26.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম কৰিও বেহদৰ উন্নতি কৰা, যিমানে ভালকৈ বেহদৰ পাঠ পঢ়িবা, সিমানে উন্নতি হ’ব”

প্ৰশ্ন:
তোমালোক সন্তানসকলে যি বেহদৰ পাঠ পঢ়ি আছা, ইয়াত আটাইতকৈ উচ্চ কঠিন বিষয় কোনটো?

উত্তৰ:
এই পঢ়াত সকলোতকৈ উচ্চ বিষয়টি হৈছে ভাই ভাইৰ দৃষ্টি দৃঢ় কৰা। পিতাই জ্ঞানৰ যি তৃতীয় নেত্ৰ প্ৰদান কৰিছে, সেই নেত্ৰৰে আত্মা ভাই ভাইক চোৱা। দুচকুৱে যাতে অলপো প্ৰবঞ্চনা নকৰে। কোনো দেহধাৰীৰ নাম-ৰূপৰ ফালে যাতে বুদ্ধি নাযায়। বুদ্ধিত যাতে অলপো বিকাৰী ছিঃ ছিঃ সংকল্প উদয় নহয়। এই ক্ষেত্ৰত পৰিশ্ৰম কৰিবলগীয়া হয়। এই বিষয়টিত উত্তীৰ্ণ হোৱাসকল বিশ্বৰ মালিক হৈ যাব।

ওঁম্শান্তি।
বেহদৰ পিতাই বহি বেহদৰ সন্তানসকলক বুজায়। প্ৰতিটো কথাই এফালে হদৰ, আনফালে বেহদৰো হয়। ইমান সময়ে তোমালোক হদত (লৌকিকৰ সীমিত জগতত) আছিলা, এতিয়া বেহদত আছা। তোমালোকৰ পঢ়াও বেহদৰ। বেহদৰ বাদশ্বাহীৰ বাবে এই পঢ়া, ইয়াতকৈ উচ্চ পঢ়া আৰু একো নাই। কোনে পঢ়ায়? বেহদৰ পিতা ভগৱানে। শৰীৰ নিৰ্বাহৰ অৰ্থেও সকলোবোৰ কৰিব লাগে। আকৌ নিজৰ উন্নতিৰ অৰ্থেও কিছু কৰিবলগীয়া হয়। বহুত লোকে চাকৰি কৰিও উন্নতিৰ বাবে পঢ়ি থাকে। তাত হৈছে হদৰ উন্নতি, ইয়াত বেহদৰ পিতাৰ ওচৰত বেহদৰ উন্নতি। পিতাই কয় - হদ আৰু বেহদ দুয়োটাৰে উন্নতি কৰা। বুদ্ধিৰে বুজি পোৱা যে আমি এতিয়া বেহদৰ সঁচা উপাৰ্জন কৰিব লাগে। ইয়াততো সকলো মাটিত মিলি যাব। যিমানে তোমালোকে বেহদৰ উপার্জনত জোৰ দি গৈ থাকিবা সিমানে হদৰ উপাৰ্জনৰ কথা পাহৰি যাবা। সকলোৱে বুজিব যে এতিয়া বিনাশ হ’ব। বিনাশ সমীপত আহিলে তেতিয়া ভগৱানকো বিচাৰিব। যিহেতু বিনাশ হয় তেন্তে নিশ্চয় স্থাপনা কৰোঁতাও থাকিব। জগতৰ লোকেতো একোৱে নাজানে। তোমালোক প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰীসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পাঠ পঢ়ি আছা। হোষ্টেলত (ছাত্ৰ-ছাত্ৰী নিবাসত) সেইসকল বিদ্যাৰ্থী থাকে যিসকলে শিক্ষা গ্ৰহণ কৰি থাকে। কিন্তু এইখন হোষ্টেলতো অনন্য। এইখন হোষ্টেলততো বহুত এনেয়ে থাকে, যিসকল আৰম্ভণিতে গুচি আহিল তেওঁলোক থাকি গ’ল। এনেয়ে আহি গ’ল। ভিন্ন ভিন্ন প্ৰকাৰৰ আহিল। এনেকুৱা নহয় যে সকলোবোৰ ভালেই আহিল। সৰু সৰু সন্তানকো তোমালোকে লৈ আনিলা। তোমালোকে সন্তানসকলকো চম্ভালিছিলা। আকৌ তেওঁলোকৰ মাজৰো কিমান গুচি গল। বাগিচাত ফুলো চোৱা আৰু পক্ষীও চোৱা কেনেকৈ টিকলু-টিকলু কৰি থাকে। এই মনুষ্য সৃষ্টিও এই সময়ত এনেকুৱাই। আমাৰ কোনো সভ্যতা নাছিল। সভ্যসকলৰহে মহিমা গাইছিল। এনেকৈ কৈছিলা - আমাৰ নিৰ্গুণীসকলৰ কোনো গুণ নাই…। যিমানেই ডাঙৰ ব্যক্তি নাহক, এইটো অনুভৱ কৰে যে আমি ৰচয়িতা পিতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ বিষয়ে নাজানো। গতিকে তেওঁলোক কি কামৰ। তোমালোকো কোনো কামৰ নাছিলা। এতিয়া তোমালোকে বুজি পোৱা এয়া পিতাৰ চমৎকাৰ। পিতাই বিশ্বৰ মালিক কৰি তোলে। যি ৰাজ্য আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। কোনেও অলপো বিঘিনি আনিব নোৱাৰে। কিহৰ পৰা আমি কি হৈ যাওঁ! সেয়েহে এনেহেন পিতাৰ শ্ৰীমতত নিশ্চয় চলা উচিত লাগিলে বিশ্বত যিমানেই গ্লানি, হুলস্থূল আদি নহওঁক। এয়া কোনো নতুন কথা নহয়। 5 হাজাৰ বছৰ পূৰ্বেও হৈছিল। শাস্ত্ৰবোৰতো আছে। সন্তানসকলক শুনোৱা হৈছে, ভক্তিমাৰ্গত এয়া যি শাস্ত্ৰ আছে সেয়া পুনৰ ভক্তিমাৰ্গত পঢ়িব। এই সময়ত তোমালোক জ্ঞানৰ দ্বাৰা সুখধামলৈ যোৱা। তাৰ বাবে পূৰা পুৰুষাৰ্থ কৰা উচিত। যিমানে এতিয়া পুৰুষাৰ্থ কৰিবা কল্পই কল্পই সিমানেই হ'ব। নিজৰ ভিতৰত বিচাৰ কৰা – মই কিমানলৈকে উচ্চ পদ পাম। এইটোতো প্ৰত্যেক বিদ্যাৰ্থীয়ে বুজিব পাৰে যে মই যিমানে ভালকৈ পঢ়িম সিমানেই শ্ৰেষ্ঠ হ'ম। এওঁ মোতকৈ বুদ্ধিমান, গতিকে ময়ো বুদ্ধিমান হ’বলৈ চেষ্টা কৰোঁ। ব্যৱসায়ীসকলৰ মাজতো এনেকুৱা হয় - মই এওঁতকৈ ওপৰত যাওঁ অৰ্থাৎ বুদ্ধিমান হওঁ। অল্পকালীন সুখৰ বাবে পৰিশ্ৰম কৰে। পিতাই কয় - মৰমৰ সন্তানসকল, মই তোমালোকৰ কিমান ডাঙৰ পিতা। সাকাৰী পিতাও (পিতা ব্ৰহ্মাও) আছে তেনেকৈ নিৰাকাৰী পিতাও (শিৱপিতাও) আছে। দুয়োগৰাকী একত্ৰিত হৈ আছে। দুয়োগৰাকী মিলি কয় - মৰমৰ সন্তানসকল, এতিয়া তোমালোকে বেহদৰ পাঠ বুজি গৈছা। অন্য কোনেও নাজানে। প্ৰথম কথা হৈছে আমাক পঢ়াওঁতাজন কোন? ভগৱানে কি পাঠ পঢ়ায়? ৰাজযোগৰ। তোমালোক হৈছা ৰাজঋষি। তেওঁলোক হৈছে হঠযোগী (শৰীৰক কষ্ট দি যোগ কৰোঁতা)। তেওঁলোকো ৠষি, কিন্তু হদৰ। তেওঁলোকে কয় - আমি ঘৰ-সংসাৰ ত্যাগ কৰিছোঁ। এয়া জানো কিবা ভাল কাম কৰিলে? তোমালোকে ঘৰ-সংসাৰ তেতিয়াহে এৰা যেতিয়া বিকাৰৰ কাৰণে ব্যতিব্যস্ত কৰি তোলে। তেওঁলোক কিয় ব্যতিব্যস্ত হ’ল? তোমালোকে যেতিয়া মাৰ খাবলগীয়া হ’ল তেতিয়া গুচি আহিলা। প্ৰত্যেককে সোধা, কুমাৰীসকলে, স্ত্ৰীসকলে কিমান মাৰ খালে, সেইবাবে গুচি আহিল। আৰম্ভণিত কিমান আহিল। ইয়াত জ্ঞান অমৃত পাইছিল সেয়েহে চিঠি লৈ আহিল যে আমি জ্ঞান অমৃত পান কৰিবলৈ ‘ওঁম্ ৰাধা’ৰ ওচৰলৈ আহিলোঁ। এই বিকাৰৰ কাৰণে কাজিয়া, হুলস্থূল আৰম্ভণিৰ পৰাই চলি আহিছে। বন্ধ তেতিয়াহে হ'ব যেতিয়া আসুৰি জগতৰ বিনাশ হ'ব। পুনৰ আধাকল্পৰ বাবে বন্ধ হৈ যাব।

এতিয়া তোমালোক সন্তানসকলে বেহদৰ পিতাৰ পৰা প্ৰালব্ধ লোৱা। বেহদৰ পিতাই সকলোকে বেহদৰ প্ৰালব্ধ দিয়ে। হদৰ পিতাই হদৰ প্ৰালব্ধ দিয়ে। সেয়াও কেৱল পুত্ৰ সন্তানেহে উত্তৰাধিকাৰ লাভ কৰে। ইয়াত পিতাই কয় - তোমালোক কন্যা হোৱা বা পুত্ৰ, উভয়ে উত্তৰাধিকাৰৰ অধিকাৰী। সেই লৌকিক পিতাৰ দৃষ্টিত ভেদাভেদ থাকে, কেৱল পুত্ৰকহে উত্তৰাধিকাৰী কৰে। স্ত্ৰীক অৰ্ধাংগিনী বুলি কয়। কিন্তু তেওঁকো ভাগ নিদিয়ে। পুত্ৰইহে চম্ভালে। পিতাকৰ সন্তানৰ প্ৰতি মোহ থাকে। এইজন পিতাইতো বিধি অনুসৰি সকলো সন্তানক (আত্মাক) উত্তৰাধিকাৰ দিয়ে। ইয়াত পুত্ৰ বা কন্যাৰ পাৰ্থক্য গ’মেই পোৱা নাযায়। তোমালোকে বেহদৰ পিতাৰ পৰা কিমান সুখৰ উত্তৰাধিকাৰ লোৱা। তথাপিও সম্পূৰ্ণকৈ নপঢ়ে। পঢ়িবলৈ এৰি দিয়ে। কন্যাসকলে লিখে - বাবা, অমুকে তেজেৰে লিখি দিছে। এতিয়া নাহে। তেজেৰেও লিখে - বাবা, আপুনি মৰম কৰক বা পৰিত্যাগ কৰক, মই আপোনাক কেতিয়াও এৰি নিদিওঁ। কিন্তু পিতাৰ দ্বাৰা পালিত হৈ আকৌ গুচি যায়। পিতাই বুজাইছে - এয়া সকলো ড্ৰামা। কোনোবা আশ্চৰ্যজনকভাৱে আঁতৰি গুচি যাব। ইয়াত বহি আছা, গতিকে নিশ্চয়তা আছে, এনেহেন বেহদৰ পিতাক আমি কেনেকৈ ত্যাগ কৰিম। এয়াতো শিক্ষাও হয়। প্ৰতিশ্ৰুতিও দিয়ে, মই লগত লৈ যাম। সত্যযুগৰ আৰম্ভণিত ইমান মনুষ্য নাছিল। এতিয়া সংগমত সকলো মনুষ্য আছে, সত্যযুগত বহুত কমসংখ্যক থাকিব। ইমানবিলাক ধৰ্মাৱলম্বী কোনোৱেই নাথাকিব। তাৰ বাবে সকলো প্ৰস্তুতি চলি আছে। এই শৰীৰ এৰি শান্তিধামলৈ গুচি যাবগৈ। হিচাপ-নিকাচ নিষ্পত্তি কৰি, য’ৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছে ত’লৈ গুচি যাব। সেয়া হৈছে দুঘণ্টাৰ নাটক, এয়া হৈছে বেহদৰ নাটক। তোমালোকে জানা, আমি সেইখন ঘৰৰ নিবাসী আৰু এজন পিতাৰে সন্তান। নিবাস কৰা স্থান হৈছে নিৰ্বাণধাম, বাণীৰ সিপাৰে। তাত আৱাজ (শব্দ) নাথাকে। মনুষ্যই ভাবে ব্ৰহ্মত লীন হৈ যায়। বাবাই কয় - আত্মা অবিনাশী, আত্মাৰ কেতিয়াও বিনাশ হ’ব নোৱাৰে। কিমান জীৱ আত্মা আছে। অবিনাশী আত্মাই জীৱৰ (শৰীৰৰ) দ্বাৰা ভূমিকা পালন কৰে। সকলো আত্মাই ড্ৰামাৰ ভাৱৰীয়া। নিবাস কৰা স্থান ব্ৰহ্মাণ্ড, সেইখন হৈছে ঘৰ। আত্মা ডিম্বাকৃতিত দেখিবলৈ পোৱা যায়। সেই ব্ৰহ্মাণ্ডই আত্মাৰ থকা স্থান। প্ৰতিটো কথা ভালদৰে বুজিব লাগে। যদি বুজা নাই তেন্তে আগলৈ গৈ যদি শুনিয়েই থাকা তেতিয়া নিজেই বুজিবা। যদি এৰি দিয়া তেন্তে একোৱে বুজিব নোৱাৰিবা। তোমালোক সন্তানসকলে জানা যে এই পুৰণি সৃষ্টিৰ নাশ হৈ নতুন সৃষ্টি স্থাপনা হয়। পিতাই কয় - কালি তোমালোক বিশ্বৰ মালিক আছিলা, এতিয়া পুনৰ তোমালোক বিশ্বৰ মালিক হ’বলৈ আহিছা। গীতো আছে নহয় - বাবাই আমাক এনেকুৱা মালিক কৰি তোলে যে আমাৰ পৰা সেয়া কোনেও কাঢ়ি নিব নোৱাৰে। আকাশ, ভূমি আদিৰ ওপৰত আমাৰ দখল (অধিকাৰ) থাকে। এইখন জগতত চোৱা কি কি আছে। সকলো হৈছে স্বাৰ্থপৰ সংগী। তাততো এনেকুৱা নহ’ব। যেনেকৈ লৌকিক পিতাই সন্তানসকলক কয় - এই ধন-সম্পত্তি সকলো তোমাক দি থৈ যাওঁ, এইবোৰ ভালদৰে চম্ভালিবা। তেনেকৈ বেহদৰ পিতায়ো কয় - তোমালোকক ধন-সম্পত্তি সকলো দিওঁ। তোমালোকে মোক আহ্বান জনাইছা, পাৱন সৃষ্টিলৈ লৈ যাওঁক - তেন্তে নিশ্চয় পাৱন কৰি বিশ্বৰ মালিক কৰিম। পিতাই কিমান যুক্তিৰে বুজায়। ইয়াৰ নামেই হৈছে সহজ জ্ঞান আৰু যোগ। চেকেণ্ডৰ কথা। চেকেণ্ডত মুক্তি আৰু জীৱনমুক্তি। তোমালোক এতিয়া কিমান দূৰদৰ্শী বুদ্ধিৰ হৈ গ’লা। এইটোৱে যাতে চিন্তন চলি থাকে যে আমি বেহদৰ পিতাৰ দ্বাৰা পঢ়ি আছোঁ। আমি নিজৰ বাবে ৰাজ্য স্থাপনা কৰি আছোঁ, তেন্তে তাত আমি কিয় উচ্চ পদ নাপাওঁ। কম পদ কিয় পাওঁ। ৰাজধানী স্থাপনা হয়। তাতো পদমৰ্যাদা থাকিব নহয়। দাস-দাসী বহুত থাকিব। তেওঁলোকেও বহুত সুখ পায়। একেলগে মহলত থাকিব। সন্তান আদিৰ প্ৰতিপালন কৰিব। কিমান সুখী হ’ব। কেৱল নামতহে দাস-দাসী। যি ৰজা-ৰাণীয়ে খায় সেয়া দাস-দাসীয়েও খায়। প্ৰজাই সেয়া খাবলৈ নাপায়, দাস-দাসীৰো বহুত মান থাকে, কিন্তু তেওঁলোকৰ ভিতৰতো ক্ৰমানুসৰি থাকে। তোমালোক সন্তানসকল গোটেই বিশ্বৰ মালিক হৈ যোৱা। দাস-দাসীতো ইয়াতো ৰজাসকলৰ ওচৰত থাকে। ৰাজকুমাৰীসকলৰ যেতিয়া সভা হয়, পৰস্পৰ মিলিত হয়, তেতিয়া ফুলেৰে সজ্জিত হৈ মুকুট আদি পিন্ধি থাকে। আকৌ তেওঁলোকৰ মাজতো ক্ৰমানুসৰি ডাঙৰ শোভনীয় সভা অনুষ্ঠিত হয়। তাত ৰাণীসকল নবহে। তেওঁলোক পৰ্দাৰ আঁৰত থাকে। এই সকলোবোৰ কথা পিতাই বুজায়। তেওঁক তোমালোকে প্ৰাণদাতা বুলিও কোৱা, জীৱন দান দিওঁতা। বাৰে বাৰে শৰীৰ এৰাৰ পৰা ৰক্ষা কৰোঁতা। তাত মৃত্যুৰ চিন্তা নাথাকে। ইয়াত কিমান চিন্তা থাকে। অলপ কিবা হ’লেই ডাক্তৰক মাতে যাতে মৃত্যু হৈ নাযায়। তাত ভয়ৰ কথা নাথাকে। তোমালোকে কালক জয় কৰা, গতিকে কিমান নিচা থাকিব লাগে। পঢ়াওঁতাজনক স্মৰণ কৰা, সেয়াও স্মৃতিৰ যাত্ৰা। পিতা-শিক্ষক-সৎগুৰুক স্মৰণ কৰা সেয়াও ঠিক, যিমানে শ্ৰীমতত চলিবা, মন- বচন-কৰ্মৰে পাৱন হ’ব লাগে। বুদ্ধিত যাতে বিকাৰী সংকল্পও উদয় নহয়। সেয়া তেতিয়াহে হ’ব যেতিয়া ভাই ভাই বুলি বুজিবা। ভাই-ভনী বুলি ভাবিলেও ছিঃ ছিঃ হৈ যায়। সকলোতকৈ বেছি প্ৰবঞ্চনা কৰোঁতা হৈছে এই চকুজুৰি, সেয়েহে পিতাই তৃতীয় নেত্ৰ প্ৰদান কৰিছে গতিকে নিজক আত্মা বুলি বুজি ভাই ভাইক চোৱা। ইয়াকে জ্ঞানৰ তৃতীয় নেত্ৰ বুলি কোৱা হয়। ভাই-ভনী বুলি ভাবিলেও অকৃতকাৰ্য হয়, সেয়েহে অন্য উপায় উলিওৱা হয় - নিজক ভাই ভাই বুলি বুজা। বহুত পৰিশ্ৰম হয়। বিষয় থাকে নহয়। কিছুমান বহুত টান বিষয় থাকে। এয়া হৈছে পঢ়া, ইয়াতো উচ্চ বিষয় হৈছে - তোমালোক কাৰো নাম-ৰূপত আৱদ্ধ হ’ব নোৱাৰা। বহুত ডাঙৰ পৰীক্ষা। বিশ্বৰ মালিক হ’ব লাগে। মুখ্য কথা পিতাই কয়, ভাই ভাই বুলি বুজা। গতিকে সন্তানসকলে ইমান পুৰুষাৰ্থ কৰিব লাগে। কিন্তু আগবাঢ়ি গৈ গৈ কিছুমান বিশ্বাসঘাতকো হৈ যায়। ইয়াতো এনেকুৱা। ভাল ভাল সন্তানসকলক মায়াই নিজৰ কৰি লয়। সেয়েহে পিতাই কয় – মোক এৰি আঁতৰিও যায়, সম্পৰ্ক চ্ছেদো কৰে। এৰি থৈ আঁতৰি যোৱাটো সন্তান আৰু পিতাকৰ ক্ষেত্ৰত হয় আৰু সম্পৰ্ক চ্ছেদ স্ত্ৰী আৰু পতিৰ ক্ষেত্ৰত হয়। পিতাই কয় - মোৰ ক্ষেত্ৰত দুয়োটাই হয়। ভাল ভাল কন্যায়ো সম্পৰ্ক চ্ছেদ কৰি ৰাৱণৰ হৈ যায়। আচৰিত খেল নহয় জানো! মায়াই কি কৰি নিদিয়ে! পিতাই কয় - মায়া বৰ কঠোৰ। গায়ন আছে হস্তীক ঘঁৰিয়ালে খালে। বহুত গাফিলতি কৰি বহি থাকে। পিতাক অনাদৰ কৰিলে মায়াই কেঁচাতে খাই পেলায়। মায়া এনেকুৱা যে কোনো কোনোক একেবাৰে ধৰি লয়। বাৰু!

সন্তানসকলক কিমান শুনালোঁ, কিমান শুনাম। মুখ্য কথা হৈছে ‘অল্ফ’ (পিতা)। মুছলমানসকলেও কয় - ৰাতিপুৱা উঠি ‘অল্ফ’ক (আল্লাক) স্মৰণ কৰা। এইখিনি সময় শুবৰ বাবে নহয়। এইটো উপায়েৰেহে বিকৰ্ম বিনাশ হয় অন্য উপায় নাই। পিতাই তোমালোক সন্তানসকলৰ সৈতে কিমান বিশ্বস্ত হৈ থাকে। কেতিয়াও তোমালোকক এৰি নিদিয়ে। আহিছেই শুধৰাই লগত লৈ যাবলৈ। স্মৃতিৰ যাত্ৰাৰেহে তোমালোক সতোপ্ৰধান হ'বা। সেইফালে জমা হৈ থাকিব। পিতাই কয় - নিজৰ হিচাপ ৰাখা - কিমান স্মৰণ কৰোঁ, কিমান সেৱা কৰোঁ। বেপাৰী লোক লোকচান হোৱা দেখিলে সাৱধান হয়। ঘাটি হ'ব দিব নালাগে। কল্প-কল্পান্তৰলৈ ঘাটি হৈ যায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মন-বচন-কৰ্মত পাৱন হ’ব লাগে, বুদ্ধিত যাতে বিকাৰী সংকল্পও উদয় নহয়, তাৰ বাবে আত্মা ভাই ভাই হওঁ, এইটো অভ্যাস কৰিব লাগে। কাৰো নাম-ৰূপত আৱদ্ধ হ’ব নালাগে।

(2) যেনেকৈ পিতা বিশ্বস্ত, সন্তানসকলক সংশোধন কৰি লগত লৈ যায়, তেনেকুৱা বিশ্বস্ত হৈ থাকিব লাগে। কেতিয়াও পিতাক এৰি আঁতৰি যাব বা সম্পৰ্ক চ্ছেদ কৰিব নালাগে।

বৰদান:
সদায় পাতল (বোজাৰ পৰা মুক্ত) হৈ পিতাৰ নয়নত সমাহিত হওঁতা সহজযোগী হোৱা

সংগমযুগত যি আনন্দৰ খনি পোৱা যায় সেয়া আন কোনো যুগত পোৱা নাযায়। এই সময়ত পিতা আৰু সন্তানৰ মিলন হয়, উত্তৰাধিকাৰ পোৱা যায়, বৰদান পোৱা যায়। উত্তৰাধিকাৰ অথবা বৰদান দুয়োটাৰে ক্ষেত্ৰত পৰিশ্ৰম নহয় সেয়েহে তোমালোকৰ উপাধিয়েই হৈছে সহজযোগী। বাপদাদাই সন্তানসকলৰ পৰিশ্ৰম চাব নোৱাৰে, কয় - সন্তানসকল নিজৰ সকলো বোজা পিতাক দি নিজে বোজা মুক্ত হৈ যোৱা। ইমান পাতল হৈ যোৱা যাতে পিতাই নিজৰ নয়নত বহুৱাই লগত লৈ যাব পাৰে। পিতাৰ প্ৰতি থকা স্নেহৰ চিন হৈছে - সদায় পাতল হৈ পিতাৰ নয়নত সমাহিত হৈ যোৱা।

স্লোগান:
নেতিবাচক চিন্তা কৰাৰ ৰাস্তা বন্ধ কৰি দিয়া তেতিয়া সফলতা স্বৰূপ হৈ যাবা।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সংস্কাৰতো ভিন্ন ভিন্ন হয়েই আৰু হ’বও কিন্তু সংস্কাৰৰ সংঘাত হ’বলৈ দিয়া বা কাষৰীয়া হৈ নিজক নিৰাপদে ৰখা এয়া নিজৰ ওপৰত। কিবা হৈ গ’লে, যদি কাৰোবাৰ সংস্কাৰ এনেকুৱা তেন্তে অন্যই তালি যাতে নবজায়। তেওঁ পৰিৱৰ্তন হওঁক বা নহওঁক তুমিতো পৰিৱৰ্তন হ’ব পাৰা নহয়। যদি প্ৰত্যেকে নিজক পৰিৱৰ্তন কৰে, সমাহিত কৰা শক্তি ধাৰণ কৰে তেতিয়া অন্যৰ সংস্কাৰো অৱশ্যে শীতল হৈ যাব।