01.02.26    Avyakt Bapdada     Assame Murli     15.12.2008     Om Shanti     Madhuban


“*“এক ৰাজ্য, এক ধৰ্ম, আইন-শৃংখলা স্থাপনাৰ সময়ত নিজৰ পৰিৱৰ্তন কৰি
বিশ্ব পৰিৱৰ্তক হোৱা”*”

 


আজি বাপদাদাই নিজৰ চাৰিওফালৰ ৰাজকুমাৰ-ৰাজকুমাৰী সন্তানসকলক চাই আছেহঁক। এই পৰমাত্ম মৰম কোটিৰ ভিতৰত কোনোবা ভাগ্যৱানৰহে প্ৰাপ্ত হয়। পৰমাত্ম মৰমত বাপদাদাই প্ৰতিগৰাকী সন্তানক তিনিখন সিংহাসনৰ মালিক কৰি তুলিছে। প্ৰথমখন হ’ল স্বৰাজ্য অধিকাৰৰ ভ্ৰূকুটিৰ সিংহাসন, দ্বিতীয়তে বাপদাদাৰ অন্তৰ সিংহাসন আৰু তৃতীয়তে বিশ্বৰ ৰাজ্য অধিকাৰৰ সিংহাসন; এই তিনিখন সিংহাসন পিতাই নিজৰ স্নেহী মৰমৰ সন্তানসকলক দিছে। গতিকে এই তিনিওখন সিংহাসন সদায় স্মৃতিত থাকিলে প্ৰতিগৰাকী সন্তানৰ আত্মিক নিচা থাকে। তেন্তে সকলো সন্তানে পিতাৰ দ্বাৰা প্ৰাপ্ত উত্তৰাধিকাৰ দেখি আনন্দিত হৈ থাকা নহয়! অন্তৰত স্বতঃ এইটো গীত বাজিয়ে থাকে — বাঃ! বাবা বাঃ! আৰু বাঃ! মোৰ ভাগ্য বাঃ! যিটো সপোনতো নাছিল, সেয়া বাস্তৱ জীৱনত পাই গ’লোঁ। সিংহাসনৰ লগতে বাপদাদাই এই সংগমত দ্বৈত মুকুটৰ দ্বাৰা উৰন্ত কলাৰ অনুভৱীও কৰি তুলিছে। গতিকে বাপদাদাই চাৰিওফালৰ সন্তানসকলৰ এই দ্বৈত মুকুটধাৰী স্বৰূপ চাই আছে – এটা পৱিত্ৰতাৰ ৰাজকীয়তাৰ মুকুট আৰু আনটো সেৱাৰ দায়িত্বৰ মুকুট।

বাপদাদাই আজি চাৰিওফালৰ সন্তানসকলৰ পুৰুষাৰ্থৰ গতি পৰীক্ষা কৰিলে কিয়নো সময়ৰ গতিকতো তোমালোক সকলোৱে দেখিছাও আৰু জানিছা আছা। গতিকে বাপদাদাই চাই আছিল যে প্ৰত্যেকে পিতাৰ দ্বাৰা যি ৰাজ্য-ভাগ্যৰ উত্তৰাধিকাৰ পাইছে, নিজৰ ৰাজ্যৰ, ভৱিষ্যত প্ৰাপ্তিৰ, যি সংস্কাৰ ভৱিষ্যতে তোমালোক সকলোৰে স্বভাৱসিদ্ধ আৰু স্বভাৱ হ’ব, সেয়া এতিয়াৰে পৰা বহুকালৰ সংস্কাৰ হিচাপে অনুভৱ হোৱা উচিত কিয়নো তোমালোক সকলোৰে নতুন সংস্কাৰৰ দ্বাৰাহে এই নতুন সংসাৰ গঢ়ি উঠিছে। গতিকে নতুন সংসাৰৰ যি বিশেষত্ব, সেয়াও অনুভৱ কৰা নহয়। আমাৰ ৰাজ্যত কি হ’ব, নিচা আছে নহয়! অন্তৰে কয় নহয় যে আমাৰ ৰাজ্য, আমাৰ নতুন সংসাৰ আগমনৰ পথত। গতিকে বাপদাদাই চাই আছিল যে নতুন সংসাৰৰ যি বিশেষত্ব, সেয়া সন্তানসকলৰ পুৰুষাৰ্থী জীৱনত কিমানদূৰ জাগ্ৰত হৈছে! তোমালোকে জানা যে নতুন সংস্কাৰ আৰু নতুন সংসাৰৰ বিশেষত্ব কি হ’ব। সকলোৰে বুদ্ধিত নতুন সংসাৰৰ বিশেষত্ব জাগ্ৰত হৈ আছে নহয়! জানা নহয়! গায়নো কৰা, জানাও, প্ৰথম বিশেষত্ব— পৰীক্ষা কৰিবা যে এটি এটি বিশেষত্ব মোৰ মাজত কিমানদূৰ জাগ্ৰত হৈছে? মুখ্য বিশেষত্ব হ’ল — এক ৰাজ্য, গতিকে যেনেকৈ তাত এক ৰাজ্য স্বতঃ থাকেই, আন কোনো ৰাজ্য নাথাকে, তেনেকৈ এই সংগমৰ জীৱনত চোৱা যে তোমালোকৰ জীৱনতো এক ৰাজ্য আছেনে? নে কেতিয়াবা আনৰাজ্যও হয়? যদি আগবাঢ়ি গৈ থাকোতে স্বৰাজ্যৰ লগতে মায়াৰ ৰাজ্যও চলে, তেন্তে এক ৰাজ্যৰ সংস্কাৰ হ’ব জানো? এক ৰাজ্যৰ পৰা আন ৰাজ্যতো নচলে? পৰমাত্মাৰ শ্ৰীমতৰ ৰাজ্য নে কেতিয়াবা কেতিয়াবা মায়াৰো চাপ থাকে? অন্তৰত মায়াৰ ৰাজ্যতো নচলে? গতিকে পৰীক্ষা কৰা। এই কথাবোৰেৰে নিজৰ খতিয়ান পৰীক্ষা কৰা। এতিয়া সংগমত কেৱল পৰমাত্মাৰ ৰাজ্য আছে নে মায়াৰো চাপ আহি যায়? পৰীক্ষা কৰিলানে? এতিয়াই পৰীক্ষা কৰা, নিজৰ খতিয়ানতো চাই থাকা নহয়। তেন্তে যদি এতিয়াও দুখন ৰাজ্য আছে, তেন্তে এক ৰাজ্যৰ অধিকাৰী কেনেকৈ হ’বা? শ্ৰীমতৰ সৈতে মায়াৰ মতো মিহলি হৈ যায় নেকি? তেনেকৈয়ে এক ধৰ্ম, য’ত এক ৰাজ্য হ’ব ত’ত এক ধৰ্মও হ’ব। ধৰ্ম অৰ্থাৎ ধাৰণা। তেন্তে তোমালোকৰ বিশেষ ধাৰণা কোনটো? পৱিত্ৰতাৰ ধাৰণা। গতিকে পৰীক্ষা কৰা — সদায় মন, বাণী, কৰ্ম আৰু সম্বন্ধ-সম্পৰ্কত সম্পূৰ্ণ আৰু সদায় পৱিত্ৰতাৰ স্বভাৱ স্বভাৱসিদ্ধ হৈছেনে? যেনেকৈ তাত নিজৰ ৰাজ্যত পৱিত্ৰতাৰ স্বধৰ্ম স্বতঃ থাকিব, তেনেকৈয়ে এই সময়ত পৱিত্ৰতাৰ ধাৰণা স্বভাৱসিদ্ধ আৰু স্বভাৱ হৈ গৈছেনে? কিয়নো তোমালোকে জানা যে তোমালোকৰ অনাদি স্বৰূপ আৰু আদি স্বৰূপ হ’ল পৱিত্ৰতা। গতিকে পৰীক্ষা কৰা যে এক ধৰ্ম অৰ্থাৎ পৱিত্ৰতা স্বভাৱসিদ্ধ হয়নে? যিটো স্বভাৱ হৈ যায় সি নিবিচাৰিলেও কাম কৰি দিয়ে কাৰণ বহুত সন্তানে যেতিয়া আন্তৰিক বাৰ্তালাপ কৰে তেতিয়া কি কয়? অতি মিঠা মিঠা কথা কয়, কয় যে নিবিচাৰো, কিন্তু কেতিয়াবা মনত, কেতিয়াবা বাণীত কিবা নহয় কিবা অপৱিত্ৰতাৰ অংশ জাগ্ৰত হৈ যায়। বহুত জন্মৰ সংস্কাৰ নহয়, সেইবাবেই হৈ যায়। কিন্তু এক ধৰ্মৰ অৰ্থ হ’ল পৱিত্ৰতাৰ ধাৰণা স্বভাৱ আৰু স্বভাৱসিদ্ধ হওক। আনকি কথাৰ মাজতো ক্ষোভ আহি যায়, কয় যে খং উঠা নাছিল, অলপ ক্ষোভ আহি গৈছিল। তেন্তে ক্ষোভ কি? খঙৰে সন্তান নহয় জানো? তেন্তে এক ধৰ্মৰ সংস্কাৰ কেতিয়া স্বভাৱসিদ্ধ হ’ব? গতিকে পৰীক্ষা কৰা কিন্তু পৰীক্ষা কৰাৰ লগতে পিতাৰ দ্বাৰা প্ৰাপ্ত শক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰা। এতিয়াও বাপদাদাই আগতিয়াকৈ মনোযোগ আকৰ্ষণ কৰাই আছে যে এতিয়াও যদি পৰীক্ষা কৰি পৰিৱৰ্তন কৰাৰ তীব্ৰ পুৰুষাৰ্থ কৰা তেন্তে সুযোগ আছে কিন্তু কিছু সময়ৰ পাছত অকস্মাত ‘অতি পলম’ হোৱাৰ ফলক লাগি যাবই। তেতিয়া নক’বা যে পিতাই জনোৱাই নাছিল সেইবাবে এতিয়া পুৰুষাৰ্থৰ সময়তো গ'ল কিন্তু তীব্ৰ পুৰুষাৰ্থৰ সময় এতিয়াও আছে। গতিকে পৰীক্ষা কৰা কিন্তু কেৱল পৰীক্ষা নকৰিবা, লগতে পৰিৱৰ্তন কৰা। বহুতে পৰীক্ষা কৰে কিন্তু পৰিৱৰ্তন কৰাৰ শক্তি নাই। পৰীক্ষা আৰু পৰিৱৰ্তন দুয়োটা একেলগে হ’ব লাগে কিয়নো তোমালোক সকলোৰে স্বমান বা মহিমা কি? উপাধি কি? মাষ্টৰ সৰ্বশক্তিমান। মাষ্টৰ সৰ্বশক্তিমান নে কেৱল শক্তিমান? যিসকলে কোৱা যে আমি মাষ্টৰ সৰ্বশক্তিমান, তেওঁলোকে হাত দাঙা। (সকলোৱে হাত দাঙিলে) ভাল কথা। গতিকে মাষ্টৰ সৰ্বশক্তিমান হোৱা! অভিনন্দন, কিন্তু মাষ্টৰ সৰ্বশক্তিমান হৈয়ো যদি পৰিৱৰ্তন কৰিব নোৱাৰা তেন্তে কি বুলি কোৱা হ’ব? নিজৰেই সংস্কাৰ বা স্বভাৱ পৰিৱৰ্তন কৰিব বিচাৰিও যদি নোৱাৰা তেন্তে কি বুলি ক’ব? নিজকে সোধা মাষ্টৰ শক্তিমান হোৱা নে মাষ্টৰ সৰ্বশক্তিমান? মাষ্টৰ সৰ্বশক্তিমানে সংকল্প কৰিলা — কৰিবই লাগে আৰু সেয়া হৈয়েই আছে। 'হ'ব', 'চাম'... এনেকুৱা নহয়। গতিকে এতিয়া সময় অনুসৰি ফলাফল এইটো হ’ব লাগে যে যি ভাবিলা, সংকল্প আৰু স্বৰূপ একেলগে হোৱা উচিত।

এতিয়া নতুন বছৰ, অব্যক্ত বছৰ আহিব। অব্যক্ত প্ৰতিপালনৰ 40 বছৰ হৈছে (বৰ্তমান 57 বছৰ)। অব্যক্ত প্ৰতিপালন আৰু ব্যক্ত ৰূপৰ প্ৰতিপালনৰ 72 বছৰ (বৰ্তমান 90 বছৰ) হৈ গৈছে। তেন্তে দুয়োগৰাকী পিতাৰ প্ৰতিপালনৰ প্ৰতিদান বাপদাদাক নিদিবা জানো! ভাবা — প্ৰতিপালন কি আৰু বাস্তৱত কি? বাপদাদাই দেখিলে যে এতিয়াও অমনোযোগিতা আৰু মাৰ্জিত আলস্য আছে। মাৰ্জিত আলস্য হ’ল — হৈ যাব, হৈয়েই যাম, উপনীত হৈ যাম আৰু অমনোযোগিতা হ’ল — কৰিতো আছোঁ, ‘তো’ ‘তো’… এয়াতো হ’বই, এয়াতো কৰিবই লাগে — কোৱা আৰু কৰাৰ মাজত পাৰ্থক্য আহি যায়। বাপদাদাই এটা দৃশ্য দেখি হাঁহি থাকে যে কি কয়? এওঁ যদি হৈ যায় নহয়, এওঁ যদি কৰি লয় নহয়, তেতিয়া বহুত ভালকৈ আগুৱাই যাব পাৰোঁ। আনক পৰিৱৰ্তন কৰাৰ মনোবৃত্তি থাকে কিন্তু স্বপৰিৱৰ্তনৰ মনোবৃত্তি ক’ৰবাত ক’ৰবাত কম হৈ যায়। এতিয়া আনক চোৱা - এইটো মনোবৃত্তি পৰিৱৰ্তন কৰা। যদি চাবই লাগে তেন্তে বিশেষত্ব চোৱা, এয়াতো হৈয়েই থাকে, চলিয়েই থাকে, তেৱোঁতো কৰে... — এনে ভাৱনা কম কৰা। নিজক চোৱা, পিতাক সন্মুখত ৰাখা। বাকী যিয়েই নাথাকক, মহাৰথী হওক বা মজলীয়া পুৰুষাৰ্থী হওক, পুৰুষাৰ্থত কিবা নহয় কিবা দুৰ্বলতাৰ পৰিৱৰ্তন কৰিয়েই আছে, সেইবাবে পিতাক চোৱা, দ্বৈত পিতাক চোৱা, পিতা ব্ৰহ্মাক চোৱা, শিৱ পিতাক চোৱা। যিহেতু পিতাই তোমালোকক নিজৰ অন্তৰ সিংহাসনত বহুৱাইছে আৰু তোমালোকেও নিজৰ অন্তৰ সিংহাসনত পিতাক বহুৱাইছা, তোমালোকৰ শ্লোগানো হৈছে পিতাক চোৱা। ভগ্নীক চোৱা, ভ্ৰাতৃক চোৱা — এইটো শ্লোগান নহয়েই। কিবা নহয় কিবা দুৰ্বলতা সকলোৰে মাজত এতিয়াও আছে, কিন্তু যদি আনক চাবই লাগে তেন্তে বিশেষত্বসমূহ চোৱা, যি দুৰ্বলতা তেওঁলোকে নিজৰ পৰা আঁতৰাই আছে সেয়া নাচাবা। দ্বিতীয় কথা — নিজৰ ৰাজ্যৰ কথা মনত আছে নহয়! কালিয়েতো আছিল আৰু কাইলৈ আকৌ হ’ব। তোমালোকৰ বুদ্ধিত, নয়নত নিজৰ ৰাজ্য স্পষ্টকৈ আহি গৈছে নহয়। কিমানবাৰ ৰাজ্য কৰিছা? হিচাপ কৰিছানে? অনেকবাৰ ৰাজ্য কৰিছা। কোৱাৰ লগে লগে সন্মুখলৈ আহি যায়। নিজৰ ৰাজ্য অধিকাৰী ৰূপ আৰু শ্ৰেষ্ঠ ৰাজ্য, গতিকে যেনেকৈ নিজৰ ৰাজ্যত আইন আৰু শৃংখলা স্বতঃ চলে। সকলো জ্ঞানপূৰ্ণ সংস্কাৰৰ অধিকাৰী, জানে যে আইন কি, শৃংখলা কি, তেনেকৈয়ে এতিয়া নিজৰ জীৱনত চোৱা — পিতাৰ আদেশ মতে চলা নে কেতিয়াবা মায়াৰো আদেশ মতে চলি যোৱা? কেতিয়াবা শ্ৰীমতৰ বাহিৰে লোকমত, নিজৰ মতত নচলাতো? আৰু আইন কি? আইন হ’ল নিচিন্ত বাদশ্বাহ, কোনো চিন্তা নাই কিয়নো সৰ্ব প্ৰাপ্তি হৈছে। তেনেকৈয়ে পৰীক্ষা কৰা সংগমৰ শ্ৰেষ্ঠ জন্মতো সৰ্ব প্ৰাপ্তি হৈছেনে? যি পিতাই দিছে, সেয়া ঈশ্বৰৰ প্ৰসাদৰ দৰে হয় নহয়, তেন্তে প্ৰসাদক কিমান মহত্ব দিয়ে। গতিকে পিতাৰ পৰা যিয়েই প্ৰাপ্তি হয়, সেয়া প্ৰভু প্ৰসাদ ৰূপে প্ৰাপ্ত হয়, প্ৰভু প্ৰসাদৰ মহত্ব আছে। উত্তৰাধিকাৰো হয়, অধিকাৰো হয় আৰু প্ৰসাদো হয়। গতিকে পৰীক্ষা কৰা — আইন আৰু শৃংখলা, দুয়োটাতে সম্পন্ন হোৱানে?

বাপদাদাই এটা কথা লক্ষ্য কৰি আছিল যে বেছিভাগে পৰিৱৰ্তন কৰাৰ যি শক্তি পাইছে, সেই পৰিৱৰ্তন শক্তি সময়মতে কামত ব্যৱহাৰ কৰিলে কোনো পৰিশ্ৰম নাই। চোৱা, সকলোৰে অনুভৱ আছে যে যদি মায়াৰ হাতত কেতিয়াবা, কোনো ধৰণৰ পৰাজয় হয়, তেন্তে সকলোৱে ভাষণত কোৱা, পাঠদানো কৰা যে দুটা শব্দই অৱনমিতও কৰায় আৰু উন্নতিও কৰায়, সেই দুটা শব্দ সকলোৱে জানে, সকলোৰে মনলৈ আহি গৈছে। সেই দুটা শব্দ হ’ল — 'মই' আৰু 'মোৰ'। ভাষণত কোৱা নহয়, পাঠদানো কৰোৱা নহয়। বাপদাদাই পাঠদানো শুনে, কি কয়? এতিয়া এই দুটা শব্দ পৰিৱৰ্তন শক্তিৰে পৰিৱৰ্তন কৰা। যেতিয়াই 'মই' শব্দটি কোৱা, তেতিয়া "মই অমুক বা ব্ৰাহ্মণ"তো হওঁৱেই, কিন্তু 'মই কোন'? বাপদাদাই যিবোৰ স্বমান দিছে, যেতিয়াই 'মই' শব্দটি কোৱা তেতিয়া কোনোবা নহয় কোনোবা এটা স্বমানৰ সৈতে কোৱা, অৰ্থাৎ বুদ্ধিলৈ আনা। 'মই' শব্দটি কোৱাৰ লগে লগে যাতে স্বমান স্মৃতিলৈ আহি যায়। 'মোৰ' শব্দটি কোৱাৰ লগে লগে যাতে বাবা স্মৃতিলৈ আহি যায়। "মোৰ বাবা" — এইটো স্বভাৱসিদ্ধ স্মৃতি হৈ যাওক, এইটো পৰিৱৰ্তন কৰি লোৱা, সিমানেই। আৰু দ্বিতীয় কথা — বেছিভাগ ক্ষেত্ৰত সম্বন্ধ-সম্পৰ্কত আহিলে দুটা শব্দৰ দ্বাৰা মায়া আহে, এটা 'ভাৱ' আৰু আনটো 'ভাৱনা'। গতিকে যেতিয়াই 'ভাৱ' শব্দটি কোৱা বা ভাবা, তেতিয়া যাতে 'আত্মিক ভাৱ' ‘ভাৱ’ শব্দটি ক’লেই প্ৰথমে 'আত্মিক ভাৱ' স্মৃতিলৈ আহে আৰু 'ভাৱনা' বুলি ক’লে যাতে 'শুভ ভাৱনা' স্মৃতিলৈ আহে। শব্দৰ অৰ্থ পৰিৱৰ্তন কৰি লোৱা। তোমালোকৰ উপাধি কি? বিশ্ব পৰিৱৰ্তক। বিশ্ব পৰিৱৰ্তকে জানো এই শব্দবোৰ পৰিৱৰ্তন কৰিব নোৱাৰে? গতিকে সময়ত পৰিৱৰ্তন শক্তি ব্যৱহাৰ কৰি চোৱা। পাছত মনলৈ আহে, যেতিয়া সময় পাৰ হৈ যায় আৰু মন ভাল নালাগে, তেতিয়া নিজৰ মনেই ভাবে, কিন্তু সময়তো পাৰ হৈ গ’ল নহয়। সেয়েহে এতিয়া তীব্ৰ গতিৰ প্ৰয়োজন, কেতিয়াবা কেতিয়াবা নহয়। এনেকৈ নাভাবিবা যে বহুত সময়তো ঠিকেই থাকোঁ, কিন্তু বাপদাদাই শুনাই দিছে যে অন্তিম মুহূৰ্তৰ কোনো ভৰসা নাই। অকস্মাত খেল হ’ব। বহুত সন্তানে পিতাকো বৰ মিঠা মিঠা কথা কয়, কয় যে সময় যেতিয়া অলপ অতিৰ ফালে যাব নহয়, তেতিয়াতো বৈৰাগ্য আহিবই, গতিকে বৈৰাগ্যৰ সময়ত আপোনা-আপুনি গতি তীব্ৰ হৈ যাব। কিন্তু বাপদাদাই কৈ দিছে যে বহুকালৰ পুৰুষাৰ্থৰ প্ৰয়োজন। যদি অলপ সময়ৰ পুৰুষাৰ্থ হয় তেন্তে প্ৰালব্ধও অলপ সময়ৰ পাবা, সম্পূৰ্ণ 21 জন্মৰ প্ৰালব্ধ নহ’ব। বাপদাদাৰ তিনিটা শব্দ সদায় স্মৃতিত ৰাখিবা — এটা ‘অকস্মাত’, দ্বিতীয়টো ‘সদাপ্ৰস্তুত’ আৰু তৃতীয়টো 'বহুকাল'। এই তিনিটা শব্দ সদায় বুদ্ধিত ৰাখিবা। যিকোনো সময়তে আৰু যিকোনো স্থানতে কাৰোবাৰ অন্তিম কাল হ’ব পাৰে। এতিয়াই চোৱা কিমান ব্ৰাহ্মণ গৈ আছে, তেওঁলোকে গম পাইছিল জানো, সেইবাবে বহুকালৰ পুৰুষাৰ্থৰ দ্বাৰা সম্পূৰ্ণ 21 জন্মৰ উত্তৰাধিকাৰ লাভ কৰিবই লাগে, এইটো তীব্ৰ পুৰুষাৰ্থ স্মৃতিত ৰাখা। নিজৰ ৰাজ্যত প্ৰথম নম্বৰ, প্ৰথম জন্ম। কি ভাবিছা? প্ৰথম জন্মত আহিব লাগে নহয়! আনন্দ ক’ত পাবা? প্ৰথম জন্মত নে যিকোনো এটাত? যিসকলে ভাবা যে নিজৰ ৰাজ্যৰ প্ৰথম জন্মত শ্ৰীকৃষ্ণৰ সৈতে আমাৰো ভূমিকা হওক, তেওঁলোকে হাত দাঙা। (সকলোৱে হাত দাঙিলে) ভাল কথা, প্ৰথমতে ভূমিকা? হাত দেখি আনন্দিত হৈ গ’লোঁ। তালি বজোৱা। প্ৰথম জন্মত আহা, তাৰ বাবে অভিনন্দন, কিন্তু... কিন্তু কওঁনে... নকওঁ নেকি? প্ৰথমত আহিবই লাগে, তেন্তে দ্বিতীয় কথা কিয় ক’ব লাগে। ভাল কথা, যিমান আহিছা সকলো প্ৰথম জন্মত আহিবই লাগে। তালিতো বজালা, প্ৰথম জন্ম আৰু স্থিতিও প্ৰথম শ্ৰেণীৰ। গতিকে প্ৰথম শ্ৰেণীৰ স্থিতি গঢ়িবই লাগে, যাৰ এইটো দৃঢ় সংকল্প আছে, তীব্ৰ গতিৰে যাবই লাগিব, লাগিলে যিয়েই বিঘ্ন নাহক কিন্তু বিঘ্ন যাতে বিঘ্ন হৈ নাথাকে, বিঘ্ন-বিনাশকৰ আগত বিজয়ৰ ৰূপলৈ সলনি হৈ যাওক কিয়নো তোমালোক সকলোৱে বিঘ্ন বিনাশক। উপাধি কি? বিঘ্ন-বিনাশক। গতিকে বিঘ্ন আহিলেও সেয়া খেল খেলিবলৈ আহিব, কিন্তু তোমালোকে দূৰৈৰ পৰাই চিনি লোৱা। মাৰ্জিত ৰূপত আহিব কিন্তু তোমালোক বিঘ্ন-বিনাশকে দূৰৈৰ পৰাই জানি যাবা যে এয়া কি খেল চলি আছে। সেইবাবে বাপদাদায়ো এইটোৱে বিচাৰে যে সকলো সন্তান একেলগে যাওক। পিছত যাতে থাকি নাযায়। বাপদাদাই সন্তানসকলৰ অবিহনে আনন্দ নাপায়। গতিকে দৃঢ়তা কেতিয়াও দুৰ্বল নকৰিবা। কৰিবই লাগে। 'কৰিম’ ‘কৰিম' বুলি নক’বা, কৰিম, চাম, হৈ যাব, চাই ল’ব... এইবোৰ কথা নক’বা। দৃঢ়তাই সফলতাৰ চাবিকাঠী, এই চাবিকাঠী কেতিয়াও হেৰুৱাই নেপেলাবা। মায়াও চতুৰ হয় নহয়, মায়াই চাবিকাঠী বিচাৰি লয়, সেয়েহে এই চাবিকাঠী ভালকৈ যতনে ৰাখিবা। ভাল বাৰু।

চাৰিওফালৰ মৰমৰ আৰু ভাগ্যৱান দৃঢ় সংকল্পধাৰী সন্তানসকলক, ভাবিলা আৰু কৰিলা, কৰিম, চাম নহয় ভাবিলা আৰু কৰিলা, সদায় নিজক নষ্টোমোহাত, কেৱল সম্বন্ধৰ মোহ নহয়, নিজৰ দেহবোধ আৰু দেহ-অভিমানৰো মোহ নাই- এনেকুৱা নষ্টোমোহা সদাপ্ৰস্তুত সন্তানসকলক, সদায় শ্ৰীমতত হাতে হাত ধৰি একেলগে উৰোঁতা আৰু লগতে পিতা ব্ৰহ্মাৰ সৈতে নিজৰ ৰাজ্যত আহোঁতা, এনেকুৱা তীব্ৰ পুৰুষাৰ্থী উৰন্ত কলাধাৰী সন্তানসকলক বাপদাদাৰ অশেষ আশীৰ্বাদ আৰু স্নেহপূৰ্ণ স্মৰণ আৰু বালক তথা মালিক সন্তানসকলক নমস্কাৰ।

বৰদান:
পৰিৱৰ্তন শক্তিৰ দ্বাৰা সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ হওঁতা বিঘ্নজিৎ হোৱা

যদি কোনোবাই তোমালোকৰ অপকাৰ কৰে তেন্তে তোমালোকে এক ছেকেণ্ডত অপকাৰক উপকাৰলৈ পৰিৱৰ্তন কৰি দিয়া। যদি কোনোবা নিজৰ সংস্কাৰ-স্বভাৱৰ ৰূপত পৰীক্ষা হৈ সন্মুখত আহে তেন্তে তোমালোকে এজনৰ স্মৃতিৰে তেনে আত্মাৰ প্ৰতিও দয়াশীল শ্ৰেষ্ঠ সংস্কাৰ-স্বভাৱ ধাৰণ কৰি লোৱা, কোনোবা যদি দেহধাৰী দৃষ্টিৰে সন্মুখত আহে তেন্তে তেওঁৰ দৃষ্টি আত্মিক দৃষ্টিলৈ পৰিৱৰ্তন কৰি লোৱা, এনেকুৱা পৰিৱৰ্তন কৰাৰ কৌশল আহি গ’লে বিঘ্নজিৎ হৈ যাবা। তেতিয়া সম্পৰ্কত অহা সকলো আত্মাই তোমাকক কৃতজ্ঞতা জনাব।

স্লোগান:
অনুভৱৰ স্বৰূপ হৈ যোৱা, তেতিয়া চেহেৰাত সৌভাগ্যশালীৰ জিলিকনি দৃষ্টিগোচৰ হ’ব।

অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

অনেক দেশ, অনেক ভাষা, অনেক ৰূপ-ৰং হোৱা সত্ত্বেও সকলোৰে অন্তৰত একতা দেখা দিয়ক কিয়নো এজন পিতাৰ সন্তান হোৱা। সকলো একেডাল গছৰে ডাল, এজনৰ শ্ৰীমতত চলোঁতা। ভিন্নতাৰ মাজত একতা দেখুওৱা, নষ্ট হোৱাটোক গঢ়ি তোলা, অনেকতাৰ মাজত একতা অনা — এইটো আটাইতকৈ ডাঙৰ সেৱা। এয়াই চমৎকাৰ আৰু এয়াই সফলতাৰ আধাৰ।