18.04.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতা হৈছে দাতা, তোমালোক সন্তানসকলে পিতাৰ পৰা একো বিচৰাৰ দৰকাৰ নাই, প্ৰবাদ আছে যে
বিচৰাতকৈ মৃত্যুৱে শ্ৰেয়”
প্ৰশ্ন:
কোনটো স্মৃতি
সদায় থাকিলে কোনো কথাৰ চিন্তা বা চিন্তন নাথাকিব?
উত্তৰ:
যি অতীত হৈ গ'ল - ভালেই হওঁক বা বেয়াই হওঁক, ড্ৰামাত আছিল। গোটেই চক্ৰ পূৰা হৈ আকৌ
পুনৰাবৃত্তি হ'ব। যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰে, তেনেকুৱা পদ পায়। এইটো কথা স্মৃতিত
থাকিলে কোনো কথাৰ চিন্তা বা চিন্তন নাথাকিব। পিতাৰ নিৰ্দেশনা হৈছে - সন্তানসকল, যি
হৈ গ’ল তাৰ বিষয়ে চিন্তা নকৰিবা। ওলট-পালট কোনো কথা নুশুনিবা আৰু আনকো নুশুনাবা। যি
কথা হৈ গ'ল তাৰ কোনো চিন্তাও নকৰিবা বা আঁওৰায়ো নাথাকিবা।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায়। আত্মিক পিতাক দাতা বুলি কোৱা হয়। তেওঁ
নিজেই সকলোবোৰ সন্তানসকলক দিয়ে। আহেই বিশ্বৰ মালিক তুলিবলৈ। কেনেকৈ হ'ব লাগে, এই
সকলোবোৰ সন্তানসকলক বুজায়, নিৰ্দেশনা দি থাকে। দাতা হয় নহয়। সেয়েহে সকলো নিজেই দি
থাকে। বিচৰাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ। কোনো বস্তু বিচাৰিব নালাগে। শক্তি, আশীৰ্বাদ, কৃপা
আদি কোনো কোনো সন্তানে বিচাৰি থাকে। ভক্তিমাৰ্গত বিচাৰি বিচাৰি মূৰ মাৰি গোটেই ছিৰি
তললৈ নামি আহিলা। এতিয়া বিচৰাৰ কোনো দৰকাৰ নাই। পিতাই কয় – নিৰ্দেশনা অনুসৰি চলা।
পিতাৰ প্ৰথম নিৰ্দেশনা হৈছে - যি হৈ গ’ল তাক লৈ কেতিয়াও চিন্তা নকৰিবা। ড্ৰামাত যি
হ'ল সকলো অতীত হৈ গ'ল। তাৰ চিন্তা নকৰিবা। আওৰাই নাথাকিবা। পিতাইতো কেৱল দুটা শব্দই
কয় - মামেকম্ স্মৰণ কৰা। পিতাই নিৰ্দেশনা বা শ্ৰীমত দিয়ে। সেইমতে চলাতো সন্তানসকলৰ
কাম। এয়া হৈছে সৰ্বশ্ৰেষ্ঠ নিৰ্দেশনা। কোনোবাই যিমানেই প্ৰশ্ন-উত্তৰ আদি নকৰক কিয়,
বাবাইতো দুটা শব্দই বুজাব। মই পতিত-পাৱন। তোমালোকে মোক স্মৰণ কৰি থাকিলে তোমালোকৰ
পাপ ভস্ম হৈ যাব। মাথো সেয়াই, স্মৰণৰ বাবে কিবা নিৰ্দেশনা দিয়া হয় জানো! পিতাক
স্মৰণ কৰিব লাগে। চিৎকাৰ কৰিব বা চিঞৰিব নালাগে। অন্তৰেৰে কেৱল বেহদৰ (অসীমৰ) পিতাক
স্মৰণ কৰিব লাগে। দ্বিতীয় নিৰ্দেশনা কি দিয়ে? 84 ৰ চক্ৰক স্মৰণ কৰা কিয়নো তোমালোক
দেৱতা হ'ব লাগে, দেৱতসকলৰ মহিমাতো তোমালোকে আধাকল্প কৰিছা।
(কেঁচুৱাই কন্দাৰ
শব্দ হ’ল) এতিয়া এইটো নিৰ্দেশনা সকলো সেৱাকেন্দ্ৰক দিয়া হয় যে কোনেও যেন কেচুঁৱা লৈ
নাহে। সিহঁতৰ কিবা ব্যৱস্থা কৰিব লাগে। পিতাৰ পৰা যিসকলে উত্তৰাধিকাৰ ল'বলগীয়া আছে
তেওঁলোকে নিজেই ব্যৱস্থা কৰিব। এইখন আত্মিক পিতাৰ বিশ্ব বিদ্যালয়, ইয়াত কেচুঁৱাৰ
কোনো দৰকাৰ নাই। ব্ৰাহ্মণীৰ (শিক্ষকৰ) কাম হৈছে যেতিয়া সেৱাৰ লায়ক হ'ব তেতিয়া
তেওঁলোকক সজীৱ কৰিবৰ বাবে লৈ আনিব লাগে। কোনোবা ডাঙৰ ব্যক্তিয়ে হওঁক বা সৰুৱে হওঁক,
এইখন হৈছে বিশ্ব বিদ্যালয়। ইয়ালৈ যিসকলে কেচুঁৱা লৈ আহে তেওঁলোকে এইটো বুজি নাপায়
যে এইখন বিশ্ব বিদ্যালয়। মুখ্য কথা হ'ল - এইখন হৈছে বিশ্ব বিদ্যালয়। ইয়াত অধ্যয়ন
কৰাসকল বহুত বিচাৰ বুদ্ধি সম্পন্ন হোৱা উচিত। অপৈণতসকলেও অসুবিধাৰ সৃষ্টি কৰিব কিয়নো
পিতাৰ স্মৃতিত নথকাৰ বাবে বুদ্ধি ইফালে-সিফালে গৈ থাকিব। লোকচান কৰি দিব। স্মৃতিত
থাকিব নোৱাৰিব। কেচুঁৱা আদি আনিলে সন্তানসকলৰে লোকচান হয়। কিছুমানেতো নাজানেই যে
এইখন হৈছে ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়, ইয়াত মনুষ্যৰ পৰা দেৱতা হ’ব লাগে। পিতাই কয়
- গৃহস্থালিত সতি-সন্ততিৰ লগতেই থাকা, ইয়াত কেৱল এসপ্তাহো নহয় 3-4 দিনেই যথেষ্ট।
জ্ঞানতো বহুত সহজ। পিতাক চিনিব লাগে। বেহদৰ পিতাক চিনি পালে বেহদৰ উত্তৰাধিকাৰ লাভ
কৰিবা। কিহ’ৰ উত্তৰাধিকাৰ? বেহদৰ বাদশ্বাহী (সাম্ৰাজ্য)। এনেকৈ নাভাবিবা যে
প্ৰদৰ্শনী বা মিউজিয়ামত সেৱা নহয়। তাত অনেক প্ৰজা তৈয়াৰ হয়। ব্ৰাহ্মণ কুল, সূৰ্যবংশী
আৰু চন্দ্ৰবংশী - তিনিওটা ইয়াত প্ৰতিষ্ঠা হৈ আছে। গতিকে এইখন বহুত ডাঙৰ বিশ্ব
বিদ্যালয়। বেহদৰ পিতাই পঢ়ায়। মগজ একেবাৰে ভৰপূৰ হৈ যোৱা উচিত। কিন্তু পিতা আছে
সাধাৰণ শৰীৰত। পঢ়ায়ো সাধাৰণ ৰীতিৰে, সেয়েহে মনুষ্যৰ পচন্দ নহয়। ঈশ্বৰ পিতাৰ বিশ্ব
বিদ্যালয় জানো এনেকুৱা হ'ব! পিতাই কয় - মই হৈছোঁ গৰিবৰ ত্ৰাণকাৰ্তা। গৰিবকে পঢ়াওঁ।
চহকীসকলৰতো পঢ়াৰ শক্তি নাই। তেওঁলোকৰ বুদ্ধিততো মহল, বহুমহলীয়া অট্টালিকা আদিয়েই
থাকে। গৰিবেই গৈ চহকী হয়গৈ, চহকীসকল গৰিব হ'ব - এইটো নিয়ম আছে। দান জানো কেতিয়াবা
চহকীক দিয়া হয়। এয়াও অবিনাশী জ্ঞান ৰত্নৰ দান। চহকীসকলে দান ল'ব নোৱাৰিব। বুদ্ধিত
ধাৰণ নহ’ব। তেওঁলোকে নিজৰ হদৰ ৰচনা ধন-সম্পত্তিৰ মাজতে আবদ্ধ হৈ থাকে। তেওঁলোকৰ
বাবেতো ইয়াতেই যেন স্বৰ্গ। কয় - আমাক অন্য স্বৰ্গৰ দৰকাৰ নাই। কোনোবা ডাঙৰ ব্যক্তিৰ
মৃত্যু হ’লে তেতিয়াও ক’ব স্বৰ্গগামী হ'ল। নিজেই কৈ দিয়ে যে এওঁ স্বৰ্গগামী হ’ল।
তেন্তে নিশ্চয় এতিয়া নৰক নহয় জানো। কিন্তু ইমানেই পাথৰবুদ্ধিৰ যে বুজি নাপায় নৰক
কি? এইখনতো তোমালোকৰ কিমান ডাঙৰ বিশ্ব বিদ্যালয়। পিতাই কয় - যাৰ বুদ্ধিত তলা লাগি
আছে, তেওঁলোককে আহি পঢ়াওঁ। পিতা যেতিয়া আহিব তেতিয়াহে তলা খুলিব। পিতাই নিজেই
নিৰ্দেশ দিয়ে - তোমালোকৰ বুদ্ধিৰ তলা কেনেকৈ খুলিব? পিতাৰ পৰা একো বিচাৰিব নালাগে,
এই ক্ষেত্ৰত নিশ্চয়তা লাগে। আটাইতকৈ মৰমৰ বাবা, যাক ভক্তিত স্মৰণ কৰিছিলা। যাক
স্মৰণ কৰা হয় তেওঁ কেতিয়াবা নিশ্চয় আহিবও নহয় জানো। স্মৰণ কৰেই আকৌ পুনৰাবৃত্তি
হ’বৰ কাৰণে। পিতা আহি সন্তানসকলকেই বুজায়। সন্তানসকলে আকৌ বাহিৰৰসকলক বুজাব লাগে যে
কেনেকৈ বাবাৰ আগমন হৈছে। তেওঁ কি কয়? সন্তানসকল, তোমালোক সকলো পতিত, মইহে আহি
তোমালোকক পাৱন কৰি তোলোঁ। তোমালোক আত্মা যি পতিত হৈ গৈছা, এতিয়া কেৱল মোক পতিত-পাৱন
পিতাক স্মৰণ কৰা, মোক পৰম আত্মাক স্মৰণ কৰা। ইয়াত একো বিচৰাৰ প্ৰয়োজন নাই। তোমালোকে
ভক্তিমাৰ্গত আধাকল্প কেৱল মাগিলাই, একোৱেই নাপালা। এতিয়া বিচৰা বন্ধ কৰা। মই নিজেই
তোমালোকক দি থাকোঁ। পিতাৰ হৈ গ’লে উত্তৰাধিকাৰতো পোৱাই যায়। যিসকল সাবালক সন্তান,
তেওঁলোকে পিতাক তৎক্ষণাৎ বুজি লয়। পিতাৰ উত্তৰাধিকাৰ হয়েই 21 প্ৰজন্মৰ কাৰণে
স্বৰ্গৰ বাদশ্বাহী। এইটো তোমালোকে জানা - যেতিয়া নৰকবাসী হয় তেতিয়া ঈশ্বৰৰ অৰ্থে
দান-পুণ্য কৰিলে অল্পকালৰ কাৰণে সুখ পায়। মনুষ্যই দান কৰাৰ অৰ্থে কিছু আছুতীয়াকৈ
ৰাখে। বিশেষকৈ বেপাৰীসকলে ৰাখে। গতিকে যিসকল বেপাৰী তেওঁলোকে ক’ব আমি পিতাৰ লগত
বেপাৰ কৰিবলৈ আহিছোঁ। সন্তানসকলে পিতাৰ লগত বেপাৰ কৰে নহয়। পিতাৰ সম্পত্তি লৈ আকৌ
তাৰ দ্বাৰা শ্ৰাদ্ধ আদি পাতে, দান-পুণ্য কৰে। ধৰ্মশালা, মন্দিৰ আদি প্ৰতিষ্ঠা কৰিলে
তেতিয়া তাত পিতাকৰ নাম উল্লেখ কৰি দিয়ে কিয়নো যাৰ পৰা সম্পত্তি পোৱা পালে তেওঁৰ
কাৰণে নিশ্চয় কিবা কৰিব লাগে। সেয়াও চুক্তি হৈ গ’ল। সেয়া সকলো হৈছে পাৰ্থিৱ কথা।
এতিয়া পিতাই কয় - যি হৈ গ’ল সেই বিষয়ে চিন্তা নকৰিবা। ওলট-পালট কোনো কথা নুশুনিবা।
কোনোবাই ওলট-পালট প্ৰশ্ন সুধিলে ক’বা - এই কথাবোৰত যোৱাৰ দৰকাৰ নাই। আপুনি প্ৰথমে
পিতাক স্মৰণ কৰক। ভাৰতৰ প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ। যিমানে স্মৰণ কৰিবা, দৈৱীগুণ ধাৰণা
কৰিবা, সিমানে উচ্চ পদ পাবা। এইখন হৈছে বিশ্ব বিদ্যালয়। লক্ষ্য-উদ্দেশ্য স্পষ্ট।
পুৰুষাৰ্থ কৰি এনেকুৱা হ’ব লাগে। দৈৱীগুণ ধাৰণা কৰিব লাগে। কাকো দুখ দিব নালাগে।
দুখ হৰ্তা, সুখ কৰ্তা পিতাৰ সন্তান হোৱা নহয়। সেয়াতো সেৱাৰ পৰা গম পোৱা যাব। বহুত
নতুন নতুনো আহে। 25-30 বছৰীয়াসকলতকৈ 10-12 দিনীয়াসকল তীক্ষ্ণ হৈ যায়। তোমালোক
সন্তানসকলে আকৌ নিজৰ সমান কৰি তুলিব লাগে। যেতিয়ালৈকে ব্ৰাহ্মণ নহয়, তেন্তে দেৱতা
কেনেকৈ হ’ব। “গ্ৰেট গ্ৰেট গ্ৰেণ্ড ফাদাৰ”তো ব্ৰহ্মা নহয় জানো। যিয়ে ভূমিকা পালন কৰি
যায় তেওঁৰ গায়ন কৰি থাকে, আকৌ তেওঁ নিশ্চয় আহিব। যিবোৰ উৎসৱ আদিৰ গায়ন কৰা হয়, সেয়া
সকলো হৈ গৈছে, পুনৰ হ’ব। এই সময়ত সকলো উৎসৱ হৈ আছে- ৰক্ষা বন্ধন আদি… সকলোৰে ৰহস্য
পিতাই বুজাই থাকে। তোমালোক পিতাৰ সন্তান যেতিয়া পাৱনো নিশ্চয় হ’ব লাগে। পতিত-পাৱন
পিতাক আহ্বান জনায় গতিকে পিতাই মাৰ্গ-দৰ্শন কৰে। কল্পই কল্পই যিসকলে উত্তৰাধিকাৰ
লৈছে, তেওঁলোকেই সঠিককৈ চলি থাকে। তোমালোকেও সাক্ষী হৈ চোৱা। বাপদাদায়ো সাক্ষী হৈ
চায়-এওঁ কিমানলৈ উচ্চ পদ পাব পাৰে? এওঁৰ চৰিত্ৰ কেনেকুৱা? শিক্ষকেতো সকলো গম পায়
নহয় -কিমানক নিজৰ সমান কৰি তোলে, কিমান সময় স্মৃতিত থাকে? প্ৰথমেতো বুদ্ধিত এইটো
স্মৃতি থাকিব লাগে যে এইখন ঈশ্বৰ পিতাৰ বিশ্ব বিদ্যালয়। বিশ্ব বিদ্যালয় হয়েই জ্ঞানৰ
কাৰণে। সেয়া হৈছে হদৰ (সীমিত) বিশ্ববিদ্যালয়। এইখন হৈছে বেহদৰ। দুৰ্গতিৰ পৰা সৎগতি,
নৰকৰ পৰা স্বৰ্গ কৰি তোলোঁতা এজনেই পিতা। পিতাৰ দৃষ্টিতো সকলো আত্মাৰ ফালে যায়।
সকলোৰে কল্যাণ কৰিব লাগে। উভতাই লৈ যাব লাগে। কেৱল তোমালোকেই নহয়, গোটেই বিশ্বৰ
আত্মাসকলক স্মৃতিলৈ আনে। তাৰ ভিতৰত সন্তানসকলক পঢ়ায়। এইটোও বুজি পোৱা যে ক্ৰমানুসৰি
যিসকল আহিছে তেওঁলোক আকৌ যাবও তেনেকৈ। সকলো আত্মা ক্ৰমানুসৰি আহে। তোমালোকো
ক্ৰমানুসৰি কেনেকৈ যাবা - সেয়া সকলো বুজোৱা হয়। কল্প পূৰ্বে যি হৈছিল সেয়াই হ’ব।
এয়াও তোমালোকক বুজোৱা হয় – তোমালোক আকৌ কেনেকৈ নতুন সৃষ্টিলৈ আহিবা। ক্ৰমানুসৰি
যিসকল নতুন সৃষ্টিলৈ আহে, তেওঁলোককেই বুজোৱা হয়।
তোমালোক সন্তানসকলে
পিতাক জনাৰ কাৰণে, নিজৰ ধৰ্মক আৰু আন সকলো ধৰ্মৰ গোটেই বৃক্ষজোপাক জানি যোৱা। ইয়াত
একো বিচৰাৰ প্ৰয়োজন নাই, আশীৰ্বাদো বিচাৰিব নালাগে। এনেকৈ লিখে - বাবা দয়া কৰক, কৃপা
কৰক। পিতাইতো একোৱে নকৰিব। পিতাতো আহিছেই মাৰ্গ-দৰ্শন কৰাবলৈ। ড্ৰামাত মোৰ ভূমিকাই
হ’ল সকলোকে পাৱন কৰি তোলাৰ। এনেকৈয়ে ভূমিকা পালন কৰোঁ, যেনেকৈ কল্পই কল্পই কৰিছোঁ।
যি অতীত হৈ গ’ল, ভাল বা বেয়া, সেয়া ড্ৰামাত আছিল। কোনো কথাৰ চিন্তন কৰিব নালাগে। আমি
আগবাঢ়ি গৈ থাকোঁ। এইখন বেহদৰ ড্ৰামা নহয় জানো। গোটেই চক্ৰ পূৰা হৈ আকৌ পুনৰাবৃত্তি
হ’ব। যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰে, তেনেকুৱাই পদ পায়। বিচৰাৰ দৰকাৰ নাই।
ভক্তিমাৰ্গত তোমালোকে বহুত মাগিলা, সকলো পইচা শেষ কৰি দিলা। এয়া সকলো ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। তেওঁ কেৱল বুজায়। আধাকল্প ভক্তি কৰে, শাস্ত্ৰ পঢ়ে কিমান খৰচ হয়।
এতিয়াতো তোমালোকে একোৱে খৰচ কৰাৰ দৰকাৰ নাই। পিতাতো দাতা হয় নহয়। দাতাৰ দৰকাৰ নাই।
তেওঁতো আহিছেই দিবৰ কাৰণে। এনেকৈ নুবুজিবা যে মই শিৱবাবাক দিলোঁ। হেৰ’, শিৱবাবাৰ
পৰাতো বহুত পোৱা যায়। তোমালোক ইয়ালৈ ল'ব আহিছা নহয়। শিক্ষকৰ ওচৰলৈ বিদ্যাৰ্থীয়ে ল'ব
আহে। সেই লৌকিক পিতা, শিক্ষক, গুৰুৰ পৰাতো তোমালোকৰ লোকচানেই হ’ল। এতিয়া সন্তানসকল
শ্ৰীমতত চলিব লাগে তেতিয়াহে উচ্চ পদ পাব পাৰিবা। শিৱবাবা হৈছে দ্বৈত শ্ৰী শ্ৰী,
তোমালোক হৈছা একক শ্ৰী। শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণ বুলি কোৱা হয়। শ্ৰী লক্ষ্মী, শ্ৰী
নাৰায়ণ দুগৰাকী হৈ গ'ল। বিষ্ণুক শ্ৰী শ্ৰী বুলি কোৱা হ’ব কিয়নো দুগৰাকী সংযুক্ত।
তথাপিও দুয়োগৰাকীক কোনে গঢ়ি তোলে? যিজনেই একমাত্ৰ “শ্ৰী শ্ৰী” হয়। বাকী শ্ৰী শ্ৰী
আন কোনো নহয়। আজিকালিতো শ্ৰী লক্ষ্মী-নাৰায়ণ, শ্ৰী সীতা-ৰাম নামো ৰাখে। গতিকে
সন্তানসকলে এয়া সকলো ধাৰণা কৰি আনন্দিত হৈ থাকিব লাগে।
আজিকালি আধ্যাত্মিক
সন্মিলনো হৈ থাকে। কিন্তু ‘আধ্যাত্মিক’ৰ অৰ্থ বুজি নাপায়। আত্মিক জ্ঞানতো এজনৰ
বাহিৰে আন কোনেও দিব নোৱাৰে। পিতা হৈছে সকলো আত্মাৰ পিতা। তেওঁক আধ্যাত্মিক বুলি
কোৱা হয়। দৰ্শনকো আধ্যাত্মিক বুলি কৈ দিয়ে। এইটোতো বুজি পোৱা - এইখন হৈছে জংঘল, ইজনে
সিজনক দুখ দি থাকে। তোমালোকে জানা যে অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম বুলি গায়ন কৰা হৈছে।
তাত কোনো মাৰপিত নহয়। খং কৰাটোও হিংসা, নহ'লে আধা হিংসা বুলি কোৱা বা যি বুলিয়ে কোৱা।
ইয়াততো সম্পূৰ্ণ অহিংসক হ'ব লাগে। মন, বাণী, কৰ্মৰে কোনো বেয়া কাম হ'ব নালাগে।
কোনোবাই পুলিচ আদিত কাম কৰে তাতো যুক্তিৰে কাম কৰিব লাগে। যিমান দূৰ সম্ভৱ মৰমেৰে
নিজৰ কাম আদায় কৰিব লাগে। বাবাৰ নিজৰ অনুভৱ আছে, মৰমেৰে নিজৰ কাম আদায় কৰি লয়, এই
ক্ষেত্ৰত বহুত যুক্তি লাগে। বহুত মৰমেৰে কাৰোবাক বুজাব লাগে - কেনেকৈ একৰ বিপৰীতে
এশ গুণ দণ্ড হয়। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমি দুখ হৰ্তা, সুখ কৰ্তা পিতাৰ সন্তান, সেই কাৰণে কাকো দুখ দিব নালাগে।
লক্ষ্য-উদ্দেশ্য সন্মুখত ৰাখি দৈৱীগুণ ধাৰণ কৰিব লাগে। নিজৰ সমান কৰি তোলাৰ সেৱা
কৰিব লাগে।
(2) ড্ৰামাত
প্ৰত্যেকৰে ভূমিকাক জানি কোনো হৈ যোৱা কথাৰ চিন্তন কৰিব নালাগে। মন, বাণী, কৰ্মৰে
যাতে কোনো বেয়া কৰ্ম নহয় ইয়াৰ প্ৰতি ধ্যান দি দ্বৈত অহিংসক হ'ব লাগে।
বৰদান:
একমাত্ৰ পিতাক সংগী
কৰি লওঁতা বা তেওঁৰ সংগত থাকোঁতা সম্পূৰ্ণ পৱিত্ৰ আত্মা হোৱা
সম্পূৰ্ণ পৱিত্ৰ আত্মা
তেওঁ হয় যাৰ সংকল্প আৰু সপোনতো ব্ৰহ্মচৰ্যৰ ধাৰণা থাকে, যি প্ৰতিটো খোজত পিতা
ব্ৰহ্মাৰ আচৰণ অনুসৰি চলে। পৱিত্ৰতাৰ অৰ্থ হৈছে - সদায় পিতাক সংগী কৰি লোৱা আৰু
পিতাৰ সান্নিধ্যতে থকা। সংগঠনৰ সংগ, পৰিয়ালৰ স্নেহৰ মৰ্যাদা সেয়া বেলেগ কথা, কিন্তু
পিতাৰ বাবেহে এই সংগঠন স্নেহৰ সান্নিধ্য আছে, পিতা নোহোৱাহেঁতেন পৰিয়াল ক’ৰ পৰা
হ’লহেঁতেন। পিতা হৈছে বীজ, বীজক কেতিয়াও নাপাহৰিবা।
স্লোগান:
কাৰোবাৰ প্ৰভাৱত প্ৰভাৱিত হওঁতা নহয়, জ্ঞানৰ প্ৰভাৱ পেলাওঁতা হোৱা।
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
ইজনে সিজনৰ সংস্কাৰক
জানি, স্নেহেৰে পৰস্পৰ মিলি-জুলি থকা – এয়া মালাৰ মণিবোৰৰ বৈশিষ্ট্য। কিন্তু ইজন
সিজনৰ স্নেহী তেতিয়াহে হ’বা যেতিয়া সংস্কাৰ আৰু সংকল্প ইজনে সিজনৰ সৈতে মিলাবা,
ইয়াৰ বাবে সৰলতাৰ গুণ ধাৰণ কৰা।