28.04.24    Avyakt Bapdada     Assame Murli     23.10.99     Om Shanti     Madhuban


“*“সময়ৰ আহ্বান – দাতা হোৱা”*”


আজি সৰ্ব শ্ৰেষ্ঠ ভাগ্য বিধাতা, সৰ্ব শক্তিৰ দাতা বাপদাদাই চাৰিওফালৰ সকলো সন্তানক দেখি হৰ্ষিত হৈ আছেহঁক। লাগিলে মধুবনত সন্মুখত আছে বা দেশ-বিদেশত স্মৃতিত শুনি আছে, চাই আছে, য’তেই বহি আছে কিন্তু অন্তৰেৰে সন্মুখত আছে। সেই সকলো সন্তানক দেখি বাপদাদা হৰ্ষিত হৈ আছে। তোমালোক সকলো হৰ্ষিত হৈ আছা নহয়! সন্তানো হৰ্ষিত আৰু বাপদাদাও হৰ্ষিত। আৰু এই অন্তৰৰ সৰ্বকালৰ আনন্দ গোটেই জগতৰ দুখ দূৰ কৰোঁতা হয়। এই অন্তৰৰ আনন্দ আত্মাসকলক পিতাৰ অনুভৱ কৰাওঁতা হয় কিয়নো পিতাও সৰ্বদা সকলো আত্মাৰ প্ৰতি সেৱাধাৰী আৰু তোমালোক সকলো সন্তান পিতাৰ সৈতে সেৱাৰ সঙ্গী হোৱা। সঙ্গী হোৱা নহয়! পিতাৰ সঙ্গী আৰু বিশ্বৰ দুখ পৰিৱৰ্তন কৰি সদায় আনন্দিত হৈ থকাৰ সাধন দিয়াৰ সেৱাত সদায় উপস্থিত থাকা। সৰ্বদা সেৱাধাৰী হোৱা। সেৱা কেৱল চাৰি ঘণ্টা, ছয় ঘণ্টা কৰোঁতা নহয়। প্ৰতিটো চেকেণ্ড সেৱাৰ মঞ্চত ভূমিকা পালন কৰোঁতা পৰমাত্মাৰ সঙ্গী হোৱা। স্মৃতি নিৰন্তৰ থাকে, তেনেকৈ সেৱাও নিৰন্তৰ চলি থাকে। নিজক নিৰন্তৰ সেৱাধাৰী বুলি অনুভৱ কৰানে? নে 8-10 ঘণ্টাৰ সেৱাধাৰী? এই ব্ৰাহ্মণ জন্মই হৈছে স্মৃতিত থকাৰ আৰু সেৱাৰ বাবে। বেলেগ কিবা কৰিব লাগে জানো? এয়াই নহয় জানো! প্ৰতিটো শ্বাসত, প্ৰতিটো চেকেণ্ডত স্মৃতি আৰু সেৱা একেলগে হয় নে সেৱাৰ সময় বেলেগ আৰু স্মৰণ কৰাৰ সময় বেলেগ? বেলেগতো নহয়! বাৰু সন্তুলন আছেনে? যদি সেৱা 100 শতাংশ তেন্তে 100 শতাংশই স্মৃতিত থাকানে? দুয়োটাৰ সন্তুলন আছেনে? পাৰ্থক্য হৈ যায় নহয়? কৰ্ম যোগীৰ অৰ্থই হৈছে কৰ্ম আৰু স্মৃতি, সেৱা আৰু স্মৃতি – দুয়োটাৰে সন্তুলন সমান, সমান হ’ব লাগে। এনেকুৱা নহয় কোনো সময়ত স্মৃতি বেছি আৰু সেৱা কম, বা সেৱা বেছি স্মৃতি কম। যেনেকৈ আত্মা আৰু শৰীৰ যেতিয়ালৈকে মঞ্চত আছে তেতিয়ালৈকে একেলগে আছে নহয়। বেলেগ হ’ব পাৰে জানো? এনেকৈ স্মৃতি আৰু সেৱা একেলগে হ’ব লাগে। স্মৃতি অৰ্থাৎ পিতাৰ সমান, নিজৰ স্বমানৰো স্মৃতি। যেতিয়া পিতাৰ স্মৃতি থাকে তেতিয়া স্বতঃ স্বমানৰ স্মৃতিও থাকে। যদি স্বমানত নাথাকে তেন্তে স্মৃতিও শক্তিশালী হৈ নাথাকে।

স্বমান অৰ্থাৎ পিতাৰ সমান। সম্পূৰ্ণ স্বমান হয়েই পিতাৰ সমান। আৰু এনেকুৱা স্মৃতিত থকা সন্তান সদায়েই দাতা হ’ব। লওঁতা নহয়, দেৱতা মানে দিওঁতা। গতিকে আজি বাপদাদাই সকলো সন্তানৰ দাতাবোধৰ অৱস্থা পৰীক্ষা কৰি আছিল যে কিমানলৈকে দাতাৰ সন্তান দাতা হৈছে? যেনেকৈ পিতাই কেতিয়াও লোৱাৰ সংকল্প কৰিব নোৱাৰে, দিয়াৰ কৰে। যদি কয়ো, পুৰণা সকলো দি দিয়া তেতিয়াও পুৰণাৰ সলনি নতুন দিয়ে। পিতাৰ ক্ষেত্ৰত লোৱা মানে দিয়া। গতিকে বৰ্তমান সময়ত বাপদাদাৰ সন্তানসকলৰ এটা বিষয় বহুত ভাল লাগিল। কোনটো বিষয়? বিদেশৰ বিষয়। কোনটো? (সময়ৰ আহ্বান।)

গতিকে বাপদাদাই চাই আছিল যে সন্তানসকলৰ বাবে সময়ৰ আহ্বান কি! তোমালোকে দেখিবলৈ পোৱা বিশ্বৰ কাৰণে, সেৱাৰ কাৰণে, বাপদাদা সেৱাৰ সঙ্গীতো হয়েই। কিন্তু বাপদাদাই দেখিবলৈ পায় যে সন্তানসকলৰ কাৰণে এতিয়া সময়ৰ আহ্বান কি? তোমালোকেও বুজি পোৱা নহয় যে সময়ৰ আহ্বান কি? নিজৰ কাৰণে ভাবা। সেৱাৰ প্ৰতিতো ভাষণ দিলা, দি আছা নহয়! কিন্তু নিজৰ কাৰণে, নিজকেই সোধা যে মোৰ কাৰণে সময়ৰ আহ্বান কি? বৰ্তমান সময়ৰ আহ্বান কি? সেয়েহে বাপদাদাই চাই আছিল যে এতিয়াৰ সময় অনুসৰি সকলো সময়ত, প্ৰতিগৰাকী সন্তানে দাতাবোধৰ স্মৃতি আৰু বঢ়াব লাগে। স্ব-উন্নতিৰ প্ৰতি দাতাবোধৰ ভাৱ বা সকলোৰে প্ৰতি স্নেহ জাগ্ৰত ৰূপত দেখা দিয়ক। কোনোবা যেনেকুৱাই নহওঁক, যিয়েই নহওঁক, মই দিব লাগে। গতিকে দাতা সদায়েই বেহদৰ বৃত্তিধাৰী হ’ব, হদৰ (সীমিত) নহয় আৰু সদায় দাতা সম্পন্ন, ভৰপূৰ হ’ব। দাতা সদায়েই ক্ষমাৰ মাষ্টৰ সাগৰ হ’ব। এইটো কাৰণত যিবিলাক হদৰ নিজৰ সংস্কাৰ বা আনৰ সংস্কাৰ সেয়া জাগ্ৰত নহ’ব, নিষ্ক্ৰিয় হৈ থাকিব। মই দিব লাগে। কোনোবাই দিয়ক বা নিদিয়ক মই দাতা হ’ব লাগে। কোনোবা সংস্কাৰৰ বশীভূত পৰৰ অধীন আত্মা হওঁক, সেই আত্মাটিক মই সহযোগ দিব লাগে। তেতিয়া কাৰো হদৰ সংস্কাৰে তোমালোকক প্ৰভাৱিত নকৰিব। কোনোবাই মান দিয়ক, কোনোবাই নিদিয়ক, তেওঁলোকে নিদিয়ক কিন্তু মই দিব লাগে। এনেকুৱা দাতাবোধ এতিয়া জাগ্ৰত হ’ব লাগে। মনত ভাৱনাতো আছে কিন্তু… কিন্তু আহিব নালাগে। মই কৰিবই লাগে। কিবা এনেকুৱা চাল-চলন বা বাণী যি তোমালোকৰ কামৰ নহয়, ভাল নালাগে, তাক নল’বাই। বেয়া বস্তু লোৱা হয় জানো? মনত ধাৰণ কৰা অৰ্থাৎ লোৱা। মগজতো নহয়। মগজতো কথা আহি গ’ল নহয়, সেয়াও নহয়। যিহেতু হয়েই বেয়া বস্তু, ভাল নহয় তেন্তে মগজ আৰু অন্তৰত নল’বা মানে ধাৰণ নকৰিবা। আৰুহে লোৱাৰ পৰিৱৰ্তে শুভ ভাৱনা, শুভ কামনা, দাতা হৈ দিয়া। নল’বা; কিয়নো এতিয়া সময় অনুসৰি যদি অন্তৰ আৰু মগজ খালী নহয় তেন্তে নিৰন্তৰ সেৱাধাৰী হ’ব নোৱাৰিবা। অন্তৰ বা মগজ যেতিয়া কোনো কথাত ব্যস্ত হৈ গ’ল তেন্তে কি সেৱা কৰিবা? তেতিয়া যেনেকৈ লৌকিকত কোনোবাই 8 (আঠ) ঘণ্টা, কোনোবাই 10 ঘণ্টা কাম কৰে, ইয়াতো তেনেকুৱা হৈ যাব। 8 (আঠ) ঘণ্টাৰ সেৱাধাৰী, 6 ঘণ্টাৰ সেৱাধাৰী। নিৰন্তৰ সেৱাধাৰী হ’ব নোৱাৰিবা। লাগিলে মনেৰে সেৱা কৰা, লাগিলে বাণীৰে বা কৰ্ম অৰ্থাৎ সম্বন্ধ, সম্পৰ্কৰে। প্ৰতিটো চেকেণ্ড দাতা অৰ্থাৎ সেৱাধাৰী। মগজ খালী ৰাখিলে পিতাৰ সেৱাৰ সঙ্গী হ’ব পাৰিবা। অন্তৰ সদায় স্বচ্ছ কৰি ৰাখিলে নিৰন্তৰ পিতাৰ সেৱাৰ সঙ্গী হ’ব পাৰা। তোমালোক সকলোৰে প্ৰতিজ্ঞা কি? একেলগে থাকিম, একেলগে যাম। প্ৰতিজ্ঞা কৰিছা নহয়? নে আপুনি আগত থাকক মই পিছে পিছে যাম? এনেকুৱাতো নহয়? একেলগে থকাৰ প্ৰতিজ্ঞা কৰিছা নহয়? গতিকে পিতা সেৱা অবিহনে থাকে জানো? স্মৃতি অবিহনেও নাথাকে। যিমান পিতা স্মৃতিত থাকে সিমানখিনি তোমালোকে পৰিশ্ৰমেৰে থাকা। থাকা কিন্তু পৰিশ্ৰম কৰি, মনোযোগ দি। আৰু পিতাৰ কাৰণে আছেইনো কি? পৰম আত্মাৰ কাৰণে আত্মাসকলেই আছে। ক্ৰমানুসৰি আত্মাসকলতো হয়েই। সন্তানসকলৰ স্মৃতি অবিহনে পিতা থাকিবই নোৱাৰে। পিতা সন্তানসকলৰ স্মৃতিৰ অবিহনে থাকিব পাৰে জানো? তোমালোক থাকিব পাৰানে? কেতিয়াবা কেতিয়াবা দুষ্ট হৈ যোৱা।

তেন্তে কি শুনিলা? সময়ৰ আহ্বান – দাতা হোৱা। আৱশ্যকতা বহুত আছে। গোটেই বিশ্বৰ আত্মাসকলৰ আহ্বান – হে আমাৰ ইষ্ট … ইষ্টতো হোৱা নহয়! কিবা নহয় কিবা ৰূপত সৰ্ব আত্মাৰ কাৰণে ইষ্ট হোৱা। সেয়েহে এতিয়া সকলো আত্মাৰে আহ্বান – হে ইষ্ট দেৱ, দেৱীসকল পৰিৱৰ্তন কৰক। এই আহ্বান শুনিবলৈ পোৱানে? পাণ্ডৱসকলে এই আহ্বান শুনিবলৈ পোৱানে? শুনি আকৌ কি কৰা? শুনিবলৈ পোৱা তেন্তে অৱলম্বনৰ ব্যৱস্থা কৰানে নে ভাবা যে হয় কৰিম? আহ্বান শুনিবলৈ পোৱানে? সেয়েহে সময়ৰ আহ্বান শুনোৱা আৰু আত্মাসকলৰ আহ্বান কেৱল শুনা, এনেকুৱা নেকি? গতিকে ইষ্ট দেৱ-দেৱীসকল এতিয়া নিজৰ দাতাবোধৰ ৰূপ জাগ্ৰত কৰা। দিব লাগে। কোনো আত্মা যাতে বঞ্চিত হৈ থাকি নাযায়। নহ’লেতো আপত্তিৰ মালা পিন্ধিব লাগিব। আপত্তিতো কৰিব নহয়! তেন্তে আপত্তিৰ মালা পিন্ধোঁতা ইষ্ট হোৱা নে ফুলৰ মালা পিন্ধোঁতা ইষ্ট হোৱা? কেনেকুৱা ইষ্ট হোৱা? পূজ্য হোৱা নহয়! এনেকৈ নাভাবিবা যে মইতো পাছত আহিছোঁ। যিসকল জ্যেষ্ঠ আছে তেওঁলোক দাতা হ’ব, মই ক’ত হ’ম। কিন্তু নহয় সকলো দাতা হ’ব লাগে।

যিসকল প্ৰথমবাৰ মধুবনলৈ আহিছা তেওঁলোকে হাত উঠোৱা। যিসকল প্ৰথমবাৰ মধুবনলৈ আহিছা তেওঁলোক দাতা হ’ব পাৰানে নে দ্বিতীয় তৃতীয় বছৰত দাতা হ’বাগৈ? এবছৰীয়াসকল দাতা হ’ব পাৰানে? (হয় হজুৰ) বহুত ভাল বুদ্ধিমান। বাপদাদাই সাহস দেখি সদায় আনন্দিত হয়। লাগিলে এমহীয়াই হোৱা, এওঁৰতো এবছৰ বা 6 মাহ হৈছে চাগৈ কিন্তু বাপদাদাই জানে যে এবছৰীয়া হোৱা বা এমহীয়াই হোৱা, এমাহতো নিজক ব্ৰহ্মাকুমাৰ বা ব্ৰহ্মাকুমাৰী বুলি পৰিচয় দিয়ে নহয়! গতিকে ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী অৰ্থাৎ পিতা ব্ৰহ্মাৰ উত্তৰাধিকাৰৰ অধিকাৰী হৈ গ’ল। ব্ৰহ্মাক পিতা বুলি মানি ল’লা সেইবাবে কুমাৰ-কুমাৰী হ’লা নহয়? তেন্তে ব্ৰহ্মাকুমাৰ আৰু ব্ৰহ্মাকুমাৰী, পিতা ব্ৰহ্মা, শিৱ পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী হৈ গ’ল নহয়! নে এমহীয়াসকলে উত্তৰাধিকাৰ নাপাব? এমাহীয়াসকলে উত্তৰাধিকাৰ পায়নে? যেতিয়া উত্তৰাধিকাৰ পাই গ’লা তেন্তে দিবৰ কাৰণে দাতাতো হ’বা নহয়! যি বস্তু পাইছা সেয়া দিবলৈ আৰম্ভ কৰিবই লাগে নহয়।

যদি পিতা বুলি বুজি সম্বন্ধ গঢ়িলা তেন্তে এদিনতে উত্তৰাধিকাৰ ল’ব পাৰা। এনেকুৱা নহয় যে হয় ভালেই, কিবা শক্তি আছে, বুজিতো পাওঁ… এনেকুৱা নহয়। উত্তৰাধিকাৰৰ অধিকাৰী সন্তান হয়। বুজোঁতা, দেখোঁতা নহয়। যদি এদিনতো অন্তৰেৰে পিতা বুলি মানি ল’লা তেন্তে উত্তৰাধিকাৰৰ অধিকাৰী হ’ব পাৰা। তোমালোকতো সকলো অধিকাৰী হোৱা নহয়? তোমালোকতো ব্ৰহ্মাকুমাৰ কুমাৰী হোৱা নহয় নে হৈ আছা? হৈ গ’লা নে হ’বলৈ আহিছা? কোনেও তোমালোকক সলনি কৰিব নোৱাৰে নহয়? ব্ৰহ্মাকুমাৰ কুমাৰীৰ পৰিৱৰ্তে কেৱল কুমাৰ-কুমাৰী হৈ যোৱা, হ’ব নোৱাৰে নহয়? ব্ৰহ্মাকুমাৰ আৰু কুমাৰী হোৱাত লাভ কিমান? এটা জন্মৰেই লাভ নহয়, অনেক জন্মৰ লাভ। পুৰুষাৰ্থ আধা জন্ম, চাৰি ভাগৰ এভাগ জন্মৰ আৰু প্ৰালব্ধ হ’ল অনেক জন্মৰ। লাভেই লাভ নহয়নে?

বাপদাদাই সময় অনুসৰি বৰ্তমান সময়ত বিশেষ এটা কথাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰাইছে কিয়নো বাপদাদাই সন্তানসকলৰ ফলাফলতো চাই থাকে নহয়! তেন্তে ফলাফলত দেখা গ’ল, বহুত ভাল সাহস আছে। লক্ষ্যও বহুত ভাল। লক্ষ্য অনুসৰি এতিয়ালৈকে লক্ষ্য আৰু লক্ষণৰ মাজত পাৰ্থক্য আছে। লক্ষ্য সকলোৰে এক নম্বৰ হোৱাৰ, কাৰোবাক যদি বাপদাদাই সোধে যে তোমাৰ লক্ষ্য 21 জন্মৰ ৰাজ্য-ভাগ্য লোৱাৰ, সূৰ্যবংশী হোৱাৰ নে চন্দ্ৰবংশী? তেতিয়া সকলোৱে কিহত হাত উঠাব? সূৰ্যবংশী হোৱাত নহয়! কোনোবা আছেনে যি চন্দ্ৰবংশী হ’ব খোজে? কোনো নাই। (এগৰাকীয়ে হাত উঠালে) ভালেই, নহ’লে সেইখন আসন খালী হৈ থাকি যাব। গতিকে লক্ষ্য সকলোৰে বহুত ভাল, লক্ষ্য আৰু লক্ষণৰ সমানতা – তাৰ ওপৰত মনোযোগ দিয়া আৱশ্যক। তাৰ কাৰণ কি? যি আজি শুনালোঁ কেতিয়াবা কেতিয়াবা লওঁতা হৈ যায়। এইটো হওঁক, এইটো কৰোঁ, এওঁ সহায় কৰক, এওঁ সলনি হ’লে মই সলনি হ’ম। এইটো কথা ঠিক হ’লে তেতিয়া মই ঠিক হ’ম। এয়া হৈছে লওঁতা হোৱা। দাতাবোধ নাই! কোনোবাই দিয়ক বা নিদিয়ক, পিতাইতো সকলো দি দিছে। পিতাই কাৰোবাক কমকৈ দিছে কাৰোবাক বেছিকৈ দিছে জানো? একেটাই পাঠ্যক্ৰম নহয় জানো! 60 বছৰীয়া হওঁক বা এমহীয়াই হওঁক, পাঠ্যক্ৰমতো একেটাই নহয় নে 60 বছৰীয়াৰ বেলেগ এমহীয়াৰ বেলেগ? তেওঁলোকেও সেয়াই পাঠ্যক্ৰম পঢ়িলে আৰু এতিয়াও সেয়াই পাঠ্যক্ৰম। সেয়াই জ্ঞান, সেয়াই স্নেহ, সেয়াই সৰ্ব শক্তি। সকলো একেই। তেওঁক 16 শক্তি, তেওঁক 8 (আঠ) শক্তি, এনেকুৱা নহয়। সকলোৰে বাবে একেই উত্তৰাধিকাৰ। গতিকে যিহেতু পিতাই সকলোকে ভৰপূৰ কৰি দিলে তেন্তে আকৌ ভৰপূৰ আত্মা দাতা হয়, লওঁতা নহয়। মই দিব লাগে, কোনোবাই দিয়ক বা নিদিয়ক, লোৱাৰ ইচ্ছুক নহয়, দিয়াৰ ইচ্ছুক। আৰু যিমান দিবা, দাতা হ’বা সিমানে সম্পদ বাঢ়ি যাব। ধৰা কাৰোবাক নিজৰ স্বমান দিলা, তেতিয়া আনক দিয়া অৰ্থাৎ নিজৰ স্বমান বঢ়োৱা। দিলে সেয়া দিয়া নহয়, দিয়া অৰ্থাৎ লোৱা। নল’বা, দিয়া তেতিয়া লোৱা হয়েই যাব। গতিকে বুজিলা – সময়ৰ আহ্বান কি? দাতা হোৱা। এটা শব্দ স্মৃতিত ৰাখিবা। যি কথাই হৈ নাযাওঁক ‘দাতা’ শব্দ স্মৃতিত ৰাখিবা। ইচ্ছা মাত্ৰম্‌ অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ)। সূক্ষ্ম ৰূপতো লোৱাৰ ইচ্ছা নাই, স্থূল ৰূপতো লোৱাৰ ইচ্ছা নাই। দাতাৰ অৰ্থই হৈছে ইচ্ছা মাত্ৰম্‌ অবিদ্যা। সম্পন্ন। কোনো অপ্ৰাপ্তিৰ অনুভৱ নহ’ব যিটো লোৱাৰ ইচ্ছা জাগিব। সৰ্ব প্ৰাপ্তি সম্পন্ন। তেন্তে লক্ষ্য কি? সম্পন্ন হোৱাৰ নহয় জানো? নে যিমান পাওঁ সেয়াই ভাল? সম্পন্ন হোৱা মানেই সম্পূৰ্ণ হোৱা।

আজি বিদেশীসকলে বিশেষ সুযোগ পাইছে। ভাল কথা। প্ৰথম সুযোগ বিদেশীসকলে লৈছে, আদৰৰ হৈ গ’লা নহয়। সকলোকে মানা কৰিলে আৰু বিদেশীসকলক নিমন্ত্ৰণ জনালে। বাপদাদাৰো স্মৃতিত সকলো সন্তান আছে তথাপিও ডবল বিদেশীসকলক দেখি, তেওঁলোকৰ সাহস দেখি বহুত আনন্দিত হয়। এতিয়া বৰ্তমান সময়ত ইমান অস্থিৰতাত নাহে। এতিয়া পাৰ্থক্য আহি গৈছে। আৰম্ভণিত ভাৰতীয় সংস্কৃতি, বিদেশৰ সংস্কৃতিক লৈ যি প্ৰশ্ন আছিল সেয়া এতিয়া বোধগম্য হৈ গ’ল। এতিয়া ব্ৰাহ্মণ সংস্কৃতিত আহি গ’লা। ভাৰতীয় সংস্কৃতিও নহয়, বিদেশৰ সংস্কৃতিও নহয়, ব্ৰাহ্মণ সংস্কৃতিত আহি গ’লা। ভাৰতীয় সংস্কৃতিয়ে অলপ খেলিমেলিৰ সৃষ্টি কৰে কিন্তু ব্ৰাহ্মণ সংস্কৃতি সহজ হয় নহয়! ব্ৰাহ্মণ সংস্কৃতি হয়েই স্বমানত থকা আৰু স্বৰাজ্য অধিকাৰী হোৱা। এয়াই ব্ৰাহ্মণ সংস্কৃতি। এয়াতো পচন্দ কৰা নহয়? এতিয়া প্ৰশ্নতো নাই নহয়, ভাৰতীয় সংস্কৃতি, কেনেকৈ আহোঁ, কঠিন? সহজ হৈ গ’ল নহয়? চাবা আকৌ তাত গৈ নক’বা যে এয়া অলপ কঠিন! তালৈ গৈ এনেকৈ নিলিখিবা। সহজ বুলি কৈতো দিলোঁ কিন্তু এয়া অলপ কঠিন! সহজ নে অলপ অলপ কঠিন? অলপো কঠিন নহয়। বহুত সহজ। এতিয়া গোটেই খেল পূৰা হৈ গ’ল সেইবাবে হাঁহি উঠে। এতিয়া দৃঢ় হৈ গৈছে। শৈশৱৰ খেল এতিয়া সমাপ্ত হৈ গ’ল। এতিয়া অনুভৱী হৈ গ’লা আৰু বাপদাদাই দেখিবলৈ পায় যে যিমানে পুৰণা দৃঢ় হৈ গৈ থাকে তেতিয়া যিসকল নতুন নতুন আহে তেওঁলোকো দৃঢ় হৈ যায়। ভাল কথা ইজনে-সিজনক আগবঢ়াই থাকে। ভাল পৰিশ্ৰম কৰে। এতিয়া দাদীসকলৰ ওচৰলৈ আপত্তিতো লৈ নোযোৱা নহয়। আপত্তিজনক কথাবোৰ দাদীসকলৰ ওচৰলৈ লৈ যোৱা নেকি? কম হৈ গ’ল! পাৰ্থক্য হ’ল নহয়? (দাদী জানকীক) তেন্তে তোমাৰ এতিয়া বেমাৰ নাই নহয়? আপত্তিজনক কথাবোৰৰ বাবে বেমাৰ হয়, সেয়াতো শেষ হৈ গ’ল। ভাল কথা, সকলোতকৈ ভালৰো ভাল বিশেষ গুণ আছে – ভাল আন্তৰিক স্বচ্ছতা আছে। ভিতৰত ৰাখি নথয়, বাহিৰলৈ উলিয়াই দিয়ে। যি কথা হয় সঁচাকৈ কৈ দিয়ে। এনেকুৱা নহয়, তেনেকুৱা। “এনেকুৱা তেনেকুৱা” বুলি নকয়, যি কথা হয় সেয়া কৈ দিয়ে, এইটো বিশেষত্ব ভাল। সেইবাবে পিতাই কয় সঁচা আৰু স্বচ্ছ অন্তৰত পিতা ৰাজী হয়। হয় যদি হয়, নহয় যদি নহয়। এনেকুৱা নহয় – চাম বাৰু…। বাধ্যত পৰি নচলে। যদি চলে যদি পূৰা চলে, নহ’লে নাই। বাৰু।

যিসকল সন্তানে স্নেহ সহিত স্মৃতি পঠাইছে, বাপদাদাই সেই সকলো সন্তানক, যিসকলে পত্ৰৰ দ্বাৰা বা যি কোনো প্ৰকাৰে স্নেহ সহিত স্মৃতি পঠিয়াইছে বাপদাদাই স্বীকাৰ কৰিছে। আৰু বাপদাদাই বিনিময়ত সকলো সন্তানকে দাতা বোধৰ বৰদান দি আছে। বাৰু! এক চেকেণ্ডত উৰিব পাৰানে? ডেউকা শক্তিশালী হয় নহয়? বচ্‌ বাবা বুলি ক’লা আৰু উৰিলা। (ড্ৰিল)

চাৰিওফালৰ সৰ্ব শ্ৰেষ্ঠ পিতাৰ সমান দাতাবোধৰ ভাৱনা ৰাখোঁতা, শ্ৰেষ্ঠ আত্মাসকলক নিৰন্তৰ স্মৃতি আৰু সেৱাত তৎপৰ হৈ থাকোঁতা, পৰমাত্ম সেৱাৰ সঙ্গী সন্তানসকলক সদায় লক্ষ্য আৰু লক্ষণ সমান কৰি তোলোঁতা, সদায় পিতাৰ স্নেহী আৰু সমান, সমীপৰ হওঁতা বাপদাদাৰ নয়নৰ মণি, সদায় বিশ্ব কল্যাণৰ ভাৱনাত থকা দয়াশীল, মাষ্টৰ ক্ষমাৰ সাগৰ সন্তানসকলক দূৰৈত বহি থকাসকলক, মধুবনত তলত বহা আৰু বাপদাদাৰ সন্মুখত বহি থকা সকলো সন্তানক স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বৰদান:
অন্তৰত একমাত্ৰ ‘দিলাৰামক’ (অন্তৰ জিনোঁতাজনক) সমাহিত কৰি এজনৰ পৰা সৰ্ব সম্বন্ধৰ অনুভূতি কৰোঁতা সন্তুষ্ট আত্মা হোৱা

জ্ঞান সমাহিত কৰাৰ স্থান হৈছে মগজ কিন্তু প্ৰেমিকক সমাহিত কৰাৰ স্থান হৈছে অন্তৰ। কোনো কোনো প্ৰেমিকাই মগজ বেছিকৈ চলায় কিন্তু বাপদাদা সঁচা অন্তৰধাৰীসকলৰ ওপৰত ৰাজী হয় সেইবাবে অন্তৰৰ অনুভৱ অন্তৰে জানে, ‘দিলাৰামে’ জানে। যিসকলে অন্তৰেৰে সেৱা কৰে বা স্মৰণ কৰে তেওঁলোকৰ পৰিশ্ৰম কম হয় আৰু সন্তুষ্টতা বেছিকৈ পায়। উদাৰ অন্তৰৰসকলে সদায় সন্তুষ্টতাৰ গীত গায়। তেওঁলোকৰ সময় অনুসৰি এজনৰ পৰা সৰ্ব সম্বন্ধৰ অনুভূতি হয়।

স্লোগান:
অমৃতবেলা সৰল বুদ্ধিৰ হৈ বহা তেতিয়া সেৱাৰ নতুন বিধিৰ আভাস হ’ব ।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

সন্মুখত যি কথাই নাহক এইটো লক্ষ্য ৰাখিবা যাতে এক চেকেণ্ডত পৰিৱৰ্তন হৈ যায়। যি পুৰণা সংস্কাৰ আৰু স্বভাৱ আছে সেয়া পৰিৱৰ্তন হৈ ঈশ্বৰীয় হৈ যায়। কোনো পুৰণা সংস্কাৰ, পুৰণা অভ্যাস যাতে নাথাকে। তোমালোকৰ পৰিৱৰ্তনত অনেক লোক সন্তুষ্ট হ’ব। সদায় এইটোৱে লক্ষ্য ৰাখা যে আমাৰ চলনৰ দ্বাৰা কোনেও যাতে দুখ নাপায়।