01.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – প্ৰীতি আৰু অপ্ৰীতি এয়া প্ৰবৃত্তি মাৰ্গৰ শব্দ, এতিয়া তোমালোকৰ প্ৰীতি এজন পিতাৰ প্ৰতি গঢ়ি উঠিছে, তোমালোক সন্তানসকল নিৰন্তৰ পিতাৰ স্মৃতিত থাকা"
 

প্ৰশ্ন:
স্মৃতিৰ যাত্ৰাক অন্য কি নাম দিবা?

উত্তৰ:
স্মৃতিৰ যাত্ৰা হৈছে প্ৰীতিৰ যাত্ৰা। যিসকলৰ বুদ্ধি অপ্ৰীতিকৰ তেওঁলোকৰ পৰা নাম-ৰূপত আৱদ্ধ হোৱাৰ দুৰ্গন্ধ আহে। তেওঁলোকৰ বুদ্ধি তমোপ্ৰধান হৈ যায়। যাৰ প্ৰীতি এজন পিতাৰ প্ৰতি আছে তেওঁ জ্ঞান দান কৰি থাকিব। কোনো দেহধাৰীৰ প্ৰতি তেওঁৰ প্ৰীতি থাকিব নোৱাৰে।

গীত:
য়হ ৱক্ত যা ৰহা হে..... (এই সময় অতিবাহিত হৈ গৈ আছে…..)

ওঁম্শান্তি।
পিতাই সন্তানসকলক বুজাই আছে। এতিয়া ইয়াক স্মৃতিৰ যাত্ৰা বুলিও ক'ব পাৰা আৰু প্ৰীতিৰ যাত্ৰা বুলিও ক'ব পাৰা। মনুষ্যইতো সেইবোৰ যাত্ৰাত যায়। এয়া যিবোৰ ৰচনা আছে তাৰ যাত্ৰাত যায়, ভিন্ন ভিন্ন ৰচনা নাই জানো। ৰচয়িতাকতো কোনেও নাজানেই। এতিয়া তোমালোকে ৰচয়িতা পিতাক জানা, সেই পিতাৰ স্মৃতিত তোমালোক কেতিয়াও থমকি ৰৈ যাব নালাগে। তোমালোকে যাত্ৰা পাইছা স্মৃতিৰ। ইয়াক স্মৃতিৰ যাত্ৰা অথবা প্ৰীতিৰ যাত্ৰা বুলি কোৱা হয়। যাৰ প্ৰীতি বেছি হ'ব তেওঁ যাত্ৰাও ভালকৈ কৰিব। যিমানে প্ৰীতিৰে যাত্ৰাত থাকিব, পৱিত্রও হৈ গৈ থাকিব। শিৱ ভগৱানুবাচ হয় নহয়। বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি আৰু বিনাশ কালত প্ৰীতি বুদ্ধি। তোমালোক সন্তানসকলে জানা এতিয়া হৈছে বিনাশ কাল। এয়া সেয়াই গীতাৰ আখ্যান চলি আছে। বাবাই শ্ৰীকৃষ্ণৰ ‘গীতা’ আৰু ত্ৰিমূৰ্তি শিৱৰ ‘গীতা’ৰ পাৰ্থক্যও শুনাইছে! এতিয়া ‘গীতা’ৰ ভগৱান কোন? পৰমপিতা শিৱ ভগৱানুবাচ। কেৱল ‘শিৱ’ শব্দটি লিখিব নালাগে কিয়নো শিৱ নামতো বহুতৰে আছে সেয়েহে পৰমপিতা পৰমাত্মা বুলি লিখাৰ কাৰণে তেওঁ সৰ্বোচ্চ হৈ গ'ল। পৰমপিতা বুলিতো কোনেও নিজক ক'ব নোৱাৰে। সন্ন্যাসী লোকসকলে ‘শিৱোহম্‌’ (ময়েই শিৱ) বুলি কৈ দিয়ে, তেওঁলোকেতো পিতাক স্মৰণো কৰিব নোৱাৰে। পিতাক নাজানেই। পিতাৰ প্ৰতি প্ৰীতি নায়েই। প্ৰীতি আৰু অপ্ৰীতি এয়া প্ৰবৃত্তি মাৰ্গৰ কাৰণে। কিছুমান সন্তানৰ পিতাৰ প্ৰতি প্ৰীতি বুদ্ধি থাকে, কিছুমানৰ অপ্ৰীতিকৰ বুদ্ধিও থাকে। তোমালোকৰ মাজতো এনেকুৱা আছে। পিতাৰ প্ৰতি প্ৰীতি তেওঁৰ আছে, যি পিতাৰ সেৱাত তৎপৰ হৈ আছে। পিতাৰ বাহিৰে অন্য কাৰো প্ৰতি প্ৰীতি থাকিব নোৱাৰে। শিৱবাবাকহে কয় – বাবা আমিতো আপোনাৰহে সহায়কাৰী হওঁ। ইয়াত ব্ৰহ্মাৰ কথাই নাই। শিৱবাবাৰ প্ৰতি যিসকল আত্মাৰ প্ৰীতি থাকিব তেওঁলোক নিশ্চয় সহায়কাৰী হ'ব। শিৱবাবাৰ লগত তেওঁলোকে সেৱা কৰি থাকিব। প্ৰীতি নাথাকিলে তাৰমানে অপ্ৰীতিকৰ হৈ যায়, অপ্ৰীতিকৰ বুদ্ধিৰ বিনাশ হৈ যায়। যাৰ পিতাৰ প্ৰতি প্ৰীতি থাকিব তেওঁ সহায়কাৰীও হ'ব। যিমান প্ৰীতি সিমান সেৱাত সহায়কাৰী হ'ব। স্মৰণেই যদি নকৰে তেন্তে প্ৰীতি নাই। তেতিয়া দেহধাৰীসকলৰ প্ৰতি প্ৰীতি গঢ়ি উঠে। মনুষ্যই, মনুষ্যক নিজৰ সোঁৱৰণত বস্তুও দিয়ে নহয়। দিওঁতাজন নিশ্চয় স্মৃতিলৈ আহে।

এতিয়া তোমালোক সন্তানসকলক পিতাই অবিনাশী জ্ঞান ৰত্ন উপহাৰ দিয়ে, যাৰ দ্বাৰা তোমালোকে বাদশ্বাহী লাভ কৰা। যদি অবিনাশী জ্ঞান ৰত্ন দান কৰে তেন্তে প্ৰীতি বুদ্ধিৰ হয়। জানে যে বাবা সকলোৰে কল্যাণ কৰিবলৈ আহিছে, আমিও সহায়কাৰী হ'ব লাগে। এনেকুৱা প্ৰীতি বুদ্ধিৰসকলৰ বিজয় হয়। যিসকলে স্মৰণেই নকৰে তেওঁলোক প্ৰীতি বুদ্ধিৰ নহয়। পিতাৰ প্ৰতি প্ৰীতি থাকিলে, স্মৃতিত থাকিলে তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু অন্যকো কল্যাণৰ ৰাস্তা দেখুৱাব। তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ ক্ষেত্ৰতো সকলো প্ৰীতি আৰু অপ্ৰীতিৰ ওপৰতে নিৰ্ভৰ কৰে। যদি পিতাক বহুত স্মৰণ কৰে তেন্তে প্ৰীতি আছে। পিতাই কয় - মোক নিৰন্তৰ স্মৰণ কৰা, মোৰ সহায়কাৰী হোৱা। ৰচনাৰ একমাত্ৰ ৰচয়িতা পিতাৰহে স্মৃতি থাকিব লাগে। কোনো ৰচনাক স্মৰণ কৰিব নালাগে। জগতততো ৰচয়িতাক কোনেও নাজানেই আৰু স্মৰণো নকৰে। সন্ন্যাসী লোকসকলেও ব্ৰহ্মক স্মৰণ কৰে, সেয়াও ৰচনা হৈ গ’ল। ৰচয়িতাতো সকলোৰে এজনেই। আৰু যিবোৰ বস্তু এই দুচকুৰে দেখা পোৱা সেই সকলোবোৰতো হৈছে ৰচনা। যাক দেখা পোৱা নাযায় তেওঁ হৈছে ৰচয়িতা পিতা। ব্ৰহ্মা, বিষ্ণু, শংকৰৰো চিত্ৰ আছে। তেওঁলোকো ৰচনা। বাবাই যি চিত্ৰ তৈয়াৰ কৰিবলৈ কৈছে ওপৰত লিখিব লাগে পৰমপিতা পৰমাত্মা ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ। যদিও কোনোবাই নিজকে ভগৱান বুলি কয় কিন্তু পৰমপিতা বুলি ক'ব নোৱাৰে। তোমালোকৰ বুদ্ধিযোগ হৈছে শিৱবাবাৰ লগত, শৰীৰৰ লগত নহয়। পিতাই বুজাইছে - নিজক অশৰীৰী আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। প্ৰীতি আৰু অপ্ৰীতি গোটেইখিনি সেৱাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰীতি ভাল হ’লে তেন্তে পিতাৰ সেৱাও ভালকৈ কৰিব, তেতিয়া বিজয়ন্তী বুলি কোৱা হ'ব। যদি প্ৰীতি নাই তেন্তে সেৱাও নহ'ব। তেতিয়া পদো কম হ’ব। কম পদ পোৱা মানে নিজৰ উচ্চ পদ নাশ কৰা। বিনাশতো সকলোৰে হয়েই, কিন্তু এয়া বিশেষভাৱে প্ৰীতি আৰু অপ্ৰীতিৰ কথা। ৰচয়িতা পিতাতো এজনেই, তেওঁকেই শিৱ পৰমাত্মায়ে নমঃ বুলি কয়। শিৱজয়ন্তীও পালন কৰে। শংকৰ জয়ন্তী কেতিয়াও শুনা নাই। প্ৰজাপিতা ব্ৰহ্মাৰ নামো প্ৰসিদ্ধ, বিষ্ণুৰ জয়ন্তী পালন নকৰে, শ্ৰীকৃষ্ণৰ পালন কৰে। এয়াও কোনেও নাজানে - শ্ৰীকৃষ্ণ আৰু বিষ্ণুৰ মাজত কি পাৰ্থক্য আছে? মনুষ্যৰ হৈছে বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। গতিকে তোমালোকৰ মাজতো প্ৰীতি আৰু অপ্ৰীতিকৰ বুদ্ধি আছে নহয়। পিতাই কয় - তোমালোকৰ এই আত্মিক বেপাৰতো বহুত ভাল। পুৱা আৰু গধূলি এই সেৱাত লাগি যোৱা। গধূলি 6 বজাৰ পৰা 7 বজালৈ এই সময়খিনি ভাল বুলি কয়। সৎসংগ আদিও গধূলি আৰু পুৱা কৰে। ৰাতিতো বায়ুমণ্ডল বেয়া হৈ যায়। ৰাতি আত্মা স্বয়ং শান্তিত গুচি যায়, যাক টোপনি বুলি কয়। পুনৰ পুৱা জাগি উঠে। এনেকৈ কয়ো যে হে মোৰ মন প্ৰভাতৰ সময়ত ৰামক স্মৰণ কৰা। এতিয়া পিতাই সন্তানসকলক বুজায় - মোক পিতাক স্মৰণ কৰা। শিৱবাবা যেতিয়া শৰীৰত প্ৰৱেশ কৰে তেতিয়াহে কয় যে মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হৈ যাব। তোমালোক সন্তানসকলে জানা আমি কিমান পিতাক স্মৰণ কৰোঁ আৰু আত্মিক সেৱা কৰোঁ। সকলোকে এইটোৱেই পৰিচয় দিব লাগে - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া আপুনি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাব। খাদ (বিকাৰৰ লেপ) আঁতৰি যাব। প্ৰীতি বুদ্ধিৰ ক্ষেত্ৰতো শতাংশৰ হিচাপ আছে। যদি পিতাৰ প্ৰতি প্ৰীতি নাই তেন্তে নিশ্চয় নিজৰ দেহৰ প্ৰতি প্ৰীতি আছে বা মিত্ৰ-সম্বন্ধীয় আদিৰ প্ৰতি প্ৰীতি আছে। পিতাৰ প্ৰতি প্ৰীতি থাকিলে সেৱাত লাগি যাব। যদি পিতাৰ প্ৰতি প্ৰীতি নাই তেন্তে সেৱাতো মনোনিবেশ নকৰিব। কাৰোবাক কেৱল ‘অল্ফ’ (পৰমাত্মা) আৰু ‘বে’ (বাদশ্বাহী)ৰ ৰহস্য বুজোৱাতো বহুতেই সহজ। হে ভগৱান, হে পৰমাত্মা বুলি কৈ স্মৰণ কৰে কিন্তু তেওঁক একেবাৰেই নাজানে। বাবাই বুজাইছে যে প্ৰতিখন চিত্ৰৰ ওপৰত পৰমপিতা ত্ৰিমূৰ্তি শিৱ ভগৱানুবাচ বুলি নিশ্চয় লিখিব লাগে তেতিয়া কোনেও একো ক'ব নোৱাৰিব। এতিয়া তোমালোক সন্তানসকলেতো নিজৰ পুলি ৰোপণ কৰি আছা। সকলোকে ৰাস্তা দেখুওৱা তেতিয়া আহি পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব। পিতাক নাজানেই সেয়েহে প্ৰীতি বুদ্ধি নাই। পাপ বাঢ়ি বাঢ়ি একদম তমোপ্ৰধান হৈ গৈছে। পিতাৰ প্ৰতি প্ৰীতি তেওঁৰ থাকিব যিয়ে বহুত স্মৰণ কৰিব। তেওঁৰহে সোণালীযুগী বুদ্ধি হ'ব। যদি অন্য ফালে বুদ্ধি ঘূৰি ফুৰে তেন্তে তমোপ্ৰধান হৈ থাকিব। যদিও সন্মুখত বহি আছে তথাপিও প্ৰীতি বুদ্ধিৰ বুলি কোৱা নহ'ব কিয়নো স্মৰণেই নকৰে। প্ৰীতি বুদ্ধিৰ চিন হৈছে স্মৃতি। তেওঁ ধাৰণা কৰিব, অন্যৰ ওপৰতো দয়া কৰি থাকিব যে পিতাক স্মৰণ কৰক তেতিয়া আপুনি পাৱন হৈ যাব। এয়া যিকোনো লোককে বুজোৱা বহুত সহজ। পিতাই স্বৰ্গৰ বাদশ্বাহীৰ উত্তৰাধিকাৰ সন্তানসকলকহে দিয়ে। নিশ্চয় শিৱবাবা আহিছিল সেই কাৰণেতো শিৱ জয়ন্তী পালন কৰে। শ্ৰীকৃষ্ণ ৰাম আদি সকলো হৈ গৈছে সেই কাৰণেতো পালন কৰি আহিছে। শিৱবাবাকো স্মৰণ কৰে কিয়নো তেওঁ আহি সন্তানসকলক বিশ্বৰ বাদশ্বাহী দিয়ে, নতুন কোনোবাই এই কথাবোৰ বুজিব নোৱাৰিব। ভগৱান কেনেকৈ আহি উত্তৰাধিকাৰ দিয়ে, একেবাৰে পাথৰ বুদ্ধিৰ। স্মৰণ কৰাৰ বুদ্ধি নাই। পিতাই নিজেই কয় – তোমালোক হৈছা আধাকল্পৰ প্ৰেয়সী। মই এতিয়া আহিছোঁ। ভক্তিমাৰ্গত তোমালোকে কিমান হাবাথুৰি খোৱা। কিন্তু ভগৱানকতো কোনেও পোৱা নাই। এতিয়া তোমালোক সন্তানসকলে বুজি পাইছা পিতা ভাৰতলৈকে আহিছিল আৰু মুক্তি-জীৱনমুক্তিৰ ৰাস্তা দেখুৱাইছিল। শ্ৰীকৃষ্ণইতো এই ৰাস্তা নেদেখুৱায়। ভগৱানৰ প্ৰতি প্ৰীতি কেনেকৈ গঢ়ি উঠিব সেয়া ভাৰতবাসীকহে পিতা আহি শিকায়। আহেওঁ ভাৰতলৈকে। শিৱ জয়ন্তী পালন কৰে। তোমালোক সন্তানসকলে জানা উচ্চতকৈও উচ্চ হৈছেই ভগৱান, তেওঁৰ নাম হৈছে শিৱ সেয়েহে তোমালোকে লিখা শিৱ জয়ন্তীহে হীৰাতুল্য, বাকী সকলো জয়ন্তী হৈছে কড়িতুল্য। এনেকৈ লিখিলে বিতুষ্ট হৈ যায় সেয়েহে প্ৰতিখন চিত্ৰত শিৱ ভগৱানুবাচ লিখা থাকিলে তোমালোক নিৰাপদে থাকিবা। কোনো কোনো সন্তানে পূৰা বুজি নাপায় সেয়েহে বিতুষ্ট হৈ যায়। মায়াৰ গ্ৰহচাৰীয়ে প্ৰথম প্ৰহাৰ বুদ্ধিতে কৰে। পিতাৰ পৰাই বুদ্ধিযোগ আঁতৰাই দিয়ে, যাৰ কাৰণে একদম ওপৰৰ পৰা তললৈ খহি পৰে। দেহধাৰীৰ প্ৰতি বুদ্ধিযোগ আৱদ্ধ হৈ যায় গতিকে পিতাৰ পৰা অপ্ৰীতিকৰ হৈ নগ’ল জানো। তোমালোকে প্ৰীতি ৰাখিব লাগে এজন বিচিত্র বিদেহী পিতাৰ প্ৰতি। দেহধাৰীৰ প্ৰতি প্ৰীতি ৰখাতো হানিকাৰক। বুদ্ধি ওপৰৰ পৰা ছিঙি গ’লে একদম তলত খহি পৰে। যদিও এইখন অনাদি পূৰ্ব-নিৰ্ধাৰিত ড্ৰামা তথাপিও নিশ্চয় বুজাব নহয়। অপ্ৰীতিকৰ বুদ্ধিৰ পৰা যেন দুৰ্গন্ধ আহে, নাম-ৰূপত আৱদ্ধ হোৱাৰ। নহ'লেতো সেৱাত লাগি যাব লাগে। বাবাই কালিও ভালদৰে বুজাইছিল - মুখ্য কথাই হৈছে ‘গীতা’ৰ ভগৱান কোন? ইয়াতেই তোমালোকৰ বিজয় হ'ব লাগে। তোমালোকে সোধা যে ‘গীতা’ৰ ভগৱান শিৱ নে শ্ৰীকৃষ্ণ? সুখ দিওঁতা কোন? সুখ দিওঁতাতো হিছে শিৱ গতিকে তেওঁক ভোট দিব লাগে। তেওঁৰেই মহিমা আছে। এতিয়া ভোট দিয়া ‘গীতা’ৰ ভগৱান কোন? শিৱক ভোট দিওঁতাসকলক কোৱা হ'ব প্ৰীতি বুদ্ধিৰ। এয়াতো বহুত ডাঙৰ নিৰ্বাচন। এই সকলোবোৰ যুক্তি তেওঁৰ বুদ্ধিত আহিব যিয়ে গোটেই দিন বিচাৰ সাগৰ মন্থন কৰি থাকিব।

কিছুমান সন্তান আগুৱাই গৈ থাকোঁতে থাকোঁতে বিতুষ্ট হৈ যায়। এতিয়াই চোৱা প্ৰীতি আছে, এতিয়াই চোৱা প্ৰীতি ছিঙি যায়, বিতুষ্ট হৈ যায়। কোনোবা কথাত বিতুষ্ট হৈ গ’লে তেতিয়া কেতিয়াও স্মৰণেই নকৰিব। চিঠিও নিলিখিব। তাৰমানে প্ৰীতি নাই। গতিকে বাবায়ো 6-8 মাহ চিঠি নিলিখিব। বাবা কালৰো কাল নহয় জানো! লগত ধৰ্মৰজাও আছে। যদি পিতাক স্মৰণ কৰাৰ সময় নাই তেন্তে তুমি কি পদ পাবা। পদ ভ্ৰষ্ট হৈ যাব। আৰম্ভণিতে বাবাই বৰ যুক্তিৰে পদৰ কথা শুনাইছিল। এতিয়া জানো তেওঁলোক আছে! এতিয়াতো আকৌ মালা তৈয়াৰ হ’ব। সেৱাধাৰীসকলৰতো বাবায়ো মহিমা গাই থাকিব। যিয়ে নিজে ৰজা হ’ব তেওঁ ক’ব মোৰ সমগোত্ৰীয়সকলো হওঁক। এওঁলোকেও মোৰ দৰে ৰাজ্য কৰক। ৰজাক অন্নদাতা, মাতা-পিতা বুলি কয়। এতিয়া মাতাতো হৈছে জগত অম্বা, তেওঁৰ দ্বাৰা তোমালোকে অপাৰ সুখ পোৱা। তোমালোকে পুৰুষাৰ্থৰে উচ্চ পদ ল’ব লাগে। দিনে-প্ৰতিদিনে তোমালোক সন্তানসকলে জানি গৈ থাকিবা – কোন কোন কি হ’ব? সেৱা কৰিলে পিতায়ো তেওঁক স্মৰণ কৰিব। সেৱাই যদি নকৰে তেন্তে পিতাই কিয় স্মৰণ কৰিব! পিতাই সেইসকল সন্তানক স্মৰণ কৰিব যিসকল প্ৰীতি বুদ্ধিৰ হ’ব।

পিতাই এয়াও বুজাইছে – কোনোবাই দিয়া বস্তু পিন্ধিলে তেতিয়া তেওঁ স্মৃতিলৈ নিশ্চয় আহিব। বাবাৰ ভঁৰালৰ পৰা ল’লে তেতিয়া শিৱবাবা স্মৃতিলৈ আহিব। বাবাই নিজৰ অনুভৱ শুনায়। নিশ্চয় স্মৃতিলৈ আহে সেইবাবে কোনোবাই দিয়া বস্তু ৰাখিব নালাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এজন বিদেহী বিচিত্ৰ পিতাৰ সৈতে অন্তৰৰ সঁচা প্ৰীতি ৰাখিব লাগে। সদায় ধ্যান ৰাখিব লাগে যাতে মায়াৰ গ্ৰহচাৰীয়ে কেতিয়াও বুদ্ধিক প্ৰহাৰ কৰি নিদিয়ে।

(2) কেতিয়াও পিতাৰ প্ৰতি বিতুষ্ট হ’ব নালাগে। সেৱাৰ যোগ্য হৈ নিজৰ ভৱিষ্যত উচ্চ কৰি তুলিব লাগে। কোনোবাই দিয়া বস্তু নিজৰ ওচৰত ৰাখিব নালাগে।

বৰদান:
শুদ্ধিৰ বিধিৰে দুৰ্গ শক্তিশালী কৰোঁতা সদায় বিজয়ী আৰু নিৰ্বিঘ্ন হোৱা

এই দুৰ্গত প্ৰত্যেক আত্মা সদায় বিজয়ী আৰু নিৰ্বিঘ্ন হৈ যাওঁক ইয়াৰ বাবে বিশেষ সময়ত চাৰিওফালে একেলগে যোগৰ কাৰ্যক্ৰম ৰাখা। তেতিয়া কোনেও এই তাঁৰ কাটিব নোৱাৰিব কিয়নো যিমানে সেৱা বৃদ্ধি কৰি যাবা সিমানে মায়াই নিজৰ কৰি তুলিবলৈ চেষ্টও কৰিব সেই কাৰণে যেনেকৈ কোনো কাৰ্য আৰম্ভ কৰাৰ সময়ত শুদ্ধিৰ বিধি প্ৰয়োগ কৰা, তেনেকৈ সংগঠিত ৰূপত তোমালোক সকলো শ্ৰেষ্ঠ আত্মাৰ এটিয়েই শুদ্ধ সংকল্প হওঁক - বিজয়ী, এয়া হৈছে শুদ্ধিৰ বিধি- যাৰ দ্বাৰা দুৰ্গ শক্তিশালী হৈ যাব।

স্লোগান:
যুক্তিযুক্ত বা যথাৰ্থ সেৱাৰ প্ৰত্যক্ষফল হৈছে আনন্দ।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

ব্ৰাহ্মণ জীৱনত এক নম্বৰ সংস্কৃতি হৈছে “সত্যতা আৰু সভ্যতা”। গতিকে প্ৰত্যেকৰে চেহেৰা আৰু চলনত এই ব্ৰাহ্মণ সংস্কৃতি প্ৰত্যক্ষ হওঁক। প্ৰত্যেক ব্ৰাহ্মণ হৰ্ষিত মুখেৰে প্ৰত্যেকৰে সম্পৰ্কত আহক। কোনোবা যেনেকুৱাই নহওঁক তোমালোকে নিজৰ এই সংস্কৃতি কেতিয়াও নেৰিবা তেতিয়া সহজে পৰমাত্ম প্ৰত্যক্ষতাৰ নিমিত্ত হৈ যাবা।