27.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক আহিছা বাবাৰ পৰা স্বাস্থ্য, সম্পদ আৰু সুখৰ উত্তৰাধিকাৰ ল’বলৈ, ঈশ্বৰীয় মতত চলিলেহে পিতাৰ উত্তৰাধিকাৰ পোৱা যায়”

প্ৰশ্ন:
পিতাই সকলো সন্তানক নেতিবাচক সংকল্পৰ পৰা মুক্ত হোৱাৰ কোনটো যুক্তি শুনাইছে?

উত্তৰ:
নেতিবাচক সংকল্পক জয় কৰিবলৈ নিজক আত্মা বুলি বুজি সকলোকে ‘ভাই ভাই’ৰ দৃষ্টিৰে চোৱা। শৰীৰক চালে নেতিবাচক সংকল্প উদয় হয়, সেয়েহে ভ্ৰূকুটিত আত্মা ভাইক চোৱা। পাৱন হ'বলৈ হ’লে এইটো দৃষ্টি দৃঢ় কৰা। নিৰন্তৰ পতিত-পাৱন পিতাক স্মৰণ কৰা। স্মৃতিৰেহে মামৰ আঁতৰিব, আনন্দৰ সীমা নোহোৱা হ’ব, আৰু নেতিবাচক সংকল্পৰ ওপৰত বিজয় প্ৰাপ্ত কৰি ল’বা।

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ (ভগৱানে কয়) নিজৰ শালগ্ৰাম সন্তানসকলৰ প্ৰতি। শিৱ ভগৱানুবাচ গতিকে নিশ্চয় শৰীৰ থাকিব তেতিয়াহে ক’ব। ক’বলৈ মুখ নিশ্চয় লাগে। তেনেকৈ শুনোঁতাসকলৰো কাণ নিশ্চয় লাগে। আত্মাক কাণ, মুখ লাগে। এতিয়া তোমালোক সন্তানসকলে ঈশ্বৰীয় মত প্ৰাপ্ত কৰি আছা, যাক ৰাম মত বুলি কোৱা হয়। বাকী সকলো আছে ৰাৱণ মতত। ঈশ্বৰীয় মত আৰু আসুৰি মত। ঈশ্বৰীয় মত আধাকল্প ধৰি চলে। পিতাই ঈশ্বৰীয় মত দি তোমালোকক দেৱতা কৰি তোলে আকৌ সত্যযুগ-ত্ৰেতাত সেয়াই মত চলে। তাত জন্মও কমকৈ হয় কিয়নো সকলো যোগী। আৰু দ্বাপৰ-কলিযুগত হৈছে ৰাৱণৰ মত, ইয়াত জন্মও বেছিকৈ হয়, কিয়নো ইয়াত সকলো ভোগী, সেয়েহে আয়ুসো কম হয়। বহুত সম্প্ৰদায় হৈ যায় আৰু বহুত দুখী হৈ পৰে। ৰামৰ মতত থকাসকল আকৌ ৰাৱণৰ মতত মিলি যায়। সেয়েহে গোটেই সৃষ্টিয়ে ৰাৱণ মতত চলোঁতা হৈ যায়। আকৌ পিতা আহি সকলোকে ৰাম মত দিয়ে। সত্যযুগত হৈছে ৰাম মত, ঈশ্বৰীয় মত। সেইখনক স্বৰ্গ বুলি কোৱা হয়। ঈশ্বৰীয় মত পোৱাৰ লগে লগে আধাকল্পৰ কাৰণে স্বৰ্গ স্থাপনা হৈ যায়। সেয়া (স্বৰ্গ) যেতিয়া পূৰা হয় তেতিয়া ৰাৱণৰাজ্য আৰম্ভ হয়, তাক কোৱা হয় আসুৰি মত। এতিয়া নিজক সোধা - আমি আসুৰি মতত কি কৰিছিলোঁ? ঈশ্বৰীয় মতত কি কৰি আছোঁ? আগতে যেন নৰকবাসী আছিলোঁ আকৌ শিৱালয়ত স্বৰ্গবাসী হওঁগৈ। সত্যযুগ-ত্ৰেতাক শিৱালয় বুলি কোৱা হয়। যাৰ নামেৰে স্থাপনা হয় নিশ্চয় তেওঁৰ নামো ৰাখিব। গতিকে সেইখন হৈছে শিৱালয়, য'ত দেৱতাসকল থাকে। ৰচয়িতা পিতাইহে তোমালোকক এই কথাবোৰ বুজাই আছে। কি ৰচনা কৰে, সেয়াও তোমালোক সন্তানসকলে বুজি পোৱা। গোটেই ৰচনাই এই সময়ত তেওঁক আহ্বান জনায় - হে পতিত–পাৱন, হে মুক্তি দাতা, ৰাৱণৰ ৰাজ্যৰ পৰা বা দুখৰ পৰা উদ্ধাৰ কৰোঁতা। এতিয়া তোমালোকে সুখ কি বুজিব পাৰিছা সেয়েহে ইয়াক দুখ বুলি বুজিব পাৰা। নহ'লে কোনোবাই জানো ইয়াক দুখ বুলি ভাবে। যেনেকৈ পিতা জ্ঞানেৰে পৰিপূৰ্ণ, মনুষ্য সৃষ্টিৰ বীজৰূপ, তোমালোকো জ্ঞানেৰে পৰিপূৰ্ণ হৈ যোৱা। বীজত গোটেই বৃক্ষৰ জ্ঞান নাথাকে জানো। কিন্তু সেয়া হৈছে জড়। চৈতন্য হোৱা হ’লে কৈ দিলেহেঁতেন। তোমালোক চৈতন্য বৃক্ষৰ সেয়েহে বৃক্ষকো জানা। পিতাক মনুষ্য সৃষ্টিৰ বীজৰূপ বুলি কোৱা হয়, সত্য-চৈতন্য-আনন্দ স্বৰূপ। এই বৃক্ষৰ উৎপত্তি আৰু প্ৰতিপালন কেনেকৈ হয়, সেয়া কোনেও নাজানে। এনেকুৱা নহয় যে নতুন বৃক্ষৰ উৎপত্তি হয়। এয়াও পিতাই বুজাইছে পুৰণা বৃক্ষৰ মনুষ্যই আহ্বান জনায় যে আহি ৰাৱণৰ পৰা মুক্ত কৰক কিয়নো এই সময়ত হৈছে ৰাৱণৰাজ্য। মনুষ্যইতো ৰচয়িতাকো নাজানে আৰু ৰচনাকো নাজানে। পিতাই নিজে শুনাই আছে - মই এবাৰেই স্বৰ্গ স্থাপনা কৰোঁ। স্বর্গৰ পাছত আকৌ নৰক হৈ যায়। ৰাৱণ অহাৰ লগে লগে আকৌ বাম (বিকাৰী) মাৰ্গত গুচি যায়। সত্যযুগত স্বাস্থ্য, সম্পদ, সুখ সকলো আছে। তোমালোক ইয়ালৈ আহিছা পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ - স্বাস্থ্য, সম্পদ, সুখৰ কিয়নো স্বৰ্গত কেতিয়াও দুখ নাথাকে। তোমালোকৰ অন্তৰত আছে যে আমি কল্পই কল্পই পুৰুষোত্তম সংগমযুগত পুৰুষাৰ্থ কৰোঁ। নামেই কিমান সুন্দৰ। আৰু অন্য কোনো যুগক পুৰুষোত্তম বুলি কোৱা হয় জানো। অন্য যুগত ছিৰি তললৈ নামিয়ে থাকে। পিতাক আহ্বানো জনায়, সমৰ্পিতও হয়। কিন্তু এইটো নাজানে যে পিতা কেতিয়া আহিব। আহ্বানতো জনায় হে ঈশ্বৰ পিতা মুক্তি দিয়ক, মাৰ্গ-দৰ্শক হওঁক। মুক্তিদাতা হয় গতিকে নিশ্চয় আহিবলগীয়া হয়। আকৌ মাৰ্গ-দৰ্শক হৈ লৈ যাব লাগে। পিতাই সন্তানসকলক বহু দিনৰ পাছত দেখা পায় সেয়েহে বহুত আনন্দিত হয়। সেয়া হৈছে হদৰ (লৌকিকৰ) পিতা। এয়া হৈছে বেহদৰ (গোটেই সৃষ্টিৰ) পিতা। বাবা হৈছে ৰচয়িতা। ৰচনা ৰচি আকৌ প্ৰতিপালনো কৰে। পুনৰ্জন্মতো ল’বলগীয়া হয়। কাৰোবাৰ 10টা, কাৰোবাৰ 12 টা সন্তান হয়, কিন্তু সেই সকলোবোৰ হৈছে হদৰ সুখ, কাউৰীৰ বিষ্ঠাৰ সমান (তেনেই তাকৰীয়া)। তমোপ্ৰধান হৈ যায়। তমোপ্ৰধান অৱস্থাত সুখ তেনেই তাকৰীয়া। তোমালোক যেতিয়া সতোপ্ৰধান হৈ যোৱা তেতিয়া বহুত সুখী হোৱা। সতোপ্ৰধান হোৱাৰ যুক্তি (উপায়) পিতা আহি শুনায়। পিতাক সৰ্বশক্তিমান হৰ্তা-কৰ্তা বুলি কোৱা হয়। মনুষ্যই ভাবে ঈশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা সেয়েহে যি বিচাৰে তাকে কৰিব পাৰে। মৃত্যু হোৱাজনকো জীয়াই তুলিব পাৰে। এবাৰ কোনোৱে লিখিছিল - যদি আপুনি ভগৱান তেন্তে মাখিটোক জীয়াই দেখুৱাওঁক। এনেকৈ বহুত প্ৰশ্ন কৰে।

তোমালোকক পিতাই শক্তি দিয়ে, যাৰ দ্বাৰা তোমালোক ৰাৱণৰ ওপৰত বিজয়ী হোৱা। বান্দৰৰ পৰা মন্দিৰৰ যোগ্য হোৱা। তেওঁলোকে আকৌ কি কি ৰচি দিছে। বাস্তৱত তোমালোক সকলো সীতাৰূপী ভক্ত। তোমালোক সকলোকে ৰাৱণৰ পৰা মুক্ত কৰা হৈছে। ৰাৱণৰ দ্বাৰা তোমালোকে কেতিয়াও সুখ পাব নোৱাৰা। এতিয়া সকলো ৰাৱণৰ কাৰাগাৰত আছে। ৰামৰ কাৰাগাৰত বুলি কোৱা নহ’ব। ৰাম আহে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ। 10 টা শিৰযুক্ত ৰাৱণ সাজে, 20খন হাত দেখুৱায়। পিতাই বুজাইছে যে 5 বিকাৰ পুৰুষৰ, 5 বিকাৰ স্ত্ৰীৰ। ইয়াকে ৰাৱণৰাজ্য বা 5 বিকাৰ ৰূপী মায়াৰ ৰাজ্য বুলি কোৱা হয়। এনেকৈ কোৱা নহ’ব যে তেওঁৰ ওচৰত বহুত মায়া আছে। মায়াৰ নিচাত মতলীয়া হৈ আছে, নহয়। ধনক মায়া বুলি কোৱা নহয়। ধনক সম্পদ বুলি কোৱা হয়। তোমালোক সন্তানসকলে সম্পদ আদি বহুত পোৱা। তোমালোকে একো বিচৰাৰ দৰকাৰ নাই কিয়নো এয়া হৈছে পঢ়া। পঢ়াৰ ক্ষেত্ৰত কিবা বিচৰাৰ কথা আহে জানো! শিক্ষকে যি পঢ়াব শিক্ষাৰ্থীয়ে সেয়া পঢ়িব। যিয়ে যিমান পঢ়িব, সিমানে পাব। বিচৰাৰ কথা নাহে। ইয়াত পৱিত্ৰতাও লাগিব। চোৱা এটা শব্দৰো কিমান মহত্ব আছে। পদ্মাপদম। যথার্থভাৱে পিতাক চিনি লোৱা, স্মৃতিত থাকা। পিতাই পৰিচয় দিছে - যেনেকৈ আত্মা বিন্দু, তেনেকৈ ময়ো আত্মা বিন্দু। তেওঁ চিৰ পৱিত্ৰ। শান্তি, জ্ঞান, পৱিত্ৰতাৰ সাগৰ হয়। মহিমা এজনৰে। সকলোৰে নিজা নিজা স্থান আছে। নাটকো ৰচিছে – কণ কণত ভগৱান আছে, যিসকলে নাটক চাইছে তেওঁলোকে নিশ্চয় জানিব। যিসকল মহাবীৰ সন্তান তেওঁলোককতো বাবাই কয় তোমালোক য’লৈকে নোযোৱা, মাত্ৰ সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে।

এতিয়া তোমালোক সন্তানসকলে ৰামৰাজ্য স্থাপনা কৰি ৰাৱণৰাজ্যক শেষ কৰি দিয়া। এয়া হৈছে বেহদৰ কথা। সেইবিলাক হদৰ কাহিনী ৰচি দিছে। তোমালোক হৈছা শিৱ শক্তি সেনা। শিৱ সৰ্বশক্তিমান নহয় জানো। শিৱৰ শক্তি প্ৰাপ্ত কৰোঁতা শিৱৰ সেনা তোমালোক হোৱা। তেওঁলোকেও আকৌ শিৱ সেনা নাম ৰাখি দিছে। এতিয়া তোমালোকৰ নাম কি ৰাখোঁ। তোমালোকৰতো নাম ৰখা হৈছে - প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। সকলোৱেতো শিৱৰ সন্তান। গোটেই সৃষ্টিৰ আত্মাসকল তেওঁৰ সন্তান। শিৱৰ পৰা তোমালোকে শক্তি পোৱা। শিৱবাবাই তোমালোকক জ্ঞান দিয়ে, যাৰ দ্বাৰা তোমালোকে ইমানেই শক্তি পোৱা যে আধাকল্প তোমালোকে গোটেই বিশ্বত ৰাজত্ব কৰাগৈ। তোমালোকৰ এয়া হৈছে যোগবলৰ শক্তি। আৰু তেওঁলোকৰ হৈছে বাহুবলৰ। ভাৰতৰ প্ৰাচীন ৰাজযোগৰ গায়ন আছে। বিচাৰেও যে ভাৰতৰ প্ৰাচীন ৰাজযোগ শিকোঁ, যাৰ দ্বাৰা স্বৰ্গ স্থাপনা হৈছিল। এনেকৈ কয়ো - যীশুখ্ৰীষ্ট অহাৰ ইমান বছৰৰ পূৰ্বে স্বৰ্গ আছিল। সেইখন কেনেকৈ স্থাপনা হৈছিল? যোগৰ দ্বাৰা। তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ সন্ন্যাসী। তেওঁলোকে ঘৰ-সংসাৰ এৰি জংঘললৈ গুচি যায়। ড্ৰামা অনুসৰি সকলোৱে নিজৰ ভূমিকা প্ৰাপ্ত কৰিছে। ইমান সূক্ষ্ম বিন্দুত কিমান ভূমিকা ভৰি আছে, ইয়াক প্ৰকৃতি বুলিয়ে কোৱা হ'ব। পিতাতো সৰ্বদা শক্তিমান সোণালী যুগী, এতিয়া তোমালোকে তেওঁৰ পৰা শক্তি লোৱা। এয়াও ড্ৰামা ৰচি থোৱা আছে। এনেকুৱা নহয় যে হাজাৰ সূৰ্যতকৈও তেজময় হয়। সেয়াতো যিয়ে যেনেকৈ ভাবে, সেই ভাৱনাৰে চায়। চকু ৰঙা হৈ যায়। বন্ধ কৰা, মই সহ্য কৰিব নোৱাৰো। পিতাই কয় - সেয়া সকলো ভক্তিমাৰ্গৰ সংস্কাৰ। এয়াতো হৈছে জ্ঞান, ইয়াত পঢ়িব লাগে। পিতা শিক্ষকো হয়, পঢ়াই আছে। আমাক কয় - তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে। পিতাই বুজাইছে বেয়া নুশুনিবা..... মনুষ্যই নাজানে যে এয়া কোনে ক'লে, আগতে বান্দৰৰ চিত্ৰ তৈয়াৰ কৰিছিল। এতিয়া মনুষ্যৰ তৈয়াৰ কৰি থাকে। বাবায়ো কুমাৰী নলিনীৰ চিত্ৰ তৈয়াৰ কৰিছিল। মনুষ্যৰ ভক্তিৰ নিচা কিমান থাকে। ভক্তিৰে ৰাজ্য নহয় জানো। এতিয়া হৈছে জ্ঞানৰ ৰাজ্য। পাৰ্থক্য হৈ যায়। সন্তানসকলে জানে যথাযথ জ্ঞানৰ পৰা বহুত সুখ হয়। আকৌ ভক্তিৰে ছিৰি নামি যায়। আমি প্ৰথমে সত্যযুগত যাওঁ পাছত ওকণীৰ নিচিনাকৈ (ধীৰ গতিৰে) তললৈ নামো। 1250 বছৰত দুটা কলা কম হৈ যায়। চন্দ্ৰমাৰ দৃষ্টান্ত দিয়া হয়। চন্দ্ৰমাৰ গ্ৰহণ লাগে। কলা কমি যাব ধৰে আকৌ লাহে লাহে কলা বাঢ়ি গৈ 16 কলা হৈ যায়। সেয়া হৈছে ক্ষণস্থায়ী কথা। এয়া হৈছে বেহদৰ কথা। এই সময়ত সকলোৰে ৰাহুৰ গ্ৰহণ লাগি আছে। উচ্চতকৈও উচ্চ হৈছে বৃহস্পতিৰ দশা। নিকৃষ্টতম হৈছে ৰাহুৰ দশা। একেবাৰে দেউলীয়া কৰি দিয়ে। বৃহস্পতিৰ দশাৰে আমাৰ উত্থান হয়। তেওঁলোকে বেহদৰ পিতাক নাজানেই। এতিয়া ৰাহুৰ দশাতো যথাযথ সকলোৰে ওপৰত আছে। এয়া তোমালোকে জানা, আৰু কোনেও নাজানে। ৰাহুৰ দশাই কঙাল কৰি দিয়ে। বৃহস্পতিৰ দশাই সম্পত্তিৱান কৰি তোলে। ভাৰত কিমান সম্পত্তিৱান আছিল। এখনেই ভাৰত আছিল। সত্যযুগত ৰামৰাজ্য, পৱিত্ৰ ৰাজ্য, যাৰ মহিমা কৰা হয়। অপৱিত্ৰ ৰাজ্যবাসীয়ে গাই থাকে আমাৰ নিৰ্গুণীৰ কোনো গুণ নাই...। নিৰ্গুণ সংস্থা নামেৰে এনেকুৱা সংস্থাও প্ৰতিষ্ঠা কৰিছে। হেৰ’, এই গোটেই সৃষ্টিখনেই নিৰ্গুণ সংস্থা। এয়া জানো এজনৰ কথা। সন্তানসকলক সদায় মহাত্মা বুলি কোৱা হয়। তোমালোকে আকৌ কোৱা কোনো গুণ নাই। এয়াতো গোটেই বিশ্বই হয়, যাৰ কোনো গুণ নথকাৰ বাবে ৰাহুৰ দশা বহি আছে। এতিয়া পিতাই কয় - দান দিলেহে গ্ৰহণ আঁতৰিব। এতিয়া যাবতো সকলোৱে লাগে। দেহৰ লগতে দেহৰ সকলো ধৰ্ম ত্যাগ কৰা। নিজক আত্মা বুলি নিশ্চয় কৰা। তোমালোক এতিয়া উভতি যাব লাগে। পৱিত্ৰ নোহোৱা কাৰণে কোনো উভতি যাব নোৱাৰে। এতিয়া পিতাই পৱিত্ৰ হোৱাৰ উপায় শুনায়। বেহদৰ পিতাক স্মৃতিত ৰাখা। কোনোৱে কয় বাবা আমি পাহৰি যাওঁ। পিতাই কয় - মৰমৰ সন্তানসকল, পতিত-পাৱন পিতাক যদি তোমালোকে পাহৰি যোৱা তোমালোক পৱিত্ৰ কেনেকৈ হ'বা? বিচাৰ কৰা তোমালোকে এয়া কি কথা কোৱা? জন্তুৱেও এনেকৈ কেতিয়াও নক’ব যে মই পিতাক পাহৰি যাওঁ। তোমালোকে কি কোৱা! মই তোমালোকৰ বেহদৰ পিতা, তোমালোক আহিছা বেহদৰ উত্তৰাধিকাৰ ল’বলৈ। নিৰাকাৰ পিতা সন্মুখত আহিলেহে তোমালোকক পঢ়াব। এতিয়া পিতা এওঁৰ শৰীৰত প্ৰৱেশ কৰিছে। এয়া হৈছে বাপদাদা। দুয়োগৰাকীৰ আত্মা এই ভ্ৰূকুটিৰ মাজত আছে। তোমালোকে কোৱা বাপ-দাদা, গতিকে নিশ্চয় দুয়োটি আত্মা থাকিব। শিৱবাবা আৰু ব্ৰহ্মাৰ আত্মা। তোমালোক সকলো হৈ গ'লা প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। তোমালোকে জ্ঞান পোৱা গতিকে জানা যে আমি সকলো ভাই ভাই। আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা আমি ভাই-ভনী হওঁ। এইটো স্মৃতি দৃঢ় হোৱা উচিত। কিন্তু বাবাই দেখিবলৈ পায় যে ভাই-ভনীৰ মাজতো নাম-ৰূপৰ আকৰ্ষণ হয়। বহুতৰে নেতিবাচক সংকল্পও উদয় হয়। ভাল শৰীৰ দেখিলে নেতিবাচক সংকল্প উদয় হয়। এতিয়া পিতাই কয় - নিজক আত্মা বুলি বুজি ভাই ভাই দৃষ্টিৰে চোৱা। আত্মা সকলো ভাই ভাই। ভাই ভাই হয় যেতিয়া পিতা নিশ্চয় থাকিব লাগে। সকলোৰে এজন পিতা। সকলোৱে পিতাক স্মৰণ কৰে। এতিয়া পিতাই কয় - সতোপ্ৰধান হ'বলৈ হ’লে মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। যিমানে স্মৃতিত থাকিবা সিমানে মামৰ আঁতৰিব, আনন্দৰ সীমা নোহোৱা হ’ব আৰু পুৰুষাৰ্থৰ নম্বৰ অনুসাৰে আকৰ্ষণ হৈ থাকিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াৰ প্ৰতি পূৰা মনোযোগ দি নিজক সম্পত্তিৱান কৰি তুলিব লাগে। একোৱে বিচাৰিব নালাগে। একমাত্ৰ পিতাৰ স্মৃতি আৰু পৱিত্ৰতাৰ ধাৰণাৰে পদমা-পদমপতি হ’ব লাগে।

(2) ৰাহুৰ গ্ৰহণৰ পৰা মুক্ত হ’বলৈ বিকাৰ দান দিব লাগে। বেয়া নুশুনিবা.... যিবোৰ কথাৰ কাৰণে ছিৰি তললৈ নামিলা (অধঃপতিত হ’লা), গুণহীন হ'লা, সেয়া বুদ্ধিৰে পাহৰি যাব লাগে।

বৰদান:
"প্ৰথমে আপুনি" মন্ত্ৰৰ দ্বাৰা সকলোৰে স্বমান প্ৰাপ্ত কৰোঁতা নম্ৰ তথা মহান হোৱা

এইটোৱে মহামন্ত্ৰ সদায় যাতে স্মৃতিত থাকে যে "নম্ৰজনেই হৈছে সৰ্ব মহান"। "প্ৰথমে আপুনি" বুলি কোৱাটোৱেই সকলোৰে পৰা স্বমান প্ৰাপ্ত কৰাৰ আধাৰ। মহান হোৱাৰ এইটো মন্ত্ৰ বৰদানৰ ৰূপত সদায় লগত ৰাখিবা। বৰদানেৰেই প্ৰতিপালিত হৈ, উৰি গৈ লক্ষ্যস্থলত উপনীত হ'বা। পৰিশ্ৰম তেতিয়া কৰা যেতিয়া বৰদানক কাৰ্যত প্ৰয়োগ নকৰা। যদি বৰদানেৰে প্ৰতিপালিত হৈ থাকা, বৰদানক কাৰ্যত প্ৰয়োগ কৰি থাকা তেন্তে পৰিশ্ৰম সমাপ্ত হৈ যাব। সদায় সফলতা আৰু সন্তুষ্টতাৰ অনুভৱ কৰি থাকিবা।

স্লোগান:
চেহেৰাৰ দ্বাৰা সেৱা কৰিবৰ বাবে নিজৰ হাঁহিমুখীয়া ৰমণীয় আৰু গম্ভীৰ স্বৰূপ জাগ্ৰত কৰা।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কাৰোবাৰ সংস্কাৰ সৰল, মধুৰ হ’লে তেতিয়া সেই সংস্কাৰ স্বৰূপত আহি যায়। যেতিয়া সংস্কাৰ বাপদাদাৰ সমান হৈ যাব তেতিয়া বাপদাদাৰ স্বৰূপ সকলোৱে দেখিবলৈ পাব। যেনেকুৱা বাপদাদা তেনেকুৱাই হুবহু সেয়াই গুণ, সেয়াই কৰ্তব্য, সেয়াই বচন, সেয়াই সংকল্প অনুভৱ হ’ব। সকলোৰে মুখেৰে উচ্চাৰিত হ’ব এওঁতো তেৱেঁই।