25.04.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
পুৰুষোত্তম যুগেটিই হৈছে গীতা আখ্যান, এই সময়তে তোমালোকে পুৰুষাৰ্থ কৰি উত্তম পুৰুষ
অৰ্থাৎ দেৱতা হ’ব লাগে”
প্ৰশ্ন:
কোনটো কথাৰ
প্ৰতি সদায় ধ্যান থাকিলে নাও পাৰ হৈ যাব?
উত্তৰ:
সদায় ধ্যান থাকিব লাগে যে আমি ঈশ্বৰীয় সংগত থাকিব লাগে তেতিয়াও নাও পাৰ হৈ যাব। যদি
সংগদোষত আহিলা, সংশয় জন্মিল তেন্তে নাও বিষয় সাগৰত ডুবি যাব। পিতাই যি বুজায় সেই
ক্ষেত্ৰত সন্তানসকলৰ অলপো সংশয় জন্মিব নালাগে। পিতাই তোমালোক সন্তানসকলক নিজৰ সমান
পৱিত্ৰ আৰু জ্ঞানপূৰ্ণ কৰি তুলিবলৈ আহিছে। পিতাৰ সংগতে থাকিব লাগে।
ওঁম্শান্তি।
ভগৱানু্বাচ (ভগৱানে
কয়) - সন্তানসকলে জানে যে পিতাই সেয়াই ৰাজযোগ শিকাই আছে যিটো 5 হাজাৰ বছৰ আগতেও
বুজাইছিল। সন্তানসকলে গম পায়, জগতৰ লোকসকলেতো গম নাপায় সেইবাবে সুধিব লাগে –
‘গীতা’ৰ ভগৱান কেতিয়া আহিল? ভগৱানে যি কয় যে মই ৰাজযোগ শিকাই তোমালোকক ৰজাৰো ৰজা কৰি
তোলোঁ, সেই ‘গীতা’ আখ্যান কেতিয়া হৈছিল? এইটো সুধিব লাগে। এই কথা কোনেও নাজানে।
তোমালোকে এতিয়া বাস্তৱত শুনি আছা। ‘গীতা’ৰ আখ্যান হ’বও লাগে কলিযুগৰ অন্ত আৰু
সত্যযুগৰ আদিৰ মাজৰ সময়খিনিত। আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কৰে তেন্তে
নিশ্চয় সংগমযুগতে আহিব। পুৰুষোত্তম সংগমযুগ নিশ্চয় আছে। যদিও পুৰুষোত্তম বছৰ বুলি
কয় কিন্তু বেচেৰাহঁতে গম নাপায়। তোমালোক মৰমৰ সন্তানসকলে গম পোৱা, উত্তম পুৰুষ কৰি
তুলিবলৈ অৰ্থাৎ মনুষ্যক উত্তম দেৱতা কৰি তুলিবলৈ পিতা আহি পঢ়ায়। মনুষ্যৰ ভিতৰত
উত্তম পুৰুষ হৈছে এই দেৱতাসকল (লক্ষ্মী-নাৰায়ণ)। মনুষ্যক এই সংগমযুগত দেৱতা কৰি
তুলিলে। দেৱতাসকল নিশ্চয় সত্যযুগতে থাকে। বাকী সকলোবোৰ থাকে কলিযুগত। তোমালোক
সন্তানসকলে জানা যে আমি হৈছোঁ সংগমযুগী ব্ৰাহ্মণ। এয়া দৃঢ়ভাৱে স্মৃতিত ৰাখিব লাগে।
নহ’লে নিজৰ কুলক কেতিয়াও কোনেও নাপাহৰে। কিন্তু ইয়াত মায়াই পহৰাই দিয়ে। আমি
ব্ৰাহ্মণ কুলৰ আকৌ দেৱতা কুলৰ হওঁগৈ। যদি এইটো স্মৃতিত থাকে তেন্তে বহুত আনন্দিত হৈ
থাকিবা। তোমালোকে ৰাজযোগৰ পাঠ পঢ়া। বুজি পোৱা যে এতিয়া পুনৰ ভগৱানে ‘গীতা’ৰ জ্ঞান
শুনাই আছে আৰু ভাৰতৰ প্ৰাচীন যোগো শিকাই আছে। আমি মনুষ্যৰ পৰা দেৱতা হৈ আছোঁ। পিতাই
কৈছে – কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ'লে, তোমালোক জগতজিৎ হোৱা। পৱিত্ৰতাৰ কথাত
কিমান তৰ্ক-বিতৰ্ক হয়। মনুষ্যৰ কাৰণে বিকাৰ যেন একপ্ৰকাৰৰ সম্পদহে। লৌকিক পিতাৰ পৰা
এই উত্তৰাধিকাৰ প্ৰাপ্ত হৈছে। বালক হোৱাৰ লগে লগে প্ৰথমতে পিতাৰ এই উত্তৰাধিকাৰ
প্ৰাপ্ত হয়, বিবাহে সৰ্বনাশ কৰায়। আৰু বেহদৰ পিতাই কয় - কাম মহাশত্ৰু, তেন্তে
নিশ্চয় কামক জয় কৰিলে জগতজিৎ হ’বাগৈ। পিতা নিশ্চয় সংগমতে আহে। ভয়ানক মহাভাৰতৰ
যুদ্ধও আছে। আমিও ইয়াত নিশ্চয় আছোঁ। এনেকুৱাও নহয়, সকলোৱে তৎক্ষণাৎ কাম বিকাৰৰ ওপৰত
জয়ী হৈ যায়। সকলো কথাতে সময় লাগে। মুখ্য কথা সন্তানসকলে এইটোৱে লিখে যে বাবা, মই
বিষয় বৈতৰণী নদীত পৰি গ’লোঁ তেন্তে নিশ্চয় কিবা অধ্যাদেশ আছে। পিতাৰ আদেশ হৈছে –
কামক জয় কৰিলে তোমালোক জগতজিৎ হৈ যাবা। এনেকুৱা নহয় যে জগতজিৎ হৈ আকৌ বিকাৰগ্ৰস্ত
হ’ব। এই লক্ষ্মী-নাৰায়ণ হৈছে জগতজিৎ, এওঁলোকক সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা হয়।
দেৱতাসকলক সকলোৱে নিৰ্বিকাৰী বুলি কয়। যাক তোমালোকে ৰামৰাজ্য বুলি কোৱা সেইখন হৈছে
নিৰ্বিকাৰী সৃষ্টি। এইখন হৈছে বিকাৰী সৃষ্টি, অপৱিত্ৰ গৃহস্থ আশ্ৰম। পিতাই বুজাইছে
- তোমালোক পৱিত্ৰ গৃহস্থ আশ্ৰমৰ আছিলা। এতিয়া 84 জন্ম লৈ লৈ অপৱিত্ৰ হৈ গৈছা। 84
জন্মৰেই কাহিনী। নতুন সৃষ্টি নিশ্চয় এনেকুৱা নিৰ্বিকাৰী হোৱা উচিত। ভগৱানে, যি
পৱিত্ৰতাৰ সাগৰ, তেৱেঁই স্থাপনা কৰে আকৌ ৰাৱণৰাজ্যও নিশ্চয় হ’ব। নামেই হৈছে
ৰামৰাজ্য আৰু ৰাৱণৰাজ্য। ৰাৱণৰাজ্য মানেই আসুৰি ৰাজ্য। এতিয়া তোমালোক আসুৰি ৰাজ্যত
বহি আছা। এই লক্ষ্মী-নাৰায়ণ হৈছে দৈৱী ৰাজ্যৰ প্ৰতীক।
তোমালোক সন্তানসকলে
প্ৰভাত ফেৰী আদি উলিওৱা। প্ৰভাত বুলি দোকমোকালিৰ সময়খিনিক কোৱা হয়, সেই সময়ত মনুষ্য
নিদ্ৰাৰত হৈ থাকে সেইবাবে দেৰিকৈ উলিয়ায়। প্ৰদৰ্শনীও তেতিয়াহে ভাল হয় যদিহে তাত
সেৱাকেন্দ্ৰও থাকে। য’ত আহি বুজিব যে কাম মহাশত্ৰু, ইয়াৰ ওপৰত জয়ী হ'লে জগতজিৎ হ'ম।
আলোকিত (ট্ৰান্সলাইটৰ) লক্ষ্মী-নাৰায়ণৰ চিত্ৰ লগত নিশ্চয় থাকিব লাগে। এওঁলোকক
কেতিয়াও পাহৰিব নালাগে। এখন হৈছে এইখন চিত্ৰ আৰু আনখন ছিৰিৰ চিত্ৰ। ট্ৰাকত যেনেকৈ
দেৱীসকলক উলিয়ায় তেনেকৈ তোমালোকে দুই-তিনিখন ট্ৰাক সজাই তাত মুখ্য চিত্ৰ উলিয়ালে
তেতিয়া ভাল লাগিব। দিনে-প্ৰতিদিনে চিত্ৰ বৃদ্ধিও হৈ গৈ থাকে। তোমালোকৰ জ্ঞান বৃদ্ধি
হৈ গৈ থাকে। সন্তানসকলৰ সংখ্যাও বৃদ্ধি হৈ গৈ থাকে। তাৰ ভিতৰত গৰিব চহকী সকলো আহি
যায়। শিৱবাবাৰ ভঁৰাল ভৰপূৰ হৈ গৈ থাকে। যিয়ে ভঁৰাল ভৰপূৰ কৰে তেওঁলোকে তাত (নতুন
সৃষ্টিত) প্ৰতিদানত অনেক গুণ পাই পায়। সেইবাবে পিতাই কয় – মৰমৰ সন্তানসকল, তোমালোক
হৈছা পদমাপদম পতি হওঁতা সেয়াও 21 জন্মৰ কাৰণে। পিতাই নিজে কয় - তোমালোক 21 জন্মৰ
বাবে জগতৰ মালিক হৈ যাবা। মই নিজে পোনপটীয়াকৈ আহিছোঁ। তোমালোকৰ বাবে হাতত স্বৰ্গ লৈ
আনিছোঁ। যেনেকৈ সন্তান যেতিয়া জন্ম হয় তেতিয়া পিতাৰ উত্তৰাধিকাৰ সন্তানৰ হাততে থাকে।
পিতাকে ক’ব - এই ঘৰ-দুৱাৰ আদি সকলো তোমাৰ। বেহদৰ পিতায়ো কয় - তোমালোক মোৰ হৈ যোৱা
গতিকে স্বৰ্গৰ বাদশ্বাহী 21 প্ৰজন্মৰ কাৰণে তোমালোকৰ কিয়নো তোমালোকে কালৰ ওপৰত বিজয়
প্ৰাপ্ত কৰি লোৱা সেইবাবে পিতাক মহাকাল বুলি কয়। মহাকাল কোনো মাৰোঁতা নহয়। তেওঁৰতো
মহিমা কৰা হয়, এনেকৈ ভাবে যে ভগৱানে যমদূত পঠিয়াই মাতি আনিলে। এনেকুৱা কোনো কথা নাই।
এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ কথা। পিতাই কয় - মই কালৰো কাল। পাহাৰীয়া লোকে মহাকালকো
বহুত মানে। মহাকালৰ মন্দিৰো আছে। এনেকুৱা পতাকা লগাই দিয়ে। সেয়েহে পিতাই বহি
সন্তানসকলক বুজায়। এইটোও বুজি পোৱা যে সঠিক কথা। পিতাক স্মৰণ কৰিলেহে
জন্ম-জন্মান্তৰৰ বিকৰ্ম ভস্ম হয়। গতিকে তাৰ প্ৰচাৰ কৰিব লাগে। কুম্ভমেলা আদি বহুত
অনুষ্ঠিত হয়। স্নান কৰাৰো বহুত মহত্ব শুনাইছে। এতিয়া তোমালোক সন্তানসকলে এই জ্ঞান
অমৃত 5 হাজাৰ বছৰ পাছত পোৱা। বাস্তৱত ইয়াৰ নাম অমৃত নহয়। এয়া হৈছে পঢ়াৰ কথা। এই সকলো
হৈছে ভক্তিমাৰ্গৰ নাম। অমৃত নাম শুনি চিত্ৰবোৰত পানী দেখুৱাই দিছে। পিতাই কয় - মই
তোমালোকক ৰাজযোগ শিকাওঁ। পঢ়াৰ দ্বাৰা উচ্চ পদ পোৱা যায়। সেয়াও মই পঢ়াওঁ। ভগৱানৰ কোনো
এনেকুৱা সজ্জিত ৰূপতো নাই। এয়াতো পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰি পঢ়ায়। পঢ়াই আত্মাসকলক
নিজৰ সমান কৰি তোলে। নিজে জানো লক্ষ্মী-নাৰায়ণ হয় যে নিজৰ সমান কৰি তুলিব। আত্মাসকলে
পঢ়ে, আত্মাসকলক নিজৰ সমান জ্ঞানপূৰ্ণ কৰি তোলে। এনেকুৱা নহয় যে ভগৱান-ভগৱতী কৰি তোলে।
তেওঁলোকে শ্ৰীকৃষ্ণক দেখুৱাইছে। তেওঁ কেনেকৈ পঢ়াব? সত্যযুগত জানো পতিত থাকে।
শ্ৰীকৃষ্ণতো থাকেই সত্যযুগত। তাৰপাছত কেতিয়াও তোমালোকে শ্ৰীকৃষ্ণক নেদেখা। ড্ৰামাত
প্ৰত্যেকৰ পুৰ্নজন্মৰ চিত্ৰ একবাৰে অনন্য হয়। প্ৰাকৃতিক ড্ৰামা। ৰচি থোৱা… পিতায়ো
কয় - তোমালোকে হুবহু এইটো অৱয়বৰে, এই পোছাকেৰে কল্পই কল্পই তোমালোকেই পঢ়ি থাকিবা।
হুবহু পুনৰাবৃত্তি হয় নহয়। আত্মাই এটা শৰীৰ এৰি আকৌ অন্য এটা লয়, যিটো কল্প পূৰ্বে
লৈছিল। ড্ৰামাত কোনো হীনডেঢ়ি হ’ব নোৱাৰে। সেয়া হৈছে হদৰ (সীমিত) কথা, এয়া হৈছে
বেহদৰ কথা। যিবোৰ বেহদৰ পিতাৰ বাহিৰে আন কোনেও বুজাব নোৱাৰে। এই ক্ষেত্ৰত কোনো সংশয়
জন্মিব নোৱাৰে। নিশ্চয়বুদ্ধিৰ হৈ আকৌ কিবা নহয় কিবা সংশয়ত আহি যায়। সংগৰ প্ৰভাৱ পৰি
যায়। ঈশ্বৰীয় সংগত চলি থাকিলে পাৰ হৈ যাবা। সংগ এৰিলে বিষয় সাগৰত ডুবি যাবা। এফালে
হৈছে ক্ষীৰসাগৰ, আনফালে হৈছে বিষয় সাগৰ। জ্ঞান অমৃত বুলিও কয়। পিতা হৈছে জ্ঞানৰ
সাগৰ, তেওঁৰ মহিমাও আছে। যি তেওঁৰ মহিমা সেয়া লক্ষ্মী–নাৰায়ণক দিব নোৱাৰি। পিতা হৈছে
পৱিত্ৰতাৰ সাগৰ। যদিও সেই দেৱতাসকল সত্যযুগ-ত্ৰেতাত পৱিত্ৰ হৈ থাকে কিন্তু সদাকালৰ
বাবেতো পৱিত্ৰ হৈ নাথাকে। তথাপিও আধাকল্পৰ পাছত অধঃপতিত হয়। পিতাই কয় - মই আহি
সকলোৰে সৎগতি কৰোঁ। সৎগতি দাতা মই এজনেই। তোমালোক সৎগতিত যোৱা তেতিয়া এই কথাবোৰেই
নাথাকে। এতিয়া তোমালোক সন্তানসকল সন্মুখত বহি আছা। তোমালোকেও শিৱবাবাৰ পৰা পঢ়ি
শিক্ষক হৈছা। মুখ্য অধ্যক্ষ হৈছে তেওঁ। তোমালোক আহাও তেওঁৰ ওচৰলৈ। এনেকৈ কোৱা যে আমি
শিৱবাবাৰ ওচৰলৈ আহিছোঁ। হেৰ’, তেওঁতো হৈছে নিৰাকাৰ। অৱশ্যে হয়, তেওঁ এওঁৰ শৰীৰত আহে,
সেইবাবে কয় - বাপদাদাৰ ওচৰলৈ যাওঁ। এই বাবা হৈছে তেওঁৰ ৰথ, য’ত তেওঁ আৰোহী হয়।
তেওঁক ৰথ, ঘোঁৰা, অশ্ব বুলিও কয়। ইয়াৰ ওপৰতো এটা কাহিনী আছে – দক্ষ প্ৰজাপিতাই যজ্ঞ
ৰচিলে। কাহিনী লিখি দিছে। কিন্তু এনেকুৱাতো নহয়।
শিৱ ভগৱানুবাচ – মই
তেতিয়া আহোঁ যেতিয়া ভাৰতত অতি ধৰ্ম গ্লানি হয়। গীতাবাদীসকলে যদিও কয় – "যদা যদা হি
ধৰ্মস্য" …. কিন্তু অৰ্থ বুজি নাপায়। তোমালোকৰ এয়া বহুত সৰু বৃক্ষ, ইয়াত ধুমুহাও
লাগে। নতুন বৃক্ষ, আকৌ এয়া আধাৰো আছে। ইমান অনেক ধৰ্মৰ মাজত এক আদি সনাতন দেৱী-দেৱতা
ধৰ্মৰ পুলি ৰোপণ কৰে। কিমান পৰিশ্ৰম হয়। আনৰ (অন্য ধৰ্ম প্ৰতিষ্ঠাপকৰ) ইমান পৰিশ্ৰম
নহয়। তেওঁলোক ওপৰৰ পৰা আহি থাকে। ইয়াততো যিসকল সত্যযুগ-ত্ৰেতাত আহিবলগীয়া আছে, সেই
আত্মাসকলে বহি পঢ়ে। যিসকল পতিত, তেওঁলোকক পাৱন দেৱতা কৰি তুলিবৰ বাবে পিতাই বহি
পঢ়ায়। ‘গীতা’তো এৱোঁ (ব্ৰহ্মাই) বহুত পঢ়িছিল। যেনেকৈ এতিয়া আত্মাসকলক স্মৰণ কৰি
দৃষ্টি দিয়া হয় যাতে পাপ খণ্ডন হৈ যায়। ভক্তিমাৰ্গত আকৌ গীতাৰ আগত পানী ৰাখি পঢ়ে।
এনেকৈ ভাবে যে পূৰ্বপুৰুষৰ আত্মাসকলৰ উদ্ধাৰ হ’ব সেইবাবে পূৰ্বপুৰুষৰ আত্মাসকলক
স্মৰণ কৰে। ভক্তিত গীতাক বহুত মান দিছিল। হেৰ’, বাবা জানো কম ভক্ত আছিল! ৰামায়ণ আদি
সকলো পঢ়িছিল। বহুত আনন্দিত হৈছিল। সেয়া সকলো অতীত হৈ গ’ল।
এতিয়া পিতাই কয় - হৈ
যোৱা কথাৰ চিন্তা নকৰিবা। বুদ্ধিৰ পৰা সকলো উলিয়াই দিয়া। বাবাই স্থাপনা, বিনাশ আৰু
ৰাজধানীৰ সাক্ষাৎকাৰ কৰালে তেতিয়া তেওঁ দৃঢ় হৈ গ’ল। এয়া সকলো নাশ হৈ যাব – এইটো গম
পোৱা নাছিল। বাবাই বুজালে – এয়া সকলো হ’ব। সময় আছে জানো। মই গৈ অমুক ৰজা হ’ম। নাজানো,
বাবাই কি কি বুজি আছিল। তোমালোক সন্তানসকলে জানা যে বাবাই কেনেকৈ প্ৰৱেশ কৰিলে। এই
কথাবোৰ মনুষ্যই নাজানে। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ নামতো লয় কিন্তু এই তিনিগৰাকীৰ
ভিতৰত ভগৱান কাৰ মাজত প্ৰৱেশ কৰে, অৰ্থ বুজি নাপায়। তেওঁলোকে বিষ্ণুৰ নাম লয়। এতিয়া
তেওঁতো হৈছে দেৱতা। তেওঁ কেনেকৈ পঢ়াব। বাবাই নিজে কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ
সেইবাবে দেখুৱাইছে – ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এজন প্ৰতিপালন কৰোঁতা, আনজন বিনাশ
কৰাওঁতা। এয়া অতিকৈ বুজিবলগীয়া কথা। ভগৱানুবাচ – মই তোমালোকক ৰাজযোগ শিকাওঁ। সেই
ভগৱান কেতিয়া আহিল যে ৰাজযোগ শিকালে আৰু ৰাজকীয় পদ দিলে, এয়া এতিয়া তোমালোকে বুজি
পোৱা। 84 জন্মৰ ৰহস্যও বুজাইছে। পূজ্য–পুজাৰীৰ কথাও বুজাইছে। বিশ্বত শান্তিৰ ৰাজ্য
এই লক্ষ্মী–নাৰায়ণৰ আছিল নহয় জানো, যিটো গোটেই জগতে বিচাৰে। যেতিয়া লক্ষ্মী-নাৰায়ণৰ
ৰাজ্য আছিল সেই সময়ত সকলো শান্তিধামত আছিল। এতিয়া আমি শ্ৰীমতত এই কাৰ্য কৰি আছোঁ।
অনেকবাৰ কৰিছোঁ আৰু কৰি থাকিম। এয়াও জানা যে কোটিৰ মাজত কোনোবাহে ওলাব। দেৱী-দেৱতা
ধৰ্মাৱলম্বীসকলকে প্ৰেৰিত কৰিব। ভাৰতৰে কথা। যিসকল এইটো কুলৰ হ’ব তেওঁলোক ওলাই আছে
আৰু ওলাই থাকিব। যেনেকৈ তোমালোক ওলাইছা, তেনেকৈ আৰু প্ৰজাও হৈ থাকিব। যিসকলে ভালকৈ
পঢ়ে তেওঁলোকে ভাল পদ পায়। মুখ্য হৈছে জ্ঞান-যোগ। যোগৰ বাবেও জ্ঞান লাগে। আকৌ শক্তি
পুঞ্জৰ সৈতে যোগযুক্ত হ’ব লাগে। যোগৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব আৰু
স্বাস্থ্যৱান-সম্পত্তিমান হ’বাগৈ। সন্মানসহকাৰে উত্তীৰ্ণও হ'বা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যি কথা হৈ গ'ল, তাৰ চিন্তন কৰিব নালাগে। এতিয়ালৈকে যি পঢ়িলা সেয়া পাহৰিব লাগে,
একমাত্ৰ পিতাৰ পৰা শুনিব লাগে আৰু নিজৰ ব্ৰাহ্মণ কুলক সদায় স্মৃতিত ৰাখিব লাগে।
(2) সম্পূৰ্ণ
নিশ্চয়বুদ্ধিৰ হৈ থাকিব লাগে। কোনো কথাত সংশয় আনিব নালাগে। ঈশ্বৰীয় সংগ আৰু পঢ়া
কেতিয়াও এৰিব নালাগে।
বৰদান:
আত্মিক
প্ৰিয়তমৰ আকৰ্ষণত আকৰ্ষিত হৈ পৰিশ্ৰমৰ পৰা মুক্ত হওঁতা আত্মিক প্ৰেমিকা হোৱা
প্ৰিয়তমে নিজৰ হেৰাই
যোৱা প্ৰেমিকাসকলক দেখি হৰ্ষিত হয়। আত্মিক আকৰ্ষণত আকৰ্ষিত হৈ নিজৰ প্ৰকৃত প্ৰিয়তমক
জানি ল’লে, পাই গ’ল, যথাৰ্থ ঠিকনাত উপনীত হৈ গ'ল। যেতিয়া এনেকুৱা প্ৰেমিকা আত্মাসকল
এই প্ৰেমৰ ৰেখাৰ ভিতৰলৈ আহি যায় তেতিয়া অনেক প্ৰকাৰৰ পৰিশ্ৰমৰ পৰা মুক্ত হৈ যায়
কিয়নো ইয়াত জ্ঞান সাগৰৰ স্নেহৰ লহৰে, শক্তিৰ লহৰে… সদাকালৰ বাবে সজীৱ কৰি দিয়ে। এয়া
মনোৰঞ্জনৰ বিশেষ স্থান, মিলনৰ স্থান তোমালোক প্ৰেমিকাসকলৰ বাবে প্ৰিয়তমে তৈয়াৰ কৰিছে।
স্লোগান:
একান্তবাসী হোৱাৰ লগতে ‘একনামী’ (এজনৰ প্ৰতি অনুৰক্ত) আৰু ‘ইক’নমী’ (মিতব্যয়ী) হোৱা।
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ আনৰ সংস্কাৰ
সাক্ষী হৈ চোৱা তেনেকৈ নিজৰ তমোপ্ৰধান অৱস্থাৰ সংস্কাৰো সাক্ষী হৈ চোৱা আৰু সমাপ্ত
কৰা। অনুভৱ কৰা যে এই সংস্কাৰ স্বাহা হৈ আছে, এনেকৈ ভাবিলেহে সদায় সফলতা পাই থাকিবা।