়িক আৰু নম্ৰ স্বভাৱৰ হ'ব লাগে। মায়া ৰূপী ঘঁৰিয়ালৰ পৰা নিজক সাৱধানে ৰাখিব লাগে।

বৰদান:

হৈ যোৱা কথা শ্ৰেষ্ঠ বিধিৰে পাৰ কৰি স্মাৰক স্বৰূপ কৰি তোলোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হওঁতা হোৱা

“যি হৈ গ’ল সেয়া অতীত হৈ গ’ল” এয়াতো হ’বই। সময় আৰু দৃশ্য সকলো অতীত হৈ যাব কিন্তু সন্মান সহকাৰে উত্তীৰ্ণ হৈ প্ৰতিটো সংকল্প বা সময় অতিক্ৰম কৰা অৰ্থাৎ হৈ যোৱা কথাক এনেকুৱা শ্ৰেষ্ঠ বিধিৰে পাৰ কৰা যাতে অতীতক স্মৃতিলৈ আনিলেই অন্তৰৰ পৰা বাঃ! বাঃ! উচ্চাৰিত হয়। অন্য আত্মাসকলে তোমালোকৰ হৈ যোৱা কাহিনীৰ পৰা পাঠ পঢ়ক। তোমালোকৰ অতীত স্মাৰক স্বৰূপ হৈ যাওঁক তেতিয়া কীৰ্তন অৰ্থাৎ কীৰ্তি গায়ন কৰি থাকিব।

স্লোগান:
স্ব-কল্যাণৰ শ্ৰেষ্ঠ পৰিকল্পনা কৰা তেতিয়া বিশ্ব সেৱাত শক্তিৰ কিৰণ পাবা।