29.04.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এয়া আৰোহণ কৰাৰ সঁচা সৎসঙ্গ, তোমালোকে এতিয়া সত্য পিতাৰ সঙ্গ লৈছা সেয়েহে মিছা সঙ্গ কেতিয়াও নল’বা”

প্ৰশ্ন:
তোমালোক সন্তানসকলৰ বুদ্ধি কিহৰ আধাৰত সদায় বেহদত টিকি থাকিব পাৰে?

উত্তৰ:
বুদ্ধিত স্বদৰ্শন চক্ৰ ঘূৰাই থাকা, ড্ৰামাত যি চলি আছে, এয়া সকলো নিৰ্ধাৰিত হৈ আছে। এক চেকেণ্ডো ইফাল-সিফাল হ’ব নোৱাৰে। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হ’ব। এইটো কথা বুদ্ধিত ভালকৈ ধাৰণ হ’লে তেতিয়া বেহদত টিকি থাকিব পাৰিবা। বেহদত টিকি থাকিবৰ বাবে এইটো ধ্যান ৰখা উচিত যে বিনাশ হ’ব, আমি ঘৰলৈ উভতি যাব লাগে, পাৱন হৈহে আমি ঘৰলৈ যাম।

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলক আত্মিক পিতাই বহি বুজায়। সেইসকলকহে বুজায় যিসকল অবোধ। স্কুলত শিক্ষকে পঢ়ায় কিয়নো সন্তানসকল অবোধ। পঢ়ালে সন্তানসকলে বুজি পায়। তোমালোক সন্তানসকলেও পঢ়ালে বুজি পোৱা। আমাক পঢ়াওঁতাজন কোন! এইটো কেতিয়াও নাপাহৰিবা। পঢ়াওঁতা শিক্ষকজন হৈছে পৰম পিতা। গতিকে তেওঁৰ মতত চলিব লাগে। শ্ৰেষ্ঠ হ’ব লাগে। শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈছে সূৰ্যবংশী। চন্দ্ৰবংশীসকলো শ্ৰেষ্ঠ। কিন্তু এওঁলোক (সূৰ্যবংশী) শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। তোমালোক ইয়ালৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ’বলৈ আহিছা। তোমালোক সন্তানসকলে জানা যে আমি এনেকুৱা হ’ব লাগে। এনেকুৱা স্কুল 5 হাজাৰ বছৰ পাছতহে খোলা হয়। এয়া যথাযথ সত্যৰ সঙ্গ এইটো বুজি তোমালোক ইয়াত বহি আছা। সত্যজন হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, তোমালোক তেওঁৰ সান্নিধ্যত আছা। তেওঁ বহি সত্যযুগৰ শ্ৰেষ্ঠকৈও শ্ৰেষ্ঠ দেৱতা কৰি তোলে অৰ্থাৎ ফুল কৰি তোলে। তোমালোক কাঁইটৰ পৰা ফুল হৈ গৈ থাকা। কোনোবা ততালিকে হৈ যায়, কাৰোবাৰ সময় লাগে। সন্তানসকলে জানে এয়া সংগমযুগ। সেয়াও কেৱল সন্তানসকলে জানে, এইটো নিশ্চয়তা আছে যে এয়া পুৰুষোত্তম হোৱাৰ যুগ। পুৰুষোত্তমো কেনেকুৱা? উচ্চতকৈও উচ্চ আদি সনাতন দেৱী-দেৱতাৰ ধৰ্মৰ যিসকল মহাৰজা-মহাৰাণী আছে, সেয়া হ’বলৈ তোমালোক ইয়ালৈ আহিছা। তোমালোকে বুজি পোৱা যে বেহদৰ পিতাৰ পৰা বেহদৰ সত্যযুগী সুখ ল’বলৈ ইয়ালৈ আহিছোঁ। হদৰ (সীমিত) যিবোৰ কথা আছে সেয়া সকলো নাশ হৈ যায়। হদৰ পিতা, হদৰ ভাই, খুৰা, ককা, মামা, হদৰ পাই-পইচাৰ সম্পত্তি আদি যাৰ প্ৰতি বহুত মোহ থাকে সেয়া সকলো নাশ হৈ যাব। পিতাই বুজায় – এয়া সকলো হদৰ সম্পত্তি। এতিয়া তোমালোক বেহদত যাব লাগে। বেহদৰ সম্পত্তি প্ৰাপ্ত কৰিবলৈ তোমালোক ইয়ালৈ আহিছা। বাকী সকলো হদৰ বস্তু। শৰীৰো হদৰ। বেমাৰ হয়, নাশ হৈ যায়। অকালতে মৃত্যু হৈ যায়। আজিকালিতো চোৱা কি কি তৈয়াৰ কৰি থাকে। বিজ্ঞানে চমৎকাৰ কৰি দিছে। মায়াৰ জাকজমকতা কিমান। বৈজ্ঞানিকসকলে খুব সাহস দেখুৱাই আছে। যিসকলৰ ডাঙৰ ডাঙৰ অট্টালিকা আছে তেওঁলোকে ভাবে এতিয়া আমাৰ বাবে সত্যযুগ। এইটো নুবুজে যে সত্যযুগত এটাই ধৰ্ম থাকে। সেইখন নতুন সৃষ্টি। পিতাই কয় - একেবাৰেই অবোধ। তোমালোক কিমান বিচাৰ বুদ্ধি সম্পন্ন হৈ যোৱা। আৰোহণ কৰা আকৌ ছিৰি তললৈ নামা। সত্যযুগত তোমালোক বিচাৰ বুদ্ধি সম্পন্ন আছিলা আকৌ 84 জন্ম লৈ লৈ অবোধ হৈ যোৱা। আকৌ পিতা আহি বিচাৰ বুদ্ধি সম্পন্ন কৰি তোলে, যাক পাৰসবুদ্ধি বুলি কয়। তোমালোকে জানা যে আমি পাৰসবুদ্ধিৰ বহুত বিচাৰ বুদ্ধি সম্পন্ন আছিলোঁ। গীতো আছে নহয়। বাবা আপুনি যি উত্তৰাধিকাৰ দিয়ে, গোটেই ধৰণী, আকাশৰ আমি মালিক হৈ যাওঁ। কোনেও আমাৰ পৰা কাঢ়ি নিব নোৱাৰে। কোনেও দখল কৰিব নোৱাৰে। বাবাই বহুত দিয়ে। ইয়াতকৈ অধিক কোনেও জোলোঙা ভৰাব নোৱাৰে। এনেহেন পিতাক পাইছা যাক আধাকল্প স্মৰণ কৰিছা। দুখত স্মৰণ কৰে নহয়। যেতিয়া সুখ প্ৰাপ্ত হৈ যায় তাৰপাছত স্মৰণ কৰাৰ দৰকাৰ নাই। দুখত সকলোৱে স্মৰণ কৰে – হায় ৰাম!… এনেকুৱা অনেক প্ৰকাৰৰ শব্দ উচ্চাৰণ কৰে। সত্যযুগত এনেকুৱা কোনো শব্দ নাথাকে। তোমালোক সন্তানসকল ইয়ালৈ পিতাৰ সন্মুখত পঢ়িব আহিছা। পিতাৰ মহাবাক্য পোনপটীয়াকৈ শুনা। পৰোক্ষভাৱে পিতাই জ্ঞান নিদিয়ে। জ্ঞান পোনপটীয়াকৈয়ে পোৱা যায়। পিতা আহিবলগীয়া হয়। তেওঁ কয় - মৰমৰ সন্তানসকলৰ ওচৰলৈ আহিছোঁ। মোক আহ্বান জনোৱা - “অ’ বাপদাদা”। পিতায়ো সঁহাৰি জনায় - “অ’ সন্তানসকল”, এতিয়া মোক ভালদৰে স্মৰণ কৰা, নাপাহৰিবা। মায়াৰ বিঘিনিতো অনেক আহিব। তোমালোকক পঢ়া এৰুৱাই দেহ-অভিমানত লৈ আহিব, গতিকে সাৱধানে থাকিবা। এয়া আৰোহণ কৰাৰ সঁচা সৎসংগ। সেই সকলো সৎসংগ আদি হৈছে তললৈ নমাৰ। সত্যৰ সংগ এবাৰেই পোৱা যায়। মিছাৰ সংগ জন্মজন্মান্তৰ অনেকবাৰ পোৱা যায়। পিতাই সন্তানসকলক কয় - এইটো তোমালোকৰ অন্তিম জন্ম। এতিয়া তালৈ যাব লাগে য’ত কোনো অপ্ৰাপ্ত বস্তু নাথাকে। যাৰ বাবেই তোমালোকে পুৰুষাৰ্থ কৰি আছা। এয়াৰ পিতাই যি কয় সেইবোৰ তোমালোকে এতিয়া শুনা, তাত এইবোৰ একো গম নোপোৱা। এতিয়া তোমালোক ক’লৈ যোৱা? নিজৰ সুখধামলৈ। সুখধাম তোমালোকৰে আছিল। তোমালোক সুখধামত আছিলা, এতিয়া দুখধামত আছা। বাবাই বহুত সহজ মাৰ্গ দেখুৱাইছে, সেয়াই স্মৃতিত ৰাখা। আমাৰ ঘৰ হৈছে শান্তিধাম। তাৰ পৰা আমি স্বৰ্গলৈ আহিম। তোমালোকৰ বহিৰে অন্য কোনো স্বৰ্গলৈ নাহেই। গতিকে তোমালোকেই সোঁৱৰিবা। আমি প্ৰথমে সুখত তাৰপাছত দুখত যাওঁ। কলিযুগত সুখধাম নহয়েই। সুখ পোৱাই নাযায় সেইকাৰণে সন্ন্যাসীয়েও সুখ কাউৰীৰ বিষ্ঠা সম বুলি কয়।

এতিয়া সন্তানসকলে বুজি পায় যে আমাক ঘৰলৈ লৈ যাবলৈ পিতা আহিছে। আমাক পতিতসকলক পাৱন কৰি লৈ যাব। পাৱন স্মৃতিৰ যাত্ৰাৰে হ’ম। যাত্ৰাত বহুত তল-ওপৰ হয়। কোনোবাতো বেমাৰত পৰি যায় তেতিয়া উভটি আহে। ইয়াতো তেনেকুৱা। এয়া হ’ল আত্মিক যাত্ৰা, অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। আমি নিজৰ শান্তিধামলৈ গৈ আছোঁ। বহুত সহজ কিন্তু মায়াই বহুত পাহৰাই দিয়ে। তোমালোকৰ যুদ্ধ হৈছে মায়াৰ সৈতে। পিতাই বহুত সহজকৈ বুজায়, আমি এতিয়া শান্তিধামলৈ যাওঁ। পিতাকেই স্মৰণ কৰোঁ। দৈৱীগুণ ধাৰণ কৰোঁ। পৱিত্ৰ হওঁ। 3-4টা কথাই হৈছে মুখ্য যিকেইটা বুদ্ধিত ৰাখিব লাগে - বিনাশতো হ’বই, 5 হাজাৰ বছৰ পূৰ্বেও আমি গৈছিলোঁ। আকৌ প্ৰথমে আমিয়ে আহিম। গায়নো আছে নহয় - ৰাম গ’ল, ৰাৱণ গ’ল। শান্তিধামলৈ যাবতো সকলোৱে লাগে। তোমালোকে যি পঢ়া সেই পঢ়া অনুসৰি পদ পোৱা। তোমালোকৰ লক্ষ্য-উদ্দেশ্য সন্মুখত আছে। কোনোৱে কয় আমাক সাক্ষাৎকাৰ কৰাওঁক। এই চিত্ৰ (লক্ষ্মী-নাৰায়ণৰ) সাক্ষাৎকাৰ নহয়নো কি! ইয়াৰ বাহিৰে কাৰ সাক্ষাৎকাৰ বিচাৰিছা? বেহদৰ পিতাৰ বিচাৰিছা নেকি? বাকীতো কোনো সাক্ষাৎকাৰ একো কামৰ নহয়। বাবাৰ সাক্ষাৎকাৰ বিচাৰে। বাবাতকৈ মিঠা বস্তু একোৱেই নাই। পিতাই কয় - মৰমৰ সন্তানসকল, প্ৰথমে নিজৰ সাক্ষাৎকাৰ কৰিছানে? আত্মাই কয় যে বাবাৰ সাক্ষাৎকাৰ কৰোঁ। তেন্তে নিজৰ সাক্ষাৎকাৰ কৰিছানে? এয়াতো তোমালোক সন্তাসকলে জানি গৈছা। এতিয়া বোধোদয় হৈছে যে আমি আত্মা, আমাৰ ঘৰ হৈছে শান্তিধাম। তাৰ পৰা আমি আত্মাসকল ভুমিকা পালন কৰিবলৈ আহোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি প্ৰথমে সত্যযুগৰ আদিত আমি আহোঁ। আদি অন্তৰ এয়া হৈছে পুৰুষোত্তম সংগমযুগ। ইয়াত কেৱল ব্ৰাহ্মণহে থাকে, আন কোনো নাথাকে। কলিযুগত অনেক ধৰ্ম আৰু কুল আদি আছে। সত্যযুগত এটাই কুল হ’ব। এয়াতো সহজ নহয় জানো। বৰ্তমান তোমালোক সংগমযুগী ঈশ্বৰীয় পৰিয়ালৰ। তোমালোক সত্যযুগীও নোহোৱা, কলিযুগীও নোহোৱা। এইটোও জানা যে কল্পই কল্পই পিতা আহি এনেকুৱা পাঠ পঢ়ায়। ইয়াত তোমালোক বহি আছা যেতিয়া এয়াই স্মৃতিলৈ আহিব লাগে। শান্তিধাম, সুখধাম আৰু এয়া হৈছে দুখধাম। বুদ্ধিৰে এই দুখধামৰ প্ৰতি বৈৰাগ্য অথবা সন্ন্যাস। তেওঁলোকে কোনো বুদ্ধিৰে সন্ন্যাস নকৰে। তেওঁলোকেতো ঘৰ-সংসাৰ ত্যাগ কৰি সন্ন্যাস লয়। তোমালোককতো পিতাই কেতিয়াও নকয় যে ঘৰ-সংসাৰ ত্যাগ কৰা। ভাৰতৰ আৰু নিজৰ সেৱাতো নিশ্চয় কৰিব লাগে। সেৱাতো ঘৰত থাকিও কৰিব পাৰা। পঢ়িবৰ বাবে নিশ্চয় আহিব লাগে। আকৌ বিচাৰ বুদ্ধি সম্পন্ন হৈ আনকো নিজৰ সমান কৰি তুলিব লাগে। সময়তো বহুত কম। গায়নো আছে নহয় – বহুত গ’ল অলপ আছে। জগতৰ মনুষ্যতো ঘোৰ অন্ধকাৰত আছে, তেওঁলোকে ভাবে এতিয়াও 40 হাজাৰ বছৰ বাকী আছে। তোমালোকক পিতাই বুজায় – সন্তানসকল, এতিয়া বাকী অলপ সময় আছে। তোমালোক বেহদত টিকি থাকিব লাগে। গোটেই জগতত যি চলি আছে সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। ওকণিৰ দৰে (ধীৰ গতিৰে) ড্ৰামা চলি আছে। বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হ’ব। সেইসকলেই আহি পঢ়িব যিসকল সত্যযুগলৈ যাওঁতা হ’ব। তোমালোকে অনেকবাৰ পঢ়িছা। তোমালোকে শ্ৰীমতত নিজৰ স্বৰ্গ স্থাপনা কৰা। এইটো জানা যে উচ্চতকৈও উচ্চ ভগৱান আহেও ভাৰতলৈকে। কল্প পূৰ্বেও আহিছিল। তোমালোকে ক’বা কল্পই কল্পই এনেকৈ পিতা আহে। পিতাই কয় - মই কল্পই কল্পই এনেকৈ স্থাপনা কৰিম। বিনাশো তোমালোকে দেখা। তোমালোকৰ বুদ্ধিত সকলো ধাৰণ ৰৈ যায়। স্থাপনা, বিনাশ আৰু প্ৰতিপালনৰ কৰ্তব্য কেনেকৈ সমাপন হয় সেয়া তোমালোকে জানা। আকৌ আনকো বুজাব লাগে। আগতে নাজানিছিলা। পিতাক জনাৰ পাছত পিতাৰ দ্বাৰা সকলোবোৰ জানি যোৱা। সৃষ্টিৰ ইতিহাস-ভূগোল যথাৰ্থ ৰীতিৰে তোমালোকে জানা। মনুষ্য কেনেকৈ তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হয় - এয়া পিতাই তোমালোকক বুজাই আছে। তোমালোকে আকৌ আনক বুজাব লাগে।

তোমালোক সন্তানসকল এতিয়া পাৰসবুদ্ধিৰ হৈ আছা। সত্যযুগত হয়েই পাৰসবুদ্ধিৰ। এয়া হৈছে পুৰুষোত্তম সংগমযুগ। ইয়াক গীতা আখ্যান বুলি কোৱা হয়, যেতিয়া তোমালোক পাথৰবুদ্ধিৰ পৰা পাৰসবুদ্ধিৰ হোৱা। ‘গীতা’ শুনাওঁতাতো ভগৱান নিজেই। মনুষ্যই নুশুনায়। তোমালোক আত্মাসকলে শুনা আকৌ আনক শুনোৱা। ইয়াক আত্মিক জ্ঞান বুলি কোৱা হয়, যি আত্মা ভাইসকলক শুনোৱা। বৃদ্ধি হৈ গৈ থাকে। তোমালোকে জানা যে পিতা আহি সূৰ্যবংশী চন্দ্ৰবংশী কুল প্ৰতিষ্ঠা কৰে। কাৰ দ্বাৰা? ব্ৰহ্মা মুখবংশাৱলী ব্ৰাহ্মণ কুল ভূষণসকলৰ দ্বাৰা। পিতাই শ্ৰীমত দিয়ে। এয়া বুজিবলগীয়া কথা। অন্তৰত টুকি ৰাখিব লাগে, এয়াতো বহুত সহজ। এয়া হ’ল দুখধাম। এতিয়া আমি ঘৰলৈ যাব লাগে। কলিযুগৰ পাছত সত্যযুগ। কথাটিতো বহুত সৰু আৰু সহজ। তোমালোকে যদি পঢ়াও নাই তেন্তে কোনো আপত্তি নাই। যিসকলে পঢ়িব জানে তেওঁলোকৰ পৰা আকৌ শুনিব লাগে। শিৱবাবা হৈছে সকলো আত্মাৰ পিতা। এতিয়া তেওঁৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। পিতাৰ প্ৰতি নিশ্চয় জন্মিলে স্বৰ্গৰ উত্তৰাধিকাৰ পাবা। ভিতৰি স্মৰণ চলি থাকিব লাগে। শিৱবাবাৰ পৰা বেহদ সুখ, স্বৰ্গৰ উত্তৰাধিকাৰ পাই আছোঁ, সেয়েহে শিৱবাবাক নিশ্চয় স্মৰণ কৰিব লাগে। বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ সকলোৰে অধিকাৰ আছে। যেনেকৈ হদৰ জন্মসিদ্ধ অধিকাৰ পায় তেনেকৈ ইয়াতো এয়া আকৌ হৈছে বেহদৰ। শিৱবাবাৰ পৰা তোমালোকে গোটেই বিশ্বৰ ৰাজ্য পোৱা। সৰু ল’ৰা-ছোৱালীকো এয়া বুজাব লাগে। প্ৰত্যেক আত্মাৰে পিতাৰ পৰা জন্মসিদ্ধ অধিকাৰ লোৱাৰ অধিকাৰ আছে। কল্পই কল্পই নিশ্চয় লয়ো। তোমালোকে জীৱনমুক্তিৰ উত্তৰাধিকাৰ লোৱা। যিসকলে মুক্তিৰ উত্তৰাধিকাৰ পায় তেওঁলোকো জীৱনমুক্তিত নিশ্চয় আহেই। প্ৰথম জন্মতো সুখৰেই হয়। এইটো তোমালোকৰ 84তম জন্ম। এই গোটেই জ্ঞান তোমালোকৰ বুদ্ধিত থকা উচিত। বেহদৰ পিতাই যে আমাক পঢ়ায় - এইটো নাপাহৰিবা। দেহধাৰীয়ে কেতিয়াও জ্ঞান দিব নোৱাৰে। তেওঁলোকৰ আত্মিক জ্ঞান নাথাকেই। তোমালোকক বুজোৱা হয় – ভাই ভাই বুলি বুজা। যিয়েই মনুষ্য মাত্ৰ আছে আন কোনেও এই শিক্ষা নাপায়। যদিবা ‘গীতা’ও শুনায় যে ভগৱানুবাচ - কাম মহাশত্ৰু, ইয়াৰ ওপৰত বিজয়ী হ’লে জগতজিৎ হ’বাগৈ কিন্তু বুজি নাপায়। এতিয়া ভগৱানতো হৈছে সত্য। দেৱতায়ো ভগৱানৰ পৰা সত্য শিকিছে। শ্ৰীকৃষ্ণয়ো এই পদ ক’ৰ পৰা পালে? লক্ষ্মী-নাৰায়ণ ক’ৰ পৰা হ’ল? কি কৰ্ম কৰিলে? কোনোবাই ক’ব পাৰিবনে? এতিয়া তোমালোকেহে জানা যে নিৰাকাৰ পিতাই পিতা ব্ৰহ্মাৰ দ্বাৰা এনেকুৱা কৰ্ম শিকালে। এইখন সৃষ্টি হয় নহয়। এতিয়া তোমালোক হৈছা প্ৰজাপিতা ব্ৰহ্মাকুমাৰ–কুমাৰী। তোমালোকৰ আত্মিক পিতাৰ জ্ঞান আছে। তোমালোকে বুজি পোৱা যে ভগৱানক জানি গৈছোঁ। উচ্চতকৈও উচ্চ তেওঁ হৈছে নিৰাকাৰ। তেওঁৰ সাকাৰ ৰূপ নাই। বাকী যি দেখিবলৈ পোৱা তেওঁলোক সাকাৰী। মন্দিৰতো লিঙ্গ দেখিবলৈ পোৱা অৰ্থাৎ তেওঁৰ শৰীৰ নাই। এনেকুৱা নহয় যে তেওঁৰ নাম-ৰূপৰ পৰা উপৰাম। অৱশ্যে হয়, বাকী সকলো দেহধাৰীৰ নাম থাকে, জন্মপত্ৰিকা থাকে। শিৱবাবাতো হৈছে নিৰাকাৰ। তেওঁৰ জন্মপত্ৰিকা নাই। শ্ৰীকৃষ্ণ হ’ল প্ৰথম নম্বৰৰ। শিৱ জয়ন্তীও পালন কৰে। শিৱবাবা হৈছে নিৰাকাৰ কল্যাণকাৰী। পিতা আহে তেন্তে নিশ্চয় উত্তৰাধিকাৰ দিব। তেওঁৰ নাম হৈছে শিৱ। তেওঁ পিতা, শিক্ষক, সৎগুৰু তিনিওৱেই হয়। কিমান ভালকৈ পঢ়ায়। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দুখধামক বুদ্ধিৰে সন্ন্যাস কৰি শান্তিধাম আৰু সুখধাম স্মৃতিত ৰাখিব লাগে। ভাৰতৰ আৰু নিজৰ আচল সেৱা কৰিব লাগে। সকলোকে আত্মিক জ্ঞান শুনাব লাগে।

(2) নিজৰ সত্যযুগী জন্মসিদ্ধ অধিকাৰ ল’বৰ বাবে এক পিতাৰ প্ৰতি পূৰা নিশ্চয়তা থাকিব লাগে। ভিতৰি নিৰন্তৰ স্মৰণ কৰি থাকিব লাগে। পঢ়া নিতৌ নিশ্চয় পঢ়িব লাগে।

বৰদান:
সৰ্ব সমন্ধৰ অনুভূতিৰ লগতে প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰোঁতা তৃপ্ত আত্মা হোৱা

যিসকল সঁচা প্ৰেমিকা তেওঁলোক সকলো পৰিস্থিতিত, প্ৰতিটো কৰ্মত সদায় প্ৰাপ্তিৰ আনন্দত থাকে। বহুত সন্তানে অনুভৱ কৰে যে হয় তেওঁ মোৰ পিতা, প্ৰেমিক, সন্তান... কিন্তু প্ৰাপ্তি যিমান বিচাৰে সিমান নহয়। সেয়েহে অনুভৱৰ লগতে সৰ্ব সমন্ধৰ দ্বাৰা প্ৰাপ্তিৰ উপলব্ধি হওঁক। এনেকৈ প্ৰাপ্তি আৰু অনুভূতি কৰোঁতাসকল সদায় তৃপ্ত হৈ থাকে। তেওঁলোকে কোনো বস্তুৰ অপ্ৰাপ্তি অনুভৱ নকৰে। য'ত প্ৰাপ্তি আছে ত'ত তৃপ্তি অৱশ্যেই থাকে।

স্লোগান:
নিমিত্ত হ'লে সেৱাৰ সফলতাৰ ভাগ পাই যাবা।

সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া পিতাৰ সংস্কাৰ, পিতাৰ গুণ, পিতাৰ কৰ্তব্যৰ গতি আৰু পিতাৰ অব্যক্ত নিৰাকাৰী স্থিতিৰ অৱস্থা সকলোতে সমানতাৰ মেলা পাতা। যেতিয়া তোমালোকে পিতাৰ সমানতাৰ মেলা অনুষ্ঠিত কৰিবা তেতিয়া জয়জয়কাৰ হ’ব, বিনাশৰ সমীপত আহিবা। পিতাৰ সমানতাইহে বিনাশ সমীপত আনিব।