19.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতা আহিছে গোটেই সৃষ্টিৰ হাহাকাৰ দূৰ কৰি জয়জয়কাৰ কৰিবলৈ - পুৰণি সৃষ্টিত হৈছে হাহাকাৰ, নতুন সৃষ্টিত জয়জয়কাৰ”

প্ৰশ্ন:
কোনটো ঈশ্বৰীয় নিয়মৰ বাবে গৰিবেহে পিতাৰ পূৰা উত্তৰাধিকাৰ লয়, চহকীয়ে ল’ব নোৱাৰে ?

উত্তৰ:
ঈশ্বৰীয় নিয়ম হৈছে - পূৰা ভিকহু হোৱা, যি কিছু আছে সেয়া পাহৰি যোৱা। গতিকে গৰিব সন্তানে সহজে পাহৰি যায় কিন্তু চহকী যিয়ে নিজক স্বৰ্গত আছোঁ বুলি ভাবে তেওঁলোকৰ বুদ্ধিয়ে একোৱে নাপাহৰে সেইবাবে যাৰ ধন, সম্পত্তি, মিত্ৰ, সম্বন্ধীয় স্মৃতিত থাকে তেওঁ সঁচা যোগী হ’বই নোৱাৰে। তেওঁ স্বৰ্গত উচ্চ পদ পাব নোৱাৰে।

ওঁম্শান্তি।
মৰমৰ নিশ্চয়বুদ্ধিৰ সন্তানসকলেতো ভালদৰে জানে, তেওঁলোকৰ দৃঢ় নিশ্চয়তা আছে যে গোটেই সৃষ্টিৰ বিবাদ দূৰ কৰিবলৈ পিতা আহিছে। যিসকল চতুৰ, বিচাৰ বুদ্ধি সম্পন্ন সন্তান, তেওঁলোকে জানে এই শৰীৰত পিতাৰ আগমন হৈছে, যাৰ নামো হৈছে ‘শিৱবাবা’। কিয় আহিছে? হাহাকাৰ দূৰ কৰি জয়জয়কাৰ কৰিবলৈ। মৃত্যুলোকত কিমান কাজিয়া আদি হৈ আছে। সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি কৰি যাব লাগে। অমৰলোকত কাজিয়াৰ কথা নাই। ইয়াত কিমান হাহাকাৰ হৈ আছে। কিমান বিচাৰালয়, বিচাৰক আদি আছে। মৰামৰি লাগি আছে। বিদেশ আদিতো চোৱা হাহাকাৰ হৈ আছে। গোটেই সৃষ্টিতেই বহুত সংঘাত। ইয়াক পুৰণি তমোপ্ৰধান সৃষ্টি বুলি কোৱা হয়। মাথো আৱৰ্জনাই আৱৰ্জনা। জংঘলেই জংঘল। বেহদৰ পিতা এই সকলোবোৰ দূৰ কৰিবলৈ আহিছে। এতিয়া সন্তানসকল বহুত চতুৰ, বিচাৰ বুদ্ধি সম্পন্ন হ’ব লাগে। যদি সন্তানসকলৰ মাজতো হাই-কাজিয়া লাগি থাকে তেন্তে পিতাৰ সহায়কাৰী কেনেকৈ হ’ব। পিতাকতো বহুত সহায়কাৰী সন্তান লাগে - চতুৰ, বুদ্ধিমান, যিসকলৰ মাজত কোনো সংঘাত নাই। এইটোও সন্তানসকলে বুজি পায় যে এইখন হৈছে পুৰণি সৃষ্টি। অনেক ধৰ্ম আছে। তমোপ্ৰধান বিকাৰী জগত। গোটেই সৃষ্টিখনেই পতিত। পতিত পুৰণি সৃষ্টিত কাজিয়াই-কাজিয়া। এই সকলোবোৰ দূৰ কৰিবলৈ, জয়জয়কাৰ কৰিবলৈ পিতা আহে। প্ৰত্যেকে জানে এইখন সৃষ্টিত কিমান দুখ আৰু অশান্তি, সেইবাবেই বিচাৰে বিশ্বত শান্তি হওঁক। এতিয়া গোটেই বিশ্বত শান্তি কোনোবা মনুষ্যই কেনেকৈ আনিব পাৰিব। বেহদৰ পিতাক পাথৰ-শিলগুটি সকলোতে আছে বুলি কৈ দিছে। এয়াও খেল। গতিকে পিতাই সন্তানসকলক বুজায়, এতিয়া থিয় হৈ যোৱা। পিতাৰ সহায়কাৰী হোৱা। পিতাৰ পৰা নিজৰ ৰাজ্য-ভাগ্য ল’ব লাগে। এয়া কম কথা নহয়, সীমাহীন সুখ আছে। পিতাই কয় - মৰমৰ সন্তানসকল, ড্ৰামা অনুসৰি তোমালোকক বেহদৰ পিতাই পদমাপদম ভাগ্যশালী কৰি তুলিবলৈ আহিছে। ভাৰতত এই লক্ষ্মী-নাৰায়ণে ৰাজ্য কৰিছিল। ভাৰত স্বৰ্গ আছিল। স্বৰ্গকেই বিশ্বৰ আশ্চৰ্য বুলি কোৱা হয়। ত্ৰেতাকো কোৱা নহ’ব। সন্তানসকলে এনেকুৱা স্বৰ্গলৈ আহিবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। প্ৰথমে প্ৰথমে আহিব লাগে। সন্তানসকলে বিচাৰেও যে আমি স্বৰ্গলৈ যাওঁ, লক্ষ্মী বা নাৰায়ণ হওঁ। এতিয়া এই পুৰণি সৃষ্টিত বহুত হাহাকাৰ হ’ব। তেজৰ নৈ ব’ব, তেজৰ নৈৰ পাছত হয় ঘীৰ নৈ। তাক ক্ষীৰসাগৰ বুলি কোৱা হয়। ইয়াতো ডাঙৰ পুখুৰী খান্দে, তাৰপাছত কোনোবা এটা দিন ধাৰ্য কৰা হয়, আহি গাখীৰ ঢালেহি। তাত আকৌ স্নান কৰে। শিৱলিঙ্গতো গাখীৰ ঢালে। সত্যযুগৰো এটা মহিমা আছে যে তাত ঘী, গাখীৰৰ নদী আছে। এনেকুৱা কোনো কথা নাই। প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত তোমালোক বিশ্বৰ মালিক হোৱা। এই সময়ত তোমালোক গোলাম, আকৌ তোমালোক সম্ৰাট হোৱা। গোটেই প্ৰকৃতি তোমালোকৰ গোলাম হৈ যায়। তাত কেতিয়াও অনিয়মিত বৰষুণ নহয়, নদী ওফন্দি নুঠে। কোনো উপদ্ৰৱ নহয়। ইয়াত চোৱা কিমান উপদ্ৰৱ হয়। তাত দৃঢ় বৈষ্ণৱ থাকে। বিকাৰী বৈষ্ণৱ নাথাকে। ইয়াত যদি কোনোবা নিৰামিষহাৰী হয় তেতিয়া তেওঁক বৈষ্ণৱ বুলি কয়। কিন্তু নহয়, বিকাৰৰ দ্বাৰা ইজনে সিজনক বহুত দুখ দিয়ে। পিতাই কিমান ভালকৈ বুজায়। এইটোও গায়ন আছে - গাঁৱলীয়া ল’ৰা…… শ্ৰীকৃষ্ণতো গাঁৱলীয়া হ’ব নোৱাৰে। তেওঁতো বৈকুণ্ঠৰ মালিক। আকৌ 84 জন্ম লয়।

এইটোও তোমালোকে এতিয়া জানা যে ভক্তিত আমি কিমান ঠেকা-খুন্দা খালোঁ, পইচা নষ্ট কৰিলোঁ। বাবাই সোধে - তোমালোকক ইমান ধন দিলোঁ, ৰাজ্য-ভাগ্য দিলোঁ, সকলোবোৰ ক’লৈ গ’ল? তোমালোকক বিশ্বৰ মালিক কৰিলোঁ আকৌ তোমালোকে কি কৰিলা? পিতাইতো ড্ৰামাক জানে। নতুন সৃষ্টিৰ পৰা পুৰণি সৃষ্টি, পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টি হয়। এয়া চক্ৰ, যি অতীত হ’ল সেয়া আকৌ পুনৰাবৃত্তি হ’ব। পিতাই কয় - এতিয়া অলপ সময় আছে, পুৰুষাৰ্থ কৰি ভৱিষ্যতৰ কাৰণে জমা কৰা, পুৰণি সৃষ্টিৰ সকলো মাটিত মিলি যাব। চহকীয়ে এই জ্ঞান নল’ব। পিতা হৈছে গৰিবৰ ত্ৰাণকৰ্তা। গৰিবসকল তাত চহকী হয়। চহকীসকল তাত গৰিব হয়। এতিয়াতো পদমপতি বহুত আছে। তেওঁলোক আহিব কিন্তু গৰিব হ’ব। তেওঁলোকে নিজক স্বৰ্গত আছোঁ বুলি ভাবে, সেয়া বুদ্ধিৰ পৰা দূৰ হ’ব নোৱাৰে। ইয়াততো পিতাই কয় - সকলো পাহৰি যোৱা। মাত্ৰ ভিকহু হৈ যোৱা। আজিকালিতো কিলোগ্ৰাম, কিলোমিটাৰ আদি কি কি ওলাইছে। যিজনেই ৰজা গাদীত বহে তেওঁ নিজৰ ভাষা প্ৰচলন কৰে। বিদেশক নকল কৰে। নিজৰ বুদ্ধিতো নাই। তমোপ্ৰধান। আমেৰিকা আদিত বিনাশৰ সামগ্ৰীৰ বাবে চোৱা কিমান ধন খৰচ কৰে। উৰাজাহাজেৰে বোমা আদি পেলায়, জুই লাগিব। সন্তানসকলে জানে, পিতা আহেই বিনাশ আৰু স্থাপনা কৰাবলৈ। তোমালোকৰ মাজতো বুজাওঁতাসকল সকলো ক্ৰম অনুসৰি আছে। সকলো একেধৰণে নিশ্চয়বুদ্ধিৰ নহয়। যেনেকৈ বাবাই কৰিলে, বাবাক অনুসৰণ কৰিব লাগে। পুৰণি সৃষ্টিত এই পাই-পইচা কি কৰিবা। আজিকালি কাগজৰ নোট উলিয়াইছে। তাততো মোহৰ থাকিব। সোণৰ মহল সাজে যেতিয়া তাত মোহৰৰ কি মূল্য থাকিব। তাত যেন সকলোবোৰ এনেয়ে পোৱা যায়, ধৰণী সতোপ্ৰধান হয়। এতিয়াতো পুৰণি হৈ গৈছে। সেয়া হৈছে সতোপ্ৰধান নতুন সৃষ্টি। একেবাৰে নতুন ভূমি। তোমালোক সূক্ষ্মলোকলৈ গ’লে তেতিয়া আমৰ ৰস পান কৰা। কিন্তু তাত বৃক্ষ আদিতো নাই। মূললোকতো নাই। যেতিয়া তোমালোক বৈকুণ্ঠলৈ যোৱা তেতিয়া তাত তোমালোকে সকলো পোৱা। বুদ্ধিৰে বুজা, সূক্ষ্মলোকত বৃক্ষ নাথাকিব। বৃক্ষ ধৰণীত হয়, আকাশত নহয়। যদিও নাম ব্ৰহ্ম মহাতত্ব কিন্তু হয় শূন্য। যেনেকৈ এই তৰাবোৰ আকাশত ওপঙি আছে, তেনেকৈ তোমালোক সূক্ষ্ম আত্মাবোৰ ওপঙি আছা। তৰাবোৰ দেখাত ডাঙৰ লাগে। এনেকুৱা নহয় যে ব্ৰহ্ম তত্বত কোনো ডাঙৰ ডাঙৰ আত্মা থাকিব। এয়া বুদ্ধিৰে বুজিব লাগে। বিচাৰ সাগৰ মন্থন কৰিব লাগে। গতিকে আত্মাসকলো ওপৰত থাকে। সূক্ষ্ম বিন্দু। এই সকলোবোৰ কথা তোমালোকে ধাৰণ কৰিব লাগে, তেতিয়াহে কৰোবাক ধাৰণ কৰাব পাৰিবা। শিক্ষকে নিশ্চয় নিজে জানে সেইবাবেতো আনক পঢ়ায়। নহ’লেনো কিহৰ শিক্ষক। কিন্তু ইয়াত শিক্ষকো ক্ৰমানুসৰি আছে। তোমালোক সন্তানসকলে বৈকুণ্ঠকো বুজিব পাৰা। এনেকুৱা নহয় যে তোমালোকে বৈকুণ্ঠ দেখা নাই। বহুত সন্তানে সাক্ষাৎকাৰ কৰিছে। তাত কেনেকৈ সয়ম্বৰ হয়, ভাষা কি, সকলোবোৰ দেখিছা। পাছলৈও তোমালোকে সাক্ষাৎকাৰ কৰিবা কিন্তু কৰিব সেইসকলে যিসকল যোগযুক্ত হ’ব। বাকী যিসকলৰ নিজৰ মিত্ৰ-সম্বন্ধীয়, ধন-সম্পত্তি স্মৃতিলৈ আহি থাকিব তেওঁলোকে কি দেখিব। সঁচা যোগীহে অন্তলৈকে থাকিব, যিসকলক দেখি পিতা আনন্দিত হ’ব। ফুলৰহে বাগিচা তৈয়াৰ হয়। বহুতে 10-15 বছৰ থাকিও গুচি যায়। সেইসকলক কোৱা হয় আকন ফুল। বহুত ভাল ভাল কন্যা যিসকলে মম্মা-বাবাৰ কাৰণেও নিৰ্দেশনা লৈ আহিছিল, ড্ৰিল (কচৰৎ) কৰাইছিল, সেইসকল আজি নাই। এইটো কন্যাসকলেও জানে আৰু বাপদাদায়ো জানে যে, মায়া বৰ বলৱান। এয়া হৈছে মায়াৰ লগত গুপ্ত যুদ্ধ। গুপ্ত ধুমুহা। বাবাই কয় - মায়াই তোমালোকক বহুত হায়ৰাণ কৰিব। এয়া হৰা-জিকাৰ ৰচি থোৱা ড্ৰামা। তোমালোকৰ কোনো অস্ত্ৰৰ দ্বাৰা যুদ্ধ নহয়। এয়াতো ভাৰতৰ প্ৰসিদ্ধ প্ৰাচীন যোগ, যি যোগবলেৰে তোমালোক এনেকুৱা হোৱা। বাহুবলেৰে কোনেও বিশ্বৰ বাদশ্বাহী ল’ব নোৱাৰে। খেলখনো অপূৰ্ব। কাহিনী আছে - দুটা মেকুৰীৰ কাজিয়া লাগিল মাখন….. কোৱাও হয় চেকেণ্ডত বিশ্বৰ বাদশ্বাহী। কন্যাসকলে সাক্ষাৎকাৰ কৰে। কয় - শ্ৰীকৃষ্ণৰ মুখত মাখন। বাস্তৱিকতে শ্ৰীকৃষ্ণৰ মুখত নতুন সৃষ্টি দেখা পায়। যোগবলেৰে তোমালোকে বিশ্বৰ বাদশ্বাহী ৰূপী মাখন লোৱা। বাদশ্বাহীৰ কাৰণে কিমান যুদ্ধ হয় আৰু যুদ্ধত কিমান শেষ হৈ যায়। এই পুৰণি সৃষ্টিৰ হিচাপ-নিকাচ নিষ্পত্তি হ’ব লাগে। এইখন সৃষ্টিৰ কোনো বস্তুৱেই নাথাকিবগৈ। পিতাৰ শ্ৰীমত হ’ল- সন্তানসকল বেয়া কথা নুশুনিবা, বেয়া বস্তু নাচাবা… তেওঁলোকে বান্দৰৰ এখন চিত্ৰ তৈয়াৰ কৰি দিছে। আজিকালিতো মনুষ্যৰো তৈয়াৰ কৰে। আগতে চীনৰ ফালৰ পৰা হাতীৰ দাঁতৰ বস্তু আহিছিল। খাৰুও কাঁচৰ পিন্ধিছিল। ইয়াততো গহনা আদি পিন্ধিবলৈ নাক-কাণ আদিত ছিদ্ৰ কৰে, সত্যযুগত নাক-কাণত ছিদ্ৰ কৰাৰ প্ৰয়োজন নাই। ইয়াততো মায়া এনেকুৱা যে সকলোৰে নাক-কাণ আদি কাটি দিয়ে। তোমালোক সন্তানসকল এতিয়া স্বচ্ছ হোৱা। তাত প্ৰাকৃতিক (স্বাভাৱিক) সৌন্দৰ্য থাকে। কোনো বস্তু লগোৱাৰ প্ৰয়োজন নাই। ইয়াততো শৰীৰেই তমোপ্ৰধান তত্বৰে গঠিত, সেইবাবেই বেমাৰ আদি হয়। তাত এই কথাবোৰ নাথাকে। এতিয়া তোমালোক আত্মাসকল বহুত আনন্দিত হোৱা যে আমাক বেহদৰ পিতাই পঢ়াই নৰৰ পৰা নাৰায়ণ অথবা অমৰপুৰীৰ মালিক কৰি তোলে সেইবাবে গায়ন আছে অতিন্দ্ৰীয় সুখৰ বিষয়ে সুধিব খোজা যদি গোপ-গোপীসকলক সোধা। ভক্তসকলে এই কথাবোৰ নাজানে। তোমালোকৰ ভিতৰতো আনন্দিত হৈ থকা আৰু এই কথাবোৰ সোঁৱৰি থকা সন্তানৰ সংখ্যা বহুত কম। অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। দ্ৰৌপদীৰ ক্ষেত্ৰত যি গায়ন আছে, সেয়া সকলো বাস্তৱত হৈ আছে। দ্ৰৌপদীয়ে কিয় কাতৰে আহ্বান জনাইছিল? এয়া মনুষ্যই নাজানে। পিতাই বুজাইছে - তোমালোক সকলো দ্ৰৌপদী। এনেকুৱা নহয় যে স্ত্ৰী সদায় স্ত্ৰীয়েই হয়। দুবাৰ স্ত্ৰী হ’ব পাৰে, তাতকৈ বেছি নহয়। মাতাসকলে আহ্বান জনায় - বাবা ৰক্ষা কৰক, আমাক দুশাসনে বিকাৰৰ বাবে হায়ৰাণ কৰে, এইখনক বেশ্যালয় বুলি কোৱা হয়। স্বৰ্গক শিৱালয় বুলি কোৱা হয়। বেশ্যালয় হৈছে ৰাৱণৰ স্থাপনা, শিৱালয় হৈছে শিৱবাবাৰ স্থাপনা। তোমালোকক জ্ঞান দিয়ে। পিতাক জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয়। এনেকুৱা নহয় যে জ্ঞানেৰে পৰিপূৰ্ণ মানে সকলোৰে অন্তৰৰ কথা জানোতা হয়। ইয়াৰ পৰা লাভ কি! পিতাই কয় - এই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান মোৰ বাহিৰে কোনেও দিব নোৱাৰে। মইহে বহি তোমালোকক পঢ়াওঁ। জ্ঞান সাগৰ এজনেই পিতা। তাত হৈছে ভক্তিৰ প্ৰালব্ধ। সত্যযুগ-ত্ৰেতাযুগত ভক্তি নাথাকে। পঢ়াৰ দ্বাৰাই ৰাজধানী স্থাপনা হৈ আছে। ৰাষ্ট্ৰপতি আদিলৈ চোৱা কিমান পৰামৰ্শদাতা (মন্ত্ৰী) আছে। পৰামৰ্শ দিবলৈ পৰামৰ্শদাতা ৰাখে। সত্যযুগত পৰামৰ্শদাতা ৰখাৰ দৰকাৰ নাই। এতিয়া পিতাই তোমালোকক বুদ্ধিমান কৰি তোলে। এই লক্ষ্মী-নাৰায়ণলৈ চোৱা কিমান বুদ্ধিমান আছিল। বেহদৰ বাদশ্বাহী পিতাৰ পৰা পোৱা যায়। পিতাৰ শিৱ জয়ন্তী পালন কৰে। নিশ্চয় শিৱবাবা ভাৰতলৈ আহি বিশ্বৰ মালিক কৰি গৈছে। লাখ লাখ বছৰৰ কথা নহয়। কালিৰেইতো কথা। বাৰু, বেছিকৈনো কি বুজাম। পিতাই কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা)। বাস্তৱত এই পঢ়া হৈছে ইংগিতৰ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ পূৰা সহায়কাৰী হ’বলৈ চতুৰ, বিচাৰ বুদ্ধি সম্পন্ন হ’ব লাগে। ভিতৰত কোনো সংঘাত থাকিব নালাগে।

(2) স্থাপনা আৰু বিনাশৰ কৰ্তব্যক চাই পূৰা নিশ্চয় বুদ্ধিৰ হৈ পিতাক অনুসৰণ কৰিব লাগে। পুৰণি সৃষ্টিৰ পাই-পইচাৰ পৰা বুদ্ধি আঁতৰাই পূৰা ভিকহু হ’ব লাগে। মিত্ৰ-সম্বন্ধীয়, ধন-সম্পত্তি আদি সকলো পাহৰি যাব লাগে।

বৰদান:
সংগঠনত থাকি, সকলোৰে স্নেহী হৈ একমাত্ৰ পিতাক বুদ্ধিৰ অৱলম্বন কৰি লওঁতা কৰ্মযোগী হোৱা

কোনো কোনো সন্তানে সংগঠনত স্নেহী হোৱাৰ পৰিৱৰ্তে উপৰাম হৈ যায়। ভয় কৰে কিজানি ক’ৰবাত বন্দী হৈ যায় তাতকৈতো দূৰৈত থকাই ভাল। কিন্তু নহয়, 21 জন্ম পৰিয়ালত থাকিব লাগিব, যদি ভয় কৰি একাষৰীয়া হৈ যায় তেন্তে এয়াও কৰ্ম-সন্ন্যাসীৰ সংস্কাৰ হৈ গ’ল। কৰ্মযোগী হ’ব লাগে, কৰ্ম সন্ন্যাসী নহয়। সংগঠনত থাকা, সকলোৰে স্নেহী হোৱা কিন্তু বুদ্ধিৰ অৱলম্বন একমাত্ৰ পিতাহে হওঁক, আন কোনো নহয়। বুদ্ধিক যাতে কোনো আত্মাৰ সংগই, গুণ বা কোনো বিশেষত্বই আকৰ্ষিত নকৰে তেতিয়া কৰ্মযোগী পৱিত্ৰ আত্মা বুলি কোৱা হ’ব।

স্লোগান:
বাপদাদাৰ সোঁহাত হোৱা, বাওঁহাত নহয়।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সেৱাত সফলতাৰ আধাৰ হৈছে নম্ৰতা। যিমান নম্ৰতা সিমান সফলতা। নম্ৰতা আহে নিমিত্ত বুলি বুজিলে। নম্ৰতা গুণ থাকিলে সকলোৱে নমন কৰে। যি নিজে নতশিৰ হয় তেওঁৰ আগত সকলোৱে শিৰ নত কৰে সেয়েহে শৰীৰক নিমিত্ত মাত্ৰ বুলি বুজি চলা আৰু সেৱাত নিজক নিমিত্ত বুলি বুজি চলা তেতিয়া নম্ৰতা আহিব। য’ত নম্ৰতা আছে ত’ত বাদ-বিবাদ হ’ব নোৱাৰে। স্বতঃ সংস্কাৰ মিলন হৈ যাব।