17.04.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এয়া
অপূৰ্ব পাঠ বেহদৰ পিতাই পঢ়ায়, পিতা আৰু তেওঁ যি পঢ়ায় তাৰ প্ৰতি কোনো সংশয় জন্মিব
নালাগে, প্ৰথমে নিশ্চয় জন্মা উচিত যে আমাক পঢ়াওঁতাজন কোন”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে নিৰন্তৰ স্মৃতিৰ যাত্ৰাত থকাৰ শ্ৰীমত কিয় পাইছা?
উত্তৰ:
কিয়নো মায়াৰূপী শতৰু এতিয়াও তোমালোকৰ পিছত আছে, যিয়ে তোমালোকক অধঃপতিত কৰিছে। এতিয়া
মায়াই তোমালোকৰ পিছ নেৰিব সেইবাবে গাফিলতি নকৰিবা। যদিও তোমালোক সংগমযুগত আছা কিন্তু
আধাকল্প মায়াৰ হৈ আছিলা সেইবাবে সোনকালে এৰি নিদিব। স্মৃতি পাহৰিলেই মায়াই বিকৰ্ম
কৰায়, সেইবাবে খবৰদাৰ হৈ থাকিব লাগে। আসুৰি মতত চলিব নালাগে।
ওঁম্শান্তি।
এতিয়া
সন্তানসকলো আছে, বাবাও আছে। বাবাই অনেক সন্তানক ক’ব “অ’ সন্তানসকল”, সকলো সন্তানে
আকৌ ক’ব “অ’ বাবা”। সন্তান বহুত আছে। তোমালোকে বুজি পোৱা এই জ্ঞান আমাৰ অৰ্থাৎ
আত্মাসকলৰ বাবেহে। এজন পিতাৰ কিমান অনেক সন্তান আছে। সন্তানসকলে জানে যে পিতা পঢ়াবলৈ
আহিছে। তেওঁ প্ৰথমে বাবা, তাৰপাছত শিক্ষক আকৌ তাৰপাছত গুৰু হয়। এতিয়া পিতাতো পিতাই
হয়। আকৌ পাৱন কৰি তুলিবলৈ স্মৃতিৰ যাত্ৰা শিকায়। আৰু এয়াও সন্তানসকলে বুজি পায় যে
এই পঢ়া অপূৰ্ব! ড্ৰামাৰ আদি-মধ্য-অন্তৰ ৰহস্য পিতাৰ বাহিৰে আন কোনেও শুনাব নোৱাৰে,
সেইবাবে তেওঁক বেহদৰ পিতা বুলি কোৱা হয়। এইটো নিশ্চয়তো সন্তানসকলৰ অৱশ্যে জন্মে, এই
ক্ষেত্ৰত সংশয়ৰ কথা আহিব নোৱাৰে। ইমান বেহদৰ পঢ়া, বেহদৰ পিতাৰ বাহিৰেতো কোনেও পঢ়াব
নোৱাৰে। আহ্বানো জনায় যে বাবা আহক, পাৱন সৃষ্টিলৈ লৈ যাওঁক কিয়নো এইখন হৈছে পতিত
সৃষ্টি। পিতাই পাৱন সৃষ্টিলৈ লৈ যায়। তাত জানো এনেকৈ ক’ব যে বাবা আহক, পাৱন সৃষ্টিলৈ
লৈ যাওঁক। সন্তানসকলে জানে – তেওঁ আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতা। সেয়েহে দেহৰ বোধ
নোহোৱা হৈ যায়। আত্মাই কয় – তেওঁ আমাৰ পিতা। এতিয়া এইটোতো নিশ্চয় জন্মা উচিত যে
যথাযথ পিতাৰ বাহিৰে কোনেও ইমান জ্ঞান দিব নোৱাৰে। প্ৰথমেতো বুদ্ধিত এইটো নিশ্চয়
জন্মা উচিত। নিশ্চয়ও আত্মাৰ বুদ্ধিত জন্মে। আত্মাই এই জ্ঞান পায়, এয়া আমাৰ বাবা।
এইটো বৰ দৃঢ় নিশ্চয় সন্তানসকলৰ থাকিব লাগে। মুখেৰে একো ক’ব নালাগে। আমি আত্মাই এটা
শৰীৰ এৰি অন্য এটা লওঁ। আত্মাতে সকলো সংস্কাৰ থাকে।
এতিয়া তোমালোকে জানা
যে বাবাৰ আগমন হৈছে, আমাক এনেকৈ পঢ়ায়, কৰ্ম শিকায় যাৰ বাবে আমি এইখন (পতিত) সৃষ্টিত
আৰু নাহোঁ। জগতৰ মনুষ্যইতো ভাবে এইখন সৃষ্টিতে আহিব লাগে। তোমালোকে এনেকৈ নাভাবা।
তোমালোকে এই অমৰকথা শুনি অমৰপুৰীলৈ যোৱা। অমৰপুৰী অৰ্থাৎ য’ত সদায় অমৰ হৈ থাকে।
সত্যযুগ-ত্ৰেতা হৈছে অমৰপুৰী। সন্তানসকল কিমান আনন্দিত হোৱা উচিত। এই পঢ়া একমাত্ৰ
পিতাৰ বাহিৰে আৰু কোনেও পঢ়াব নোৱাৰে। পিতাই আমাক পঢ়ায় বাকী যিসকল শিক্ষক আছে
তেওঁলোক সাধাৰণ মনুষ্য। ইয়াত তোমালোকে যাক পতিত-পাৱন, দুখ হৰ্তা, সুখ কৰ্তা বুলি
কোৱা, সেইজন পিতাই এতিয়া সন্মুখত পঢ়াই আছে। সন্মুখত নহাকৈ ৰাজযোগৰ পাঠ কেনেকৈ পঢ়াব?
পিতাই কয় – তোমালোক মিঠা সন্তানসকলক পঢ়াবৰ কাৰণে ইয়ালৈ আহোঁ। পঢ়াবলৈ এওঁৰ (ব্ৰহ্মাৰ)
শৰীৰত প্ৰৱেশ কৰোঁ। যথাযথ ভগৱানুবাচও হয়, সেয়েহে নিশ্চয় তেওঁক শৰীৰ লাগে। কেৱল
মুখেই নহয়, গোটেই শৰীৰ লাগে। নিজেই কয় – মৰমৰ আত্মিক সন্তানসকল, মই কল্পই কল্পই
পুৰুষোত্তম সংগমযুগত সাধাৰণ শৰীৰত আহোঁ, বহুত গৰিবো নহয়, বহুত চহকীও নহয়, সাধাৰণ।
এইটোতো তোমালোক সন্তানসকলৰ নিশ্চয়তা থকা উচিত – তেওঁ আমাৰ বাবা, আমি আত্মা। আমাৰ
অৰ্থাৎ আত্মাসকলৰ বাবা। গোটেই জগতৰ যিয়েই মনুষ্য মাত্ৰৰ আত্মা আছে, সেই সকলোৰে বাবা,
সেইবাবে তেওঁক বেহদৰ বাবা বুলি কোৱা হয়। শিৱ জয়ন্তীও পালন কৰে, তেওঁৰ বিষয়েও কোনেও
গম নাপায়। যাকেই সোধা যে শিৱ জয়ন্তী কেতিয়াৰ পৰা পালন কৰা থকা হৈছে? তেতিয়া ক’ব
পৰম্পৰাগতভাৱে। সেয়াও কেতিয়াৰ পৰা? কিবা তাৰিখতো থাকিব লাগে নহয়। ড্ৰামাতো অনাদি।
কিন্তু ড্ৰামাত যি কৰ্মকাণ্ড হয়, তাৰ তিথি-তাৰিখতো থাকিব লাগে নহয়। এয়াতো কোনেও
নাজানে। আমাৰ শিৱবাবা আহে, সেই স্নেহেৰে জয়ন্তী পালন নকৰে। নেহৰুৰ জয়ন্তী সেই
স্নেহেৰে পালন কৰিব। চকুলোও ওলাব। শিৱ জয়ন্তীৰ বিষয়েও কোনেও গম নাপায়। এতিয়া
তোমালোক সন্তানসকল অনুভৱী হোৱা। অনেক মনুষ্য আছে, যিসকলে একো গম নাপায়। কিমান মেলা
অনুষ্ঠিত হয়। তালৈ যিসকল যায় তেওঁলোকে ক’ব পাৰে যে সত্য কি। যেনেকৈ বাবাই অমৰনাথৰো
দৃষ্টান্তও শুনাইছিল, তালৈ গৈ দেখিলে – সত্য কি। আনেতো অন্যৰ পৰা যি শুনে, সেয়া
শুনায়। কোনোবাই ক’লে – বৰফৰ লিংগ থাকে, সেয়াও সঁচা বুলি ক’ব। এতিয়া তোমালোক
সন্তানসকলৰ অনুভৱ হৈছে – শুদ্ধ কি, ভুল কি? এতিয়ালৈ যি কিছু শুনি-পঢ়ি আহিছা, সেয়া
সকলো আছিল ভুল। গায়নো আছে নহয় - মিছা কায়া… এয়া হ’ল মিছাখণ্ড, সেয়া হ’ল সঁচাখণ্ড।
সত্যযুগ, ত্ৰেতা, দ্বাপৰ অতীত হৈ গ’ল, এতিয়া কলিযুগ চলি আছে। এয়াও বহুত কমসংখ্যকেহে
জানে। তোমালোকৰ বুদ্ধিত সকলো খেয়াল চলে। পিতাৰ গোটেই জ্ঞান আছে, তেওঁক জ্ঞানৰ সাগৰ
বুলি কোৱা হয়। তেওঁৰ যি জ্ঞান আছে সেয়া তেওঁ এই শৰীৰৰ দ্বাৰা প্ৰদান কৰি আমাক নিজৰ
সমান কৰি আছে। যেনেকৈ শিক্ষকেও নিজৰ সমান কৰি তোলে। তেনেকৈ বেহদৰ পিতায়ো চেষ্টা কৰি
নিজৰ সমান কৰি তোলে। লৌকিক পিতাই নিজৰ সমান কৰি নোতোলে। তোমালোক এতিয়া বেহদৰ পিতাৰ
ওচৰলৈ আহিছা। তেওঁ জানে যে মই সন্তানসকলক নিজৰ সমান কৰি তুলিব লাগে। যেনেকৈ শিক্ষকে
নিজৰ সমান কৰি তুলিব, ক্ৰমানুসৰি হ’ব। এইজন পিতায়ো এনেকৈ কয়, ক্ৰমানুসৰি হ’বা। মই
যি পঢ়াওঁ এয়া হৈছে অবিনাশী পাঠ। যিয়ে যিমান পঢ়িব সেয়া ব্যৰ্থত নাযাব। আগলৈ গৈ নিজেই
ক’ব - মই 4 বছৰ আগতে, 8 (আঠ) বছৰ আগতে কাৰোবাৰ পৰা জ্ঞান শুনিছিলোঁ, এতিয়া পুনৰ
আহিছোঁ। আকৌ কোনোবা একেবাৰে লাগি ধৰে। অগ্নি শিখাতো আছে, আকৌ কোনোবা চগাপোক অগ্নি
শিখাত একেবাৰে উৎসৰ্গিত হৈ যায়। কোনোবাই পৰিক্ৰমা লগাই গুচি যায়। আৰম্ভণিত বহুত
চগাপোক অগ্নি শিখাৰ প্ৰেমিকা হৈ গ’ল। ড্ৰামাৰ পৰিকল্পনা অনুসৰি ভাতী হ’বলগীয়া আছিল।
কল্পই কল্পই এনেকৈ হৈ আহিছে। যি অতীত হৈ গ’ল, কল্প পূৰ্বেও এনেকুৱা হৈছিল। আগলৈ
পুনৰ সেয়াই হ’ব। বাকী এইটো দৃঢ় নিশ্চয়তা ৰাখা যে আমি আত্মা। পিতাই আমাক পঢ়ায়। এইটো
নিশ্চয়তাত দৃঢ় হৈ থাকা, পাহৰি নাযাবা। এনেকুৱা কোনো মনুষ্য নাথাকিব যিয়ে পিতাক পিতা
বুলি নুবুজে। লাগিলে এৰি থৈ গুচি যাব তেতিয়াও বুজিব যে মই পিতাক এৰি দিলোঁ। এয়াতো
হৈছে বেহদৰ পিতা, তেওঁকতো কেতিয়াও এৰি নিদিওঁ। অন্তলৈকে লগত থাকিম। এইজন পিতাতো হৈছে
সকলোৰে সৎগতি কৰোঁতা। 5 হাজাৰ বছৰৰ পাছত আহে। এয়াও বুজি পোৱা, সত্যযুগত বহুত কম
মনুষ্য থাকে। বাকী সকলো শান্তিধামত থাকে। এই জ্ঞানো পিতাইহে শুনায় আন কোনেও শুনাব
নোৱাৰে। কাৰো বুদ্ধিত ধাৰণ হ’ব নোৱাৰে। তোমালোক আত্মাসকলৰ তেওঁ পিতা হয়। তেওঁ
চৈতন্য বীজৰূপ। কি জ্ঞান দিব? সৃষ্টিৰূপী বৃক্ষৰ। ৰচয়িতাই নিশ্চয় ৰচনাৰ জ্ঞান দিব।
তোমালোকে জানো গম পাইছিলা যে সত্যযুগ কেতিয়া আছিল আকৌ ক’লৈ গ’ল!
এতিয়া তোমালোক
সন্মুখত বহি আছা, বাবাই কথা পাতি আছে। দৃঢ় নিশ্চয় কৰা – এয়া আমাৰ সকলো আত্মাৰ পিতা,
আমাক পঢ়াই আছে। এয়া কোনো পাৰ্থিৱ শিক্ষক নহয়। এই (ব্ৰহ্মাৰ) শৰীৰত পঢ়াওঁতা শিৱবাবা
বিৰাজমান হৈ আছে। তেওঁ নিৰাকাৰ হোৱা সত্ত্বেও জ্ঞানৰ সাগৰ হয়। মনুষ্যইতো কৈ দিয়ে যে
তেওঁৰ কোনো আকাৰ নাই। মহিমাও গায় – জ্ঞানৰ সাগৰ, সুখৰ সাগৰ…। কিন্তু বুজি নাপায়।
ড্ৰামা অনুসৰি বহুত দূৰৈত গুচি গৈছে। বাবাই বহুত ওচৰলৈ লৈ আহে। এয়াতো 5 হাজাৰ বছৰৰ
কথা। তোমালোকে বুজি পোৱা প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আমাক পঢ়াবলৈ আহে। এই জ্ঞান আৰু
কাৰো পৰা পাব নোৱাৰে। এই জ্ঞান হয়েই নতুন সৃষ্টিৰ বাবে। কোনো মনুষ্যই দিব নোৱাৰে
কিয়নো তমোপ্ৰধান হয়। তেওঁলোকে কাকো সতোপ্ৰধান কৰি তুলিব নোৱাৰে। তেওঁলোকতো
তমোপ্ৰধান হৈয়ে গৈ থাকে।
তোমালোকে এতিয়া জানা
– বাবাই আমাক এওঁৰ শৰীৰত প্ৰৱেশ কৰি কৈ আছে, আকৌ পিতাই কয় – সন্তানসকল, গাফিলতি
নকৰিবা। শতৰু এতিয়াও তোমালোকৰ পিছত আছে, যিয়ে তোমালোকক অধঃপতিত কৰিছে। সেই শতৰুৱে
এতিয়া তোমালোকৰ পিছ নেৰিব। যদিও তোমালোক সংগমযুগত আছা কিন্তু আধাকল্প তোমালোক সেই
শতৰুৰ আছিলা সেয়েহে সোনকালে এৰি নিদিব। সাৱধান হৈ নাথাকিলে, স্মৰণ নকৰিলে তেতিয়া আকৌ
আৰু অধিক বিকৰ্ম কৰাই দিব। তেতিয়া কিবা নহয় কিবা প্ৰকাৰে থাপৰ লাগি থাকিব। এতিয়াতো
চোৱা – মনুষ্যই নিজে নিজক থাপৰ মাৰিছে। কি কি কৈ দিয়ে! শিৱ-শংকৰক একত্ৰ কৰি দিয়ে।
তেওঁৰ বৃত্তি (কৰ্তব্য) কি, শংকৰৰ কি? কিমান পাৰ্থক্য আছে। শিৱতো হৈছে উচ্চতকৈও
উচ্চ ভগৱান, শংকৰ দেৱতা। তেন্তে শিৱ-শংকৰ একেই বুলি কেনেকৈ কৈ দিয়ে! দুয়োজনৰ
ভূমিকাই বেলেগ বেলেগ। ইয়াতো বহুতৰে এনেকুৱা এনেকুৱা নাম আছে – ৰাধাকৃষ্ণ,
লক্ষ্মীনাৰায়ণ, শিৱশংকৰ… দুয়োটা নাম নিজৰ ওপৰতে ৰাখি দিছে। গতিকে সন্তানসকলে বুজি
পায় এই সময়লৈকে পিতাই যি বুজাইছে সেয়া পুনৰ পুনৰাবৃত্তি হ’ব। বাকী কিছু দিন আছে।
পিতা জানো বহি যাব। সন্তানসকলে ক্ৰমানুসৰি পঢ়ি কৰ্মাতীত হৈ যাব। ড্ৰামা অনুসৰি
মালাও তৈয়াৰ হৈ যাব। কোনধাৰী মালা? সকলো আত্মাৰ মালা তৈয়াৰ হৈ যাব, তেতিয়া পুনৰ উভতি
যাব। প্ৰথম নম্বৰৰ মালাতো হৈছে তোমালোকৰ। শিৱবাবাৰ মালাতো বহুত দীঘল। তাৰ পৰা
ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহিবা। তোমালোক সকলোৱে “বাবা বাবা” বুলি কোৱা। সকলো
এধাৰী মালাৰে মণি। সকলোকে বিষ্ণুৰ মালাৰ মণি বুলি কোৱা নহ’ব। এয়া পিতাই বহি পঢ়ায়।
সূৰ্যবংশী হ’বই লাগে। সূৰ্যবংশী-চন্দ্ৰবংশী যি অতীত হৈ গ’ল সেয়া পুনৰ হ’ব। এই
পদমৰ্যাদা পঢ়াৰ দ্বাৰাই প্ৰাপ্ত হয়। পিতাৰ শিক্ষা অবিহনে এই পদমৰ্যাদা প্ৰাপ্ত হ’ব
নোৱাৰে। চিত্ৰও আছে, কিন্তু কোনেও এনেকুৱা কৰ্ম-কাণ্ড নকৰে যে আমি এয়া হ’ব পাৰো।
কথাও (কাহিনীও) সত্য-নাৰায়ণৰ শুনে। গৰুড় পুৰাণত সকলো এনেকুৱা কথা আছে যিবোৰ মনুষ্যক
শুনায়। পিতাই কয় - এই বিষয় বৈতৰণী নদী হৈছে ৰৌৰৱ নৰক। বিশেষকৈ ভাৰতক কোৱা হ’ব।
বৃহস্পতিৰ দশাও ভাৰততে চলে। বৃহস্পতিয়েও ভাৰতবাসীকে পঢ়ায়। বেহদৰ পিতাই বহি বেহদৰ কথা
বুজায়। দশাও চলে। ৰাহুৰো দশা চলে সেইবাবে কয় – দান দিয়া তেতিয়া গ্ৰহণ আঁতৰিব। পিতায়ো
কয় – এই কলিযুগৰ অন্তত সকলোৰে ৰাহুৰ দশা চলিছে। এতিয়া মই বৃহস্পতি আহিছোঁ ভাৰতত
বৃহস্পতিৰ দশা বহুৱাবলৈ। সত্যযুগত বৃহস্পতিৰ দশা ভাৰতত চলিছিল। এতিয়া হৈছে ৰাহুৰ দশা।
এয়া বেহদৰ কথা। এই কথা কোনো শাস্ত্ৰ আদিত নাই। এই আলোচনী আদিও তেওঁলোকে বুজি পাব
যিসকলে আগতে কিবা নহয় কিবা বুজি পাইছে। আলোচনী পঢ়িলে তেওঁলোকে আকৌ অধিক বুজিবলৈ দৌৰি
আহিব। বাকীতো একো নুবুজিব। যিয়ে অলপ পঢ়ি আকৌ এৰি দিয়ে তেতিয়া তেওঁক অকণমান জ্ঞান
ঘৃত ঢালি দিলে পুনৰ সজাগ হৈ যায়। জ্ঞানক ঘৃত বুলিও কোৱা হয়। পিতা আহি নুমাই যোৱা
দীপকত জ্ঞান ৰূপী ঘৃত ঢালি আছে। তেওঁ কয় – সন্তানসকল, মায়াৰ ধুমুহা আহিব, চাকি
নুমাই দিব। অগ্নি শিখাত কোনোবা চগা পোক জ্বলি মৰে, কোনোবাই পৰিক্ৰমা লগাই গুচি যায়।
সেই কথাই এতিয়া বাস্তৱত চলি আছে। সকলোৱে ক্ৰমানুসৰি চগা পোক। প্ৰথমে একেবাৰে
ঘৰ-সংসাৰ এৰি আহিল, চগাপোক হ’ল (পিতাৰ প্ৰতি উৎসৰ্গিত হৈ গ’ল)। যেন একেবাৰে লটাৰি
পাই গ’ল। যি অতীত হৈ গ’ল, তেমালোকে পুনৰ এনেকুৱাই কৰিবা। হয়তো গুচি গ’ল, এনেকৈ
নাভাবিবা যে স্বৰ্গলৈ নাহিব, চগাপোক হ’ল, প্ৰেমিকা হ’ল আকৌ মায়াই হৰুৱাই দিলে,
তেতিয়া পদো কম পাব। ক্ৰমানুসৰিতো হয়েই। আন সৎসংগত কাৰো বুদ্ধিত নাথাকিব। তোমালোকৰ
বুদ্ধিত আছে। পিতাৰ পৰা নতুন সৃষ্টিৰ বাবে ক্ৰমানুসৰি আমি সকলোৱে নিজৰ পুৰুষাৰ্থ
অনুসৰি পঢ়ি আছোঁ। আমি বেহদৰ পিতাৰ সন্মুখত বহি আছোঁ। এইটোও জানা সেই আত্মা দেখিবলৈ
পোৱা নাযায়। সেয়াতো অব্যক্ত বস্তু। তাক দিব্য দৃষ্টিৰে দেখা পোৱা যায়। আমি আত্মাও
সূক্ষ্ম বিন্দু। কিন্তু দেহ-অভিমান এৰি নিজক আত্মা বুলি বুজা – এয়া হ’ল উচ্চ পঢ়া।
সেই (লৌকিক) পঢ়াতো যিটো বিষয় কঠিন হয়, তাত অকৃতকাৰ্য হয়। এই বিষয়বোৰতো বহুত সহজ,
কিন্তু বহুতৰ কঠিন অনুভৱ হয়।
এতিয়া তোমালোকে বুজি
পোৱা শিৱবাবা সন্মুখত বহি আছে। তোমালোকো নিৰাকাৰ আত্মা কিন্তু শৰীৰ সাহিত আছা। এই
সকলোবোৰ কথা বেহদৰ পিতাইহে শুনায়, আন কোনেও শুনাব নোৱাৰে। তেন্তে কি কৰিবা? তেওঁক
ধন্যবাদ জনাবা। নহয়। বাবাই কয় – এইখন অনাদি ড্ৰামা ৰচি থোৱা আছে। মই কোনো নতুন কথা
নুশুনাওঁ। ড্ৰামা অনুসৰি তোমালোকক পঢ়াওঁ। ধন্যবাদতো ভক্তিমাৰ্গত জনায়। শিক্ষকে ক’ব
– বিদ্যাৰ্থীয়ে ভালদৰে পঢ়িলে আমাৰ নাম উজ্জ্বল হ’ব। বিদ্যাৰ্থীসকলক ধন্যবাদ জনোৱা
হয়। যিসকলে ভালদৰে পঢ়ে, পঢ়ায়, তেওঁলোকক ধন্যবাদ জনোৱা হয়। বিদ্যাৰ্থীয়ে আকৌ শিক্ষকক
ধন্যবাদ জনাব। পিতাই কয় – মৰমৰ সন্তানসকল, জীয়াই থাকা। এনেকুৱা সেৱা কৰি থাকা, কল্প
পূৰ্বেও কৰিছিলা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় নিচা আৰু নিশ্চয়তা থাকিব লাগে যে আমাক পঢ়াওঁতাজন কোনো পৰ্থিৱ শিক্ষক নহয়।
স্বয়ং জ্ঞানৰ সাগৰ নিৰাকাৰ পিতাই শিক্ষক হৈ আমাক পঢ়াই আছে। এই পঢ়াৰ দ্বাৰাই আমি
সতোপ্ৰধান হ’ব লাগে।
(2) আত্মা ৰূপী দীপকত
সদায় জ্ঞান ৰূপী ঘৃত ঢালিব লাগে। জ্ঞান ৰূপী ঘৃতেৰে সদায় এনেকৈ প্ৰজ্জ্বলিত হৈ
থাকিব লাগে যাতে মায়াৰ কোনো ধুমুহাই বিচলিত কৰিব নোৱাৰে। পূৰা চগাপোক হৈ অগ্নি
শিখাত উৎসৰ্গিত হৈ যাব লাগে।
বৰদান:
সদায় একমাত্ৰ পিতাৰ
স্নেহত সমাহিত হৈ সহযোগী তথা সহজযোগী আত্মা হোৱা
যিসকল সন্তানৰ পিতাৰ
প্ৰতি অতি স্নেহ আছে, সেই স্নেহী আত্মাসকল সদায় পিতাৰ শ্ৰেষ্ঠ কৰ্মত সহযোগী হ’ব আৰু
যি যিমান সহযোগী তেওঁ সিমানেই সহজযোগী হৈ যায়। পিতাৰ স্নেহত সমাহিত হৈ থকা সহযোগী
আত্মা কেতিয়াও মায়াৰ সহযোগী হ’ব নোৱাৰে। তেওঁলোকৰ প্ৰতিটো সংকল্পত বাবা আৰু সেৱাই
থাকে সেয়েহে টোপনি গ’লেও বৰ আৰাম পাব, শান্তি আৰু শক্তি প্ৰাপ্ত হ’ব। নিদ্ৰা,
নিদ্ৰা নহ’ব, যেন উপাৰ্জন কৰি সুখৰ নিদ্ৰাত শুই আছে, ইমানখিনি পৰিৱৰ্তন আহি যায়।
স্লোগান:
প্ৰেমৰ চকুলো অন্তৰ ৰূপী চন্দুকত মুকুতা হৈ যায়।
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
ইজনে সিজনৰ সংস্কাৰক
জানি, স্নেহেৰে পৰস্পৰ মিলি-জুলি থকা – এয়া মালাৰ মণিবোৰৰ বৈশিষ্ট্য। কিন্তু ইজন
সিজনৰ স্নেহী তেতিয়াহে হ’বা যেতিয়া সংস্কাৰ আৰু সংকল্প ইজনে সিজনৰ সৈতে মিলাবা,
ইয়াৰ বাবে সৰলতাৰ গুণ ধাৰণ কৰা।