24.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক ৰাতিপুৱা চহকী হোৱা, গধুলি ফকিৰ হোৱা। ফকিৰৰ পৰা চহকী, পতিতৰ পৰা পাৱন হোৱাৰ বাবে দুটা শব্দ স্মৃতিত ৰাখা – মনমনাভৱ, মধ্যাজীভৱ”

প্ৰশ্ন:
কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ যুক্তি কি?

উত্তৰ:
1) স্মৃতিৰ যাত্ৰা তথা জ্ঞান স্মৰণ, 2) এজনৰ সৈতে সকলো সম্বন্ধ ৰাখিব লাগে, অন্য কাৰো ফালে যাতে বুদ্ধি নাযায়, 3) যিজন সৰ্বশক্তিমান বেটাৰী, সেই বেটাৰীৰ সৈতে যোগযুক্ত হৈ থাকিব লাগে। নিজৰ ওপৰত পূৰা ধ্যান ৰাখিব লাগে, দৈৱীগুণৰ ডেউকা লাগি থাকিলে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ গৈ থাকিবা।

ওঁম্শান্তি।
পিতাই বহি বুজাইছে – এয়া হ’ল ভাৰতৰ বাবে কাহিনী? কি কাহিনী? ৰাতিপুৱা চহকী, গধূলি ফকিৰ। ইয়াৰ ওপৰত এটা কাহিনী আছে। ৰাতিপুৱা চহকী আছিল… এই কথাবোৰ তোমালোক যেতিয়া চহকী হোৱা তেতিয়া নুশুনা। ফকিৰ আৰু চহকীৰ কথাবোৰ তোমালোক সন্তানসকলে সংগমযুগততে শুনা। এয়া অন্তৰত ধাৰণ কৰিব লাগে। যথাযথ ভক্তিয়ে ফকিৰ কৰি দিয়ে, জ্ঞানে চহকী কৰি তোলে। দিন আৰু ৰাতিও বেহদৰ। ফকিৰ আৰু চহকীও বেহদৰ কথা আৰু কৰি তোলোঁতাজনো বেহদৰ পিতা। সকলো পতিত আত্মাৰ কাৰণে পাৱন কৰি তোলোঁতা এটাই বেটাৰী। এনেধৰণৰ যাদুকৰী মন্ত্ৰ স্মৃতিত ৰাখিলে তেতিয়াও আনন্দিত হৈ থাকিবা। পিতাই কয় – সন্তানসকল তোমালোক ৰাতিপুৱা চহকী হৈ যোৱা আকৌ গধূলি ফকিৰ হৈ যোৱা। কেনেকৈ হোৱা – এয়াও পিতাই বুজায়। আকৌ পতিতৰ পৰা পাৱন, ফকিৰৰ পৰা চহকী হোৱাৰ যুক্তিও পিতায়েই শুনায়। ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি মোক; পৰমাত্মাক স্মৰণ কৰা), ‘মধ্যাজীভৱ’ (প্ৰাপ্তিক অৰ্থাৎ বাদশ্বাহীক স্মৰণ কৰা)– এয়া দুটাই যুক্তি। এইটোও সন্তানসকলে জানে যে এয়া হ’ল পুৰুষোত্তম সংগমযুগ। তোমালোক যিসকল ইয়াত বহি আছা, এইটো নিশ্চিত যে তোমালোক স্বৰ্গত পুৰুষাৰ্থৰ ক্ৰম অনুসৰি চহকী অৱশ্যে হ’বা। স্কুলতো এনেকুৱা হয়। ক্ৰমানুসৰি শ্ৰেণী বদলি হয়। পৰীক্ষা শেষ হ’লে তেতিয়া আকৌ ক্ৰমানুসৰি গৈ বহে, সেয়া হ’ল হদৰ কথা, এয়া হ’ল বেহদৰ কথা। ক্ৰমানুসৰি ৰুদ্ৰ মালাত যায়। মালা অথবা বৃক্ষ। বীজতো বৃক্ষৰে হয়। পৰমাত্মা হৈছে আকৌ মনুষ্য সৃষ্টিৰ বীজ, এইটো সন্তানসকলে জানে যে বৃক্ষ কেনেকৈ বৃদ্ধি হয়, পুৰণি কেনেকৈ হয়। আগতে তোমালোকে এয়া জনা নাছিলা, পিতা আহি বুজাইছে। এতিয়া এয়া হ’ল পুৰুষোত্তম সংগমযুগ। এতিয়া তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। দৈৱীগুণৰ ডেউকাও ধাৰণ কৰিব লাগে। নিজৰ ওপৰত পূৰা ধ্যান দিব লাগে। স্মৃতিৰ যাত্ৰাৰ দ্বাৰা তোমালোক পাৱন হ’বা, আন কোনো উপায় নাই। পিতা যি সৰ্বশক্তিমান বেটাৰী তেওঁৰ লগত পূৰা যোগযুক্ত হ’ব লাগে। তেওঁৰ বেটাৰী কেতিয়াও শক্তিহীন নহয়। তেওঁ সতো, ৰজো, তমোত নাহে কিয়নো তেওঁৰ সদায় কৰ্মাতীত অৱস্থা। তোমালোক সন্তানসকল কৰ্মবন্ধনত আহা। কিমান কাঢ়া বন্ধন। এই কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ এটাই উপায় – স্মৃতিৰ যাত্ৰা। ইয়াৰ বাহিৰে আন একো উপায় নাই। যেনেকৈ এয়া জ্ঞান, ইয়ো হাড় নৰম কৰে। এনেয়েতো ভক্তিয়েও নৰম কৰি তোলে। ক’ব - এওঁ বেচেৰা ভক্ত লোক, এওঁৰ ঠগ-প্ৰবঞ্চনা আদি একো নাই। কিন্তু ভক্তৰ মাজতো ঠগ-প্ৰৱঞ্চনা থাকে। বাবা অনুভৱী। আত্মাই শৰীৰৰ দ্বাৰা পেছাগত কাম-কাজ কৰে গতিকে এইটো জন্মৰো সকলো স্মৃতিলৈ আহি যায়। 4-5 বছৰ আয়ুসৰ পৰা নিজৰ জীৱন কাহিনী স্মৃতিত ৰখা উচিত। কোনোৱে 10-20 বছৰৰ কথাও পাহৰি যায়। জন্ম-জন্মান্তৰ নাম ৰূপতো স্মৃতিত থাকিব নোৱাৰে। এটা জন্মৰতো কিছু ক’ব পাৰে। ফটো আদি ৰাখে। পূৰ্ব জন্মৰ কথাতো গম পাব নোৱাৰি। প্ৰত্যেক আত্মাই ভিন্ন নাম, ৰূপ, দেশ, কালত ভূমিকা পালন কৰে। নাম, ৰূপ সকলো সলনি হৈ থাকে। এয়াতো বুদ্ধিত আছে যে কেনেকৈ আত্মাই এটা শৰীৰ এৰি অন্য এটা শৰীৰ লয়। নিশ্চয় 84 জন্ম, 84 নাম, 84 পিতা হ’ব। অন্তত আকৌ তমোপ্ৰধান সম্বন্ধ হৈ যায়। এই সময়ত যিমান সম্বন্ধ সিমান কেতিয়াও নহয়। কলিযুগী সম্বন্ধক বন্ধন বুলিয়ে বুজিব লাগে। কিমান সন্তান থাকে, আকৌ বিয়া পাতে, তেতিয়া সন্তান জন্ম দিয়ে। এই সময়ত সকলোতকৈ বেছি বন্ধন হ’ল – খুড়া, মামা, ককাৰ… যিমান বেছি সম্বন্ধ সিমান বেছি বন্ধন। বাতৰিকাকতত প্ৰকাশ পায় - পাঁচটি সন্তান একেলগে জন্মিছে, পাঁচোটিয়েই সুস্থ। হিচাপ কৰা কিমান অনেক সম্বন্ধ হৈ যায়। এই সময়ত তোমালোকৰ সম্বন্ধ সকলোতকৈ কম। কেৱল এজন পিতাৰ সৈতে সকলো সম্বন্ধ। আন কাৰো সৈতে তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ নাই। সত্যযুগত আকৌ ইয়াতকৈ বেছি হ’ব। হীৰাতুল্য জন্ম তোমালোকৰ এতিয়া হয়। সৰ্বোচ্চ পিতাই সন্তানসকলক তুলি লয়। উত্তৰাধিকাৰ পাবলৈ জীৱন্তে তোলনীয়া হোৱা, সেয়া এতিয়াহে হয়। তোমালোক এনেকুৱা পিতাৰ কোলাত আহিছা যাৰ পৰা তোমালোকে উত্তৰাধিকাৰ পোৱা। তোমালোক ব্ৰাহ্মণসকলকৈ উচ্চ কোনো নাই। সকলোৰে যোগসূত্ৰ এজনৰ লগত। তোমালোকৰ ইজন সিজনৰ মাজতো কোনো সম্বন্ধ নাই। ভাই-ভনীৰ সম্বন্ধয়ো অৱনমিত কৰাই দিয়ে। সম্বন্ধ এজনৰ সৈতে থকা উচিত। এয়া হ’ল নতুন কথা। পৱিত্ৰ হৈ উভতি যাব লাগে। এনেকৈ বিচাৰ সাগৰ মন্থন কৰিলে তোমালোকৰ জেউতি চৰিব। সত্যযুগী শোভা আৰু কলিযুগী শোভাৰ মাজত দিন-ৰাতিৰ পাৰ্থক্য আছে। ভক্তিমাৰ্গৰ সময়ত হয়েই ৰাৱণৰাজ্য। পাছলৈ বিজ্ঞানৰ অহংকাৰো কিমান হয়। সত্যযুগৰ লগত তুলনা কৰিব বিচাৰে।

এটি কন্যাই খবৰ পঠিয়াইছে - আমি প্ৰশ্ন সুধিলোঁ যে স্বৰ্গত আছে নে নৰকত আছে? তেতিয়া 4-5 গৰাকীয়ে ক’লে যে আমি স্বৰ্গত আছোঁ। বুদ্ধিত ৰাতি-দিনৰ পাৰ্থক্য আহি যায়। কোনোৱে ভাবে আমিতো নৰকত আছোঁ, তেতিয়া তেওঁলোকক বুজাবলগীয়া হয় যে স্বৰ্গবাসী হ’ব বিচাৰে নেকি? স্বৰ্গ কোনে স্থাপনা কৰে? এয়া বৰ মিঠা মিঠা কথা। তোমালোকে টুকি ৰাখা, কিন্তু বহীতে সেই টোকা থাকি যায়, সময়ত স্মৃতিলৈ নাহে। এতিয়া পতিতৰ পৰা পাৱন কৰি তোলোঁতা হৈছে পৰমপিতা পৰমাত্মা শিৱ। তেওঁ কয় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ মোচন হ’ব। স্মৃতিত থাকিলে কিবাতো আমদানী হ’ব নহয়। স্মৃতিত থকাৰ নিয়ম এতিয়া ওলাইছে। স্মৃতিৰেই তোমালোক কিমান উচ্চ স্বচ্ছ হৈ যোৱা। যিয়ে যিমান পৰিশ্ৰম কৰিব সিমানে উচ্চ পদ পাব। বাবাকো সুধিব পাৰা। জগতততো সম্বন্ধ আৰু সম্পত্তিৰ বাবে কাজিয়াই কাজিয়া। ইয়াততো কোনো সম্বন্ধ নাই। একমাত্ৰ পিতা, অন্য কোনো নাই। পিতা হ’ল বেহদৰ মালিক। কথাবোৰতো বহুত সহজ। সেইফালে স্বৰ্গ আৰু এইফালে নৰক। নৰকবাসী ভাল নে স্বৰ্গবাসী ভাল? যিসকল বুদ্ধিমান হ’ব তেওঁলোকেতো স্বৰ্গবাসী ভাল বুলি ক’ব। কোনোৱেতো কৈ দিয়ে যে নৰকবাসী আৰু স্বৰ্গবাসী, এই কথাবোৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাই কিয়নো পিতাকেই নাজানে। কোনোৱে আকৌ পিতাৰ কোলাৰ পৰা আঁতৰি মায়াৰ কোলাত গুচি যায়। আচৰিত নহয়নে! পিতাও আচৰিত তেনেকৈ জ্ঞানো আচৰিত, সকলো আচৰিত। এই আশ্চৰ্য বুজোঁতাসকলো এনেকুৱা হোৱা উচিত, যাৰ বুদ্ধি এই আশ্চৰ্যতে লাগি থাকে। ৰাৱণতো আশ্চৰ্য নহয়, তেওঁৰ ৰচনাও আশ্চৰ্য নহয়। ৰাতি-দিনৰ পাৰ্থক্য আছে। শাস্ত্ৰবোৰত লিখি দিছে – কালি দমন কৰিলে, সাপে দংশিলে, ক’লা হৈ গ’ল। এতিয়া তোমালোকে ভালদৰে এয়া বুজাব পাৰা। কোনোবাই শ্ৰীকৃষ্ণৰ চিত্ৰ লৈ পঢ়িলে তেতিয়া সজীৱ হৈ যাব। 84 জন্মৰ কাহিনী। যেনেকৈ শ্ৰীকৃষ্ণৰ তেনেকৈ তোমালোকৰ। স্বৰ্গলৈতো তোমালোক আহা নহয়। পাছত ত্ৰেতাতো আহি থাকে। বৃদ্ধি হৈ থাকে। এনেকুৱা নহয় যে ত্ৰেতাত যিসকল ৰজা হয় তেওঁলোক ত্ৰেতাতে আহিব। অশিক্ষিতসকলে শিক্ষিতসকলৰ আগত মূৰ দোৱাব। এই ড্ৰামাৰ ৰহস্য বাবাইহে জানে। এতিয়া তোমালোকে জানা তোমালোকৰ মিত্ৰ-সম্বন্ধীয় আদি সকলো নৰকবাসী। আমি পুৰুষোত্তম সংগমযুগী হওঁ। এতিয়া পুৰুষোত্তম হৈ আছোঁ। বাহিৰত থকা আৰু ইয়াত 7 দিন আহি থকাৰ মাজত বহুত পাৰ্থক্য হৈ যায়। হাঁহৰ সংগ এৰি বগলীৰ সংগ লয়। বহুত হানি কৰোঁতাও আছে। বহুত সন্তানে মুৰুলীৰ প্ৰতি গুৰুত্ব নিদিয়ে। পিতাই বুজায় –গাফিলতি নকৰিবা। তোমালোক সুবাসিত ফুল হ’ব লাগে। কেৱল এটা কথাই তোমালোকৰ বাবে যথেষ্ট – স্মৃতিৰ যাত্ৰা। ইয়াত তোমালোকৰ ব্ৰাহ্মণসকলৰেই সংগ। ক’ত উচ্চতকৈও উচ্চ, ক’ত নীচ। সন্তানসকলে লিখে – বাবা বগলীৰ জাকত মই এটা হাঁহে কি কৰিম? বগলীয়ে দুখ দিয়ে। কিমান পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাৰ শ্ৰীমতত চলিলে পদো উচ্চ পাবা। সদায় হাঁহ হৈ থাকা। বগলীৰ সংগত বগলী হৈ নাযাবা। গায়ন আছে – আশ্চৰ্যজনকভাৱে শুনে, কয় আকৌ আঁতৰি গুচি যায়… অলপো যদি জ্ঞান লয় তেন্তে স্বৰ্গলৈ আহিব। কিন্তু পাৰ্থক্য ৰাতি-দিনৰ হৈ যায়। বহুত কাঢ়া শাস্তি ভোগ কৰিব। পিতাই কয় – মোৰ মতত নচলি, পতিত হ’লে তেতিয়া এশ গুণ দণ্ড হৈ যায়। তেতিয়া পদো কম হৈ যায়। এয়া বাদশ্বাহী স্থাপনা হৈ আছে। এই কথাবোৰ পাহৰি যায়। এয়াও যদি স্মৃতিত থাকে তেতিয়াও উচ্চ পদ ল’বৰ বাবে পুৰুষাৰ্থ নিশ্চয় কৰিব। যদি নকৰে তেন্তে বুজা যায় যে এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে। পিতাৰ সৈতে যোগ নাই। ইয়াত থকা সত্ত্বেও বুদ্ধি সতি-সন্ততিৰ সৈতে থাকে। পিতাই কয় – সকলো পাহৰি যাব লাগে - ইয়াকে বৈৰাগ্য বুলি কোৱা হয়। এই ক্ষেত্ৰতো শতাংশৰ হিচাপ আছে। ক’ৰবাত নহয় ক’ৰবাত খেয়াল গুচি যায়। ইজনৰ সিজনৰ সৈতে স্নেহ গঢ়ি উঠে তেতিয়াও বুদ্ধি ওলমি যায়।

পিতাই নিতৌ বুজায় – এই দুচকুৰে যি দেখিবলৈ পোৱা, সেয়া সকলো এতিয়া নাশ হ’ব। তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ নতুন সৃষ্টিৰ সৈতে থাকিব লাগে আৰু বেহদৰ সম্বন্ধীয়সকলৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ ৰাখিব লাগে। এইজন প্ৰেমিক অপূৰ্ব। ভক্তিতো গায় – আপুনি যেতিয়া আহিব তেতিয়া আপোনাৰ বাহিৰে আমি আন কাকোৱেই স্মৰণ নকৰোঁ। এতিয়া মই আহিছোঁ, সেয়েহে এতিয়া তোমালোকে সকলো ফালৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাব লাগে নহয়। এয়া সকলো মাটিত মিলি যাব। তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ যেন মাটিৰ সৈতে। মোৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ ৰাখিলে তেতিয়া মালিক হৈ যাবা। পিতাই কিমান বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে। মনুষ্যই নাজানে যে ভক্তি কি আৰু জ্ঞান কি? এতিয়া তোমালোকে জ্ঞান পাইছা সেয়েহে তোমালোকে ভক্তিকো বুজি পোৱা। এতিয়া তোমালোকৰ অনুভূতি হয় যে ভক্তিত কিমান দুখ। মনুষ্যই ভক্তি কৰে নিজক বহুত সুখী বুলি ভাবে। তথাপি কয় – ভগৱানে আহি ফল দিব। কাক আৰু কেনেকৈ ফল দিব – সেয়া একোৱে নুবুজে। এতিয়া তোমালোকে জানা – পিতা ভক্তিৰ ফল দিবলৈ আহিছে। বিশ্বৰ ৰাজধানীৰ ফল যিজন পিতাৰ পৰা পোৱা যায় সেইজন পিতাই যি নিৰ্দেশ দিয়ে সেইমতে চলিবলগীয়া হয়। তাকে কোৱা হয় উচ্চতকৈও উচ্চ মত। মততো সকলোৱে পায়। আকৌ কোনোবা চলিব পাৰে, কোনোবা চলিব নোৱাৰে। বেহদৰ বাদশ্বাহী স্থাপনা হ’ব। তোমালোকে এতিয়া বুজি পোৱা – আমি কি আছিলোঁ, এতিয়া আমাৰ কি অৱস্থা। মায়াই একেবাৰে শেষ কৰি দিয়ে। এইখনতো যেন মৃতকৰ লোক। ভক্তিমাৰ্গত তোমালোকে যি কিছু শুনিছিলা সেয়া সকলো সত্য সত্য বুলি কৈছিলা। কিন্তু তোমালোকে জানা যে সত্যতো একমাত্ৰ পিতাইহে শুনায়। এনেহেন পিতাক স্মৰণ কৰিব লাগে। ইয়াত কোনোবা বাহিৰৰ লোক বহিলে তেতিয়া তেওঁ একোৱে বুজি নাপাব। ক’ব – নাজানো এওঁলোকে কি শুনায়। গোটেই জগতে কয় – পৰমাত্মা সৰ্বব্যাপী আৰু এওঁলোকে কয় - তেওঁ আমাৰ পিতা। কান্ধ লৰাই অসন্মতি প্ৰকাশ কৰি থাকিব। তোমালোকৰ ভিতৰৰ পৰা ‘হয় হয়’ ওলাই থাকিব, সেইবাবে নতুন কাকো অনুমতি দিয়া নহয়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সুবাসিত ফুল হ’বলৈ সংগৰ পৰা বহুত সাৱধানে থাকিব লাগে। হাঁহৰ সংগ ল’ব লাগে, হাঁহৰ নিচিনা হৈ থাকিব লাগে। মুৰুলীৰ ক্ষেত্ৰত কেতিয়াও অসাৱধান হ’ব লাগে, গাফিলতি কৰিব নালাগে।

(2) কৰ্মবন্ধনৰ পৰা মুক্ত হ’বলৈ সংগমযুগত নিজৰ সকলো সম্বন্ধ একমাত্ৰ পিতাৰ সৈতে ৰাখিব লাগে। পৰস্পৰ কোনো সম্বন্ধ ৰাখিব নালাগে। কোনো হদৰ সম্বন্ধৰ প্ৰতি স্নেহ ৰাখি বুদ্ধিযোগ ওলোমাই ৰাখিব নালাগে। এজনকে স্মৰণ কৰিব লাগে।

বৰদান:
পৰমাত্ম স্নেহত লীন হওঁতা বা মিলনত মগ্ন হওঁতা সঁ‌চা স্নেহী হোৱা

স্নেহৰ লক্ষণ গায়ন কৰা হয় - যে দুগৰাকী হোৱা সত্ত্বেও দুগৰাকী হৈ নাথাকে কিন্তু মিলি এক হৈ যায়, ইয়াকে সমাহিত হৈ যোৱা বুলি কোৱা হয়। ভক্তসকলে এই স্নেহৰ স্থিতিকে সমাহিত হোৱা বা লীন হোৱা বুলি কৈ দিছে। স্নেহত লীন হোৱা - এইটো হৈছে স্থিতি কিন্তু স্থিতিৰ পৰিৱৰ্তে তেওঁলোকে আত্মাৰ অস্তিত্বক চিৰকালৰ বাবে সমাপ্ত হোৱা বুলি বুজি লৈছে। তোমালোক সন্তানসকল যেতিয়া পিতা বা আত্মিক প্ৰিয়তমৰ সৈতে মিলনত মগ্ন হৈ যোৱা তেতিয়া সমান হৈ যোৱা।

স্লোগান:
অন্তৰ্মুখী সেইজন যিয়ে ব্যৰ্থ সংকল্পৰ পৰা মনেৰে মৌন হৈ থাকে।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সদায় স্মৃতিত ৰাখিবা যে “মই নিজক পৰিৱৰ্তন কৰিব লাগে” স্থান বা আনক নহয়। ইয়াৰ বাবে সহনশীলতাৰ অৱতাৰ হৈ যোৱা। নিজক খাপ খুৱাই লোৱা। কাষৰীয়া নকৰিবা। কিছুমান একেবাৰে বিৰোধী সেই ক্ষেত্ৰতো নিজৰ শুভ ভাৱনা পূৰ্ণ ৰূপত প্ৰয়োগ কৰা, সময় লাগিলেও সফলতা অৱশ্যে পাবা আৰু তোমালোকক বিজয় মালাৰ মণি কৰি দিব।