20.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে যোগবলেৰে এই খাৰকীয় প্ৰণালী (খাল) পাৰ হৈ ঘৰলৈ যাব লাগে, সেয়েহে য’লৈ যাব লাগে তাক স্মৰণ কৰা, এইটো আনন্দত থাকা যে আমি এতিয়া ভিকহুৰ পৰা চহকী হওঁ”

প্ৰশ্ন:
দৈৱীগুণৰ বিষয়টিৰ প্ৰতি যিসকল সন্তানৰ মনোযোগ আছে তেওঁলোকৰ চিন কি হ’ব?

উত্তৰ:
তেওঁলোকৰ বুদ্ধিত থাকে - যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি আনেও কৰিব। তেনে সন্তানে কেতিয়াও কাকো অশান্ত নকৰিব। তেওঁলোকৰ মুখৰ পৰা কেতিয়াও ওলট-পালট কথা উচ্চাৰিত নহ’ব। মন-বাণী-কৰ্মৰে কাকো দুখ নিদিব। পিতাৰ সমান সুখ দিয়াৰ লক্ষ্য থাকিলে তেতিয়া কোৱা হ'ব দৈৱীগুণৰ বিষয়টিৰ প্ৰতি মনোযোগ আছে।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজাই আছে। স্মৃতিৰ যাত্ৰাও শিকাই আছে। স্মৃতিৰ যাত্ৰাৰ অৰ্থও সন্তানসকলে বুজি পায়। ভক্তিমাৰ্গতো সকলো দেৱতাক, শিৱবাবাক স্মৰণ কৰে। কিন্তু এইটো নাজানিছিলা যে স্মৃতিৰ দ্বাৰাই বিকৰ্ম বিনাশ হ'ব। সন্তানসকলে জানে যে পিতা পতিত-পাৱন হয়, তেৱেঁই পাৱন হোৱাৰ উপায় শুনায়। আত্মাহে পৱিত্ৰ হ'ব লাগে, আত্মায়ে পতিত হয়। সন্তানসকলে জানে যে ভাৰতলৈকে পিতা আহি স্মৃতিৰ যাত্ৰা শিকায় আৰু অন্য ক'তো শিকাব নোৱাৰে। পাৰ্থিৱ যাত্ৰাতো সন্তানসকলে বহুত কৰিলে, এই যাত্ৰা একমাত্ৰ পিতাইহে শিকাব পাৰে। তোমালোক সন্তানসকলক পিতাই বুজাইছে যে মায়াৰ কাৰণে সকলোৰে বুদ্ধিত অজ্ঞানতাৰ তলা লাগি আছে। এতিয়া পিতাৰ দ্বাৰা তোমালোকে গম পাইছা যে আমি কিমান বুদ্ধিমান, ধনৱান, আৰু পৱিত্ৰ আছিলোঁ। আমি গোটেই বিশ্বৰ মালিক আছিলোঁ। এতিয়া আমি পুনৰ হৈ আছোঁ। পিতাই কিমান বিশাল বেহদৰ বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে। লৌকিক পিতাই খুব বেছি লাখ কোটি দিব। ইয়াততো মৰমৰ বেহদৰ পিতা বেহদৰ বাদশ্বাহী দিবলৈ আহিছে, সেইবাবে তোমালোকে ইয়াত পঢ়িবলৈ আহিছা। কাৰ ওচৰত? বেহদৰ বাবাৰ ওচৰত। ‘বাবা’ শব্দটি শুনিবলৈ ‘মম্মা’তকৈও মধুৰ। যদিও মম্মাই প্ৰতিপালন কৰে পিতা তথাপিও পিতাই হয়, যাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পোৱা যায়। তোমালোক সদায় সুখী আৰু সধবা হৈ আছা। বাবাই আমাক পুনৰাই কি কৰি তোলে! এয়া কোনো নতুন কথা নহয়। গায়নো আছে ৰাতিপুৱা চহকী আছিল, ৰাতি ফকিৰ হৈ গৈছিল। তোমালোকো ৰাতিপুৱা চহকী আকৌ বেহদৰ ৰাতি ফকিৰ হৈ যোৱা। বাবাই নিতৌ সোঁৱৰাই দিয়ে – সন্তানসকল, কালিতো তোমালোক বিশ্বৰ মালিক, চহকী আছিলা, আজি তোমালোক ফকিৰ হৈ গৈছা। এতিয়া পুনৰ প্ৰভাত হ'ব তেতিয়া তোমালোক চহকী হৈ যাবা। কিমান সহজ কথা। তোমালোক সন্তানসকলৰ চহকী হোৱাৰ বহুত আনন্দ থকা উচিত। ব্ৰাহ্মণৰ দিন আৰু ব্ৰাহ্মণৰ ৰাতি। এতিয়া দিনত তোমালোক চহকী হৈ আছা আৰু নিশ্চয় হৈও যাবা। কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। পিতাই কয় - এয়া সেয়াই খাৰকীয় প্ৰণালী (খাল) যিটো তোমালোকেহে যোগবলেৰে পাৰ হোৱা। য'লৈ যাব লাগিব সেয়া স্মৃতিত থকা উচিত। আমি এতিয়া ঘৰলৈ যাব লাগে। বাবা নিজেই আহিছে আমাক নিবলৈ। বৰ মৰমেৰে বুজায় - মৰমৰ সন্তানসকল, তোমালোকেই পাৱন আছিলা, 84 জন্ম লৈ লৈ পতিত হৈ গ’লা পুনৰ পাৱন হ'ব লাগে। পাৱন হোৱাৰ আন কোনো উপায় নাই। তোমালোকে জানা পতিত-পাৱন আহে আৰু তোমালোক তেওঁৰ মতত চলি পাৱন হোৱা। তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা যে আমি এই পদ পাম। পিতাই কয় - তোমালোকে 21 জন্মৰ কাৰণে সদাকালৰ বাবে সুখী হৈ যাবা। পিতাই সুখধামৰ, ৰাৱণে দুখধামৰ উত্তৰাধিকাৰ দিয়ে। তোমালোক সন্তানসকলে এতিয়া জানা ৰাৱণ তোমালোকৰ পুৰণি শত্ৰু, যিয়ে তোমালোকক 5 বিকাৰ ৰূপী পিঞ্জৰাত সুমুৱাই দিলে। পিতা আহি তাৰ পৰা উলিয়ায়। যিয়ে যিমান পিতাক স্মৰণ কৰে, সিমানে আনকো পৰিচয় দিয়ে। স্মৰণ নকৰাসকল দেহ-অভিমানত থাকিব। তেওঁলোকে পিতাকো স্মৰণো কৰিব নোৱাৰে আৰু পিতাৰ পৰিচয়ো দিব নোৱাৰে। আমি আত্মা ভাই ভাই হওঁ, ঘৰৰ পৰা ইয়ালৈ ভিন্ন ভিন্ন ভূমিকা পালন কৰিবলৈ আহিছোঁ। গোটেই ভূমিকা কেনেকৈ পালন কৰোঁ, এয়াও তোমালোকৰ বুদ্ধিত আছে। যিসকলৰ দৃঢ় নিশ্চয়তা আছে, তেওঁলোক ইয়ালৈ আহি পুনৰুজীৱিত হয়। এয়া এনেকুৱা পঢ়া নহয় যে তোমালোক শিক্ষকৰ লগতে থাকিব লাগে। নহয়, নিজৰ ঘৰত থাকিও পঢ়িব পাৰা। কেৱল এসপ্তাহ ভালদৰে বুজি লোৱা পাছত ব্ৰাহ্মণীসকলে কাৰোবাক এমাহৰ পাছত, কাৰোবাক 6 মাহৰ পাছত, কাৰোবাক 12 মাহৰ পাছত লৈ আহে। বাবাই কয় - নিশ্চয় জন্মিল আৰু দৌৰি আহিল।

ৰাখীও বান্ধিব লাগে যে আমি আৰু বিকাৰগ্ৰস্ত নহওঁ। আমি শিৱবাবাৰ ওচৰত প্ৰতিজ্ঞা কৰিছোঁ। শিৱবাবাইহে কয় - সন্তানসকল, তোমালোক নিৰ্বিকাৰী নিশ্চয় হ’ব লাগে। যদি বিকাৰগ্ৰস্ত হোৱা তেন্তে যি উপাৰ্জন কৰিলা সকলো শেষ হৈ যাব, এশ গুণ দণ্ড হৈ যাব। 63 জন্ম তোমালোক প্ৰতাৰিত হ’লা। এতিয়া কয় - পৱিত্ৰ হোৱা। মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হৈ যাব। আত্মা ভাই ভাই হয়। কাৰো নাম-ৰূপত আৱদ্ধ হ’ব নালাগে। যদি কোনোৱে নিয়মীয়াকৈ নপঢ়ে তেন্তে সোনকালে তেওঁক (মধুবনলৈ) লৈ আহিব নালাগে। যদিও বাবাই কয় যে এদিনতো তীৰ লাগিব পাৰে কিন্তু নিজৰ বিচাৰ বুদ্ধিৰেও কাম কৰিব লাগে। তোমালোক ব্ৰাহ্মণ সকলোতকৈ উত্তম। এয়া তোমালোকৰ বহুত উচ্চ কুল। তাত কোনো সৎসংগ আদি নাথাকে। সৎসংগ থাকে ভক্তিমাৰ্গত। তোমালোকে জানা সৎসংগই উদ্ধাৰ কৰে, সত্যৰ সংগ তেতিয়াহে পোৱা যায় যেতিয়া সত্যযুগ স্থাপনাৰ সময় হয়। এয়া কাৰো বুদ্ধিত উদয় নহয় কিয়নো বুদ্ধিত তলা লাগি আছে। এতিয়া সত্যযুগলৈ যাব লাগে। সত্যৰ সংগ পোৱাই যায় পুৰুষোত্তম সংগমযুগত। সেই গুৰুসকলতো সংগমযুগী নহয়। বাবা যেতিয়া আহে তেতিয়া “সন্তান সন্তান” বুলি মাতে। সেই গুৰুসকলক জানো তোমালোকে বাবা বুলি ক’বা। বুদ্ধিত একেবাৰে গড্ৰেজৰ তলা লাগি আছে। বাবা আহি তলা খোলে। বাবাই চোৱা কিমান যুক্তি ৰচে যে মনুষ্য আহি হীৰাতুল্য জীৱন গঢ়ক। আলোচনী কিতাপ আদি ছপা কৰি থাকে। বহুতৰ কল্যাণ হওঁক তেতিয়া বহুতৰ আশীৰ্বাদো পাবা। প্ৰজা তৈয়াৰ কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। নিজক বন্ধনৰ পৰা মুক্ত কৰিব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে সেৱাতো (পেছাগত কাম-কাজ) নিশ্চয় কৰিব লাগে। ঈশ্বৰীয় সেৱা কেৱল ৰাতিপুৱা আৰু গধুলি হয়। সেইখিনি সময়ত সকলো আজৰি হৈ থাকে, যাৰ সৈতে তোমালোকে লৌকিক সেৱা কৰা, তেওঁলোককো পৰিচয় দি থাকা যে আপোনাৰ দুগৰাকী পিতা আছে। লৌকিক পিতা সকলোৰে ভিন্ন। পাৰলৌকিক পিতা সকলোৰে এজন। তেওঁ হৈছে সৰ্বোচ্চ। বাবাই কয় - মোৰো ভূমিকা আছে। এতিয়া তোমালোক সন্তানসকলে মোৰ পৰিচয় পাই গৈছা। আত্মাকো তোমালোকে জানি গৈছা। আত্মাৰ কাৰণে কয় - ভ্ৰূকুটিৰ মধ্যত জিলিকে বিচিত্র তৰা.....। সেয়া অকাল আসনো হয়। আত্মাক কেতিয়াও কালে নাখায়। আত্মা কেৱল মলিয়ন আৰু স্বচ্ছ হয়, আত্মাৰ আসন ভ্ৰূকুটিৰ মধ্যতহে শোভা পায়। তিলকৰ চিহ্নও ইয়াতেই দিয়ে। পিতাই কয় - তোমালোকে নিজক নিজেই ৰাজ-তিলক দিয়াৰ যোগ্য কৰি তোলা। এনেকুৱা নহয় যে মই সকলোকে ৰাজ-তিলক দিম। তোমালোকে নিজক নিজেই দিয়া। বাবাই জানে - কোনে বহুত সেৱা কৰে। আলোচনীতো বহুত ভাল লিখনি প্ৰকাশ হয়। লগতে যোগৰ বাবেও যত্নপৰ হ’ব লাগে, যাৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব। দিনে-প্ৰতিদিনে তোমালোক ভাল ৰাজযোগী হৈ গৈ থাকিবা। বুজি পাবা যে এতিয়া শৰীৰ এৰিবৰ হৈছে, আমি গুচি যাওঁ। সূক্ষ্মবতনলৈকেতো সন্তানসকল যায়, মুলবতনকো ভালদৰে জানে যে সেয়া আমাৰ অৰ্থাৎ আত্মাসকলৰ ঘৰ। মনুষ্যই শান্তিধামৰ কাৰণেই ভক্তি কৰে। সুখধামৰ বিষয়েতো তেওঁলোকে গমেই নাপায়। স্বৰ্গলৈ যোৱাৰ শিক্ষাতো পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এয়া হৈছে প্ৰবৃত্তি মাৰ্গ। উভয়ে মুক্তিধামলৈ যাব লাগে। তেওঁলোকে ওলোটা ৰাস্তা দেখুৱায়, আচলতে কোনো নাযায়। সকলোকে অন্তিমত পিতাই লৈ যাব। এইটো হৈছে তেওঁৰ কৰ্তব্য। কোনোৱে ভালকৈ পঢ়ি ৰাজ্য-ভাগ্য লৈ লয়। বাকীসকলে কেনেকৈ পঢ়িব। তেওঁলোক যেনেকৈ ক্ৰমানুসৰি আহে, তেনেকৈ ক্ৰমানুসৰি যাবগৈ। এই কথাবোৰত বেছি সময় নষ্ট নকৰিবা।

এনেকৈ কোৱা যে বাবাক স্মৰণ কৰিবলৈও সময় নাপাওঁ, তেন্তে আকৌ এনেবোৰ কথাত সময় কিয় নষ্ট কৰা। এইটোতো নিশ্চয় জন্মিছে যে বেহদৰ পিতা, শিক্ষক গুৰুও হয়। তেন্তে আন কাকোৱে স্মৰণ কৰাৰ দৰকাৰ নাই। তোমালোকে জানা কল্প পূৰ্বেও শ্ৰীমতত চলি পাৱন হৈছিলা। বাৰে বাৰে চক্ৰও ঘূৰাই থাকা। তোমালোকৰ নাম হৈছে স্বদৰ্শন চক্ৰধাৰী। (পানীতোলা চকৰিৰে বাল্টিত পানী ভৰোৱা আৰু খালী হোৱাৰ দৃষ্টান্ত) জ্ঞান সাগৰৰ পৰা ভৰপূৰ হ’বলৈ তোমালোকৰ সময় নালাগে, খালী হ’বলৈ সময় লাগে। তোমালোক হৈছা অতিকৈ মৰমৰ সন্তান কিয়নো কল্পৰ পাছত আহি মিলিত হৈছা। এইটো দৃঢ় নিশ্চয়তা থকা উচিত। আমি 84 জন্মৰ পাছত আকৌ আহি পিতাৰ সৈতে মিলিত হৈছোঁ। পিতাই কয় - যিয়ে প্ৰথমে ভক্তি কৰিছে তেৱেঁই প্ৰথমে জ্ঞান লোৱাৰ যোগ্যও হৈছে কিয়নো ভক্তিৰ ফল লাগে। গতিকে সদায় নিজৰ ফল অথবা উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। ‘ফল’ শব্দটি ভক্তিমাৰ্গৰ। উত্তৰাধিকাৰ শব্দটি ঠিক। বেহদৰ পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ পোৱা যায় আৰু অন্য কোনো উপায় নাই। ভাৰতৰ প্ৰাচীন যোগ প্ৰসিদ্ধ। তেওঁলোকে ভাবে আমি ভাৰতৰ প্ৰাচীন যোগ শিকিছোঁ। বাবাই বুজায় - তেওঁলোক ড্ৰামা অনুসৰি হঠযোগী হৈ যায়। ৰাজযোগ এতিয়া তোমালোকে শিকা কিয়নো এতিয়া হৈছে সংগমযুগ। তেওঁলোকৰ ধৰ্ম বেলেগ। বাস্তৱত সেইসকল গুৰুৰ শৰণাপন্ন হ’ব নালাগে। কিন্তু এয়াও ড্ৰামা অনুসৰি আকৌ নিশ্চয় কৰিব। তোমালোক সন্তানসকল এতিয়া সত্যনিষ্ঠ হ’ব লাগে। ধৰ্মতেই শক্তি আছে। তোমালোক যিসকলক মই দেৱী-দেৱতা কৰি তোলোঁ, এইটো ধৰ্ম বহুত সুখ দিওঁতা হয়। মোৰ শক্তিও তেওঁলোকে প্ৰাপ্ত কৰে যিসকলে মোৰ সৈতে যোগসূত্ৰ গঢ়ে। গতিকে পিতাই নিজে যিটো ধৰ্ম প্ৰতিষ্ঠা কৰে, তাত বহুত শক্তি আছে। তোমালোকে গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাই এইটো ধৰ্মৰ মহিমা কৰে যে ইয়াত বহুত শক্তি আছে। সৰ্ৱশক্তিমান বাবাৰ পৰা শক্তি বহুতে পায়। বাস্তৱত শক্তি সকলোৱে পায় কিন্তু ক্ৰমানুসৰি। তোমালোকক যিমান শক্তি লাগে সিমান বাবাৰ পৰা লোৱা লগতে দৈৱীগুণৰ বিষয়টিৰ প্ৰতিও মনোযোগ দিব লাগে। কাকো অশান্ত নকৰিবা, দুখ নিদিবা। এওঁ কেতিয়াও কাৰো প্ৰতি ওলট-পালট শব্দ উচ্চাৰণ নকৰে। এইটো জানে যে যেনেকুৱা কৰ্ম মই কৰিম, মোক দেখি আনেও কৰিব। আসুৰি অৱগুণৰ পৰা দৈৱীগুণত আহিব লাগে। চাব লাগে যে মই কাকো দুখতো নিদিওঁ? এনেকুৱা কোনো নাই যিয়ে কাকো দুখ নিদিয়ে। কিবা নহয় কিবা ভুল নিশ্চয় হয়। সেইটো অৱস্থাতো অন্তিমতহে হ’বগৈ যেতিয়া মন-বাণী-কৰ্মৰে কাকোৱেই দুখ নিদিবা। এই সময়ত আমি পুৰুষাৰ্থী অৱস্থাত আছোঁ। প্ৰতিটো কথা পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়। সকলোৱে পুৰুষাৰ্থ সুখৰ কাৰণেই কৰে। কিন্তু পিতাৰ বাহিৰে অন্য কোনেও সুখ দিব নোৱাৰে। দেখা যায় সোমনাথৰ মন্দিৰত কিমান হীৰা-মুকুতা আছিল। সেই সকলোবোৰ ক’ৰ পৰা আহিল, কেনেকৈ চহকী হ’ল। গোটেই দিন এই পঢ়াৰ চিন্তাত থাকিব লাগে। গৃহস্থালিত থাকিও পদুম ফুলৰ সমান পৱিত্ৰ হ’ব লাগে। তোমালোকে এইটো পুৰুষাৰ্থ কৰিছা সেইবাবেতো মালা হৈছে। কল্পই কল্পই হৈ থাকে। মালা কাৰ স্মাৰক - এইটোও তোমালোকে জানা। তেওঁলোকেতো মালাক স্মৰণ কৰি বহুত আপোন-পাহৰা হৈ যায়। ভক্তিত কি হয় আৰু জ্ঞানত কি হয় - এইটোও তোমালোকেহে জানা। তোমালোকে যিকোনো লোককে বুজাব পাৰা। পুৰুষাৰ্থ কৰি কৰি অৱশেষত অন্তিমৰ ফলাফল কল্প পূৰ্বেৰ দৰেই ওলাই যাব। প্ৰত্যেকে নিজক পৰীক্ষা কৰি থাকা। তোমালোকে বুজি পোৱা যে আমি এয়া হ'ব লাগে। পুৰুষাৰ্থৰ সুযোগ পাইছা। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে পিতায়ো তোমালোকক স্বাগত জনায়। তোমালোক সন্তানসকলে যেনেকৈ স্বাগত জনোৱা তাতকৈ অধিক পিতাই তোমালোকক স্বাগত জনায়। পিতাৰ কামেই হ’ল - তোমালোকক স্বাগত জনোৱা। স্বাগত মানে হৈছে সৎগতি। এয়া হৈছে সকলোতকৈ উচ্চ স্বাগত। তোমালোক সকলোকে স্বাগত জনাবলৈ পিতা আহে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) বহুতৰ আশীৰ্বাদ পাবৰ কাৰণে কল্যাণকাৰী হ’ব লাগে। শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিও নিজক বন্ধনৰ পৰা মুক্ত কৰি পুৱা-গধুলি ঈশ্বৰীয় সেৱা নিশ্চয় কৰিব লাগে।

(2) অন্য কথাত নিজৰ সময় নষ্ট নকৰি পিতাক স্মৰণ কৰি শক্তি আহৰণ কৰিব লাগে। সত্যৰ সংগতেই থাকিব লাগে। মন-বাণী-কৰ্মৰে সকলোকে সুখ দিয়াৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
পৱিত্ৰতাৰ বৰদানক নিজৰ সংস্কাৰ কৰি পৱিত্ৰ জীৱন গঢ়ি তোলোঁতা পৰিশ্ৰম মুক্ত হোৱা

পৱিত্ৰতাত বহুত সন্তানৰ পৰিশ্ৰমৰ হয়, তাৰ পৰা সিদ্ধ হয় যে বৰদাতা পিতাৰ পৰা জন্মৰ বৰদান লোৱা নাই। বৰদানত পৰিশ্ৰম নহয়। প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ জন্মৰ প্ৰথম বৰদান হৈছে “পৱিত্ৰ হোৱা, যোগী হোৱা”। যেনেকৈ জন্মৰ সংস্কাৰ বৰ দৃঢ় হয়, গতিকে পৱিত্ৰতা ব্ৰাহ্মণ জীৱনৰ আদি সংস্কাৰ, নিজা সংস্কাৰ। এইটো স্মৃতিৰে পৱিত্ৰ জীৱন গঢ়ি তোলা। পৰিশ্ৰমৰ পৰা মুক্ত হোৱা।

স্লোগান:
তেৱেঁই নিমিত্ত যাৰ সেৱাৰ শুদ্ধ ভাৱনা থাকে।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ নিজৰ স্বভাৱ সহজ আৰু সক্ৰিয় কৰি তোলা। সহজ অৰ্থাৎ নিজৰ পুৰুষাৰ্থত, সংস্কাৰতো যাতে কঠিনতা নাথাকে। সহজ হ’লে তেতিয়া সক্ৰিয় হয়। যদি নিজে সহজ নহয় তেন্তে কঠিনতাৰ সন্মুখীন হ’বলগীয়া হয়। তেতিয়া নিজৰ সংস্কাৰ, নিজৰ দুৰ্বলতা কঠিনতাৰ ৰূপত দেখিবলৈ পোৱা যায়।