30.04.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ খতিয়ান পৰীক্ষা কৰা যে গোটেই দিনটোত কিমান সময় পিতাক স্মৰণ কৰিলোঁ, কোনো ভুলতো
নকৰিলোঁ? কিয়নো তোমালোক প্ৰত্যেকেই একোগৰাকী বেপাৰী”
প্ৰশ্ন:
কোনটো এটা
পৰিশ্ৰম অন্তৰ্মুখী হৈ কৰি থাকিলে অপাৰ আনন্দিত হৈ থাকিবা?
উত্তৰ:
জন্ম–জন্মান্তৰ যি কৰিলা, যিবোৰ সন্মুখত আহি থাকে, সেই সকলোবোৰৰ পৰা বুদ্ধিযোগ
আঁতৰাই সতোপ্ৰধান হ’বলৈ পিতাক স্মৰণ কৰাৰ পৰিশ্ৰম কৰি থাকা। চাৰিওফালৰ পৰা বুদ্ধি
আঁতৰাই অন্তৰ্মুখী হৈ পিতাক স্মৰণ কৰা। সেৱাৰ প্ৰমাণ দিয়া তেতিয়া অপাৰ আনন্দিত হৈ
থাকিবা।
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায়। এইটোতো সন্তানসকলে জানে যে আত্মিক পিতাই আত্মিক সন্তনসকলক বুজায়।
আত্মিক পিতা হ’ল বেহদৰ পিতা। আত্মিক সন্তানসকলো হৈ গ’ল বেহদৰ সন্তান। পিতাইতো সকলো
সন্তানৰ সৎগতি কৰিব লাগে। কাৰ দ্বাৰা? এই সন্তানসকলৰ দ্বাৰা বিশ্বৰ সৎগতি কৰিব লাগে।
গোটেই বিশ্বৰ সন্তানসকলতো ইয়ালৈ আহি নপঢ়ে। নামেই হ’ল ঈশ্বৰীয় বিশ্ব বিদ্যালয়।
মুক্তিতো সকলোৰে হয়েই, মুক্তি বুলিয়ে কোৱা বা জীৱনমুক্তি বুলিয়ে কোৱা। মুক্তিত গৈ
আকৌ সকলো জীৱনমুক্তিত আহিবই লাগে। গতিকে এনেকৈ কোৱা হ’ব যে সকলো মুক্তিধাম হৈ
জীৱনমুক্তিত আহে। ইজন সিজনৰ পিছত ভূমিকা পালন কৰিবলৈ আহিবই লাগে। তেতিয়ালৈকে
মুক্তিধামত থাকিবলগীয়া হয়। সন্তানসকলে এতিয়া ৰচনা আৰু ৰচয়িতাৰ বিষয়ে জ্ঞাত হৈ গ’ল।
এই গোটেই ৰচনাখন অনাদি। ৰচয়িতাতো একমাত্ৰ পিতাই হয়। বাকী যিসকল আত্মা আছে সকলো
বেহদৰ পিতাৰ সন্তান। যেতিয়া সন্তানসকল জ্ঞাত হয় তেতিয়া তেওঁলোকেই আহি যোগ শিকে। এই
যোগ ভাৰতৰ কাৰণেই। পিতা আহেও ভাৰতলৈকে। ভাৰতবাসীকে স্মৃতিৰ যাত্ৰা শিকাই পাৱন কৰি
তোলে আৰু জ্ঞানো প্ৰদান কৰে যে এই সৃষ্টিচক্ৰ কেনেকৈ ঘূৰে, এয়াও সন্তানসকলে জানে।
ৰুদ্ৰমালাও আছে, যাৰ গায়ন আৰু পূজন হয়, স্মৰণ কৰা হয়। ভক্তমালাও আছে। উচ্চতকৈও উচ্চ
ভক্তসকলৰ মালা আছে। ভক্তমালাৰ পাছত হ’ব লাগে জ্ঞানমালা। ভক্তি আৰু জ্ঞান আছে নহয়।
ভক্তমালাও আছে তেনেকৈ ৰুদ্ৰমালাও আছে। পাছত আকৌ ৰুণ্ডমালা (বিষ্ণুমালা) বুলি কোৱা
হয় কিয়নো মনুষ্য সৃষ্টিত উচ্চতকৈও উচ্চ হ’ল বিষ্ণু, যাক সূক্ষ্মলোকত দেখুৱায়।
প্ৰজাপিতা ব্ৰহ্মাতো হৈছে এইজনা, এওঁৰ মালাও আছে। যেতিয়া এই মালা তৈয়াৰ হৈ যাব
তেতিয়াহে ৰুদ্ৰমালা আৰু বিষ্ণুৰ বৈজয়ন্তী মালা তৈয়াৰ হ’ব। উচ্চতকৈও উচ্চ হৈছে
শিৱবাবা, তাৰপাছত উচ্চতকৈও উচ্চ হ’ল বিষ্ণুৰ ৰাজ্য। শোভাৰ কাৰণে ভক্তিমাৰ্গত কিমান
চিত্ৰ তৈয়াৰ কৰিছে। কিন্তু জ্ঞান একোৱেই নাই। তোমালোকে যিবোৰ চিত্ৰ তৈয়াৰ কৰা
সেইবোৰৰ পৰিচয় দিলে মনুষ্যই বুজি পাই যাব। নহ’লে শিৱ আৰু শঙ্কৰক মিলাই এক কৰি দিয়ে।
পিতাই বুজাইছে -
সূক্ষ্মলোকত সকলো সাক্ষাৎকাৰৰ কথা। হাড়-মঙহ তাত নাথাকে। সাক্ষাৎকাৰ কৰে। সম্পূৰ্ণ
ব্ৰহ্মাও আছে কিন্তু তেওঁ হ’ল সম্পূৰ্ণ, অব্যক্ত। এতিয়া ব্যক্ত ব্ৰহ্মা যিজনা আছে
তেওঁ অব্যক্ত হ’ব লাগে। ব্যক্তই অব্যক্ত হয়, যাক ফৰিস্তা বুলিও কোৱা হয়।
সূক্ষ্মলোকত তেওঁৰ চিত্ৰ ৰাখি দিছে। সূক্ষ্মলোকলৈ যায়, কয় - বাবাই অমৃত পান কৰালে।
এতিয়া তাত বৃক্ষ আদিতো নাথাকে। বৈকুণ্ঠত আছে, কিন্তু এনেকুৱা নহয় যে বৈকুন্ঠৰ পৰা
আনি পান কৰায়। এয়া সকলো সূক্ষ্মলোকত হোৱা সাক্ষাৎকাৰৰ কথা। এতিয়া তোমালোক সন্তানসকলে
জানা যে ঘৰলৈ উভতি যাব লাগে আৰু আত্ম–অভিমানী হ’ব লাগে। মই আত্মা অবিনাশী, এই শৰীৰ
বিনাশী। আত্মাৰ জ্ঞানো তোমালোক সন্তানসকলৰ আছে। তেওঁলোকেতো আত্মা কি এইটোও নাজানে।
সেই লোকসকলে এইটোও গম নাপায় যে আত্মাত 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এই জ্ঞান কেৱল
পিতাইহে দিয়ে। নিজৰ বিষয়েও জ্ঞান দিয়ে। তমোপ্ৰধানৰ পৰা সতোপ্ৰধানো কৰি তোলে। বচ্
এইটোৱে পুৰুষাৰ্থ কৰি থাকা - আমি আত্মা, এতিয়া পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে।
সৰ্বশক্তিমান পতিত-পাৱন বুলি একমাত্ৰ পিতাকেই কোৱা হয়। সন্ন্যাসীসকলে কয় –
পতিত-পাৱন আহক। কোনোবাইতো ব্ৰহ্মকো পতিত-পাৱন বুলি কৈ দিয়ে। এতিয়া তোমালোক
সন্তানসকলে ভক্তিৰো জ্ঞান পোৱা যে ভক্তি কিমান সময় চলে, জ্ঞান কিমান সময় চলে? এয়া
পিতাই বহি বুজায়। প্ৰথমতে একোৱেই নাজানিছিলা। মনুষ্য হৈ তুচ্ছ বুদ্ধিৰ হৈ গৈছে।
সত্যযুগত একেবাৰে স্বচ্ছ বুদ্ধি আছিল। তেওঁলোকৰ কিমান দৈৱীগুণ আছিল। তোমালোক
সন্তানসকলে দৈৱীগুণো নিশ্চয় ধাৰণ কৰিব লাগে। এনেকৈ কয় নহয় যে এওঁতো সাইলাখ দেৱতা।
যদিও সাধু, সন্ত, মহাত্মাসকলক মনুষ্যই মান্যতা দিয়ে কিন্তু তেওঁলোকৰ দৈৱী বুদ্ধিতো
নাই। ৰজোগুণী বুদ্ধি হৈ যায়। ৰজা, ৰাণী, প্ৰজা নাথাকে জানো। ৰাজধানী কেতিয়া আৰু
কেনেকৈ স্থাপনা হয় - এয়া জগতে নাজানে। ইয়াত তোমালোকে সকলো নতুন কথা শুনা। মালাৰ
ৰহস্যও বুজাইছে। আটাইতকৈ উচ্চ হ’ল পিতা। তেওঁৰ মালা ওপৰত আছে, ৰুদ্ৰ; তেওঁ হ’ল
নিৰাকাৰ, তাৰপাছত সাকাৰ লক্ষ্মী-নাৰায়ণ, তেওঁলোকৰো মালা আছে। ব্ৰাহ্মণৰ মালা এতিয়া
তৈয়াৰ নহয়। অন্তিম সময়ত তোমালোক ব্ৰাহ্মণৰ মালাও তৈয়াৰ হৈ যায়। এই কথাবোৰক লৈ বেছি
প্ৰশ্ন সুধি উত্তৰ বিচাৰি থকাৰ প্ৰয়োজন নাই। মূল কথা হ’ল নিজক আত্মা বুলি বুজি
পৰমপিতা পৰমাত্মাক স্মৰণ কৰা। এইটো নিশ্চয় দৃঢ় হোৱা উচিত। মূল কথা হ’ল পতিতসকলক
পাৱন কৰি তোলা। গোটেই সৃষ্টিখনেই পতিত, পুনৰ পাৱন হ’ব লাগে। মূললোকতো সকলো পাৱন
সেয়েহে সুখধামততো সকলো পাৱন হয়। তোমালোক পাৱন হৈ পাৱন সৃষ্টিলৈ যোৱা। অৰ্থাৎ এয়া
পাৱন সৃষ্টি স্থাপনা হৈ আছে। এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।
পিতাই কয় - গোটেই
দিনটোৰ খতিয়ান চোৱা - কোনো ভুলতো নহ’ল? বেপাৰীসকলে খতিয়ান ৰাখে, এয়াও উপাৰ্জন।
তোমালোকৰ প্ৰত্যেকেই একোগৰাকী বেপাৰী, বাবাৰ সৈতে বেপাৰ কৰা। নিজক পৰীক্ষা কৰিব লাগে
- মোৰ কিমান দৈৱীগুণ ধাৰণ হৈছে? পিতাক কিমান স্মৰণ কৰোঁ? মই কিমান অশৰীৰী হৈ গৈ আছোঁ?
আমি অশৰীৰী হৈ আহিছিলোঁ, আকৌ অশৰীৰী হৈ যাব লাগে। এতিয়ালৈকে সকলো আহিয়েই থাকে।
মাজতেতো কোনো এগৰাকীও নাযায়। সকলো একেলগে যাব লাগে, অৱশ্যে সৃষ্টি খালী হৈ নাথাকে,
গায়ন আছে - ৰাম গ’ল, ৰাৱণ গ’ল… কিন্তু থাকে দুয়োৱে। ৰাৱণ সম্প্ৰদায় গুচি গ’লে পুনৰ
উভতি নাহে। বাকী এইসকল থাকি যায়। এয়াও আগলৈ সকলো সাক্ষাৎকাৰ হয়। এইটো জানিব লাগে যে
নতুন সৃষ্টিৰ কেনেকৈ স্থাপনা হৈ আছে, অন্তিমৰ ফালে কি হ’ব? পাছত কেৱল আমাৰ ধৰ্মই
থাকি যাব। সত্যযুগত তোমালোকে ৰাজ্য কৰিবা। কলিযুগ সমাপ্ত হৈ যাব, আকৌ সত্যযুগ আহিব।
এতিয়া ৰাৱণ সম্প্ৰদায় আৰু ৰাম সম্প্ৰদায় দুয়োটা আছে। সংগমযুগতেই এই সকলোবোৰ হয়।
এতিয়া তোমালোকে এই সকলোবোৰ জানা। পিতাই কয় - বাকী যি কিছু ৰহস্য আছে সেয়া আগলৈ গৈ
লাহে লাহে বুজাই থাকিম। যি বাণীবদ্ধ হৈ আছে তাৰ ভেদ খোল খাই গৈ থাকিব। তোমালোকে বুজি
গৈ থাকিবা। আগতীয়াকৈ একোৱে নকওঁ। এয়াও ড্ৰামাৰ পৰিকল্পনা, যি বাণীবদ্ধ হৈ আছে তাৰ
ভেদ খোল খাই গৈ থাকে। পিতাই শুনাই গৈ থাকে। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ কথাৰ বোধ
বাঢ়ি গৈ থাকে। বাণীবদ্ধ হৈ থকাখিনি বাজি গৈ থাকিব আৰু সেই অনুসৰি পিতাৰ মুৰুলী চলি
গৈ থাকিব। ড্ৰামাৰ ৰহস্য সকলো বাণীবদ্ধ হৈ আছে। এনেকুৱা নহয় যে গ্ৰাম’ফোনৰ পৰা বেজী
উঠাই অন্য স্থানত ৰাখিব পাৰা যাতে তাৰ পৰা পুনৰাবৃত্তি হ’ব। নহয়, আকৌ তাতেই
পুনৰাবৃত্তি হ’ব। নতুন কথা নহয়। পিতাৰ ওচৰত যিবোৰ নতুন কথা থাকে সেয়া পুনৰাবৃত্তি
হ’ব। তোমালোকে শুনিবা আৰু শুনাই গৈ থাকিবা। বাকী সকলো গুপ্ত। এয়া ৰাজধানী স্থাপনা
হৈ আছে। গোটেই মালা তৈয়াৰ হৈ আছে। বেলেগে বেলগে গৈ ৰাজপৰিয়ালত তোমালোকে জন্ম ল’বা।
ৰজা, ৰাণী, প্ৰজা সকলো লাগে। এয়া সকলো বুদ্ধিৰে বুজিবলগীয়া হয়। বাস্তৱত যি হ’ব সেয়া
দেখা যাব। যিসকল ইয়াৰ পৰা যায় (শৰীৰ ত্যাগ কৰে) তেওঁলোক ভাল ধনৱানৰ ঘৰত গৈ জন্ম লয়।
এতিয়াও তোমালোকক তাত বহুত খাতিৰ কৰা হয়। এতিয়াও ৰত্ন-জড়িত বস্তু সকলোৰে ওচৰত আছে।
কিন্তু তেওঁলোকৰ ইমান শক্তি নাই। শক্তি তোমালোকৰ আছে। তোমালোক য’লৈকে যাবা তাত নিজৰ
প্ৰত্যক্ষতা কৰিবা। তোমালোকতো উচ্চ হৈ যোৱা সেয়েহে তোমালোক তাত গৈ দৈৱী চৰিত্ৰ
দেখুৱাবা। আসুৰি সন্তান জন্মৰ পৰাই কান্দি থাকিব। লেতেৰাও হয়। তোমালোকতো বৰ
আদব-কায়দাৰে পালিত হ’বা। লেতেৰা হোৱা আদিৰ কথা নাই। আজিকালিৰ সন্তানতো লেতেৰা হৈ
যায়। সত্যযুগত এনেকুৱা কথা হ’ব নোৱাৰে। সেয়া স্বৰ্গ নহয় জানো। তাত দুৰ্গন্ধ নাহে যে
ধূপ জ্বলাবলৈ ক’বলগীয়া হ’ব। বাগিচাত বহুত সুবাসিত ফুল থাকিব। ইয়াৰ ফুলত ইমান সুবাস
নাই। তাততো প্ৰতিটো বস্তুতে 100 শতাংশ সুবাস থাকে। ইয়াততো 1 শতাংশও নাই। তাততো ফুলো
অতি উত্তম হ’ব। ইয়াত কোনোবা যিমানেই ধনৱান নহওঁক কিয় তথাপিও ইমান নহয়। তাততো হৰেক
প্ৰকাৰৰ বস্তু থাকিব। বাচন আদি সোণৰ হ'ব। যেনেকৈ ইয়াত পাথৰ, তাত আকৌ সোণেই সোণ হ'ব।
বালিতো সোণ থাকে। বিচাৰ কৰা কিমান সোণ থাকিব! যাৰ দ্বাৰা ঘৰ আদি সজা হ'ব। তাত
এনেকুৱা জলবায়ু হ'ব - ঠাণ্ডাও নহয়, গৰমো নহয়। তাত গৰমৰ বাবে দুখ নহয় যে বিচনী আদি
ল'ব লাগিব। তাৰ নামেই হ'ল স্বৰ্গ। তাত অপাৰ সুখ থাকে। তোমালোকৰ দৰে পদ্মাপদম
ভাগ্যৱান আৰু কোনো নহয়। লক্ষ্মী-নাৰায়ণৰ কিমান মহিমা গায়। তেওঁলোকক যিজনে এনেকৈ গঢ়ি
তোলে, তেওঁৰ কিমান মহিমা হোৱা উচিত। প্ৰথমে হয় অব্যভিচাৰী ভক্তি, তাৰপাছত দেৱতাসকলৰ
ভক্তি আৰম্ভ হয়। সেয়াও ভূত পূজা বুলি কোৱা হ’ব কিয়নো তেওঁলোকৰ শৰীৰৰ অস্তিত্বতো নাই।
5 তত্বৰ পূজা কৰা হয়। শিৱবাবাৰ ক্ষেত্ৰততো এনেকৈ কোৱা নহ’ব। পূজা কৰিবলৈ কোনো
পদাৰ্থ বা সোণ আদিৰে প্ৰতিমা সাজে। আত্মাক জানো সোণ বুলি কোৱা হ’ব! আত্মা কি বস্তুৰে
তৈয়াৰ হৈছে? শিৱৰ চিত্ৰ কি বস্তুৰে তৈয়াৰ কৰা হৈছে, সেয়া তৎক্ষণাত কৈ দিব। কিন্তু
আত্মা-পৰমাত্মা কি বস্তুৰে তৈয়াৰ হৈছে, এয়া কোনেও ক'ব নোৱাৰে। সত্যযুগত 5 তত্বও
শুদ্ধ হৈ থাকে। ইয়াত অশুদ্ধ। গতিকে পুৰুষাৰ্থী সন্তানসকলে এনে ধৰণৰ খেয়াল কৰি থাকিব।
পিতাই কয় - এই সকলোবোৰ কথাও বাদ দিয়া। যি হ'বলগীয়া আছে সেয়া হ'ব। প্ৰথমে পিতাক
স্মৰণ কৰা। চাৰিওফালৰ পৰা বুদ্ধি আঁতৰাই মামেকম্ (কেৱল মোক) স্মৰণ কৰা, তেতিয়া
বিকৰ্ম বিনাশ হ'ব। যিবোৰ শুনা সেই সকলোবোৰ এৰি এটা কথা দৃঢ় কৰা যে মই সতোপ্ৰধান হ’ব
লাগে। আকৌ সত্যযুগত যি কল্পই কল্পই হৈছে, সেয়াই হ'ব। তাত কোনো হীনডেঢ়ি হ’ব নোৱাৰে।
মূল কথা হ'ল পিতাক স্মৰণ কৰা। এয়াই পৰিশ্ৰম। সেয়া পূৰা কৰা। ধুমুহাতো বহুত আহে।
জন্ম-জন্মান্তৰ যি কৰিছা সেয়া সকলো সন্মুখত আহে। সেয়েহে সকলো ফালৰ পৰা বুদ্ধি
আঁতৰাই অন্তৰ্মুখী হৈ মোক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা। তোমালোক সন্তানসকলৰ স্মৃতিতো
উদয় হ’ল, সেয়াও পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। সেৱাৰ পৰাও গম পোৱা যায়। সেৱা কৰাসকলৰ
সেৱাৰ আনন্দ থাকে। যিসকলে ভাল সেৱা কৰে, তেওঁলোকৰ সেৱাৰ প্ৰমাণো পোৱা যায়। পাণ্ডা
হৈ আহে। কোন মহাৰথী, অশ্বাৰোহী, পদাতিক সেয়া ততালিকে গ'ম পোৱা যায়।। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আন সকলোবোৰ কথা এৰি, বুদ্ধি চাৰিওফালৰ পৰা আঁতৰাই সতোপ্ৰধান হ'বলৈ অশৰীৰী হোৱাৰ
অভ্যাস কৰিব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে।
(2) বুদ্ধিত ভাল ভাল
খেয়াল আনিব লাগে, আমাৰ ৰাজ্যত (স্বৰ্গত) কি কি হ'ব, তাৰ ওপৰত বিচাৰ কৰি নিজক
তেনেকুৱা উপযুক্ত চৰিত্ৰৱান কৰি তুলিব লাগে। ইয়াৰ পৰা বুদ্ধি আঁতৰাই দিব লাগে।
বৰদান:
সেৱাৰ দ্বাৰা
ফল প্ৰাপ্ত কৰোঁতা সকলো হদৰ (সীমিত) ইচ্ছাৰ পৰা উপৰাম সদায় সম্পন্ন আৰু সমান হোৱা
সেৱাৰ অৰ্থ হৈছে ফল
দিওঁতা। যদি কোনো সেৱাই অসন্তুষ্ট কৰে তেন্তে সেই সেৱা, সেৱা নহয়। এনেকুৱা সেৱা
লাগিলে এৰি দিয়া কিন্তু সন্তুষ্টতা নেৰিবা। যেনেকৈ শৰীৰেৰে তৃপ্তজন সদায় সন্তুষ্ট
হৈ থাকে তেনেকৈ মনেৰে তৃপ্তজনো সন্তুষ্ট হ’ব। সন্তুষ্টতা হৈছে তৃপ্তিৰ লক্ষণ। তৃপ্ত
আত্মাত কোনো ধৰণৰ হদৰ ইচ্ছা, মান, সম্ভ্ৰম, অৱলম্বন, সাধনৰ ভোক নাথাকিব। তেওঁলোক
হদৰ সকলো ইচ্ছাৰ পৰা উৰ্দ্ধত থাকি সদায় সম্পন্ন আৰু সমান হ'ব।
স্লোগান:
সঁচা অন্তৰেৰে নিস্বাৰ্থ সেৱাত আগবঢ়া অৰ্থাৎ পুণ্যৰ পুঁজি জমা হোৱা।
সংস্কাৰ মিলনৰ ৰাস
কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ দেৱীসকলৰ
স্মাৰকত দেখুৱায় যে তেওঁলোকে অসুৰবোৰক অগ্নি শিখাৰে সংহাৰ কৰিলে। অসুৰ কোনো ব্যক্তি
নহয় কিন্তু আসুৰিক শক্তিবোৰক নাশ কৰিলে। এয়া তোমালোকৰ অগ্নি স্বৰূপ স্থিতিৰ
স্মাৰক। এতিয়া এনেকুৱা যোগ অগ্নি প্ৰজ্বলিত কৰা য’ত কলিযুগী সংস্কাৰ জ্বলি ছাই হৈ
যায় তেতিয়া সংস্কাৰ মিলনৰ ৰাস হ'ব আৰু নতুন সংসাৰ আহিব।।