21.04.24    Avyakt Bapdada     Assame Murli     30.03.99     Om Shanti     Madhuban


“*“তীব্ৰ পুৰুষাৰ্থৰ নিষ্ঠাক জ্বালাৰূপ কৰি বেহদৰ বৈৰাগ্য বৃত্তিৰ প্ৰকম্পন বিয়পাই দিয়া”*”


আজি বাপদাদাই প্ৰতিগৰাকী সন্তানৰ মস্তকত তিনিডাল ৰেখা প্ৰত্যক্ষ কৰি আছে। তাৰ ভিতৰত এডাল ৰেখা হৈছে - পৰমাত্ম প্ৰতিপালনৰ ভাগ্যৰ ৰেখা। এই পৰমাত্ম প্ৰতিপালনৰ ভাগ্য গোটেই কল্পত এতিয়া এবাৰেই প্ৰাপ্ত হয়, এই সংগমযুগৰ বাহিৰে এই পৰমাত্ম প্ৰতিপালন কেতিয়াও প্ৰাপ্ত হ’ব নোৱাৰে। এই পৰমাত্ম প্ৰতিপালন বহুত কমসংখ্যক সন্তানৰ প্ৰাপ্ত হয়। দ্বিতীয় ৰেখাডাল হৈছে - পৰমাত্ম শিক্ষাৰ ভাগ্যৰ ৰেখা। পৰমাত্ম শিক্ষা এয়া কিমান ভাগ্যৰ কথা যে স্বয়ং পৰমাত্মা শিক্ষক হৈ পঢ়াই আছে। তৃতীয় ৰেখাডাল হৈছে - পৰমাত্ম প্ৰাপ্তিৰ ৰেখা। ভাবা কিমান প্ৰাপ্তি আছে। সকলোৰে স্মৃতিত আছে নহয় - প্ৰাপ্তিৰ তালিকা কিমান দীঘলীয়া! প্ৰত্যকৰে মস্তকত এই তিনিডাল ৰেখা চিকমিকাই আছে। নিজক এনেকুৱা ভাগ্যৱান আত্মা বুলি ভাবানে? প্ৰতিপালন, শিক্ষা, আৰু প্ৰাপ্তি। লগতে বাপদাদাই সন্তানসকলৰ নিশ্চয়তাৰ আধাৰত আত্মিক নিচাও লক্ষ্য কৰি আছে। প্ৰতিগৰাকী পৰমাত্ম সন্তান কিমান আত্মিক নিচা থকা আত্মা! গোটেই বিশ্বত আৰু গোটেই কল্পত সকলোতকৈ উচ্চও হয়, মহানো হয় আৰু পৱিত্ৰও হয়। তোমালোকৰ নিচিনা পৱিত্ৰ আত্মা শৰীৰেৰে, মনেৰেও দেৱৰূপত সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী আন কোনো নহয়। আকৌ উচ্চতমো হোৱা, পৱিত্ৰতমো হোৱা লগতে সকলোতকৈ চহকীও হোৱা। বাপদাদাই স্থাপনাৰ সময়তো (আদিত) সন্তানসকলক সোঁৱৰাই দিছিল আৰু গৌৰৱেৰে সংবাদপত্ৰতো প্ৰকাশ কৰিছিল যে “ওঁম্‌ মণ্ডলী বিশ্বৰ ভিতৰত সকলোতকৈ চহকী”। এয়া স্থাপনাৰ সময়ৰ তোমালোক সকলোৰে মহিমা। এদিনত যিমানে ডাঙৰ অনেক কোটিপতি হওঁক কিন্তু তোমালোকৰ সমান চহকী হ’ব নোৱাৰে। ইমান চহকী হোৱাৰ সাধন কি? বহুত সৰু সাধন। মনুষ্যই সকলোতকৈ চহকী হ’বৰ বাবে কিমান পৰিশ্ৰম কৰে আৰু তোমালোকে কিমান সহজে মালামাল হৈ যোৱা। জানা নহয় সাধন কি! কেৱল সূক্ষ্ম বিন্দু লগাব লাগে, বচ্‌। বিন্দু লগালা, উপাৰ্জন হ’ল। আত্মাও বিন্দু, পিতাও বিন্দু আৰু ড্ৰামা পূৰ্ণ বিৰাম লগোৱা, সেয়াও বিন্দু। তেন্তে বিন্দু আত্মাক স্মৰণ কৰিলা, উপাৰ্জন বৃদ্ধি হ’ল। এনেয়ে লৌকিকতো চোৱা, বিন্দুৰেই (সোঁহাতে শূন্য বহুৱালে) সংখ্যা বৃদ্ধি পায়। একৰ আগত বিন্দু লগোৱা তেন্তে কি হৈ যায়? 10, দুটা বিন্দু লগোৱা, তিনিটা বিন্দু লগোৱা, চাৰিটা বিন্দু লগোৱা, বাঢ়ি গৈ থাকে। তেন্তে তোমালোকৰ সাধন কিমান সহজ! “মই আত্মা” – এইটো স্মৃতিৰ বিন্দু লগোৱা অৰ্থাৎ সম্পদ জমা হোৱা। আকৌ ‘পিতা’ বিন্দু লগোৱা আৰু সম্পদ জমা হ’ল। কৰ্মত, সমন্ধ-সম্পৰ্কত ড্ৰামাৰ পূৰ্ণ বিৰাম লগোৱা, অতীতত পূৰ্ণ বিৰাম লগালা আৰু সম্পদ বৃদ্ধি হ’ল। তেন্তে কোৱা গোটেই দিনটোত কিমানবাৰ বিন্দু লগোৱা? আৰু বিন্দু লগোৱা কিমান সহজ! কঠিন হয় নেকি? বিন্দু পিচলি যায় নেকি?

বাপদাদাই উপাৰ্জনৰ সাধন কেৱল এয়াই শিকাইছে যে বিন্দু লগাই যোৱা, তেন্তে সকলোৱে বিন্দু লগাব জানানে? যদি জানা তেন্তে এখন হাতেৰে চাপৰি বজোৱা। দৃঢ় হয় নহয়! নে কেতিয়াবা পিচলি যায়, কেতিয়াবা লাগি যায়? সকলোতকৈ সহজ হৈছে বিন্দু লগোৱা। কোনাবা লাগিলে স্থূল চক্ষুৰে অন্ধও হওঁক, তেৱোঁ যদি কাগজত পেঞ্চিল ৰাখে তেন্তে বিন্দু লাগি যায় আৰু তোমালোকতো ত্ৰিনেত্ৰী হোৱা, সেয়েহে এই তিনিটা বিন্দু সদায় ব্যৱহাৰ কৰিবা। প্ৰশ্নবোধক চিহ্ন কিমান বেঁকা, লিখি চোৱা, বেঁকা হয় নহয়? আৰু বিন্দু কিমান সহজ সেয়েহে বাপদাদাই ভিন্ন ভিন্ন ৰূপেৰে সন্তানসকলক সমান কৰি তোলাৰ বিধি শুনাই থাকে। বিধি হ’ল বিন্দু। আন কোনো বিধি নাই। যদি বিদেহী হোৱা তেতিয়াও বিধি হ’ল - বিন্দু হোৱা। অশৰীৰী হোৱা, কৰ্মাতীত হোৱা, সকলোৰে বিধি হৈছে বিন্দু সেয়েহে বাপাদাদাই আগতেও কৈছে - অমৃতবেলা বাপদাদাৰ সৈতে মিলন উদ্‌যাপন কৰি, বাৰ্তালাপ কৰি যেতিয়া কাৰ্য কৰিবলৈ লোৱা তেতিয়া প্ৰথমে তিনিটা বিন্দুৰ তিলক মস্তকত লগাবা, সেই ৰঙা বিন্দুৰ তিলক লগাবলৈ আৰম্ভ নকৰিবা কিন্তু স্মৃতিৰ তিলক লগোৱা। আৰু পৰীক্ষা কৰা - কোনো কাৰণতে যাতে এই স্মৃতিৰ তিলক যাতে আঁতৰি নাযায়। অবিনাশী, মচিব নোৱাৰা তিলক আছেনে?

বাপদাদাই সন্তানসকলৰ স্নেহো লক্ষ্য কৰে, কিমান মৰমেৰে দৌৰি দৌৰি মিলন উদ্‌যাপন কৰিবলৈ আহি উপস্থিত হৈছে, আকৌ আজি প্ৰেক্ষাগৃহত মিলন উদ্‌যাপন কৰিবৰ বাবে কিমান পৰিশ্ৰমেৰে, কিমান মৰমেৰে নিদ্ৰা, তৃষ্ণা পাহৰি প্ৰথম নম্বৰত সমীপত বহিবৰ বাবে পুৰুষাৰ্থ কৰে। বাবাদাদাই সকলো লক্ষ্য কৰে, কি কি কৰে সেই গোটেই ড্ৰামা লক্ষ্য কৰে। বাপদাদা সন্তানসকলৰ স্নেহত উৎসৰ্গিতও হয় আৰু এয়াও সন্তানসকলক কয় যে যেনেকৈ সাকাৰত মিলন উদ্‌যাপন কৰিবলৈ দৌৰি দৌৰি আহা তেনেকৈ পিতাৰ সমান হ’বলৈও তীব্ৰ পুৰুষাৰ্থ কৰা, এই (প্ৰেক্ষাগৃহত বহাৰ) ক্ষেত্ৰত ভাবা নহয় যে সকলোতকৈ আগত বহোঁ। সকলোৱেতো এক নম্বৰত বহিব নোৱাৰে। এইখন সাকাৰী জগত হয় নহয়! সেয়েহে সাকাৰী জগতত নিয়ম ৰাখিবলগীয়া হয়। বাপদাদাই সেই সময়ত ভাবে যে সকলো আগত বহি যাওঁক কিন্তু এয়া হ’ব পাৰেনে? হৈয়ো আছে, কেনেকৈ? পিছৰসকলক বাপদাদাই সদায় নয়নত সমাহিত হৈ থকা দেখে। সকলোতকৈ সমীপ হৈছে নয়ন। গতিকে পিছত বহা নাই, বাপদাদাৰ নয়নত বহি আছা। চকুৰ মণি হোৱা। পিছত বহাসকলে শুনিলানে? দূৰৈত নাই, সমীপত আছা। শৰীৰেৰে পিছত বহি আছা কিন্তু আত্মা সকলোতকৈ সমীপৰ হয়। আৰু বাপদাদাইতো সকলোতকৈ অধিক পিছত বহাসকলকে চায়। চোৱা সমীপৰসকলৰ এই স্থূল নয়নেৰে চোৱাৰ সুযোগ আছে আৰু পিছৰসকলৰ এই নয়নেৰে চোৱাৰ সুযোগ নাই সেয়েহে বাপদাদাই নয়নত সমাহিত কৰি লয়।

বাপদাদাই মিচিকিয়াই থাকে, দুই বাজে আৰু শাৰী আৰম্ভ হৈ যায়। বাপদাদাই বুজি পায় যে সন্তানসকল থিয় হৈ হৈ ভাগৰিও পৰে কিন্তু বাপাদাদাই সকলো সন্তানক স্নেহৰ মালিচ কৰি দিয়ে। ভৰিৰ মালিচ হৈ যায়। বাপদাদাৰ মালিচ দেখিছা নহয় - বহুত উপৰাম আৰু স্নেহী। আজি সকলোৱে এইটো চিজনৰ অন্তিম সুযোগ ল’বৰ বাবে চাৰিওফালৰ পৰা দৌৰি দৌৰি আহি উপস্থিত হৈ গৈছে। ভাল কথা। পিতাৰ সৈতে মিলনৰ উৎসাহ-উদ্দীপনাই সদায় আগুৱাই লৈ যায়। কিন্তু বাপদাদাইতো সন্তানসকলক এটা চেকেণ্ডৰ বাবেও পাহৰি নাযায় কিয়নো কল্পান্তত লগ পোৱা অতিকৈ মৰমৰ হোৱা। চোৱা দেশ-বিদেশৰ ক’ৰ ক’ৰ চুক-কোণৰ পৰা পিতাইহে তোমালোকক বিচাৰি উলিয়ালে। তোমালোকে পিতাক বিচাৰি উলিয়াব পাৰিলা জানো? দিগভ্ৰান্ত হৈ থাকিলা কিন্তু প্ৰাপ্ত কৰিব নোৱাৰিলা আৰু পিতাই ভিন্ন ভিন্ন দেশ, গাঁও, চহৰ য’তেই পিতাৰ সন্তান আছে, তাৰ পৰা বিচাৰি উলিয়ালে। নিজৰ কৰি ল’লে। গীত গোৱা নহয় - মই বাবাৰ আৰু বাবা মোৰ। জাতি, দেশ, বৰণ একোৱে নাচালে, সকলোৰে মস্তকত একমাত্ৰ আত্মিক ৰং জ্যোতি বিন্দুক চালে। ডবল বিদেশীসকলে কি ভাবা? পিতাই জাতি চালেনে? ক’লা, বগা, শ্যাম, সুন্দৰ এয়া চালেনে? একোৱে নাচালে। মোৰ হয় - এইটো চালে। তেন্তে কোৱা পিতাৰ স্নেহ আছে নে তোমালোকৰ স্নেহ আছে? কাৰ আছে? (দুয়োৰে আছে) সন্তানসকলো উত্তৰ দিয়াত বুদ্ধিমান, কয় - বাবা আপুনিয়েই কয় স্নেহ দিলে স্নেহ পায়, গতিকে আপোনাৰ স্নেহ আছে তেন্তে আমাৰো আছে সেইবাবেতো আকৰ্ষিত কৰে। সন্তানসকলো বুদ্ধিমান আৰু পিতা আনন্দিত হয় যে সন্তানসকলৰ ইমান সাহস আৰু উৎসাহ-উদ্দীপনা আছে।

বাপদাদাৰ ওচৰলৈ বহুত সন্তানৰ 15 দিনৰ খতিয়ানৰ তালিকাৰ ফলাফল আহিছে। এটা কথাতো বাপদাদাই চাৰিওফালৰ ফলাফলত দেখিছে যে গৰিষ্ঠসংখ্যক সন্তানে মনোযোগ দিছে। শতাংশ যিমান নিজেও বিচাৰে সিমান হোৱা নাই, কিন্তু মনোযোগ দিছে আৰু অন্তৰেৰে যিসকল তীব্ৰ পুৰুষাৰ্থী সন্তান তেওঁলোক নিজৰ প্ৰতিজ্ঞা পূৰা কৰাৰ লক্ষ্যৰে আগবাঢ়িও আছে। আগবাঢ়ি বাঢ়ি লক্ষ্যস্থানত উপস্থিত হৈয়েই যাব। কমসংখ্যকে এতিয়াও কেতিয়াবা অসাৱধানতা আৰু কেতিয়াবা আলস্যৰ বশীভূত হৈ মনোযোগ কমকৈ দি আছে। তেওঁলোকৰ এটা বিশেষ শ্লোগান আছে - হৈয়েই যাব, যাব... “হ’ব লাগে” নহয়, “হৈ যাব”। “হৈয়েই যাব” এয়া হ’ল অসাৱধানতা। “হ’বই লাগে” এয়া হ’ল তীব্ৰ পুৰুষাৰ্থ। বাপদাদাই প্ৰতিজ্ঞা বহুত শুনে, বাৰে বাৰে প্ৰতিজ্ঞা বহুত ভাল কৰে। সন্তানসকলে প্ৰতিজ্ঞা ইমান ভাল সাহসেৰে কৰে যে সেই সময়ত বাপাদাদাকো সন্তানসকলে ‘দিলখুশ’ মিঠাই খুৱাই দিয়ে। পিতায়ো খাই লয়। কিন্তু প্ৰতিজ্ঞা অৰ্থাৎ পুৰুষাৰ্থত সৰ্বাধিক লাভ। যদি লাভ নাই তেন্তে প্ৰতিজ্ঞা সমৰ্থ নহয়। গতিকে প্ৰতিজ্ঞা নিশ্চয় কৰা তথাপিও ‘দিলখুশ’ মিঠাইতো খুউওৱা নহয়! লগতে তীব্ৰ পুৰুষাৰ্থৰ নিষ্ঠাক অগ্নি ৰূপ কৰি তোলা। জ্বালামুখী হোৱা। সময় অনুসৰি বাকী থকা মনৰ, সমন্ধ-সম্পৰ্কৰ যি হিচাপ-নিকাচ আছে সেয়া জ্বালা স্বৰূপেৰে ভস্ম কৰা। নিষ্ঠা আছে, এই ক্ষেত্ৰত বাপদাদায়ো উত্তীৰ্ণ কৰায় কিন্তু এতিয়া নিষ্ঠাক অগ্নি ৰূপত আনা।

বিশ্বত এফালে ভ্ৰষ্টাচাৰ, অত্যাচাৰৰ জুই জ্বলিব, আনফালে তোমালোক সন্তানসকলৰ শক্তিশালী যোগ অৰ্থাৎ নিষ্ঠাৰ অগ্নি জ্বালা ৰূপৰ আৱশ্যক। এই জ্বালা ৰূপে এই ভ্ৰষ্টাচাৰ, অত্যাচাৰৰ অগ্নি সমাপ্ত কৰিব আৰু সকলো আত্মাক সহযোগ দিব। তোমালোকৰ নিষ্ঠা জ্বালা ৰূপৰ হওঁক অৰ্থাৎ যোগ শক্তিশালী হওঁক তেতিয়া এই স্মৃতিৰ অগ্নিয়ে, সেই অগ্নিক সমাপ্ত কৰিব আৰু আনফালে আত্মাসকলক পৰমাত্ম বাৰ্তাৰ, শীতল স্বৰূপৰ অনুভূতি কৰাব। বেহদৰ বৈৰাগ্য বৃত্তি প্ৰজ্বলিত কৰাব। এফালে ভস্ম কৰিব আনফালে শীতলো কৰিব। বেহদৰ বৈৰাগ্যৰ লহৰ বিয়পাব। সন্তানসকলে কয় - মোৰ যোগতো আছে, পিতাৰ বাহিৰে আন কোনো নাই, এয়া বহুত ভাল। কিন্তু সময় অনুসৰি এতিয়া জ্বালা ৰূপ হোৱা। স্মাৰকত শক্তিসকলৰ যি শক্তি ৰূপ, মহাশক্তি ৰূপ, সৰ্ব শস্ত্ৰধাৰী ৰূপ দেখুৱাইছে, এতিয়া সেই মহাশক্তি ৰূপ প্ৰত্যক্ষ কৰা। পাণ্ডৱেই হওঁক বা শক্তিয়েই হওঁক, সকলো সাগৰৰ পৰা ওলোৱা জ্ঞান নদী, সাগৰ নহয়, নদী হোৱা। জ্ঞান গংগা হোৱা। গতিকে জ্ঞান গংগাবোৰে এতিয়া আত্মাসকলক নিজৰ জ্ঞানৰ শীতলতাৰ দ্বাৰা পাপৰ অগ্নিৰ পৰা মুক্ত কৰা। এয়া হ’ল বৰ্তমান সময়ত ব্ৰাহ্মণৰ কাৰ্য।

সকলো সন্তানে সোধে - এইটো বছৰ কি সেৱা কৰোঁ? গতিকে বাপদাদাই প্ৰথম সেৱা এয়াই শুনায় যে এতিয়া সময় অনুসৰি সকলো সন্তান বানপ্ৰস্থ অৱস্থাত আছে, বানপ্ৰস্থীয়ে নিজৰ সময়, সাধন সকলো সন্তানসকলক দি স্বয়ং বানপ্ৰস্থ হয়। তেনেকৈ তোমালোক সকলোৱেও নিজৰ সময় ৰূপী সম্পদ, শ্ৰেষ্ঠ সংকল্প ৰূপী সম্পদ এতিয়া আনৰ প্ৰতি ব্যৱহাৰ কৰা। নিজৰ প্ৰতি সময়, সংকল্প কমকৈ ব্যৱহাৰ কৰা। আনৰ প্ৰতি ব্যৱহাৰ কৰিলে নিজেও সেই সেৱাৰ প্ৰত্যক্ষফল খোৱাৰ নিমিত্ত হৈ যাবা। মনৰ সেৱা, বাণীৰ সেৱা আৰু সকলোতকৈ অধিক - ব্ৰাহ্মণেই হওঁক বা যিয়েই সম্বন্ধ-সম্পৰ্কত আহে তেওঁলোকক মাষ্টৰ দাতা হৈ কিবা নহয় কিবা দি যোৱা। নিঃস্বাৰ্থ হৈ আনন্দ দিয়া, শান্তি দিয়া, আনন্দৰ অনুভূতি কৰোৱা, প্ৰেমৰ অনুভূতি কৰোৱা। দিব লাগে আৰু দিয়া অৰ্থাৎ স্বতঃ লোৱা। যিয়েই, যি সময়ত, যি ৰূপত সম্বন্ধ-সম্পৰ্কত আহে কিবা যাতে লৈ যায়। তোমালোক মাষ্টৰ দাতাৰ ওচৰলৈ আহি খালী হৈ যাতে নাযায়। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা – চলা-ফুৰা কৰোঁতেও যদি কোনোবা সন্তান সন্মূখলৈ আহে তেতিয়া কিবা নহয় কিবা অনুভূতি অবিহনে খালী হৈ নাযায়। এইটো পৰীক্ষা কৰা যিয়েই আহিল, লগ কৰিলে, কিবা দিলা নে খালী হৈ গ’ল? সম্পদেৰে যি ভৰপূৰ তেওঁ নিদিয়াকৈ থাকিব নোৱাৰে। অক্ষয়, অখণ্ড দাতা হোৱা। কোনোবাই বিচাৰক, এনেকুৱা নহয়। দাতাই কেতিয়াও এইটো নাচায় যে এওঁ বিচাৰক তেতিয়া দিম। অখুট অখণ্ড মহাদানী, মহাদাতাই স্বয়ং দিয়ে। গতিকে এইটো বছৰ প্ৰথম সেৱা – মহান দাতাৰ কৰা। তোমালোকে দাতাৰ দ্বাৰা যি পাইছা সেয়া দিয়া। ব্ৰাহ্মণ কোনো ভিখাৰী নহয় কিন্তু সহযোগী হয়। সেয়েহে ব্ৰহ্মণসকলে পৰস্পৰ ইজনে সিজনক দান দিব নালাগে, সহযোগ দিব লাগে। এইটো হল প্ৰথম নম্বৰৰ সেৱা। আৰু লগতে বাপদাদাই বিদেশৰ সন্তানসকলৰ আনন্দৰ খবৰ শুনিলে, বাপদাদাই দেখিলে যে এই সৃষ্টিৰ আৱাজ বিয়পোৱাৰ নিমিত্ত বাপদাদাই যি ‘মাইক’ নাম দিছে বিদেশৰ সন্তানসকলে পৰস্পৰ এইটো কাৰ্য কৰিছে আৰু যিহেতু পৰিকল্পনা কৰা হৈছে তেন্তে বাস্তৱত হ’বই। কিন্তু ভাৰততো যি 13টা মণ্ডল আছে, প্ৰতিটো মণ্ডলৰ পৰা অতি কমেও এগৰাকী এনেকুৱা নিমিত্ত সেৱাধাৰী হওঁক, যাক ‘মাইক’ বুলিয়ে কোৱা বা যি বুলিয়ে কোৱা আৱাজ বিয়পোৱা কোনোবা নিমিত্ত তৈয়াৰ কৰা, এয়া বাপদাদাই একেবাৰে কমকৈ কৈছে কিন্তু যদি ডাঙৰ ডাঙৰ দেশত এনেকুৱা নিমিত্ত হওঁতা আছে তেন্তে কেৱল মণ্ডলৰসকলেই নহয় কিন্তু ডাঙৰ দেশবোৰৰ পৰাও এনেকৈ তৈয়াৰ কৰি কাৰ্যসূচী হাতত ল’ব লাগে। বাপদাদাই বিদেশৰ সন্তানসকলক অন্তৰেৰে অভিনন্দন জনালে, এতিয়া মুখেৰেও অভিনন্দন জনাই আছে যে বাস্তৱত ৰূপায়িত কৰা পৰিকল্পনা প্ৰথমে বাপদাদাৰ সন্মুখলৈ আনিলে। এনেয়ে বাপদাদাই জানে যে ভাৰতত আৰু সহজ কিন্তু এতিয়া কিছু গুণগত সেৱা কৰি সহযোগী সমীপত আনা। বহুত সহযোগী আছে কিন্তু সংগঠনত তেওঁলোকক আৰু সমীপত আনা।

লগতে ব্ৰাহ্মণ আত্মাসকলৰ মাজত আৰু সমীপত আনিবৰ বাবে, সকলোফালে বা মধুবনত চাৰিওফালে জ্বালা স্বৰূপৰ বায়ুমণ্ডল তৈয়াৰ কৰিবৰ বাবে, লাগিলে যাক ভাতী বুলি কোৱা সেয়া কৰা বা পৰস্পৰ সংগঠনত গুণা-গঁথা কৰি জ্বালা স্বৰূপৰ অনুভৱ কৰোৱা আৰু আগবঢ়াই লৈ যোৱা। যেতিয়া এইটো সেৱাত লাগি যাবা তেতিয়া যিবোৰ সৰু সৰু কথা আছে, য’ত সময় খৰচ হয়, পৰিশ্ৰম হয়, হতাশ হৈ যায়, সেই সকলোবোৰ এনেকুৱা লাগিব যেন জ্বালামুখী সৰ্বোচ্চ স্থিতি আৰু তাৰ আগত এই সময় খৰচ কৰা, পৰিশ্ৰম কৰা সেয়া পুতলাৰ খেল যেন অনুভৱ হ’ব। স্বতঃ সহজে নিৰাপদ হৈ যাবা। বাপদাদাই ক’লে নহয় যে সকলোতকৈ অধিক বাপদাদাৰ দয়া তেতিয়া উপজে যেতিয়া দেখে যে মাষ্টৰ সৰ্বশক্তিমান সন্তান আৰু সৰু সৰু কথাৰ বাবে পৰিশ্ৰম কৰে। জ্বালামুখীৰ ৰূপৰ প্ৰেম কম সেইবাবে পৰিশ্ৰম কৰিবলগীয়া হয়। গতিকে এতিয়া পৰিশ্ৰমৰ পৰা মুক্ত হোৱা, অসাৱধান নহ’বা কিন্তু পৰিশ্ৰমৰ পৰা মুক্ত হোৱা। এনেকৈ নাভাবিবা যে পৰিশ্ৰমতো কৰিব নালাগে গতিকে আৰামত শুই যাওঁ। কিন্তু প্ৰেমেৰে পৰিশ্ৰম সমাপ্ত কৰা। অসাৱধানতাৰে নহয়। বুজিলা? কি কৰিব লাগে?

এতিয়া বাপদাদাতো আহিব লাগিবই। সোধে - আগলৈ কি হ’ব? বাপদাদা আহিব নে নাহে? বাপদাদাই নাহোঁ বুলিতো নকয়, হয়, হয় বুলি কয়। সন্তানসকলে কয় - হজুৰ, পিতাই কয় - হয় হাজিৰ। তেন্তে বুজিলা কি কৰিব লাগে, কি কৰিব নালাগে। প্ৰেমেৰে পৰিশ্ৰম নোহোৱা কৰা। এতিয়া পৰিশ্ৰম মুক্ত বৰ্ষ উদ্‌যাপন কৰা - প্ৰেমেৰে, আলস্যৰে নহয়। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখিবা - আলস্য যাতে নাথাকে।

ঠিক আছে, সকলো সংকল্প পূৰ্ণ হ’লনে? কিবা থাকি গ’ল নেকি? জনকক (দাদী জানকীক) সুধিছে - কিবা থাকিল নেকি? দাদীয়ে মিচিকিয়াই আছে। খেল পূৰা হৈ গ’ল? এই অপাৰেচননো কি? খেল হয়। খেল ভাল আছিল নহয়!

(ড্ৰিল) চেকেণ্ডত বিন্দু স্বৰূপ হৈ মন-বুদ্ধি একাগ্ৰ কৰাৰ অভ্যাস বাৰে বাৰে কৰা। ৰ’বলৈ ক’লেই যাতে চেকেণ্ডত ব্যৰ্থ দেহ-বোধৰ পৰা মন-বুদ্ধি একাগ্ৰ হৈ যায়। এনেকুৱা নিয়ন্ত্ৰণ শক্তি গোটেই দিনটোত ব্যৱহাৰ কৰি যোৱা। এনেকুৱা নহয় যে আদেশ দিলা নিয়ন্ত্ৰণ কৰাৰ আৰু দুই মিনিটৰ পাছত নিয়ন্ত্ৰণ হ’ব, 5 মিনিটৰ পাছত নিয়ন্ত্ৰণ হ’ব, সেয়েহে মাজে মাজে নিয়ন্ত্ৰণ শক্তি ব্যৱহাৰ কৰি চাই থাকা। চেকেণ্ডত হয়, মিনিটত হয়, বহুত মিনিটত হয়, এয়া সকলো পৰীক্ষা কৰি থাকা। এতিয়া সকলোৱে তিনিমাহৰ খতিয়ানৰ তালিকা আৰু দৃঢ় কৰিব লাগিব। প্ৰমাণপত্ৰ ল’ব লাগে। প্ৰথমে নিজে, নিজক প্ৰমাণপত্ৰ দিবা তাৰপাছত বাপদাদাই দিব। ভাল বাৰু!

চাৰিওফালৰ পৰমাত্ম প্ৰতিপালনৰ অধিকাৰী সন্তানসকলক, পৰমাত্ম শিক্ষাৰ অধিকাৰী শ্ৰেষ্ঠ আত্মাসকলক, পৰমাত্ম প্ৰাপ্তিৰে সম্পন্ন আত্মাসকলক, সদায় বিন্দুৰ বিধিৰে তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক, সদায় পৰিশ্ৰমৰ পৰা মুক্ত হৈ থাকোঁতা প্ৰেমত সমাহিত হৈ থকা সন্তানসকলক, জ্বালা স্বৰূপ বিশেষ আত্মাসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
শুদ্ধ আৰু সমৰ্থ সংকল্পৰ শক্তিৰে ব্যৰ্থ প্ৰকম্পন সমাপ্ত কৰোঁতা সঁচা সেৱাধাৰী হোৱা

কোৱা হয় সংকল্পয়ো সৃষ্টি ৰচি দিয়ে। যেতিয়া দুৰ্বল আৰু ব্যৰ্থ সংকল্প কৰা তেতিয়া ব্যৰ্থ বায়ুমণ্ডলৰ সৃষ্টি ৰচনা হৈ যায়। সঁচা সেৱধাৰী তেওঁ হয় যিয়ে নিজৰ শুদ্ধ শক্তিশালী সংকল্পৰে পুৰণা প্ৰকম্পনো সমাপ্ত কৰি দিয়ে। যেনেকৈ বৈজ্ঞানীসকলে অস্ত্ৰৰে অস্ত্ৰ সমাপ্ত কৰি দিয়ে, এখন বিমানেৰে আন এখন বিমান ভূপতিত কৰি দিয়ে তেনেকৈ তোমালোকৰ শুদ্ধ, সমৰ্থ সংকল্পৰ প্ৰকম্পনে, ব্যৰ্থ প্ৰকল্পন সমাপ্ত কৰি দিয়ক, এতিয়া এনেকুৱা সেৱা কৰা।

স্লোগান:
বিঘিনিৰূপী সোণৰ সূক্ষ্ম জৰীৰ পৰা মুক্ত হোৱা, মুক্তি বৰ্ষ উদ্‌যাপন কৰা।

সূচনা: আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিবস, সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত সন্ধিয়া 6.50 বজাৰ পৰা 7.30 বজালৈ বিশেষ নিজৰ পূজ্য স্বৰূপত স্থিত হৈ, নিজক ইষ্ট দেৱ, ইষ্ট দেৱী বুলি বুজি নিজৰ ভক্তসকলৰ মনোকামনা পূৰ্ণ কৰক, দৃষ্টিৰে ভৰপূৰ কৰাৰ, দৰ্শনীয় মূৰ্ত হৈ সকলোকে দৰ্শন কৰাই প্ৰসন্ন কৰাৰ সেৱা কৰক।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

বাপদাদাই সন্তানসকলক বিশ্বৰ মহাৰজা কৰি তুলিবলৈ পাঠ পঢ়ায়। বিশ্বৰ মহাৰজা হ’বলগীয়াসকল সকলোৰে স্নেহী হ’ব। যেনেকৈ পিতা সকলোৰে স্নেহী আৰু সকলো তেওঁৰ স্নেহী, তেনেকৈ প্ৰত্যেকৰে ভিতৰৰ পৰা তেওঁলোকৰ (বিশ্বৰ মহাৰজা হ’বলগীয়াসকল) প্ৰতি স্নেহৰ পুষ্প বৰষিব। সেয়েহে সকলোৰে স্নেহৰ পুষ্পৰ পাত্ৰ হোৱাৰ লক্ষ্য ৰাখা। সহযোগ দিলে স্নেহ পাবা।