23.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – পিতাই যি শিক্ষা দিয়ে সেয়া ধাৰণ কৰা, তোমালোকে প্ৰতিজ্ঞা কৰি নিজৰ বচনৰ পৰা ঘূৰিব নালাগে, আজ্ঞা উলংঘন কৰিব নালাগে”

প্ৰশ্ন:
তোমালোকৰ পঢ়াৰ সাৰ কি ? তোমালোকে কোনটো অভ্যাস অৱশ্যে কৰিব লাগে ?

উত্তৰ:
তোমালোকৰ পঢ়া হৈছে বানপ্ৰস্থলৈ যাবৰ বাবে। এই পঢ়াৰ সাৰ হৈছে বাণীৰ পৰা উপৰাম হৈ যোৱা। পিতাইহে সকলোকে ওভতাই লৈ যায়। তোমালোক সন্তানসকল ঘৰলৈ যোৱাৰ আগতে সতোপ্ৰধান হ'ব লাগিব। ইয়াৰ বাবে একান্তত গৈ দেহী-অভিমানী হৈ থকাৰ অভ্যাস কৰা। অশৰীৰী হৈ থকাৰ অভ্যাসেই আত্মাক সতোপ্ৰধান কৰি তুলিব।

উত্তৰ:-
ইচ পাপ কি দুনীয়া চে… (এই পাপৰ জগতৰ পৰা…)

ওঁম্শান্তি।
নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিলে তোলালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা আৰু পুনৰ এনেকুৱা বিশ্বৰ মালিক হৈ যাবা। কল্পই কল্পই তোমালোকে এনেকৈয়ে তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা আকৌ 84 জন্মত তমোপ্ৰধান হৈ যোৱা। পুনৰ পিতাই শিক্ষা দিয়ে, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ভক্তিমাৰ্গতো তোমালোকে স্মৰণ কৰিছিলা, কিন্তু সেই সময়ত ভোটা বুদ্ধিৰ জ্ঞান আছিল। এতিয়া সূক্ষ্ম বুদ্ধিৰ জ্ঞান। বাস্তৱত পিতাক স্মৰণ কৰিব লাগে। এইটোও বুজাব লাগে - আত্মাও তৰাৰ দৰে পিতাও তৰাৰ দৰে। মাত্ৰ তেওঁ পুনৰ্জন্ম নলয়, তোমালোকে লোৱা সেইবাবে তোমালোক তমোপ্ৰধান হ'বলগীয়া হয়। আকৌ সতোপ্ৰধান হ’বলৈ যত্ন কৰিবলগীয়া হয়। মায়াইম্বাৰে বাৰে পাহৰাই দিয়ে। এতিয়া অভুল হোৱা, ভুল কৰিব নালাগে। যদি ভুলেই কৰি থাকা তেনেহ’লে তোমালোকে আৰু বেছিহে তমোপ্ৰধান হৈ যাবা। নিৰ্দেশনা পাইছা যে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, বেটাৰী চাৰ্জ কৰা তেতিয়া তোমালোক সতোপ্ৰধান বিশ্বৰ মালিক হৈ যাবা। শিক্ষকেতো সকলোকে পঢ়ায়। বিদ্যাৰ্থীসকল ক্ৰমানুসৰি উত্তীৰ্ণ হয়। ক্ৰমানুসৰি আকৌ উপাৰ্জন কৰে। তোমালোক ক্ৰমানুসৰি উত্তীৰ্ণ হোৱা আকৌ ক্ৰমানুসৰি পদমৰ্যাদা পোৱা। ক’ৰ বিশ্বৰ মালিক, ক’ৰ প্ৰজা দাস-দাসী। যিসকল ভাল বিদ্যাৰ্থী, সুসন্তান, আজ্ঞাকাৰী, বিশ্বাসী তেওঁলোক নিশ্চয় শিক্ষকৰ মতত চলিব। যিমানে ৰেজিষ্টাৰ ভাল হ’ব সিমানে নম্বৰ বেছি পাব, সেইবাবে পিতায়ো সন্তানসকলক বাৰে বাৰে বুজায়, গাফিলতি নকৰিবা। এনেকৈ নাভাবিবা যে কল্প পূৰ্বেও অনুত্তীৰ্ণ হৈছিলোঁ। বহুতৰে অন্তৰত এইটো আহে যে মই সেৱা কৰা নাই গতিকে নিশ্চয় অনুত্তীৰ্ণ হ’ম। পিতাইতো সাৱধান কৰি থাকে, তোমালোক সত্যযুগী সতোপ্ৰধানৰ পৰা কলিযুগী তমোপ্ৰধান হৈ গৈছা পুনৰ বিশ্বৰ বুৰঞ্জী-ভূগোল পুনৰাবৃত্তি হ’ব। সতোপ্ৰধান হ’বলৈ পিতাই বহুত সহজ মাৰ্গ দেখুৱায় - মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ’ব। তোমালোক আগবাঢ়ি গৈ গৈ সতোপ্ৰধান হৈ যাবা। লাহে লাহে আগবাঢ়িবা গতিকে নাপাহৰিবা। কিন্তু মায়াই পাহৰাই দিয়ে। আজ্ঞা উলংঘন কৰোঁতা কৰি দিয়ে। পিতাই যি নিৰ্দেশনা দিয়ে, সেয়া মানে, প্ৰতিজ্ঞা কৰে কিন্তু সেইমতে নচলে। গতিকে পিতাই ক’ব - আজ্ঞা উলংঘন কৰি নিজৰ বচনৰ পৰা চ্যুত হৈ যাওঁতা। পিতাৰ আগত প্ৰতিজ্ঞা কৰি আকৌ সেয়া পালন কৰা হয়। বেহদৰ পিতাই যেনেকুৱা শিক্ষা দিয়ে তেনেকুৱা শিক্ষা আন কোনেও নিদিব। পৰিৱৰ্তনো নিশ্চয় হ’ব। চিত্ৰ কিমান ভাল। ব্ৰহ্মাবংশী হোৱা আকৌ বিষ্ণুবংশী হ’বাগৈ। এইটো হৈছে নতুন ঈশ্বৰীয় ভাষা, এইটোও বুজিবলগীয়া হয়। এই আত্মিক জ্ঞান কোনেও নিদিয়ে। কিছুমান সংস্থা ওলাইছে যিয়ে ‘ৰুহানী সংস্থা’ নাম ৰাখিছে। কিন্তু ‘ৰুহানী সংস্থা’ তোমালোকৰ বাহিৰে আন হ’ব নোৱাৰে। বহুত নকল হৈ যায়। এয়া হৈছে নতুন কথা, তোমালোক একেবাৰে কমসংখ্যক আন কোনেও এই কথাবোৰ বুজিব নোৱাৰে। গোটেই বৃক্ষ এতিয়া থিয় হৈ হৈছে। বাকী মূল শিপা নাই, পুনৰ শিপা আহি যাব। বাকী ঠাল-ঠেঙুলী নাথাকিব, সেয়া সকলো নাশ হৈ যাব। বেহদৰ পিতায়েহে বেহদৰ বুজনি দিয়ে। এতিয়া গোটেই সৃষ্টিত ৰাৱণৰাজ্য। এয়া হৈছে লংকা। সেই লংকাতো সমুদ্ৰৰ পাৰত আছে। বেহদৰ সৃষ্টিও সমুদ্ৰত আছে। চাৰিওফালে পানী। সেইবোৰ হৈছে হদৰ কথা, পিতাই বেহদৰ কথা বুজায়। একমাত্ৰ পিতাই বুজাওঁতা হয়। এয়া হৈছে পঢ়া। যেতিয়া চাকৰি পায়, পঢ়াৰ ফলাফল ওলায় তেতিয়ালৈকে পঢ়া-শুনাত লাগি থাকে। তাতেই বুদ্ধি চলি থাকে। বিদ্যাৰ্থীৰ কাম হৈছে পঢ়াৰ প্ৰতি মনোযোগ দিয়া। উঠোঁতে-বঁহোতে, চলোঁতে-ফুৰোঁতে স্মৃতিত থাকিব লাগে। বিদ্যাৰ্থীসকলৰ বুদ্ধিত এই পঢ়াৰ কথা থাকে। পৰীক্ষাৰ সময়ত বহুত পৰিশ্ৰম কৰে যাতে অনুত্তীৰ্ণ হৈ নাযায়। বিশেষকৈ পুৱাতে বাগিচাত গৈ পঢ়ে, কিয়নো ঘৰৰ হলস্থুলৰ বাবে বাতাৱৰণত বেয়া প্ৰকম্পন থাকে।

পিতাই বুজাইছে - দেহী-অভিমানী হ’বলৈ অভ্যাস কৰা তেতিয়া নাপাহৰা। একান্ত স্থানতো বহুত আছে। প্ৰথম অৱস্থাত ক্লাছৰ পাছত সকলো পাহাৰলৈ গৈছিলা। এতিয়া জ্ঞান দিনে-প্ৰতিদিনে গভীৰ হৈ গৈ থাকে। বিদ্যাৰ্থীৰ লক্ষ্য-উদ্দেশ্য স্মৃতিত থাকে। এয়া হৈছে বানপ্ৰস্থ অৱস্থাত যোৱাৰ পঢ়া। এজনৰ বাহিৰে আন কোনেও এই পঢ়া পঢ়াব নোৱাৰে। সাধু সন্ত আদি সকলোৱে ভক্তিহে শিকায়। বাণীৰ সিপাৰে যোৱাৰ ৰাস্তাৰ বিষয়ে এজন পিতাইহে শুনায়। এজন পিতাইহে সকলোকে উভতাই লৈ যায়। এতিয়া তোমালোকৰ হৈছে বেহদৰ বানপ্ৰস্থ অৱস্থা, যাক কোনেও নাজানে। পিতাই কয় – সন্তানসকল, তোমালোক সকলো বানপ্ৰস্থী। গোটেই সৃষ্টিৰ এতিয়া বানপ্ৰস্থ অৱস্থা। কোনোবাই পঢ়ক বা নপঢ়ক, উভতি সকলোৱে যাই লাগে। যিসকল আত্মা মূললোকলৈ যাব, তেওঁলোকে নিজৰ নিজৰ শাখাত গুচি যাব। আত্মাসকলৰ বৃক্ষজোপাও বৰ অপূৰ্বকৈ সজাই থোৱা আছে। এই গোটেই ড্ৰামাৰ চক্ৰ একেবাৰে সঠিক। অলপো হীনডেঢ়ি নাই। ‘লিভাৰ’ আৰু ‘চিলিণ্ডাৰ’ ঘড়ী থকে নহয়। লিভাৰ ঘড়ীৰ সময় একেবাৰে সঠিক। ইয়াতো কাৰোবাৰ বুদ্ধিযোগ লিভাৰ, কাৰোবাৰ চিলিণ্ডাৰৰ দৰে। কিছুমানৰ বুদ্ধি একেবাৰে যুক্তই নহয়। ঘড়ী যেন নচলেই। তোমালোক একেবাৰে লিভাৰ ঘড়ী হ’ব লাগে তেতিয়া বাদশ্বাহীত আহিবা। যিসকলৰ বুদ্ধিযোগ চিলিণ্ডাৰ ঘড়ীৰ দৰে তেওঁলোক প্ৰজাত যাব। পুৰুষাৰ্থ লিভাৰ ঘড়ীৰ দৰে হ’বলৈ কৰিব লাগে। ৰাজকীয় পদ পাওঁতাসকলৰ বাবেই কোটিৰ মাজত কোনোবা বুলি কোৱা হয়। তেওঁলোকেই বিজয়মালাত গঁথা যায়। সন্তানসকলে বুজি পায় যে যথাযথ পৰিশ্ৰম কৰিবই লাগিব। কয় - বাবাক বাৰে বাৰে পাহৰি যাওঁ। পিতাই বুজায় – সন্তানসকল, যিমানে পালোৱান হ’বা সিমানে মায়ায়ো শক্তিশালী হৈ যুদ্ধ কৰিব। মল্লযুদ্ধ হয় নহয়। তাত বহুত সাৱধানতা অৱলম্বন কৰে। পালোৱানক পালোৱানেহে জানে। ইয়াতো তেনেকুৱা, মহাবীৰ সন্তানো আছে। তেওঁলোকৰ মাজতো ক্ৰমানুসৰি আছে। ভাল ভাল মহাৰথীসকলক মায়ায়ো ভালকৈ ধুমুহাত লৈ আনে। বাবাই বুজাইছে – মায়াই যিমানেই হায়ৰাণ নকৰক, ধুমুহা নানক, তোমালোক সাৱধান হৈ থাকিবা। কোনো কথাতে পৰাজিত হ’ব নালাগে। মনলৈ ধুমুহা আহিলেও, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা নকৰিবা, ধুমুহা আহে অৱনমিত কৰাবলৈ। মায়াৰ যুদ্ধ নহ'লে পালোৱান বুলি কেনেকৈ ক'বা। মায়াৰ ধুমুহালৈ ভ্ৰূক্ষেপ কৰিব নালাগে। কিন্তু আগবাঢ়ি গৈ থাকোঁতে কৰ্মেন্দ্ৰিয়ৰ বশ হৈ অৱনমিত হৈ যায়। এই পিতাইতো নিতৌ বুজায় - কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা বিকৰ্ম নকৰিবা। নীতিবহিৰ্ভূত কাম কৰিবলৈ নেৰিলে পাই-পইচাৰ পদ পাবা। ভিতৰি নিজেও বুজি পায়, মই অনুত্তীৰ্ণ হৈ যাম। যাবতো সকলোৱে লাগিব। পিতাই কয় - মোক যদি স্মৰণ কৰা তেন্তে সেই স্মৃতিৰো বিনাশ নহয়। অলপ স্মৰণ কৰিলেও স্বৰ্গলৈ আহি যাব। অলপ স্মৰণ কৰিলে অথবা বহুত স্মৰণ কৰিলে কি কি পদ পোৱা যায় - এয়াও তোমালোকে বুজিব পাৰা। কোনো লুকাই নাথাকে। কোনে কি কি হ'ব। নিজেও বুজিব পাৰে। যদি মই এতিয়া হাৰ্টফেইল হৈ যাওঁ তেতিয়া কি পদ পাম? বাবাক সুধিবও পাৰা। আগলৈ গৈ নিজেই বুজিব পাৰিবা। বিনাশ সন্মুখত থিয় হৈ আছে, ধুমুহা, বৰষুণ, প্ৰাকৃতিক দুৰ্যোগ কাকো সুধি নাহে। ৰাৱণতো বহিয়েই আছে। এয়া বহুত ডাঙৰ পৰীক্ষা। যিয়েই উত্তীৰ্ণ হয় তেওঁ উচ্চ পদ পায়। ৰজা নিশ্চয় বিচাৰ বুদ্ধি সম্পন্ন হ'ব লাগে যিয়ে প্ৰজাৰ তত্ত্বাৱধান ল’ব পাৰে। আই. চি. এচ. (I.C.S) পৰীক্ষাত কমসংখ্যক উত্তীৰ্ণ হয়। পিতাই তোমালোকক পঢ়াই স্বৰ্গৰ মালিক সতোপ্ৰধান কৰি তোলে। তোমালোকে জানা যে সতোপ্ৰধানৰ পৰা আকৈ তমোপ্ৰধান হৈছোঁ, এতিয়া পিতাৰ স্মৃতিত থাকি সতোপ্ৰধান হ’ব লাগে। পতিত-পাৱন পিতাক স্মৰণ কৰিব লাগে। পিতাই কয় – মনমনাভৱ (নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা)। এয়া সেয়াই গীতাৰ আখ্যান । দ্বৈত-মুকুটধাৰী হোৱাৰেই গীতা। কৰিতো পিতায়ে তুলিব নহয়। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। যিসকল ভাল বুদ্ধিমান, তেওঁলোকৰ ধাৰণাও ভাল হয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ৰাতিৰ ক্লাছ (05-01-1969):

সন্তানসকল ইয়াত শ্ৰেণীত বহি আছে আৰু জানে যে আমাৰ শিক্ষক কোন। এতিয়া এইটোৱে ৰ্বিদ্যাৰ্থীসকলৰ সকলো সময়তে থাকে যে আমাৰ শিক্ষক কোন। ইয়াত পাহৰি যায়। শিক্ষকে জানে যে সন্তানসকলে মোক বাৰে বাৰে পাহৰি যায়। এনেহেন আত্মিক পিতাতো কেতিয়াও পোৱা নাই, সংগমযুগতে পোৱা যায়। সত্যযুগ আৰু কলিযুগততো পাৰ্থিৱ (শাৰীৰিক) পিতা পোৱা যায়। এইটো সোঁৱৰাই দিয়ে যাতে সন্তানসকলৰ এইটো দৃঢ় হৈ যায় যে এয়া সংগমযুগ, যেতিয়া আমি সন্তানসকল এনেকুৱা পুৰুষোত্তম হ’বলৈ গৈ আছোঁ। গতিকে পিতাক স্মৰণ কৰিলে তিনিওজনেই স্মৃতিলৈ আহিব লাগে। শিক্ষকক স্মৰণ কৰিলেও তিনিওৰে স্মৃতি, গুৰুক স্মৰণ কৰিলেও তিনিওজনৰে স্মৃতি অহা উচিত। এইটো নিশ্চয় স্মৰণ কৰিব লাগে। মুখ্য কথা হ’ল পৱিত্ৰ হোৱাৰ। পৱিত্ৰকজনক সতোপ্ৰধান বুলি কোৱা হয়। সেয়া থাকেই সত্যযুগত। এতিয়া পৰিক্ৰমা লগাই আহিলা। সংগমযুগ হয়। কল্পই কল্পই পিতাও আহে, পঢ়ায়। পিতাৰ ওচৰত তোমালোক থাকা নহয়। এইটোও জানা যে এওঁ সঁচা সৎগুৰু। আৰু যথাযথ মুক্তি-জীৱনমুক্তি ধামৰ মাৰ্গ দেখুৱায়। ড্ৰামাৰ পৰিকল্পনা অনুসৰি আমি পুৰুষাৰ্থ কৰি পিতাক অনুসৰণ কৰোঁ। এই শিক্ষা প্ৰাপ্ত কৰি অনুসৰণ কৰোঁ। যেনেকৈ এওঁ শিকিছে তেনেকৈ তোমলোকেও পুৰুষাৰ্থ কৰা। দেৱতা হ’বলৈ হ’লে শুদ্ধ কৰ্ম কৰিব লাগে। মলিনতা যাতে কাৰো মাজত নাথাকে। আৰু বিশেষ কথাটি হৈছে - পিতাক স্মৰণ কৰা। বুজি পায় পিতাক পাহৰি যায়, শিক্ষাও পাহৰি যায় আৰু স্মৃতিৰ যাত্ৰাও পাহৰি যায়। পিতাক পাহৰিলে জ্ঞানো পাহৰি যায়। মই বিদ্যাৰ্থী, এইটোও পাহৰি যায়। স্মৃতিলৈতো তিনিওৱে আহিব লাগে। পিতাক স্মৰণ কৰিলে শিক্ষক, সৎগুৰু নিশ্চয় স্মৃতিলৈ আহিব। শিৱবাবাক স্মৰণ কৰাৰ লগতে দৈৱীগুণো নিশ্চয় লাগে। পিতাৰ স্মৃতিত চমৎকাৰ আছে। পিতাই সন্তানসকলক যিমান অসাধাৰণ কাৰ্য শিকায় আন কোনেও শিকাব নোৱাৰে। তমোপ্ৰধান পৰা আমি এইটো জন্মতেই সতোপ্ৰধান হওঁ। তমোপ্ৰধান হ’বলৈ পূৰা কল্প লাগে। এতিয়া এই এটা জন্মতে সতোপ্ৰধান হ’ব লাগে, এই ক্ষেত্ৰত যিয়ে যিমান পৰিশ্ৰম কৰিব। গোটেই বিশ্বইতো পৰিশ্ৰম নকৰে। অন্য ধৰ্মৰ লোকে পৰিশ্ৰম নকৰিব। সন্তানসকলে সাক্ষাৎকাৰ কৰিছে। ধৰ্ম প্ৰতিষ্ঠাপক আহে। বেলেগ বেলেগ পোছাকত ভূমিকা পালন কৰিছে। তেওঁলোক তমোপ্ৰধান সময়ত আহে। বুদ্ধিয়েও কয় যে যেনেকৈ আমি সতোপ্ৰধান হওঁ বাকী সকলো হ'ব। পৱিত্ৰতাৰ দান পিতাৰ পৰা ল'ব। সকলোৱে আহ্বান জনায় - আমাক ইয়াৰ পৰা মুক্ত কৰি ঘৰলৈ লৈ যাওঁক। মাৰ্গ-দৰ্শক হওঁক। এয়াতো ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলোৱে ঘৰলৈ যাবই লাগে। অনেক বাৰ ঘৰলৈ যায়। কোনোবাতো পূৰা 5000 বছৰ ঘৰত (শান্তিধামত) নাথাকে। কোনোবা আকৌ পূৰা 5000 বছৰ থাকে। অন্তত আহিলে ক’ব যে 4999 বছৰ শান্তিধামত থাকিল। আমি ক'ম 4999 বছৰ এইখন সৃষ্টিত আছিলোঁ। এইটোতো সন্তানসকলৰ নিশ্চয়তা আছে যে 83-84 জন্ম লৈছোঁ। যি সকল বহুত বিচাৰ বুদ্ধি সম্পন্ন হ'ব তেওঁলোক নিশ্চয় প্ৰথমতে আহিব। বাৰু! মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু শুভৰাত্ৰি।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সতোপ্ৰধান হ'বলৈ স্মৃতিৰ যাত্ৰাৰে নিজৰ বেটেৰী চাৰ্জ কৰিব লাগে। অভুল হ’ব লাগে। নিজৰ ৰেজিষ্টাৰ ভালে ৰাখিব লাগে। কোনো ধৰণৰ গাফিলতি কৰিব নালাগে।

(2) নিয়মৰ বাহিৰত কোনো কাম কৰিব নালাগে, মায়াৰ ধুমুহালৈ ভ্ৰূক্ষেপ নকৰি কৰ্মেন্দ্ৰিয়জীৎ হ'ব লাগে। লিভাৰ ঘড়ীৰ সমান একেবাৰে সঠিক পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
সেৱাৰ দ্বাৰা আনন্দ, শক্তি আৰু সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা পুণ্য আত্মা হোৱা

সেৱাৰ প্ৰত্যক্ষফল - আনন্দ আৰু শক্তি পোৱা যায়। সেৱা কৰি আত্মাসকলক পিতাৰ উত্তৰাধিকাৰী অধিকাৰী কৰি তোলা - এয়াও পুণ্যৰ কাম। যিয়ে পুণ্য কৰে তেওঁ আশীৰ্বাদ নিশ্চয় পায়। সকলো আত্মাৰ অন্তৰত যি আনন্দৰ সংকল্প উদয় হয়, সেই শুভ সংকল্প আশীৰ্বাদ হৈ যায় আৰু ভৱিষ্যতলৈও জমা হৈ যায় সেয়েহে সদায় নিজক সেৱাধাৰী বুলি বুজি সেৱাৰ অবিনাশী ফল আনন্দ আৰু শক্তি সদায় লৈ থাকা।

স্লোগান:
মন-বাণীৰ শক্তিৰে বিঘিনিৰ আঁ‌ৰকাপোৰ আঁতৰাই দিয়া তেতিয়া ভিতৰত কল্যাণৰ দৃশ্য দেখা পাবা।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কাৰোবাৰ স্বভাৱ অথবা সংস্কাৰক দেখি কাষৰীয়া হোৱা, এয়াও ঘৃণা অৰ্থাৎ ক্ৰোধৰ অংশ। ইয়াক মাৰ্জিত ৰূপত এনেকৈ কয় – নিজৰ অৱস্থা নষ্ট কৰাতকৈ কাষৰীয়া হৈ যোৱাই ভাল। কিন্তু উপৰাম হোৱাটো বেলেগ কথা, কাষৰীয়া হোৱাটো অন্য কথা। স্নেহী হৈ উপৰাম হোৱা সেয়া ঠিক। কিন্তু সূক্ষ্ম ঘৃণাৰ ভাৱ “এওঁ এনেকুৱা, এওঁতো পৰিৱৰ্তন নহ’বই” - এনেকৈ সদাকালৰ বাবে তেওঁক অভিশাপ দিয়া। নিজে নিৰাপদে থাকা কিন্তু আনক চুড়ান্ত প্ৰমাণপত্ৰ নিদিবা।