22.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – সকলোৰে সৎগতি দাতা হৈছে এজন পিতা, পিতাৰ নিচিনা নিষ্কাম সেৱা আৰু কোনেও কৰিব নোৱাৰে”

প্ৰশ্ন:
নতুন সৃষ্টি স্থাপনা কৰিবলৈ পিতাই কেনেধৰণৰ পৰিশ্ৰম কৰিবলগীয়া হয়?

উত্তৰ:
একেবাৰে অজামিলৰ দৰে পাপীসকলকো পুনৰাই লক্ষ্মী-নাৰায়ণৰ নিচিনা পূজ্য দেৱতা কৰি তোলাৰ পৰিশ্ৰম পিতাই কৰিবলগীয়া হয়। পিতাই তোমালোক সন্তানসকলক দেৱতা কৰি তুলিবলৈ পৰিশ্ৰম কৰে। বাকী সকলো আত্মা শান্তিধামলৈ উভতি যায়। প্ৰত্যেকে নিজৰ হিচাপ-নিকাচ নিষ্পত্তি কৰি লায়ক হৈ ঘৰলৈ উভতি যাব লাগে।

উত্তৰ:-
ইচ পাপ কি দুনীয়া চে… (এই পাপৰ জগতৰ পৰা…)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে গীতটি শুনিলা। সন্তানসকলে জানে এইখন হৈছে পাপৰ জগত। নতুন সৃষ্টি হৈছে পুণ্যৰ জগত। তাত পাপ নহয়। সেইখন হ’ল ৰামৰাজ্য, এইখন হ’ল ৰাৱণৰাজ্য। এই ৰাৱণৰৰাজ্যত সকলো পতিত, দুখী, সেইবাবেতো মিনতি কৰে - হে পতিত-পাৱন আপুনি আহি আমাক পাৱন কৰি তোলক। সকলো ধৰ্মাৱলম্বীয়ে আহ্বান জনায় – হে ঈশ্বৰ পিতা, আহি আমাক মুক্ত কৰক, মাৰ্গ-দৰ্শক হওঁক। অৰ্থাৎ পিতা যেতিয়া আহে তেতিয়া গোটেই সৃষ্টিত যিমানবোৰ ধৰ্ম আছে সকলোকে লৈ যায়। এই সময়ত সকলো ৰাৱণৰাজ্যত আছে। সকলো ধৰ্মৰ লোকক শান্তিধামলৈ উভতাই লৈ যায়। বিনাশতো সকলোৰে হ’বই। পিতা ইয়ালৈ আহি সন্তানসকলক সুখধামৰ উপযুক্ত কৰি তোলে। সকলোৰে কল্যাণ কৰে, সেয়েহে এজনকেই সকলোৰে সৎগতি দাতা, সকলোৰে কল্যাণ কৰোঁতা বুলি কোৱা হয়। পিতাই কয় - এতিয়া তোমালোক উভতি যাব লাগে। সকলো ধৰ্মাৱলম্বীয়ে শান্তিধাম, নিৰ্বাণধামলৈ যাব লাগে, য’ত সকলো আত্মা শান্তিত থাকে। বেহদৰ পিতা যি ৰচয়িতা হয়, তেৱেঁই আহি সকলোকে মুক্তি আৰু জীৱনমুক্তি দিয়ে। গতিকে মহিমাও সেই এক ঈশ্বৰ পিতাৰেই কৰিব লাগে। যিয়ে আহি সকলোৰে সেৱা কৰে, তেওঁকে স্মৰণ কৰিব লাগে। পিতাই নিজেই বুজায় – মই দূৰণিৰ দেশ, পৰমধামৰ নিবাসী। সৰ্বপ্ৰথমে যি আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম আছিল, সেয়া এতিয়া নাই, সেয়েহে মোক আহ্বান জনায়। মই আহি সকলো সন্তানক উভতাই লৈ যাওঁ। এতিয়া হিন্দু কোনো ধৰ্ম নহয়। প্ৰকৃততে হৈছে দেৱী-দেৱতা ধৰ্ম। কিন্তু পৱিত্ৰ নোহোৱাৰ কাৰণে নিজক দেৱতাৰ সলনি হিন্দু বুলি কৈ দিছে। হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰোঁতাতো কোনো নাই। ‘গীতা’ই হ’ল সৰ্বশাস্ত্ৰৰ শিৰোমণি। সেয়া ভগৱানে শুনাইছে। ভগৱান এজনকেই ঈশ্বৰ পিতা বুলি কোৱা হয়। শ্ৰীকৃষ্ণ বা লক্ষ্মী-নাৰায়ণক ঈশ্বৰ পিতা বা পতিত-পাৱন বুলি কোৱা নহয়। এওঁলোকতো হৈছে ৰজা-ৰাণী। তেওঁলোকক এনেকৈ কোনে গঢ়ি তুলিলে? পিতাই। পিতাই প্ৰথমে নতুন সৃষ্টি ৰচে, যাৰ এওঁলোক মালিক হয়গৈ। কেনেকৈ হ’ল, এয়া কোনো মনুষ্য মাত্ৰেই নাজানে। ডাঙৰ ডাঙৰ লাখপতিয়ে মন্দিৰ আদি প্ৰতিষ্ঠা কৰে। তেওঁলোকক সুধিব লাগে - এওঁলোকে এই বিশ্বৰ ৰাজ্য কেনেকৈ পালে? কেনেকৈ মালিক হ’ল? কোনেও কেতিয়াও উত্তৰ দিব নোৱাৰিব। কি কৰ্ম কৰিলে যাৰ বাবে এনে ফল পালে? এতিয়া পিতাই বুজায় - তোমালোকে নিজৰ ধৰ্মক পাহৰি গৈছা। আদি সনাতন দেৱী-দেৱতা ধৰ্মক নজনাৰ কাৰণে সকলো বেলেগ বেলেগ ধৰ্মত ধৰ্মান্তৰিত হৈ গৈছে। তেওঁলোক পুনৰ নিজৰ নিজৰ ধৰ্মত উভতি আহিব। যিসকল আদি সনাতন দেৱী-দেৱতাৰ ধৰ্মৰ, তেওঁলোক পুনৰ নিজৰ ধৰ্মত আহি যাব। খ্ৰীষ্টিয়ান ধৰ্মৰ হ’লে পুনৰ খ্ৰীষ্টিয়ান ধৰ্মত আহি যাব। এয়া আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ পুলি ৰোপণ কৰি থকা হৈছে। যি যিটো ধৰ্মৰ, তেওঁলোক নিজৰ নিজৰ ধৰ্মত আহিব লাগিব। এয়া হৈছে বৃক্ষ, ইয়াৰ তিনিটা শাখা আছে আকৌ তাৰ পৰা বৃদ্ধি হৈ গৈ থাকে। আন কোনেও এই জ্ঞান দিব নোৱাৰে। এতিয়া পিতাই কয় - তোমালোক নিজৰ ধৰ্মত আহি যোৱা। কোনোৱে কয় - মই সন্ন্যাস ধৰ্মত যাওঁ, ৰামকৃষ্ণ পৰমহংস সন্ন্যাসীৰ অনুগামী হওঁ। এতিয়া সেয়া হ’ল নিবৃত্তি মাৰ্গৰ লোক, তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। গৃহস্থ মাৰ্গত থকাসকল নিবৃত্তি মাৰ্গত থকাসকলৰ অনুগামী কেনেকৈ হ’ব পাৰে! তোমালোক প্ৰথমে প্ৰবৃত্তি মাৰ্গত পৱিত্ৰ আছিলা। আকৌ ৰাৱণৰ দ্বাৰা তোমালোক অপৱিত্ৰ হৈ গৈছা। এই কথাবোৰ পিতাই বুজায়। তোমালোক হৈছা গৃহস্থ আশ্ৰমৰ, ভক্তিও তোমালোকে কৰিব লাগে। পিতা আহি ভক্তিৰ ফল সৎগতি দিয়ে। কোৱা হয় - ধৰ্মই শক্তি। পিতাই ধৰ্ম প্ৰতিষ্ঠা কৰে। তোমালোক গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাৰ পৰা তোমালোকে কিমান শক্তি পোৱা। এজন সৰ্বশক্তিমান পিতাহে আহি সকলোৰে সৎগতি কৰে আন কোনেও সৎগতি দিবও নোৱাৰে আৰু সৎগতি পাবও নোৱাৰে। ইয়াতেই বৃদ্ধি হৈ থাকে। উভতি কোনেও যাব নোৱাৰে। পিতাই কয় - মই সকলো ধৰ্মৰে সেৱক হওঁ, সকলোকে আহি সৎগতি দিওঁ। সৎগতি বুলি কোৱা হয় সত্যযুগক। মুক্তি হৈছে শান্তিধামত। তেন্তে সকলোতকৈ ডাঙৰ কোন হ’ল? পিতাই কয় - হে আত্মাসকল, তোমালোক সকলো ভাই ভাই, সকলোৱে পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। মই আহি সকলোকে নিজৰ নিজৰ শাখাত লৈ যোৱাৰ বাবে লায়ক কৰি তোলোঁ। লায়ক নহ’লে শাস্তি খাবলগীয়া হয়। হিচাপ-নিকাচ নিষ্পত্তি কৰি পুনৰ উভতি যায়। সেয়া হৈছে শান্তিধাম আৰু সেয়া সুখধাম।

পিতাই কয় - মই আহি নতুন সৃষ্টি স্থাপনা কৰোঁ, ইয়াৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়। একেবাৰে অজামিলৰ দৰে পাপীকো আহি এনেকুৱা দেৱী-দেৱতা কৰি তোলোঁ। যেতিয়াৰ পৰা তোমালোক বাম (বিকাৰী) মাৰ্গত গ'লা তেতিয়াৰ পৰা ছিৰি তললৈ নামি আহিছা। এই 84 জন্মৰ ছিৰি হয়েই তললৈ নমাৰ। সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমো... এতিয়া এয়া হৈছে সংগম। পিতাই কয় - মই এবাৰেই আহোঁ। মই কোনো ইব্ৰাহিম-বুদ্ধৰ শৰীৰত প্ৰৱেশ নকৰোঁ। মই পুৰুষোত্তম সংগমযুগতহে আহোঁ। এতিয়া কোৱা হয় - পিতাক অনুসৰণ কৰা। পিতাই কয় - তোমালোক সকলো আত্মাই মোকেই অনুসৰণ কৰিব লাগে। মামেকম্‌ (কেৱল মোকেই) স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ যোগৰ অগ্নিত ভস্ম হৈ যাব। ইয়াক যোগ অগ্নি বুলি কোৱা হয়। তোমালোক হৈছা প্ৰকৃত ব্ৰাহ্মণ। তোমালোক কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিছা। এয়া একমাত্ৰ পিতাইহে বুজায়। যীশুখ্ৰীষ্ট, বুদ্ধ আদি সকলোৱে এজনকেই স্মৰণ কৰে। কিন্তু তেওঁক যথাৰ্থভাৱে কোনেও নাজানে। এতিয়া তোমালোক আস্তিক হৈছা। ৰচয়িতা আৰু ৰচনাক তোমালোকে পিতাৰ দ্বাৰা জানিছা। ঋষি-মুনি সকলোৱে “নাজানো নাজানো” বুলি কৈছিল, আমি নাজানো। স্বৰ্গ হৈছে সত্যখণ্ড, দুখৰ নাম নাই। ইয়াত কিমান দুখ। আয়ুসো বহুত কম। দেৱতাসকলৰ আয়ুস কিমান দীঘলীয়া হয়। তেওঁলোক হৈছে পৱিত্ৰ যোগী। ইয়াত হৈছে অপৱিত্ৰ ভোগী। ছিৰি তললৈ নামোতে নামোতে আয়ুস কম হৈ গৈ থাকে। অকাল মৃত্যুও হৈ থাকে। পিতাই তোমালোকক এনেকৈ গঢ়ি তোলে যে তোমালোক 21 জন্মৰ কাৰণে কেতিয়াও ৰোগী নোহোৱা। গতিকে এনেহেন পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। আত্মা কিমান বিচাৰ বুদ্ধি সম্পন্ন হ'ব লাগে। বাবাই এনেকুৱা উত্তৰাধিকাৰ দিয়ে যে তাত কোনো দুখ নাই। তোমালোকৰ কন্দা-কটা বন্ধ হৈ যায়। সকলো ভাৱৰীয়া হয়। আত্মাই এটা শৰীৰ এৰি অন্য এটা লয়। এয়াও ড্ৰামা। বাবাই কৰ্ম, অকৰ্ম, বিকৰ্মৰ গতিৰ বিষয়েও বুজায়। ব্ৰহ্মাৰ দিন আৰু ৰাতি বুলি গায়ন কৰা হৈছে। ব্ৰহ্মাৰ দিন-ৰাতি মানে ব্ৰাহ্মণৰো দিন-ৰাতি। এতিয়া তোমালোকৰ দিন হ'বৰ হৈছে। মহাশিৱৰাত্ৰি বুলি কয়। এতিয়া ভক্তিৰ ৰাতি পূৰা হৈ জ্ঞানৰ উদয় হয়। এতিয়া হৈছে সংগম। এতিয়া তোমালোকে পুনৰাই স্বৰ্গবাসী হৈ আছা। অন্ধকাৰ ৰাতি ঠেলা-খুন্দাও খালা, কপালো ঘঁহালা, পইচাও শেষ কৰিলা। এতিয়া পিতাই কয় - মই তোমালোকক শান্তিধাম আৰু সুখধামলৈ লৈ যাবলৈ আহিছোঁ। তোমালোক সুখধামৰ নিবাসী আছিলা। 84 জন্মৰ পাছত দুখধামত আহি উপস্থিত হৈছা। তেতিয়া আহ্বান জনোৱা - বাবা এই পুৰণি সৃষ্টিলৈ আহক। এইখন তোমালোকৰ সৃষ্টি নহয়। তোমালোকে এতিয়া যোগবলেৰে নিজৰ সৃষ্টি স্থাপনা কৰি আছা। তোমালোক এতিয়া দ্বৈত অহিংসক হ'ব লাগে। কাম-কটাৰীও চলাব নালাগে আৰু কাজিয়া-পেচালো কৰিব নালাগে। পিতাই কয় - মই প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহোঁ। এই কল্প 5 হাজাৰ বছৰৰ, লাখ লাখ বছৰৰ নহয়। যদি লাখ লাখ বছৰৰ হয় তেনেহ’লেতো ইয়াত বহুত জনসংখ্যা হ’লহেঁতেন। মনেসজা কথা কৈ থাকে সেই কাৰণে পিতাই কয় - মই কল্পই কল্পই আহোঁ, মোৰো ড্ৰামাত ভূমিকা আছে। ভূমিকাত নাথাকিলে মই একোৱেই কৰিব নোৱাৰো। ময়ো ড্ৰামাৰ বন্ধনত বান্ধ খাই আছোঁ। সঠিক সময়ত আহোঁ, মনমনাভৱ। কিন্তু ইয়াৰ অৰ্থ কোনেও নাজানে। পিতাই কয় - দেহৰ সকলো সম্বন্ধ এৰি মামেকম্‌ স্মৰণ কৰা তেতিয়া সকলো পাৱন হৈ যাবা। সন্তানসকলে পিতাক স্মৰণ কৰাৰ পৰিশ্ৰম কৰি থাকে।

এইখন হৈছে ঈশ্বৰীয় বিশ্ব-বিদ্যালয়। এনেকুৱা বিদ্যালয় আৰু থাকিব নোৱাৰে। ইয়াত ঈশ্বৰ পিতা আহি গোটেই বিশ্বক পৰিৱৰ্তন কৰে। নৰকৰ পৰা স্বৰ্গ কৰি তোলে, য'ত তোমালোকে ৰাজ্য কৰা। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এওঁ হৈছে পিতাৰ ভাগ্যশালী ৰথ য'ত পিতা আহি প্ৰৱেশ কৰে। শিৱ জয়ন্তীক কোনেও নাজানে। তেওঁলোকেতো কৈ দিয়ে যে পৰমাত্মা নাম-ৰূপৰ পৰা উপৰাম। হেৰ’, নাম-ৰূপৰ পৰা উপৰামতো কোনো বস্তু নাথাকে। কয় - এইখন আকাশ, তেন্তে এইটো নাম নহ’ল জানো। যদিও শূন্য, তথাপিও নামতো আছে। গতিকে পিতাৰো নাম হৈছে ‘কল্যাণকাৰী’। আকৌ ভক্তিমাৰ্গত বহুত নাম ৰাখিছে। ‘বাবুৰীনাথ’ বুলিও কয়। তেওঁ আহি কাম-কটাৰীৰ পৰা মুক্ত কৰি পাৱন কৰি তোলে। নিবৃত্তি মাৰ্গৰ লোকসকলে ব্ৰহ্মকেই পৰমাত্মা বুলি মানে, তাকেই স্মৰণ কৰে। ব্ৰহ্ম যোগী, তত্ত্ব যোগী বুলি কয়। কিন্তু সেয়া হৈ গ’ল থকাৰ স্থান, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। তেওঁলোকে আকৌ ব্ৰহ্মকেই ভগৱান বুলি বুজি লয়। ভাবে - আমি লীন হৈ যাম। তাৰমানে আত্মাক বিনাশী কৰি দিয়ে। পিতাই কয় - মইহে আহি সকলোৰে সৎগতি কৰোঁ, সেই কাৰণে একমাত্ৰ শিৱবাবাৰ জয়ন্তীহে হীৰাতুল্য বাকী সকলো জয়ন্তী কড়িতুল্য। শিৱবাবাইহে সকলোৰে সৎগতি কৰে। গতিকে তেওঁ হৈছে হীৰাতুল্য। তেৱেঁই তোমালোকক সোণালী যুগলৈ লৈ যায়। এই জ্ঞান তোমালোকক পিতাহে আহি শুনায় যাৰ দ্বাৰা তোমালোক দেৱী-দেৱতা হৈ যোৱা। আকৌ এই জ্ঞান প্ৰায় লোপ হৈ যায়। এই লক্ষ্মী-নাৰায়ণৰ ৰচয়িতা আৰু ৰচনাৰ জ্ঞান নাই।

সন্তানসকলে গীতটি শুনিলে - কয় যে এনেকুৱা ঠাইলৈ লৈ যাওঁক, য’ত শান্তি আৰু আৰাম আছে। সেইখন হ’ল শান্তিধাম, তাৰপাছত সুখধাম। তাত অকালতে মৃত্যু নহয়। গতিকে পিতা সন্তানসকলক সেই সুখ-আৰামৰ লোকলৈ লৈ যাবলৈ আহিছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাতিৰ ক্লাছ:

এতিয়া তোমালোকৰ সূৰ্যবংশী, চন্দ্ৰবংশী দুয়োটা ৰাজবংশ প্ৰতিষ্ঠা হয়। যিমানে তোমালোকে জানা আৰু পৱিত্ৰ হোৱা সিমান আন কোনেও জানিব নোৱাৰিব আৰু পৱিত্ৰ হ’বও নোৱাৰিব। বাকী যেতিয়া শুনিব যে পিতাৰ আগমন হৈছে তেতিয়া পিতাক স্মৰণ কৰিবলৈ লাগি যাব। সেয়াও তোমালোকে আগলৈ গৈ দেখিবা – লাখ লাখ, কোটি কোটিয়ে বুজি গৈ থাকিব। বায়ুমণ্ডলেই এনেকুৱা হ’ব। অন্তিমৰ যুদ্ধত সকলো নিৰাশ হৈ যাব। সকলোৱে প্ৰেৰণা পাব। তোমালোকৰ আৱাজো (প্ৰভাৱ বিস্তাৰো) হ’ব। স্বৰ্গৰ স্থাপনা হৈ আছে। বাকী সকলোৰে মৃত্যু সমাগত। কিন্তু সেই সময় এনেকুৱা হ’ব যে উশাহ ল’বলৈও সময় নাথাকিব। যি হ’ব সেয়া আগলৈ গৈ বুজিবা। এনেকুৱাও নহয় - এতিয়া যিসকল আছা সেই সকলো সেই সময়ত থাকিব। কিছুমানৰ মৃত্যুও হ’ব। সেইসকলেই থাকিব যিসকল কল্প পূৰ্বে আছিল। সেই সময়ত একমাত্ৰ পিতাৰ স্মৃতিত থাকিব। আৱাজো কম হৈ যাব। তেতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিবলৈ লাগি যাব। তোমালোক সকলোৱে সাক্ষী হৈ প্ৰত্যক্ষ কৰিবা। বহুত পীড়াদায়ক ঘটনা ঘটি থাকিব। সকলোৱে গম পাই যাব যে এতিয়া বিনাশ হ’ব। সৃষ্টি পৰিৱৰ্তন হ’ব। বিবেকে কয় বিনাশ তেতিয়া হ’ব যেতিয়া বোমা নিক্ষেপ কৰিব। এতিয়া পৰস্পৰ কৈ থাকে চৰ্ত আৰোপ কৰক, কথা দিয়ক আমি বোমা নিক্ষেপ নকৰোঁ। কিন্তু এই সকলোবোৰ তৈয়াৰ কৰা হৈছে বিনাশৰ কাৰণে।

তোমালোক সন্তানসকল বহুত আনন্দিতও হৈ থাকিব লাগে। তোমালোকে জানা নতুন সৃষ্টি স্থাপনা হৈ আছে। বুজি পোৱা যে পিতাহে নতুন সৃষ্টি স্থাপনা কৰিব। তাত দুখৰ নামেই নাথাকিব। তাৰ নামেই হৈছে স্বৰ্গ। যেনেকৈ তোমালোকৰ নিশ্চয় জন্মিছে তেনেকৈ আগলৈ গৈ বহুতৰে জন্মিব। যিসকল অনুভৱ কৰিবলগীয়া হ’ব, তেওঁলোকে আগলৈ গৈ বহুত কৰিব। অন্তিম সময়ত স্মৃতিৰ যাত্ৰাতো বহুত থাকিব। এতিয়াতো সময় বাকী আছে, পূৰা পুৰুষাৰ্থ নকৰিলে পদ কম হৈ যাব। পুৰুষাৰ্থ কৰিলে পদো ভাল পাবা। সেই সময়ত তোমালোকৰ অৱস্থাও বহুত ভাল হ’ব। সাক্ষাৎকাৰো কৰিবা। কল্পই কল্পই যেনেকৈ বিনাশ হৈছিল, তেনেকৈয়ে হ’ব। যিসকলৰ নিশ্চয়তা থাকিব, চক্ৰৰ জ্ঞান থাকিব তেওঁলোক আনন্দিত হৈ থাকিব। বাৰু - আত্মিক সন্তানক শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) দ্বৈত অহিংসক হৈ যোগবলেৰে এইখন নৰকক স্বৰ্গ কৰি তুলিব লাগে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।

(2) একমাত্ৰ পিতাক পূৰা অনুসৰণ কৰিব লাগে। সঁচা ব্ৰাহ্মণ হৈ যোগ অগ্নিৰে বিকৰ্ম দগ্ধ কৰিব লাগে। সকলোকে কাম চিতাৰ পৰা নমাই জ্ঞান চিতাত বহুৱাব লাগে।

বৰদান:
নিঃস্বাৰ্থ আৰু নিৰ্বিকল্প স্থিতিৰে সেৱা কৰোঁতা সফলতামূৰ্ত হোৱা

সেৱাত সফলতাৰ আধাৰ হৈছে তোমালোকৰ নিঃস্বাৰ্থ আৰু নিৰ্বিকল্প স্থিতি। এইটো স্থিতিত থকাসকলে সেৱা কৰি নিজেও সন্তুষ্ট আৰু হৰ্ষিত হৈ থাকে আৰু তেওঁলোকৰ দ্বাৰা অন্যও সন্তুষ্ট হৈ থাকে। সেৱাত সংগঠন থাকে আৰু সংগঠনত ভিন্ন ভিন্ন কথা, ভিন্ন ভিন্ন বিচাৰ থাকে। কিন্তু অনেকতাত বিভ্ৰান্ত নহ’বা। এনেকৈ নাভাবিবা যে কাৰ কথা মানো, কাৰ কথা নামানো। নিঃস্বাৰ্থ আৰু নিৰ্বিকল্প ভাৱেৰে নিৰ্ণয় কৰা তেতিয়া কাৰো ব্যৰ্থ সংকল্প নাহিব আৰু সফলতামূৰ্ত হৈ যাবা।

স্লোগান:
এতিয়া শক্তিৰ কিৰণৰ দ্বাৰা বুদ্ধিক পৰিৱৰ্তন কৰাৰ সেৱা আৰম্ভ কৰা।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

মধুৰতা গুণ আহৰণ কৰাৰ পাছতহে সংস্কাৰ মিলন হয়। ভিন্ন ভিন্ন সংস্কাৰৰ কাৰণেই ইজন সিজনৰ পৰা দূৰ হৈ যোৱা কিন্তু যেতিয়া বাণীত মধুৰতা আহি যায় তেতিয়া আকৌ সংস্কাৰ মিলনৰ ৰাস হ’বলৈ ধৰে। যেতিয়া সংস্কাৰ মিলনৰ সন্মিলন হ’ব তেতিয়া জয়জয়কাৰ হ’ব।